বিজ্ঞান-প্ৰযুক্তি

মহাকাশৰ আটাইতকৈ গধুৰ তৰাটো (পংকজ বৰুৱা)

মহাকাশখন বিচিত্ৰ। ইয়াৰ বুকুত অজস্ৰ ৰহস্য লুকাই আছে। নিতৌ আমাক আচৰিত কৰা ন ন বস্তু মহাকাশত আৱিষ্কাৰ হৈ আছে৷ এই লেখাত আমি ক’বলৈ লৈছোঁ বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা ব্ৰহ্মাণ্ডৰ আটাইতকৈ গধূৰ তৰাটোৰ বিষয়ে যাৰ নাম হ’ল R136a1, যি আমাৰ পৰা ১৬৩০০০ আলোকবৰ্ষ দূৰৈত, আমাৰ প্ৰতিবেশী বৃহৎ মেগালেনিক ডাৱৰ উপনক্ষত্ৰপুঞ্জত অৱস্থিত ৷

টেলিস্কোপৰ আৱিষ্কাৰ হোৱাৰ পিছৰ পৰাই মানৱ জাতিয়ে নিতৌ অনন্ত আকাশৰ গভীৰ বুকুত লুকাই থকা আমাৰ বাবে আশ্চৰ্যকৰ বস্তুবোৰ বিচাৰিবলৈ ল’লে, সেইবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ ল’লে৷ ১৯৬০ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰিট’ৰিয়াত থকা ৰেডক্লিফ মহাকাশ গৱেষণাৰ বৈজ্ঞানিকসকলে ডাঙৰ মেগালেনিক ডাৱৰৰ অতি উজ্বল তৰাবোৰৰ বিষয়ে অধ্যয়ন কৰি আছিল৷ সেই সময়তে তেওঁলোকে সেই উপনক্ষত্ৰপ্ৰণালীত এক নক্ষত্ৰৰ সমষ্টি দেখা পালে য’ত বহুসংখ্যক নক্ষত্ৰ আছিল, যাৰ নাম RMC136 বুলি জনা যায়৷ RMC136, চমুকৈ যাক R136 বুলিও কোৱা হয়, এই নক্ষত্ৰ সমষ্টি NGC2070 নক্ষত্ৰসমূহৰ অংশ৷ আনহাতে NGC2070 নক্ষত্ৰসমূহ টেৰেন্টুলা নেবুলাৰ অংশ যি বিশাল মেগালেনিক ডাৱৰ নক্ষত্ৰপুঞ্জৰ অংশ, যি আমাৰ হাতীপতি নক্ষত্ৰপুঞ্জৰ প্ৰতিবেশী উপনক্ষত্ৰপুঞ্জ৷

অধ্যয়নকাৰী বৈজ্ঞানিক দলে RMC136 নক্ষত্ৰ সমষ্টিত এটা কেন্দ্ৰীয় নক্ষত্ৰপ্ৰণালী পায়, যাক প্ৰথমে কেইবাটাও নক্ষত্ৰৰ সমষ্টি বুলি ভাবিছিল৷ পিছত আন এক অধ্যয়নৰ পৰা জানিব পৰা গ’ল যে R136 নক্ষত্ৰ সমষ্টি আছে এক বিশাল হাইড্ৰ’জেনিক ডাৱৰৰ অংশৰ মাজত যাক H 2nd reason বুলিও জনা যায় য’ত নিতৌ নতুন নতুন তৰাৰ জন্ম হৈ থাকে৷ এনে ডাৱৰৰ ১ আলোকবৰ্ষৰ পৰা ১০০ আলোকবৰ্ষ দূৰলৈকে বিস্তৃত হৈ থাকিব পাৰে৷

১৯৭৯ চনত ESO-ৰ (European Southern Observatory) ৩.৬ মিটাৰ উচ্চতাৰ টেলিস্কোপেৰে R136 নক্ষত্ৰসমষ্টিক R136a, R136b আৰু R136c নামে তিনিভাগত বিভক্ত কৰে৷ তেওঁলোকে প্ৰথমে এই নক্ষত্ৰসমষ্টি তিনিটা তৰাৰে গঠিত বুলি ভাবিছিল যিটো পাছলৈ ভুল বুলি প্ৰমাণিত হৈছিল৷

১৯৯০ চনত শক্তিশালী হাবল টেলিস্কোপৰ সহায়ত পুনৰ RMC136 চমুকৈ R136 নক্ষত্ৰ সমষ্টিৰ অধ্যয়ন কৰে আৰু এই টেলিস্কোপৰ দৃষ্টি R136a-ৰ দিশে নিক্ষেপ কৰে৷ এই টেলিস্কোপেৰে পোৱা তথ্যই এটা নক্ষত্ৰ বুলি ভৱা R136a নক্ষত্ৰ আচলতে বহু নক্ষত্ৰৰ এক সমষ্টিহে তাক জানিবলৈ দিয়ে য’ত এতিয়ালৈকে জ্ঞাত বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গধূৰ নক্ষত্ৰ R136a1 লুকাই আছিল৷ R136a নক্ষত্ৰ সমষ্টিত ২০০ নক্ষত্ৰ আছে য’ত ৮ টা অধিক উজ্জ্বল আৰু অতিগৰম O শ্ৰেণীৰ নক্ষত্ৰ আছে৷ এই আঠোটা নক্ষত্ৰই R136a নক্ষত্ৰপ্ৰণালীৰ একেবাৰে কেন্দ্ৰভাগত অৱস্থিত৷  এই আঠটা অতি উজ্জ্বল নক্ষত্ৰৰ প্ৰথম নক্ষত্ৰ R136a1 আছিল অতিকৈ আশ্চৰ্য্যকৰ যি এটা নক্ষত্ৰৰ চৰিত্ৰৰ সকলো সীমা চেৰাই গৈছিল, যাৰ ভৰ আছিল আচৰিত ধৰণে বহু বেছি৷ R136a1 নক্ষত্ৰৰ প্ৰকৃতিৰ বিষয়ে ১৯৯০ চনতে  জানিব পাৰিছিল আৰু এই নক্ষত্ৰ সমষ্টিক ১২ ভাগত বৈজ্ঞানিকসকলে বিভক্ত কৰিছিল৷ ১৯৯২ চনত হাবল টেলিস্কোপৰ WFPC1 পুৰণা কেমেৰা আঁতৰাই নতুন আধুনিক শক্তিশালী WFPC2 ক স্থাপন কৰি এই R136a নক্ষত্ৰ সমষ্টিক পুনৰ অধ্যয়ন কৰে আৰু ৪৬ টা নতুন অতি বেছি ভৰযুক্ত তৰা আৱিষ্কাৰ কৰে, যিবোৰ মাত্ৰ ১.৬৩ আলোকবৰ্ষ দূৰত্বৰ ভিতৰত ইটোৱে সিটোৰ মধ্যাকৰ্ষণিক বলৰ দ্বাৰা বান্ধ খাই আছিল৷ ইয়াৰ উপৰিও মাত্ৰ ১৫.৩২ আলোকবৰ্ষ পৰিধিৰ ভিতৰত ৩০০০ অধিক নক্ষত্ৰ এটা আনটোৰ লগত মধ্যাকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই থকা কথা জানিব পাৰিছিল৷

R136a1 নক্ষত্ৰ আমাৰ পৰা ১৬৩০০০ আলোকবৰ্ষ দূৰত অৱস্থিত ইয়াৰ ভৰ আমাৰ সূৰ্য্যৰ ভৰতকৈ ৩১৫ গুণ বেছি আৰু উজ্জ্বলতাৰ দিশৰ পৰা চালে আমাৰ সূৰ্যত কৈ ৮৭,১০,০০০ গুণ বেছি উজ্জ্বল৷ এই নক্ষত্ৰ O শ্ৰেণীৰ এক বিশাল অতি গৰম নক্ষত্ৰ৷ এই নক্ষত্ৰৰ তাপমান ৫৩০০০ কেলভিন মানে ৫২৭২৬.৮৫ ডিগ্ৰীৰ সমান হ’ব পাৰে যি আমাৰ সূৰ্যত কৈ প্ৰায় আঠগুণ বেছি গৰম৷ আমাৰ সূৰ্য M শ্ৰেণীৰ এটা নক্ষত্ৰ যাৰ তাপমান বেছি নহয়৷ M শ্ৰেণীৰ তৰাতকৈ O শ্ৰেণীৰ তৰাবোৰৰ জীৱনকাল কম অৰ্থাৎ আমাৰ সূৰ্যতকৈ R136a1 নক্ষত্ৰৰ আয়ুস বহু পৰিমাণে কম কিয়নো O শ্ৰেণীৰ নক্ষত্ৰবোৰে অতি বেছি পৰিমাণত শক্তি নিৰ্গত কৰে, যাৰ বাবেই এনে নক্ষত্ৰবোৰৰ ইন্ধন সোনকালেই শেষ হয় আৰু শেষত একোটা কৃষ্ণগহ্বৰ বা নিউট্ৰন তৰা হিচাপে নিজৰ জীৱনকাল শেষ কৰে৷ সূৰ্যই এবছৰত যিমান শক্তি উৎপন্ন কৰে O শ্ৰেণীৰ নক্ষত্ৰবোৰে ১-ৰ পৰা ৫ ছেকেণ্ডৰ ভিতৰতে সমপৰিমাণৰ শক্তি নিৰ্গত কৰে৷

এই নক্ষত্ৰ আকাৰত সূৰ্যতকৈ ২৭০০০ গুণ ডাঙৰ৷ এই নক্ষত্ৰৰ ব্যাস প্ৰায় ২,১০,০০০০০ কিঃমিঃ৷

পৰ্যবেক্ষকসকলে R136a1 নক্ষত্ৰক নিৰীক্ষণ কৰোঁতে এই কথাও জানিব পাৰে যে এই নক্ষত্ৰই অতি তীব্ৰগতিত নিজৰ দ্ৰব্যমান হেৰুৱাই আছে প্ৰায় ৫.১ সৌৰ দ্ৰব্যমান প্ৰতি বছৰ হাৰত৷ নিজৰ দ্ৰব্যমান হেৰুৱাৰ ক্ষেত্ৰত এই হাৰ আমাৰ সূৰ্যতকৈ বিলিয়ন গুণে বেছি। ইয়াৰ কাৰণ হ’ল এই নক্ষত্ৰত বলা অতি বেগী সৌৰবতাহ, যি প্ৰায় ২৬০০ কিঃমি প্ৰতি ছেকেণ্ড গতিৰে প্ৰবাহিত হয়৷ তীব্ৰ বেগী সৌৰবতাহৰ কাৰণ হ’ল সেই নক্ষত্ৰৰ অতি শক্তিশালী ইলেকট্ৰ’মেগনেটিক তেজস্ক্ৰিয়তা, যি এই নক্ষত্ৰৰ পদাৰ্থসমূহক অতি জোৰেৰে মহাকাশলৈ দলিয়াই পেলাইছে৷ জন্মৰ পৰা এতিয়ালৈকে এই নক্ষত্ৰই প্ৰায় ৫০ সৌৰদ্ৰব্যমানৰ সমান দ্ৰব্য হেৰুৱাইছে৷ এই তৰা বেছি পুৰণি তৰাও নহয়, ব্ৰহ্মাণ্ডৰ আন তৰাৰ তুলনাত R136a1 তৰা এটা যুৱ-তৰা, যাৰ বয়স প্ৰায় ৮৭ হাজাৰ বুলি অনুমান কৰিছে বৈজ্ঞানিকসকলে৷

R136a1 নক্ষত্ৰ যদি আমাৰ পৰা ৪০ আলোকবৰ্ষ দূৰতো থাকিলেহেঁতেন তেন্তে আমি আমাৰ ৰাতিৰ আকাশত আটাইতকৈ উজ্বল ভোটা তৰা মানে শুক্ৰগ্ৰহতকৈ অধিক উজ্জ্বল দেখা পালোঁহেঁতেন, যদি এই তৰা আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্ৰক্সিমা চেন্টাউৰি বি, যি আমাৰ পৰা ৪.২৫ আলোকবৰ্ষ দূৰত অৱস্থিত, তাৰ স্থানত থাকিলেহেঁতেন তেন্তে এই নক্ষত্ৰক পূৰ্ণিমাৰ পূৰ্ণ জোনবাইৰ সমান দেখা পালোঁহেঁতেন৷ এই নক্ষত্ৰৰ শক্তি উৎপন্ন কৰাৰ হাৰ গণনা কৰি বৈজ্ঞানিকসকলে অনুমান কৰিছে যে ১০কোটি বছৰৰ পাছত এই নক্ষত্ৰৰ ইন্ধন শেষ হৈ এটা বিশাল কৃষ্ণগহ্বৰত পৰিণত হ’ব আৰু এনেকৈয়ে R136a1 নক্ষত্ৰই নিজৰ জীৱন পৰিক্ৰমা অন্ত কৰিব৷

Print Friendly, PDF & Email

One thought on “মহাকাশৰ আটাইতকৈ গধুৰ তৰাটো (পংকজ বৰুৱা)

  • পঙ্কজ বৰুৱা

    সম্পাদক তথা আলোচনীৰ লগত জড়িত সকলোজনলৈ আন্তৰিক ধন্যবাদ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *