অনুবাদপ্ৰবন্ধ

মোডী চৰকাৰৰ বাবে যুদ্ধৰ নতুন ক্ষেত্ৰ হৈছে ‘নাগৰিক সমাজ’— (মূল: মনীষ আজাদ, অনুবাদ: গৌতম গোস্বামী)

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ২০২১ চনৰ ১২ নৱেম্বৰত আই পি এছৰ প্ৰশিক্ষাৰ্থীসকলৰ ‘সমাৱৰ্তন পেৰেড’ত ভাষণ দি কৈছিল— “জনসাধাৰণেই আটাইতকৈ গুৰুত্বপূৰ্ণ। এতিয়া নতুন যুদ্ধক্ষেত্ৰখন হৈছে নাগৰিক সমাজ। ইয়াকেই চতুৰ্থ প্ৰজন্মৰ যুদ্ধ বুলি কোৱা হয়।”

মূল বিষয়টোলৈ অহাৰ আগতে ‘চতুৰ্থ প্ৰজন্মৰ যুদ্ধ’ৰ বিষয়ে বুজি লওঁ আহক। ৱিকিপিডিয়াৰ মতে এই ধৰণৰ যুদ্ধত ৰাজনীতি আৰু যুদ্ধৰ লগতে উগ্ৰপন্থী আৰু অসামৰিক লোকৰ মাজৰ সীমাৰেখা ম্লান হৈ পৰে। অৱশ্যে এই সন্দৰ্ভত বহু বিতৰ্ক চলি আছে। কিন্তু অজিত ডোভালে যি প্ৰেক্ষাপটত এই শব্দটো ব্যৱহাৰ কৰিছে, তাৰ প্ৰত্যক্ষ অৰ্থ হ’ল এতিয়া চৰকাৰৰ লগত মতানৈক্য থকা নাগৰিকৰ লগতো চৰকাৰে যুদ্ধত নিজৰ ‘শত্ৰু’ৰ লগত যিদৰে মোকাবিলা কৰে তেনেদৰেই মোকাবিলা কৰিব‌।
‘নাগৰিক সমাজ’ৰ বিৰুদ্ধে যুদ্ধক ন্যায্যতা প্ৰদান কৰিবলৈ অজিত ডোভালে আৰু এটা কথা ক’লে। তেওঁৰ মতে, জাতীয় স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা শক্তিসমূহে ভাৰতীয় নাগৰিক সমাজক হেতালি খেলি ভিতৰৰ পৰা ধ্বংস কৰিব পাৰে। এক মুহূৰ্তৰ বাবে আওকাণ কৰোঁ যে ইয়াত চৰকাৰক গণতান্ত্ৰিক প্ৰতিষ্ঠান হিচাপে দেখা পোৱা নাই বৰঞ্চ নাগৰিক সমাজৰ ৰক্ষক হিচাপেহে দেখা যায়, যিটো সম্পূৰ্ণ সামন্তীয় ধাৰণা।
যদি আমি বস্তুনিষ্ঠভাৱে চাওঁ, আচলতে কোনে এই নাগৰিক সমাজখনক ‘বিভ্ৰান্ত’ কৰিছে, আৰু কোনে ইয়াক ভিতৰৰ পৰা ধ্বংস কৰি আছে? জাতীয় স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা সেই শক্তি আৰ এছ এছ/বিজেপিৰ বাহিৰে আন কোন হ’ব পাৰে?

অৰ্থাৎ সমাজখনক বিভ্রান্ত আৰু ভিতৰৰ পৰা ধ্বংস কৰা কাৰ্য্যত আৰ এছ এছ/বিজেপিৰ একচেটিয়া অধিকাৰ সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। নিজৰ ‘প্ৰকল্প’ৰ সৈতে মতানৈক্য থকা নাগৰিক সমাজৰ লোকসকলক এজন এজনকৈ গ্ৰেপ্তাৰ/আক্ৰমণ কৰা সেই প্ৰকল্পৰে অন্তর্ভুক্ত।
আহকচোন সেই ৯ জন লোকৰ ওপৰত চকু ফুৰাওঁ, যিসকলৰ ওপৰত দেশৰ আটাইতকৈ ‘এলিট’ নিৰাপত্তা সংস্থাৰ (এন আই এ) অভিযান চলাইছে আৰু যাৰ ওপৰত গ্ৰেপ্তাৰৰ তৰোৱাল ওলমি আছে—

১) কৃপাশংকৰ— বৰ্তমান তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰি আছে। কুশনগৰৰ বাসিন্দা কৃপাশংকৰে বিগত সময়ত ছাত্ৰ ৰাজনীতি আৰু পূৰ্বাঞ্চলৰ বহু গণ আন্দোলনৰ সৈতে জড়িত হৈ আহিছে। কৃপাশংকৰৰ বিশেষ কথাটো হ’ল তেওঁ সময়ে-সময়ে জেল ভ্ৰমণ কৰি যিসকলৰ অধিবক্তা হবলৈ কোনো নাই তেওঁলোকৰ গোচৰবোৰ লয় আৰু বিনামূলীয়াকৈ ওকালটি কৰে। কৃপাশংকৰে ১৩ বছৰ, ১৫ বছৰ, ১৯ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকা লোকক জেলৰ পৰা মুকলি কৰাই দিছে।
২) ছোনী আজাদ— ছোনীয়েও এলাহাবাদ উচ্চ ন্যায়ালয়ত ওকালটি কৰে আৰু মানৱ অধিকাৰ সংস্থা PUCL’ৰ সৈতে জড়িত। PUCL’ৰ হৈ তেওঁ কেইবাটাও ‘ফেক্ট-ফাইন্ডিং’ দলৰ অংশ আছিল।

৩) ৰিতেশ বিদ্যাৰ্থী— ৰিতেশ ‘ভগত সিং ছাত্ৰ মৰ্চা’ (বৰ্তমান ‘ভগত সিং স্টুডেন্ট মৰ্চা’)ৰ প্ৰতিষ্ঠাপক সদস্য। তেওঁ ভগত সিং ছাত্ৰ মৰ্চাৰ বেনাৰত বহু আন্দোলন আৰু গাওঁ চলো অভিযানৰ নেতৃত্ব দি আহিছে। বৰ্তমান তেওঁ নিজৰ ঘৰত থাকি চণ্ডাউলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ কৃষক/শ্ৰমিকসকলৰ মাজত কাম কৰি আছে।৪) ৰাজেশ আজাদ- ‘জন মুক্তি মৰ্চা’ৰ বেনাৰত আজমগড়ৰ বিখ্যাত ‘খিৰিয়াবাদ’ আন্দোলনত ৰাজেশ আজাদে ধাৰাবাহিকভাৱে সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ‘সংযুক্ত কিষাণ আন্দোলন’তো অবিৰতভাৱে সক্ৰিয় হৈ আছিল। 8)ৰাজেশ আজাদ- ‘জন মুক্তি মৰ্চা’ৰ বেনাৰত আজমগড়ৰ বহু-চৰ্চিত ‘খিৰিয়াবাদ’ আন্দোলনত ৰাজেশ আজাদে ধাৰাবাহিকভাৱে সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ‘সংযুক্ত কিষাণ আন্দোলন’তো অবিৰতভাৱে সক্ৰিয় হৈ আছিল।
৫) আকাংক্ষা আজাদ— তেখেতে একেৰাহে দুটা কাৰ্যকাল বেনাৰসস্থিত সক্ৰিয় ছাত্ৰ সংগঠন ‘বি এইচ ইউ’ৰ সভাপতি আছিল। আকাংক্ষা আজাদে ‘ভগত সিং ছাত্ৰ মৰ্চা’ৰ অধীনত বহু গুৰুত্বপূৰ্ণ বিষয়ত আন্দোলনৰ নেতৃত্ব দিছিল। ২০১৭ চনত নিৰ্যাতনৰ বিৰুদ্ধে চলা শক্তিশালী আন্দোলনত তেখেতৰ সক্ৰিয় ভূমিকা আছিল। এই আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিৰোনামও দখল কৰিছিল। ‘ভগত সিং ছাত্ৰ মৰ্চা’ৰ অধীনত প্ৰতি বছৰে আয়োজন কৰা ‘গাওঁ চালো অভিযান’তো তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।

৬) সীমা আজাদ — সীমা PUCL’ৰ ৰাজ্যিক সভানেত্ৰী আৰু বিগত ২০ বছৰ ধৰি অবিৰতভাৱে ‘দস্তক’ আলোচনী প্ৰকাশ কৰি আহিছে। PUCL আৰু ‘দস্তক’ৰ হৈ বহু গুৰুত্বপূৰ্ণ ‘ফেক্ট ফাইন্দিং’ৰ তেখেত অংশিদাৰ আছিল। সীমা আজাদে এলাহাবাদ উচ্চ ন্যায়ালয়তো বিশেষকৈ মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ৰ গোচৰত ওকালটিও কৰে।

৭) বিশ্ববিজয়— বিশ্ববিজয় জিলা আদালতৰ অধিবক্তা আৰু বহু সামাজিক-ৰাজনৈতিক আন্দোলনৰ সৈতে জড়িত। CAA/NRC বিৰোধী আন্দোলনৰ বাবে গ্ৰেপ্তাৰ হোৱা বহু দুখীয়া মুছলমানৰ গোচৰতো বিশ্ববিজয়ে সহায় কৰি আছে। ৮) অমিতা শ্বীৰিণ- অমিতা বিগত সময়ত এলাহাবাদ আৰু ডেৰাডুনৰ বহু ৰাজনৈতিক/সামাজিক আন্দোলনৰ সৈতে জড়িত হৈ আছে। ‘মুক্তি কে স্বৰ’, ‘হামাৰী জমিন হামাৰা আসমান’ আৰু ‘মুক্তি’ আদি আলোচনী/কাকতৰ সম্পাদনা কৰিছে। ইয়াৰ বাহিৰেও সামাজিক/ৰাজনৈতিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ বহু গ্ৰন্থ অনুবাদ কৰা হৈছে।

৯) মনীষ আজাদ— মনীষে বিগত সময়ত বহু সামাজিক/ৰাজনৈতিক আন্দোলনৰ লগত জড়িত হৈ বৰ্তমান ফ্ৰীলান্স লেখা আৰু অনুবাদ কৰি আছে। এই পৰিচয়ৰ পৰাই আপুনি বুজিব পাৰিব যে এই অভিযানবোৰে কাক ভাবুকি দিছে। তেওঁলোকে আমাক যি কৰিব কৰিব, কিন্তু আমাৰ জৰিয়তে সেই ‘নাগৰিক সমাজ’ক ভাবুকি দিছে, যিখন আৰ এচ এচ/  বিজেপিৰ মতাদৰ্শৰ সৈতে একমত নহয় আৰু পৰিৱৰ্তন বিচাৰে।

পেষ্টৰ নিম’লাৰৰ ‘প্ৰথমে তেওঁলোকে কমিউনিষ্টৰ বাবে আহিছিল’ কবিতাটো বৰ্তমানৰ প্ৰেক্ষাপটত আকৌ এবাৰ গুৰুত্বসহকাৰে অধ্যয়ন কৰা উচিত…

(মনীষ আজাদ এজন লেখক আৰু সমাজিক কৰ্মকৰ্তা)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *