কেন্দ্ৰীয় নিবন্ধনিবন্ধ

নীলমণি ফুকনৰ কবিতা :  অন্তৰংগ অনুভৱ (ৰবীন্দ্ৰ সৰকাৰ)

[১৯৯০ চনৰ ১-১৫ ডিচেম্বৰ সংখ্যাৰ সূত্ৰধাৰত এই প্ৰবন্ধটো প্ৰকাশ পাইছিল। লেখকৰ সন্মতি লৈ মূল্যবান প্ৰবন্ধটি পুনৰ্প্ৰকাশ কৰা হ’ল ]

(১)

অদ্ভুত আন্ধাৰ। এই আন্ধাৰৰ বিন্যাস বৰ জটিল। অন্ধই বাট দেখুৱাইছে, উন্মাদে পাঠ শিকাইছে। জটিল এই আন্ধাৰত মমৰ পোহৰৰ দৰে কেতিয়াবা জ্বলি উঠে কবিৰ কণ্ঠ। আমি আলোকিত হওঁ। আত্মপ্রতিকৃতি দেখা পাওঁ। আমাৰ স্বপ্ন বিষাদ নিঃসংগতা।…… “অন্ধকাৰ দৃশ্যাৱলীৰ মাজেদি উৰি আহে এটি চৰাই। দুখ আৰু যৌৱনৰ প্রথম নির্বাসিত সন্তান”— এই চৰাইটো এদিন আকাশ হয়। আমাৰ দৰে কবিতাৰ নিঃকিন পাঠকৰ আশ্রয়। মাকে যেনেকৈ সন্তানক বুকুৰ মাজত তুলি-তালি ডাঙৰ-দীঘল কৰে, এজন সৎ কবিয়ে তেনেকৈ সকলোধৰণৰ মানৱীয় বোধসমূহক নিজৰ ভিতৰত লালন কৰে। জীৱনক গ্ৰহণ কৰে। ভাঙে, সাজে আৰু গৈ থাকে। সকলোধৰণৰ ভ্রষ্টতা, অৱক্ষয় আৰু ছন্দহীনতাৰ মাজতো মুক্ত, ছন্দোময় এখন জগত বিচাৰি লয়। ব্যক্তিগত প্রেম, বিষাদৰ সার্বজনীন ৰূপটো দেখা পায়। মানুহৰ সৈতে দেশ-কাল-সময়-সমাজৰ যি সম্পৰ্কৰ সেতু, তাক বিচাৰি পায়। আত্মপ্রতিকৃতি দেখা সেই আইনাখনৰ পৰা ওলাই আহে। অকল নিজে নহয়, আনকো দেখুৱাব বিচাৰে— “দুখৰ বোবা শিশুৰ চকুত উঠি অহা বেলিৰ স্নান”। “প্রেমৰ বোবা শিশুৰ মুখত মৰা নদীৰ কলতান‘” শুনে আকৌ। জীৱনৰ অন্তহীন প্রৱাহক নতুনকৈ অনুভৱ কৰে। মানৱ সভ্যতাৰ বিপৰ্যয়ৰ ভয়ংকৰ ৰূপটোও দেখা পায়। আইনাত ঘূৰাই ঘূৰাই ভাঙোনৰ প্ৰতিটো ৰূপ চায়। ভিতৰৰ বাহিৰৰ। মানুহৰ ভোক-শোক, আশা-নিৰাশা, যন্ত্রণা-বেদনা। তথাপি ইয়াৰ মাজতো জীয়াই থকাৰ আনন্দ আছে, আশাৰ সঞ্চাৰ আছে প্রতি মুহূর্তত— “নেজান কোনেও নেজান/ কৰুৱাৰ ধত কাৰ ডুবিল নাও / বাটত জপিয়াই পগলা ঘোঁৰাৰ / হেহনি / নুৰুবানে সেই বুলি / আকৌ সন্দাকলৰ পুলি”। পৰভৱ নমনাই জীৱনৰ ধর্ম। অংকুৰিত হোৱাৰ পিছৰ পৰাই আকাশলৈ ডাল-পাত মেলি দিয়াৰ সংগ্রাম— কবি ব্যক্তিত্বৰ বিকাশ। অথচ মাটিত শিপা। প্রশংসা নিন্দাৰ ধুমুহা-বৰষুণ-বজ্রপাতক নেওচি থিয় দি থকাৰ অমিত শক্তি আৰু সহনশীলতাৰ অধিকাৰী। অধ্যয়নপুষ্ট, সংবেদনশীল— প্রকৃতার্থত, এনে সঁচা কবি মন আজিৰ পণ্যনিৰ্ভৰ ছেলিব্রিটী লেখক শিল্পীসকলৰ মাজত দুর্লভ। এনে ব্যক্তিই অকল আনক| সলনি নকৰে, সভ্যতা-সংস্কৃতিৰ ওখ সৌধ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিটো মুহূর্তত (নিজেও) সলনি হয়। জীৱন আৰু সময়ৰ সংঘাতৰ পৰা প্রতিদিনই নতুন নতুন পাঠ লয়—,

ই মানুহটো এতিয়া সলনি হৈ গৈ আছ
মোৰ নাম অভিজ্ঞতা কণ্ঠস্বৰ
তুমি বিচৰাতো এতিয়াও মই হ’ব পৰা নাই
সেই কাৰণই মাজে মাজে মই মোক শূলত দিও…” (নৃত্যৰতা পৃথিৱী-১৪)।

এই হৈ উঠাৰ সংগ্রাম, অপূর্ণতা যেন একনিষ্ঠ শিল্পী জীৱনৰ ক্ষেত্রত অনিবার্য। আমি ইজনে সিজনে বিচৰা মতে এজন পৰিপূর্ণ মানুহ হ’ব পাৰিলে, আত্মঘাতী বহু সংঘাতৰ ওৰ পৰিলেহেতেন এই পৃথিৱীত। বস্তু জগতেই আমাৰ ভাবনাৰ জগতখনক নিয়ন্ত্রণ কৰিছে। ৰঙা নীলা ৰহণ সানিছে। কোনো অভিজ্ঞতাই এজন কবিৰ কাৰণে তুচ্ছ-তাচ্ছিল্যৰ নহয়। কৰি আচলতে এখন সমাজ। এখন সমাজৰ সকলোধৰণৰ সাংস্কৃতিক চেতনাৰ তেওঁ ধাৰক। আনহাতে আকৌ কবিতাৰ প্রতিক্রিয়াও ক্ষন্তেকৰ নহয়। বিদ্যুৎ প্রবাহৰ দৰে ই পোহৰ দিয়ে দেশ কাল সময় সমাজক। Octavio Paz-এ কোৱা কথাষাৰ তাৎপর্য কম নহয়—“Art and poetry are inseparable from earthly destiny”। মানুহ যেতিয়াৰ পৰা মানুহ হৈছে আৰু যেতিয়ালৈকে বিলুপ্ত হৈ নাযায়, তেতিয়ালৈকে শিল্প থাকিব, কবিতা থাকিব।

(২)

নীলমণি ফুকন সমকালীন ভাৰতীয় শ্রেষ্ঠ কবিসকলৰ ভিতৰত এজন। তেওঁৰ কবিতাৰ এটা বহুমুখী ৰূপ আৰু সৌন্দর্য আছে আৰু ইয়াৰ সৈতে অন্তৰৰ বিদ্রোহ। ১৯৬৩-ত তেওঁৰ প্রথম কাব্যগ্রন্থ প্রকাশিত হয়, “সূর্য হেনো নামি আহে এই নদীয়েদি”। তাৰ পিছত ক্রমে ১৯৬৫-ত “নির্জনতাৰ শব্দ”, ১৯৬৮-ত “আৰু কি নৈঃশব্দ্য”, ১৯৭১-ত “ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে”। এই কাব্যগ্রন্থকেইখন দুই-এজন বিশিষ্ট সমালোচকৰ বাহিৰে পাঠকৰ যথেষ্ট সঁহাৰি পাইছিল বুলি ক’ব নোৱাৰি। ব্যক্তিগত প্রেম, বিষাদ, নিঃসংতা আৰু সৌন্দর্য চেতনাই ঘাইকৈ এই কবিতাবোৰৰ উৎস যেন লাগিলেও ইয়াৰ মাজতেই লুকাই আছে জগৎ আৰু জীৱন সম্পর্কে কবিৰ অনুসন্ধিৎসা আৰু বস্তু জগতৰ প্ৰতি সংবেদনশীলতা। নিসর্গ প্রেমে তেওঁৰ কবিতাত মুখ্য স্থান অধিকাৰ কৰি আছে, পিছৰ কিছুমান কবিতাত মানৱ জীৱনৰ পৰিপেক্ষিতত যি আৰু তাৎপৰ্যময়। তেওঁৰ প্ৰেমৰ কবিতাৰ যি অনুপম সৌন্দৰ্য আৰু গভীৰতা, সি অসমীয়া কাব্যসাহিত্যত দুর্লভ। জুইশলাৰ দৰে ই জ্বলি নুঠে, তৰাৰ তিৰবিৰণি নাই তাত। আছে স্থায়িত্ব। বেগম আখ্‌তাৰৰ গজলৰ দৰে তাৰ বিস্তৃতি—

“তোমাক সাবটি লৈ অনুভৱ কৰিছিলো
হালধীয়া বেঙুনীয়া ফুলবোৰ ফুলি উঠা এটা
এটা শংখৰ ভিতৰত আৰু এটা শংখ বাজি উঠা (কবিতা-১৪)।

আনকি “ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে”-ৰ কবিতাতো এনে শাৰী বিৰল নহয়—

“তেওঁ প্রেম
তোমাৰ ওঁঠ আৰু
আকাশ ৰঙা কৰা
সর্বস্ব (ফুলি থকা……-১৬)

এই প্রেমেই পিছৰ কালছোৱাত এটা বিশ্বজনীন ৰূপ লাভ কৰিছে। “আন্‌ফিনিছড হেড অফ নেফাৰটিটি”-ৰ দৰে অর্ধসমাপ্ত ভাস্কর্য এটিও এনে কবিতাৰ উৎস হ’ব পাৰে—

“এডোখৰ স্ফটিকত কাটি ললো তোমাক
দয়িতা নে তুমি ভগ্নী”

আকৌ—

“তুমি নোহোৱা হৈ যোৱাৰ পিছতো
অন্ধজনেও বুকুতে দেখা পাব
পৃথিৱীৰ প্রথম দিনৰ সূর্য (কবিতা-২৮)

নাৰীয়ে ফুকনৰ কবিতাত বিশেষ এটা স্থান আৰু মর্যাদা লাভ কৰিছে। ই কেতিয়াবা পার্বতী আকৌ কেতিয়াবা মমতাময়ী আন্না ৰেইবোণবার্গ। অথচ আমি নাজানিলো—

“আজিও সিহঁতে নেজানিলে
তৰমুজৰ ভিতৰখন যে ৰঙা
আজিও সিহঁতে নেজানিলে
তোমাৰ যোনিৰেই যে
সদায় বেলি ওলায়” (নৃত্যৰতা পৃথিৱী-১৩)

অসাধাৰণ এই শাৰীবোৰ বহুপৰলৈকে ভিতৰত যেন বাজি থাকে।

তেওঁৰ কবিতা বিশ্ব ভাবনাৰে প্ৰসাৰিত হলেও ইয়াৰ অন্তৰাত্মা ভাৰতীয়ত্বৰ ওপৰত প্রতিষ্ঠিত। ভাৰতীয় সভ্যতা আৰু সাংস্কৃতিক ইতিহাসৰ সৈতে যুক্ত বুলিয়েই মাটিৰ গভীৰত তাৰ শিপা। শ্ৰদ্ধেয় এই কবিৰ কবিতাৰ আধুনিকতা আৰু শিল্প ভাবনা আমাৰ দেশৰ লোকসাহিত্য, কলা-কৃষ্টি আৰু তাৰ ঐতিহ্যৰ সৈতে বিশেষভাৱে সম্পর্কিত। ফুলকোঁৱৰৰ ঘোঁৰা, চাৰিহাটীৰ নামসিংহ, মদনকামদেবৰ শিৱ-পার্বতী, দেওপৰতৰ বিষ্ণু মূর্তি, পদ্মহন্তা বিদ্যাধৰী, কৃষ্ণ, যমুনা, কমলা কুঁৱৰী, বিদ্যা আৰু অবিদ্যাৰ মাজত ঘূৰি থকা ভৱচক্র, অমৃত পৃত্ৰ, ভূতনাথৰ অন্ধ কালী, বিষ্ণুৰ নাভীকমল, যশোধৰা, নন্দলালৰ চিত্ৰ শিৱৰ বিষপান, ইলোৰাৰ ইন্দ্ৰসভা, সিংহবাহিনী ইন্দ্ৰানী, তাজিয়া, সপ্ত মাতৃ সপ্ত মানুহ, বুদ্ধ, হীৰাবাই, বৰদেকাৰৰ সংগীত, বোধিসত্ব, পদ্মপাণি দ-পৰ্বতীয়া— ভাৰতীয় প্রাচীন সাহিত্য, কলা-কৃষ্টিৰ এনে অজস্ৰ উপাদান তেওঁ কবিতাত আধুনিক ভাবধাৰা বজায় ৰাখি সার্থকভাৱে ব্যৱহাৰ কৰিছে। বংগদেশৰ বাউল, উজনি অসমৰ নিচুকণি গীতো এইজন কবিৰ কবিতাত আধুনিকতাৰ নতুন মাত্রা যোগ কৰিছে—

“চকুৱে চকুৱে জ্বলাই সোণৰ মণিটি
গৈ থাকে গৈ থাকে গুণগুণাই
গাছ পাকা ফল মিষ্ট হয় মিষ্ট হয়…”

আকৌ সকলোধৰণৰ মৃত্যুক অতিক্রম কৰি জীৱনৰ ফুলবাৰীলৈ যোৱা স্বপ্নৰ কথা কৈছে এনেদৰে—

“ফুলবাৰীলৈ যাম
ফুলবাৰীত তোৰ কোন আছে
টুনি চৰাইবোৰ আছে”

“জোন বাই এ বেজী এটি দিয়া” গীতটোৰ প্রতিধ্বনি। “ফুলবাৰী” ইয়াত পৰিপূৰ্ণ জীৱনৰ প্ৰতীক। কিন্তু আমাৰ চাৰিওফালে সকলোধৰণৰ মংগলাকাঙ্খাক আগুৰি আছে অশুভ শক্তি—

“চোতালৰ জলজলীয়া জোনাকত / দেখিবি একেটা অজাতী কাউৰী / তেজেৰে বোলোৱা ঠোটঁ”। ৰক্তক্ষয়ী এই সময়ৰ সংকেত আছে এই শাৰী কেইটাত।

প্ৰসংগক্রমে উলেখ কৰিব পাৰি আমাৰ দেশৰ উত্তৰ-আধুনিক কবিসকলৰ মতবাদ— সকলোধৰণৰ ঔপনিবেশিক প্ৰভাৱৰ পৰা কবিতাক মুক্ত কৰা আৰু তাক ভাৰতীয়ত্বৰ ওপৰত প্রতিষ্ঠিত কৰা। তাৰ অৰ্থ এইটা নহয় কবিতাৰ বিশ্বজনীন আবেদন নাথাকিব। কিন্তু ই ভাৰতীয় কবিতা ৰূপে আপোন বৈশিষ্ট্যৰে যেন উজ্জ্বল হয়। আমি ফুকনৰ কবিতাত এই বিশেষত্বৰ সন্ধান পাওঁ। চীনা, জাপানী আৰু ইউৰোপীয় কাব্যিক চেতনাৰে পুষ্ট হ’লেও তেওঁক ভাৰতীয় কবি বুলি চিহ্নিত কৰিবলৈ অকণো কষ্ট নহয়। ঔপনিষদিক শুভবোধো তাত উপস্থিত। প্রকৃত আন্তর্জাতিক আৰু ভাৰতীয় মনৰ অধিকাৰী হৈও তেওঁ কবিতাত মূল ৰস সংগ্রহ কৰিছে অসমীয়া লোকজীৱনৰ পৰা। সেই কাৰণে তাত গাঁৱলীয়া জীৱনৰ কিছুমান নিখুঁত চিত্ৰ আৰু লোকবিশ্বাস, আচাৰ-অনুষ্ঠানসমূহে এটা বিশেষ ৰূপ লাভ কৰিছে।

“চকুত চাকিটো মুখত তেজ চিয়ঁৰি দিওঁ
জনজনাই যায় কাঁহৰ বাটিত মোৰ
হালধি বতা ৰাতি” (কাঁইট আৰু গোলাপ আৰু কাঁইট)।

মৃত্যুৰ দ্যোতক ৰূপে ইয়াত চাকিটো ব্যৱহাৰ হৈছে। হালধি আৰু কাঁহৰ বাটি লোকাচাৰ, অনুষ্ঠানবোৰৰ অংগ। অৱশ্যে জনজনাই যোৱা কাঁহৰ বাটি এটাই শব্দ ব্যঞ্জনাও সৃষ্টি কৰিব পাৰে পাঠকৰ চেতনাত। কবিতাটো মৃত মাকক লৈ লিখা বুলিয়েই, তাত মৃত্যুৰ অনুষংগ ৰূপত কিছুমান বস্তু আহিছে। অসমৰ গ্রাম্য জীৱনৰ কিছুমান সজীৱ চিত্রও সিঁচৰতি হৈ আছে তেওঁৰ কবিতাত—

“এখন টুলুঙা নাৱত উঠি আহে ম’হৰ শিঙত
নিশাটি বজোৱা মানুহজন
চেকচেকী মাৰি ফুট গধূলিতে জয়াল উৰুঙা
ঘাট” (কাঁইট আৰু গোলাপ আৰু কাঁইট-২৫)

আকৌ “নৃত্যৰতা পৃথিৱী”-ৰ আন এটা কবিতাৰ কেইটামান শাৰীৰ নিভাঁজ অসমীয়া ছবি—

“মূৰ ফুলনিৰ এটা শিলঘৰীয়া মাছ
এটা জীয়া মাছ
চকুত জীৱন্ধৰী মণি” (নৃত্যৰ পৃথিৱী-১৮)

অসমীয়া ভাষাৰ নিজা বাকভংগী (speech pattern) ৰূপ-ৰীতি, এই অঞ্চলৰ লোককথা আৰু সাংস্কৃতিক উপাদানসমূহ অনুপম ৰূপ সৌন্দর্য লাভ কৰিছে শ্রদ্ধেয় এই অগ্রজ কবিৰ কবিতাত—

“এই যেন প্রথম শুনিলো সেই মাত
ইমান নিজান
….কৰে নাৱৰীয়া তই” (ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে-২০)

শেষৰ শাৰীটো পঢ়াৰ লগে লগে ইয়াৰ অনুষংগ তেজীমলাৰ সাধুটো আমাৰ মনলৈ আহে। আকৌ তেওঁৰ লোকায়তিক বাকভংগী লক্ষ্য কৰা যায় কিছুমান শাৰীত—

“লঘোণীয়া বুঢ়ীজনীয়ে ক’লে
বোপাই আৰু নকবি
পানী গুচি শিল হ’ল
অন্ন গুচি বিহ হ’ল” (কবিতা-৪০)

আকৌ—

‘চোৰক মোৰে পায়
চুৰুণীক মোৰে পায়
সঁচা কথাৰ ঠেং নাই” (নৃত্যৰতা পৃথিৱী-২৭)

ফুকনে প্রথম সংকলনখনৰ পৰাই এটা নিজা কাব্য ভাষা বিচাৰি পাইছিল আৰু অসমীয়া ভাষাৰ যি সৌন্দর্য তাক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। যেনে, “গোলাপী জামুৰ লগ্ন” কবিতাটোৰ দুটা শাৰী—

“অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপ্ত লাভাৰ আন্ধাৰ পাগ্‌লাদিয়া” (আৰু কি নৈঃশব্দ্য)

অথবা—

“তাই তোমালোক প্রেমিকবোৰক বিচাৰিছে
আগ-মঙহত গুণাফুটুকী এটা
বাছি দিবলৈ বিচাৰিছে” (কবিতা-২৬)

পিছলৈ ই আৰু সহজ, সার্থক এটা ৰূপ লাভ কৰে, যেতিয়া লোকসাহিত্যৰ জগতখন ঘনিষ্ঠ হয়। অসমীয়া ভাষাৰ সাতামপুৰুষীয়া ঐশ্বর্যৰ আমি সম্ভেদ পাওঁ—

“তুমি হাত মেলিলেই কলাপাতখন
লৰে কি চৰে
চুলি মেলিলেই বৰষুণজাক
গাত আহি পৰে” (নৃত্যৰতা পৃথিৱী-১)

এনে অজস্র দৃষ্টান্ত দাঙি ধৰিব পাৰি।।

(৩)

কবিতা হৈছে এনে এটা শিল্প মাধ্যম যাৰ মাজেদি প্রতিফলিত হয় এটা জাতিৰ অভিজ্ঞতা-আৱেগ-অনুভৱ-উপলব্ধি আৰু তাৰ আশা-আকাঙ্ক্ষা, সংগ্রাম। এক কথাত ক’বলৈ গ’লে তাৰ বিকাশৰ ইতিহাস। অতীত, বর্তমান আৰু ভৱিষ্যতক একেলগে এটা সংহত ৰূপত কবিতাৰ তেজ-মঙহত ধাৰণ কৰিছে এই কবিয়ে। সেয়ে তেওঁৰ কবিতাৰ বিশ্ব ভাবনা ইতিহাস-চেতনাৰ পৰাই অংকুৰিত, আৰোপিত নহয়। তাত আপাতমধুৰ ৰূপৰ উদ্ভাস থাকিলেও অন্তৰত তাৰ আঘাতৰ বৈপ্লৱিক শক্তি। আধুনিক কবিতা সম্পর্কে ক’বলৈ গৈ Octavio Paz-এ যাক “magical” আৰু “revolutionary” বুলি কৈছে। একে লগে বিপৰীত দুই মেৰুত তাৰ অহা যোৱা। “Magical” কাৰণ ই প্ৰকৃতিৰ ওচৰলৈ লৈ যায় মানুহক। আকৌ “revolutionary” কাৰণ, বৈপ্লৱিক আশা আকাংখাই ইতিহাসৰ এই পৃথিৱী আৰু প্ৰকৃতিক জয় কৰিবলৈ বিচাৰিছে—

“ক্রোধত দোঁ খাই পৰা যৌৱন
স্বপ্নৰ মুঠিত নাচি উঠা কৃপাণৰ
মই নগ্নতা
আন্ধাৰো নহয় পোহৰো নহয়
মই প্রজ্বলিত ব্যাকুলতা
বিদ্রোহী আৰু প্ৰেমিকৰ” (কবিতা-৪৪)

কবি ফুকনৰ ওচৰত কবিতা অকল ভাষা শিল্প নহয়, জীৱন শিল্পও। কিন্তু ভাষাক তেওঁ কেতিয়াও উপেক্ষা কৰা নাই। নিৰন্তৰ আৱিষ্কাৰ কৰিছে ইয়াৰ অন্তর্নিহিত শক্তি আৰু সৌন্দর্য। তেওঁৰ কবিতাৰ ভাষাও দ্বন্দ্বাত্মক (dialectical)। “আন্ধাৰো নহয় পোহৰো নহয়”। আন্ধাৰ পোহৰৰ সংঘাতত সৃষ্টি হোৱা প্রজ্বলিত ব্যাকুলতা। একো একোটা শাৰীৰ গাঁথনিতে আছে এই দ্বন্দ্ব। যেনে, “যৌৱন দয়ালউ নির্দয়” অথবা, “মৌনতা শান্তিৰ ভয়ংকৰ আৱাজ”। এনে দ্বন্দ্বাত্মক গতিয়ে কবিতাত তৃতীয় মাত্রাৰ সৌন্দর্য সৃষ্টি কৰিব পাৰে বুলি মোৰ বিশ্বাস। আকৌ কেতিয়াবা তেওঁৰ ইন্দ্ৰিয়ানুভূতিও বিপৰীতাৰ্থত ব্যৱহাৰ হোৱা লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে—“কেতেকী চৰাইৰ মাতৰ দৰে / গোন্ধায় জোনাক”। চিত্রকল্প সৃষ্টিৰ ক্ষেত্ৰতো ফুকনৰ যি দক্ষতা, সেয়া অসমীয়া কাব্য-সাহিত্যত সঁচাকৈয়ে দুর্লভ। তাত কোনোধৰণৰ কষ্ট-কল্পনাৰ স্থান নাই। যেনে—“নতুনকৈ পোৱা পুৱা এটা ধনশিৰীত ধোৱা”, “বুকুৰ মাজত নিজান গীতৰ কবৰ খন্দা”, “ ভীষণ সৌ দৃশ্যাৱলীৰ দীঘলীয়া সেওঁতাত / মূৰ্ত হওঁ / মই জ্বলন্ত পথিক”, “আখলৰ লাওৰ খোলাত দিন সাঁচা”, “শিয়াল কুকুৰৰ টনা /আঁজোৰাত/ দেশৰ নাড়ীভূৰু হাড়”, “নিজৰ চকু দুটা নিজে কাঢ়ি / হাতত লৈ ফুৰাৰ দৰে” অজস্র চিত্রকল্প সৃষ্টি কৰিছে তেওঁ। নিজৰ দেশ-কাল, সময়-সমাজ-সংস্কৃতিক গভীৰ নিষ্ঠাৰে বুজিবলৈ যত্ন কৰিছে। সমাজবোধ আৰু ইতিহাস চেতনাই মূলতঃ তেওঁৰ ভাষা আৰু কবিতাৰ অভিব্যক্তি নিয়ন্ত্রণ কৰিছে। কেতিয়াবা তুলি আনিছে অমৃত, আকৌ কেতিয়াবা পুতি-গন্ধময় সমাজ, দেহৰ বিষ, যাৰ জৰিয়তে আমি আমাৰ আত্মপ্রতিকৃতি আৰু অৱস্থান সম্পর্কে সচেতন হওঁ৷ ইয়াত—“জীয়া মৰাৰ তফাৎ কি / জীয়া মানুহৰো গাৰ পচে মঙহ / জোনৰ দৰে চেঁচা মুখৰ ৰাতিটোৱে /কাৰ পানী-পতাত কৰ্‌কৰকৈ চোবাই হাড়”। নৃত্যরতা পৃথিৱী-৬)। আমি মধ্যবিত্তই বিবেকহীন নির্দয় এক জীৱন যাপন কৰিছো। সৰহ সংখ্যকেই যেন স্বাধীন চিন্তাৰ ক্ষেত্ৰত অথর্ব—

“ঘূৰি ঘূৰি নাচে কিৰিলিয়ায়
দাঁত কৰচে
আৰু ইচ্ছা কৰিলেই য’তে ত’তে
যি কোনো সময়তে
মাতিব পাৰে হূদূৰ মাত
হাঁহিব পাৰে ভীষণ হাঁহি” (নৃত্যৰতা পৃথিৱী-২৫)।

অথচ, “আমি একেখন ঘৰতে আছিলো দুঘৰ মানুহ”—

“তুমি হাঁহিলে মই কান্দো
মই হাঁহিলে তুমি কান্দা
সলাওঁ এনেকৈয়ে ইজনে সিজনক” (নৃত্যৰতা পৃথিৱী-১৮)।

আজিৰ জাতি-ধর্ম-ভাষা-বর্ণ-সংকটৰ জটিল পৰিস্থিতিত তেওঁ যেন চিৰন্তন মানৱ ধৰ্মলৈ সোঁৱৰাই দিছে। হিংসা-বিদ্বেষ, ঘৃণাৰ কালকূট পি এই বিংশ শতাব্দীৰ শেষ ভাগতো যদি আমি জীয়াই থাকিব লাগে, তেনেহলে ক্রীতদাসৰ দৰে এদিন নিজক সমর্পণ কৰিব লাগিব ন্যায়-নীতি বিবর্জিত অশুভ শক্তিৰ ওচৰত, আর্থ-সামাজিক অব্যৱস্থাৰ ওচৰত। নিজকে পুতৌ কৰাৰ বাহিৰে তেতিয়া উপায়ান্তৰ নাথাকিব।

বর্তমান অমানৱিক সামাজিক ব্যৱস্থা আৰু ইয়াৰ নিষ্ঠুৰতাই প্রতিনিয়ত যন্ত্রণাদগ্ধ কৰিছে কবিক। মানুহৰ ভোক, শোক, চকুলোৰ যেন অন্ত নাই। তথাপি শক্তি সংহত কৰিবলৈ কবিৰ আহ্বান—“উস্‌ আস উচুপনি কেঁকনি আৰু জ্বলি যোৱা / দিনৰ চকুলো বোৱা / ঘৃণা উকুলিয়া / ইস্পাত হোৱা / আৰু ৰাতি নৌপুৱাওঁতেই এজোকা উৰুলি দিয়া” (কাঁইট আৰু গোলাপ আৰু কাঁইট-১৩)। ভোকৰ ভয়ংকৰ পীড়ন তেওঁৰ কাৰণে অসহনীয়—

“তোমাৰ গৰ্ভত থকা দিনৰে পৰা মই ভোকত আছো”। তাৰ পিছত স্বাধীনতাৰ বয়স চল্লিছ বছৰ পাৰ হৈ গ’ল কেতিয়াবাই। অথচ মানুহে সৃষ্টি কৰা কৃত্রিম দুর্ভিক্ষত আজিও মানুহৰ মৃত্যু হয়। শ্লেষ আৰু বিদ্ৰূপাত্মক ভংগীৰে কবিয়ে লিখিলে—

“ফেঁকুৰি ফেঁকুৰি কেঁচুৱাটোৱে মৰা মাকৰ পিয়াহ চুপিছে
কেলৈ লাগে মুখত দিব সোণ-ৰূপ
পিয়াহ দুটা স্বাধীনতাৰ” (কাঁইট আৰু গোলাপ আৰু কাঁইট-৩৫)।

অথচ জীয়া মানুহবোৰেও মৰাশৰ দৰে আচৰণ কৰিছে। গলিত-স্ফীত এই মৰাশৰ ভিতৰত নিজৰ বিবেক-যন্ত্ৰণাৰ পৰা যেন পলাই ফুৰিছে আন কাৰোবাৰ ভেশছন ধৰি—

“আৰু মই কোনো এজনৰ ভেশ ধৰি
ব্রিফকেচটো লৈ ওলাই যাওঁ
মোৰ কাষেদিয়েই পাৰ হৈ যায়
ছায়া অপচ্ছায়াবোৰ
ধোঁৱা আৰু ধূলি উৰুৱাই
পৌৰ নিগমৰ দুৰ্গন্ধ ট্ৰাকবোৰ” (নৃত্যৰতা পৃথিৱী-২৫)।

মানুহৰ মূল্যবোধ সলনি হৈছে। নিজৰ মুখামুখি হ’বলৈও এতিয়া ভয়। “ক’বনে নক’ব কৰিব নে নকৰে / খিৰিকি খুলিবনে দুৱাৰ”। কাৰণ, অলেখ প্রতিশ্রুতিৰ মাজত প্রতীক্ষাত ৰৈ ৰৈ, মিছা ফাকি ভাও ভুৱা জালিয়াতিবোৰ কবিয়ে দেখিছে, সাতপুৰুষীয়া গোলামি পী‌ড়ন, শোষণৰ বলি হ’বলৈ দেখিছে তেওঁৰ “সপোনৰ সূৰ্যৰ মানুহবোৰক”। দ্বিধা-দ্বন্দ্বৰে জৰ্জৰিত এই সমাজ ব্যৱস্থা যেন নৰকৰেই প্রতিচ্ছবি। ভিতৰে ভিতৰে অস্থিৰতা, উত্তেজনা বাঢ়িছে। যেন এটা “জ্বলন্ত অগ্নিকুণ্ডৰ” ওপৰত প্রতিষ্ঠিত এই সমাজ। যিসকলে নীৰৱতাৰ ভাও জুৰিছে, তেওঁলোকৰ শান্তি বিঘ্নিত কৰি এদিন চকু পানীও জুইলৈ ৰূপান্তৰিত হ’ব পাৰে—

‘যি কোনো মুহূর্ততেই
যি কোনো ঠাইত
জ্বলি উঠিব পাৰে আপাোনাৰ নৈঃশব্দ আৰু মোৰ চকুপানী (নৃত্যৰতা পৃথিৱী-২১)।  এক সমাজ বিপ্লৱৰ সূচনা হব পাৰে—

“কাৰণ আন্ধাৰ
এতিয়া সিও কঁপি উঠে
এতিয়া সিও জ্বলি উঠে
দুর্দশা দুৰ্দিন দুর্গতিৰ পিছে পিছে
মানুহৰ তেজৰ নিচান” (কবিতা-৪২)

সাধাৰণতে মানুহেই যে সচেতন হ’লে পৰিবৰ্তনকামী শক্তিৰ আধাৰ হ’ব পাৰে সেই কথা কবিয়ে বিশ্বাস কৰে। গতিকে কবিৰ প্ৰত্যক্ষ আহ্বান—“জুই একুৰা যেতিয়া তোমালোকৰ বুকুত আছে / তোমালোকৰ যেতিয়া হাতত আছে—ভাঙা / ভাবা / সাজা / কোৱা / ভাঙা /সাজা…” (কবিতা-৩০)। সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সকলোধৰণৰ স্থিতাৱস্থাৰ বিৰুদ্ধে তেওঁৰ বহুমুখী বিদ্রোহ বিশেষভাৱে লক্ষ্য কৰা যায় “কবিতা” আৰু “নৃত্যৰতা পৃথিৱী”-ৰ কবিতাবোৰত। ইয়াত শব্দক চেপি-পিহি, ভাঙি-পিটি, বক্তব্যৰ উপযুক্ত আংগিক গঢ় দি লৈছে তেওঁ, সি সহজেই পাঠকৰ সৌন্দৰ্যানুভূতিক চুই যায়। মানুহ যেতিয়া প্রকৃত মানুহ নামৰ পৰা ভিতৰে ভিতৰে খহি যায়, তেতিয়া সকলোধৰণৰ অৱক্ষয়ৰ বিৰুদ্ধে মানৱীয় প্ৰমূল্যবোৰ ৰক্ষা কৰিবলৈ আগুৱাই আহে কবি শিল্পী সাংস্কৃতিক কর্মী। এই ক্ষেত্ৰত ফুকনৰ ভূমিকা নিঃসন্দেহে গৌৰৱৰ। এই মনুষ্যত্ববোধক আৰু বিস্তৃত ৰূপত অনুভৱ কৰিছে তেওঁ ১৯৮২-ত ভাৰতীয় কবিতাৰ প্রতিনিধিত্ব কৰিবলৈ ষ্ট্ৰুগালৈ যোৱাৰ পিছত। মানৱ-সভ্যতাৰ বিকাশৰ প্ৰতিটো স্তৰৰ মাজেদি আহিছে তেওঁ। অকল আজিৰ মানুহ নহয়। বহন কৰি আনিছে অতীত। আৰু এনেকৈ এদিন মানুহৰ প্রতিষ্ঠা চাবলৈ ষ্ট্ৰুগালৈ পাইছেগৈ—

“কথাটো কাকো নক’বা
তেওঁ তোমালৈ এটা জিৰেইনিয়াম ফুল বিচাৰি
ষ্ট্ৰুগালৈ পাইছেগৈ” (নৃত্যৰতা পৃথিৱী-১০)।

তাত কবি ভাছকো পপাক লগ পাই অনুভৱ কৰিছে এজন “বিদ্রোহী মানুহৰ উপস্থিতিৰ চেতনা”, যিগৰাকী মহান কবিয়ে তেওঁক নিজৰ হাত এখনকে আঁকি উপহাৰ দিছে নিজৰ এখন কাব্য সংকলন—

‘তোমাক পাই নিজৰ চকুত পালো
এখন ৰামধেনু
হৃদয়ত মানুহৰ এটা হ্রদ” (নৃত্যৰতা পৃথিৱী-১২)।

সমগ্র বিশ্ব-ইতিহাস, সংস্কৃতিৰ পৰা তেওঁ বুটলি আনিছে সৌন্দর্য-চেতনা আৰু মানৱীয় প্রমূল্যবোৰ। তাৰ ফলত তেওঁৰ কবিতাত নিজৰাৰ দৰে অনুভৱ কৰা যায় মনুষ্যত্ববোধৰ এক বোৱতী ধাৰা। ফুকনৰ কবিতাত কোনো বিশেষ ভাব আৰু অৰ্থৰ সলনি একধৰণৰ সম্প্ৰসাৰিত প্রতিক্রিয়া সৃষ্টিৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়। অর্থৰ বন্ধনৰ পৰা কবিতাক মুক্ত কৰি চিত্ৰকল্পৰ পিছত চিত্রকল্প সৃষ্টিৰ জৰিয়তে পাঠকৰ অনুভূতি আৰু কল্পনাক আলোড়িত কৰা হয়। পাঠকৰ কাৰণে, এটা কবিতাৰ বিভিন্ন স্তৰত লুকাই থাকে অর্থব্যঞ্জনা আৰু ঐশ্বর্য। চিত্রকলা, ইতিহাস, দর্শন, সংগীত, পুৰাতত্ব, নৃতত্ব, জনসংস্কৃতি, চলচ্চিত্র আদি বিষয়ত অনুসন্ধান আৰু অনুৰাগে তেওঁৰ কবিতাক দিছে গভীৰতা আৰু বিস্তৃতি। দেশী-বিদেশী খ্যাত-অখ্যাত বহু চিত্ৰ আৰু ভাস্কৰ্যই তেওঁৰ কল্পনা, আৱেগঅনুভূতি আৰু সংবেদনক সদায় সজীৱ কৰি আহিছে। কেতিয়াবা আকৌ কাব্য সৃষ্টিৰ ক্ষেত্ৰত দেখা দিছে প্ৰেৰণাৰ উৎস ৰূপত। সেয়ে এই কবিগৰাকীৰ কবিতাত Pictorial metaphor আৰু colour epithet-ৰ প্ৰাধান্য বিশেষভাৱে লক্ষণীয়। ছবিৰ বিষয় কেতিয়াবা কবিতাৰ বিষয়লৈ ৰূপান্তৰিত হৈছে—“বিষ্ণুৰ নাভীকমলত জন্ম হৈছিল / শব্দটো / তেজ ৰঙা কৰা এই শব্দটোৰ / মাজেৰে / সূর্যলৈ এটা বাট আছে (কবিতা-৪৫)।

“মার্ক চাগলৰ বিবাহ বার্ষিকী” কবিতাটোত—

‘ঘৰবোৰৰ ওপৰেদি গাই এজনী
ঢপলিয়াই যায়
ঘোঁৰা এটাই বেহেলা বজায়
মানুহবোৰে দেখোন মানুহবোৰক
সাবটি ধৰে” (কবিতা-৩৭)।

এনেধৰণৰ অজস্র চিত্রধর্মী ৰূপক (metaphor) সৃষ্টি কৰিছে তেওঁ, যি তেওঁৰ কবিতাৰ সৌন্দর্য। আকৌ—

“মানুহৰ মুখা পিন্ধি বাটে ঘাটে
ক’লা ছায়া অপচ্ছায়া
ভয়ংকৰ সেই পিশাচৰ আপোন
সন্তান ভক্ষণ” (কবিতা-১৯)।

এই স্তৱকটোত ওঠৰ-ঊনৈশ শতিকাৰ স্পেনীয় শিল্পী গোয়াৰ “মিনোটৰ” অথবা দৈত্যৰ প্রতিচ্ছবি আছে তলৰ দুটা শাৰীত। Colours epithet-ৰ ক্ষেত্ৰতো ফুকনৰ কবিতা চহকী। এনে অজস্ৰ শাৰী দৃষ্টান্ত হিচাপে দাঙি ধৰিব পাৰি। যেনে—“এচেৰেঙা হালধীয়াই কান্দি পঠিয়ালে / পথাৰৰ বঙিয়াই / ষ্টেছনত আহি উকিয়াই”। আকৌ ওস্তাদ আমীৰ খাঁ চাহাবৰ হংসধ্বনি শুনি লিখা কবিতাটোৰ এটা স্তৱকতো এই ৰঙৰ বিশেষণে অনুপম সৌন্দর্য লাভ কৰিছে—

“হংসধ্বনি শুনিছো
উশাহতে মোৰ সেউজীয়া
এজাক বতাহ লৈছো” (কবিতা-২৪)।

(৪)

যি কোনো একনিষ্ঠ সৎ কবিয়েই এটা বিশেষ ঐতিহাসিক সময়ৰ মানুহ। নীলমণি ফুকনৰ কবিতাত বিষয়টো বিশেষভাৱে অনুভূত হয়। এই কবিগৰাকীয়ে তেওঁৰ কবিতাৰ তেজ-মঙহত সময়ক ধাৰণ কৰিও অতিক্রম কৰিব বিচাৰিছে দেশ কাল সময়ৰ বন্ধন—“সি যে কি এক কালহীন / দেশহীন দৃশ্য”। বিশেষৰ পৰা নির্বিশেষ বহুমাত্ৰিক তাৰ দীপ্তি, ৰূপ-ৰস আৰু বিষয়ৰ মাধুর্য। সাধাৰণ মানুহৰ প্ৰতি কবিৰ যি অকৃত্রিম মমত্ববোধ, তেওঁলোকৰ দুখ-বেদনাৰ প্ৰতি যি সচেতনতা, সেয়া আজিৰ তৰুণ কবিসকলৰ সঁহাৰিত আৰু বহল হ’ব পাৰিলেহেঁতেন—

“মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি
আজাৰৰ আন্ধাৰত তয়ে বেছ
বাই তোৰ কোন গাঁৱত ঘৰ” (কবিতা-২৫)।

আত্মঘাতত জৰ্জৰিত সময়-সংঘাতৰ ছবিখন আৱেগ-অনুভূতিৰ তীব্রতা লৈ তেওঁৰ কবিতাত যিমান আন্তৰিক, সেয়া অসমীয়া কবিতাত দুর্লভ—

“পালানে কিবা উত্তৰ
দেখিলানে নিজকে ওপঙি থকা
নিজৰে তেজৰ ডোঙত…
ইয়ো এক চৰম অভিজ্ঞতাৰ ক্ৰুৰ উদ্ভাসন” (কবিতা ৩৯)।

“জীৱনৰ সতে জীৱনৰ অপ্রত্যাশিত ভয়ংকৰ ৰক্তাক্ত সাক্ষাতৰ” মাজেদি আমি যেন আমাৰ দাঁত-নখৰ আদিমতাৰ উমান পাওঁ। চক খাই উঠো, যেতিয়া সংঘর্ষত লিপ্ত হৈ মানুহে মানুহক জুইত জাপি দিয়ে। এদল মানুহে আন এদলক হত্যা কৰিবলৈ উন্মত্ত হয়। “ভীত ভোকাতুৰ অনাথ শিশুটিৰ সজল দুচকুক” আমি একো উত্তৰ দিব নোৱাৰো—

“গাঁওখন যেতিয়া এজাক
ঢোঁৰা কাউৰী হৈ উৰি গ’ল
কুকুহা হৈ ধানবোৰ
পকা ডালিমৰ গুটিৰ দৰে মাতবোৰ
যেতিয়া ছাই হ’ল” (কবিতা-৪০)।

মানৱ সভ্যতাৰ একো একোটা চৰম বিপর্যয়ে বেদনার্ত কৰি তুলিছে এই কবিগৰাকীক। মানুহে য’ত মানুহৰ নিগ্ৰহত বলিয়া হৈছে, সেই ফেচিবাদি অভ্যুত্থানৰ কথা তেওঁ যেন নতুনকৈ আমাক সোঁৱৰাই দিছে আজিৰ পাৰিপ্ৰেক্ষিতত। ইতিহাসৰ এক ধাৰাবাহিকতাৰ মাজেদি আহি, সভ্যতা সংস্কৃতিৰ বিপর্যস্ত অৱস্থাত তেওঁ যেন শোকত কঠিন ৰূপ ধাৰণ কৰিছে—

“অভিচভিৎছৰ পিছৰে পৰা মই
হঁহা নাই
কন্দাও নাই” (কবিতা ৪২)।

“তেজ বঁতিয়াই জীয়াই থকা” এই দিনবোৰ কবিৰ কাৰণ অসহনীয়। বাকৰুদ্ধ হৈ গুঁজৰি-গুমৰি থকা সেই দিনবোৰত তেওঁৰ বেদনামিশ্রিত ক্ষোভে এটা চৰম ৰূপ লাভ কৰিছে কবিতাত—“কেনে আছো মোক নুসুধিবা / কলঙেদি উটি আহি মুণ্ডহীন / এজনী ছোৱালী” (কবিতা-৪২)। মুন্ডহীন এই ছোৱালীজনী যেন ছিন্নমস্তা এই সময়ৰ প্রতীক। য’ত যুক্তি আৰু মননতকৈ আবেগৰ উন্মাদনাই প্রধান। শেষৰ ফালে কবিতাটো এক চূড়ান্ত নাটকীয় উৎকর্ষ লাভ কৰিছে—

“কাৰণ বিয়াল্লিছ ঘণ্টা মোৰ মৃতদেহটো
গুৱাহাটীৰ পদপথত পৰি আছিল” (কবিতা ৪২)।

এনেকৈয়ে প্রতিদিন আমি আমাৰ বিবেকৰ মৃত্যু চকু মেলি চাই আছো।

মানুহৰস্বা ভাৱিক অৱস্থানক বাৰে বাৰে সোঁৱৰাই দিছে তেওঁ। সেয়ে তেওঁৰ কবিতা মানৱীয় বোধেৰে দীপ্ত, জীৱন আৰু জগতক উপলব্ধিৰ নিৰন্তৰ প্রয়াস। নিসর্গৰ সৈতে মানৱ জীৱনৰ যি সম্পর্ক, সেয়া তেওঁৰ কাব্য চেতনাৰ এটি প্রধান অৱলম্বন। ফুকনৰ বহু কবিতাৰেই প্রতীক, চিত্রকল্প আৰু উপমাৰ উৎস হ’ল প্রকৃতি।

(৫)

উজনি অসমৰ নৈ পৰীয়া এখন গাঁৱত ১৯৩৩-ত এইগৰাকী কবিৰ জন্ম। গাঁৱৰ নৃত্য, গীত-মাত, উছৱমুখৰ প্রাকৃতিক সেউজীয়া শান্ত পৰিৱেশক আশ্রয় কৰিয়েই গঢ় লৈ উঠিছে তেওঁৰ কবি সত্তা। নাগৰিক জীৱনত অভ্যস্ত হৈও পৰৱর্তী সময়ত তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছে গাঁৱলীয়া সহজ, সৰল সেই মনটো—“ক’ত আছো মই / ক’ত আছে মোৰ গাঁৱৰ গোন্ধোৱা মাটি”। শৈশৱৰ স্বপ্ন, স্মৃতি, অনুভৱ জড়িত তেওঁৰ কিছুমান কবিতাত আছে ঋতু পৰিৱৰ্তনৰ ৰং। ফুকনৰ কবিতাৰ আভ্যন্তৰীণ লিৰিকসৌন্দর্য বুজি নাপালে তেওঁৰ কবিতা বুজাও সম্ভৱ নহয়। এই ধ্বনি-মাধুর্য আহৰণ কৰিছে তেওঁ প্ৰকৃতিৰ পৰা। জীৱনৰ বিশাল বৈচিত্র্যময় ৰূপ অনুভৱ কৰা বাবেই বহুমাত্রিক তেওঁৰ কবিতাই প্রেম প্রকৃতি নাৰী নিঃসংগতা যন্ত্রণা-বিষাদ—কোনো বিষয়কেই বর্জন কৰা নাই। আকৌ প্রয়োজনত সামাজিক পৰিৱেশৰ পৰাই গোটাই লৈছে বিদ্ৰোহৰ শক্তি। আজিৰ অব্যৱস্থিত সমাজৰ আন্ধাৰ জটিল বিন্যাসক টুকুৰা-টুকুৰ কৰি দাঙি ধৰিছে চিত্ৰকল্পৰ জৰিয়তে।

কবি ফুকনৰ আগভাগৰ কবিতাত সৌন্দর্য চেতনা প্রবল হলেও সামাজিক চিন্তা-ভাবনা তাত বহু পৰিমাণে অনুপস্থিত যেন লাগে। সেই কাৰণে কিছুমান কবিতাৰ শাৰীৰিক সৌন্দর্য অনুপম হলেও এক ধৰণৰ যান্ত্রিকতা অনুভৱ কৰা যায়। “কাঁইট গোলাপ আৰু কাঁইট”-ৰ পৰা তেওঁৰ কবিতাই অন্তৰৰ বাহিৰৰ ৰূপ সলাবলৈ আৰম্ভ কৰে আৰু “কবিতা”-ত আহি এক বহুমুখী বিদ্রোহ ঘটাবলৈ সক্ষম হয়। “নৃত্যৰতা পৃথিৱী”-ত তেওঁৰ বিশ্বচেতনা মাটিৰ গভীৰত শিপায় আৰু বিস্তাৰ লাভ কৰে। অসম আন্দোলনৰ অস্থিৰ দশকটোৱে প্রবল প্রতিক্রিয়া সৃষ্টি কৰিছে এই মানৱ দৰদী কবিৰ কবিতাত। অকল বিষয়ৰ ফালৰ পৰা নহয়, আংগিকৰ ফালৰ পৰাও তাৰ চোক বহুগুণে বঢ়াই দিছে। অপ্রাসংগিক হ’লেও ক’ব লাগিব আশীৰ দশকৰ বহু তৰুণ কবিয়েই তেওঁৰ আংগিকৰ প্ৰতি যিমান আকৃষ্ট, সিমান কবিতাৰ বিষয়-ভাবনা অথবা সামাজিক প্রতিক্রিয়াৰ প্ৰতি সচেতন নহয়। হ’লে অসমীয়া কবিতাৰ যথেষ্ট লাভ হ’ব। কাৰণ প্রকৃত শিল্প-সৌন্দর্যবোধ কেতিয়াও আলাসত ওপঙি নাথাকে। সমাজেই তাৰ আশ্রয় এই কথা বুজিবৰ হ’ল। তেওঁৰ কবিতাৰ পৰাই তৰুণতম কবিসকলে নির্মম সত্যৰ মুখামুখি হোৱাৰ সাহস আৰু পাঠ লাভ কৰিব পাৰে।

দেশী-বিদেশী কেইবাটাও ভাষাত অনূদিত হৈছে এই কবিগৰাকীৰ কবিতা। মৌলিক কবিতাৰ উপৰিও তেওঁ অনুবাদ কৰিছে গার্থিয়া লৰকা, জাপানী, চীনা, গ্রীক আৰু পূর্ব ইউৰোপৰ কবিতা। সংকলন আকাৰে প্ৰকাশ হৈছে দুখন—“গার্থিয়া লৰকাৰ কবিতা”, আৰু “জাপানী কবিতা”। লোক-কলা-সংস্কৃতি, শিল্পৰ বিভিন্ন বিষয় আৰু চিত্ৰকলাৰ বিষয়ে প্রকাশিত অমূল্য দুখন গ্রন্থ—“লোককল্পদৃষ্টি” আৰু “ৰূপ বর্ণ বাক” অসমীয়া সাহিত্য জগতত স্থায়ী আসন লাভ কৰিছে।

সহজ সৰল অনাড়ম্বৰ এই কবিগৰাকীৰ জীৱন নতুন প্রজন্মৰ বাবে আদর্শ স্বৰূপ। প্ৰেমৰ অস্তিত্ব যেতিয়া বিপন্ন, তেতিয়া সকলোধৰণৰ ভয়, অসুন্দৰ, কুশ্রীতা শোষণ-বঞ্ছনাৰ পৰা তেওঁ বিচাৰিছে মানুহৰ মুক্তি। প্রেমহীনতাৰ পৰা প্ৰেমৰ পৃথিৱীলৈ মানুহৰ উত্তৰণ। মনুষ্যত্ববোধৰ প্রতীক, তেওঁ বিচাৰে পৃথিৱীৰ সকলোৱে প্রেমিক হওক, কবি হওক। কবি ফুকনৰ বিশ্বাস পৃথিৱীত মানুহৰ মুখৰ ভাষা বেলেগ হলেও অন্তৰৰ ভাষা একেই। সেয়ে তেওঁৰ স্বপ্ন, এদিন পৃথিৱীৰ চোতালত থিয় দিমগৈ আমি—

“পৃথিৱীৰ সর্বত্রই হ’ব এখন আকাশ
জয়-জয়ন্তী” (নৃত্যৰতা পৃথিৱী-১১)।

সিদিনা কবিতাৰ পৰমায়ু বাঢ়িব। জয় হ’ব জীৱনৰ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *