অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

মহাবিদ্রোহী স্পাৰ্টাকাছ (ৰাহুল শ্যাম)

চিৰস্মৰণীয় বিদ্রোহী স্পাৰ্টাকাছ আৰু সংগীসকলৰ শাস্তি
(ৰুচ শিল্পী ফিয়োডৰ ব্রনিকভৰ তুলিকাত)

হিলাৰী ক্লিণ্টনে কোৱা এষাৰ বৰ বিখ্যাত কথা : “it’s impossible to know what happens in the fog of war”। হয়, যুদ্ধৰ কুঁৱলীৰ আঁৰত কি ঘটে সেয়া সম্পূৰ্ণকৈ জনাটো অসম্ভৱ। সাধাৰণ মানুহৰ বাবে যুদ্ধ এক অনাকাংক্ষিত বিষয়, কাৰণ জীৱন-জীৱিকাৰ অবিৰত সংগ্রামত ব্যস্ত সৰ্বসাধাৰণ জনতা স্বাভাৱিকতেই শান্তিপ্ৰিয়। কিন্তু শান্তিৰ বাবে, নিজৰ অস্তিত্বৰ বাবে কেতিয়াবা যুদ্ধ হৈ পৰে একমাত্ৰ উপায়, অতীত আৰু ভৱিষ্যতৰ মাজত মৃত্যুপৰ্যন্ত সংগ্ৰাম—ন্যায়ৰ হকে। কিন্তু প্রশ্ন উঠিব, তেনে যুদ্ধৰ শেষ পৰিণতি কি? এটা দলৰ জয় আৰু আনটোৰ পৰাজয়? আৰু হয়তো তেজৰ এখন খৰস্ৰোতা নৈ আৰু বীভৎস মৃত্যুৰ কিৰিলি, মৃতদেহৰ পৰ্বত। লগতে এইটো প্রশ্নও উঠিব, যুদ্ধৰ উৎস কি? লোভ, অধিকাৰ, প্ৰয়োজন, শত্ৰুতা নে মানুহৰ আদিম জিঘাংসা প্ৰবৃত্তি?

যুদ্ধৰ উৎস বা পৰিণতি যিয়েই নহওক, এটা কথা কোৱাটো নিষ্প্ৰয়োজন যে আদিম যুগৰ পৰা বৰ্তমানৰ পাৰমাণৱিক যুগলৈকে মানৱ-সভ্যতাৰ বিৱৰ্তনৰ দীৰ্ঘ ইতিহাসৰ এক উপাদান হ’ল যুদ্ধ। এই যুদ্ধই আমাক দি থৈ গৈছে মানৱীয় মূল্যবোধ আৰু নৈতিকতাৰ অলেখ পাঠ; কথানদীৰ সোঁতত বৈ অহা অলেখ বিপ্লৱীৰ তেজে লিখা দস্তাবেজ।ইতিহাসত জিলিকি থকা অলেখ সাক্ষ্যৰ পৰা স্পষ্ট, যেতিয়াই সমাজতক্ষমতাশালী শক্তিয়েশোষিত শ্রেণীৰ ওপৰত চলোৱাশোষণ, উৎপীড়ন আৰুঅত্যাচাৰে সীমা চেৰাই যায়, তেতিয়াই সেই শক্তিৰ বিৰুদ্ধে মূৰ তুলি উঠে নিপীড়িত শ্রেণীটোৱে। ক্রমাৎ তীব্রৰ পৰা তীব্রতৰ হৈ পৰে দুয়োটা শ্রেণীৰ মাজৰ সংঘাত। তেনে সংঘাতে শ্রেণী-সংগ্রামৰ ৰূপ ধাৰণ কৰে।আৰম্ভ হয় বিদ্ৰোহ-বিক্ষোভ। খৃষ্টপূৰ্ব প্ৰথম শতিকাত ৰোম সাম্ৰাজ্যৰ  দাস-মালিকবিলাকৰ বিৰুদ্ধে, দাস-প্রথাৰ প্রতিমুখে দাসসকলে কৰা জীৱনপণ যুদ্ধ আছিল ইতিহাসত চিৰস্মৰণীয় হৈ থাকি যোৱা বিদ্রোহৰ এটি উজ্জ্বল নিদৰ্শন। সেই দাস বিদ্ৰোহ আছিল অভাবনীয় শ্রেণী-শোষণে ক‌ঢ়িয়াই অনা অকথ্য দুখ-যাতনাই জন্ম দিয়া শ্রেণী-সংগ্রামৰ এক স্বাভাৱিক পৰিণতি। সেই সময়ৰ উক্ত যুগান্তকাৰী ঘটনাটোত নেতৃত্ব দিছিল স্পাৰ্টাকাছ নামৰ এজন দাস যুঁজাৰুৱে। ৰোম সাম্ৰাজ্যৰ কালসন্ধ্যাৰ আতংকময় নিনাদত বিদ্ৰোহী আস্ফালনেৰে তোলপাৰ লগোৱা স্পাৰ্টাকাছ আছিল প্ৰকৃতাৰ্থত দাস-বিদ্ৰোহৰ ৰণৰ তেজী ঘোঁৰা যাক ইতিহাসে শ্রেণী-বীৰত্ব আৰু শ্রেণী-ন্যায়ৰ প্ৰতীক হিচাপে আজিও সোঁৱৰে।

দাস বিদ্ৰোহৰ পূৰ্বৰ স্পাৰ্টাকাছৰ বিষয়ে বিশেষ একো জনা নাযায়।অৱশ্যে তেওঁৰ জন্ম খৃষ্টপূৰ্ব ১১১ চনত, “ষ্ট্ৰাইমন” নদীৰ মধ্যপ্ৰান্তত (বৰ্তমানৰ ষ্ট্ৰোমা নৈ, বুলগাৰিয়া নগৰ) হৈছিল বুলি কোৱা হয়। জন্মসূত্ৰে তেওঁ এজন ‘থ্ৰেছিয়ান’আছিল— এটা ইণ্ডো ইউৰোপিয়ান জনজাতি। খ্ৰী:পূ: ২য়-৩য় শতিকাৰ ৰোমত যেতিয়া সাম্ৰাজ্য বিস্তাৰৰ প্ৰক্রিয়া তুংগত আছিল, স্পাৰ্টাকাছ সেই সময়ত আছিলএজন ৰোমান সৈন্য। ৰোমৰ প্ৰজাতন্ত্ৰ মূলতঃ দাসমালিক আৰু অভিজাতসকলৰ ক্ষমতাৰ ভিত্তিত গঢ় লৈ উঠিছিল। সৈন্যবাহিনী প্ৰধানতঃ কৃষকসকলক লৈ গঠিত হৈছিল, কাৰণ নিজৰ খেতি মাটি থকা লোকসকলকহে সামৰিক বাহিনীত লোৱা হৈছিল। সাম্ৰাজ্য বিস্তাৰৰ বাবে হোৱা যুদ্ধবোৰত লাখ লাখ লোক বন্দী হৈছিল আৰু ৰোমৰ অধীনস্থ প্ৰদেশবোৰত নিৰ্মম অত্যাচাৰ চলোৱাৰ ফলত দাসৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছিল। এই কথাটোৱে দাস কিনা-বেচাৰ এখন বৃহৎ বজাৰৰ সৃষ্টি কৰিছিল। দাস-শ্ৰমৰ বিপুল ব্যৱহাৰ কৰা হৈছিল কৃষিকৰ্ম আৰু উৎপাদনশীল কামত।এই কথাটোৰ ইতিহাস যথেষ্ট পুৰণি। প্রকৃততে যেতিয়াই মানৱ-সমাজখন শ্রেণীৰ ভিত্তিত বিভাজিত হৈ পৰিছিল, তেতিয়াই দাসপ্রথাৰ অংকুৰোদ্গম হৈছিল। শ্ৰেণী বিভাজন যিমানেই প্রকট হৈ পৰিছিল, সিমানেই তীব্র হৈ পৰিছিল দাসসকলৰ ওপৰত শোষক শ্রেণীটোৱে কৰা শোষণ আৰু অৱদমন। এইক্ষেত্ৰত ৰোম সাম্ৰাজ্য আছিল আটাইতকৈওপৰত। ৰোমত দাসসকলৰ বিৰুদ্ধে চলা নিষ্ঠুৰ শোষণে-অত্যাচাৰে সীমা চেৰাই গৈছিল। তেনেদৰেই দাস মালিকানাৰ ভিত্তিত প্ৰতিষ্ঠিত সেই সমাজখনতেতিয়া বিকাশৰ চূড়ান্ত পৰ্যায় পাইছিলগৈ। বছৰ বছৰ ধৰি চলি অহা এই অত্যাচাৰ-নিপীড়নে স্বাভাৱিকতেই কিছুমান দাসৰ মনত বিদ্ৰোহৰ বীজৰোপণ কৰিছিল—মুক্তিৰ বাবে, নিজৰ অধিকাৰৰ বাবে, আৰু ক্ৰমান্বয়ে দাস মালিকবোৰৰ বিৰুদ্ধে এই সংগ্ৰামৰ তীব্ৰতা বাঢ়ি গৈ আছিল।

দাসসকলৰ মাজত থকা অতি সবল আৰু শক্তিশালী লোকসকলক ৰোমানসকলে অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ শিকাইছিল আৰু তেওঁলোকক ইজনে সিজনৰ বিৰুদ্ধে যুঁজত নামিবলৈ বাধ্য কৰাইছিল। অভিজাতসকলৰ বাবে ই আছিল মনোৰঞ্জনৰ এক উৎস। এই দাস যোদ্ধাসকলক গ্লেডিয়েটৰ বোলা হৈছিল। কাপোৱানামৰ নগৰখনত গ্লেডিয়েটৰসকলৰ বাবে এখন বিশাল বিদ্যালয় ফাটেক আছিল। খ্ৰী:পূ: ৭৪ চনত এই গ্লেডিয়েটৰসকলে এক ষড়যন্ত্ৰৰ সূচনা কৰে আৰু গোপনে বিদ্ৰোহৰ প্ৰস্তুতি চলায়। কিন্তু দুৰ্ভাগ্যবশতঃ ফাটেকৰ প্ৰহৰীবোৰে এই ষড়যন্ত্ৰৰ কথা কেনেবাকৈ জানিব পাৰিলে আৰু দাসসকলক ধৰিবলৈ খেদি আহিল। কিছুমান ধৰা পৰিল যদিও বেছিসংখ্যকেই পলাই সাৰিল। তেওঁলোকে ভিছুভিয়াছ পৰ্বতৰ শিলাময় শৃংগত আশ্ৰয় ল’লেগৈ। এই পলাতক দাসসকলে স্পাৰ্টাকাছক তেওঁলোকৰ নেতা হিচাপেবিবেচনা কৰিলে। স্পাৰ্টাকাছ আছিল শক্তি, সাহস আৰু বুদ্ধিৰে বলীয়ান এজন অতুলনীয় মানুহ, যিজনে দাসসকলৰ মুক্তিৰ আকাংক্ষাক প্ৰাণৱন্ত কৰি তুলিছিল। স্পাৰ্টাকাছে ক্ৰিক্সাছ আৰু অইন’মাছ নামৰ দুজন যুঁজাৰু লোকক সেনাপতি হিচাপে নিযুক্ত কৰে। প্ৰথমে কেৱল জোঙাল মাৰি আৰু সাধাৰণ ছুৰিৰে যুদ্ধ কৰা বিদ্ৰোহীসকলে পাছলৈ শত্ৰুৰ হাতৰপৰা অস্ত্ৰ-শস্ত্ৰ দখল কৰি শক্তিশালী হৈ উঠিছিল। চুবুৰীয়া ঠাইৰ দাসবিলাকেও স্পাৰ্টাকাছৰ দলত যোগ দিছিলহি। বহুতো পলাতক দাসেও স্পাৰ্টাকাছৰ দলত যোগ দিলেহি।

স্বাভাৱিকতেই ৰোমানসকল এই ক্ৰমবৰ্ধমান ভাবুকি আঁতৰাবলৈ সষ্টম হৈ পৰিল।ক্লাউডিয়াছ গ্লেডাৰ নামৰ সেনাপতিৰ নেতৃত্বত প্রায় ত্রিশ হাজাৰ সৈন্যই দাস-বিদ্ৰোহীসকলক পৰ্বত এখনৰ ওপৰত ঘেৰি আবদ্ধ কৰি পেলায়। তিনিও ফালে সশস্ত্র অগণন ৰোমান সৈন্য, এফালে আছিল ওখ পৰ্বতৰ ওপৰৰ, ভূমি নেদেখা ভয়াবহ থিয় ঢাল।ৰোমান সৈন্যই পৰিকল্পনা কৰিছিল যাতে দাস-বিদ্ৰোহীসকল অধিক আগবাঢ়ি যাব নোৱাৰে। তদুপৰি তেনেনিশ্ছিদ্র অৱৰোধৰ ফলত খাদ্যৰ যোগান ব্যাহত হ’ব, আৰু ফলস্বৰূপে গোটেই বিদ্রোহীবাহিনীটোৰ ভোক-পিয়াহত মৃত্যু হ’ব— এইটোও আছিল ৰোমানসকলৰ অমানৱীয় সামৰিক পৰিকল্পনাৰ অংগ। এই শ’লঠেকৰ পৰা ওলাবলৈ স্পাৰ্টাকাছে এক বিপজ্জনক সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ সকলো দাসবিদ্রোহীৰ সৈতেথিয়পৰ্বতটোৰ পৰা আঙুৰৰ লতাৰে একেবাৰে তললৈ নামি আহে।এই কথাটো বিপক্ষৰ সপোনৰো অগোচৰ আছিল। ৰোমানসৈন্যই কিবা কৰাৰ আগতেই বিদ্ৰোহীৰ দলটো সৰকি ওলাই গ’ল ৰোম অধীনস্থ কাম্পানিয়াৰ পৰা লুকানিয়ালৈ। এই অঞ্চলটো গেৰিলা যুদ্ধৰ বাবেও অনুকূল আছিল।এই কথাটো আছিল স্পাৰ্টাকাছ-বাহিনীৰ বাবে বৰউপযোগী। ৰোমান সেনাপতিয়ে যুদ্ধৰ বাবে স্পাৰ্টাকাছৰ পাছ লৈছিল হয়, কিন্তু প্ৰত্যেকবাৰেই তেওঁ পৰাজিত হয় দাসসকলৰ সমূহীয়া শক্তিৰ ওচৰত। এবাৰ এটাঅতৰ্কিত আক্ৰমণত ৰোমানবাহিনী সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। এনেধৰণৰ সফল অভিযান আৰু স্পাৰ্টাকাছৰ সুনিপুণ নেতৃত্বত দাসসকল দিনে দিনে অধিক সবল হৈ উঠিছিল।

বহুতো কৰ্মঠ, সাহসী আৰু মুক্তিকামী  দাসে বিদ্ৰোহী দলত যোগ দিছিলহি। বিদ্ৰোহীসকলে কাম্পানিয়া ৰোমানসকলৰ পৰা অধিকাৰ কৰিলে। আপিয়াননামৰ বুৰঞ্জীবিদজনৰ মতে সেই সময়ত স্পাৰ্টাকাছৰ বাহিনীত প্ৰায় ৭০০০০ সৈন্য আছিল। মাজতে ক্ৰিক্সাছৰ নেতৃত্বত অহা জাৰ্মানীৰ পলাতক দাসবোৰৰ এটা দল বিপক্ষৰ হাতত বিধ্বস্ত হয় যদিও ই বিদ্ৰোহৰ অগ্রগতিৰ ওপৰত একো প্ৰভাৱ নেপেলালে। স্পাৰ্টাকাছে লেন্টুলাছক পৰাজিত কৰিআল্পছ পৰ্বতৰ দিশে আগবাঢ়ি যায়। প্ৰায় ১০০০০ ৰোমান সৈন্যৰ এটা বৃহৎ বাহিনী মিউটিনা নামৰ ঠাইত স্পাৰ্টাকাছৰ বাহিনীৰ হাতত পৰাজিত হয়। তেতিয়া এনে লাগিছিল যেন স্বাধীনতা আৰু বেছি দূৰত নাই, স্পাৰ্টাকাছে তেওঁৰ অজেয় সৈন্যৰ সহায়তযেন সমগ্র ৰোমান সাম্রাজ্যক পৰাভূত কৰাটো একপ্ৰকাৰ নিশ্চিত।

এইখিনিতে এটা কথা উনুকিয়াই থোৱাটো ভাল হ’ব। স্পাৰ্টাকাছৰ বাহিনীত থকা দাসসকল আছিল বিভিন্ন দেশৰ। ধাৰণা কৰা হয় যে স্পাৰ্টাকাছে নিজৰ বাহিনীটোক ইটালীৰ পৰা বাহিৰলৈ উলিয়াই নিব খুজিছিল যাতে তেওঁলোকে নিজ নিজ মাতৃভূমিলৈ উভতি যাব পাৰে। সেয়ে তেওঁ সৈন্যদলক উত্তৰ দিশে লৈ গৈছিল। ইটালী অতিক্ৰম কৰাৰ পাছত তেওঁলোকে ৰোমান বাহিনীক পৰাস্ত কৰি ‘পো’ নদীৰ উপত্যকা পালেহি। কিন্তু ইয়াৰ পাছতেই স্পাৰ্টাকাছে হঠাতে বিপৰীত দিশে গতি কৰিবলৈ আৰম্ভ কৰিলে। এই কথাটোৰ প্রকৃত কাৰণ কি, সেইটো লৈ মতবিৰোধ থাকিলেও অনুমান কৰা হৈছে যে সম্ভৱতঃ কিছুমান দাসে ইটালী ত্যাগ কৰিবলৈ মন কৰা নাছিল। বিদ্ৰোহীৰ দলটো উভতি অহাৰ খবৰে দাস মালিকবোৰক আতংকিত কৰি পেলালে। অথচ ৰোম অৱৰোধ কৰিবলৈ স্পাৰ্টাকাছৰ যথেষ্ট শক্তি নাছিল, সেয়ে তেওঁ ইটালীৰ দক্ষিণ দিশে সৈন্যসহ গতি কৰিলে আৰু ইটালীৰ দক্ষিণ-পশ্চিম অন্তৰীপ পালেগৈ। তাৰ পাছত তেওঁ ছিছিলিনামৰ দ্বীপটোত দাস-বিদ্ৰোহ ঘটোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ জলদস্যুবোৰে তেওঁলোকক প্ৰতাৰণা কৰাত প্ৰণালীটো পাৰ হ’বলৈ দাসসকল সক্ষম নহ’ল। দাসসকলে ভূৰ সাজি সাগৰেদি ছিছিলিলৈ যাব খুজিছিল যদিও প্ৰবল ধুমুহাৰ বাবে ইয়াতো তেওঁলোক থমকি ৰ’ব লগা হ’ল। এনেক্ষণত ৰোমান সেনাপতি ক্ৰাচ্ছুছেবিদ্ৰোহীসকলক আক্ৰমণ কৰিবলৈ সাহ নকৰিলে যদিও অন্তৰীপটোৰ পৰা যাব পৰা একমাত্ৰ পথটো গ‌ড় বান্ধি বেৰি ৰাখিলে। বিদ্ৰোহীসকল ফান্দত পৰিল—আকাল-অনাহাৰে তেওঁলোকক গ্ৰাস কৰিলে। ইয়াৰ পাছতো স্পাৰ্টাকাছৰ মনোবল ভাঙি যোৱা নাছিল, তেওঁ প্ৰচণ্ড শীতৰ ৰাতি শত্ৰুৰ ওপৰত তীব্ৰ আক্ৰমণ চলাবলৈ নিজৰ বাহিনীক প্ৰস্তুত কৰিলে। গড়খাৱৈ পুতি ভৰাই পেলালে আৰু দেৱাল-বান্ধ দখল কৰি খোপনি ল’লে। কিন্তু এনে সময়তে ৰোমান বাহিনীয়ে অতৰ্কিতে আক্ৰমণ কৰি সকলোকে সংহাৰ কৰিলে। সিপিনে বলকানউপদ্বীপৰ পৰা সৈন্যদল আহি ইটালী পালেহি আৰু স্পেইনৰ পৰাও পোম্মাইনামৰ এজন সেনাপতিৰ নেতৃত্বত এদল সৈন্যবাহিনী আহি তাত উপস্থিত হ’লহি। বিপক্ষৰ সকলোবোৰ সৈন্য যাতে একেলগ হ’ব নোৱাৰে তাৰ বাবে স্পাৰ্টাকাছে তেওঁৰ বাহিনীটোক ক্ৰাচ্ছুছৰ সৈন্যদল অভিমুখে আগুৱাই নিলে। খ্ৰী:পূ: ৭১ চনৰ এই যুদ্ধই আছিল ৰোমান সৈন্য আৰু বিদ্ৰোহীসকলৰ মাজৰ শেষ যুদ্ধ। বিপক্ষ দলৰ সৈন্যদলৰ সংখ্যা আৰু শক্তি বহুগুণে বেছি আছিল যদিও বিদ্ৰোহীসকলে তেওঁলোকৰ চূড়ান্ত শেষ যুদ্ধখনত অসীম সাহসেৰে যুঁজ দিছিল। স্পাৰ্টাকাছৰ প্ৰচণ্ড আক্ৰমণত শত্ৰুপক্ষৰ দুজন সেনাপতি নিহত হৈছিল, অৱশ্যে তেওঁৰ নিজৰো কৰঙণত আঘাত পাইছিল। তথাপি তেওঁ এখন ভৰিত থিয়হৈয়ে যুদ্ধ চলাবলৈ ধৰিলে। ৰোমানসকলে তেওঁক জীৱিত অৱস্থাত বন্দী কৰিব নোৱাৰিলে। যুদ্ধৰত অৱস্থাত তেওঁৰ শৰীৰ তৰোৱালৰ আঘাতত ছিন্নভিন্ন হৈ পৰিল, চিনিব নোৱৰাকৈ। ৰৈ গ’ল কেৱল এখন তেজৰঙা ইতিহাস য’ত লিখা থাকিল স্পাৰ্টাকাছ আৰু দাস বিদ্ৰোহীসকলৰ মুক্তিৰ হকে কৰা পৰাক্ৰমী যুঁজৰ সংগ্রামী-গাঁথা।

যুদ্ধত সকলোবোৰ দাসবিদ্ৰোহীৰ মৃত্যু ঘটিছিল; যুদ্ধবন্দীসকলক ক্ৰুছবিদ্ধ কৰি হত্যা কৰা হৈছিল। কাপুৱাৰ পৰা ৰোমলৈ যোৱাৰ পথত ৰাস্তাৰ দুয়োকাষে ৬ হাজাৰ মৃত্যুমুখী দাসক শাৰী শাৰীকৈ ক্ৰুছবিদ্ধ কৰি ওলোমাই দিয়া হৈছিল।

মৃত্যু উপত্যকাত পৰিণত হোৱা সেই চহৰক এনে বীভৎস ৰূপ দি ৰোমান দাস-মালিকানাৰ ৰাষ্ট্ৰই হয়তো পৃথিৱীবাসীক জনাই দিব খুজিছিল বিদ্ৰোহৰ পৰিণতি কিমান ভয়ানক। সেই কালত দাসপ্ৰথা সমাজৰ এক অংগস্বৰূপ হৈ পৰিছিল। তাৰ লগে লগেই কিন্তু দাস আৰু দাস-মালিক শ্ৰেণীৰ মাজত এক আপোচহীন, বিৰামহীন সংগ্ৰাম চলিছিল। কিন্তু যিখন ৰোম সাম্ৰাজ্যত দাসপ্রথাৰসৰ্বোচ্চ বিকাশ ঘটিছিল, সেই ৰোমত দাসসকলৰ সংগ্ৰাম আছিল ৰক্তাক্ত আৰু নিৰ্মম। উমি উমি জ্বলি থকা একুৰা জুয়ে জন্ম দিছিল স্পাৰ্টাকাছৰ দৰে এজন বিদ্ৰোহীৰ যি দাস-মালিকৰ অমানৱীয় নিষ্ঠুৰ শোষণৰ বিৰুদ্ধে সশস্ত্র সংগ্রামৰ নেতৃত্ব দি ৰোমান সাম্রাজ্যৰ ভিত্তিটোকেই কঁপাই তুলিছিল। দাসবিদ্ৰোহ সফল হোৱা নাছিল সঁচা, কিন্তু ই দাসপ্ৰথাৰ অস্তিত্বৰ আৰু স্থায়িত্বৰ ওপৰতেই এক বৃহৎ প্ৰশ্নবোধক চিন উত্থাপন কৰিলে—হাজাৰজন দাসৰ প্ৰাণৰ বিনিময়ত।

সেই তেতিয়াৰ দিনৰ দাসসকলে কৰা শোষণৰ বিৰুদ্ধে তেনে অবিশ্বাস্য জীৱনপণ সংগ্ৰাম বৰ্তমান সময়তোসংগ্রামী জনতাৰ বাবে অফুৰন্ত প্রেৰণাৰ অমল উৎস। কাৰণ শোষণ, নিপীড়ন আৰু বৈষম্য তেতিয়াৰ দৰে এতিয়াও বিদ্যমান বৰ্তমানৰ শাসনকাৰ্যত, বৰ্তমানৰ শাসন-ব্যৱস্থাত, বৰ্তমানৰ ৰাষ্ট্রযন্ত্রত।এতিয়াও সমাজৰকোনোবাজন শোষিত আৰু কোনোবাজন শোষণকাৰী। সময় সলনি হ’ল, সলনি হ’ল জীৱনধাৰা, সলনি হ’লজীৱনৰ প্ৰতি দৃষ্টিভংগী,কিন্তু সলনি নহ’ল সেই প্রাচীন শোষণ। সমাজৰ ৰূপ সলনি হৈছে, তাৰ লগে লগে শোষণৰ ৰূপো সলনি হৈ আহিছে, কিন্তু শোষণ আঁতৰ হোৱা নাই। সমাজখন এতিয়াও প্রকট বৈষম্যৰে পৰিপূৰ্ণ।ইয়াৰ পৰা মুক্তি শ্রেণী-সমন্বয়ৰ পথেদি নাহে, লাগিব শ্রেণী-সংগ্রামৰ গণচেতনা। এনে পটভূমিত মহান বিপ্লৱী স্পাৰ্টাকাছ সংগ্রামী জনতাৰ বাবে অফুৰন্ত প্রেৰণাৰ এক অম্লান উৎস হৈ ৰ’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *