অনুবাদকবিতা

শান্তিৰ সৃষ্টি  (মূল: ডেনিছ লেভাৰ্টভ; অনুবাদ: কিশোৰ কুমাৰ দাস)

আন্ধাৰৰ পৰা মাত এটাই মাত লগালে,
“কবিসকলে আমাক দিবই লাগিব
শান্তিৰ কল্পনা, তীব্ৰ, চিনাকিক উৎখাত কৰিবলৈ দুৰ্যোগৰ কল্পনা।
শান্তি লাগে, কেৱল যুদ্ধৰ অনুপস্থিতি নহয়”।

কিন্তু শান্তি এক কবিতাৰ দৰেই
আগত যাৰ অৱস্থিতি নাই
সৃষ্টি কৰাৰ আগতে কল্পনা কৰিব নোৱাৰি যাক
জানিব নোৱাৰি ইয়াৰ নিৰ্মাণৰ বাহিৰৰ কোনো শব্দৰে
ন্যায়ৰ ব্যাকৰণ
পাৰস্পৰিক সহায়ৰ বাক্য গঠন

ইয়াৰ প্ৰতি এক অনুভৱ
এটা ছন্দক মূকভাৱে অনুভৱ কৰাটোৱেই আমাৰ সকলো
যেতিয়ালৈকে আমি ইয়াৰ উপমাবোৰ উচ্চাৰণ কৰিবলৈ আৰম্ভ নকৰোঁ
আমি কথা কওঁতে সেইবোৰ শিকা

দেখা দিব পাৰে শান্তিৰ এক ৰশ্মিয়ে
যদি আমি আমাৰ জীৱনে সৃষ্টি কৰা বাক্যটো পুনৰ গঠন কৰোঁ
লাভ আৰু ক্ষমতাৰ দৃঢ় প্ৰলোভন বাতিল কৰি
প্ৰয়োজনীয়তাৰ প্ৰশ্ন উত্থাপন কৰিবলৈ
অনুমতি দি দীঘলীয়া বিৰতিক

শান্তিৰ এটা বাৰ্তাই হয়তো নিজৰ ওজনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে
সমৰ্থনটোৰ ওপৰত নিৰ্ভৰ কৰি
শান্তি এক উপস্থিতি
যুদ্ধতকৈ অধিক তীব্ৰ শক্তিৰ ক্ষেত্ৰ
তেতিয়া হ’ব পাৰে স্পন্দন
স্তৱক অনুসৰি জগতলৈ
জীয়াই থকাৰ প্ৰতিটো কাৰ্য
ইয়াৰ এটা শব্দ, প্ৰতিটো শব্দ
পোহৰৰ কম্পন—ঢৌৰ মুখ গঠনকাৰী স্ফটিকৰ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *