বিবিধ চিন্তা

বহল নাৰী আন্দোলন আৰু আমাৰ দৃষ্টিভঙ্গী-(অঞ্জু বৰকটকী)

সঘনাই শুনিবলৈ পোৱা বহল নাৰী আন্দোলনৰ বিষয়টো বিভিন্ন জনৰ বাবে বিভিন্ন অৰ্থৰ আৰু বিভিন্ন ব্যাখ্যাৰ হ’ব পাৰে৷ আন্দোলনৰ লক্ষ্য তথা দিশৰ ওপৰত নিৰ্ভৰ কৰি এই অৰ্থ আৰু ব্যাখ্যাৰ বিভিন্নতা দেখা যায়।সংস্কাৰমুখী কাম-কাজৰ জৰিয়তে নাৰী অধিকাৰ সাব্যস্ত কৰিব বিচৰা বুজোৰ্ৱা নাৰী আন্দোলনে বহল নাৰী আন্দোলনৰ কথা কয়, শ্ৰেণী বিভক্ত, লিঙ্গ বৈষম্য থকা সমাজৰ পৰিবৰ্তনৰ লগত নাৰী মুক্তিৰ প্ৰশ্ন ওত:প্ৰোতভাৱে জড়িত বুলি যিসকলে ভাৱে তেওঁলোকেও বহল নাৰী আন্দোলনৰ কথা কয়।নাৰীসকলৰ অৱদমনৰ বিভিন্ন কাৰণ দাঙি ধৰা নাৰীবাদীসকলেও শ্ৰেণী নিৰপেক্ষ বহল নাৰী আন্দোলনৰ কথা দাঙি ধৰে।

নাৰীসকলৰ অধিকাৰহীনতাৰ, তেওঁলোকৰ পশ্চাদপদতাৰ, তেওঁলোকৰ শোষণ-বঞ্চনাৰ লগত মূলতঃ কি প্ৰশ্ন যুক্ত আছে? নাৰীয়ে মুক্তি কিহৰ পৰা বিচাৰিছে? নাৰীৰ এই শোষণ-বঞ্চনাৰ অন্ত পৰাৰ পথ কি? এই ধৰণৰ প্ৰশ্নৰ আলোচনাৰ দ্বাৰা আমি বহল নাৰী আন্দোলন সম্পৰ্কত স্পষ্ট হ’ব পাৰিম।

নাৰীবাদীসকলৰ বহুতৰে মতে নাৰীৰ এই অৱস্থাৰ বাবে দায়ী পুৰুষসকল। গতিকে পুৰুষসকলেই শত্ৰু, কিছুমানৰ মতে নাৰীৰ জৈৱিক ক্ৰিয়া-কলাপ অথাৰ্ৎ নাৰীৰ পুনৰউৎপাদন ক্ষমতা হ’ল নাৰীৰ এই অৱস্থাৰ বাবে দায়ী, একাংশৰ মতে নাৰীৰ অধিকাৰহীনতাৰ বাবে পৰিয়াল ব্যৱস্থা দায়ী, আন একাংশৰ মতে নাৰীৰ শত্ৰু হ’ল পিতৃতান্ত্ৰিক সমাজ।

পুৰুষেই নাৰীৰ অধিকাৰহীনতা বা নাৰীৰ অৱদমনৰ মূল শত্ৰু বুলি ভবাসকলে কব খোজে নাৰীসকলৰ সমস্যা শ্ৰেণী নিৰপেক্ষ কিয়নো সকলো শ্ৰেণীৰে নাৰীসকল পুৰুষৰ হাতত লাঞ্চিতা হয়, নিযাৰ্তিতা হয়। এইদৰে ভবাসকলে নাৰীৰ এই অৱস্থাৰ সন্দৰ্ভত সমাজ ব্যৱস্থাৰ কথা নকয়৷ সেয়েহে এই চিন্তাৰ বিশ্বাসীসকলৰ এইধৰণৰ সমস্যাৰ ব্যাখ্যাই প্ৰকৃততে প্ৰচলিত ব্যৱস্থাটোকে সুৰক্ষিত কৰে।

আন যিসকলৰ মতে নাৰীৰ পুনৰ উৎপাদন শক্তিয়েই নাৰীৰ অধিকাৰহীন অৱস্থাৰ কাৰণ বুলি ক’ব খোজে– তেওঁলোকেও এই সমস্যা শ্ৰেণী নিৰপেক্ষ বুলি দাঙি ধৰে। নাৰীৰ জৈৱিক কাৰ্যকলাপবোৰেই নাৰীৰ শত্ৰু।সেয়েহে দাবী উত্থাপিত হয় নিজৰ শৰীৰৰ ওপৰত নিজৰ অধিকাৰ, দাবী উত্থাপিত হয় টেষ্টটিউব বেবীৰ, দাবী উত্থাপিত হয় গৰ্ভপাতৰ অধিকাৰ আৰু গৰ্ভনিৰোধৰ৷ ইয়াৰ লগে লগে গা কৰি উঠে যৌন জীৱনৰ স্বাধীনতাৰ বিষয়টো যিটোৰ ফলত ‘লিভ টুগেডাৰ’ৰ কথা আহে৷ এনে দৃষ্টিভঙ্গী হ’ল নাৰী আন্দোলনৰ বাবে সম্পূৰ্ণ নেতিবাচক দিশ প্ৰদৰ্শন কৰা এক দৃষ্টিভঙ্গী।কিয়নো ইও আমাৰ বৈষম্যমূলক সমাজ ব্যৱস্থাটোক সুৰক্ষিত কৰে। এই চিন্তাৰ বিশ্বাসীসকলে শ্ৰেণী নিৰপেক্ষ বহল নাৰী আন্দোলনৰ কথা কয়।

পৰিয়ালৰ বৰ্তমানৰ যি ৰূপ সি নাৰীৰ ওপৰত শ্ৰমৰ প্ৰবল হেঁচা দিয়ে আৰু সন্তান তথা পৰিয়ালৰ লালন পালন তথা শুশ্ৰুষাত ব্যস্ত থকা নাৰীসকলৰ সামাজিক ভূমিকা পালনৰ বাবে পযাৰ্প্ত সময় তথা মানসিকতাৰ অভাৱ হয়।পুৰুষ প্ৰধান সমাজ-পৰিয়ালতো পুৰুষ কতৃৰ্ত্ব চলে৷ সেয়ে একাংশৰ মতে নাৰীৰ অধিকাৰহীনতাৰ মূল কাৰণ হ’ল পৰিয়াল৷ পৰিয়ালেই নাৰীৰ শত্ৰু। পুৰুষৰ কতৃৰ্ত্বৰ অন্ত পেলোৱাৰ উপায় হ’ল, কৰণীয় সামাজিক ভূমিকা পালনলৈ ওলাই যোৱাৰ পথ হ’ল পৰিয়াল ব্যৱস্থাক আওকান কৰা;  এনে ব্যৱস্থাক নাইকিয়া কৰা। সেয়ে এইসকল লিভ টুগেডাৰৰ সমৰ্থক। এই দৃষ্টিভঙ্গীৰে নাৰীৰ সমস্যা শ্ৰেণী নিৰপেক্ষ৷ এই সমস্যাৰ মূল হিচাপে সমাজলৈ ব্যক্তিগত সম্পত্তিৰ আগমন, পৰিয়াল ব্যৱস্থাৰ সূচনা আদিৰ আলোচনা তেওঁলোকে নকৰে৷ অৱশেষত এনে দৃষ্টিভঙ্গী বা পযাৰ্লোচনায়ো প্ৰচলিত ব্যৱস্থাকে টিকাই ৰখাত সহায় কৰে।

পিতৃতান্ত্ৰিক সমাজক শত্ৰু বুলি ভবাসকলে পুৰুষকেই শত্ৰু বুলি গণ্য কৰে।তেওঁলোকে পিতৃতন্ত্ৰৰ উত্থানৰ বিজ্ঞানসন্মত ঐতিহাসিক ব্যাখ্যা নকৰে বৰং নাৰীৰ ওপৰত পুৰুষৰ কতৃৰ্ত্বৰ উদাহৰণ দি তাৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ কয়। স্বাভাৱিকতে শ্ৰেণীৰ ভূমিকা নুই কৰা এনে ব্যাখ্যাই শ্ৰেণী নিৰপেক্ষ বহল নাৰী আন্দোলনৰ কথা কয় আৰু ইও নাৰী আন্দোলনক ভুল দিশে পৰিচালিত কৰে৷ উক্ত ধাৰাসমূহৰ ওপৰত অধিক আলোচনা কৰাৰ বিশেষ প্ৰয়োজন আছে।

নাৰীৰ অধিকাৰহীনতাৰ বিষয়টো সমাজত ব্যক্তিগত সম্পত্তিৰ আগমনৰ লগত যে যুক্ত, উৎপাদন ব্যৱস্থাত আৰু উৎপাদনৰ হাথিয়াৰৰ ওপৰত অধিকাৰ হেৰুওৱাৰ লগত যে যুক্ত, সেই কথাৰ বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়োৱা হৈছে, এই সন্দৰ্ভত প্ৰধানকৈ এঙ্গেলচ্‌ৰ Origin of the Family, Private Property and the State গ্ৰন্থত সুন্দৰ ব্যাখ্যা আছে৷ মানৱ সমাজত কৃষি আৱিষ্কাৰৰ পিছত ৰাহি উৎপাদনে আগমন ঘটালে ব্যক্তিগত সম্পত্তিৰ– সেই সম্পত্তিৰ ৰক্ষণা-বেক্ষণৰ বাবে প্ৰয়োজন হ’ল উত্তৰাধিকাৰীৰ– যিটো উৎপাদনৰ ক্ষমতা আছে কেৱল নাৰীৰ। উৎপাদনৰ আহিলাৰ ওপৰত নাৰীৰ অধিকাৰ নাইকিয়া কৰা হ’ল আৰু নাৰীৰ অৱস্থান হ’ল পৰিয়ালৰ ভিতৰত, ভূমিকা হ’ল পৰিয়ালৰ বাবে শ্ৰম নিয়োজন কৰা।অৱশ্যেই নাৰীৰ পুনৰ উৎপাদনৰ যি ক্ষমতা, সন্তান জন্মৰ যি ক্ষমতা সি এই ক্ষেত্ৰত এক প্ৰধান ভূমিকা পালন কৰিছে। কিন্তু এই সন্তান ধাৰণৰ ক্ষমতা নাৰীৰ আদিম সাম্যবাদী অৱস্থাতো আছিল, তেতিয়া কিন্তু নাৰী আৰু পুৰুষ কোনো কাৰো অধীন নাছিল। তেন্তে নাৰীৰ অধিকাৰহীনতাৰ বাবে সন্তান ধাৰণৰ ক্ষমতা দায়ী নে পৰিবৰ্তিত সামাজিক অৱস্থা দায়ী? নাৰী আৰু পুৰুষে সমানে আহাৰ সংগ্ৰহত অংশ লৈ জীৱন অতিবাহিত কৰাৰ পৰা পিতৃতন্ত্ৰলৈ উত্থান কি দৰে হ’ল? এইবোৰ প্ৰশ্নলৈ নোযোৱাকৈ নাৰীৰ অধিকাৰৰ আন্দোলন সঠিক দিশত যাব নোৱাৰে। বৰং এই প্ৰশ্নবোৰ পৰিকল্পিতভাৱে একাষৰীয়াকৈ থৈ বহল নাৰী আন্দোলনৰ কথা কোৱাৰ দ্বাৰা বুজোৰ্ৱাৰ স্বাৰ্থ ৰক্ষাত সহায় কৰা হয়।

গতিকে ব্যক্তিগত সম্পত্তিৰ লোপ, উৎপাদন ব্যৱস্থাত পুৰুষৰ আধিপত্য বিলোপ আদিৰ দ্বাৰা, ব্যক্তিগত সম্পত্তিৰ বিলোপৰ দ্বাৰা নাৰী মুক্তি সঁচা অৰ্থত সম্ভৱ হ’ব। এই লক্ষ্য আৰু উদ্দেশ্যত আগবঢ়া কমিউনিষ্ট নাৰী আন্দোলনে বহল নাৰী আন্দোলনৰ প্ৰয়োজনীয়তা সম্পৰ্কত কি কয়? যদি প্ৰয়োজন তেন্তে ই কি অৰ্থত বহল নাৰী আন্দোলন?

সমাজবাদৰ বাবে, সাম্যবাদৰ বাবে চলা দৰিদ্ৰ ৰাইজৰ সংগ্ৰামত চামিল হোৱা নাৰী সংগঠনসমূহ বা নাৰী আন্দোলনে পূৰ্বতে যদিও নাৰী মুক্তি আন্দোলনৰ প্ৰশ্নত বহল নাৰী আন্দোলনৰ কথা গুৰুত্বসহকাৰে লোৱা নাছিল, পৰৱৰ্তী সময়ত কিন্তু ই এক গুৰুত্বসহকাৰে ল’বলগীয়া বিষয় বুলি গণ্য হয়৷ ফলত উক্ত সংগঠনসমূহেও বহল নাৰী আন্দোলনৰ ওপৰত ভাবনা চিন্তা আৰম্ভ কৰে আৰু প্ৰেক্টিছ আৰম্ভ কৰে।

গতিকে আমি সমাজবাদ, সাম্যবাদৰ দিশত আগবঢ়া নাৰী সংগঠনসমূহে বহল নাৰী আন্দোলন বুলিলে কি বুজোঁ বা ই কেনে ধৰণৰ হ’ব, বুজোৰ্ৱাসকলে কোৱা বহল নাৰী আন্দোলনৰ সৈতে ইয়াৰ পাৰ্থক্য ক’ত এই সম্পৰ্কে আলোচনা কৰিব লাগিব।

আমি ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন, পিতৃতন্ত্ৰৰ উৎখাত আদিৰ সৈতে নাৰী মুক্তিৰ প্ৰশ্ন জড়িত বুলি বিশ্বাস কৰোঁ আৰু উক্ত প্ৰশ্নতে আমি বহল নাৰী আন্দোলনৰ প্ৰয়োজনীয়তাৰ কথা কওঁ৷ আমাৰ সমাজত যি সামন্তীয় চিন্তা-চেতনা, ধ্যান-ধাৰণা পিতৃতন্ত্ৰৰ যি হেঁচা তাৰ প্ৰকাশৰ ভিন্নতা, বা তাৰ তীব্ৰতাৰ তাৰতম্য থাকিব পাৰে– কিন্তু এই হেঁচা নাৰীৰ ওপৰতহে আছে। বৃহৎ সংখ্যক মধ্যবিত্ত নাৰী এই চিন্তা-চচাৰ্ৰ, এই হেঁচাৰ দ্বাৰা পৰিচালিত হৈ আছে।তেওঁলোকৰ পাৰিবাৰিক, সামাজিক, ৰাজনৈতিক জীৱনত সামন্তীয় চিন্তাৰ হেঁচা, পিতৃতন্ত্ৰৰ হেঁচা স্পষ্ট। যাৰ বাবে তেওঁলোকে বিভিন্ন আইন সংশোধনৰ, বিভিন্ন নিৰাপত্তামূলক ব্যৱস্থাৰ, বিভিন্ন ক্ষেত্ৰত সমঅধিকাৰ, ৰাজনীতিত সংৰক্ষণৰ দাবীত সংগঠিত হৈছে।বুজোৰ্ৱাসকলেও পিতৃতন্ত্ৰৰ হেঁচাৰ কথা কয় আৰু উক্ত দাবীসমূহ দাঙি ধৰে। কিন্তু তেওঁলোকৰ সংগঠনৰ ভেটি মধ্যবিত্ত নাৰী, যাৰ বিপৰীতে কমিউনিষ্ট নাৰী আন্দোলনৰ মূল ভেটি হ’ল শ্ৰমিক-কৃষক নাৰী।তেওঁলোকে মধ্যবিত্তৰ নাৰীৰ ভেটিত থিয় হৈ শ্ৰমিক-কৃষক নাৰী সংগঠিত কৰাৰ কথা কয় বা বহল নাৰী আন্দোলনৰ কথা কয় আৰু আমি শ্ৰমিক-কৃষক নাৰীৰ ভেটিত থিয় হৈ মধ্যবিত্ত নাৰীক চামিল কৰাৰ চেষ্টাত বহল নাৰী আন্দোলনৰ কথা কওঁ।শ্ৰেণী দৃষ্টিভংগীৰে শ্ৰমিক-কৃষক নাৰীয়েই হৈছে মূল আৰু দৃঢ় শ্ৰেণী। মধ্যবিত্তৰ শ্ৰেণী চৰিত্ৰ হৈছে সোলোক ঢোলোক। শ্ৰমিক-কৃষক নাৰীসকল আমাৰ সমাজত দুই ধৰণেৰে শোষিতা। পিতৃতান্ত্ৰিক, সামন্তীয় ব্যৱস্থাত শোষিতা আৰু শ্ৰেণী হিচাবে শোষিতা।সেয়েহে এই শ্ৰেণী ভিত্তিক সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ মূল শক্তি এই শ্ৰমিক-কৃষক নাৰী৷ কোনো কাৰণতেই এই মূল ভেটিৰ পৰা আঁতৰি মধ্যবিত্ত নাৰীৰ ওপৰত ভিত্তি কৰি আমি নাৰী মুক্তিৰ সংগ্ৰামক আগলৈ নিব নোৱাৰোঁ। সেয়েহে শ্ৰমিক-কৃষকৰ মাজত দৃঢ়ভাৱে সংগঠন গঢ়ি তোলাত কমিউনিষ্ট নাৰী আন্দোলনে গুৰুত্ব দিব লাগিব আৰু জনসাধাৰণক এই দিশত শিক্ষিত কৰিব লাগিব।

একেদৰে দাবী উত্থাপনৰ প্ৰশ্নত আৰু দাবীসমূহ উত্থাপনৰ প্ৰয়োজনীয়তাৰ প্ৰশ্নত বুজোৰ্ৱা নাৰী আন্দোলনৰ সৈতে কমিউনিষ্ট নাৰী আন্দোলনৰ পাৰ্থক্য আছে।বহুসময়ত দাবীসমূহ একে যেন লাগে কিন্তু ইয়াৰ ব্যাখ্যাৰ পাৰ্থক্য থাকে। মধ্যবিত্ত নাৰীৰ দাবীসমূহকে বুজোৰ্ৱা নাৰী আন্দোলনে মূল বুলি ভবাৰ বিপৰীতে কমিউনিষ্ট নাৰী আন্দোলনে শ্ৰমিক-কৃষকৰ দাবীক মূল হিচাবে গ্ৰহণ কৰে আৰু এই সমস্যাসমূহ সমাজ ব্যৱস্থাৰ ফল ৰূপে বিশ্লেষণ কৰি এনে ব্যৱস্থাৰ পৰিবৰ্তনৰ প্ৰয়োজনীয়তা দাঙি ধৰে। বিভিন্ন দাবীসমূহ বহু সময়ত ব্যক্তিগত স্তৰত গ্ৰহণ কৰা দেখা যায়, যাৰ বিপৰীতে কমিউনিষ্ট নাৰী আন্দোলনে সকলো সমস্যাক সামাজিক সমস্যা ৰূপে ব্যাখ্যা আগবঢ়ায়। কমিউনিষ্ট নাৰী আন্দোলনে মূলতঃ উৎপাদনত নাৰীৰ অংশগ্ৰহণৰ নি(য়তাৰ প্ৰশ্ন দাঙি ধৰে– পিতৃতন্ত্ৰ, সামন্ততন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলে৷ মধ্যবিত্ত নাৰীৰ চাকৰিৰ অধিকাৰ, আইন সংশোধন ইত্যাদি দাবীও কমিউনিষ্ট নাৰী আন্দোলনে দাঙি ধৰে।বুজোৰ্ৱাৰ বহু দাবী এটা স্তৰলৈকে প্ৰগতিশীল; কিয়নো এইবোৰে সামন্ততন্ত্ৰক নাকচ কৰে। এই দাবীসমূহে নাৰীক সামন্তীয় হেঁচাৰ পৰা মুক্ত কৰাত সহায় কৰে৷ এনে দাবী উত্থাপনৰ দ্বাৰা আমি সমাজত বৰ্তি থকা পুৰুষতান্ত্ৰিক সামন্তীয় চিন্তাক অধিক প্ৰকট ৰূপত দাঙি ধৰিব পাৰোঁ। ই নাৰীসকলক প্ৰচলিত ব্যৱস্থাটো সম্পৰ্কত সচেতন কৰি তোলাত সহায় কৰে৷ নাৰী আন্দোলনৰ বিষয়বোৰ বা নাৰী সম্পৰ্কীয় সমস্যাবোৰ কেতিয়াও বিচ্ছিন্নভাৱে চোৱা নহয়। যিহেতু নাৰীৰ এই অৱস্থানৰ বাবে সমাজৰ উৎপাদন ব্যৱস্থা, ব্যক্তিগত সম্পদৰ অৱস্থিতি আদি দায়ী। গতিকেই এই সমূহৰ নিৰ্মূলতে নাৰী মুক্তি লুকাই আছে।এই সমূহৰ নিৰ্মূলৰ বাবেই শ্ৰমিক কৃষকৰ সৈতে নাৰী মুক্তি সংগ্ৰাম ঐক্যবদ্ধ হৈ পৰিবৰ্তনৰ বাবে সংগ্ৰাম গঢ়ি তুলিব লাগিব। ইয়াৰ বিপৰীতে বুজোৰ্ৱা নাৰী আন্দোলনৰ দাবী, কাম-কাজে বুজোৰ্ৱা ব্যৱস্থাকেই টিকাই ৰাখে।

শ্ৰমিক কৃষকৰ মুক্তিৰ সৈতে নাৰী মুক্তিৰ প্ৰশ্ন যুক্ত হৈ আছে বুলি কৈও পৃথককৈ নাৰী সংগঠন বা নাৰী মুক্তি আন্দোলন সংগঠিত কৰাৰ বহু কাৰণ আছে।ৰাইজৰ মুক্তি সংগ্ৰামত অধিক সক্ৰিয়তাৰে অংশ লোৱাত ই সহায় কৰে।নাৰীসকলে নিজা দাবীত সহজে সংগঠিত হ’ব পাৰে। ইয়াৰ পিছত এই সমস্যাৰ বিজ্ঞানসন্মত ব্যাখ্যাৰে আগুৱাই ব্যাপক দৰিদ্ৰ ৰাইজৰ সামন্তবাদ, পুঁজিবাদ, সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামত চামিল হোৱা সহয় হৈ পৰে।তদুপৰি এনেদৰে সংগঠিত হৈ তেওঁলোকে নিজৰ ভিতৰত মুক্ত আলাপ-আলোচনাৰে ৰাজনৈতিকভাৱে শিক্ষিত হয় আৰু সংগ্ৰামক স্পষ্ট ৰূপত বিশ্লেষণ কৰিবলৈ শিকে৷ তদুপৰি, পৃথককৈ গঢ়ি তোলা নাৰী আন্দোলনে নাৰীসকলক নাৰী হিচাবে থকা তেওঁলোকৰ সমস্যাসমূহৰ বিপৰীতে থিয় দিয়াত সাহস যোগায়।লগতে তেওঁলোকে সংগঠন আৰু নেতৃত্বৰ প্ৰশ্নত আকৌ ভূমিকা ল’ব পৰা হয়; গতিকে এনে পৃথক সংগঠন বা আন্দোলনৰ প্ৰয়োজন আছে, কিন্তু ইয়াৰ দিশা পৃথক নহয়। ই ৰাইজৰ মুক্তি সংগ্ৰামৰ দিশে আগুৱাই তাত চামিল হ’ব লাগিব, যি সংগ্ৰামে পৰিবৰ্তন কঢ়িয়াই আনিব।সেয়েহে এই দিশৰ পৰাও কমিউনিষ্ট নাৰী আন্দোলন আৰু ইয়াৰ বহল ভেটিৰ ব্যাখ্যা বুজোৰ্ৱাসকলৰ ব্যাখ্যাতকৈ পৃথক।

সেইবাবেই স্বাধীন আন্দোলনৰ নামত, বহল আন্দোলনৰ নামত আদৰ্শগত বিচ্যুতি বা আপোচ হ’ব নালাগিব। স্বাধীন আন্দোলনৰ অৰ্থ আদৰ্শগত বুজাপৰা, আপোচ নহয়– আদৰ্শগত দৃঢ়তাৰ প্ৰশ্নত শ্ৰমিক-কৃষকৰ দৃঢ়তা বাৰে বাৰে প্ৰমাণিত হৈছে। কোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ সময়ত মধ্যবিত্ত হোহকা-পিচলা নীতি বা আপোচকামী মনোভাৱ শ্ৰমিক কৃষকৰ মাজত দেখা নাযায়৷ বিশেষকৈ নিবাৰ্চনৰ সময়ত ইয়াৰ সঠিক প্ৰমাণ পোৱা যায়৷ এই ফালৰ পৰা বহল নাৰী আন্দোলন সম্পৰ্কত উপযুক্ত আলাপ-আলোচনাৰ প্ৰয়োজন আছে।

দাবীৰ ওপৰত ভিত্তি কৰিয়েই বিভিন্ন সংগঠনৰ স’তে আমি সময়ে সময়ে ঐক্যবদ্ধ হওঁ।বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সৈতে আমাৰ সম্পৰ্ক খুবেই অস্থায়ী, দাবীভিত্তিক৷ নাৰী নিযাৰ্তনৰ বিৰুদ্ধে, ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে আমি এনে পদক্ষেপ লওঁ। কিন্তু আমি সদায়েই এই বিষয়ত সচেতন থাকো যে স্বেচ্ছাসেৱী সংগঠনসমূহে সংস্কাৰধম¹ কাম-কাজৰ মাজেৰে নাৰীসকলক সাময়িকভাৱে সঁকাহ দিয়াৰ চেষ্টা কৰে আৰু এনে ধৰণৰ কাম-কাজৰ প্ৰতি নাৰীসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰে। নাৰী সংগ্ৰামক ৰাজনৈতিক সংগ্ৰামৰ দিশত যোৱাত এনেদৰে বাধা দি স্বেচ্ছাসেৱী সংগঠনবোৰে বুজোৰ্ৱাৰ স্বাৰ্থক সুৰক্ষা দিয়ে। ইয়াৰ বিপৰীতে আমি বিভিন্ন দাবীত তেওঁলোকৰ সৈতে ঐক্যবদ্ধ হৈও তাৰ পৰা আৰু এখোজ আগুৱাই সমাজ ব্যৱস্থাৰ পৰিণতি ৰূপে সমস্যাসমূহ ব্যাখ্যা কৰোঁ আৰু ইয়াৰ অন্ত পেলাবলৈ ৰাজনৈতিক সংগ্ৰামত যুক্ত হোৱাৰ ওপৰত গুৰুত্ব দিওঁ। আমি ৩৩খন আসন সংৰক্ষণৰ দাবী কৰিছোঁ, অন্যান্য বুজোৰ্ৱা সংগঠনেও কৰিছে।কিন্তু আমি এই দাবীকেই শেষ বুলি কোৱা নাই৷ এই দাবীত আন্দোলন গঢ়ি তোলাৰ জৰিয়তে আমি সমাজৰ পিতৃতান্ত্ৰিক গাঁথনিক আঘাত কৰা আৰু সমাজৰ পিতৃতন্ত্ৰক স্পষ্টভাৱে দাঙি ধৰাত গুৰুত্ব দিছোঁ।এনেধৰণে বিভিন্ন আইনৰ সংশোধনীৰ কথা কৈছোঁ, কিন্তু বাৰম্বাৰ দোহাৰিছোঁ যে এই ব্যৱস্থাত আমি নাৰীৰ অধিকাৰ সাৰ্থক কৰা ধৰণৰ আইন-কানুন নাপাও আৰু এই বিষয়ত তৃণমূলৰ নাৰীসকলক শিক্ষিত কৰাত গুৰুত্ব দিছো। একেধৰণে জনগোষ্ঠীয় নাৰীৰ আন্দোলনক সমৰ্থন দিও একে সময়তে নাৰী মুক্তিৰ বাবে বহল নাৰী আন্দোলনৰ সৈতে যুক্ত হোৱাত গুৰুত্ব দিছোঁ।বুজোৰ্ৱাসকলে নাৰী মুক্তি নিবিচাৰে বা নাৰী মুক্তি সাৰ্থক কৰিব পৰা এক ব্যৱস্থা অহাটো নিবিচাৰে।সস্তা শ্ৰমৰ বাবে, বিনা ব্যয়েৰে ৰন্ধা-বঢ়া কৰা, চাফাই কৰা, সন্তান চোৱা-চিতা কৰাৰ বাবে, শ্ৰমিক আন্দোলন দুৰ্বল কৰাৰ বাবে আদি বিভিন্ন কাৰণত। গতিকে বুজোৰ্ৱাসকলে কোৱা বহল নাৰী আন্দোলনৰ উদ্দেশ্য হ’ল স্থিতাৱস্থা বজাই ৰখা।

তদুপৰি আমি আৰু এটা কথা জানো যে কোনো এক পযাৰ্য়ত গৈ জাতি-জনগোষ্ঠীৰ দাবী এক সমাধানত আহি পৰে। কিন্তু নাৰীৰ দাবী পুৰণ বা নাৰীৰ অৱস্থাৰ উন্নতি বা নাৰীৰ সম-অধিকাৰ সাব্যস্ত নহয়। সমাজবাদৰ আগমনৰ লগে লগে জাতি-জনগোষ্ঠীৰ অৱহেলিত অংশ বা শ্ৰেণীৰ শোষণৰ এটা নিৰ্দিষ্ট পযাৰ্য়ত অন্ত পৰে। কিন্তু নাৰী অধিকাৰৰ প্ৰশ্নটো কিছু সুকীয়া।ব্যক্তিগত সম্পতিৰ অৱসানৰ লগে লগে নাৰীৰ প্ৰতি বৈষম্য থকা ব্যৱস্থাৰ ওৰ পৰে। কিন্তু সেই মানসিকতাৰ ওৰ নপৰে। পিতৃতান্ত্ৰিক চিন্তা-চচাৰ্বোৰৰ খোপনি মানুহৰ মনোজগতত ইমন দ-লৈকে শিপাই থাকে যে সমাজবাদৰ পৰৱৰ্তী পৰ্যায়ৰ মাজেৰে গৈ সাম্যবাদতহে ইয়াৰ অৱসান হ’ব পাৰে৷ সেয়েহে সমাজবাদতে নাৰী অধিকাৰ আন্দোলনৰ অন্ত নপৰে।এক নিৰবচ্ছিন্ন সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন খুবেই বেছি৷ এই দিশৰ পৰা কমিউনিষ্ট নাৰী আন্দোলনৰ সৰ্বহাৰা সাংস্কৃতিক আন্দোলনৰ সৈতেও ওতপ্ৰোতভাৱে সম্পৰ্ক আছে।

ভাৰতবৰ্ষৰ বুকুত কমিউনিষ্ট নাৰী আন্দোলনৰ বহু ধাৰা দেখা যায়। কোনো কোনো ঠাইত ক্ৰমান্বয়ে নিজকে শ্ৰমিক-কৃষক নাৰীৰ ভেটিৰ পৰা আঁতৰাই মধ্যবিত্তৰ অৱস্থাত থিয় কৰাইছে। ইয়াৰ ফলত এনে নাৰী আন্দোলন আৰু বুজোৰ্ৱা নাৰী আন্দোলনৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখা নাইকিয়া হৈ গৈছে। এইক্ষেত্ৰত বিপ্লৱী ধাৰাৰ নাৰী আন্দোলনক আমি অধিক শক্তিশালী কৰি আদৰ্শগত দৃঢ়তাৰে শ্ৰমিক কৃষক নাৰীৰ দৃঢ় ভেটিৰ ওপৰত থিয় কৰাই বহল নাৰী আন্দোলনৰ প্ৰস্তুতি লোৱাটোৱেই আজিৰ সময়ৰ আহবান।

( অসমৰ নাৰী আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী অঞ্জু বৰকটকীৰ মৃত্যুত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে ‘জোনাকী বাট’ মাৰ্চ, ২০০৮ সংখ্যাত প্ৰকাশিত এই লেখাটি জোনাকী বাট আলোচনীৰ তদানীন্তন সম্পাদক জুনু বৰাৰ অনুমতিক্ৰমে মুক্ত চিন্তাত প্ৰকাশ কৰা হ’ল‌। -সম্পাদক)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *