অনুবাদপ্ৰবন্ধ

প্ৰতিগৰাকী ছোৱালীয়ে যি কথা জনা উচিত – (মূল: আম্ৰপালি ; অনুবাদ: কল্যাণী কোঁৱৰ)

মাৰ্গাৰেট হিগিনছ চ্যাঙ্গাৰ

[ অনুবাদকৰ টোকা – জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা বা জন্মনিৰোধক পিলৰ প্ৰয়োজনীয়তা কি, কিয় আৱিষ্কাৰ কৰিবলগীয়া হ’ল – এনে প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যাওঁতে নাৰী পুৰুষৰ অসাম্যতাৰ এখন  অমানৱীয় ছবি পৰিস্কাৰ হৈ পৰে, য’ত কেৱল এটা পক্ষই হে জীয়াতু ভোগে। অবাঞ্চিত গৰ্ভধাৰণৰ মানসিক আৰু শাৰীৰিক কষ্ট, গৰ্ভপাত আৰু তাৰ ফলত অতিৰিক্ত ৰক্তক্ষৰণ হোৱা,  ৰক্তহীনতা, চেপ্তিচেমিয়া এনেবোৰ সমস্যাত কেৱলমাত্ৰ নাৰীগৰাকীয়ে ভুগিব লগা হয়। আনহাতে সন্তান জন্ম দিব নোৱাৰা নাৰীগৰাকীক বাঁজী বন্ধ্যা আদি অমানৱীয় শব্দৰে অভিহিত কৰে, পুৰুষতান্ত্ৰিক সমাজে নাৰীগৰাকীক অলাগতীয়াল বস্তুৰ দৰে গণ্য কৰি সমাজৰ পৰা বহিষ্কাৰ কৰে। আনহাতে পুৰুষজন পাৰলৈ উঠি আহি পাখি জোকাৰি পানী আঁতৰাই পেলোৱা হাঁহৰ দৰে, সকলো দায়-দায়িত্বৰ পৰা মুক্ত!

গৰ্ভধাৰণ কৰা আৰু সন্তান প্ৰসৱ কৰা প্ৰক্ৰিয়াটো একমাত্ৰ নাৰীগৰাকীয়ে বহন কৰে। গতিকে গৰ্ভধাৰণত নাৰীৰ অধিকাৰ তথা সিদ্ধান্তই অগ্ৰাধিকাৰ পোৱা উচিত। কিন্তু আজিৰ পৰা ৬০ বছৰৰ আগৰ সেই সময়ৰ গোড়া পুৰুষ প্ৰাধান্য সমাজ ব্যৱস্থাত গৰ্ভধাৰণ কৰা অথবা নকৰাৰ সিদ্ধান্ত নাৰীয়ে ল’ব নোৱাৰিছিল। অৰ্থনৈতিক ভাৱে স্বাৱলম্বী নোহোৱাৰ বাবেও নাৰীগৰাকী এই ব্যৱস্থাৰ বলি হৈছিল । সঘনাই গৰ্ভধাৰণ আৰু সন্তান জন্ম দিবলগীয়া অৱস্থাই নাৰীৰ জীৱন অতি দুৰ্বিবহ কৰি তোলাই নহয় তাৰফলত জীৱন হেৰুৱাবলগীয়া হৈছিল। এনে ভয়ানক অমানৱীয় দশাৰ পৰা নাৰীক মুক্ত কৰিছিল আধুনিক চিকিৎসা বিজ্ঞানৰ  অৱদান জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা বা গৰ্ভনিৰোধক পিলৰ প্ৰয়োগে।

পৰিয়াল পৰিকল্পনাৰ যোগেদি জীৱনটো নিজৰ ধৰণেৰে পৰিচালনা কৰা, যৌনস্বাস্থ্য অটুট ৰখা, জীৱনলৈ অহা বিভিন্ন সুযোগবোৰ গ্ৰহণ কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা আগবঢ়োৱাত এগৰাকী নাৰীক জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাই সম্বল যোগালে। গৰ্ভনিৰোধক পিলে অনুমোদন পোৱাৰ পাছত স্নাতক ডিগ্ৰীধাৰী মহিলাৰ সংখ্যা ৫ গুণলৈ বৃদ্ধি পায়। কৰ্মক্ষেত্ৰত মহিলাৰ শ্ৰমৰ যোগদান ৩ গুণলৈ বৃদ্ধি পায়। লগতে গৰ্ভধাৰণ সম্পৰ্কীয় মহিলাৰ মৃত্যুৰ হাৰ ৫০% হ্ৰাস পায়। আৰ্থ- সামাজিক দিশত উল্লেখযোগ্য পৰিৱৰ্তন অনা গৰ্ভনিৰোধক পিল উৎপাদনৰ অন্তৰালত থকা মাৰ্গাৰেট হিগিনছ চ্যাঙ্গাৰে আৰম্ভ কৰা নাৰীমুক্তি আন্দোলনখন বেলেগ বেলেগ মাত্ৰাত চলি আছে। এতিয়াও উপযুক্ত যৌন শিক্ষাৰ অভাৱত জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহুতো ভ্ৰান্ত ধাৰণা  আমাৰ সমাজত চলি আছে। সেইয়া অন্য এক আলোচনাৰ বিষয় হ’ব পাৰে।

নাৰী- পুৰুষৰ যুটীয়া জীৱনত কেৱল নাৰীগৰাকী বৈষম্যৰ চিকাৰ হোৱাটো মাৰ্গাৰেটে অতি কাষৰ পৰা প্ৰত্যক্ষ কৰিছিল আৰু তাৰ ন্যায়ৰ দাবীত আজীৱন চলাই গৈছিল এই নাৰীমুক্তি আন্দোলন। এনে এগৰাকী সাহসী, অক্লান্ত কৰ্মী মাৰ্গাৰেট হিগিনছ চ্যাঙ্গাৰক ‘মুক্ত চিন্তা’ ৰ পাঠকৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্য শিলচৰৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ অনলাইন বাংলা আলোচনী ‘বাৰ্তা’ ৰ নৱেম্বৰ-ডিচেম্বৰ সংখ্যাৰ  “What every girl should know” প্ৰৱন্ধটোৰ মুকলি অনুবাদ আগবঢ়ালোঁ ]

মাৰ্গাৰেট হিগিনছ চ্যাঙ্গাৰ  হৈছে জন্ম নিয়ন্ত্ৰণৰ প্ৰথম যুঁজাৰু, নাৰী স্বাস্থ্যৰ আজন্ম উকীল, নাৰ্ছ, সমাজ সংস্কাৰক, লেখক, সম্পাদক, যৌনতা বিষয়ক শিক্ষা আন্দোলনৰ নেত্ৰী। গোটেই বিশ্বকে প্ৰথম তেৱেঁই কৈছিল – “এগৰাকী নাৰীৰ শৰীৰৰ ওপৰত অধিকাৰ কেৱলমাত্ৰ তেওঁৰ নিজৰ আছে।”  উনবিংশ শতাব্দীত, আমেৰিকাৰ নিউয়ৰ্ক চহৰত,  মাইকেল হিগিনছ নামৰ এজন দৰিদ্ৰ আইৰিচ ব্যক্তি বাস কৰিছিল। তেওঁ এজন নাস্তিক লোক আৰু নাৰীৰ ভোটাধিকাৰৰ সমৰ্থক আছিল। কিন্তু তেওঁৰ নিজৰ ঘৰত তেওঁৰ জীৱন সংগিনী, আ্যন হিগিনছ, বাইশ বছৰীয়া বৈবাহিক জীৱনত ওঠৰ বাৰ গৰ্ভৱতী হৈ ৪৯ বছৰ বয়সতে মৃত্যু বৰণ কৰিছিল। তেওঁৰে কন্যা মাৰ্গাৰেট হিগিনছ চ্যাঙ্গাৰে জীৱনভৰ মাকৰ মৃত্যুৰ কাৰণে দেউতাকে দায়ী  বুলি বিবেচনা কৰিছিল ।

ডাঙৰ হৈ মাৰ্গাৰেট নাৰ্ছ হয় আৰু দেখিলে যে দুখীয়া পৰিয়ালৰ ছোৱালীবোৰ, নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৰ্ভৱতী হোৱাৰ অনুপাত বহুত বেছি। তেনেকুৱাকৈ এবাৰ অবাঞ্চিত গৰ্ভপাত হৈ মৃত্যুমুখী হোৱা এগৰাকী ছোৱালীক চৰকাৰী ডাক্তৰে উপহাস কৰি কৈছিল, “তোমাৰ স্বামীক ছাঁদৰ ওপৰত শুবলৈ ক’বা।” ছোৱালীজনীৰ  চেপ্তিচেমিয়া হৈ মৃত্যু হয়। এই ঘটনাই মাৰ্গাৰেটৰ মনত গভীৰভাৱে ৰেখাপাত কৰে।

আমেৰিকাত সেই সময়ত গৰ্ভপাত আৰু জন্মনিয়ন্ত্ৰণ আছিল ধৰ্মবিৰুদ্ধ তথা ধৰ্ম প্ৰভাৱিত কুখ্যাত ‘কোমষ্টক আইন’ (Cumstock Law) ৰ চকুত শাস্তিযোগ্য অপৰাধ। পৰিয়াল পৰিকল্পনা, নাৰীৰ যৌনস্বাস্থ্যৰ বিষয়ে হোৱা কথাবাৰ্তাক বেআইনী আৰু অশ্লীল বুলি বিবেচনা কৰা হৈছিল। অৱশ্যে ধনীক শ্ৰেণীয়ে লোকচক্ষুৰ আঁৰত সকলো কৰিছিল।

মাৰ্গাৰেটে ‘New York Call’ নামৰ পত্ৰিকাখনত এটা ধাৰাবাহিক প্ৰৱন্ধ লিখে ১৯১২ চনত, ‘What every girl should know’ শিৰোনামেৰে। ‘The Woman Rebel’ নামেৰে এখন পত্ৰিকা প্ৰকাশ কৰিছিল ১৯১৪ চনত । পত্ৰিকাখনৰ শ্লোগান আছিল, “ন’ গড, ন’ মাষ্টাৰছ”‘Family limitations’ ও প্ৰকাশ কৰে।

নিষিদ্ধ বিষয়ৰ ওপৰত লেখা মেলা কৰাৰ কাৰণে পুলিচে ধৰাৰ আগতেই তেওঁ ব্ৰিটেইন লৈ পলাই যায়। ১৯১৬ চনত মাৰ্গাৰেটৰ ওপৰত কৰা মোকৰ্দমা উঠাই লোৱা হয় । তেওঁ পুনৰ আমেৰিকালৈ ঘূৰি আহে আৰু ব্ৰুকলিনত মূলত দুখীয়া শ্ৰেণীৰ বাবে পৃথিৱীৰ প্ৰথম জন্ম নিয়ন্ত্ৰণ ক্লিনিক খোলে। কিন্তু আৰম্ভ হোৱাৰ ন দিনৰ পাছত পুলিচে ক্লিনিকখন বন্ধ কৰি দিয়ে আৰু অশ্লীলতাৰ অপৰাধত মাৰ্গাৰেটক গ্ৰেপ্তাৰ কৰি ৩০ দিন জেলত ৰাখে আৰু জৰিমনা বিহে। জনসমৰ্থনৰ জোৰত তেওঁ জেলৰ পৰা মুক্তি লাভ কৰে। ১৯২০ চনত আমেৰিকাত ভোটাধিকাৰ আন্দোলনৰ বিজয়ী সতীৰ্থ সকলে তেওঁক সমৰ্থন কৰে।

মাৰ্গাৰেটে প্ৰতিষ্ঠা কৰা ‘American Birth Control League’ অনুষ্ঠানটো পৰৱৰ্তী সময়ত ‘Planned Parenthood Federation’ নামে পৰিচিত হয়। শিক্ষিত নাৰ্ছ বোৰক জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োগ শিকাবলৈ যাওঁতে চৰকাৰে বাধা আৰোপ কৰা মাৰ্গাৰেটে আৰু নতুন জন্ম নিয়ন্ত্ৰণ ক্লিনিক খুলিবলৈ আৰম্ভ কৰিলে। এইবাৰ ধনকুবেৰ ৰকফেলাৰে আৰ্থ সাহায্য আগবঢ়ায়। এইবাৰ আৰু চৰকাৰে বাধা নিদিয়া হ’ল।

তাৰপাছত তিনি দশক ধৰি মাৰ্গাৰেটে গোটেই পৃথিৱীতে জন্ম নিয়ন্ত্ৰণৰ পক্ষে জনমত গঠন কৰিলে। ভাৰতলৈ তেওঁ আহিছিল। কিন্তু গান্ধীজীয়ে ক’লে, ‘ব্ৰহ্মচৰ্য্যৰ আদৰ্শ’ যথাযথ ভাবে অনুসৰণ কৰিলে জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজন নাথাকে।

১৯৫০ চনত সত্তৰোৰ্ধ্ব মাৰ্গাৰেটে চিকিৎসা বিজ্ঞানী Gregory Pincus ক জন্ম নিয়ন্ত্ৰণৰ অৰ্থে ‘মেজ্যিক পিল’ আৱিষ্কাৰ কৰিবলৈ অনুৰোধ কৰে। পিনকাছে সানন্দেৰে প্ৰস্তাৱ গ্ৰহণ কৰিলে। ধনকুবেৰ Katharine McCormick য়ে অৰ্থ সাহাৰ্য্য আগবঢ়ালে। সকলোৰে যৌথ উদ্যোগত ১৯৬০ চনত আমেৰিকাত ফেডাৰেল চৰকাৰ সমৰ্থিত প্ৰথম জন্মনিয়ন্ত্ৰণৰ ‘মেজ্যিক পিল’ এনোভিড (Enovid) ৰ  জন্ম হ’ল। মাৰ্গাৰেটৰ ইমান দিনৰ সপোন সাৰ্থক হ’ল। ১৯৬৫ চনত ফেডাৰেল উচ্চতম ন্যায়ালয়ে কুখ্যাত কোমষ্টক আইন বাতিল কৰিলে।

যৌৱনদীপ্ত মাৰ্গাৰেটৰ বয়স তেতিয়া ৮১ বছৰ। তাৰ পাছৰ বছৰতে নাৰীমুক্তিৰ হকে নিবেদিত এই আজীৱ যোদ্ধাৰ জীৱনৰ চিৰসমাপ্তি ঘটে।

মাৰ্গাৰেট হিগিনছ চ্যাঙ্গাৰ নামৰ এইগৰাকী বিদ্বান, গোঁৱাৰ, ক্লান্তিহীন, অকুতোভয়, নিৰ্লজ্জ আৰু দৰদী মহিলা নথকাহেঁতেন, মাৰ্গাৰেটৰ মাতৃৰ দৰেই একবিংশ শতাব্দীৰ মহিলাইও ওঠৰটা, বাইশটা, সাতাশটা সন্তান প্ৰসৱ কৰিবলগীয়া হ’লহেঁতেন আৰু তাৰপাছত ২৯ বা ৩৯ বা ৪৯ বছৰ বয়সতে…………

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *