গল্প-কবিতা

মাইকণ, আকাশীলতা আৰু এটা বনৰীয়া সুখ — (কাকলি নেওগ)

আকাশীলতাৰ বুকুত সপোন এটা টগটগাই বহে৷ পিছফালৰ পোতা পুখুৰীটোত আশা নকৰা সত্ত্বেও মাছে খলখলনি তোলাৰ দৰে সপোনটো খলখলাই থাকে৷ বুকুৰ খলা-বমাবোৰ স্পৰ্শ কৰি তাই অনুভৱ কৰিব বিচাৰে সেই স্পৰ্শ৷ আস! স্পৰ্শৰো কি সুখ৷ তন্দ্ৰালস তাইৰ দুচকুত ক্ৰমে আন্ধাৰ নামি আহে৷ এই নিদ্ৰা কোনো বিশ্ৰাম বা ক্লান্তিৰ নহয়৷ এই নিদ্ৰা সুখৰ৷ সুখৰ নামান্তৰ মাথোন৷
: মৰতীজনীয়ে ফুটগধূলিতে বিছনা ল’লেই৷ কণা বিধাতাই মোৰ ওপৰতহে গলগ্ৰহ জাপিবলৈ পালে৷
দলি মাৰি জেংখৰিৰ মুঠিটো আখলৰ চুকলৈ দলিয়াই মাইকণে ভোৰভোৰাই উঠিল৷ মাইকণ আকাশীলতাৰ মাক৷ পানীৰ পিয়াহত শুকাই যোৱা ডিঙিত তাইৰ ভোৰভোৰণিটো আৰ্তনাদৰ দৰে লাগিল৷ সেই আবেলিতে স্কুল ঘৰৰ চৌহদৰ ফুটুকানি আঁজুৰি ঘৰ সোমাইছেহি মাত্ৰ৷ বাঁহৰ দুৱাৰখনেৰে ভুমুকিয়াই আকাশীলতাৰ নিদ্ৰা বিলাস দেখি আখলৰ ভমককে জ্বলি উঠা জুইকুৰাৰ দৰে জ্বলি উঠিল তাই৷
খকমকাই উঠি বহে আকাশীলতা। প্ৰকৃতিস্থ হ’বলৈ যেন অলপ সময়ৰ প্ৰয়োজন হয় তাইক৷ কি দৰে পৰিত্যাগ কৰে সেই বৈ থকা সুখকণ৷ বৈ অহা লেলাউটিখিনি মোহাৰি মোহাৰি আগবাঢ়ে তাই আখলৰ দিশে৷ কাণ লগা চচপেনটো চৌকাত পাতি মাকে দলিয়াই যোৱা খৰিৰ মুঠাটোৰ পৰা অলপ লাগনি খৰি দি আধাপোৰা কাঠখৰি দুচটা চৌকাত সুমুৱাই দিয়ে তাই৷ তেলবিহীন কেৰাচিন তেলৰ বটলটো অভ্যাসবশতঃ জোকাৰি থাকে খৰি কেইডালৰ ওপৰত৷ জ্বলো নজ্বলোকৈ জ্বলি উঠা জুইকুৰালৈ তন্ময় হৈ চাই থাকে তাই৷ এতিয়াও যেন তাই বিচ্ছিন্ন হ’ব পৰা নাই কিছু সময়ৰ আগত তাইক মেৰিয়াই ৰখা সুখটোৰ পৰা৷
মাইকণৰ খংটো তাইৰ আখলৰ জুইকুৰাৰ দৰেই৷ জ্বলো নজ্বলাকৈ জ্বলি উঠা৷ উত্তাপৰ চোক নথকা৷ জুইকুৰা ফুৱাই ফুৱাই জ্বলাই থকা আকাশীলতালৈ মমতা উথলি উঠে তাইৰ বুকুত৷ পীৰাখন টান মাৰি আকাশীলতাৰ কাষত বহি ল’লে তাই৷
: চাহ অকণ খালি জানো ৰ’হ মই বাকোঁ৷ অকণৰ দোকানৰ পৰা তই ভালপোৱা বিস্কুটটো আনিছোঁ৷
অকণৰ দোকানৰ বগা নানকাটা বিস্কুটটোৰ প্ৰতি আকাশীলতাৰ দুৰ্বাৰ আকৰ্ষণ। মাইকণে জানে সেইকথা৷ সেয়ে অনিচ্ছা সত্বেও তাই অকণৰ দোকানলৈ যায়৷ জানে তাই বিস্কুটৰ পেকেটটো সহজে উপলব্ধ নহয়৷ তাইৰ দীনতাই ঢাকিব নোৱাৰা তাইৰ দেহৰ খলাবমাবোৰে তৰংগৰ সৃষ্টি কৰে দুটা সন্তানৰ পিতৃ অকণৰ দেহত৷ অকণ তাইৰ ভায়েকৰ বয়সৰ৷ কিন্তু হ’লে কি হ’ব৷ এটা মাধ্যমৰ প্ৰয়োজনত অকণৰ নিৰ্লজ্জ সুখকণে বাট বিচাৰি পায়। আৰু মাইকণেও বিচাৰি পাই এটা ৰাস্তা৷ এনে সময়তে নিজৰ দেহটোলৈ বৰ মমতা জাগে তাইৰ৷
মাইকণে আজিকালি বহুত কথা জনা হৈছে, বুজা হৈছে৷আকাশীলতাৰ বাপেকে বিয়া কৰাই আনোতে তেওঁৰ এটা স্পৰ্শত লাজতে নখে মাটি লিখা মাইকণ আজিকালি জীৱনৰ অভিজ্ঞতাৰে সমৃদ্ধ। মাইকণে জানে কিদৰে প্ৰয়োজনবোৰৰ তাগিদাত নিজক সলনি কৰা দৰকাৰ৷ সমাজৰ আঙুলিবোৰ অগ্ৰাহ্য কৰিবৰ জোখাৰে তাই শক্তিশালী হৈছে৷ পদূলিয়েদি পাৰ হৈ যোৱা উদভ্ৰান্ত বতাহজাকে মাইকণক আজিকালি ভীতিগ্ৰস্থ কৰি নোতোলে৷ বৰঞ্চ এটা সংজ্ঞাবিহীন হাঁহিঢৌ খেলি যায় তাইৰ মুখত৷ কাৰণ তাই বুজি উঠিছে কাৰোৰে অবিহনে জীৱন স্থৱিৰ নহয়৷ ই আগবাঢ়ে তাৰ স্বাভাৱিক ছন্দেৰে৷ মানুহটো নাইকিয়া হওঁতে তাই ভাবিছিল ইয়াতেই শেষ সকলো৷ কিন্তু নিৰ্বাক আকাশীলতা আৰু পেটৰ জুইকুৰাই আতিপুতি বান্ধি ৰাখিলে তাইক জীৱনৰ স’তে৷ সেয়ে আজিকালি সংগীহীনতাক ভয় নালাগে মাইকণৰ৷ বৰঞ্চ উপভোগ কৰে তাই এই সংগীহীন জীৱন৷
মজিয়াৰ দুখুৰি পীৰাত বহি মাকে যাঁচি দিয়া ৰঙা চাহ আৰু অকণৰ দোকানৰ বিস্কুটৰ জুটি লৈ থকা আজলী আকাশীলতাক ওপৰৰ পৰা তলতৈ এবাৰ চাই ৰয় মাইকণে৷ কিন্তু পিছ মূহূৰ্ততে সজোৰে আকাশীলতাৰ পিঠিত ঢকা এটা দি টানি অনাৰ দৰে আনি বাহিৰৰ বাৰাণ্ডা পোৱাইহি তাইক৷
:মৰতী,কাম বঢ়ালি মোৰ৷ দেখা নাছিলি নেকি তই হা৷ নে কণা বিধাতাই তোৰ মাতটোৰ লগে লগে তোৰ মগজুটোও নাইকিয়া কৰিলে৷
অবাক দৃষ্টিৰে আকাশীলতাই মাকলৈ চাই ৰ’য়৷ মুখৰ কোৱাৰিত লাগি ৰ’য় ধূলিৰ দৰে অকণৰ দোকানৰ নানকাটা বিস্কুটৰ গুৰি৷ আকাশীলতা বহি থকা পীৰাখনত দাঁঙি আনি কেচা কুঁৱাৰ পাৰত লাগি থকা সতেজ তেজকণ ধুঁই ধুঁই মাইকণৰ গাত যেন দেও লম্ভে৷
:কিমান দিনৰ পৰা ৰৈ আছিলোঁ হৰিহৰ ঘৰৰ সকামৰ ভোজটোলৈ৷ নাজান তই? বছেৰেক হ’ব হ’ল৷ আজিহে হ’বলৈ পালি চুৱা৷ জুই লাগতি ক’ৰবাৰ৷ হেৰ’ দুদিন পিছত হোৱা হ’লে কি হ’লহেঁতেন৷ এনেই আটিছে মোৰ৷ এতিয়া চুৱা গাৰে ভোজলৈ যোৱা বুলি গম পালে সুদাই এৰিব তোক ৰাইজে৷
অনৰ্গল আকাশীলতাক বকি বকি হঠাতে ৰ’ই যাই মাইকণ৷ চোঁ মাৰি বাৰাণ্ডাত থৰ লাগি কম্পমান হোৱা আকাশীলতাৰ কাষলৈ গৈ যথা সম্ভৱ সৰুকৈ মাতটো উলিয়াই ক’য়,
:শুন কোনেও যাতে গম নাপাই তোৰ চুৱা হোৱা কথা৷ বুজিছনে নাই৷ ময়ো নকওঁ কাকো৷ ভোজ খাবলৈ মন আছে যদি একদম যিদৰে কওঁ সেইদৰে কৰিবি বুজিছ’৷
মাকৰ কথা শুনি মূৰ দুপিয়াই আকাশীলতাই৷ স্বস্তিৰ নিশ্বাস এটা পেলাই যেন মাইকণে৷ অৱশ্যে আকাশীলতাই ক’বনো কাক? অংগী-ভংগী কৰি তাই কোৱা কথাবোৰ শুনিবলৈ কাৰোবাৰ ধৈৰ্য আছে জানো? হ’ব,উপায় এটা ওলালে তেওঁ! মাইকণে হাঁহি পেলায়৷ পিছ মূহূৰ্ততে আকাশীলতাক আনি বস্তাৰে আঁৰ দিয়া গা-ধোৱা ঘৰটোত সুমুৱাই ক’য় তাই,
:যা গাটো ধুই ল’৷ এইকেইদিন স্কুল যাব নালাগে তই৷
আকাশীলতাৰ মগজুত মাইকণৰ কথা নোসোমায়৷এখন অজানা পৃথিৱীত ভ্ৰমি ফুৰে তাই৷ স্কুললৈ যোৱা নোযোৱা কথাটোৱে তাইৰ মনোজগতত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে৷ মাত্ৰ পাঁচফোৰণ দিয়া খিচিৰিৰ গোন্ধটো আৰু এখন বিশেষ মুখেহে স্কুলৰ প্ৰতি বা স্কুললৈ যোৱা যাত্ৰাটোৰ প্ৰতি ব্যাকুলতা জন্মায় তাইৰ ৷নৱম শ্ৰেণীলৈ উৰ্ত্তীণ তাই এইবাৰ৷ মনৰ ভিতৰতে আওৰাই এ.বি.চি কেইটা লিখিব পাৰিছে তাই৷ ছাৰ-বাইদেউহঁতে তাইক একো নক’য় । তাই কিবা ক’লেও তেওঁলোকৰ বাবে দুৰ্বোধ্য তাইৰ ভাষাবোৰ৷ তাইৰ ভাষাবোৰ মাক মাইকণেহে বুজে৷ সেয়ে ঠাণ্ডাত কপি কপি গা-ধুই অহা আকাশীলতাক আথে-বেথে জুইকুৰা ধৰি দিয়ে মাইকণে৷ অলপ আগতে খং কৰি ঢকা দিয়া অবুজ জীয়েক জনীলৈ মমতা উথলি উঠে মাইকণৰ বুকুত৷
:কিছুমান কথা মানুহক নক’লে ভাল লতা৷ তই নক’বি৷ সিহঁতে আমাক ৰং চাব বুজিছ’৷ হলা গছ দেখিলে বাগী কুঠাৰ মৰা ধেৰ মানুহ আছে৷
মাইকণৰ যেতিয়া জীয়েক আকাশীলতালৈ মৰম লাগে তেতিয়া তাইক লতা বুলি মাতে৷ সেই সময়ত তাই এজনী অতিকে সচেতন অভিভাৱকৰ দৰে আচৰণ কৰে৷ এবছৰ আগতে পুষ্পিতা হোৱা জীয়েকক দিহা দিয়ে তাই তেতিয়া৷
: ডেকা ল’ৰাৰ সংগ বৰকৈ নল’বি এতিয়া তই৷ তই গাভৰু হ’লি বুজিছ’৷ ফৰিংতলী হাবিলৈ নাযাবি অকলে৷ তাত বাঘ ওলায়৷
ফৰিংতলী হাবিত সঁচা বাঘ ওলায় নে নোলায় মাইকণে সেই কথা নাজানে৷ তাই মাত্ৰ জানে বনৰ বাঘতকৈ কিছুমান দুঠেঙীয়া বাঘ বেছি ভয়ানক৷ শতবাৰ নিজে ক্ষত-বিক্ষত হৈ তাই আকাশীলতাক পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে৷ শাহুয়েকে কোৱাৰ দৰে তাই বাঘিনী মাকজনী হ’বলৈ বিচাৰে৷ আৰু সেয়াই সত্য৷ মাকবোৰৰ সততা৷ গিৰিয়েক নলিনীয়ে যেতিয়া হঠাতেই তাইক এৰি গৈছিল, সিদিনা তাইৰ মনত এটা বিশ্বাস আছিল বেৰৰ সিপাৰৰ ককাই ভাইবোৰৰ ওপৰত, সমাজখনৰ ওপৰত৷ থকাৰ কথাই৷ সমাজক ভয় কৰি সমাজক নতশিৰে প্ৰণাম কৰিয়ে জীৱন জীয়াই মাইকণৰ দৰে মানুহে৷ কিন্তু সকামটো শেষ হৈ যোৱাৰ লগে লগে লাহে লাহে যেন তাই অনুভৱ কৰিবলৈ ল’লে তাইৰ বুকুত জ্বলা জুইকুৰাৰ সমভাগী হ’বলৈ নিজৰ বাদে কোনো নাই৷ বচ নিজক ভাল পাবলৈ শিকিলে তাই৷আত্মকেন্দ্ৰিক সমাজৰ বুকুত মাইকণৰ চিন্তাবোৰ তাইৰ পৃথিৱীখনক কেন্দ্ৰ কৰিয়েই পৰিভ্ৰমণ কৰিবলৈ ধৰিলে৷ তাত মাইকণৰ ভুল নাই৷ ভুল হ’বই নোৱাৰে৷ এনেদৰেই ভাবে মাইকণে৷
পিচে মাক মাইকণে ভবাৰ দৰে আকাশীলতা ইমান অবুজও নহয়৷ কৈশোৰ অতিক্ৰমি যৌৱনলৈ ধাপলি মেলা আকাশীলতাৰ অন্তঃজগতত এবোজামান নতুন আবেগৰ খলকনি৷ স্কুললৈ যাওঁতে, খাওঁতে, শোওঁতে নাম নজনা আবেগখিনিয়ে খেদি ফুৰে তাইক৷ লগৰ তগৰহঁতৰ লগত মনে মনে কথাৰ ভাগলৈ স্কুললৈ যাওঁতে আৰু ওভতোতে অকণৰ দোকানৰ সন্মুখত তাইৰ খোজৰ গতি মন্থৰ হয়৷ ৰৈ যাবৰ মন যায় খন্তেক সময় তাতে৷ “আহ আকৌ!” বুলি তগৰে ওলটি মাতষাৰ দিওঁতে যাওঁ নাযাওঁকৈ আগবাঢ়ে তাইৰ দুভৰি৷ কোনোদিন অকণে ৰিঙিয়াই “এই বেঙী এইফালে আহ” বুলি মাতষাৰ দিলে এচেৰেঙা ৰ’দে ঢৌ খেলি যাই তাইৰ মনাকাশত৷
“কি খাবি অই বেঙী”বুলি অকণ দোকানীয়ে সোধা প্ৰশ্নটোতকৈও ভিতৰলৈ মহা উৎসাহেৰে জুমি চাই তাই৷ দগাপাল্লাখনৰ কাষত ৰৈ তাইলৈ চাই থকা অকণৰ ভতিজাক বংশীক দেখাৰ লগে লগে নখে মাটি লেখে তাই৷ সলজ্জ চাৱনিৰে তলমূৰ কৰি তাই নানাকাটা বিস্কুটৰ বৈয়ামটোৰ পিনে আঙুলিয়াই দেখুৱাই দিয়ে৷
“আয়ু! বেঙীজনীৰ লাজটো চা৷ গোটেইজনী তেজে ফুটো ফাটো কৰিছে গাল দুখন৷ অ’ই বংশী দেচোন অ’ই তাইক নানকাটা বিস্কুট দুখন বান্ধি৷”
দুখন বিস্কুট কাগজেৰে মেৰিয়াই দিওঁতে স্পৰ্শ হয় তাইৰ হাত বংশীৰ হাতৰ স’তে৷ আনুভূতিক তৰংগ এটাই ঢৌ খেলি যায় আকাশীলতাৰ দেহত৷ কোবাকুবিকৈ বিস্কুট দুটা মুঠি মাৰি কেকুঁৰিটোত নেদেখা হোৱালৈকে চাই থাকে অকণে তাইক৷কিছু নিলগত ৰৈ বংশীয়েও চাই ৰ’য় আকাশীলতাক৷ তেজে ফুটো ফাটো দুগালেৰে আকাশীলতাজনীক তাৰ যে সাক্ষাৎ পূজাৰ গোঁসানীৰ দৰে লাগে৷
সঁচাকৈয়ে কি যত্ন পাইছে আকাশীলতাই! মাক মাইকণে আক্ষেপ কৰিলেও আকাশীলতাক দেখিলে সেয়া অনুমান কৰিব নোৱাৰি যে তাই খাদ্যৰ অভাৱ পাইছে৷ মাইকণে যি কৰি হ’লেও জেঙে জাবৰে সম্ভৱ সকলো দিছে আকাশীলতাক৷ আকাশীলতাৰ ইচ্ছা নাথাকিলেও মাইকণে কিন্তু আশা কৰে দুশ্ৰেণী পঢ়ক তাই৷ মাত নাইকিয়া ছোৱালীজনীৰ ‘কিবা এটা’ হয়েই বা৷ এই ‘কিবা এটা’ৰ সংজ্ঞা তাই নাজানে, মাত্ৰ জানে আকাশীলতা মাইকণ হোৱাতো তাই নিবিচাৰে৷ অবুজ ছোৱালীজনীয়ে কিদৰে সহিব নিলাজ ভদ্ৰসমাজৰ আতিশয্যবোৰ৷ তাৰ বাবে আকাশীলতা তাইতকৈ পৃথক হ’ব লাগিব৷ সেয়ে ঠেলি হেঁচুকি ছোৱালীজনী স্কুললৈ পঠিয়ায় তাই৷ প্ৰথম অৱস্থাত আকাশীলতাৰো স্কুল আহি ভাল লাগিছিল৷ তাই কষ্টৰে মনত ৰখা কবিতা আৰু নেওতাখন যেতিয়া মুখেদি সৰকি নহাৰ বাবেই তাই দুখোজ পিছুৱাই যাব লগা হ’ল, খোজবোৰ ক্ৰমে পিছুৱাই আহি থাকিল তাইৰ৷ চিঞৰি গাবলৈ মন যোৱা জ্যোতি সংগীত বা ৰাভা সংগীতৰ কলিটো নিশব্দে গুণগুণায় তাই৷ তথাপিও আকাশীলতা স্কুললৈ যায়৷ বিশেষকৈ অকণৰ দোকানত এপলক ৰৈ বংশীক চোৱাৰ হেপাঁহত তাইৰ স্কুললৈ যোৱাটো আজিকালি এটা ভাললগা কামত পৰিণত হৈছে৷ নানকাটা বিস্কুট তাইৰ বাবে এক অজুহাত হৈ ৰ’য়৷
আকাশীলতাৰ হাতত বিস্কুটৰ টোপোলাটো দেখিলে মাইকণৰ খঙটো উথলি উঠে৷
:নকৈছিলোঁ নে তোক স্কুলৰ পৰা চিধা ঘৰলৈ আহিবলৈ৷ তাই ৰচকী পিনপিনাই ফুৰিব৷ মই আনি দিয়া বিস্কুটকেইটাৰে হেঁপাহ নপলাই তোৰ৷এইজনীয়ে মোক জ্বলাই মাৰিব৷
মাইকণৰ কথাবোৰে আকাশীলতাৰ একাণে সোমাই ইকাণে ওলায়৷ বংশীৰ চাৱনিটো আৰু তাৰ স্পৰ্শৰ সুখানুভূতিখিনিয়ে তাইক ঘৰ পোৱালৈকে মেৰিয়াই ৰাখে৷ কালি দিনটো পিছে তাই বংশীৰ স’তে সাক্ষাৎ হোৱা নাই৷ মাকে দঢ়াই দঢ়াই তাইক ঘৰৰ বাহিৰ হ’বলৈ মানা কৰিছে৷ অৱশ্যে তাইৰো হেঁপাহ নোহোৱা নহয় হৰিহৰৰ ঘৰৰ ভোজটোলৈ৷ ফুলকবি দি ৰান্ধা মাছৰ আঞ্জাৰ গোন্ধটো তাইৰ বৰ প্ৰিয়৷ মাইকণে যিমান চেষ্টা কৰিলেও তাইৰ পাকঘৰত সেই পাগ উঠাব নোৱাৰে৷ চাক্ষুষ দৃষ্টিত মাইকণৰ অভাৱবোৰ মানুহৰ চকুত নপৰে৷ অনুদানৰ চাউলৰ পৰা আৰম্ভ কৰি এটা ঘৰো পাইছে দুটা কোঠাৰ তাই৷ অ’ অৱশ্যে এইটো সুকীয়া কথা যে তাৰ বাবে তাই বাটৰ বন সিজাব লগা হৈছিল৷ আৰু কি কিয়েইবা কৰা নাই মাইকণে মানুহৰ দৃষ্টিত ধৰা নপৰা অভাৱবোৰ পূৰণৰ বাবে! মাইকণহঁতৰ দৰে মানুহবোৰ কিন্তু অপৰিৱৰ্ত্তিত অৱস্থাত থকাটোও সময়ত কাৰোবাৰ বাবে জৰুৰী হৈ পৰে৷ সেই কথা মাইকণে জনাৰ দৰকাৰ নাই৷ তাই মাত্ৰ জনা দৰকাৰ তাইৰ পেটৰ জুইকুৰাৰ কথা,প্ৰয়োজনসমূহ পূৰণৰ বাবে প্ৰতিনিয়ত নিজক মৰি মৰি জীয়াই ৰখাৰ কথা৷ তাৰ বাবে মাইকণে উপায়বোৰ বিচাৰি ল’য়৷ সেয়া লাগিলে অকণে হওক বা হৰিহৰৰ ঘৰৰ সকামৰ ভোজটোৱে নহওক কিয়৷
আজি পুৱাৰে পৰা মাইকণৰ মনটো মুকলি৷ আজি হৰিহৰৰ ঘৰত ভোজৰ দিন৷ যোৱাকালি আকাশীলতাক ঘৰত থৈ তাই এপাক মাৰি আহিলগৈ সকামত৷ দৈ চিৰা তাইৰ প্ৰিয় নহয়৷ কিন্তু সকামত দুটা কাম কৰি নিদিলে তাইৰ সাত পুৰুষ উদ্ধাৰিব হৰিহৰ ঘৈণীয়েকে৷ চুৱাপাত সোপা পেলোৱা কামটোৰ বাবে আজি অ’তদিনে মাইকণকৰ বাদে বেলেগৰ কাম ৰাইজখনৰ পচন্দ হোৱা নাই!বেয়া নাপায় মাইকণে৷ অভাৱবোৰে কামৰ সৰু বৰ বিচাৰ কৰিব নাজানে৷ কালি গৈ সেয়ে তাই ইহাত সিহাত কৰি থৈ আহিল হৰিহৰৰ ঘৰত৷ পিছদিনাৰ ভোজটোত তাই আহুকাল অহাটো নিবিচাৰে৷
আজি আকাশীলতাৰ মাহেকীয়াৰ দুদিন৷ কিন্তু তিনিদিনত গা-মূৰ ধোৱাৰ দৰে পুৱাতেই শোৱাপাটী এৰি তাই পানী অলপ গৰম কৰি তাইক গা-পা ধুৱাই পৰিষ্কাৰ কৰি ল’লে৷ মাজতে এবাৰ সকীয়নি এটাও দি ল’লে,“ মনত আছে নহয়?” মূৰ দুপিয়াই শলাগে আকাশীলতাই৷ মনত আছে তাইৰ৷ তাইৰো যে মন গৈ আছে অকণৰ দোকানৰ সন্মুখেৰে এপাক যাবলৈ৷ সম্পূৰ্ণ এটা দিন তাই দেখা নাই বংশীক৷ সি বাৰু তাইৰ দৰে তাইলৈ ৰৈ আছেনে? ছোৱালীজনীক আজৰি কৰি মাইকণেও গাটো ধুই ল’লে৷ মনতে নিজক হাজাৰবাৰ প্ৰবোধ দিলে তাই,একো পাপ কৰা নাই৷ এটা কথা মাথোন লুকুৱাইছে তৃপ্তিৰ এসাজৰ বাবে৷ ইয়াতকৈ ডাঙৰ ডাঙৰ কথা মানুহে লুকুৱাই সমাজৰ পৰা৷ জানে মাইকণে সেই কথা৷ দুয়ো মাক-জীয়েকে পুৱাৰ ৰ’দতে চাহপানী খোৱা পৰ্বটো কৰি ল’লে৷ সময়খিনি আজি কিবা নাযায় নুপুৱাই দৰে লাগিছে আকাশীলতাৰ৷ পিছে ভকতে খাই বৈ আজৰি নোহোৱালৈকে সিহঁতি গৈয়ো লাভ নাই৷ অ’ত তত থিয় দঙা দি থাকিলে কি কামত মানুহে লগাব ঠিক নাই৷ কামটো আদায় কৰিবৰ সময়ত আকাশীৰ প্ৰতি সমবেদনা এটা উথলি উঠে মানুহৰ৷ মাইকণে বুজি পায় এই কথা৷ সকলো কামৰ মূল্য নিৰ্ধাৰিত গঢ়ী৷আবেগ মৰম সকলোবোৰ৷ কোনোটোৱেই শুদা নহয় এই পৃথিৱীত৷
দুই এজনক ভোজ খাই ওভতা দেখি ডিঙি মেলি চালে আকাশীলতাই নঙলা মুখৰ পৰা৷ মাকৰ ওচৰলৈ গৈ কুকুৱাই তাই মাইকণক ক’লেগৈ এই কথা৷ বাঁহৰ দুৱাৰখনত হেঁচা এটা দি আকাশীলতাক লৈ ওলাই আহিল মাইকণ৷ গোপন পৰিকল্পনা এটাৰ সফল সমাপ্তি পথত আগবাঢ়ি যোৱাত মাইকণৰ খোজবোৰ আজি আনদিনাতকৈও খৰতকীয়া৷ আকাশীলতাই দৌৰি যোৱাৰ দৰেহে মাকৰ লগত খোজ মিলাব পাৰিছে৷ অকণৰ দোকানৰ সন্মুখ পাই আকাশীলতা জয় পৰি গ’ল৷ আজি অকণৰ দোকান বন্ধ৷ হয়তো সকলো ভোজলৈ গৈছে৷ সেমেকা মনটোৰে তাই খোজবোৰ আগতকৈও মধ্যম হ’ল৷
:তোৰনো আজি কি হ’ল অ’৷ আনদিনাচোন দেওপাৰি থাক’৷ আহ আকৌ সোনকালে৷
পিছলৈ চাই মাইকণে দবিয়াই উঠে আকাশীলতাক৷ সকামৰ ঘৰত মানুহ সেৰেঙা হ’ল সিহঁত গৈ পোৱালৈকে৷ পিছফালৰ ৰভাৰ এচুকত সিহঁতক ভোজৰ পাত দুখিলা গাঁৱৰে মাধৱে বাঢ়ি দি ক’লে,
:কিবা কপাল ভাল হেৰ’ তহঁত মাক-জীয়েকেৰ৷ ইমানেই বাকী ৰৈছিল৷ খা খা৷
এইষাৰ কথা শতবাৰ শুনিছে মাইকণে৷ ৰাজহুৱা পুখুৰী সিঁচাৰ পিছত সকলোকে বিলাই কৰি যেতিয়া ৰৈ যোৱা মাছকেইটা তাইৰ হাতত দিয়ে তেতিয়াও তাইক এনেদৰে কপাল ভাল বুলি ক’য় কোনো কোনোৱে৷ এই লৈ কোনোদিনে আক্ষেপ কৰা নাছিল মাইকণে৷ আক্ষেপ কৰিব কাৰ ওচৰত? ভগৱানৰ ওচৰত? নে মৰি হাড়ত বন গজা মানুহটোৰ ওপৰত? নে মাক বাপেক কেইটা মৰাৰ পিছত আঁত হেৰোৱা তেজৰ সম্পৰ্কবোৰৰ ওপৰত? সেয়ে নিৰৱে ৰ’য় তাই৷ জীয়েক আকাশীলতাৰ স’তে নিজৰ বিশেষ তফাৎ বিচাৰি নাপায় তাই৷ ক’বলৈ ইচ্ছা থাকিলেও ক’ব নোৱাৰা কথাৰ ভৰত মাত থাকিও তাই জীয়েকৰ দৰে বোবা৷
আজি কিন্তু মাইকণক কিবা এটা শোকে খুন্দা মাৰি ধৰিছে৷ হেঁপাহৰে ৰৈ থকা ভোজৰ ভাতসাজ তাইৰ ডিঙিয়েদি সৰকিব বিচৰা নাই৷ শুকান ভাজিকণৰে ভাত দুগৰাহ মোহাৰি খাই মাছৰ আঞ্জাকণেৰে স’তে তাই বাকীবোৰ জীয়েক আকাশীলতাৰ পাতত দি দিলে৷ অবাক হৈ তাইলৈ চোৱা আকাশীলতাক তাই ক’লে,
:পেট ভৰাই খাই ল’৷ তাৰ পাছত তই আগবাঢ়ি যাবিগৈ ঘৰলৈ৷ মই কাম দুটামান কৰি দি থৈ যাম৷ বিনা পইচাৰে নখৰ আগৰ বালিকণো তোৰ মাৰে এনেই নলয় বুজিছ’৷ খা তই ভাতকেইটা৷
আজি যেন নিদ্ৰাভংগ মানুহৰ দৰে মাইকণৰ স্বাভিমানবোৰ জাগি উঠিছে৷ আকাশীলতাই খাই থাকোঁতে তাই মন কৰিলে অকণক৷ তামোল খাই কথাৰ মহলা মাৰি থকাৰ পৰা মাজে মাজে সিহঁত দুজনীলৈ চাই আছে৷ এপাকত বহাৰ পৰা উঠি মহিলাৰ জুমটোৰ মাজত বহি থকা ঘৈণীয়েকৰ ফালে চাই অকণে চিঞৰি উঠিল,
:তই আহি থাকিবি অ’ই ইহঁত দুটাক লৈ৷ মই আগবাঢ়ো৷ এপৰ দোকান বন্ধ ৰাখিলোঁ ভোজৰ নামত৷ দোকান খোলোগৈ যাওঁ৷
কথাষাৰ মাইকণৰ কাণত পেলাবলৈকে প্ৰয়োজনতকৈ ডাঙৰকৈ কৈছে বুলি মাইকণে জানে৷কথাষাৰৰ আঁৰৰ গূঢ়াৰ্থটোও বুজি পায় তাই৷ কোনো নথকাৰ সুযোগত মাইকণক ক্ষন্তেক কাষত বিচৰা জনসমুদ্ৰৰ বাঘৰ অভাৱ নাই এই গাঁৱত৷ কেৱল এই গাঁৱতে নহয় ছবিয়ে নোকোৱা কথা কিছুমান লুকাই থাকে মাইকণৰ দৰে চৰিত্ৰবোৰৰ অন্তৰালত৷ ওপৰে ওপৰে চাবলৈ গ’লে মাইকণহঁতৰ জীৱনবোৰ সহজ, অনুমেয়৷ কিনো জটিলতা আছে তাত? ৰজাঘৰীয়াই অনুদান দিছে, বিনামূলীয়া শিক্ষা দিছে৷ তাতকৈ কি লাগে সিহঁতক? মানুহ হিচাপে পাব লগা মৰ্যাদাবোৰ উঠিলেই যেনিবা ধোঁৱাচাঙত৷ তাতে কাৰ কি যায়!
ভাত খাই উঠা আকাশীলতাক দঢ়াই দঢ়াই কলৈকো নাযাবলৈ ক‘লে মাইকণে
:মই পাম গৈয়ে যা৷ চিধা ঘৰলৈ যাবি৷
খৰখোজেৰে ঘৰলৈ বাট বোলা আকাশীলতা থমকি ৰ’য় অকণৰ দোকানৰ সন্মুখত৷ দোকানৰ ছাটাৰ খোলা আছে৷ মনৰ অদমনীয় স্পৃহাটো দমাব নোৱাৰিলে তাই৷ বংশীক এপলক চোৱাৰ হেঁপাত সন্মোহিত ব্যক্তিৰ দৰে ভৰি দিয়ে তাই দোকানৰ দুৱাৰদলিত৷ দুপৰৰ ৰ’দজাকত ৰঙা পৰা দুগালেৰে সন্মুখত থিয় দিয়া আকাশীলতাক দেখি অকণৰ চকুত বিজুলি চমকে৷ টানি আনি মূহূৰ্ততে সামৰিব বিচাৰে আকাশীলতাক তাৰ আৱেষ্টনীত৷ থৰকাচুটি হেৰোৱা আকাশীলতাই কিবা বুজি পোৱাৰ আগতেই হঠাতে কাৰোবাৰ প্ৰচণ্ড গোৰৰ ভৰত আফাল খাই পৰে অকণ দোকানী৷ টেবুলৰ ওপৰত পৰি ৰোৱা দগাটো লৈ বংশীয়ে সজোৰে মাৰি পঠিয়াই দদায়েকৰ গালৈ৷
কোনোবা এটা দৌৰি গৈ খবৰ দিয়ে সকামৰ ঘৰত৷ ধুই থকা বাচনবোৰ দলিয়াই দৌৰি আহে মাইকণ অকণৰ দোকানৰ দিশে৷ জুম বন্ধা মানুহবোৰৰ মাজেৰে আগবাঢ়ি থমকি ৰ’য় তাই৷ গামোচাৰে মেৰিয়াই মানুহবোৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিছে অকণৰ কপালেৰে বৈ অহা তেজৰ সোঁত৷ কিছু নিলগত বহি আছে বংশী আৰু দুখোজ পিছতেই আকাশীলতা৷ তাইক দেখা মাত্ৰকে গৰজি উঠিল মানুহ মখা
:ভৰ দুপৰীয়া আঁকৰী জীয়েৰক অকলে পঠাবলৈ কিহে পাইছিল তোক৷ জানো নহয় অকণৰ দোকানৰ বস্তুকেইটালৈ মাক-জীয়েকৰ হুতাহটো!
একো নকলে মাইকণে৷ দীৰ্ঘ দিনে ক’ম বুলি সাঁচি ৰখা কথাবোৰ কোৱা আৰু শুনাৰ প্ৰয়োজনীয়তা যেন শেষ হৈছিল৷ আনদিনা তেজ দেখিলে আচন্দ্ৰাই কৰা মাইকণে আজি অকণৰ তেজ দেখি ভীতিগ্ৰস্থ হোৱা নাই৷ মানুহবোৰৰ কথাবোৰেও স্পৰ্শ কৰিব পৰা নাই আজি তাইক৷ বৰঞ্চ কিবা এটা বনৰীয়া সুখৰ উজান উঠিছে তাইৰ হৃদয়ত অকণৰ তেজৰ সোঁত দেখি৷ খুব স্থিৰ খোজেৰে তাই কঁপি কঁপি বহি থকা আকাশীলতাৰ ওচৰলৈ গৈ কৈ উঠিল,
:ব’ল আই ঘৰলৈ ব’ল৷ দুদিনীয়া চুৱা গাৰে অ’ত তত বহি থাকিব নাপায় নহয়৷ আহ আমি ঘৰলৈ যাওঁ৷
নিটাল মৰা মানুহখিনিৰ মাজেৰে খুব আলফুলে মাইকণে জীয়েক আকাশীলতাক উলিয়াই লৈ আনিলে৷ তেতিয়া কমলাৰঙী ৰহণ সানি আকাশখনতো এটা দিনে বাগৰ সলোৱাৰ আয়োজন চলাইছিল৷আকাশীলতাৰ বুকুত সপোন এটা টগটগাই বহে। পিছফালৰ পোতা পুখুৰীটোত আশা নকৰা সত্ত্বেও মাছে খলখলনি তোলাৰ দৰে সপোনটো খলখলাই থাকে। বুকুৰ খলা-বমাবোৰ স্পৰ্শ কৰি তাই অনুভৱ কৰিব বিচাৰে সেই স্পৰ্শ। আস! স্পৰ্শৰো কি সুখ। তন্দ্ৰালস তাইৰ দুচকুত ক্ৰমে আন্ধাৰ নামি আহে। এই নিদ্ৰা কোনো বিশ্ৰাম বা ক্লান্তিৰ নহয়। এই নিদ্ৰা সুখৰ। সুখৰ নামান্তৰ মাথোন।

: মৰতীজনীয়ে ফুটগধূলিতে বিছনা ল’লেই। কণা বিধাতাই মোৰ ওপৰতহে গলগ্ৰহ জাপিবলৈ পালে।

দলি মাৰি জেংখৰিৰ মুঠিটো আখলৰ চুকলৈ দলিয়াই মাইকণে ভোৰভোৰাই উঠিল। মাইকণ আকাশীলতাৰ মাক। পানীৰ পিয়াহত শুকাই যোৱা ডিঙিত তাইৰ ভোৰভোৰণিটো আৰ্তনাদৰ দৰে লাগিল। সেই আবেলিতে স্কুল ঘৰৰ চৌহদৰ ফুটুকানি আঁজুৰি ঘৰ সোমাইছেহি মাত্ৰ। বাঁহৰ দুৱাৰখনেৰে ভূমুকিয়াই আকাশীলতাৰ নিদ্ৰা বিলাস দেখি আখলৰ ভমককে জ্বলি উঠা জুইকুৰাৰ দৰে জ্বলি উঠিল তাই।

খকমকাই উঠি বহে আকাশীলতা। প্ৰকৃতিস্থ হ’বলৈ যেন অলপ সময়ৰ প্ৰয়োজন হয় তাইক। কি দৰে পৰিত্যাগ কৰে সেই বৈ থকা সুখকণ। বৈ অহা লেলাউটিখিনি মোহাৰি মোহাৰি আগবাঢ়ে তাই আখলৰ দিশে। কাণ লগা চচপেনটো চৌকাত পাতি মাকে দলিয়াই যোৱা খৰিৰ মুঠাটোৰ পৰা অলপ লাগনি খৰি দি আধাপোৰা কাঠখৰি দুচটা চৌকাত সুমুৱাই দিয়ে তাই। তেলবিহীন কেৰাচিন তেলৰ বটলটো অভ্যাসবশতঃ জোকাৰি থাকে খৰি কেইডালৰ ওপৰত। জ্বলো নজ্বলোকৈ জ্বলি উঠা জুইকুৰালৈ তন্ময় হৈ চাই থাকে তাই। এতিয়াও যেন তাই বিচ্ছিন্ন হ’ব পৰা নাই কিছু সময়ৰ আগত তাইক মেৰিয়াই ৰখা সুখটোৰ পৰা।

মাইকণৰ খংটো তাইৰ আখলৰ জুইকুৰাৰ দৰেই। জ্বলো নজ্বলাকৈ জ্বলি উঠা। উত্তাপৰ চোক নথকা। জুইকুৰা ফুৱাই ফুৱাই জ্বলাই থকা আকাশীলতালৈ মমতা উথলি উঠে তাইৰ বুকুত। পীৰাখন টান মাৰি আকাশীলতাৰ কাষত বহি ল’লে তাই।

: চাহ অকণ খালি জানো ৰ’হ মই বাকোঁ। অকণৰ দোকানৰ পৰা তই ভালপোৱা বিস্কুটটো আনিছোঁ।

অকণৰ দোকানৰ বগা নানকাটা বিস্কুটটোৰ প্ৰতি আকাশীলতাৰ দুৰ্বাৰ আকৰ্ষণ। মাইকণে জানে সেইকথা। সেয়ে অনিচ্ছা সত্ত্বেও তাই অকণৰ দোকানলৈ যায়। জানে তাই বিস্কুটৰ পেকেটটো সহজে উপলব্ধ নহয়। তাইৰ দীনতাই ঢাকিব নোৱৰা তাইৰ দেহৰ খলাবমাবোৰে তৰংগৰ সৃষ্টি কৰে দুটা সন্তানৰ পিতৃ অকণৰ দেহত। অকণ তাইৰ ভায়েকৰ বয়সৰ। কিন্তু হ’লে কি হ’ব। এটা মাধ্যমৰ প্ৰয়োজনত অকণৰ নিৰ্লজ্জ সুখকণে বাট বিচাৰি পায়। আৰু মাইকণেও বিচাৰি পাই এটা ৰাস্তা। এনে সময়তে নিজৰ দেহটোলৈ বৰ মমতা জাগে তাইৰ।

মাইকণে আজিকালি বহুত কথা জনা হৈছে, বুজা হৈছে। আকাশীলতাৰ বাপেকে বিয়া কৰাই আনোতে তেওঁৰ এটা স্পৰ্শত লাজতে নখে মাটি লিখা মাইকণ আজিকালি জীৱনৰ অভিজ্ঞতাৰে সমৃদ্ধ। মাইকণে জানে কিদৰে প্ৰয়োজনবোৰৰ তাগিদাত নিজক সলনি কৰা দৰকাৰ। সমাজৰ আঙুলিবোৰ অগ্ৰাহ্য কৰিবৰ জোখাৰে তাই শক্তিশালী হৈছে। পদূলিয়েদি পাৰ হৈ যোৱা উদভ্ৰান্ত বতাহজাকে মাইকণক আজিকালি ভীতিগ্ৰস্থ কৰি নোতোলে। বৰঞ্চ এটা সংজ্ঞাবিহীন হাঁহিঢৌ খেলি যায় তাইৰ মুখত। কাৰণ তাই বুজি উঠিছে কাৰোৰে অবিহনে জীৱন স্থৱিৰ নহয়। ই আগবাঢ়ে তাৰ স্বাভাৱিক ছন্দেৰে। মানুহটো নাইকিয়া হওঁতে তাই ভাবিছিল ইয়াতেই শেষ সকলো। কিন্তু নিৰ্বাক আকাশীলতা আৰু পেটৰ জুইকুৰাই আতিপুতি বান্ধি ৰাখিলে তাইক জীৱনৰ স’তে। সেয়ে আজিকালি সংগীহীনতাক ভয় নালাগে মাইকণৰ। বৰঞ্চ উপভোগ কৰে তাই এই সংগীহীন জীৱন।
মজিয়াৰ দুখুৰি পীৰাত বহি মাকে যাঁচি দিয়া ৰঙা চাহ আৰু অকণৰ দোকানৰ বিস্কুটৰ জুটি লৈ থকা আজলী আকাশীলতাক ওপৰৰ পৰা তলতৈ এবাৰ চাই ৰয় মাইকণে। কিন্তু পিছ মুহূৰ্ততে সজোৰে আকাশীলতাৰ পিঠিত ঢকা এটা দি টানি অনাৰ দৰে আনি বাহিৰৰ বাৰাণ্ডা পোৱাইহি তাইক।
: মৰতী, কাম বঢ়ালি মোৰ। দেখা নাছিলি নেকি তই হা। নে কণা বিধাতাই তোৰ মাতটোৰ লগে লগে তোৰ মগজুটোও নাইকিয়া কৰিলে।
অবাক দৃষ্টিৰে আকাশীলতাই মাকলৈ চাই ৰয়। মুখৰ কোৱাৰিত লাগি ৰ’য় ধূলিৰ দৰে অকণৰ দোকানৰ নানকাটা বিস্কুটৰ গুৰি। আকাশীলতা বহি থকা পীৰাখনত দাঁঙি আনি কেঁচা কুঁৱাৰ পাৰত লাগি থকা সতেজ তেজকণ ধুঁই ধুঁই মাইকণৰ গাত যেন দেও লম্ভে।
: কিমান দিনৰ পৰা ৰৈ আছিলোঁ হৰিহৰ ঘৰৰ সকামৰ ভোজটোলৈ। নাজান তই? বছেৰেক হ’ব হ’ল। আজিহে হ’বলৈ পালি চুৱা। জুই লাগতি ক’ৰবাৰ। হেৰ’ দুদিন পিছত হোৱা হ’লে কি হ’লহেঁতেন। এনেই আটিছে মোৰ। এতিয়া চুৱা গাৰে ভোজলৈ যোৱা বুলি গম পালে সুদাই এৰিব তোক ৰাইজে।
অনৰ্গল আকাশীলতাক বকি বকি হঠাতে ৰ’ই যাই মাইকণ। চোঁ মাৰি বাৰাণ্ডাত থৰ লাগি কম্পমান হোৱা আকাশীলতাৰ কাষলৈ গৈ যথা সম্ভৱ সৰুকৈ মাতটো উলিয়াই ক’য়,
: শুন কোনেও যাতে গম নাপাই তোৰ চুৱা হোৱা কথা। বুজিছনে নাই। ময়ো নকওঁ কাকো। ভোজ খাবলৈ মন আছে যদি একদম যিদৰে কওঁ সেইদৰে কৰিবি বুজিছ’।
মাকৰ কথা শুনি মূৰ দুপিয়াই আকাশীলতাই। স্বস্তিৰ নিশ্বাস এটা পেলাই যেন মাইকণে। অৱশ্যে আকাশীলতাই ক’বনো কাক? অংগী-ভংগী কৰি তাই কোৱা কথাবোৰ শুনিবলৈ কাৰোবাৰ ধৈৰ্য আছে জানো? হ’ব, উপায় এটা ওলালে তেওঁ! মাইকণে হাঁহি পেলায়। পিছ মুহূৰ্ততে আকাশীলতাক আনি বস্তাৰে আঁৰ দিয়া গা-ধোৱা ঘৰটোত সুমুৱাই ক’য় তাই,
: যা গাটো ধুই ল’। এইকেইদিন স্কুল যাব নালাগে তই।
আকাশীলতাৰ মগজুত মাইকণৰ কথা নোসোমায়। এখন অজানা পৃথিৱীত ভ্ৰমি ফুৰে তাই। স্কুললৈ যোৱা নোযোৱা কথাটোৱে তাইৰ মনোজগতত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে। মাত্ৰ পাঁচফোৰণ দিয়া খিচিৰিৰ গোন্ধটো আৰু এখন বিশেষ মুখেহে স্কুলৰ প্ৰতি বা স্কুললৈ যোৱা যাত্ৰাটোৰ প্ৰতি ব্যাকুলতা জন্মায় তাইৰ। নৱম শ্ৰেণীলৈ উৰ্তীণ তাই এইবাৰ। মনৰ ভিতৰতে আওৰাই এ.বি.চি কেইটা লিখিব পাৰিছে তাই। ছাৰ-বাইদেউহঁতে তাইক একো নক’য়। তাই কিবা ক’লেও তেওঁলোকৰ বাবে দুৰ্বোধ্য তাইৰ ভাষাবোৰ। তাইৰ ভাষাবোৰ মাক মাইকণেহে বুজে। সেয়ে ঠাণ্ডাত কপি কপি গা-ধুই অহা আকাশীলতাক আথে-বেথে জুইকুৰা ধৰি দিয়ে মাইকণে। অলপ আগতে খং কৰি ঢকা দিয়া অবুজ জীয়েক জনীলৈ মমতা উথলি উঠে মাইকণৰ বুকুত।
: কিছুমান কথা মানুহক নক’লে ভাল লতা। তই নক’বি। সিহঁতে আমাক ৰং চাব বুজিছ’। হলা গছ দেখিলে বাগী কুঠাৰ মৰা ধেৰ মানুহ আছে।
মাইকণৰ যেতিয়া জীয়েক আকাশীলতালৈ মৰম লাগে তেতিয়া তাইক লতা বুলি মাতে। সেই সময়ত তাই এজনী অতিকে সচেতন অভিভাৱকৰ দৰে আচৰণ কৰে। এবছৰ আগতে পুষ্পিতা হোৱা জীয়েকক দিহা দিয়ে তাই তেতিয়া।
: ডেকা ল’ৰাৰ সংগ বৰকৈ নল’বি এতিয়া তই। তই গাভৰু হ’লি বুজিছ’। ফৰিংতলী হাবিলৈ নাযাবি অকলে। তাত বাঘ ওলায়।
ফৰিংতলী হাবিত সঁচা বাঘ ওলায় নে নোলায় মাইকণে সেই কথা নাজানে। তাই মাত্ৰ জানে বনৰ বাঘতকৈ কিছুমান দুঠেঙীয়া বাঘ বেছি ভয়ানক। শতবাৰ নিজে ক্ষত-বিক্ষত হৈ তাই আকাশীলতাক পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে। শাহুয়েকে কোৱাৰ দৰে তাই বাঘিনী মাকজনী হ’বলৈ বিচাৰে। আৰু সেয়াই সত্য। মাকবোৰৰ সততা। গিৰিয়েক নলিনীয়ে যেতিয়া হঠাতেই তাইক এৰি গৈছিল, সিদিনা তাইৰ মনত এটা বিশ্বাস আছিল বেৰৰ সিপাৰৰ ককাই ভাইবোৰৰ ওপৰত, সমাজখনৰ ওপৰত। থকাৰ কথাই। সমাজক ভয় কৰি সমাজক নতশিৰে প্ৰণাম কৰিয়ে জীৱন জীয়াই মাইকণৰ দৰে মানুহে। কিন্তু সকামটো শেষ হৈ যোৱাৰ লগে লগে লাহে লাহে যেন তাই অনুভৱ কৰিবলৈ ল’লে তাইৰ বুকুত জ্বলা জুইকুৰাৰ সমভাগী হ’বলৈ নিজৰ বাদে কোনো নাই। বচ নিজক ভাল পাবলৈ শিকিলে তাই। আত্মকেন্দ্ৰিক সমাজৰ বুকুত মাইকণৰ চিন্তাবোৰ তাইৰ পৃথিৱীখনক কেন্দ্ৰ কৰিয়েই পৰিভ্ৰমণ কৰিবলৈ ধৰিলে। তাত মাইকণৰ ভুল নাই। ভুল হ’বই নোৱাৰে। এনেদৰেই ভাবে মাইকণে।
পিচে মাক মাইকণে ভবাৰ দৰে আকাশীলতা ইমান অবুজও নহয়। কৈশোৰ অতিক্ৰমি যৌৱনলৈ ধাপলি মেলা আকাশীলতাৰ অন্তঃজগতত এবোজামান নতুন আবেগৰ খলকনি। স্কুললৈ যাওঁতে, খাওঁতে, শোওঁতে নাম নজনা আবেগখিনিয়ে খেদি ফুৰে তাইক। লগৰ তগৰহঁতৰ লগত মনে মনে কথাৰ ভাগলৈ স্কুললৈ যাওঁতে আৰু ওভতোতে অকণৰ দোকানৰ সন্মুখত তাইৰ খোজৰ গতি মন্থৰ হয়। ৰৈ যাবৰ মন যায় খন্তেক সময় তাতে। “আহ আকৌ!” বুলি তগৰে ওলটি মাতষাৰ দিওঁতে যাওঁ নাযাওকৈ আগবাঢ়ে তাইৰ দুভৰি। কোনোদিন অকণে ৰিঙিয়াই “এই বেঙী এইফালে আহ” বুলি মাতষাৰ দিলে এচেৰেঙা ৰ’দে ঢৌ খেলি যাই তাইৰ মনাকাশত।
“কি খাবি অই বেঙী”বুলি অকণ দোকানীয়ে সোধা প্ৰশ্নটোতকৈও ভিতৰলৈ মহা উৎসাহেৰে জুমি চাই তাই। দগাপাল্লাখনৰ কাষত ৰৈ তাইলৈ চাই থকা অকণৰ ভতিজাক বংশীক দেখাৰ লগে লগে নখে মাটি লেখে তাই। সলজ্জ চাৱনিৰে তলমূৰ কৰি তাই নানাকাটা বিস্কুটৰ বৈয়ামটোৰ পিনে আঙুলিয়াই দেখুৱাই দিয়ে।
“আয়ু! বেঙীজনীৰ লাজটো চা। গোটেইজনী তেজে ফুটো ফাটো কৰিছে গাল দুখন। অ’ই বংশী দেচোন অ’ই তাইক নানকাটা বিস্কুট দুখন বান্ধি।”
দুখন বিস্কুট কাগজেৰে মেৰিয়াই দিওঁতে স্পৰ্শ হয় তাইৰ হাত বংশীৰ হাতৰ স’তে। আনুভূতিক তৰংগ এটাই ঢৌ খেলি যায় আকাশীলতাৰ দেহত। কোবাকুবিকৈ বিস্কুট দুটা মুঠি মাৰি কেকুঁৰিটোত নেদেখা হোৱালৈকে চাই থাকে অকণে তাইক। কিছু নিলগত ৰৈ বংশীয়েও চাই ৰ’য় আকাশীলতাক। তেজে ফুটো ফাটো দুগালেৰে আকাশীলতাজনীক তাৰ যে সাক্ষাৎ পূজাৰ গোঁসানীৰ দৰে লাগে।
সঁচাকৈয়ে কি যত্ন পাইছে আকাশীলতাই! মাক মাইকণে আক্ষেপ কৰিলেও আকাশীলতাক দেখিলে সেয়া অনুমান কৰিব নোৱাৰি যে তাই খাদ্যৰ অভাৱ পাইছে। মাইকণে যি কৰি হ’লেও জেঙে জাবৰে সম্ভৱ সকলো দিছে আকাশীলতাক। আকাশীলতাৰ ইচ্ছা নাথাকিলেও মাইকণে কিন্তু আশা কৰে দুশ্ৰেণী পঢ়ক তাই। মাত নাইকিয়া ছোৱালীজনীৰ ‘কিবা এটা’ হয়েই বা। এই ‘কিবা এটা’ৰ সংজ্ঞা তাই নাজানে, মাত্ৰ জানে আকাশীলতা মাইকণ হোৱাতো তাই নিবিচাৰে। অবুজ ছোৱালীজনীয়ে কিদৰে সহিব নিলাজ ভদ্ৰসমাজৰ আতিশয্যবোৰ। তাৰ বাবে আকাশীলতা তাইতকৈ পৃথক হ’ব লাগিব। সেয়ে ঠেলি হেঁচুকি ছোৱালীজনী স্কুললৈ পঠিয়ায় তাই। প্ৰথম অৱস্থাত আকাশীলতাৰো স্কুল আহি ভাল লাগিছিল। তাই কষ্টৰে মনত ৰখা কবিতা আৰু নেওতাখন যেতিয়া মুখেদি সৰকি নহাৰ বাবেই তাই দুখোজ পিছুৱাই যাব লগা হ’ল, খোজবোৰ ক্ৰমে পিছুৱাই আহি থাকিল তাইৰ। চিঞৰি গাবলৈ মন যোৱা জ্যোতি সংগীত বা ৰাভা সংগীতৰ কলিটো নিশব্দে গুণগুণায় তাই। তথাপি আকাশীলতা স্কুললৈ যায়। বিশেষকৈ অকণৰ দোকানত এপলক ৰৈ বংশীক চোৱাৰ হেঁপাহত তাইৰ স্কুললৈ যোৱাটো আজিকালি এটা ভাললগা কামত পৰিণত হৈছে। নানকাটা বিস্কুট তাইৰ বাবে এক অজুহাত হৈ ৰ’য়।
আকাশীলতাৰ হাতত বিস্কুটৰ টোপোলাটো দেখিলে মাইকণৰ খঙটো উথলি উঠে।
: নকৈছিলোঁ নে তোক স্কুলৰ পৰা চিধা ঘৰলৈ আহিবলৈ। তাই ৰচকী পিনপিনাই ফুৰিব। মই আনি দিয়া বিস্কুটকেইটাৰে হেঁপাহ নপলাই তোৰ। এইজনীয়ে মোক জ্বলাই মাৰিব।
মাইকণৰ কথাবোৰে আকাশীলতাৰ একাণে সোমাই ইকাণে ওলায়। বংশীৰ চাৱনিটো আৰু তাৰ স্পৰ্শৰ সুখানুভূতিখিনিয়ে তাইক ঘৰ পোৱালৈকে মেৰিয়াই ৰাখে। কালি দিনটো পিছে তাই বংশীৰ স’তে সাক্ষাৎ হোৱা নাই। মাকে দঢ়াই দঢ়াই তাইক ঘৰৰ বাহিৰ হ’বলৈ মানা কৰিছে। অৱশ্যে তাইৰো হেঁপাহ নোহোৱা নহয় হৰিহৰৰ ঘৰৰ ভোজটোলৈ। ফুলকবি দি ৰান্ধা মাছৰ আঞ্জাৰ গোন্ধটো তাইৰ বৰ প্ৰিয়। মাইকণে যিমান চেষ্টা কৰিলেও তাইৰ পাকঘৰত সেই পাগ উঠাব নোৱাৰে। চাক্ষুষ দৃষ্টিত মাইকণৰ অভাৱবোৰ মানুহৰ চকুত নপৰে। অনুদানৰ চাউলৰ পৰা আৰম্ভ কৰি এটা ঘৰো পাইছে দুটা কোঠাৰ তাই। অ’ অৱশ্যে এইটো সুকীয়া কথা যে তাৰ বাবে তাই বাটৰ বন সিজাব লগা হৈছিল। আৰু কি কিয়েইবা কৰা নাই মাইকণে মানুহৰ দৃষ্টিত ধৰা নপৰা অভাৱবোৰ পূৰণৰ বাবে! মাইকণহঁতৰ দৰে মানুহবোৰ কিন্তু অপৰিৱৰ্তিত অৱস্থাত থকাটোও সময়ত কাৰোবাৰ বাবে জৰুৰী হৈ পৰে। সেই কথা মাইকণে জনাৰ দৰকাৰ নাই। তাই মাত্ৰ জনা দৰকাৰ তাইৰ পেটৰ জুইকুৰাৰ কথা, প্ৰয়োজনসমূহ পূৰণৰ বাবে প্ৰতিনিয়ত নিজক মৰি মৰি জীয়াই ৰখাৰ কথা। তাৰ বাবে মাইকণে উপায়বোৰ বিচাৰি ল’য়। সেয়া লাগিলে অকণে হওক বা হৰিহৰৰ ঘৰৰ সকামৰ ভোজটোৱে নহওক কিয়।
আজি পুৱাৰে পৰা মাইকণৰ মনটো মুকলি। আজি হৰিহৰৰ ঘৰত ভোজৰ দিন। কালি আকাশীলতাক ঘৰত থৈ তাই এপাক মাৰি আহিলগৈ সকামত। দৈ চিৰা তাইৰ প্ৰিয় নহয়। কিন্তু সকামত দুটা কাম কৰি নিদিলে তাইৰ সাত পুৰুষ উদ্ধাৰিব হৰিহৰ ঘৈণীয়েকে। চুৱাপাত সোপা পেলোৱা কামটোৰ বাবে আজি অ’তদিনে মাইকণকৰ বাদে বেলেগৰ কাম ৰাইজখনৰ পচন্দ হোৱা নাই! বেয়া নাপায় মাইকণে। অভাৱবোৰে কামৰ সৰু বৰ বিচাৰ কৰিব নাজানে। কালি গৈ সেয়ে তাই ইহাত সিহাত কৰি থৈ আহিল হৰিহৰৰ ঘৰত। পিছদিনাৰ ভোজটোত তাই আহুকাল অহাটো নিবিচাৰে।
আজি আকাশীলতাৰ মাহেকীয়াৰ দুদিন। কিন্তু তিনিদিনত গা-মূৰ ধোৱাৰ দৰে পুৱাতেই শোৱাপাটী এৰি তাই পানী অলপ গৰম কৰি তাইক গা-পা ধুৱাই পৰিষ্কাৰ কৰি ল’লে। মাজতে এবাৰ সকীয়নি এটাও দি ল’লে, “মনত আছে নহয়?” মূৰ দুপিয়াই শলাগে আকাশীলতাই। মনত আছে তাইৰ। তাইৰো যে মন গৈ আছে অকণৰ দোকানৰ সন্মুখেৰে এপাক যাবলৈ। সম্পূৰ্ণ এটা দিন তাই দেখা নাই বংশীক। সি বাৰু তাইৰ দৰে তাইলৈ ৰৈ আছেনে? ছোৱালীজনীক আজৰি কৰি মাইকণেও গাটো ধুই ল’লে। মনতে নিজক হাজাৰবাৰ প্ৰবোধ দিলে তাই, একো পাপ কৰা নাই। এটা কথা মাথোন লুকুৱাইছে তৃপ্তিৰ এসাজৰ বাবে। ইয়াতকৈ ডাঙৰ ডাঙৰ কথা মানুহে লুকুৱাই সমাজৰ পৰা। জানে মাইকণে সেই কথা। দুয়ো মাক-জীয়েকে পুৱাৰ ৰ’দতে চাহপানী খোৱা পৰ্বটো কৰি ল’লে। সময়খিনি আজি কিবা নাযায় নুপুৱাই দৰে লাগিছে আকাশীলতাৰ। পিছে ভকতে খাই বৈ আজৰি নোহোৱালৈকে সিহঁতি গৈয়ো লাভ নাই। অ’ত তত থিয় দঙা দি থাকিলে কি কামত মানুহে লগাব ঠিক নাই। কামটো আদায় কৰিবৰ সময়ত আকাশীৰ প্ৰতি সমবেদনা এটা উথলি উঠে মানুহৰ। মাইকণে বুজি পায় এই কথা। সকলো কামৰ মূল্য নিৰ্ধাৰিত গঢ়ী। আবেগ মৰম সকলোবোৰ। কোনোটোৱেই শুদা নহয় এই পৃথিৱীত।
দুই এজনক ভোজ খাই ওভতা দেখি ডিঙি মেলি চালে আকাশীলতাই নঙলা মুখৰ পৰা। মাকৰ ওচৰলৈ গৈ কুকুৱাই তাই মাইকণক ক’লেগৈ এই কথা। বাঁহৰ দুৱাৰখনত হেঁচা এটা দি আকাশীলতাক লৈ ওলাই আহিল মাইকণ। গোপন পৰিকল্পনা এটাৰ সফল সমাপ্তি পথত আগবাঢ়ি যোৱাত মাইকণৰ খোজবোৰ আজি আনদিনাতকৈও খৰতকীয়া। আকাশীলতাই দৌৰি যোৱাৰ দৰেহে মাকৰ লগত খোজ মিলাব পাৰিছে। অকণৰ দোকানৰ সন্মুখ পাই আকাশীলতা জয় পৰি গ’ল। আজি অকণৰ দোকান বন্ধ। হয়তো সকলো ভোজলৈ গৈছে। সেমেকা মনটোৰে তাই খোজবোৰ আগতকৈও মধ্যম হ’ল।
: তোৰনো আজি কি হ’ল অ’। আনদিনাচোন দেওপাৰি থাক’। আহ আকৌ সোনকালে।
পিছলৈ চাই মাইকণে দবিয়াই উঠে আকাশীলতাক। সকামৰ ঘৰত মানুহ সেৰেঙা হ’ল সিহঁত গৈ পোৱালৈকে। পিছফালৰ ৰভাৰ এচুকত সিহঁতক ভোজৰ পাত দুখিলা গাঁৱৰে মাধৱে বাঢ়ি দি ক’লে,
: কিবা কপাল ভাল হেৰ’ তহঁত মাক-জীয়েকেৰ। ইমানেই বাকী ৰৈছিল। খা খা।
এইষাৰ কথা শতবাৰ শুনিছে মাইকণে। ৰাজহুৱা পুখুৰী সিঁচাৰ পিছত সকলোকে বিলাই কৰি যেতিয়া ৰৈ যোৱা মাছকেইটা তাইৰ হাতত দিয়ে তেতিয়াও তাইক এনেদৰে কপাল ভাল বুলি ক’য় কোনো কোনোৱে। এই লৈ কোনোদিনে আক্ষেপ কৰা নাছিল মাইকণে। আক্ষেপ কৰিব কাৰ ওচৰত? ভগৱানৰ ওচৰত? নে মৰি হাড়ত বন গজা মানুহটোৰ ওপৰত? নে মাক বাপেক কেইটা মৰাৰ পিছত আঁত হেৰোৱা তেজৰ সম্পৰ্কবোৰৰ ওপৰত? সেয়ে নিৰৱে ৰ’য় তাই। জীয়েক আকাশীলতাৰ স’তে নিজৰ বিশেষ তফাৎ বিচাৰি নাপায় তাই। ক’বলৈ ইচ্ছা থাকিলেও ক’ব নোৱাৰা কথাৰ ভৰত মাত থাকিও তাই জীয়েকৰ দৰে বোবা।
আজি কিন্তু মাইকণক কিবা এটা শোকে খুন্দা মাৰি ধৰিছে। হেঁপাহৰে ৰৈ থকা ভোজৰ ভাতসাজ তাইৰ ডিঙিয়েদি সৰকিব বিচৰা নাই। শুকান ভাজিকণৰে ভাত দুগৰাহ মোহাৰি খাই মাছৰ আঞ্জাকণেৰে স’তে তাই বাকীবোৰ জীয়েক আকাশীলতাৰ পাতত দি দিলে। অবাক হৈ তাইলৈ চোৱা আকাশীলতাক তাই ক’লে,
: পেট ভৰাই খাই ল’। তাৰ পাছত তই আগবাঢ়ি যাবিগৈ ঘৰলৈ। মই কাম দুটামান কৰি দি থৈ যাম। বিনা পইচাৰে নখৰ আগৰ বালিকণো তোৰ মাৰে এনেই নলয় বুজিছ’। খা তই ভাতকেইটা।
আজি যেন নিদ্ৰাভংগ মানুহৰ দৰে মাইকণৰ স্বাভিমানবোৰ জাগি উঠিছে। আকাশীলতাই খাই থাকোঁতে তাই মন কৰিলে অকণক। তামোল খাই কথাৰ মহলা মাৰি থকাৰ পৰা মাজে মাজে সিহঁত দুজনীলৈ চাই আছে। এপাকত বহাৰ পৰা উঠি মহিলাৰ জুমটোৰ মাজত বহি থকা ঘৈণীয়েকৰ ফালে চাই অকণে চিঞৰি উঠিল,
: তই আহি থাকিবি অ’ই ইহঁত দুটাক লৈ। মই আগবাঢ়ো। এপৰ দোকান বন্ধ ৰাখিলোঁ ভোজৰ নামত। দোকান খোলোগৈ যাওঁ।
কথাষাৰ মাইকণৰ কাণত পেলাবলৈকে প্ৰয়োজনতকৈ ডাঙৰকৈ কৈছে বুলি মাইকণে জানে। কথাষাৰৰ আঁৰৰ গূঢ়াৰ্থটোও বুজি পায় তাই। কোনো নথকাৰ সুযোগত মাইকণক ক্ষন্তেক কাষত বিচৰা জনসমুদ্ৰৰ বাঘৰ অভাৱ নাই এই গাঁৱত। কেৱল এই গাঁৱতে নহয় ছবিয়ে নোকোৱা কথা কিছুমান লুকাই থাকে মাইকণৰ দৰে চৰিত্ৰবোৰৰ অন্তৰালত। ওপৰে ওপৰে চাবলৈ গ’লে মাইকণহঁতৰ জীৱনবোৰ সহজ, অনুমেয়। কিনো জটিলতা আছে তাত? ৰজাঘৰীয়াই অনুদান দিছে, বিনামূলীয়া শিক্ষা দিছে। তাতকৈ কি লাগে সিহঁতক? মানুহ হিচাপে পাব লগা মৰ্যাদাবোৰ উঠিলেই যেনিবা ধোঁৱাচাঙত। তাতে কাৰ কি যায়!
ভাত খাই উঠা আকাশীলতাক দঢ়াই দঢ়াই কলৈকো নাযাবলৈ ক‘লে মাইকণে
: মই পাম গৈয়ে যা। চিধা ঘৰলৈ যাবি।
খৰখোজেৰে ঘৰলৈ বাট বোলা আকাশীলতা থমকি ৰ’য় অকণৰ দোকানৰ সন্মুখত। দোকানৰ ছাটাৰ খোলা আছে। মনৰ অদমনীয় স্পৃহাটো দমাব নোৱাৰিলে তাই। বংশীক এপলক চোৱাৰ হেঁপাত সন্মোহিত ব্যক্তিৰ দৰে ভৰি দিয়ে তাই দোকানৰ দুৱাৰদলিত। দুপৰৰ ৰ’দজাকত ৰঙা পৰা দুগালেৰে সন্মুখত থিয় দিয়া আকাশীলতাক দেখি অকণৰ চকুত বিজুলি চমকে। টানি আনি মুহূৰ্ততে সামৰিব বিচাৰে আকাশীলতাক তাৰ আৱেষ্টনীত। থৰকাচুটি হেৰোৱা আকাশীলতাই কিবা বুজি পোৱাৰ আগতেই হঠাতে কাৰোবাৰ প্ৰচণ্ড গোৰৰ ভৰত আফাল খাই পৰে অকণ দোকানী। টেবুলৰ ওপৰত পৰি ৰোৱা দগাটো লৈ বংশীয়ে সজোৰে মাৰি পঠিয়াই দদায়েকৰ গালৈ।
কোনোবা এটা দৌৰি গৈ খবৰ দিয়ে সকামৰ ঘৰত। ধুই থকা বাচনবোৰ দলিয়াই দৌৰি আহে মাইকণ অকণৰ দোকানৰ দিশে। জুম বন্ধা মানুহবোৰৰ মাজেৰে আগবাঢ়ি থমকি ৰ’য় তাই। গামোচাৰে মেৰিয়াই মানুহবোৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিছে অকণৰ কপালেৰে বৈ অহা তেজৰ সোঁত। কিছু নিলগত বহি আছে বংশী আৰু দুখোজ পিছতেই আকাশীলতা। তাইক দেখা মাত্ৰকে গৰজি উঠিল মানুহ মখা
: ভৰ দুপৰীয়া আঁকৰী জীয়েৰক অকলে পঠাবলৈ কিহে পাইছিল তোক। জানো নহয় অকণৰ দোকানৰ বস্তুকেইটালৈ মাক-জীয়েকৰ হুতাহটো!
একো নক’লে মাইকণে। দীৰ্ঘ দিনে ক’ম বুলি সাঁচি ৰখা কথাবোৰ কোৱা আৰু শুনাৰ প্ৰয়োজনীয়তা যেন শেষ হৈছিল। আনদিনা তেজ দেখিলে আচন্দ্ৰাই কৰা মাইকণে আজি অকণৰ তেজ দেখি ভীতিগ্ৰস্থ হোৱা নাই। মানুহবোৰৰ কথাবোৰেও স্পৰ্শ কৰিব পৰা নাই আজি তাইক। বৰঞ্চ কিবা এটা বনৰীয়া সুখৰ উজান উঠিছে তাইৰ হৃদয়ত অকণৰ তেজৰ সোঁত দেখি। খুব স্থিৰ খোজেৰে তাই কঁপি কঁপি বহি থকা আকাশীলতাৰ ওচৰলৈ গৈ কৈ উঠিল,
: ব’ল আই ঘৰলৈ ব’ল। দুদিনীয়া চুৱা গাৰে অ’ত তত বহি থাকিব নাপায় নহয়। আহ আমি ঘৰলৈ যাওঁ।
নিটাল মৰা মানুহখিনিৰ মাজেৰে খুব আলফুলে মাইকণে জীয়েক আকাশীলতাক উলিয়াই লৈ আনিলে। তেতিয়া কমলাৰঙী ৰহণ সানি আকাশখনতো এটা দিনে বাগৰ সলোৱাৰ আয়োজন চলাইছিল।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *