গল্প-কবিতা

দ্যা স্নেক লাভাৰ-( শিখাজ্যোতি কোঁৱৰ)

আঁক-বাঁক শৰীৰটো নিৰীক্ষণ কৰি সি অতি নিপুণভাৱে সোঁহাতৰ ষ্টিকডালেৰে সৰ্পিনীৰ মধ্যভাগ উঠাই আনখন হাতেৰে পশ্চাদ অংশ দাঙি ভঁৰালৰ গাধৈৰ পৰা হাউলি ওলাই আহিল৷
“আই ঔ এইটোৰ ভয় ভীত নাই ঔ! কেনেকৈ ধৰি লৈ আহিছে চা৷”
“অ’ মা ঔ৷ হেই কৃষ্ণ নহয় নহয় ঔম নমঃ শিৱায় ঔম নমঃ শিৱায়। “
ছোৱালী দুজনীমানৰ মুখেৰে ওলাই অহা বাক্যবোৰৰ মাজৰ শব্দাংশ তাৰ কাণত ভাঁহি উঠিল৷
“বিষাক্ত নহয়৷”
সি নিৰ্ভয়তা প্ৰদান কৰিবলৈ ক’লে যদিও দলবান্ধি থকা চুবুৰীৰ মানুহবোৰে ভয়াৰ্ত চিঞৰ মাৰি পিছুৱাই গ’ল৷ তাৰ লগত অহা সংগীজনে মোবাইলৰ কেমেৰাত সমগ্ৰ কাৰ্যক্ৰমণিকা বন্দী কৰিলে।
মাজতে সি দৰ্শকক উদ্দেশ্যি তাৰ বক্তব্য দাঙি ধৰিল৷
: চাওক, সেই ভঁৰালটোত এখেত কেইদিনমানৰ পৰা থাকিবলৈ লৈছিল৷ আচলতে এখেতসকলে হাবি-বনতে থাকিবলৈ ভাল পায়, মানুহৰ পৰা দূৰৈত৷ মাত্ৰ খাদ্যৰ সন্ধানত ভঁৰালত প্ৰৱেশ কৰিছিল৷… আচলতে ই থকা হ’লে আপোনালোকৰে লাভ হ’লহেঁতেন দদাইদেউ৷ কেমেৰাৰ পৰা মুখ ঘূৰাই গৃহস্থজনলৈ চাই সি কৈ উঠিল৷
: লাভ?
মানুহজনৰ মুখখন সামান্য মেল খাই গ’ল।
: লাভ মানে ভঁৰালৰ ধান সুৰক্ষিত হৈ থাকিলহেঁতেন৷ কাৰণ এন্দুৰ, নিগনি, ডালশলিয়া ইয়াৰ প্ৰিয় খাদ্য৷
: হ’লেও সাপৰ সৈতে একেলগে থাকিব নোৱাৰি দেই৷
: হয় হয় বুজিছে নহয় আপোনালোকে? সাপৰ সৈতে সহাৱস্থান কৰিব নোৱাৰি৷ খুঁটিলে কি হ’ব? জীৱন-মৰণৰ সমস্যা৷ সেয়ে বহুতেই সাপ দেখিলেই মাৰি পেলায়৷ কিন্তু আজি মোৰ আহ্বান মৰ্মে এওঁলোকে মোক খবৰ দিলে আৰু এই জনাক মই উদ্ধাৰ কৰিলোঁ৷ চাওক দৰ্শকবৃন্দ মই প্ৰতিটো ভি ডি অ’তে কৈ আছোঁ কৃষিজীৱী অসমক বচাই ৰাখিবলৈকে আমি সাপকো বচাই ৰাখিব লাগিব৷ আপুনি আপোনাৰ সুস্থ পাৰিপাৰ্শ্বিক অৱস্থা যদি অটুট ৰাখিব বিচাৰে, তেন্তে সাপ নামাৰিব৷ চাওক ,মানৱ জাতি নাথাকিলেও সাপৰ একো লোকচান নহয়৷ কিন্তু সাপ নাথাকিলে মানৱ জাতি এদিন নাইকিয়া হৈ যাব৷ প্ৰকৃতিৰ প্ৰতিটো জীৱই আমাক আওপকীয়াকৈ সহায় কৰি থাকে৷ সেয়ে মোৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ আপুনিও অংশীদাৰ হওক আৰু সুৰক্ষিত কৰক সৰ্প জাতিক৷ সাপৰ বিষয়ে অধিক জানিবলৈ হ’লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব৷
কথা কৈ যোৱা লগে লগে সি তাৰ ক’লাৰঙী কাপোৰৰ জোলোঙাটোত সৰ্পিনীক আলফুলে ভৰাই মুখখন বন্ধ কৰিলে৷
: মই এই সাপজনীক এক নিৰাপদ আবাসস্থানলৈ নি এৰি দিম৷ মই সাপজনী বুলি কৈছোঁ নহয়নে? আচৰিত নহ’ব মই মতা সাপ মাইকী সাপৰ পাৰ্থক্য চিনিহে কৈছোঁ৷ কেনেকৈ চিনিব পাৰি জানিবলৈ চাই থাকিব মোৰ চেনেল ‘দ্যা স্নেক লাভাৰ’৷মানুহখিনিয়ে আশ্চম্বিত হৈ তাৰ লাইফ শ্বুটিং চাই ৰ’ল৷
আচৰিত বৰুৱাৰ ল’ৰাটো! বাপেকৰ সঁচতে গৈছে৷ দুঃসাহসিকতা তাৰ তেজতে আছে৷ মানুহে যিবোৰৰ পৰা দূৰৈত অৱস্থান কৰে, সি সহাৱস্থানৰ কথা কয়৷ বাপেকো তেনে আছিল৷ চৰকাৰী চাকৰিয়াল হৈয়ো ‘ম’হৰ গুৱাল’ হিচাপেহে তাৰ বাপেকৰ খ্যাতি আছিল৷ গাঁৱৰ ঘৰখন, খেতি-পথাৰ, গৰু-ম’হৰ মোহত বন্দী হৈয়ে চাইকেলেৰে বাটকুৰি বাই চাকৰি জীৱন কটালে৷ চহৰত ঘৰ কৰা কথা কেতিয়াও নাভাৱিলে৷ ভৱা হ’লে তাৰ বৰদেউতাকহঁতৰ দৰে চহৰত মাটি কিনি ঘৰ এটা বনাব পাৰিলেহেঁতেন৷ মেধাবী পুতেকটোকো বোকাই-মাটিৰে লুতুৰিপুতুৰি হৈ কেঁচা মাটিৰ সোৱাদ লভিবলৈ উৎসাহিত কৰিছিল৷ অৱশ্যে পিছলৈ তাক হোষ্টেললৈ পঠাইছিল৷ কিন্তু সিয়ো গোনা ম’হে টনা মৈত বহাৰ আমেজ ল’বলৈ সুবিধা পালেই আহিছিল৷ গছত উঠা, সাঁতোৰা আদি সহজে আয়ত্ব কৰি উচ্চ শিক্ষা বাবে নগৰলৈ, মহানগৰলৈ ক্ৰমে ভাৰতৰ নামজ্বলা প্ৰতিষ্ঠানতো ভৰি থৈছিল৷ কিন্তু আধুনিক বিশ্বৰ জাক-জমকতাতকৈ হাবি-জংঘলেহে তাক বাৰে বাৰে হাত বাউলি মাতে৷ সেয়ে সি তাৰ বিষয়ো সেইমতে ঠিক কৰিছিল৷ দুঃসাহসিক ক্ৰিয়াৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ হৈ পৰিছিল৷ ডিচকভাৰী চেনেলৰ “জন বিয়েৰৰ” অনুৰাগী আছিল সি৷ জোক, সাপ ,বেং,পোক, পৰুৱা সেইবোৰ সহচৰ আছিল তাৰ৷ পেৰাগ্লেডিং, ট্ৰেকিং, পৰ্বতাৰোহণ প্ৰশিক্ষণ এইবোৰত মনোনিবেশ কৰিছিল৷ শেহতীয়াকৈ বায়েকৰ বিয়াৰ বাবে সি ঘৰলৈ আহিছিল৷ বিয়াখন হৈ যোৱাৰ দুদিনৰ পিছতে বন্ধ হৈ পৰিল গোটেইখন৷ কৰোনা ভাইৰাছৰ তাণ্ডৱত কম্পমান আধুনিক বিশ্ব৷
সি অৱশ্যে সুৰুঙাহে পালে৷ গাঁৱৰ পৰাই ভাললগা কামবোৰৰ আৰম্ভণি৷ বৰ আঁহতৰ তলৰ চাঙখনত বহি ভোলাকাইৰ লগতে সিয়ো ডাঙৰি বান্ধিবলৈ তমাল এমোঠা চাচি ল’লে৷ পথাৰত শস্য চপোৱাৰ সময়৷ বিৰিয়া কান্ধত লৈ পকা ধানৰ মাজে-মাজে থকা থকা সৰু-সৰু আলিত খোজ দি আধা কুটা মুঠিবোৰ দেখি আচৰিত খায়৷ : দেতা এইবোৰ কি অ’?: ভাইৰাছ৷ ভাইৰাছে এনেকৈয়ো আক্ৰমণ কৰে৷ মানুহে নিচিনেহে৷ কেৱল ওলোৱা দেখিলেই মাৰে৷ দেখা নাই মানুহবোৰক কেনেকৈ মাৰিছে, পুলিচে৷ খাদ্যৰ সন্ধানত,ঔষধ কিনিবলৈ নোলালেই নহয় বাবেহে সেই মানুহবোৰ ওলাইছিল হয় নে নহয় অ’?” কি যে তাৰ দেউতাকটো! তাকহে প্ৰশ্ন কৰে৷ কোনোটো কথা পোনপতীয়াকৈ নকয়৷
: হয় বাৰু৷ কথাটো কি বুজাই কোৱাচোন৷
: এন্দুৰৰ অতপালি৷ ৰোধ কৰিবৰ শক্তি কেৱল মহাদেৱৰ কণ্ঠহাৰত৷

ভোলাকায়ে তাক চন পৰি ৰোৱা পথাৰবোৰ দেখুৱাইছিল৷ সিহঁতৰ মাটিখিনিৰ বাহিৰে বাকী মাটিবোৰ উদং৷ কোনেও খেতি কৰা নাই। অঞ্চলটোৰ সকলো এন্দুৰ যেন সিহঁতৰ পথাৰতে৷ নিগনিয়ে কুটি খোৱা ৰঙালাওবোৰ হেনো পথাৰতে গেলিছিল৷ কষ্টৰ ফচলবোৰ চপাই আনিলেও ভঁৰালতো সুৰক্ষিত নাছিল৷ সেই অচিলাৰে খেতি কৰিবলৈ এৰিলে৷ চৰকাৰী এটকীয়া দুটকীয়া চাউল আহে যেতিয়া বিশেষ ভাৱিব লগীয়াও নাই৷ চৰকাৰী চাউল খাই শেষ কৰিব নোৱাৰি, বেচেহে। “বোপাকন‌, তোৰ দেউতাৰাইহে চৰকাৰী চাউল নোপোৱা দুখতে খেতি কৰি আছে, আমাকো খেতিত লগাই আছে, বুজিছ৷” সোলা মুখেৰে ভোলাকায়ে হো-হোৱাই হাঁহিছিল৷
: তেন্তে উপায়?
: দেউতাৰাই ঠিকে কৈছে৷ মহাদেৱৰ ডিঙিৰ হাৰডাল আনিব লাগিব বিচাৰি৷
তাৰ মনত পৰিল সৰুতে মৈত বহি যাওঁতে বোকাৰ মাজেৰে একা-বেঁকা লিক টানি গৈ থকা জীৱটোক বাপেকে এচাৰিৰ আগটোৱে উঠাই দূৰলৈ দলি মাৰিহে পঠিয়াইছিল৷ সি তেতিয়া সুধিছিল,
“সাপ নেকি দেতা?”এমোকোৰা তামোলেৰে মুখ ভৰাই বাপেকে কেৱল মূৰ জোকাৰিছিল৷
“মাৰি পেলাব লাগিছিল আকৌ৷”মানুহবোৰে তাৰ দৰেই কৈছিল৷
মুখৰ পিকখিনি পেলাই দেউতাকৰ উত্তৰটোকে কপি পেষ্ট কৰিছিল সি৷
“সাপ কৃষকৰ বন্ধু৷”
ভোলাকাই তাৰ দেউতাকতকৈ ডাঙৰ, ককাকৰ দিনৰে লগুৱা৷ লগুৱাতকৈ লগৰীয়া৷ দেউতাকৰো, তাৰো৷ ভোলাকাই জৰিয়তেই প্ৰকৃতিৰ জীৱ-জগতখনৰ সৈতে তাৰ চিনাকি৷ চোমনিত পলুৰ জীৱন চক্ৰ দেখুৱাৰ মানুহজনে এদিন এচাৰিৰ মূৰত উঠাই সাপ ধৰা কৌশলটো শিকাইছিল৷ সেই কিটিপটোৰে পঢ়াৰ দিনতো কেইবাটাও সাপ ধৰিছিল৷ স্থানীয় মহাবিদ্যালয়ৰ পৰীক্ষাগাৰত তাৰে কেইবাটাও সাপে স্থান পাইছিল৷ ভোলাকাইৰ কথাবোৰৰ পৰা বুজি উঠিছিল যে বিষয়টো হাতত হাত থৈ বহি থকা বিধৰ নহয়চোন। মূল্যবৃদ্ধিত কোঙা হৈছে দেশৰ অৰ্থনীতি৷ টাউনবোৰত কৰ্মহীন মানুহবোৰৰ হাহাকাৰ৷ সেই হাহাকাৰ গাঁৱলৈয়ো আহিব৷ নগৰমুখী হৈ পৰা গাঁৱৰ মানুহবোৰ, চন পৰা পথাৰ কেইখনে তাৰ বুকুত দুখৰ পাহাৰ গঢ়ে৷ অসমত পোৱা বিভিন্ন প্ৰজাতিৰ সাপৰ ওপৰত গৱেষণা হৈছেনে? সি নেট খুঁচৰিলে৷ দেউতাকৰ পৰাও বহু তথ্য পালে৷ সৰ্পদংশনৰ ভয় আৰু অন্ধ বিশ্বাসৰ পৰা মুক্ত কৰিব লাগিব মানুহবোৰক৷ প্ৰথম কাম সজাগতাৰ৷কিন্তু মানুহবোৰ যে গৃহবন্দী! হ’লে কি হ’ব? লেপটপ, টি ভি আৰু ফোনৰে সংযোগ হৈ আছেচোন গোটেই পৃথিৱীখন৷ ইউ টিউব আৰু ফেচবুককে কঠীয়াতলী কৰি গঢ়ি তোলে৷ নিৰস কথাবোৰ ৰসাল কৰিবলৈ আমোদজনক উপস্থাপন শৈলীৰ প্ৰয়োজন৷ এডভেঞ্চাৰ প্ৰিয় তাৰ মনটোৱে কথাবোৰ আওৰাই ল’লে৷ এদিন সঁচায়ে সেই সোণালী সুযোগটো আহিল৷ সিহঁতৰ কাষৰ মানুহঘৰৰ কুকুৰা গঁৰালত সাপ এটা সোমাল৷ উমনিত থকা কুকুৰাজনীয়ে কেনেবাকৈ বাহিৰ ওলায়ে তাল-ফাল লগালে৷ বাকী কুকুৰাবোৰে সংগ দিলে। কি হৈছে বুলি মানুহবোৰ গোট খালে৷ বহু দিন নেদেখা জীৱটোক দেখি মানুহৰ চিঞৰ-বাখৰো বাঢ়িল৷
: ভোলা কাইক মাতো৷ সি সাপ কেনেকৈ ধৰে চাম আজি৷ কুকুৰা মালিকৰ খটাসুৰ পুতেক ত্ৰিশূলে ক’লে৷ ত্ৰিশূলৰ লগত ভোলাকাই নাহিল। আহিল বিজিত।
“ভোলাকাই ঘৰত নাই৷” বিজিতে লাহেকৈ কৈয়ে মোবাইলৰ টৰ্চটো অন কৰি গঁৰালৰ ভিতৰত থকা সৰ্পদেৱৰ অৱস্থিতি চাই ল’লে৷ হাতত ইতিমধ্যে বনাই থোৱা ষ্টিকডাল আৰু জোলোঙাটো লৈয়ে আহিছিল৷ মোবাইলৰ কেমেৰা অন কৰি ভি ডি অ’ ৰেকডিং কৰিবলৈ মোবাইলটো ত্ৰিশূলৰ হাতত দি সি বহু দিনৰ মূৰত হ’লেও নিপুণভাৱে সৰ্পদেৱক উলিয়াই আনিলে৷
: ভেকুলী এজনীয়ো আছিল৷ তাইৰ পিছে পিছে আহি এখেত গৰাঁলত সোমালহি৷ বিষাক্ত নহয়৷ ক’লাত বগা আঁক-বাঁক থকা সাপবোৰ মচোৱা গোম৷ চাওক ইয়াৰ গাটোতকৈ মূৰটো সৰু৷ গাটোতকৈ মূৰ সৰু সাপবোৰ বিষাক্ত নহয়৷ সি ৰেকডিঙৰ বাবে কৈ থকাৰ মাজতে মানুহবোৰে সাপটোৰ বিভিন্ন ফালৰ পৰা ফটো তুলিলে৷ শেষত জোলোঙাত ভৰাই মুখখন ৰচীডালেৰে টানকৈ বান্ধি ত্ৰিশূলৰ সৈতে ওলাই গ’ল পথাৰৰ ফালে৷ সেই যে ভি ডি অ’টো এডিটিং কৰি ইউ টিউব চেনেলটোত দি দিলে তাৰ পিছৰেপৰা এতিয়ালৈকে মচোৱাগোম, এটা চকৰী ফেটী,কাৰ্শলা, গুমুনি ফেটী আদি ভিন্ন জাতৰ কেইবাটাও সাপ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত সি উদ্ধাৰ কৰিছে৷ তাৰ ফেচবুকৰ ৱালখনত বিভিন্ন সাপৰ ফটো৷ কোনোখনত মূৰটো চেপেটা কৰি ফণা তুলি উঠা এটা চকৰী ফেটী নতুবা কোনোখনত ৰঙামূৰা সাপ৷ বিষধৰ ক’লা শংখচূড়,পিট ভাইপাৰ বা কোনোখনত অবিষাক্ত ধুন্দুলী ফেঁটী বা মোচোৱাগোম৷”সকলো সাপ বিষাক্ত নহয়৷”
“সাপ কৃষকৰ বন্ধু৷””সাপ চিনো আহক৷””সাপৰ সৈতে সহবাস৷” শিৰোনাম চায়ে পোষ্টবোৰ কোনোৱে পঢ়িলে, কোনোৱে নপঢ়াকৈয়ে লাইক কৰিলে৷ লাইক কমেণ্টৰ সংখ্যালৈ নাচাই সি পোষ্ট কৰি গ’ল৷ কিছুমান ভাল লেখাও মানুহে নপঢ়ে৷ কিন্তু কিছুমান বিতৰ্কিত কথাত হাজাৰ হাজাৰ কমেণ্ট, লাইক, শ্বেয়াৰ হয়৷”দৈনিক দুৰ্ঘটনাত যিমান লোকৰ মৃত্যু হয়, কৰোনা ভাইৰাছৰ আক্ৰমণত মৃত্যুৰ সংখ্যা তাতকৈ কম। সৰ্প দংশনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা তাতোকৈয়ো হাজাৰগুণে কম। কিন্তু দুৰ্ঘটনা হোৱাৰ ভয়ত গাড়ী-মটৰ চলাবলৈ এৰা নাই, ভাইৰাছকো মাৰিব পৰা নাই। বীৰত্ব কেৱল নিমাখিত প্ৰাণীটোৰ ওপৰত৷ আক্ৰমণ নকৰিলেও দেখিলেই মাৰিবলৈ উন্মত্ত হওঁ৷ ধিক্কাৰ জনাওঁ। মানুহৰ এই বীৰত্বক!”লেখাটো ট্ৰ’ল হ’ল। “ভাইৰাছৰ আক্ৰমণত লাখ লাখ মানুহ মৰিছে৷ ই বেটাই দুৰ্ঘটনাৰ লগত ৰিজাইছে ?””ঠিকেই কৈছে সৰ্পদংশনত মানুহ নমৰে। মৰে ভয়ত৷ যেনেকৈ ভাইৰাছৰ আক্ৰমণতকৈ পেনিক হোৱাত মানুহৰ মৃত্যুহাৰ বৃদ্ধি হৈছে৷”ডাইবেটিছ, প্ৰেচাৰ, হাপানী, কিডনী ৰোগী যি সকলক ক’ভিডে পাইছে তেওঁলোকৰ চিকিৎসাত ক’ৰবাত হেমাহী হৈছে৷ উপযুক্ত চিকিৎসা সেৱাৰপৰা বঞ্চিত সেই ৰোগীৰ মৃত্যুৱে মৃতকৰ সংখ্যা বঢ়াইছে৷ কমেণ্টৰ মজিয়াত বিৰ্তকৰ সূচনা৷ “বাইদেউ, আপুনি বেলেগ ফালে গতি কৰিছে৷ কথাটো আছিল সৰ্পদংশনত মৃত্যু৷””নিশ্চয়, সৰ্পদংশন হ’ব পাৰে৷ কুকুৰে কামুৰিলে জলাতংক ৰোগ হয় বুলি জানিও মানুহে কুকুৰ পুহে৷ কামুৰিলে নাড়ীত বেজী লয়৷ যন্ত্ৰণাদায়ক হ’লেও৷ তেনেকৈ সাপে খুঁটিলেও এণ্টিভেনম পোৱা যায় ৷ ল’লেই ভাল হ’ব৷”বিজিতে লক্ষ্য কৰে মানুহগৰাকী যুক্তিবাদী। হাস্পতালত এণ্টিভেনমৰ এভেলেবিলিটি কিমান? প্ৰতিখন গ্ৰাম্য চিকিৎসালয়ত পয্যাপ্ত আছেনে? সৰ্প দংশনৰ দৰে ঘটনা সাধাৰণতে গাঁৱত বা ভিতৰুৱা বস্তি অঞ্চলতে বেছি৷ যদি প্ৰতিষেধক নাই চৰকাৰক অৱগত কৰাৰ লগতে দাবী জনোৱা উচিত৷ তাকে নকৰি আজিৰ দিনতো বহুলোকে বেজলৈ অপেক্ষা কৰে৷ চিনেমাত দেখোৱাৰ দৰে খোঁটা অংশটো চুলিয়ে টানকৈ বান্ধি‌, খোঁটা অংশ কাটি দিয়া দেখা যায়। অত্যুৎসাহী কোনোৱে ঘৰুৱা সঁজুলিৰে বিহ উলিওৱা নামত খোঁটা অংশত খুঁচি-বিন্ধি তেজ বোৱাই দিয়া দৃশ্যও দুৰ্লভ নহয়।”অতিপাত ৰক্তক্ষৰণ বা ভয়ত মানুহ মৰে৷ বেজৰ জৰা-ফুকাও তেনে ক্ষেত্ৰত অমূলক হৈ পৰে।”তাচ্ছিল্যৰে বিজিতে কৈ যায়। ‌”কিন্তু জৰা ফুকাতো ভাল হোৱা নজিৰ আছে?”এণ্ডৰইড মোবাইলধাৰী সেইগৰাকীৰ ফেচবুকীয়া কমেণ্টীৰ বেজৰ ওপৰত থকা অটল বিশ্বাসত বিজিতে আঘাত সানে, “সাপে আক্ৰমণ কৰাৰ মানসিকতাৰে নোখোঁটে। আত্মৰক্ষাৰ বাবেহে খোঁটে আৰু তেনে সময়ত অধিক সাপে শুকান দংশনহে কৰে অৰ্থাৎ বিষ নাঢালে৷ তেনেক্ষেত্ৰতে বেজৰ জয় জয়কাৰ৷ অবিষাক্ত সাপৰ দংশনৰ ঘটনাতো পানী এচলুৰ মাহাত্ম্যতাই ৰজনজনায়।””চম্পাৱতীৰ দৰে ইয়াকো সাপৰ লগত বিয়া পাতি দিব লাগে, তেতিয়া গম পাব৷ সাপৰ লগত নহয়, সৰ্পিনীৰ লগত শুব দিব লাগে ইয়াক। সৰ্পিনীৰ লিকলিকীয়া জিভাই চেলেকি চেলেকি তাক মৰম কৰিব৷ প্ৰেমময় স্পৰ্শেৰে সৰ্বশৰীৰ যেতিয়া মেৰিয়াই ধৰিব তেতিয়া তাৰ প্ৰেম বাজ হৈ যাব৷
“ভিন্নৰূপী কমেণ্ট৷ ভিন্ন মানসিকতাৰ৷ তথাপিয়ো সি আশাবাদী৷ সৰ্প দংশনৰ ওপৰত ৰাইজক সজাগ কৰা কিছু লোকক লগ পায়৷ ফেচবুকৰ মজিয়াতে লগ পোৱাৰ বহুজনৰ লগতে আন্তৰিকতা বৃদ্ধি পায়। তেওঁলোকে নিজ নিজ অঞ্চলত একাগ্ৰতাৰে কাম কৰি আছে৷ তেওঁলোকে গাঁৱে গাঁৱে “ভেনম ৰেচপনচ্ ট্ৰীম “খোলাৰ পোষকতা কৰে৷ যি ট্ৰীমে সাপে খোঁটা লোকক তৎকালে চিকিৎসালয় পোৱাবগৈ পাৰে৷ আধুনিক চিকিৎসাৰে সৰ্পদংশিত ৰোগীৰ চিকিৎসা সহজ৷ বিষাক্ত সৰ্প দংশনো নিৰাময় কৰিব পাৰে৷ মাত্ৰ সময়ত চিকিৎসালয় পাবগৈ লাগে৷ ৰোগীয়ে যাতে ভয় নাখায়, ভয় খাব পৰা পৰিবেশ সৃষ্টিৰ পৰা লোকসকলক বিৰত কৰিবলৈ অধিক সজাগতাৰ প্ৰয়োজন। ভাইৰাছৰ সন্ত্ৰাসৰ এটা বছৰ পাৰ হৈ গ’ল৷ শিক্ষানুষ্ঠানলৈ ঘূৰি যোৱাৰ পৰিবেশ কেতিয়া আহিব বিজিতে ক’ব নোৱাৰে৷ বাৰিষা বৰষুণজাকত তিঁতি সি সৰুকালৰ দৰে গোনা ম’হে টনা মৈত উঠে৷ ইউ টিউব চেনেলত ওলোৱা হেপাঁহত চুবুৰীৰ লোক সকলেও নাঙলৰ খুঁটিত ধৰে৷ খুড়ী, পেহী সকলোৱে হাতত মুঠি মুঠি কঠিয়া লৈ গোজ মাৰে৷ সজাল ধৰা সেউজ পথাৰখনে এইবাৰ নঠগে৷ সি তাৰ ব্যৱস্থা কৰিছে৷চাইকেলৰ হেণ্ডেলত সাপজনীয়ে লৰচৰ কৰি তাইৰ অৱস্থিতি ঘোষণা কৰিলে৷ টেঙাআম বিলৰ পাৰৰ বাঁহনি ডৰাৰ কাষত সিহঁত চাইকেলৰ পৰা নামিল৷ চাইকেলৰ হেণ্ডেলৰ পৰা জোলোঙাটো নমাই মুখ বন্ধনৰ ৰচীডাল ঢিলা কৰি দিলে৷ অন্ধকূপৰ পৰা মুক্তি উল্লাসেৰে সৰ্পিনীয়ে মূৰটো উলিয়াই এঁকাবেঁকা দেহৰ ভাঁজ তুলি বাঁহনিডৰাৰ মাজলৈ গতি কৰিলে। ত্ৰিশূলে সন্তৰ্পণে মোবাইলৰ কেমেৰাত সৰ্পিনীৰ সৰ্পিল গতিৰ সৈতে স্নেক লাভাৰৰ সন্তোষিত হাঁহিটো বন্দী কৰি ল’লে৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *