বিবিধ চিন্তা

“সংৰক্ষণ” সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ কথা-(ৰঞ্জিৎ বড়া)

“সংৰক্ষণ” শব্দটোত “সংৰক্ষণ”ৰ প্ৰকৃত অৰ্থ-উদ্দেশ্য স্পষ্ট নহয়। ইয়াৰ উপযুক্ত শব্দটো হ’ল—“প্রতিনিধিত্ব” (Representation) ।এই প্ৰতিনিধিত্ব ব্যক্তিৰ ব্যক্তিগত সামৰ্থ্যৰ ভিত্তিত প্রদান কৰা নহয়; কোনো ব্যক্তিক “সংৰক্ষণ” (প্ৰতিনিধিত্ব) ৰ সুবিধা প্রদান কৰা হয় এইবাবেই যে তেওঁ এটা শৈক্ষিক-সামাজিক দিশত পিছপৰা সম্প্ৰদায় বা জাতিৰ লোক। যিটো সম্প্ৰদায়ৰ সমাজ-ব্যৱস্থাটোত বা ৰাষ্ট্ৰ-ব্যৱস্থাটোত প্রতিনিধিত্ব জনসংখ্যা অনুপাতে অতি কম। “সংৰক্ষণ”ৰ যোগেদি সুবিধা লাভৰ জৰিয়তে ব্যক্তি এজনে নিজ সম্প্ৰদায়ক আগুৱাই নিয়াত সক্ৰিয় সহযোগিতা আগবঢ়াব বুলি ভবা হয়।

“সংৰক্ষণ” কিয় লাগে? “সংৰক্ষণ”ক প্রচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইয়াক যোগাত্মক বৈষম্য positive discrimination) বুলিও কোৱা হয়। “সংৰক্ষণ”-এ ক্ষতিপূৰক হিচাপে কাম কৰে। ভাৰতৰ সমাজৰ এক বৃহৎ জনসমূহক ‘জাতি’ৰ দোহাই সম্পদ, শিক্ষা, বেহা-বাণিজ্য আৰু নাগৰিক অধিকাৰৰ পৰা ঐতিহাসিকভাৱে বঞ্চিত কৰা হৈছিল। এই ঐতিহাসিক বঞ্চনাৰ ক্ষতি পূৰণৰ নিমিত্তে আৰু বৰ্তমান সুৰক্ষাৰ বাবে “সংৰক্ষণ”ৰ নীতি গ্ৰহণ কৰা হৈছে।

ভাৰতৰ সংবিধানত “সংৰক্ষণ”ৰ ব্যৱস্থা দহ বছৰৰ বাবেহে ৰখা হৈছিল নেকি ? উল্লেখযোগ্য যে সংবিধানত কেৱল ৰাজনৈতিক “সংৰক্ষণ”ৰ ব্যৱস্থাহে দহ  বছৰৰ বাবে ৰখা হৈছিল। বিশেষকৈ লোকসভা আৰু বিধানসভাত। প্রতি দহ বছৰৰ অন্তৰত সমীক্ষা চলাই এই “সংৰক্ষণ”ৰ ওপৰত সিদ্ধান্ত লোৱা হয়। সেয়েই ভাৰতৰ সংসদত দহ বছৰৰ মূৰে মূৰে সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা দেখা যায়।এই দহ বছৰৰ সময়সীমা শৈক্ষিক আৰু নিয়োগৰ ক্ষেত্ৰত থকা “সংৰক্ষণ”ৰ বাবে প্ৰযোজ্য নহয়।

জাতি ভিত্তিক “সংৰক্ষণ” কিয় দিয়া হয় ? এই প্রশ্নৰ উত্তৰ পাবলৈ হ’লে “সংৰক্ষণ”ৰ ধাৰণাটোৰ উদ্ভৱ কিয় হ’বলৈ পালে তাক জানিব লাগিব। ভাৰতৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ অক্ষমতাৰ কাৰণ হ’ল “জাতিগত পৰিচয়”ৰ ওপৰত ভিত্তি কৰি কৰা ঐতিহাসিক অৱদমন। এই ঐতিহাসিক অৱদমনক বৈধতা প্রদান কৰিছিল ধৰ্মীয় নীতিয়ে। সেয়ে জাতি-ব্যৱস্থাটোৱেই বৃহত্তৰ জনসমূহৰ অক্ষমতা, অন্যায় আৰু অসমতাৰ প্রধান কাৰণ বুলি বিবেচিত। যাৰবাবে পিছপৰা শ্ৰেণীৰ লোকক সৱল-সক্ষম কৰাৰ বাবে জাতিগত প্রতিনিধিত্বক সমাধানৰ এক পন্থা হিচাপে লোৱা হৈছে।

অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত “সংৰক্ষণ” কিয় দিব নালাগে সেই সন্দৰ্ভত বহুকেইটা যুক্তি আছে—

ক. দলিত তথা অন্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ দাৰিদ্ৰ অৱস্থাৰ কাৰণ জাতি-ব্যৱস্থা ভিত্তিক সামাজিক-ধৰ্মীয় শোষণ-বঞ্চনা। অৰ্থাৎ জাতি-ব্যৱস্থাটোৱেই দাৰিদ্ৰৰ “কাৰণ” আৰু দাৰিদ্ৰ “জাতি-ব্যৱস্থা”ৰ পৰিণতি। সেয়ে সমাধানৰ বাবে দাৰিদ্ৰ “কাৰণ” জাতি-ব্যৱস্থাটোৰ পৰাই আৰম্ভ কৰিব লাগিব।

খ. এজন ব্যক্তিৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন স্বাভাৱিক অৱস্থাতে সলনি হ’ব পাৰে বা নিজ প্ৰচেষ্টাত সলনি কৰিব পাৰি। কম উপাৰ্জন দাৰিদ্ৰৰ কাৰণ হ’ব পাৰে। কিন্তু আৰ্থিক স্বচ্ছলতা সত্বেও কোনো ব্যক্তি বৈষম্যৰ বলি হ’ব পাৰে। উদাহৰণস্বৰূপে, দলিত বা নিম্ন জাতিৰ লোকৰ মন্দিৰত প্রৱেশ নিষেধৰ কথাটো উল্লেখ কৰিব পাৰি।

গ. অর্থনৈতিক উন্নয়নৰ কাৰণে ৰাষ্ট্ৰৰ বিভিন্ন পৰিকল্পনা বা আঁচনি আছে। কিন্তু সামাজিক জাতি ভিত্তিক বৈষম্য দূৰ কৰাৰ কাৰণে কোনো বহুমুখী বাস্তৱসন্মত নীতি নাই।

ঘ. ভাৰতত আৰ্থিক দুৰ্নীতিৰ প্ৰকোপ ইমান চোকা যে নগণ্য হ’লেও “জাতিৰ প্রমাণপত্ৰ” পইচাৰে কিনি সুবিধা আদায়ৰ যত্ন কৰে। তেনে ক্ষেত্ৰত “আয়ৰ প্রমাণপত্ৰ” ক্ৰয় কৰাটো কিমান সহজ তাক সহজেই অনুমেয়। সেয়ে উপাৰ্জন-ভিত্তিক “সংৰক্ষণ” একেবাৰে অযুক্তিকৰ। কোনো কোনোৱে প্রশ্ন উত্থাপন কৰিব পাৰে যে দুয়োখনেই যিহেতু কিনিব পাৰি, সেয়ে  “জাতি ভিত্তিক সংৰক্ষণ” উঠাই দিব লাগে। কিন্তু সত্যটো হ’ল যে “জাতিৰ প্ৰমাণপত্ৰ” ক্ৰয় কৰাটো “আয়ৰ প্রমাণপত্ৰ” ক্ৰয় কৰাৰ দৰে সহজ নহয়। দ্বিতীয়তে, জাতিদম্ভ ইমান শক্তিশালী যে নাখায় থাকিলেও ভাৰতৰ মানুহে জাতিগত পৰিচয় হেৰুৱাব নোখোজে।

ঙ. “সংৰক্ষণ” ব্যৱস্থা সমাধান নহয়, সমাধনৰ বাবে এক পন্থাহে। “সংৰক্ষণ”ৰ উদ্দেশ্য হ’ল — সামাজিকভাৱে অৱহেলিত জনসমূহক সমাজ-ব্যৱস্থাটোৰ সকলো ক্ষেত্ৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সুবিধা প্রদান কৰা। “সংৰক্ষণ” ব্যৱস্থা সকলো সমস্যাৰ সমাধানতো নহয়েই লগতে এই ব্যবস্থা স্থায়ীও নহয়। “সংৰক্ষণ” ব্যৱস্থা সামাজিক সমস্যা সমাধনৰ এক সাময়িক উপায়হে। বাতৰি কাকতত প্রকাশ পোৱা বিয়াৰ বিজ্ঞাপনত জাতিৰ ভিত্তিত দৰা-কইনা বিচৰাৰ পৰম্পৰা থকালৈকে এনে ধৰণৰ ব্যৱস্থাৰ প্ৰাসংগিকতা থাকিব।

ছ. Creamy layer ব্যৱস্থা কিমান যুক্তিসন্মত ? Creamy layer হ’ল “সংৰক্ষণ”ৰ সামগ্ৰিক ফলপ্রসূতাক নিঃশেষ কৰা চক্ৰান্ত। এই চক্ৰান্ত “সংৰক্ষণ-বিৰোধী”সকলৰ দাবীৰ ফল। উল্লেখযোগ্য যে আইআইটিত এছচি-এছটিৰ বাবে সংৰক্ষিত আসনৰ ২৫-৪০ শতাংশ আসন খালী হৈ থাকে, কাৰণ আইআইটিয়ে এতিয়াও উপযুক্ত প্ৰাৰ্থী বিচাৰি নাপায়। তেনে ক্ষেত্ৰত যদিহে এছচি-এছটিৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰক Creamy layer ৰ দোহাই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰা হয় ইয়াৰ পৰা লাভান্বিত হ’ব কোন? এছচি-এছটিৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ জাতিৰ অৱস্থাসম্পন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ স’তে ফেৰ মাৰিব পাৰিব নে? যি দেশৰ সৰ্বোত্তমপ্রশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ প্ৰতিযোগিতাত নামে ৷ অৰ্থাৎ Creamy layer প্ৰৱৰ্তনৰ ফলত আইআইটিৰ নিচিনা শিক্ষানুষ্ঠানত এছচি-এছটিৰ আসন খালী হৈ পৰি থাকিব। ইয়াৰ ফলত লাভান্বিত হ’ব কোন সেয়া স্পষ্ট।

“সংৰক্ষণ” কিমান দিনলৈ চলিব লাগে? এইটো প্রশ্নৰ উত্তৰ সংৰক্ষণ-বিৰোধীসকলৰ হাততহে আছে। এইটো নিৰ্ভৰ কৰিব “উচ্চ জাতি”ৰ আধিপত্যত থকা কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডলে কিমান ফলপ্রসূভাৱে সংৰক্ষণ ব্যৱস্থাক ৰূপায়ণ কৰিবলৈ নীতি নিৰ্ধাৰণ কৰে। এয়া সম্পূৰ্ণ “উচ্চ জাতি” বা উচ্চ শ্ৰেণী — যি তিনি হাজাৰ বছৰ ধৰি একচেতিয়াভাৱে অঘোষিত “সংৰক্ষণ”ৰ সুবিধা লাভ কৰি আহিছে একবিংশ শতিকা পৰ্যন্ত। ভাৰতীয় সমাজৰ কেন্দ্ৰবিন্দু ধৰ্মীয় উপাসনাৰ স্থান আৰু অনুষ্ঠান-উৎসৱত “সংৰক্ষণ”ৰ সুবিধা লাভ কৰি অহা শ্ৰেণীটোৱে আজি সাংবিধানিক সংৰক্ষণৰ সময়সীমাৰ কথা সোধাটো কিমান যুক্তিসংগত ? ব্ৰাহ্মণকে ধৰি উচ্চজাতিৰ লোকে তেওঁলোকে উপভোগ কৰি অহা “সংৰক্ষণ” কেতিয়ালৈ অন্ত পৰিব সেই প্রশ্ন কেতিয়াবা কৰিছে নে ? যিসকল লোক তিনি হাজাৰ বছৰীয়া জাতি ভিত্তিক শোষণ-অৱদমনৰ বাবে শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশতে পিছপৰি থাকিল, সেইসকলক সামগ্ৰিক “অক্ষমতা” অতিক্ৰম কৰিবলৈ নিশ্চয়কৈ যথেষ্ট সময় লাগিব। অৰ্ধশতিকাৰ “সংৰক্ষণ” ব্যৱস্থা তিনি হাজাৰ বছৰীয়া “সংৰক্ষণ” ব্যৱস্থাৰ তুলনাত একোৱেই নহয়। সেয়ে “সাংবিধানিক সংৰক্ষণ” ব্যৱস্থাৰ কেতিয়া অন্ত পৰিব, সেই প্রশ্নৰ উত্তৰ তথাকথিত “উচ্চজাতি”ৰ নিজে বিচাৰি লোৱা উচিত।

বহুতে মত পোষণ কৰে যে “সংৰক্ষণ” ব্যৱস্থাই সমাজত বিভাজনৰ সৃষ্টি কৰিছে। কিন্তু এই ধাৰণা সম্পূৰ্ণৰূপে অযৌক্তিক। কাৰণ, আমাৰ সমাজখন ইতিমধ্যে প্রায় ৫০০০ টা জাতিত বিভক্ত হৈ আছে। “সংৰক্ষণ”ৰ ফলত এই ৫০০০ টা জাতিৰ পৰিচয় আজি SC, ST আৰু OBC হৈছে। অৰ্থাৎ তিনিটা “শ্ৰেণী” পৰিচয়লৈ আহিছে। অৰ্থাৎ বিভিন্ন জাতিৰ মাজৰ বিভাজন হাস পাই একোটা শ্ৰেণীগত পৰিচয় গঢ় লৈছে। ফলত সমাজৰ বিভিন্ন দিশত একত্ৰিত হৈ কাম কৰাৰ উপৰি বৈবাহিক সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰিছে; যি জাতি-ব্যৱস্থাৰ পতনৰ বাবে আটাইতকৈ শক্তিশালী অস্ত্ৰ হিচাপে পৰিগণিত হৈছে। সেয়ে, সংৰক্ষণ-বিৰোধীসকলে “সংৰক্ষণ”-এ বিভিন্ন জাতিৰ মাজত বিভাজনৰ সৃষ্টি কৰা বুলি চলোৱা প্রচাৰ বন্ধ কৰি “জাতি-ব্যৱস্থা” নিঃশেষ কৰাৰ বাবে কাৰ্যপন্থা হাতত ল’ব লাগে। কিন্তু, “সংৰক্ষণ”ৰ দৰে ব্যৱস্থা এটা আনিব লগা হোৱাৰ মূল কাৰণ “জাতি-ব্যৱস্থা”টো সন্দৰ্ভত বিশেষাধিকাৰ ভোগ কৰি অহা শ্ৰেণীৰ লোকে কোনো প্রশ্ন তোলা দেখা নাযায়। সংৰক্ষণ-বিৰোধীসকলে “জাতি-ব্যৱস্থা” সম্পৰ্কত একো প্রশ্ন নোতোলাৰ কাৰণটোৱেই হ’ল তেওঁলোকে আজি যি এক স্বচ্ছল অৱস্থাত আছে তাৰ মূল কাৰণটোৱেই হ’ল “জাতি-ব্যৱস্থা”ৰ জৰিয়তে পাই অহা সংৰক্ষণ আৰু সুবিধা। কিন্তু আজি জাতিৰ ভিত্তিতে বিশেষাধিকাৰ ভোগ কৰি অহাসকলে জাতিৰ ভিত্তিত প্রদান কৰিব বিচৰা “প্রতিনিধিত্ব”ৰ সুবিধাক লৈ প্রশ্ন কৰে! জাতিৰ ভিত্তিত নিজে ভোগ কৰা সা-সুবিধা শুদ্ধ, কিন্তু জাতিৰ ভিত্তিতে দুৰ্বল লোকক প্রদান কৰা সা-সুবিধা ব্যৱস্থা এটা অশুদ্ধ। এয়া ভণ্ডামিৰ চূড়ান্ত নিদৰ্শন।

 “সংৰক্ষণ”ৰ ফলত মেধাসম্পন্ন লোক বঞ্চিত নহ’ব নে? মেধাক কিদৰে সংজ্ঞায়িত কৰা হৈছে সেইটো আচল কথা৷ এইখিনিতে কানপুৰ আইআইটি-ৰ অধ্যাপক ৰাহুল বৰ্মনে লিখা এটা প্রবন্ধৰ এছোৱা উল্লেখ কৰা হওক—

“দক্ষিণ ভাৰতৰ চাৰিখন ৰাজ্যত ৬০% আৰু মহাৰাষ্ট্ৰত ৪০% পৰ্যন্ত আসন “সংৰক্ষণ” বিগত পঞ্চাশ বছৰ ধৰি “সংৰক্ষণ”ৰ ভিত্তিত পূৰণ কৰি অহা হৈছে বিভিন্ন ক্ষেত্ৰত। আনহাতে উত্তৰ ভাৰতৰ কেউখন ৰাজ্যতে ১৫% উচ্চজাতিৰ লোকে ৭৭% শতাংশ আসন শৈক্ষিক প্রতিষ্ঠান আৰু নিয়োগৰ ক্ষেত্ৰত অধিকাৰ কৰি আহিছে। (২৩% আসন “সংৰক্ষণ”ৰ জৰিয়তে পূৰণ কৰা হৈ আহিছে যিটো মূল কথা নহয়) বিশ্ববেংকৰ অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে দক্ষিণ ভাৰতৰ চাৰিওখন ৰাজ্য উত্তৰ ভাৰতৰ ৰাজ্যসমূহতকৈ “মানৱ উন্নয়ন সূচাংক”ৰ ক্ষেত্ৰত বহু ভাল অৱস্থাত আছে। এইটো সকলোৱে জানে যে দক্ষিণ ভাৰতৰ কেউখন ৰাজ্য আৰু মহাৰাষ্ট্ৰ ভাৰতৰ ভিতৰতে শিক্ষা, স্বাস্থ্য, ঔদ্যোগিক উন্নয়ন, দাৰিদ্ৰ নিবাৰণ আঁচনিৰ ৰূপায়ণ আদিত উত্তৰ ভাৰতৰ ৰাজ্যকেইখনতকৈ আগুৱাই আছে। ইয়াৰ পৰা বুজা যায় যে “সংৰক্ষণ”ৰ ফলত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে সকলো দিশতে আগুৱাই যাবলৈ সক্ষম হৈছে। আনহাতে “সংৰক্ষণ” ব্যৱস্থাৰ যথোচিত প্রয়োগৰ ক্ষেত্ৰত বিফল হোৱাৰ বাবেই উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়ন লেহেমীয়া।”

এছটি/এছটি-ৰ বাবে থকা “সংৰক্ষণ” ফলপ্ৰসূ হৈছে নেকি ? ৰাজহুৱা খণ্ডত থকা “সংৰক্ষণ”ৰ নীতিয়ে বহুতো লোকক উপকৃত কৰিছে। কেন্দ্ৰীয় চৰকাৰৰেই বিভিন্ন ক্ষেত্ৰত এছটি/এছটি-ৰ ১৪ লাখ কৰ্মচাৰীয়ে কাম কৰি আছে। তৃতীয়-চতুৰ্থ শ্ৰেণীৰ চাকৰিত এচচি-ৰেই কোটাৰ ১৬% আৰু প্রথম-দ্বিতীয় শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত ৮-১২% ৰ অধিক লোকে নিয়োজিত হৈ আছে। সেয়ে,দলিত (এচটি/এচটি) সম্প্ৰদায়ৰ মধ্য আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীটো “সংৰক্ষণ”ৰ ফলতেই আজি আমি দেখিবলৈ পাইছো। যিটো “সংৰক্ষণ” অবিহনে সম্ভৱ নহ’লহেঁতেন।

সমল গ্ৰন্থ

Why caste-based reservation is a logical social-justice measure by T. Thamarai Kannan On Agst. 17, 2019, Forward Press

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *