বিশ্বাস-অবিশ্বাস

অন্ধবিশ্বাস, যুক্তিবাদ আদি – (ৰূপক বৰুৱা)

আধুনিক সমাজ বিজ্ঞান-প্ৰযুক্তি নিৰ্ভৰ সমাজ। এই সমাজত প্ৰতিজন ব্যক্তি বৈজ্ঞানিক মানসিকতাৰে পুষ্ট হ’ব লাগিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ বিপৰীতটোহে সত্য। বিজ্ঞান আৰু প্ৰযুক্তিৰ এই জয়জয় ময়ময় অৱস্থাত সমাজত অন্ধবিশ্বাস, কু-সংস্কাৰ, ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস বেছি বৃদ্ধিহে পাইছে। বিজ্ঞান-প্ৰযুক্তিক আনকি ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰত ব্যৱহাৰ কৰা হৈছে। ১৯০০চনত আমেৰিকাৰ জনপ্ৰিয় মিউজিক পাব্‌লিছাৰ E.T.Paullয়ে এখন সংগীতৰ কিতাপ প্ৰকাশ কৰিছিল যাৰ বেটুপাতত ঘোষিত হৈছিল “Dawn of Century”। ইয়াত “বিজ্ঞান”ক প্ৰগতিৰ দেৱী হিচাপে অংকিত কৰা হৈছিল। দেৱীসদৃশ নাৰীৰ মূৰ্ত্তিটোৰ লগত ভাহি আছিল প্ৰগতিৰ মাপক হিচাপে Camera, Machine, Priting press আৰু Factory।আন এখন Trade magazinৰ বেটুপাতত আলাদ্দিনৰ চাকি আৰু বিজ্ঞান, প্ৰযুক্তি বিদ্যাক তুলনা কৰা চিত্ৰ অংকিত হৈছিল। ইয়াৰ পৰাই মানুহৰ মনত যে বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ ন ন আৱিষ্কাৰে প্ৰচণ্ড আশাবাদৰ সৃষ্টি কৰিছিল তাক আনুমান কৰিব পাৰি। ভাৰততো আশাবাদৰ সৃষ্টি হৈছিল। কিন্তু এই আশাবাদ নিৰাশবাদলৈ পৰিৱৰ্তন হ’বলৈ বেছি দিন নালাগিল। এই বিজ্ঞান আৰু প্ৰযুক্তিৰ আৱিষ্কাৰৰ ফলত পুঁজি গঠন দ্ৰুততৰ হ’ল, বৃদ্ধি পালে উপনিৱেশিক শোষন আৰু ইয়াৰ লগে লগে ইউৰোপৰ দেশবোৰ শক্তিশালী হৈ পৰিল। এই দেশবোৰৰ মাজত সংঘাত বৃদ্ধি পালে। মানৱ জাতিয়ে ইয়াৰ ফলতেই মুখামুখি হ’ল চেতনা জোকাৰি যোৱা দুখন মহাসমৰৰ। মানুহৰ মনত বিজ্ঞানৰ প্ৰতি শংকা বৃদ্ধি পালে। এইয়া যে পুঁজিবাদী ব্যৱস্থাৰ প্ৰায়োগিক ত্ৰুটীহে আৰু বিজ্ঞানযে স্বয়ংক্ৰিয়াশীল নহয়, ইয়াৰ প্ৰয়োগত যে মানুহেই থাকে এই কথা সাধাৰণ মানুহৰ বোধগম্য নহয়।

বৰ্তমান ব্যৱস্থাত(ৰাজনৈতিক) মানুহৰ অসহায়তা আৰু অনিশ্চয়তা বৃদ্ধি পাইছে। সম্পদ, জীৱিকা আদি আহৰণৰ আকাংক্ষা আৰু হেৰুৱাৰ ভয়ত মানুহ উৎকণ্ঠিত। প্ৰতিটো ক্ষেত্ৰত প্ৰতিযোগিতাই মানুহক (যিসকল বিফল হৈছে?) দুৰ্বল কৰি তুলিছে। উপায়হীন মানুহে শৰণাপন্ন হৈছে কাল্পনিক ঈশ্বৰৰ। অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰ সমাজত বৃদ্ধি পাইছে। বিজ্ঞানৰ আৱিষ্কাৰ আৰু ইয়াৰ প্ৰয়োগেও মানুহক আস্বস্ত কৰিব পৰা নাই। বৰঞ্চ বিজ্ঞান-প্ৰযুক্তি ব্যৱহাৰ হৈছে সাধাৰণ মানুহক শোষণ আৰু প্ৰকৃতিক লুণ্ঠণৰ বাবে। ইউৰোপৰ দেশবোৰেও বিশ্বব্যাপী লুণ্ঠণ চলালে বিজ্ঞানৰ দ্বাৰা লব্ধ প্ৰযুক্তি আৰু জ্ঞানৰ বলত। আপাত দৃষ্টিত বৰ্তমান বহুবোৰ পৰিৱেশজনিত সমস্যা আৰু ধ্বংসলীলাৰ কাৰক হিচাপে বিজ্ঞানকেই জগৰীয়া কৰা হয়। ইয়াৰ ওপৰি আধুনিক আস্ত্ৰ-শস্ত্ৰ, আণৱিক বোমা হাইড্ৰ’জেন বোমাৰ কথা আছেই। কিন্তু সাধাৰণ মানুহে ইয়াৰ নেপথ্যত থকা কাৰকবোৰ জনাত অপাৰগ। সেয়ে বিজ্ঞান বিৰোধী চিন্তাধাৰা (শাসকৰ কৃপাত) আজি সমাজত প্ৰবল হৈছে। অন্ধবিশ্বাসে লাভ কৰিছে এখন সাৰুৱা ক্ষেত্ৰ।

ৰাষ্ট্ৰ উদ্ভৱ হোৱাৰ দিনৰ পৰাই অন্ধ-বিশ্বাসক দমনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। পলিবিয়াছৰ মতে ৰোম সাম্ৰাজ্যৰ বিস্তৃতিৰ মূলতে আছিল অন্ধ-বিশ্বাসৰ ব্যাপক প্ৰয়োগ। কৌটিল্যৰ অৰ্থশাস্ত্ৰতো প্ৰজাক নিয়ন্ত্ৰণৰ বাবে অন্ধবিশ্বাসৰ প্ৰয়োগৰ কথা আছে। পুঁজিবাদী ব্যৱস্থাত শাসক আৰু শোষক শ্ৰেণীৰ বাবে অন্ধবিশ্বাস, কু-সংস্কাৰাছন্ন এটা ধৰ্মীয় পৰিবেশ বেছি সুবিধাজনক। ৰাহুল সাংকৃত্যায়নে কৈছে, “যদি ঈশ্বৰ চিন্তাৰ অস্তিত্ব  আগৰ পৰা নেথাকিলহেঁতেন, তেতিয়া হ’লে আজি নিজ প্ৰয়োজনতেই পুঁজিবাদ ঈশ্বৰৰ আৱিষ্কৰ্তা হ’লহেঁতেন।” পুঁজিবাদী ব্যৱস্থাটোৱে ধৰ্ম আৰু বিজ্ঞান দুয়োটাকে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। ইউৰোপৰ দেশবোৰে উপনিৱেশিক কালত ধৰ্মক সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰাত যিমান গুৰুত্ব দিছিল বিজ্ঞানে সেই গুৰুত্ব নেপাইছিল। আফ্ৰিকাৰ কোনোবা এজন ব্যক্তিয়ে কৈছিল, “তেওঁলোোক আহিছিল মাত্ৰ এখন বাইবেল লৈ, এতিয়া বাইবেলখন আামাৰ হ’ল আৰু মাটিবোৰ তেওঁলোকৰ।” (স্মৃতিৰ পৰা)

আমি (উন্নয়নশীল দেশবোৰ) এখন পৰম্পৰাগত সমাজত বাস কৰোঁ। অ’ত ত’ত দুই এটা আধুনিক গোট দেখা যায়। শিশু কালৰ পৰাই দেখা আৰু শুনা এই সমাজৰ ধৰ্ম আৰু ঈশ্বৰ সম্পৰ্কীয় কথা, কাহিনী আৰু কৰ্মবোৰে ব্যক্তিৰ চেতনাৰ গভীৰত স্থান পায় আৰু ইয়াৰ দ্বাৰা ব্যক্তি পৰিচালিত হয়। ধৰ্ম বিৰোধ আৰু ঈশ্বৰ অস্তিত্বহীনতাৰ কথা তেওঁলোকে সহ্য কৰিব নোৱাৰে। ই হৈ পৰে তেওঁলোকৰ আবেগৰ লগত জড়িত বিষয়।এওঁলোকে নতুন যুক্তিবাদী চিন্তা-চৰ্চাও সহ্য কৰিব নোৱাৰে। ধৰ্ম কিছু লোকৰ বাবে ব্যৱসায়, জীৱিকাৰ মাধ্যম। এওঁলোকে সমাজত অন্ধ-বিশ্বাস, কু-সংস্কাৰ বৰ্তি থকাটো বিচাৰে। আৰু কিছু লোক আছে যিসকলে সমাজত ধৰ্মৰ যোগেদি প্ৰতিপত্তি লাভ কৰে। এওঁলোকেও ধৰ্মৰ বিলুপ্তি নিবিচাৰে। এখন যুক্তিনিৰ্ভৰ অন্ধবিশ্বাসহীন সমাজত আধিপত্য হেৰুওৱাৰ ভয়ত এক শ্ৰেণী মানুহ কেনে হিংসুক হ’ব পাৰে তাৰ উদাহৰণ হ’ল যুক্তিবাদী সমাজ সংস্কাৰক ডাভোলকাৰৰ হত্যাকাণ্ড। আকৌ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীকলৈ যিবোৰ অন্ধ-বিশ্বাস তাৰ মূলতে নাৰীৰ ওপৰত পুৰুষৰ আধিপত্য বিস্তাৰৰ আকাংক্ষা। এই অন্ধ বিশ্বাসবোৰত নাৰীক হীন কৰি দেখুওৱা হয়।

দৰিদ্ৰতা আৰু অন্ধ-বিশ্বাসৰ মাজত এক চক্ৰৱত সমন্ধ আছে। দৰিদ্ৰতাই মানুহৰ সকলো শক্তি নি:শেষ কৰে। প্ৰশ্ন কৰা শক্তি হেৰুৱাই পেলায় আৰু অন্ধ-বিশ্বাসৰ জন্ম দিয়ে আৰু অন্ধ-বিশ্বাসে দৰিদ্ৰতা। এনে সমাজত মানুহে যুক্তিৰে বিশ্লেষণ কৰাতকৈ তুলনা কৰি, কোনো ঘটনাৰ লগত সমসাময়িক আন ঘটনাক কাল্পনিকভাৱে সংযোগ ঘটাই ন ন অন্ধ-বিশ্বাস সৃষ্টি কৰি থাকে।

ভয়েই আছিল আদিম মানুহৰ ভগৱান সৃষ্টিৰ কাৰণ। আধুনিক মানুহো ভয়ৰ পৰা মুক্ত হ’ব পৰা নাই। ইয়াত ৰোগ ব্যাধি আৰু মৃত্যু ভয়েই প্ৰধান। উন্নত আৰু সুলভ স্বাস্থ্য ব্যৱস্থাৰ অভাৱে ইয়াত অৰিহনা যোগাইছে।

ইয়াৰ ফলত মানুহে ঈশ্বৰ আৰু বিভিন্ন অন্ধবিশ্বাসৰ আশ্ৰয় লয়। মগজুৰ সক্ষমতাইও কোনো এজন ব্যক্তি ধাৰ্মিক বা যুক্তিবাদী হোৱাত গুৰুত্বপূৰ্ণ ভৃমিকা লয়। যুক্তিবাদী হ’বলৈ প্ৰখৰ বোধ শক্তি থকাৰ লগতে সংশ্লেষণ, বিশ্লেষণ আদিৰ মাজেৰে যোৱা ক্ষমতা থাকিব লাগিব। ইয়াত অনুশীলনৰো প্ৰয়োজন আছে। ধাৰ্মিক বা অন্ধবিশ্বাসী হ’বলৈ সহজ। বিশ্বাস কৰিলেই হ’ল। যুক্তিবাদী নাস্তিক ব্যক্তি এজন দৃঢ় মানসিক শক্তিৰ অধিকাৰীও হ’ব লাগিব। ঈশ্বৰ বিশ্বাসী এজনে বিপদৰ সময়ত কাল্পনিক ঈশ্বৰক চিন্তা কৰিয়েই আস্বস্ত হ’ব পাৰে। যুক্তিবাদী নাস্তিকজনে আশ্ৰয় ল’ব লগা হয় কাৰ্য-কাৰণ সন্ধানী তেওঁৰ মনটোত।

যুক্তিবাদী লিখক প্ৰসেনজিৎ চৌধুৰীয়ে কৈছে, “অখণ্ড যুক্তিবাদৰ চৰম যৌক্তিক পৰিণতি নিৰীশ্বৰবাদ।” যুক্তিবাদীৰ উদ্দেশ্য হ’ব, – বিজ্ঞানৰ সু-প্ৰয়োগেৰে ধৰ্মহীন, অন্ধ-বিশ্বাসহীন, শোষণ-বঞ্চনাহীন এখন সমাজ প্ৰতিষ্ঠা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *