অনুবাদকবিতা

সাগ্নিক – (মূল: বীৰেন্দ্ৰ চট্টোপাধ্যায়, অনুবাদ: ৰুমা অধিকাৰী)

অস্থিৰ নহ’বা;
কেৱল প্ৰস্তুত হোৱা!
এতিয়া সময় চকু-কাণ
মুকলি কৰি
সময়ক তীক্ষ্ণ দৃষ্টিৰে পৰ্যৱেক্ষণ কৰাৰ৷
এই সময়ত
স্থিতধী হ’ব নোৱাৰাৰ
অৰ্থই হ’ল, জলন্ত জুইত নিজকে সঁপি দিয়া৷
তোমাৰ কাম হ’ব
জুইৰ প্ৰেমত উন্মাদ হৈ যোৱা নহয় –
জুইক ব্যৱহাৰ কৰিবলৈ শিকা৷
অস্থিৰ নহ’বা,
মাথোঁ প্ৰস্তুত হোৱা৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *