বিশ্বাস-অবিশ্বাস

সাপ আৰু অন্ধবিশ্বাস  (অজিৎ শইকীয়া)

আমি সাপ য’তে-ত’তে দেখা পাওঁ। ঘৰৰ ভিতৰতো কেতিয়াবা সাপ সোমায়। মন্দিৰতো অন্যান্য সৰু-সুৰা প্ৰাণীৰ দৰেই সাপ সোমাব পাৰে—এইটো সাধাৰণ কথা, কোনো অস্বাভাৱিক বিষয় নহয়। কাৰণ, মন্দিৰো একোটা ঘৰেই। ঘৰৰ ভিতৰত সাপ সোমালে, সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সোনকালে “সৰ্প বিশেষজ্ঞ”-ক খবৰ দিয়া উচিত।
উত্তৰ বংগৰ এটা শিৱমন্দিৰৰ শিৱলিংগৰ ওপৰত সাপ এটা তিনিদিনধৰি আশ্ৰয়লৈ থাকিল। স্থানীয় সাধাৰণ মানুহে সেয়া এক অলৌকিক বিষয় বুলি জ্ঞান কৰিলে। সাপটোক ৰাইজে দূৰৈৰ পৰা পূজাত ব্যৱহাৰ কৰা কিবাকিবি খাদ্যবস্তু আগবঢ়ালে। সাপে বাৰু সেই খাদ্য খায় নে? পূজাত ব্যৱহাৰ কৰা উদ্ভিদজাত বস্তু সাপে খায় জানো? সাপটোৱে তিনিদিন একো খোৱা নাছিল।
মন কৰিব, কেতিয়াবা কোনো কাৰণত সাপে একে ঠাইতে কেইবাদিনো থাকিব পাৰে। এইটো একো আচৰিত কথা নহয়। শিৱলিংগৰ ওপৰত উঠি থকা সাপটো, বহুতে ভবাৰ দৰে কালিকালগা নহয়। প্ৰকৃতিৰ কোনো জীৱই কালিকালগা নহয়, এইবোৰ মানুহৰ ভ্ৰান্ত ধাৰণা তথা অন্ধবিশ্বাস।
আমাৰ সমাজত সাপকলৈ বিভিন্ন প্ৰকাৰৰ অন্ধবিশ্বাস আছে। ঘৰৰ ভিতৰত বা মন্দিৰত সাপে আশ্ৰয় ল’লে, ইয়াৰ বিজ্ঞানসন্মত কাৰণ বিচাৰি, উপযুক্ত ব্যৱস্থা ল’ব লাগে। কালিকালগা বা এইবোৰ অলৌকিক কাণ্ড বুলি, হুলস্থূল কৰা আৰু অন্ধবিশ্বাস বিয়পোৱাৰ দৰে কাম কৰিলে মানুহৰ ক্ষতি হয়। সৰু ল’ৰা-ছোৱালীৰ বাবে বেছি ক্ষতিকাৰক।
উত্তৰ বংগৰ মন্দিৰটোলৈ তিনিদিনৰ মূৰত সাপ বিশেষজ্ঞ এজনক মাতি অনা হ’ল। বিশেষজ্ঞজনে সাপটো ধৰিয়েই গম পালে যে সি অসুস্থ আৰু ক’লৈকো যাব পৰা নাই। সাপটো তেখেতে অলপ প্ৰতিপাল কৰি, পাছত চিকিৎসকৰ সহায়ত চিকিৎসাৰ ব্যৱস্থা কৰিলে। লাহে লাহে সাপটো সুস্থ হৈ উঠিল আৰু তাক হাবিত মুকলি কৰি দিয়া হ’ল।
সাপ বিশেষজ্ঞজনে ৰাইজক বুজাই ক’লে যে, সাপক লৈ মনত কোনোধৰণৰ অন্ধবিশ্বাস ৰখা ঠিক নহয়। সাপৰ সাধাৰণ চাল-চলনৰ বিষয়ে সকলোৱে জানিবলৈ চেষ্টা কৰিলে, ভয়ৰ কোনো কাৰণ নেথাকে। সাপে কোনো ঠাইত অশ্ৰয় ল’লে, সোনকালে বিশেষজ্ঞক খবৰ দিবলৈ তেখেতে ৰাইজক অনুৰোধ কৰিলে।
সকলো প্ৰাণীয়েই প্ৰকৃতি জগতৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। মানুহে প্ৰাণীকুলৰ কোনো ক্ষতি কৰিব নেলাগে। সাপকে ধৰি সকলো প্ৰাণী বা জীৱক লৈ মানুহৰ মনত থকা ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাস দূৰ কৰি, সাপৰ জীৱন প্ৰণালী অধ্যয়ন কৰিলে বহুতো সু-ফল লাভ কৰিব পাৰি।
যদি কোনো লোকে কেতিয়াবা মন্দিৰ আদিত সাপ দেখা পাইছে, কোনোধৰণৰ অন্ধবিশ্বাসী মন্তব্য দিয়া যুগুত নহয়। তাৰ সলনি বিজ্ঞানসন্মত ব্যাখ্যা বা মন্তব্য আগ বঢ়ালেহে ৰাইজ উপকৃত হ’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *