নিবন্ধবিজ্ঞান-প্ৰযুক্তি

পেলনীয়া প্লাষ্টিকৰ পৰা হাইড্ৰজেন ইন্ধন আৰু গ্ৰাফিন-(ড° অমৃত গোস্বামী)

বৰ্তমান সময়ত পেলনীয়া প্লাষ্টিক বা পলিথিনে ভয়াৱহ ৰূপলৈ কিমান সমস্যা সৃষ্টি কৰিছে সেই কথা পুনৰবাৰ দোহৰাৰ আৰু কোনো প্ৰয়োজন নাই। ঘৰৰ ভিতৰে বাহিৰে কেৱল অ’ত ত’ত সিঁচৰতি হৈ থকা দেখা যায় এই পেলনীয়া পলিথিন, প্লাষ্টিকৰ বেগ বা এইবিলাকৰ দ’ম। এই পেলনীয়া পলিথিন বা প্লাষ্টিকৰ বেগ বা টুকৰাবোৰ পৌৰ নিগমসমূহে নগৰ চহৰৰ পৰা সংগ্ৰহ কৰি কিছু আছুতীয়া ঠাইত দ’মাই ৰখাৰ ব্যৱস্থা কৰে আৰু কেতিয়াবা সেইবিলাকক কিছুমান প্ৰযুক্তিৰ যোগেদি পথ নিৰ্মাণ কৰাত, ঘৰ সজাৰ সামগ্ৰী ইটা তৈয়াৰ কৰাত, বিদ্যুত শক্তি আহৰণ কৰাকে ধৰি কিছু কিছু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যোৱাৰ কথা মাজে সময়ে জানিবলৈ পোৱা যায়। কিন্তু এই সকলোবোৰ ব্যৱস্থাৰে পেলনীয়া প্লাষ্টিকৰ ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তি উদ্ভাৱিত হ’লেও সেইবিলাকৰ এটা ডাঙৰ অন্তৰায় হ’ল ব্যৱহাৰ্য্য পদ্ধতিবোৰৰ যোগেদি বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমন ঘটে যিটো বৰ্তমান জলবায়ু পৰিৱৰ্তন ঘটাৰ পৰিপ্ৰেক্ষিতত একেবাৰে গ্ৰহণযোগ্য নহয়। কিন্তু ফটা কেঠাতহে সোণ থকা বুলি কোৱা আমাৰ কথাষাৰৰ দৰে যদি এই পেলনীয়া প্লাষ্টিকবিলাক অতি মূল্যৱান সামগ্ৰী আৰু বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমন নকৰা ইন্ধনৰ উৎস হৈ পৰে তেতিয়া হ’লে বাৰু কেনে লাগিব ভাবি চাওকচোন। ঠিক তেনেধৰণৰ এক আশাই যেন কঢ়িয়াই আনিছে চলিত মাহৰ প্ৰথম সপ্তাহৰ New Scientist আৰু Advance Materials নামৰ দুখন আন্ত:ৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশ পোৱা এক গৱেষণাৰ ফলে। তথ্য অনুসৰি আমেৰিকাৰ টেক্সাচ ৰাজ্যৰ হুস্তনৰ (Houstan) ৰাইচ বিশ্ববিদ্যালয়ৰ (Rice University) জেমচ্ টুৰ (James Tour) আৰু তেওঁৰ সহযোগী সকলে প্ৰকাশ কৰে যে পেলনীয়া প্লাষ্টিকক কোনো এক বিদ্যুত পৰিৱাহী দ্ৰব্যৰ সৈতে লৈ ইয়াৰ মাজেদি মাত্ৰ ৪ ছেকেণ্ডৰ বাবে যদি বিদ্যুত শক্তি প্ৰৱাহ ঘটাই ২৮০০o c লৈ গৰম কৰা হয় তেন্তে পেলনীয়া প্লাষ্টিকখিনিৰ পৰা ৯২% বিশুদ্ধ হাইড্ৰজেন আৰু গ্ৰাফিন (Graphene) নামৰ বৰ্তমান সময়ৰ এক অতি মূল্যৱান সামগ্ৰীলৈ ৰূপান্তৰিত হয় আৰু তাৰ লগতে সামান্য আন দুবিধ স্বতন্ত্ৰভাৱে মূল্য আৰোপিত দ্ৰব্য মিথেন আৰু প্ৰপেন গেছৰ সৃষ্টি হয়।
বৰ্তমান সময়ত হাইড্ৰজেন হ’ল জীৱাশ্ম ইন্ধনৰ একমাত্ৰ বিকল্প ইন্ধন। গ্ৰাফিন হ’ল আমি সদায় দেখি অহা কাঠ পেঞ্চিলত লিখিবলৈ ব্যৱহাৰ কৰা ক’লা ৰঙৰ গ্ৰেফাইট নামৰ দ্ৰব্যবিধৰ পৰা আহৰণ কৰা অত্যন্ত পাতল কাৰ্বন পৰমাণুৰ পাই (Pai) আৰু চিগ্মা (Sigma) ৰাসায়নিক বান্ধনিৰে (Chemical bond) বান্ধ খাই থকা ষড়ভূজ জালিকাৰ (Hexagonal lattice, তলত দিয়া চিত্ৰ চাওক) মৌচাকৰ দৰে সৃষ্টি হোৱা একক তৰপৰ গাঁথনিৰ এক বিশেষ ধৰণৰ দ্ৰব্য যি অত্যন্ত কঠিন, শক্তিশালী, স্বচ্ছ, লেহুকা, তাপ আৰু বিদ্যুতৰ অতি সুপৰিবাহী আৰু জৈৱ-সুসংগত (Biocompatible)। অন্য কোনো দ্ৰব্যতে ইমানবোৰ ধৰ্ম একেলগে থকা দেখা নাযায় আৰু সেয়ে ইয়াৰ ব্যৱহাৰ বহুল। আন্ত:ৰাষ্ট্ৰীয় বজাৰত ইয়াৰ প্ৰতিকিলোৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ২০০০০টকা। ৰাসায়নিক পদ্ধতিটোৰ কেইবাটাও আকৰ্ষণীয় দিশ আছে। প্ৰথমে, পলিথিন বা প্লাষ্টিক সমূহত থকা ৮৬% কাৰ্বনৰ সকলোখিনিয়েই গ্ৰাফিন সৃষ্টিত আৰু সামান্য শতাংশ ব্যৱহাৰ্য মিথেন আৰু প্ৰপেনলৈ ৰূপান্তৰিত হোৱাৰ বাবে বায়ুমণ্ডললৈ কোনোধৰণৰ কাৰ্বন নিৰ্গমন নঘটে। দ্বিতীয়তে পলিথিনত থকা ১৪% হাইড্ৰজেনৰ ৭০%ই আহৃত হয়। তৃতীয়তে এক গুলিত তিনি চিকাৰ হয়, অৰ্থাৎ এহাতেদি জাবৰ নিষ্কাষণ, আনহাতেদি জীৱাশ্ম ইন্ধনৰ বিকল্প ইন্ধন হাইড্ৰজেন আৰু লগতে অত্যন্ত আৱশ্যকীয় আন এক সম্পদ গ্ৰাফিনৰ উৎপাদন। পদ্ধতিটোত পলিথিন বা প্লাষ্টিকৰ কাৰ্বনসমূহ এবাৰ গ্ৰাফিনৰ সৃষ্টি হোৱা জালত সোমাই পৰিলে আৰু সি অন্যধৰণৰে পৰিৱেশলৈ ওলাই যাব নোৱৰা হয়। আটাইতকৈ আকৰ্ষণীয় বিষয়টো হ’ল পদ্ধতিটোৰ অৰ্থনৈতিক দিশটো। যদি গ্ৰাফিনৰ আন্ত:ৰাষ্ট্ৰীয় মূল্যৰ সামান্য ভগ্নাংশটো ইয়াক বিক্ৰী কৰা হয়, পদ্ধতিটোত হাইড্ৰজেনৰ উৎপাদিত মূল্য শূন্য বুলিয়েই ধৰিব পাৰি। All clouds have a silver lining বোলা আপ্তবাক্য শাৰীৰ সত্যতা যেন এই পেলনীয়া প্লাষ্টিকৰ ক্ষেত্ৰটো প্ৰমাণিত হৈছে। স্বাভাৱিকতেই খবৰটো ভাল লগা নহয়নে বাৰু?
অৱশ্যে ৰাসায়নিক পদ্ধতিটোৰ ফলৰ পৰ্য্যায় বৰ্তমান লেব-স্কেলত আছে আৰু বাণিজ্যিক পৰ্য্যায়লৈ আহিবলৈ হয়তো কিছু সময় লাগিব। হাইড্ৰজেনৰ উৎপাদনত ব্যৱহৃত শক্তিৰ প্ৰকৃতি, উৎস, পদ্ধতিটোৰ পৰা পৰিৱেশলৈ ঘটিব পৰা কাৰ্বন বা অন্যান্য সেউজগৃহ গেছৰ নিৰ্গমন আদি কথাবিলাকৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদিত হাইড্ৰজেনক বিভিন্ন ৰং যেনে ক’লা হাইড্ৰজেন (Black Hydrogen), নীলা হাইড্ৰজেন (Blue Hydrogen), মুগা হাইড্ৰজেন (Brown Hydrogen), গুলপীয়া হাইড্ৰজেন (Pink), বেঙেনাবুলীয়া হাইড্ৰজেন (Purple Hydrogen), ধোঁৱা বৰণীয়া হাইড্ৰজেন (Gray Hydrogen), বগা হাইড্ৰজেন (White Hydrogen), সেউজীয়া হাইড্ৰজেন (Green Hydrogen) ইত্যাদি বিভিন্ন ৰঙৰ দ্বাৰা চিহ্নিত কৰা হয়। ইয়াৰ ভিতৰত প্ৰাকৃতিকভাৱে থকা আণবিক হাইড্ৰজেনক বগা হাইড্ৰজেন আৰু সৌৰশক্তি বা পৱনশক্তিৰ ব্যৱহাৰেৰে উৎপাদিত বিদ্যুতেৰে বিদ্যুত বিশ্লেষণ কৰি পানীৰ পৰা উৎপাদন কৰা হাইড্ৰজেনক কোৱা হয় সেউজীয়া হাইড্ৰজেন যাৰ উৎপাদনৰ ক্ষেত্ৰত বায়ুমণ্ডললৈ কোনোধৰণৰ কাৰ্বন নিৰ্গমন নহয়। এই সেউজীয়া হাইড্ৰজেনেই হৈছে বৰ্তমান সময়ৰ যান-বাহন বা বিভিন্ন উদ্যোগত জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাৱে ব্যৱহাৰৰ বাবে পছন্দৰ ইন্ধন। পেলনীয়া প্লাষ্টিকৰ পৰা ওপৰত উল্লেখ কৰা জেমচ্ টুৰৰ পদ্ধতিত যিহেতু কোনোধৰণৰ কাৰ্বন বায়ুমণ্ডললৈ নাযায়, সেয়ে পেলনীয়া প্লাষ্টিকৰ পৰা হাইড্ৰজেন উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা বিদ্যুত শক্তি যদি সৌৰশক্তি বা পৱনশক্তিৰ পৰা আহৰণ কৰা হয়, তেন্তে এই পদ্ধতিৰে উৎপাদন কৰা হাইড্ৰজেনকো সেউজীয়া হাইড্ৰজেনৰ শাৰীতে ধৰিব পাৰি। বৰ্তমান সমগ্ৰ বিশ্বতে কেৱল ১% হে সেউজীয়া হাইড্ৰজেনৰ উৎপাদন হয় আৰু সেউজীয়া হাইড্ৰজেনৰ প্ৰতি লিটাৰৰ দাম ২৫০-৪০০ টকা মান হয় আৰু সেয়ে ইয়াৰ দাম ১০০ টকাৰ তললৈ আনিব নোৱাৰিলে ই অতি ব্যয়-বহুল হ’ব। ভাৰত চৰকাৰে চলিত বছৰৰ জানুৱাৰী মাহতে দেশক এই দিশত স্বাৱলম্বী কৰিবলৈ আৰু লগতে অন্য দেশলৈও সেউজীয়া হাইড্ৰজেন ৰপ্তানি কৰাৰ অভিপ্ৰায়েৰে ১৯,৭৪০ কোটি টকাৰ বাজেটেৰে সৌৰশক্তি বা পৱনশক্তিৰ পৰা আহৰণ কৰা বিদ্যুতেৰে বিদ্যুত-বিশ্লেষণ কৰি পানীৰ পৰা সেউজীয়া হাইড্ৰজেন উৎপাদনৰ অভিযান ইতিমধ্যেই আৰম্ভ কৰিছে য’ত সুলভ মূল্যৰ বিদ্যুত বিশ্লেষক (Eletrolyser) উদ্ভাৱনৰ গৱেষণাৰ বাবেও ৪০০ কোটি ধাৰ্য্য কৰা হৈছে। এই শিতানৰ ধন দেশে ওপৰত উল্লেখ কৰা পেলনীয়া প্লাষ্টিকৰ পৰা উৎপাদন কৰিব পৰা হাইড্ৰজেন আৰু গ্ৰাফিনৰ ক্ষেত্ৰত গৱেষণাৰ বাবে ব্যৱহাৰ কৰি সেউজীয়া হাইড্ৰজেনৰ মূল্য কম কৰোৱাব পৰাৰ কথা চিন্তা কৰিব পাৰে।
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *