বিবিধ চিন্তা

অন্যান্য পিছপৰা শ্ৰেণীৰ জাতি বিষয়ক প্ৰমাণ পত্ৰ আৰু লোকপিয়লৰ তথ্য – (সঞ্জয় কুমাৰ তাঁতী)

আজি কিছুদিনৰ পৰা অসমৰ বাতৰি কাকত, চোছিয়েল মিডিয়া আদিত অসমৰ এচাম লোকক ভাৰতৰ সংবিধানৰ ৩৪০ অনুচ্ছেদ মতে চৰকাৰীভাৱে জাতিৰ প্ৰমাণপত্ৰ (Caste Certificate) দিয়া প্ৰসঙ্গত কিছু বিতৰ্ক হৈ থকা দেখা গৈছে। এই সম্পৰ্কে আমি কিছু তথ্যৰ অনুসন্ধান আৰু অধ্যয়ন কৰিছিলোঁ। ১৮৩৭ চনত অসমত চাহ খেতি আৰম্ভ হোৱাৰ পাচত চাহ বাগিচাসমূহত কাম কৰোৱাবলৈ অসমৰ স্থানীয় মানুহৰ বাহিৰেও ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ পৰা চৰকাৰী আইনৰ জৰিয়তে বহু মানুহক অসমলৈ Forced Labour হিচাবে স্থানান্তৰকৰণ (displacement) কৰা হৈছিল। এই লোকসকল মূলত: ভিন্ন নৃ-গোষ্ঠীয় আৰু ভিন্ন ভাষিক পৰিমণ্ডলৰ লোক আছিল। ইংৰাজ সকলৰ শাসনকালত অনা এই ভিন্ন নৃগোষ্ঠীয় (বিশেষকৈ প্ৰ’টো অষ্ট্ৰলয়ড আৰু দ্ৰাৱিড়ীয় প্ৰজাতিৰ) লোক সকলৰ কিছুমান জাতি বা জনগোটক সৰ্বভাৰতীয় লোকপিয়লত সৰ্বভাৰতীয় প্ৰেক্ষাপটত সমূহীয়া গোট (Legion- ভিন্ন জাতিৰ সন্মিলিত গোট) হিচাবে ১৮৭২ চনৰ লোকপিয়লত কোৱা হৈছিল অন্য ধৰ্মৰ (Other Religion), ১৮৮১ চনৰ লোকপিয়লত কোৱা হৈছিল আদিম অধিবাসী (Aboriginal), ১৮৯১ চনৰ লোকপিয়লত কোৱা হৈছিল ফৰেষ্ট ট্ৰাইব (Forest Tribes), ১৯০১ আৰু ১৯১১ চনৰ লোকপিয়লত কোৱা হৈছিল জড় উপাসক (Animist), ১৯২১ চনৰ লোকপিয়লত কোৱা হৈছিল আদিম জাতি (Primitive Tribes), ১৯৩১ চনৰ সৰ্বভাৰতীয় লোক পিয়লত কোৱা হৈছিল জনজাতীয় ধৰ্মৰ (Tribal Religion), কিন্তু অসমৰ ১৯৩১ চনৰ লোকপিয়লত অসমত কোৱা হৈছিল চাহ বাগিচাৰ কুলী জাতি (Tea Garden Cooly Castes)। এই ‘সামাজিক গোট’ (legion) হিচাবে পৰিচয় প্ৰদান কৰা বিষয়টোত অৱশ্যেই এই লোক সকলৰ প্ৰকৃত জাতি পৰিচয়ক (Castes/Tribes identity) বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছিল, আৰু তাৰ বাবেই বোধহয় এনে ধৰণৰ ষড়যন্ত্ৰমূলক ‘ছত্ৰ সামাজিক গোট (Umbrella identity)’ গঢ় দিয়া হৈছিল। সেয়ে বোধহয় ভাৰতৰ কোনো কোনো অংশত ‘আদিবাসী’ আৰু অসমত ‘চাহ বাগিচাৰ কুলী জাতি’ বা ‘চাহ জনজাতি’ (Tea Garden labourers/Ex-Tea Garden Labourers) আদি নামেৰে পৰিচয় প্ৰদান কৰা হৈছিল। ইংৰাজ সকলৰ শাসনৰ divide & rule policy ৰ বাবেই বোধহয় মূল জাতিৰ পৰিচয় লুকুৱাই এনে ষড়যন্তমূলক ‘সামাজিক গোট’ গঠন কৰা হৈছিল। এনে সামাজিক গোট সমূহৰ ভিতৰত বহুতো জাতি-জনজাতিক (Tribes and Castes) অন্তৰ্ভূক্ত কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ সময়চোৱাত ভাৰতীয় সংবিধান ৰচনাৰ বাবে ১৯৪৬-১৯৪৯ চনৰ সময়চোৱাত Constituent Assembly Debates হৈছিল, আৰু ভাৰতৰ বিভিন্ন জাতিৰ পৰিচয় প্ৰদানৰ ক্ষেত্ৰত (অসমৰ ক্ষেত্ৰতো) বহু বিতৰ্কও হৈছিল। স্বাধীনতাৰ পাচত সংবিধানৰ ৩৪১ অনুচ্ছেদ মতে পিছপৰা (Backward Castes) কিছুমান জাতিক “অনুসূচিত জাতি (Scheduled Castes)” আৰু পিছপৰা কিছুমান জাতিক সংবিধানৰ ৩৪২ অনুচ্ছেদ মতে “অনুসূচিত জনজাতি (Scheduled Tribes)” হিচাবে চিহ্নিত কৰা হৈছিল। সংবিধানৰ এনে চিহ্নিতকৰণৰ সময়তো ভাৰতৰ বহুতো পিছপৰা জাতি (Backward Castes) বিভিন্ন কাৰণ তথা অজুহাতত বাদ পৰি থাকিল। ভাৰতৰ আন প্ৰদেশত কিছুমান জাতিক অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (Scheduled Castes & Scheduled Tribes) হিচাবে চিহ্নিতকৰণ কৰা হ’ল যদিও, একেই নৃ-গোষ্ঠী আৰু জাতিক নানা অজুহাতত অসমৰ ক্ষেত্ৰত তেনে চিহ্নিতকৰণ কৰা নহ’ল। যাৰ ফলত এক বিশাল অংশৰ অসমৰ পিছপৰা জাতিৰ লোকসকল (চাহ বাগিচাত থকা সকলো লোক) তেনে সাংবিধানিক সংৰক্ষণ আৰু সা-সুবিধাৰ পৰা বঞ্চিত হ’ল। তেনে বাদ পৰা তথা বঞ্চিত হোৱা পিছপৰা জাতি সমূহৰ ক্ষেত্ৰত সংবিধানৰ ৩৪০ (১) (২) (৩) অনুচ্ছেদ মতে সংবিধানৰ গণ্ডীৰ ভিতৰত অনুসূচিত জাতি আৰু জনজাতিৰ ওপৰিও ‘সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা’ শ্ৰেণী সমূহৰ অৱস্থাৰ বিষয়ে অনুসন্ধান আৰু অধ্যয়ন চলাই আয়োগ গঠনৰ সিদ্ধান্ত’ লোৱা হ’ল, আৰু ১৯৫৩ চনৰ ২৯ জানুৱাৰীত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ আদেশ মৰ্মে কাকা কালেলকাৰৰ সভাপতিত্বত “পিছপৰা শ্ৰেণী আয়োগ (Backward Class Commission)” গঠন কৰা হ’ল। এই আয়োগে ১৯৫৫ চনৰ ৩০ মাৰ্চত প্ৰতিবেদন দাখিল কৰে আৰু সেই প্ৰতিবেদনৰ ভিত্তিত মহামহিম ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ২৩৯৯ টা জাতিক “অন্যান্য পিছপৰা জাতি (Other Backward Classes-OBC)” আৰু ৮৩৭ টা জাতিক “অতিশয় অন্যান্য পিছপৰা জাতি (More Other Backward Classes- MOBC)” হিচাবে চিহ্নিত কৰে। তাৰেই অংশ হিচাবে ১৯৫৯ চনত অসম প্ৰদেশ তথা ৰাজ্যত “The Advisory Council for Welfare of the Other Backward Classes in Assam, Rules, 1959” লিপিবদ্ধ কৰা হয় আৰু TAD/BC/17/58 dated 15th August, 1962 ৰ যোগে বিজ্ঞপ্তি প্ৰকাশ কৰি সেয়া Assam Gazetteৰ Part-2Aত ২৬ চেপ্তেম্বৰ, ১৯৬২ তাৰিখত প্ৰকাশিত হয়। তেনে উদ্যোগৰ মাজেৰেই ১৯৭৫ চনৰ ২৭ নৱেম্বৰত TAD/BC/268/75/37 বিজ্ঞপ্তিযোগে অসমৰ আহোম, বৰিয়া, বাৰুই, বাঢ়ৈ, বাৰুজীৱী, চুতীয়া, চাউদাং, কাছাৰ জিলাৰ গণক, ঘোষ/গোপ/গোৱালা,কাছাৰৰ কুমাৰ আৰু ৰুদ্ৰপাল, কোপাধৰ/কুশিয়াৰি, মাহিষ্য/মাহিষ্য দাস, মণিপুৰী/মণিপুৰী ব্ৰাহ্মণ/মণিপুৰী মুছলমান, মৰাণ আৰু মটক, মুখী, নাপিত, নেপালী (থাপা, গুৰুং, মগৰ, নেৱাৰ, লোহাৰ, ডামি, গাইন, ৰায়, চেত্ৰী, লিম্বু, চাৰ্কি), কোচ/কোচ ৰাজবংশী, শালৈ, শূদ্ৰ দাস, সূত, তেলী, নাথ যোগী, মৈমাল, মৰিয়া আদি ২৭ টা পিছপৰা জাতিৰ লগতে চাহ বাগিচাৰ বনুৱা আৰু চাহ বাগিচাৰ পৰা ওলাই যোৱা বনুৱা তথা জাতি-জনজাতিক (৯০ টা জাতি-জনজাতিক একেলগে সমূহিয়া গোট হিচাবে) “অন্যান্য পিছপৰা শ্ৰেণী” (OBC) হিচাবে চিহ্নিত কৰে। লগতে মৰাণ আৰু মটক, চাহ বাগিচাৰ পৰা ওলাই অহা সকলো বনুৱা তথা জনজাতি আৰু চাহ বাগিচাত থকা গঁড়, মুণ্ডা, কন্ধ, ওৰাওঁ, চাওঁতাল, শৱৰ, পান আদি ৭টা জাতি ; গোৱালপাৰা জিলাৰ কোচ-কোচ ৰাজবংশী, মৰিয়া, চুতীয়া আৰু চাউদাং সকলক “অতিশয় অন্যান্য পিছপৰা জাতি (MOBC) হিচাবে চিহ্নিত কৰে। চাহ বাগিচাত থকা আৰু চাহ বাগিচাৰ পৰা ওলাই অহা ৯০ টা জাতিক এক সমূহীয়া গোট হিচাবে অন্তৰ্ভূক্ত কৰি More Other Backward Classes (MOBC) হিচাবে Trribal Areas and Welfare of Backward Classes Departmentৰ Letter No. TAD/BC/268/795/37 dated 27th November, 1975ৰ জৰিয়তে Tea Garden and Ex-Tea Garden Tribes হিচাবে ঘোষণা কৰা হয়। এই ৯০ টা জাতিৰ তালিকাখনৰ আজিলৈকে কোনো পুনৰীক্ষণ (Review) হোৱা নাই। আনহাতে এই তালিকাখনত একোটা মূল জাতিক কেতিয়াবা উপাধি, কেতিয়াবা মূল জাতিৰ উপ-জাতি (sub-castes) অথবা টোটেম বা গোষ্ঠী (sept) আদিৰ নামটোকেই জাতি হিচাবে চিহ্নিত কৰা হৈছে। চাহ বাগিচাত থকা বহু জাতিও এই তালিকাখনৰ পৰা বাদ পৰি গৈছে, যাৰ ফলত বহু জাতিয়ে নিজৰ জাতিৰ নামত পৰিচয় ল’ব পৰা নাই। আনহাতে একে নামৰ বহু জাতিয়েও চাহ বাগিচাৰ জাতি-জনজাতিৰ তালিকাত থকা জাতিৰ নামেৰে চৰকাৰী সা-সুবিধা লৈ থকা পৰিলক্ষিত হৈছে। এনেবোৰ কাৰণত আমি এশ একুৰি বছৰৰ আগতে অসমৰ চাহ বাগিচাত থকা জাতি সমূহৰ বিষয়ে কিছু অনুসন্ধান আৰু অধ্যয়ন কৰিবলৈ ১৯০১ আৰু ১৯১১ চনৰ অসমৰ লোকপিয়লৰ প্ৰতিবেদন অধ্যয়ন কৰিছিলোঁ।

১৯০১ চনৰ অসমৰ চাহ বাগিচাসমূহত হোৱা লোকপিয়লৰ তথ্য:

ইংৰাজ শাসনৰ সময়চোৱাত অসমৰ ১৯০১ চনৰ লোকপিয়লৰ লগতে অসমৰ চাহ বাগিচা সমূহতো বিশেষভাৱে লোকপিয়ল হৈছিল। এই লোকপিয়লৰ Superintendent of Census Operations, Assam আছিল B. C. Allen আৰু এই লোকপিয়লৰ প্ৰতিবেদন প্ৰকাশ পাইছিল ১৯০২ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে। এই প্ৰতিবেদনৰ Volume-1 (Report)ৰ Chapter-IIIৰ Para No. 66ত চাহ বাগিচাত থকা মানুহখিনিৰ সম্পৰ্কে উল্লেখ পোৱা যায় এনেদৰে– The total number of persons who are estimated to have originally came to Assam to work on Tea Gardens is 6,45,000, and it is interesting to trace the extent to which they are being absorbed into the general population. I have accordingly compiled totals for persons born in the coolie-exporting provinces, and censused in the villages, as distinct from the towns, gardens, and railway works, of seven out of the eight plain districts. I have omitted towns and railways, as, though coolies undoubtly drift to these places, they also contain a certain number of immigrants who have come to Assam for trade or other purposes ; but in rural areas there are practically no other than ex-coolies or cultivators, — and we are fairly safe, I think, in assuming that the last named class only come from the four divisions of Bengal which have been committed from the statement of margin. The total number is 121368, and, as Mr. Gait calculated that there were 97113 such persons in the whole province in 1891, it is evident that during the last ten years there has been an increase of at least a quarter of a lakh in the number of those who came to Assam as coolies and settled down as cultivators. This does not of course represent the total extent to which the tea industry is colonising the province, as the children of these persons have to be taken into consideration, and it must also be borne in mind that merely to fill the vacancies caused by death, and to keep the figures at level of 1891 would require an annual exodus of about 4000 persons from gardens; so that, assuming that the total increase was distributed equally over ten years, the number of persons who must have passed every year from garden to the villages is no less than 7000. These figures are confirmed by the returns showing the land held ex-garden coolies compiled by revenue department, which show in the Assam Valley alone an average increase during the last ten years of a little over 5000 acres a year. The proportion of ex-garden coolies amongst the villages is becoming very appreciable. In Sibsagar, in spite of a considerable Assamese population, they form nearly 7 percent, in Tezpur Sadr they are 13, and in Lakhimpur district nearly 15 percent of village population. লোক পিয়লত উল্লেখিত চাহ বাগিচাৰ পৰা গাঁওলৈ যোৱা এই খেতিয়ক আৰু আন লোক সকলকেই পাচৰ কালত চৰকাৰে চৰকাৰী ভাৱে Ex-Tea Garden Labourer বুলি চিনাক্ত কৰিছে বা পৰিচয় দিছে।

১৯০১ চনৰ অসমৰ লোকপিয়লত Tea Garden Population by Castes: Tea Garden, Village and Town Population by Selected Castes: চাহ বাগিচাৰ জাতি সমূহৰ তথ্য:

১৯০১ চনৰ অসমৰ লোক পিয়লত চাহ বাগিচাত কাম কৰা লোক সকলৰ জাতিৰ নাম সমূহৰ উল্লেখ পোৱা যায়। এই লোকপিয়লৰ Chapter-XIত (pp.119) সেই সময়ত অসমৰ চাহ বাগিচাত বসবাস কৰা জাতি সমূহৰ তালিকা এখন Provincial Table-Vত উল্লেখ পোৱা যায় আৰু সেই সম্পৰ্কে উল্লেখ আছে এনেদৰে– Para. 200: Provincial Table-V (pp.289-305) analyses the racial constitution of the tea garden population, and throws some light on the extent to which coolies are settling in the province. Provincial Table-Vৰ Tea Garden Population by Castes, Part-1: Tea Garden, Village and Town Population by Selected Castes সম্বন্ধে উল্লেখ থকা তালিকাখন (pp.121-144( এনে ধৰনৰ— (১) আগাৰিয়া (The majority of the persons censused in the province were working on tea gardens in Sylhet and Sibsagar), (২) অহিৰ (Seven thousand one hundred sixty five Ahirs were censused on tea gardens, and the majority were probably Ghasis), (৩) অসুৰ (364 were censused on tea gardens), (৪) বাগদি বা বাক্তি (7061, out of total number enumerated were censused on tea gardens), (৫) বাঢ়ৈ (195 having been censused on tea gardens), (৬) বাউৰী (35,473 of them having been censused on tea plantations), (৭) বেদিয়া, (৮) ভড় (10,465 were censused on tea gardens of Surma Valley), (৯) ভিল, (১০) ভূঁঞা (38,193 were censused in tea gardens, most numerous in Sibsagar), (১১) ভূমিজ (25, 223 were censused on tea plantations), (১২) বিন্দ (2032 were censused on tea gardens), (১৩) বিনঝিয়া (In Assam they are employed as garden coolies), (১৪) বীৰহড় ( Censused in Assam as garden coolies), (১৫) চামাৰ (largely employed as coolie, in Surma Valley, 30,693 were censused on tea gardens), (১৬) চাষা (2006 were censused in Sibsagar district as garden coolie), (১৭) চেৰো (52 were censused on tea gardens), (১৮) ধাঙড় (In this province they are garden coolie), (১৯) ধানুক (215 were censused on tea gardens), (২০) ধানোৱাৰ (4 were censused, possibly akin to Munda), (২১) দুষাদ ( 6305 were censused in tea gardens, majority in Surma Valley), (২২) গঞ্জু (A title of Binjhias, Gonds, Khandaits, Kharwars, Mushahars and others ; schedule made it possible to ascertain to what caste the Ganjhus belonged, 1763 persons on tea gardens returned themselves under this title), (২৩) গৰেৰি (327 censuses on tea gardens), (২৪) ঘাঁচি (Ghasis are a coolie caste, 10,256 were censused on tea gardens), (২৫) ঘাটোৱাল (This is not a caste, but a title of many castes such as Bhumij, Kharwars, Bauri etc, who have been brought to the province as garden coolies. There was nothing to show to what caste these persons really belonged, 9,514 Ghatwals were censused in Sibsagar, 4,589 in Cachar and 3,905 in Lakhimpur), (২৬) গঁড় (Gonds come to this province as coolies, and 3,935 were censuses on tea gardens), (২৭) গোৱালা (Total 38,283 in the province, but 16, 390 Goalas were censused on the tea gardens in Sibsagar and Lakhimpur district), (২৮) গৰাইত (Total 1,848, but 1,461 censused on tea gardens), (২৯) ঝ’ৰা (Total 202, believed to be sub-tribe of Gonds, 196 censused on tea gardens), (৩০) জলহা (Employed as garden coolies in Assam, 1,519 were censused on the tea estates), (৩১) কদৰ (In Assam they were employed as garden coolies. This caste, who returned themselves as Rikhiasan being classified as Mushahars and Bhuiyas), (৩২) কাঁহাৰ (4,576 were censused on tea gardens), (৩৩) কালৱাৰ ( Total 1,930, but 1,041 censused on tea gardens), (৩৪) কামাৰ (Kamar are employed as garden coolies in Assam Valley), (৩৫) কন্ধ (Total 1,783, employed as garden coolies, 1,745 were censused on tea gardens), (৩৬) কৰঙা (Karangas in Assam are garden coolies), (৩৭) কাঁৱাৰ (Kaur- Dravidian origin, found in the tributary States of Chota Nagpur, total 249, majority were censused on tea gardens in Upper Assam), (৩৮) খদাল (Total 1624, all of them were censused in tea gardens), (৩৯) খণ্ডাইত (Total 295, and 245 having been censused on tea gardens), (৪০) খাড়িয়া (Total 7,934. Largely employed as coolies, 6,017 censused on tea gardens), (৪১) খেৰৱাৰ (employed as garden coolies), (৪২) কৈৰী (Total 11,152, cultivating castes. In Assam they are employed as coolies, and 7,098 were censused on tea gardens), (৪৩) কোল (A generic term applied to Mundas, Oraons, Bhumij and Kharias ; total 18,428, employed as coolies, 15,894 were censused on tea gardens), (৪৪) কোৰা (Total 3,584 ; 2,928 were censused on tea gardens), (৪৫) কৰুৱা (Total 2,348, and 2,243 were censused on tea gardens), (৪৬) কুমহাৰ (Total 26,793, and 3,238 Kumhars were censused on tea gardens, numerous in Sylhet), (৪৭) কুৰ্মি (Total 20,783. Largely employed as coolies in Assam, and 12,577 censused on tea gardens), (৪৮) লোধা (Total 249, and 204 censused on tea gardens), (৪৯) লোহাৰ (Total 10,464. Largely employed as coolies in Assam, and 7,374 censused on tea gardens), (৫০) মাহলি (Total 5,701, and 4,668 censused on tea gardens), (৫১) মাল (Total 4,435. 2,939 censused on tea gardens, employed as coolie in Assam), (৫২) মাঝি (A title used by boatmen and by Santals, Bagdis and numerous other castes ; total 8,401, and 4,055 Manjhis were censused on tea gardens), (৫৩) মোলিক (Total 188, and were only censused on tea gardens), (৫৪) মুচি (Originally a branch of Chamars, total 13,930, and 5,191 were censused on tea gardens), (৫৫) মুণ্ডা (Largely employed as coolie in tea gardens. Total 80,693, and 56,987 were censused on tea gardens), (৫৬) মুছাহৰ (Total 16,777, and 12,339 were found on the tea estates), (৫৭) নাগবংশী (A name used by Dosadhs, Tambulis, Mundas and others, total 376, and 326 were censused on tea gardens), (৫৮) নায়ক/ নাইক (A title of Chamars, Mal Paharias, Kharias, Ghasis and many other castes ; total-162, and 138 found on tea gardens), (৫৯) নুনিয়া ( Total 16,858 ; who come to this province to work as navvies. The large in numbers is due to the construction of the Assam-Bengal Railways and Dhubri extension), (৬০) ওৰাওঁ (Total 23,861, and 13,139 Oraons were censused on tea gardens), (৬১) পান (Weaving, basket making and servile castes of Chota Nagpur and Orissa, total-7,852. Pans came to this province as garden coolies), (৬২) পাচি (Total-6,989. Employed in Surma Valley as garden coolies), (৬৩) ৰাজৱাৰ (Total-6,702, and 4,735 censused on tea gardens), (৬৪) ৰাউতীয়া (Total-1,379. Rautias of Assam work as garden coolies), (৬৫) চৱৰ (Total-832, who are employed as garden coolies in Assam), (৬৬) চাওঁতাল (Total-77,680, A large number is as garden coolies), (৬৭) চুঁড়ী (Total-3,431, of which 1039 were censused on tea gardens), (৬৮) তাঁতী (Total-21,715 ; weaving castes of Bengal and Bihar, 16,112 were censused on tea gardens), (৬৯) তেলী (Total- 38,310, of which 6,854 were censuses on tea gardens), (৭০) তেলেঙা (Total- 2,058. Probably Telega or Telegu speaking castes of Madras), (৭১) তুৰি (Total-12,418. Largely employed as coolies in Assam ; 10,354 were censused on tea gardens).

১৯০১ চনৰ অসমৰ লোকপিয়লত আন আন জাতিৰ তথ্য: Other Castes Censused on Tea Gardens:

ওপৰত উল্লেখ কৰাসকলৰ বাহিৰেও লোকপিয়ল খনৰ Table-Vত (pp.297-305) Other Castes Censused on Tea Gardenৰ তালিকাখনত অসমৰ স্থানীয় জাতিৰ লোকৰো নাম সন্নিবিষ্ট হৈ আছে। এই সকল জাতিৰ লোকো সেই সময়ত অসমৰ চাহ বাগিচাৰ সৈতে জড়িত আছিল। সেই সকল হৈছে– আহোম, ভূটীয়া, বৰিয়া, ব্ৰাহ্মণ, ব্ৰহ্ম, চুতীয়া, ডফলা, গণক, গাৰো, কলিতা, খাচী, কোচ, কুকি, মণিপুৰী, মটক, মেছ, মিকিৰ (কাৰ্বি), মিৰি (মিচিং), লালুং (টিৱা), নদীয়াল (ডোম-পাটনি), নগা, ৰাভা, ৰাজবংশী, শালৈ, কছাৰী ইত্যাদি জাতিৰ লোকসকল। আনহাতে ১৯০১ চনৰ অসমৰ লোকপিয়লত ওপৰত উল্লেখিত তথ্য মতে Other Castes Censused on Tea Garden তালিকাত অসম ভূ-খণ্ডৰ বাহিৰৰ আগৰৱালা, অতিত, বাভন, বৈৰাগী, বৈষ্ণৱ, বনিয়া, বেলডাৰ, ভূঁইহৰ, ছত্ৰী, ডামি, দৰ্জি, ধুবি/ধোবা, হাজাম, হালোৱাই, হাঁড়ি, হো, কৈৱৰ্ত, কায়স্থ, কেওঁট, পাইক, পাঠান, পাটৰ, শেখ, লিম্বু, মগৰ, মাহাৰা, মালি, মাল পাহাড়ীয়া, মাল্লা, মঁয়ৰা, মেহতৰ, মুদি, নাপিত, নট আদি জাতিৰ লোকো অসমৰ চাহ বাগিচাৰ লোকপিয়লত তালিকাভূক্ত হৈছিল। সেইদৰে ১৯০১ চনৰ অসমৰ লোকপিয়লত ভাৰতবৰ্ষৰ বাহিৰৰ আমেৰিকান, আৰ্মেনিয়ান, অষ্ট্ৰেলিয়ান, বৃটিচ, কানাডিয়ান, চীনা, ইংৰাজ, ফৰাচী, জাৰ্মান, আইৰিচ, ৰাচিয়ান, স্কট, ৱেলচ্ আদি লোকৰো নাম এই লোকপিয়লত তালিকাভূক্ত হৈছিল। ১৯০১ চনৰ অসমৰ লোকপিয়লত অসম ভূ-খণ্ডৰ (চিলেট জিলাৰ সৈতে) চাহ বাগিচা সমূহত মুঠ ৬,৫৭,৩৩১ জন লোকৰ লোকপিয়ল হৈছিল ; তাৰ ভিতৰত ৩,৩৮,৯২৫ জন পুৰুষ আৰু ৩,১৮,৪০৬ গৰাকী মহিলা আছিল। চিলেট জিলাৰ ১,৪৪,৮৭৬ জন লোকক বাদ দিলে সেই সময়ত অসমৰ চাহ বাগিচাৰ সৈতে জড়িত ৫,১২,৪৫৫ জন লোক আছিল।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *