অনুবাদনিবন্ধ

টাইকোৱাণ্ডো : এটি পৰিচয়মূলক টোকা (মূল: বাৰ্লিনা চমুৱা; অনুবাদ: অবিৰতা নৃত্যাংগনা)

এবাৰতে দহ হাজাৰটা কিক্‌ৰ অনুশীলন কৰা মানুহজনক মই ভয় নকৰোঁ, কিন্তু এটা কিক্‌কেই দহ হাজাৰবাৰ অনুশীলন কৰা মানুহজনক ভয় কৰোঁ – ব্ৰুচ লী

দীঘলীয়া এক বিৰতিৰ পাছত, মোৰ ঘৰুৱা নগৰখনত মোৰ এজন পুৰণি বন্ধুক লগ পাইছিলোঁ। প্ৰায় চাৰি বছৰ মূৰত আমাৰ দেখা। বহুদিনৰ পিছত ইজনে সিজনক লগ পোৱাটো আমাৰ দুয়োৰে বাবে হৈ পৰিছিল এক অতি আনন্দৰ মুহূৰ্ত্ত। আমি দুয়ো আছিলোঁ টাইকোৱাণ্ডো খেলুৱৈ। বিভিন্ন আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতাত, বিভিন্ন সময়ত আমি অংশ লৈছিলোঁ। সেই সময়বোৰ বৰ আনন্দদায়ক আছিল আমাৰ বাবে। স্বাভাবিকতেই বন্ধুৰ সৈতে টাইকোৱাণ্ডোৰ কথা ওলাল। আনন্দদায়ক স্মৃতি ৰোমন্থনৰ মাজতেই অন্য এটি দৰকাৰী কথাও ওলাইছিল আমাৰ আলোচনাত। কথাটো এনেকুৱা, আজিকালি একাংশ মানুহৰ মাজত টাইকোৱাণ্ডো কিছু পৰিমাণে জনপ্ৰিয় হ’লেও, সৰহসংখ্যক মানুহই টাইকোৱাণ্ডোৰ প্ৰাথমিক কথা-বতৰাখিনিৰ বিষয়েও অকণো অৱগত নহয়। হয়, বহুতেই টাইকোৱাণ্ডো যে এবিধ সমৰকলা—মাৰ্শ্বাল আৰ্ট—সেইটো জানে। কিন্তু তাতেই শেষ, টাইকোৱাণ্ডোৰ একেবাৰেই প্ৰাথমিক ধ্যান-ধাৰণাসমূহৰ অকণমানো তেওঁলোকৰ কাষ চপা নাই এতিয়াও। এই কথাটো মনত ৰাখি আমি টাইকোৱাণ্ডোৰ বিষয়ে এই চুটি লিখাটি আগ্ৰহী পাঠকসকলৰ বাবে প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিছিলোঁ। প্ৰথমতেই কৈ থওঁ, এইটো এটি পৰিচয়মূলক টোকাহে, টাইকোৱাণ্ডোৰ বিভিন্ন দিশত বিস্তাৰিত আলোচনাৰ প্ৰয়োজন আছে।

এক কথাত, টাইকোৱাণ্ডো হৈছে এবিধ অনুপম সমৰকলা; ইয়াৰ মূল বৈশিষ্ট্য হৈছে কলাসুলভ দক্ষতাৰে আয়ত্ব কৰা ত‌ড়িৎগতিৰ কিকিং আৰু পাঞ্চিং কৌশল। টাইকোৱাণ্ডোৰ জন্ম হৈছিল দক্ষিণ কোৰিয়াত। এটা কথা এইখিনিতে উল্লেখ কৰি থব পাৰি। কংফু, কাৰাটে আদিৰ দৰে বিশিষ্ট সমৰকলাৰ ইতিহাস বহু দীঘলীয়া। তাৰ তুলনাত—আজি আমি দেখিবলৈ পোৱা নতুন ৰূপৰ টাইকোৱাণ্ডোৰ ইতিহাস খুব বেছি পুৰণি নহয়। আধুনিক ৰূপৰ টাইকোৱাণ্ডোৰ বিকাশ আৰম্ভ হৈছিল যোৱা শতিকাৰ দ্বিতীয় মহাসমৰৰ আগে-পিছে। মনকৰিবলগীয়া কথা, এই নৱৰূপৰ টাইকোৱাণ্ডোৰ উদ্ভৱ যদিও তুলনামূলক হিচাপে কিছু অৰ্বাচীন ঘটনা, ই কিন্তু কোনো ঐতিহ্য-বিচ্ছিন্ন, ধাৰাবাহিকতাৰহিত আকস্মিক উদ্ভাৱন নাছিল; টাইকোৱাণ্ডোত সংশ্লেষিত ৰূপত মূৰ্ত হৈ পৰিছিল পূৰ্বৱৰ্তী সমৰকলা—যেনে, টেকিয়েন (Taekkyeon), গ’ওনবিঅ’প (Gwonbeop), চুবাক (Subak), কাৰাটে (Karate) ইত্যাদিৰ বহুতো উপাদান। কোনো কোনো ইতিহাসবিদে আনকি চীন দেশৰ অতি প্ৰাচীন সমাধিগৃহৰ দেৱালত চিত্ৰায়িত হৈ থকা দুই যুৱকৰ যুদ্ধৰত ভংগীমাক টাইকোৱাণ্ডোৰ প্ৰাচীন স্মাৰক বুলি গণ্য কৰে। টাইকোৱাণ্ডোৰ প্ৰাচীন ইতিহাস কিছু ধূসৰ যদিও, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিভিন্ন কোৰিয়ান সমৰকলাবিদে দেশখনৰ বিভিন্ন যুদ্ধ শৈলীৰ লগতে অন্য দেশৰো সমৰকলাৰ উপাদানক একত্ৰিত কৰি যে হাত আৰু ভৰিৰ যথোচিত ব্যৱহাৰ কৰা যুঁজৰ এটি একক শৈলীৰ সৃষ্টি কৰিছিল, সেইটো এটা প্ৰমাণিত আৰু প্ৰতিষ্ঠিত সত্য। সেই একত্ৰীকৰণৰ ফলত জন্ম হোৱা সমৰকলাটিয়েই পৰৱৰ্তী সময়ত টাইকোৱাণ্ডো নামেৰে জনাজাত হৈ পৰিল। উল্লেখ কৰিব পাৰি যে সেই একত্ৰীকৰণ প্ৰক্ৰিয়াটো তেনেই সৰল আৰু নিৰ্বিৰোধ নাছিল, ক্ষেত্ৰ বিশেষে আনকি ৰাজনৈতিক কথা কিছুমানো—যেনে, উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজৰ দ্বন্দ্বমুখৰ ৰাজনীতি—তাৰ সৈতে সাঙোৰ খাই পৰিছিল। সি যিয়েই নহওঁক, তেনে ঘাত-প্ৰতিঘাতৰ মাজেদিয়েই ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ব টাইকোৱাণ্ডো ফেডাৰেচনৰ। ১৯৮০ চনৰ মস্কো অলিম্পিকৰ সময়ত আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে টাইকোৱাণ্ডোক স্বীকৃতি প্ৰদান কৰে। ১৯৮৮ চনৰ চিউল অলিম্পিকত ই প্ৰদৰ্শনমূলক ক্ৰী‌ড়া ৰূপে স্থান পাইছিল। ১৯৯৪ চনত টাইকোৱাণ্ডো এটা চৰকাৰী অলিম্পিক খেল হিচাপে পৰিগণিত হয়। তাৰ ছবছৰ পাছত, গ্ৰীষ্মকালীন অলিম্পিকত এই সমৰকলাবিধে এটা সম্পূৰ্ণ পদক ক্ৰীড়া হিচাপে স্থান লাভ কৰে।

জিমি জগটিয়ানী : ভাৰতৰ টাইকোৱাণ্ডোৰ পথিকৃৎ

জিমি জগটিয়ানীক (Jimmy R. Jagtiani) ভাৰতৰ টাইকোৱাণ্ডোৰ পথিকৃৎ বুলি বহুতেই গণ্য কৰে। তেখেতে যোৱাটো শতিকাৰ সপ্তম দশকৰ মধ্যভাগৰ পৰা ভাৰতত টাইকাণ্ডোৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ভাৰতীয় মূলৰ জাগটিয়ানীৰ জন্ম হৈছিল ভিয়েটনামত, তাতেই ডাঙৰ-দীঘল হৈছিল তেখেত। সত্তৰ দশকৰ আৰম্ভণিতে তেখেতে লাভ কৰিছিল টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ। সেই সময়ত সাম্ৰাজ্যবাদী এমেৰিকাই ভিয়েটনামৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই পৈশাচিক উন্মাদনাৰ জন্ম দিছিল। মানৱতাৰ বধ্যভূমিত পৰিণত হৈছিল ভিয়েটনাম। ভিয়েটনামী যুঁজাৰুসকলে অসীম বিক্ৰমেৰে এমেৰিকাৰ বৰ্বৰতাক প্ৰতিৰোধ কৰি আছিল। চৌদিশে বাৰুদৰ ধোঁৱা। তেনে ভয়ংকৰ পৰিৱেশত জাগটিয়ানী ভাৰতলৈ আহে আৰু লক্ষ্ণৌত থাকিবলৈ লয়। সেই সময়ত টাইকোৱাণ্ডোৰ বিষয়ে ভাৰতত কোনেও বিশেষ নাজানিছিল, ক’তো নাছিল কোনো প্ৰশিক্ষণ কেন্দ্ৰ। সেয়েহে তেওঁ নিজেই অনুশীলনৰ ধাৰটো অব্যাহত কৰি ৰাখিবলগীয়াত পৰিছিল। তাৰ পাছত—১৯৭৫ চনত—জাগটিয়ানীয়ে আৰম্ভ কৰে টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ। লক্ষ্ণৌৰ খ্ৰীষ্টান কলেজত আৰক্ষী, ৰেলৱে সুৰক্ষা বাহিনী আৰু জনসাধাৰণক টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে তেওঁ। ১৯৭৬ চনত তেখেতে প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ টাইকোৱাণ্ডো ফেডাৰেচন (Taekwondo Federation of India, চমুকৈ TFI)। ১৯৭৮ চনত টি এফ আই-এ বিশ্ব টাইকোৱাণ্ডো ফেডাৰেচনৰ পৰা দ্বাৰা স্বীকৃতি লাভ কৰে।

১৯৭৫ চন। লক্ষ্ণৌত জাগটিয়ানীয়ে আৰম্ভ কৰিছিল টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ।

টাইকাণ্ডোৰ বিৱৰ্তন-বিকাশৰ ইতিহাসৰ কথা সিমানতে সামৰি আমি সমৰকলাৰ অন্যন্য দিশৰ দুটিমান কথা চমুকৈ উনুকিয়াইছোঁ। টাইকোৱাণ্ডোৰ পাঁচটা মূল নীতি আছে। সেইকেইটি হ’ল-

  • সৌজন্যতা (Courtesy):- আনৰ প্ৰতি নম্ৰতা আৰু সন্মান প্ৰদৰ্শন কৰা।
  • সততা (Integrity):- উচিত-অনুচিতৰ বিবেচনা কৰিব পৰা চাৰিত্ৰিক গুণৰ অধিকাৰী হোৱা।
  • অধ্যৱসায় (Perseverance):- সকলো দ্বন্দ্ব-সংঘাত অতিক্ৰমি লক্ষ্যত উপনীত হোৱাৰ মানসিকতাৰ অধিকাৰী হোৱা।
  • আত্মনিয়ন্ত্ৰণ (Self-control):- নিজৰ চিন্তা বা কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ ৰখা।
  • অদম্য ইচ্ছা (Indomitable spirit) :- নিজৰ কৰ্ম বা বিশ্বাসত অটল আস্থা ৰখা।
টাইকোৱাণ্ডোৰ বিভিন্ন বেল্ট

টাইকোৱাণ্ডো সমৰকলাৰ বিবিধ নিয়ম-নীতি অতি সুসংজ্ঞায়িত। উদাহৰণ স্বৰূপে টাইকোৱাণ্ডোৰ সাজ-পোছাকৰ কিছুমান দিশৰ কথা উল্লেখ কৰিব পাৰি। টাইকোৱাণ্ডোত সাজ-পোছাকৰ বেল্টে পৰিধানকাৰীজনৰ টাইকোৱাণ্ডোৰ বিষয়ে কিমানখিনি জ্ঞান আছে সেইটো নিৰ্দ্দেশ কৰে। বেল্টৰ ঊৰ্ধক্ৰম হৈছে এনেধৰণৰ—বগা, হালধীয়া, সেউজীয়া, বগা ৰেখাৰে সেউজীয়া, নীলা, বগা ৰেখাৰে নীলা, ৰঙা, বগা ৰেখাৰে ৰঙা আৰু ক’লা৷ টাইকোৱাণ্ডোত ব্লেক বেল্ট হৈছে সৰ্বোচ্চ স্তৰ। টাইকোৱাণ্ডোৰ ইউনিফৰ্মক ডবক (Dobok) বুলি জনা যায়। ভাৰতৰ ক্ষেত্ৰত টাইকোৱাণ্ডোৰ ইউনিফৰ্মত থাকে ট্ৰাউজাৰ আৰু বেল্ট; লগতে বগা টপ, তাৰ এহাতে ভাৰতৰ পতাকা আৰু আনহাতে থাকে দক্ষিণ কোৰিয়াৰ পতাকা।

প্ৰতিযোগিতাৰ সময়ত বুকুৰ সুৰক্ষাৰ বাবে খেলুৱৈসকলে বিশেষধৰণৰ ঢাল পৰিধান কৰে। তেনেদৰেই হাত-ভৰিৰ সুৰক্ষাৰ বাবে পৰিধান কৰিব লাগে হেণ্ড গাৰ্ড আৰু লেগ গাৰ্ড, মূৰৰ ৰক্ষাৰ বাবে হেলমেট পিন্ধিব লাগে। টাইকোৱাণ্ডোত জোতা পিন্ধাৰ অনুমতি নাই।

টাইকোৱাণ্ডোৰ ইউনিফৰ্ম ডবক

প্ৰতিযোগিতাৰ সময়ত দুজন প্ৰতিযোগী মুখামুখি হ’ব লাগে। এজন প্ৰতিদ্বন্দ্বীয়ে ৰঙা গাৰ্ড (হং, Hong) আৰু আনজনে নীলা ৰঙৰ গাৰ্ড (চং, Chong) পিন্ধিব লাগে। মেচখনত পৰিচালকসকলে স্ক’ৰবোৰ লিপিবদ্ধ কৰি ৰাখে। খেলৰ পৰিচালনাত থাকে এজন মুখ্য বিচাৰক (Chief judge), এজন সময়-ৰক্ষক, চাৰিজন কৰ্ণাৰ ৰেফাৰী আৰু এজন চেণ্টাৰ ৰেফাৰী। পইণ্টসমূহ তলত দিয়া ধৰণে প্ৰদান কৰা হয়-

  • বুকুত ঘোচা মাৰিলে এটা পইণ্ট।
  • বুকুত কিক্‌ মাৰিলে দুটা পইণ্ট।
  • বুকুলৈ ঘূৰি মৰা কিকৰ বাবে চাৰিটা পইণ্ট।
  • মূৰত কিক এটাৰ বাবে তিনিটা পইণ্ট।
  • মূৰলৈ ঘূৰি মৰা কিক্‌ৰ বাবে পাঁচ পইণ্ট।
  • প্ৰতিটো পেনাল্টিৰ বাবে এটা পইণ্ট কৰ্তন কৰা হয়। যেনে, মূৰত বা কঁকালৰ তলত ঘুচিয়ালে, মাটিত পৰি গ’লে, ঠেলিলে বা মেৰিয়াই ধৰিলে, আঁঠু বা মূৰেৰে আক্ৰমণ কৰিলে, মেচ এৰিলে ইত্যাদি।

সামগ্ৰিকভাৱে পইণ্টসমূহ যোগ কৰাৰ পাছত তুলনা কৰি, কিম্বা নকআউট ঘোষণা কৰি বিজয়ী খেলুৱৈগৰাকীক নিৰ্ণয় কৰা হয়।

টাইকোৱাণ্ডোৰ সাজ-পোছাক সুনিৰ্দ্দিষ্ট

টাইকোৱাণ্ডোৰ বিভিন্ন কিক্

টাইকোৱাণ্ডো খেলৰ সময়ত উচ্চাৰিত নিৰ্দেশসমূহ দিয়া হয় কোৰিয়ান ভাষাত। যেনে,

  • Attention- Charyeot
  • Ready position- Joon-bee
  • Begin- Si-jak
  • Yell- Kihup
  • Bow- Kyung Nae
  • Continue-Kaesok
  • Stop- Kalyeo
  • Finish- Keu-man
  • Return- Baro
টাইকোৱাণ্ডোৰ বিভিন্ন ব্লক আৰু পাঞ্চ

টাইকোৱাণ্ডোৰ বিভিন্ন চলন (Move) আৰু কৌশলবোৰক (Techniques) একেলগে সংযোগ কৰিলে পোৱা ক্ৰমটোক ‘পুম্‌চে’ (Poomsae) বুলি কোৱা হয়। টাগেউক পুমছা (Taegeuk Poomsae) মুঠতে আছে আঠোটা। ক’লা বেল্ট লাভ কৰিবলৈ হ’লে এই আঠটা পুমছাৰ সকলোকেইটি জানিব লাগিব। এইখিনিতে আমি কাৰাটে আৰু টাইকোৱাণ্ডোৰ মাজৰ ঘাই পাৰ্থক্যৰ কথাটো উনুকিয়াব যাব বিচাৰিছোঁ। এই দুই সমৰকলাৰ বিষয়ে বহুতৰে বিভ্ৰান্তি থকা দেখা যায়। টাইকোৱাণ্ডোত কিকিং কৌশলৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়; আনহাতে কাৰাটেত গুৰুত্ব দিয়া হয় হাতৰ কৌশলৰ ওপৰত।

এই চমু পৰিচয়মূলক লিখাটি মই সামৰিব খুজিছোঁ এটি কথাৰে। টাইকোৱাণ্ডোৱে কেৱল আত্মৰক্ষাৰ জ্ঞান প্ৰদান কৰাই নহয়, শৰীৰৰ কষ্টসহিষ্ণুতা, মনৰ একাগ্ৰতা, পেশীৰ নমনীয়তা আৰু সক্ৰিয়তা আদিতো ই প্ৰভূত সহায় কৰে। তদুপৰি, এই সমৰকলাবিধৰ প্ৰশিক্ষণক কেন্দ্ৰ কৰি প্ৰচুৰ সম্ভাৱনা থকা বৃত্তিগত দিশটোৰ কথাও আমি মনত ৰখা যুগুত।

(লেখিকা এগৰাকী ব্লেক বেল্টপ্ৰাপ্ত টাইকোৱাণ্ডো খেলুৱৈ। পূৰ্ৱে অপ্ৰকাশিত ইংৰাজী লিখাটি লেখিকাৰ সন্মতিলৈ সম্পাদিত আৰু পৰিৱৰ্ধিত ৰূপত অসমীয়ালৈ অনুবাদ কৰা হৈছে~মুখ্য সম্পাদক)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *