৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

অৱৰোধবাসিনী (মূল: ৰোকেয়া বেগম; অনুবাদ: সন্ধ্যা দেৱী)

[কেৱল এগৰাকী যশস্বিনী লেখিকাই নহয়, বেগম ৰোকেয়া (১৮৮০-১৯৩২) এগৰাকী মেধাসম্পন্ন মহিলা হিচাপেও নাৰীবাদী ইতিহাসত প্রসিদ্ধ। নাৰীৰ প্ৰগতিৰ কাৰণে অহৰহ চিন্তা-চৰ্চাক ৰোকেয়াই ১৯১১ চনত মাত্র আঠ গৰাকী ছাত্ৰী লৈ ছাখাৱাৎ মেমোৰিয়েল স্কুল আৰম্ভ কৰে। বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হোৱা নাৰীৰ চেতনাত জ্ঞানৰ পোহৰ আৰু স্বাধীনতাৰ বাৰ্তা বিলাবলৈ ৰোকেয়াই আপ্রাণ চেষ্টা কৰিছিল। তেওঁৰ সাহিত্য-কৃতি আৰু কৰ্ম-প্রচেষ্টাত আমি ইয়াৰ সাক্ষ্য পাওঁ।

১৯৩১ চনত ছপা হোৱা “অৱৰোধবাসিনী”-ত ৰোকেয়াই নাৰীৰ অৱৰুদ্ধ জীৱনৰ দুখ-দুগৰ্তিৰ ছবি আঁকিছে সৰু সৰু গল্পৰ জৰিয়তে। কেতিয়াবা তেওঁৰ ৰচনাত ফুটি উঠিছে গভীৰ মমতাবোধ, কেতিয়াবা ক্ষোভ মিহলি ব্যংগ। তেওঁৰ এনে হাস্য-কৌতুক ৰসবোধৰ সজীৱতা নাৰী লেখিকাৰ মাজত প্রায় দুর্লভ বুলিয়েই ক’ব পাৰি। আমি ইয়াত তেওঁৰ “অৱৰোধবাসিনী”-ৰ পৰা চাৰিটা গল্প অসমীয়ালৈ অনুবাদ কৰি পাঠক-পাঠিকালৈ আগবঢ়ালোঁ।

আংশিকভাৱে স্বাধীনতাৰ সোৱাদ পোৱা আধুনিক যুগৰ নাৰীক মধ্যযুগীয়া পুৰুষপ্রধান সংস্কৃতিৰ শিকলিৰে বান্ধি পুনৰ গৃহবন্দী কৰাৰ এক অপচেষ্টা চৌদিশে আজি বেচ প্রকট। এনে অৱস্থাত ৰোকেয়াৰ “অৱৰোধবাসিনী”-ৰ সমকালীন প্রাসংগিকতা আমি নুই কৰিব নাোৱাৰোঁ। ~অনুবাদিকা]

১.

প্রায় ৪০/৪৫ বছৰ পূর্ব ঘটনা— কেইঘৰমান বংগীয় সন্ত্রান্ত জমিদাৰৰ মাক, মাহীয়েক, পেহীয়েক, কন্যা ইত্যাদি একেলগে হজ কৰিবলৈ গৈছিল। তেওঁলোকৰ সংখ্যা ২০২/ ২৫ জন আছিল। তেওঁলোক কলিকাতাৰ ৰেল ষ্টেচন পোৱাৰ পিছত লগৰ পুৰুষপ্রভুগণ কাৰ্যপোলক্ষ্যে অন্যত্র গৈছিল। বেগম চাহেবাসকলক এজন বিশ্বস্ত আত্মীয় পুৰুষৰ তত্ত্বাৱধানত ৰখা হ’ল। সেই ভদ্রলোকক মানুহে হাজী চাহাব বুলি কয়, আমিও তাকেই ক’ম। হাজী চাহাবে বেগম চাহেবাসকলক ৱেটিং ৰূমত বহুৱাবলৈ সাহস কৰিব নোৱাৰিলে। তেওঁৰ উপদেশ মতে বিবিচাহেবসকলে প্রত্যেকেই ডাঠ ডাঠ কাপোৰৰ বোৰ্খা পিন্ধি ষ্টেচনৰ প্লেটফর্মত লেপেতা কাঢ়ি বহিল; হাজী চাহাবে মস্ত এখন ডাঠ গধুৰ শতৰঞ্চিৰে তেওঁলোকক ঢাকি দিলে। তেনে অৱস্থাত বেচেৰীহঁতক এটা এটা বাকচ বা বস্তাৰ নিচিনাই লাগিছিল। তেওঁলোকক তেনেকৈ ঢাকি থৈ হাজী চাহাব এটা চুকত থিয় হৈ পহৰা দিবলৈ ধৰিলে। একমাত্র আল্লাইহে জানে, হজযাত্রীসকলে সেই অৱস্থাত কিমান ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছিল— আৰু এইটো কেৱল আল্লাহতালাৰেই মহিমা যে তেওঁলোক উশাহ বন্ধ হৈ নমৰিল।

ট্রেইন আহিবৰ সময়ত জনৈক ইংৰাজী কৰ্মচাৰীয়ে ভঙা ভঙা হিন্দীত হাজী চাহাবক ক’লে, “মুন্সি তোমাৰা আচবাব হিয়াচে হাটা লো। আভি ট্রেইন আয়েগা— প্লেটফর্ম পৰ খালী আদমি ৰহেগা— আচবাব নেহি ৰহেগা।” হাজী চাহাবে হাতযোৰ কৰি ক’লে— “হজুৰ, ঐ চব আচবাব নেহি, ঔৰত হ্যায়৷” কর্মচাৰীয়ে পুনৰাই এটা “বস্তা”-ত জোতাৰ টোকৰ মাৰি ক’লে— “হা, হা, এই চব আচবাব নেহি হাটা লো৷” বিবিসকলে পৰ্দাৰ অনুগ্ৰহত জোতাৰ লাথ খায়ো টু শব্দটি পর্যন্ত নকৰিলে।

২.

প্রায় ২৫ বছৰ পূর্বে বংগদেশত জনৈক জমিদাৰৰ ঘৰত বিয়া হৈছিল। অতিথি-অভ্যাগতেৰে ঘৰ গম-গমাই আছে। খোৱা-বোৱা কৰোঁতে ৰাতি প্রায় ২ বাজি গ’ল, এতিয়া সকলোৰে শোৱাৰ পাল। কিন্তু চোৰ-তস্কৰেতো নোশোৱে—এই সুযোগ চুৰ কৰাৰ।

সিন্ধি খান্ধি চোৰে ঘৰত প্ৰৱেশ কৰিছে। এজন চৌকিদাৰে চোৰৰ সম্ভেদ পাই ঘৰৰ গিৰিহঁতক সংবাদ দিলে। গিৰিহঁত আছিল পাঁচ-ছয়জন ভাই-ককাই। তেওঁলোক প্রত্যেকে কুঠাৰ হাতত লৈ ঘৰৰ চাৰিওপিনে ঘূৰি ফুৰিছে চোৰৰ সন্ধানত। চোৰক পালে সেই মুহূর্তত তেওঁলোকে কুঠাৰেৰে কাটি খণ্ড খণ্ড কৰিব। হু, চোৰৰ ইমান বেছি আস্পৰ্ধা।

ঘৰৰ ভিতৰৰ বিবিসকলে চোৰক দেখি আৰু কোঁচমোচ খাই চাদৰ গাত দি শুলে— একেবাৰে নীৰৱ, যেন নিশ্বাস পেলাবলৈও সাহস নাই। বিশেষকৈ “বেগানা মৰদ” (অচিনাকি মতা)টোৱে তেওঁলোকৰ নিশ্বাসৰ শব্দও যেন নুশুনে। চোৰে নিসংকোচে চন্দুক ভাঙি নগদ টকা আৰু গহনাপাতি বাহিৰ কৰি ল’লে। তাৰ পিচত এটা এটাকৈ প্রত্যেক বিবিৰ হাত-ভৰিৰ গহনা খুলিবলৈ ধৰিলে। তাকে দেখি বিবিসকলে নাক-কাণ আৰু ডিঙিৰ অলংকাৰ খুলি মূৰৰ শিতানত থোৱাত লাগিল। ফলত চোৰৰ বেছি সুবিধাহে হ’ল— সি আৰু অনর্থক বেগম চাহেবাসকলৰ নাক, কাণ, ডিঙি স্পৰ্শ কৰিব কেলেই? সেইখন ঘৰত আছিল এজনী ন-বোৱাৰী— তেওঁ বেচেৰীয়ে নাকৰ নতটো খুলি দিছে, কিন্তু তেওঁৰ কাণৰ ঝুমকা প্রভৃতি গহনাবিলাক জোঁট লাগি বৰ জটিলহে হৈ পৰিল— কোনোমতেই খুলিব নোৱাৰিলে। চোৰ মহাশয়ে ভদ্ৰতাৰ খাতিৰত কিছুসময় অপেক্ষা কৰাৰ পিচত এখন চোকা চুৰি লৈ বৌ-বিবিৰ কাণ দুখন কাটি গহনা টোপোলাত ভৰাই সেই সিন্ধি খন্দাৰ পথেৰেই পলায়ন কৰিলে।

ঘৰৰ ভিতৰত ইমান কাণ্ড ঘটি গ’ল— বাহিৰৰ পুৰুষসকলে কুঠাৰ হাতত লৈ চোৰৰ বাবে অপেক্ষা কৰিছে। কিন্তু বিবিসকলে কোনেও টু শব্দ এটা নকৰিলে— কিজানি “বেগানা মৰদ”টোৱে তেওঁলোকৰ কণ্ঠস্বৰ শুনে। চোৰ নিৰাপদে বাহিৰ হৈ যোৱাৰ পিচত বিবিসকলে হুলস্থূল আৰম্ভ কৰিলে।

পাঠিকা ভগিনি! এইদৰে আমি অৱৰোধ প্ৰথাৰ সন্মান ৰক্ষা কৰি থাকোঁ।

৩.

এটা ঘৰত জুই লাগিছিল। গৃহিনীয়ে বুদ্ধি কৰি লৰালৰিকৈ সমস্ত অলংকাৰ এটা হাত-বাকচত ভৰাই লৈ ঘৰৰ বাহিৰ ওলাল। দুৱাৰ-ডলিত আহি দেখিলে সমাগত পুৰুষসকলে জুই নুমুৱাইছে। তেওঁ তেওঁলোকৰ সন্মুখেৰে বাহিৰ নহৈ অলংকাৰৰ বাকচটো হাতত লৈ ঘৰৰ ভিতৰত খাটৰ তলত গৈ বহিল। সেই অৱস্থাতে পুৰি মৰিল, কিন্তু পুৰুষৰ সন্মুখত বাহিৰ নোলাল। ধন্য, কুল-কামিনীৰ অৱৰোধ।

৪.

পশ্চিম দেশৰ এক হিন্দু বোৱাৰী। তেওঁ স্বামী আৰু শাহুৰ সৈতে গংগাস্নানলৈ গৈছিল। স্নান শেষ কৰি ঘূৰি অহাৰ সময়ত তেওঁ তেওঁৰ শাহু আৰু স্বামীক ভীৰৰ মাজত দেখা নাপালে। অৱশেষত তেওঁ এজন ভদ্রলোকৰ পিচে পিচে গ’ল। কিছু সময়ৰ মূৰত পুলিচৰ চিঞৰ-বাখৰ— সেই ভদ্রলোকক ধৰি নি কনিষ্টবলে ক’লে, “তুমি অমুকাৰ ঘৈণীয়েকক পলুৱাই লৈ গৈছা৷” তেওঁ আচৰিত হৈ ততালিকে ঘূৰি দেখে, আৰে! এইগৰাকী কাৰ পৰিবাৰ পিচ পিনৰ পৰা তেওঁৰ ধূতিত ধৰি আহি আছে। প্রশ্ন কৰাত বোৱাৰীগৰাকীয়ে ক’লে— তেওঁ সকলো সময়তে ওৰণি লৈ থাকে— নিজৰ স্বামীক তেওঁ কোনো দিনে ভালদৰে দেখা নাই। স্বামীৰ পৰিধানত হালধীয়া পাৰীৰ ধূতি আছিল, সেইটোহে তেওঁ দেখিছিল। এই ভদ্ৰলোকৰ ধূতিৰ পাৰী হালধীয়া দেখি তেওঁ তেওঁৰ পিচ ল’লে।

৫.

আজি (২৮ জুন, ১৯২৯)-ৰ ঘটনা শুনক! স্কুলত এগৰাকী ছাত্ৰীৰ বাপেকে বিৰাট দীঘল এখন চিঠি দি লিখিছিল যে মটৰ, বাছ তেওঁৰ গলিৰ ভিতৰলৈ নোসোমায় কাৰণে জীয়েকক বোৰ্খা  পিন্ধাই ‘মামা’ (লিগিৰী)ৰ সৈতে খোজ কঢ়াই ঘৰলৈ আনিবলগীয়া হয়। কালি গলিৰে এজন ব্যক্তি চাহৰ পাত্র হাতত লৈ গৈছিল, তেওঁৰ লগত খুন্দা খাই হীৰাৰ (তেওঁৰ জীয়েকৰ) কাপোৰত চাহ পৰি কাপোৰ নষ্ট হৈছে। মই চিঠিখন আমাৰ জনৈক শিক্ষয়িত্ৰীৰ হাতত দি ইয়াৰ তদন্ত কৰিবলৈ ক’লোঁ। তেওঁ ঘূৰি আহি উর্দু ভাষাত যি ক’লে, তাৰ অনুবাদ এয়া—

“অনুসন্ধানত জানিলোঁ, হীৰাৰ বোৰ্খাৰ চকু নাই (হীৰা কা বোৰ্খামে আঁখ নহী হ্যায়’)। অন্য ছোৱালীবিলাকে ক’লে, তেওঁলোকে গাড়ীৰ পৰা দেখে যে “মামা’ই প্রায়ে হীৰাক কোলাত লৈ খোজকাঢ়ি গুচি যায়। বোৰ্খাৰ চকু নথকাত হীৰাই ঠিকমতে খোজকাঢ়িব নোৱাৰে— সেইদিনা এটা মেকুৰীৰ গাত পৰি গৈছিল— কেতিয়াবা উজুতি খায়। কালি হীৰাই চাহৰ পাত্রবাহী মানুহজনৰ লগত খুন্দা খাই তেওঁৰ চাহ পেলাই দিলে।

চাওকচোন, হীৰাৰ বয়স মাত্র ৯ বছৰ— কণমানি বালিকাগৰাকীয়ে “অন্ধ-বোৰ্খা” পিন্ধি ৰাস্তাত যাব লাগে। এইটো নকৰিলে আকৌ অৱৰোধৰ সন্মান ৰক্ষা নহয়।

Print Friendly, PDF & Email

One thought on “অৱৰোধবাসিনী (মূল: ৰোকেয়া বেগম; অনুবাদ: সন্ধ্যা দেৱী)

  • Really enjoyed it. Hope Sandhya Devi will continue her writing.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *