বিজ্ঞান-প্ৰযুক্তি

নক্ষত্ৰৰ জীৱন পৰিক্ৰমা- (হৃষীকেশ বৰপূজাৰী)

জন্মৰ ৰহস্য কি ? সকলোৰে মনত সততে উত্থাপিত হোৱা এটি প্ৰশ্ন । এই ৰহস্যৰ আত ধৰিয়ে সমাজত বৰ্তি আছে নানা অন্ধবিশ্বাস, কুসংস্কাৰ তথা মিথ্যাবিজ্ঞান । বিভিন্ন গ্ৰহ-উপগ্ৰহ, জীৱ তথা মানুহৰ সৃষ্টি;প্ৰতিখন সৌৰমণ্ডলৰে মূৰব্বী নক্ষত্ৰৰ সৃষ্টি তথা বিনাশৰ  বৃহৎ তথা ভয়াবহ পৰিঘটনাৰ  অংশবিশেষ হে মাথোন । নক্ষত্ৰৰ জীৱন পৰিক্ৰমা যিমান জটিল তথা দুৰ্বোধ্য সিমানে চিত্তাকৰ্ষক আৰু কৌতূহলময়ী । ইয়াক বিভিন্ন স্তৰত ভাগ কৰিব পাৰি, সেই স্তৰসমূহৰ বিষয়ে তলত বিস্তৃতভাবে আলোচনা কৰোহঁক।

জন্ম ৰহস্যঃ (birth phase)    নক্ষত্ৰৰ সৃষ্টিৰ মূল হ’ল নীহাৰিকা । জ্যোতিপ্ৰসাদে তাহানিতে উল্লেখ কৰা সুদৃশ্য তথা মনোমোহা নীহাৰিকাৰ পৰায়ে জন্ম হয় বিভীষিকাময় নক্ষত্ৰৰ । তীব্ৰগতিত ঘূৰ্ণীয়মান বাষ্প আৰু ধূলিৰে আবৃত সৌৰ নীহাৰিকা(solar nebula)ৰ পৰায়ে আমাৰ সূৰ্য সমন্বিতে সকলো গ্ৰহ-উপগ্ৰহৰ সৃষ্টি । ব্ৰহ্মাণ্ডৰ সৰ্ববৃহৎ তৰা R136a1 ৰ সৃষ্টি তাৰান্টুলা নীহাৰিকাৰ পৰায়েই। সাম্প্ৰতিক গৱেষণাই এইকথাও উল্লেখ কৰে যে তাৰান্টুলাৰ পৰা আৰু কেইবাটাও বৃহাদাকাৰ নক্ষত্ৰৰ সৃষ্টি হৈছে । নীহাৰিকা আবৰ্তিত বিস্তীৰ্ণ বাষ্পপিণ্ড প্ৰৱল মাধ্যাকৰ্ষণিক বলৰ বাবে আকুঞ্চিত হ’বলৈ আৰম্ভ কৰে আৰু আৰম্ভ হয় এক বৃহৎ জীৱন পৰিক্ৰমাৰ । মুলতঃ হাইড্ৰ’জেন, হিলিয়াম আৰু কিছু জৈৱগেছেৰে পৰিপূৰ্ণ নীহাৰিকাত এই মাধ্যাকৰ্ষণিক টানৰ বাবে গেছীয় অণুসমূহে কেন্দ্ৰৰ পিনে গতি কৰে ।  লাহে লাহে কেন্দ্ৰৰ পিনে আকৰ্ষণ যথেষ্ট বৃদ্ধি পায় আৰু এসময়ত গেছীয় অণুসমূহৰ গতিশক্তি ইমানে তীব্ৰতৰ হৈ উঠে যে ইহঁতে অণুৰ পৰা পৰমাণুলৈ আৰু পৰমাণুৰ পৰা নগ্ন পৰমাণুগৰ্ভ বা নিউক্লিয়াচ লৈ পৰিৱৰ্তিত হয় । কিয়নো গতিশক্তিয়ে যথেষ্ট উষ্ণতা বৃদ্ধি কৰে আৰু ই হাইড্ৰ’জেনৰ পৰমাণুগৰ্ভবোৰৰ সংযোজন (nuclear fusion) ঘটাই হিলিয়াম প্ৰস্তুত কৰাৰ বাবে অগ্ৰসৰ হয় । এইখিনিতে এটা প্ৰশ্ন আহে যে কেৱল হাইড্ৰ’জেনৰহে কিয় সংযোজন হয় ? কিয়নো হাইড্ৰ’জেনৰ সংযোজনৰ বাবে কম উষ্ণতাৰ প্ৰয়োজন গতিকে ই সহজলভ্য । উল্লেখ্য যে পানী উতলিবলৈ ১০০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ প্ৰয়োজন আৰু নীহাৰিকাৰ বক্ষৰ উষ্ণতা পানীৰ উতলাংকতকৈ কেইবাহাজাৰগুণ বেছি ।

তাৰান্টুলা নীহাৰিকা(দূৰত্ব- ১৫৯,৮০০আলোকবৰ্ষ)
অৰিয়ন নীহাৰিকা(দূৰত্ব- ১,৩৪৪ আলোকবৰ্ষ)

অনুক্ৰম বা মধ্যৱৰ্তী অৱস্থাঃ (Sequence phase) যিকোনো নক্ষত্ৰ এটাৰ জীৱন পৰিক্ৰমাৰ প্ৰায় নব্বৈ শতাংশ এই অৱস্থাতে বৰ্তি থাকে । আমাৰ সূৰ্যও বৰ্তমান এই অৱস্থাতে আছে । হাইড্ৰ’জেনৰ সংযোজন ঘটি হিলিয়াম উৎপন্ন হোৱা তাপবৰ্জী ঘটনাপ্ৰবাহত যথেষ্ট তাপ উৎপন্ন হয় আৰু ই গেছীয় পদাৰ্থ সমূহৰ ওপৰত কেন্দ্ৰৰ বিপৰীত দিশে ঔষ্মিক চাপ (thermal pressure) প্ৰয়োগ কৰে ফলত গেছসমূহৰ সম্প্ৰসাৰণ ঘটে । এই সময়খিনিত গেছীয় পদাৰ্থসমূহৰ ওপৰত দুটা বলে ক্ৰিয়া কৰে এটা হ’ল কেন্দ্ৰমুখী মাধ্যাকৰ্ষণিক বল আৰু আনটো হ’ল বহিৰ্মুখী ঔষ্মিক বল । মানত এইদুয়োটাই‌ প্ৰায় সমান । সেয়েহে নক্ষত্ৰসমূহৰ জীৱনকালত আকৃতিৰ কোনো পৰিবৰ্তন পৰিলক্ষিত নহয়, কিছু পৰিবৰ্তন হয় যদিও সি তেনেই নগণ্য । এই অৱস্থাতে নক্ষত্ৰ এটাই ১০ বিলিয়ন বছৰ ধৰি বৰ্তি থাকে । আমাৰ সূৰ্যয়ো বৰ্তমানলৈ ৫ বিলিয়ন বছৰ অতিক্ৰম কৰিলে অৰ্থাৎ ই বৰ্তমান মধ্যবয়সীয়া । আকৌ ৫ বিলিয়ন বছৰ অতিক্ৰম কৰাৰ পাছত ই মৃত অৱস্থা পাব আৰু একেসময়তে ধ্বংস হ’ব ইয়াৰ  নিকটৱৰ্তী বুধ ,শুক্ৰ পৃথিৱী ইত্যাদি গ্ৰহ।  কিন্তু পৃথিৱীৰ বৰ্তমানৰ অৱস্থা অত্যন্ত দুখদায়ক তথা অসুস্থ‌ ।  পুঁজিবাদী অৰ্থব্যৱস্থাৰ কুফল গোলকীয় উষ্ণতা বৃদ্ধি, প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ, সেউজ গৃহ গেছ আদিৰ প্ৰভাৱত ৫ বিলিয়ন বৰ্ষৰ বহু আগেয়ে ই ধ্বংসৰ গৰাহলৈ ধাৱমানিত হ’ব পাৰে।

অৱশেষত দহ বিলিয়ন বছৰ অতিক্ৰম কৰাৰ পাছত হাইড্ৰ’জেনৰ সংযোজন ৰুদ্ধ হৈ পৰে আৰু ফলশ্ৰুতিত তীব্ৰবেগী ঔষ্মিক চাপো হ্ৰাস পাবলৈ আৰম্ভ কৰে আৰু অৱশেষত প্ৰৱল মাধ্যাকৰ্ষণিক শক্তিয়ে নক্ষত্ৰবোৰৰ সকলো ভৰকে কেন্দ্ৰীভূত কৰাৰ বাবে অগ্ৰসৰ হয় । লগতে নক্ষত্ৰটোৰ উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় আৰু ই ৰঙা বৰণৰ হৈ পৰে আৰু ইয়াকে ৰঙা দানৱ( RED GIANT) বোলা হয় । এইসময়ত যদিও অন্তৰ্ভাগত হাইড্ৰ’জেন নাথাকে তথাপি বাহিৰৰ অংশত হাইড্ৰ’জেনৰ সংযোজন অব্যাহত থাকে, ফলত ৰঙা দানৱ কেইটাৰ আকৃতিৰ এক নাটকীয় পৰিৱৰ্তন ঘটে । ষাড়গৰুৰ চকু(bull’s eye) ৰূপে পৰিচিত  Aldebaran এটা অতি বৃহৎ ৰঙা দানৱ ।

ৰঙা দানৱ

মৃত অৱস্থাঃ (death phase) মধ্যবৰ্তী অৱস্থাৰ পাছত জ্যোতিষ্কসমূহ মৃতকায় অৱস্থা পায়, কিন্তু এই অৱস্থা ভিন্ন ভৰৰ নক্ষত্ৰৰ বাবে ভিন্ন হয় । কেতবোৰ নক্ষত্ৰৰ ভৰ দানৱাকৃতভাৱে বৃহৎ আকৌ আনবোৰ তৰাৰ ভৰ তুলনামূলকভাৱে কম । এইক্ষেত্ৰত সৌৰ ভৰে (solar mass) নিজৰ ভূমিকা পালন কৰে । সৌৰভৰ মান প্ৰায় 10³⁰ কিলোগ্ৰাম ।

যিবোৰ নক্ষত্ৰৰ ভৰ তুলনামূলকভাৱে কম, ৰঙা দানৱীয় অৱস্থা লাভ কৰাৰ পাছতো সিহঁতৰ কেন্দ্ৰ অভিমুখে গেছীয় পদাৰ্থসমূহ সংকুচিত হৈ থাকে যদিও সিহঁতৰ ভৰ কম হোৱা বাবে সংকোচন কিছুপৰিমানে মৃদু হাৰত হয় । সুদীৰ্ঘ এক বিলিয়ন বছৰৰ এই কালচোৱাত হিলিয়াম গেছৰ সংযোজন হৈ কাৰ্বন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি হয় আৰু অৱশেষত হাইড্ৰ’জেন আৰু হিলিয়াম গেছ নাইকীয়া হৈ সংকুচিত কেন্দ্ৰত কেৱল কাৰ্বন থাকি যায় । ইয়াৰ পাছত কাৰ্বনৰ নিজৰ লগতে সমন্বয় ঘটি নাইট্ৰজেন, অক্সিজেন আদি গেছৰ সৃষ্টি হয় । কিন্তু আমাৰ সূৰ্যৰ দৰে মজলীয়া আৰু সৰু নক্ষত্ৰবোৰৰ ভৰ কম হোৱা বাবে ইহঁতে উৎপন্ন কৰা তাপশক্তিৰ মান যথেষ্ট কম, সেয়েহে এইবোৰ নক্ষত্ৰত কাৰ্বন চক্ৰ আৰম্ভ নহয় । সেয়েহে নক্ষত্ৰৰ কেন্দ্ৰত ঔষ্মিক শক্তি উৎপন্ন নহয় আৰু প্ৰায় দহ বিলিয়ন বছৰ ধৰি ই বগা বামন (white dwarf) অৱস্থাত থাকে । আমাৰ পৰা প্ৰায় ৮.৫ আলোকবৰ্ষত অৱস্থিত  ছিৰিয়াছ B, প্ৰথমটো আৱিষ্কৃত  বগা বামন । বগা বামন ক্ৰমাৎ শীতল হৈ এটা সময়ত ক’লা বৰণৰ হৈ পৰে যাক ক’লা বামন( black dwarf) বোলা হয় । যিহেতু ইহঁতে কোনো পোহৰ প্ৰতিফলিত নকৰে গতিকে এতিয়ালৈকে কোনো ক’লা বামন আৱিষ্কাৰ হোৱা‌‌ নাই । অৱশ্যে ক’লা বামন সৃষ্টি হ’বলৈ ১৪ বিলিয়ন বছৰৰ দৰকাৰ, গতিকে ইয়াৰ সৃষ্টিৰ বাবে বৰ্তমানৰ বিশ্বব্ৰহ্মাণ্ড তেনেই নতুন ।

বগা বামন ছিৰিয়াছ B (দূৰত্ব- ৮.৬১১ আলোকবৰ্ষ)

বৃহাদাকাৰ নক্ষত্ৰসমূহৰ ক্ষেত্ৰত নিউক্লীয় সংযোজন(fusion) অনিয়ন্ত্ৰিতভাৱে হয়, কিয়নো ইহঁতৰ ভৰ  ( সৌৰভৰৰ দহগুণতকৈ অধিক )  যথেষ্ট বেছি । যিহেতু ভৰ অধিক গতিকে সমন্বয় অধিক হয় আৰু ই যথেষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰে । ফলত ৰঙা দানৱীয় অৱস্থাৰ পৰায়ে হিলিয়াম গেছৰ সংযোজন ঘটি কাৰ্বন, তাৰ পাছত কাৰ্বনৰ সংযোজন ঘটি নাইট্ৰজেন আৰু এনেদৰে অৱশেষত লো(iron)ৰ সৃষ্টি হয় । লোৰ নিউক্লিয়াচ‌ সবাটোকৈ স্থিৰ হয় ফলত ইয়াৰ পাৰমাণৱিক সংযোজন নঘটে । এনে অৱস্থাত ঔষ্মিক শক্তি নাইকীয়া হৈ পৰে আৰু কেৱল মাধ্যাকৰ্ষণিক টানে বৃহাদাকাৰ নক্ষত্ৰটোৰ সমগ্ৰ ভৰ মাথো সুক্ষ্ম পৰমাণুগৰ্ভত কেন্দ্ৰীভূত কৰে । প্ৰায় ৩/৪ টা সূৰ্য এখন ফুটবল খেলপথাৰত কেন্দ্ৰীভূত কৰিলে যি অৱস্থা হ’ব, সেয়া নক্ষত্ৰৰ কেন্দ্ৰৰ লগত অনুৰূপ । ফলত আভ্যন্তৰীণ বিস্ফোৰণ (implosion) হৈ ই হঠাতে উজ্জ্বল হৈ পৰে যাক চুপাৰনোভা বোলা হয় ।  এনেধৰণৰ বিস্ফোৰণৰ ফলত চিটিকি পৰা বহুতো গেছৰ পৰায়ে পুনৰ গ্ৰহ-নক্ষত্ৰৰ সৃষ্টি হয় আৰু ফছফৰাছ, কাৰ্বন আদিৰ পৰা জীৱকুলৰ আৰম্ভনি হয় । এই ৰহস্য উদ্‌ঘাটনৰ পাছত কোনো অতিপুৰুষৰ চমৎকাৰৰ পৰা জীৱকুলৰ সৃষ্টি হোৱা বুলি কোৱা কাহিনী তেনেই অমুলক  তথা ভিত্তিহীন । এনেদৰেই দানৱাকৃতিৰ প্ৰকাণ্ড নক্ষত্ৰ এটাৰ মৃত্যু ঘটে । কিন্তু বিস্ময়কৰভাৱে ইমানতে নক্ষত্ৰৰ বিভীষিকাৰ শেষ নহয় ।

চুপাৰনোভা

প্ৰবল মাধ্যাকৰ্ষণিক টানৰ বাবে প্ৰকাণ্ড নক্ষত্ৰবোৰৰ কেন্দ্ৰৰ ঘনত্ব যথেষ্ট বৃদ্ধি পায় । প্ৰায় ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ গোলক এটাত সূৰ্যৰ ভৰতকৈও ডেৰগুণ অধিক ভৰ থূপ হৈ থকা এই ভয়াবহ নক্ষত্ৰটো হ’ল নিউট্ৰন নক্ষত্ৰ । Black widow pulsar এনে এটা প্ৰকাণ্ড নিউট্ৰন নক্ষত্ৰ । তীব্ৰ ঘনত্বৰ নক্ষত্ৰটোৰ এটা চেনীৰ কণাৰ সমান অংশৰ ভৰ পৃথিৱীৰ সমগ্ৰ জীৱকুলৰ সমান বা অধিক হ’ব । ই ইমানে উষ্ণ যে ইয়াৰ পৰা  x-ৰষ্মি নিৰ্গত হয়।

নিউট্ৰন নক্ষত্ৰ

অৱশেষত আমি বিশ্বব্ৰহ্মাণ্ডৰ সবাটোকৈ বিশাল আৰু ত্ৰাসময় নক্ষত্ৰবোৰৰ বিষয়ে উল্লেখ কৰিব পাৰো। যিবিলাক নক্ষত্ৰৰ ভৰ সূৰ্যতকৈও কেবাশ গুণ অধিক তাৰ সংকোচনক নিউট্ৰন নক্ষত্ৰৰ দৰে ইলেক্ট্ৰন অধোগতিৰ দ্বাৰা ৰোধ কৰিব নোৱাৰি বৰং ইয়াৰ মাধ্যাকৰ্ষণ ক্ৰমাৎ ইমানে অধিক হৈ পৰে যে তীব্ৰ বেগী পোহৰো ইয়াৰ পৰা ওলাই আহিব নোৱাৰে । প্ৰকৃতাৰ্থত একোখন তাৰকামণ্ডলৰ কেন্দ্ৰস্বৰূপ এই কৃষ্ণগহ্বৰসমূহৰ দিশে সকলো গ্ৰহ-উপগ্ৰহ সমন্বিতে সৌৰমণ্ডল ধাৱমানিত হৈ সুদূৰ ভৱিষ্যতে ইয়াৰ তীব্ৰ সংকুচিত বুকুত জাহ যোৱাৰ আশংকাই অধিক ।

(M87 তাৰকামণ্ডলৰ কেন্দ্ৰস্বৰূপ কৃষ্ণগহ্বৰ ) (ফটো- ইভেন্ট হ’ৰাইযন টেলিস্কোপৰ দ্বাৰা সংগ্ৰহ কৰা)

জ্ঞাত-অজ্ঞাত ৰূপে নক্ষত্ৰৰ জীৱন পৰিক্ৰমাৰ আৰু বহু কথা আৱিষ্কাৰ হ’বলৈ এতিয়াও বাকী । আমি মাথো এই অসীম বিশ্বব্ৰহ্মাণ্ডৰ গোটাচেৰেক কথাহে জানো । নক্ষত্ৰৰ অন্তৰ্ভেদী ইয়াৰ সৃষ্টি আৰু ধ্বংসৰ সম্পূৰ্ণ ৰহস্যৰ উদ্‌ঘাটন হোৱালৈ আমি অপেক্ষাৰত ।

Print Friendly, PDF & Email

2 thoughts on “নক্ষত্ৰৰ জীৱন পৰিক্ৰমা- (হৃষীকেশ বৰপূজাৰী)

  • Banajit Deka

    হৃষীকেশ বৰপূজাৰীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । প্ৰবন্ধটোত উল্লেখ কৰা ঘটনা পৰিঘটনা সমূহ পঢ়ি উপকৃত হ’লো। সৃষ্টি হোৱা প্ৰতিটো বস্তুৱে যে ধংস হ’ব নিশ্চিত হ’লো।

    Reply
  • ৰঞ্জিত বড়া

    বৰ ভাল পালো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *