অনুবাদকবিতা

পাহাৰ আৰু নদীখন (মূল: পাব্‌লো নেৰুডা; অনুবাদ: কিশোৰ দাস)

(Pablo Neruda ৰ “The Captain’s Verses” ৰ তৃতীয়টো ভাগ “Lives” ৰ প্ৰথমটো কবিতা The Mountain and The River ৰ অনুবাদ)

মোৰ দেশত এখন পাহাৰ আছে
মোৰ দেশত এখন নদী আছে

মোৰ স’তে আহা

নিশাটোৱে পাহাৰখনত বগুৱাবাই উঠে
ভোকে নদীখনত ডুব যায়

মোৰ স’তে আহা

এইসকল কোননো যিসকলে ভুগি আছে?
মই নাজানো, কিন্তু তেওঁলোক মোৰ মানুহ

মোৰ স’তে আহা

মই নাজানো, কিন্তু তেওঁলোকে মোক মাতে আৰু কয়: আমি ভুক্তভোগী

মোৰ স’তে আহা

আৰু তেওঁলোকে মোক কয়: তোমাৰ মানুহবোৰ, ভাগ্যহীন মানুহবোৰ
পাহাৰ আৰু নদীখনৰ মাজত
ভোক আৰু দুখৰ মাজত
সিহঁতে অকলে যুজিব নিবিচাৰে
বন্ধু, তোমালৈ সিহঁতে ৰৈ আছে

আৰু তুমি, যাক মই ভালপাওঁ
অকণমানি, ঘেঁহুৰ ৰঙা দানাটো

যুঁজ কঠিন হ’ব
জীৱন কঠিন হ’ব
কিন্তু তুমি মোৰ স’তে আহিবা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *