সম্পাদকীয়

সম্পাদকৰ টোকা :: বিকল্প গণমাধ্যমৰ সন্দৰ্ভত (কৌশিক দাস)

(১)

অতিৰঞ্জন বহুতো সংবাদ-মাধ্যমৰ অংগাংগী চৰিত্ৰ। তাৰেই এটি চমৎকাৰ উদাহৰণেৰে আলোচনা আৰম্ভ কৰিছোঁ। বিশ্ববিশ্ৰুত সাহিত্যিক মাৰ্ক টুৱেনৰ ক্ষুৰধাৰ ব্যংগমিশ্ৰিত হাস্যৰসাত্মক উক্তি কিছুমান অতিকৈ জনপ্ৰিয়। আনকি, যশোধৰ এইগৰাকী এমেৰিকান কাহিনীকাৰ সম্পৰ্কে কিছুমান অপ্ৰমাণিত অথচ বহুল প্ৰচলিত কাহিনীও আছে। এবাৰ সংবাদপত্ৰত মাৰ্ক টুৱেনৰ মৃত্যু হ’ল বুলি এনেই এটা বাতৰি ওলাল। সাংবাদিকে বাতৰিটিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কি বুলি সোধাত মাৰ্ক টুৱেনে চমুকৈ ক’লে,“মোৰ মৃত্যুৰ বাতৰিবোৰ অতিশয় অতিৰঞ্জিত—The reports of my death are greatly exaggerated”!

মজাৰ কথা, বাতৰি কাকতৰ চৰিত্ৰক বিদ্ধ কৰা শানিত ব্যংগৰে সমৃদ্ধ এই চমু উক্তিটিৰ কাহিনীটো নিজেই হৈছে এটা নিৰ্ভেজাল অতিৰঞ্জনৰ উদাহৰণ—মাৰ্ক টুৱেনে আচলতে তেনেকৈ কোৱাই নাছিল, কথাটো কৈছিল অলপ বেলেগধৰণে!

সেইটো আছিল এটা নিমাখিত অতিৰঞ্জনৰ উদাহৰণ। কিন্তু সংবাদ-মাধ্যমৰ জৰিয়তে বহুল প্ৰচাৰ লাভ কৰা সকলো অতিৰঞ্জিত কথা-কাহিনী তেনে নিৰ্দোষ-নিৰ্মল হাস্যৰসৰ নহ’বও পাৰে। কেতিয়াবা অতি অসৎ আৰু দুষ্টবুদ্ধিৰে—উদ্দেশ্যপ্ৰণোদিতভাৱে—বাতৰিবোৰ অতিৰঞ্জনেৰে ভৰাই দিয়া হয়। তেনে অতিৰঞ্জনৰ আঁৰত কোনো ব্যক্তি, দল, জনগোষ্ঠী, মতাদৰ্শ, দেশ আদিক ভিত্তিহীনভাৱে মহিমামণ্ডিত কিম্বা অযথা গৰিহণাৰ পাত্ৰ কৰাৰ সুচতুৰ প্ৰয়াস বিদ্যমান হৈ থাকে। তেনে অতিৰঞ্জিত বা-বাতৰি আৰু কাহিনীয়ে মানুহৰ মনত যিদৰে কাৰোবাৰ প্ৰতি নিঃচৰ্ত, যুক্তিহীন আৰু প্ৰশ্নাতীত ভক্তি-আনুগত্যৰ জন্ম দিব পাৰে, তেনেদৰে অন্য কাৰোবাৰ প্ৰতি সৃষ্টি কৰাৰ সম্ভাৱনা থাকে অপৰিসীম, উগ্ৰ আৰু মাৰাত্মক ঘৃণা-বিদ্বেষৰ। যোৱাটো শতিকাৰ প্ৰথমাৰ্ধৰ প্ৰায় আঢ়ৈটা দশকধৰি জাৰ্মানিৰ সংবাদ-মাধ্যমে মূলতঃ অতিৰঞ্জনৰ মাজেৰে যিদৰে নৰাধম হিটলাৰক নৰোত্তম বুলি জনসাধাৰণৰ ওচৰত প্ৰতিভাত কৰি তুলিছিল, তেনেদৰেই অগণন নিৰপৰাধী ইহুদীক জাৰ্মানিৰ দুৰৱস্থাৰ যত কূটৰ ঘাই বুলি প্ৰতিপন্ন কৰি পেলাবলৈও সক্ষম হৈছিল। তাৰ সৰ্বনাশী পৰিণতি আছিল কি, সেইটো নক’লেও হ’ব। পৃথিৱীৰ নানান ঠাইৰ সংবাদ-মাধ্যমত—আমাৰ ভাৰতবৰ্ষ আৰু অসমো তাৰ ব্যতিক্ৰম নহয়—তেনে উদ্দেশ্যপ্ৰণোদিত অসৎ অতিৰঞ্জন এই একবিংশ শতিকাতো পূৰ্ণদ্যমে চলি থকা পৰিলক্ষিত হৈছে। সাম্প্ৰতিক সময়ত অতিৰঞ্জনৰ সৈতে হাতে হাত ধৰি আৰু কিছুমান নেতিবাচক চৰিত্ৰই সংবাদ-মাধ্যমৰ সততা আৰু বিশ্বাসযোগ্যতাক অতি বেয়াকৈ মষিমূৰ কৰি পেলাইছে বুলি নিৰ্দ্বিধাই ক’ব পাৰি। সহজেই চকুত পৰে, প্ৰকাশিত বা-বাতৰিত কোনো ব্যক্তি বা দলৰ মতামত অতি চতুৰতাৰে খণ্ডিত কিম্বা বিকৃত কৰিহে স্থান দিয়া হৈছে, কেতিয়াবা হয়তো প্ৰকাশ কৰা হৈছে অভাৱনীয় মিথ্যাচাৰ সম্বলিত খবৰ।

সংবাদ-মাধ্যমৰ অন্য এটা আনুষংগিক ক্ৰমবিকাশমান নেতিবাচক চৰিত্ৰ এইসমূহতকৈ বহুগুণে ভয়ংকৰ, অধিক বিপজ্জনক হৈ পৰিছে। অতিৰঞ্জিত, খণ্ডিত, বিকৃত আৰু মিথ্যা সংবাদৰ প্ৰতিমুখে প্ৰবন্ধ-পাতি লেখি, স্পষ্টীকৰণ প্ৰকাশ কৰি সেইবোৰৰ ক্ষয়ংকৰ প্ৰভাৱ কিছুদূৰলৈ হ্ৰাস কৰাটো সম্ভৱ। কিন্তু তেনে বিৰুদ্ধ মত যদি সংবাদ-মাধ্যমসমূহে প্ৰকাশেই নকৰে, তেতিয়া? বিৰুদ্ধ মত অৱদমন কৰাৰ এই কথাটো ফেচিবাদৰ আগ্ৰাসনৰ সৈতে খোজত খোজ মিলাই ক্ৰমশঃ আগ বাঢ়ে বলিষ্ঠভাৱে। প্ৰকৃততে, বিৰুদ্ধ মত প্ৰকাশত বাধা প্ৰদান কৰাটো হৈছে ফেচিবাদৰ এটা প্ৰধান চৰিত্ৰিক বৈশিষ্ট্য। ফেচিবাদ যিমানেই শক্তিশালী আৰু আটিল হয়, সিমানেই ৰুদ্ধ হৈ পৰে গণতান্ত্ৰিক শিবিৰসমূহৰ মত প্ৰকাশৰ স্বাধীনতা। এইটো এতিয়া আৰু কোনো আঁতৰৰ কথা হৈ থকা নাই। সাম্প্ৰদায়িক বিষবাষ্প, ঘৃণা, গোষ্ঠীবিদ্বেষ, বিকৃত ইতিহাস আদিৰে ভৰপূৰ অজস্ৰ তৰল কুৰচনা অবাধে সংবাদ-মাধ্যমসমূহত প্ৰকাশ হৈ আছে, কিন্তু সেইসমূহৰ বিপৰীতে দিনক দিনে সংকুচিত হৈ আহিছে তথ্যভিত্তিক, যৌক্তিক, মননশীল মতামত প্ৰকাশৰ সুযোগ। এনে এটা পটভূমিত বিকল্প সংবাদ-মাধ্যমৰ প্ৰাসংগিকতাৰ কথাটো গণতান্ত্ৰিক মূল্যবোধক আগ স্থান দিয়া লোকসকলৰ মাজত গুৰুত্ত্বসহকাৰে উত্থাপিত হৈছে। আমি “বিকল্প সংবাদ-মাধ্যম”-ৰ কথাটো সম্প্ৰসাৰিত কৰি, “বিকল্প গণমাধ্যম” হিচাপে এই নিবন্ধৰ শিৰোনামত উল্লেখ কৰিছোঁ। আলোচনা সুচল আৰু ফলপ্ৰসূ কৰিবলৈ ধাৰণাগত এই সম্প্ৰসাৰণ অতি জৰুৰী। কিয়, সেইটো আশাকৰোঁ এই আলোচনাৰ শেষৰ ফালৰ দফাত স্পষ্ট হ’ব।

(২)

“বিকল্প” শব্দটোৰ আভিধানিক অৰ্থ দ্ব্যৰ্থহীন–“এটাৰ সলনি এটা”—, এই অৰ্থত কোনো খোকোজা নালাগে। কিন্তু “বিকল্প গণমাধ্যম”-ৰ আলোচনাত বিকল্প শব্দটোৰ এই আভিধানিক অৰ্থ মুঠেও প্ৰশস্ত নহয়। আলোচ্য প্ৰসংগত শব্দৰ তেনে অৰ্থগত সংকীৰ্ণ পৰিসৰৰ কথাটো সতৰ্কতাৰে অনুধাৱন নকৰিলে বিকল্প গণমাধ্যমৰ প্ৰকৃত তাৎপৰ্য আমি বুজিবলৈ সক্ষম নহ’ম। কথাটো সহজে বুজিবলৈ সংবাদ-মাধ্যমৰ সৈতে সম্পৰ্কিত এটা বিখ্যাত ঘটনাৰ উদাহৰণ দিছোঁ।

যোৱা শতিকাৰ দ্বিতীয় ভাগত ক্ৰিকেট খেলটোৱে ক্ৰমবৰ্ধিত ৰূপত বিশ্বৰ কেইখনমান দেশত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল; অষ্ট্ৰেলিয়াও আছিল সেইসমূহ দেশৰ অন্যতম। স্বাভাবিকতেই ক্ৰিকেটৰ তেনে জনপ্ৰিয়তা ব্যৱসায়িক লাভালাভৰ সৈতে ক্ৰমাৎ সাঙোৰ খাই পৰিবলৈ আৰম্ভ কৰিছিল। অষ্ট্ৰেলিয়াত ক্ৰিকেট টেষ্টসমূহৰ চাক্ষুস বিৱৰণি টেলিভিশ্বনত সম্প্ৰচাৰ কৰিছিল চৰকাৰী সংস্থা অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কমিচনে। ১৯৭৬ চনত অষ্ট্ৰেলিয়াৰ অতি ধনী ব্যৱসায়ী কেৰী পেকাৰে ব্যৱসায়িক লাভালাভৰ উদ্দেশ্য আগত ৰাখি অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কমিচনৰ পৰিৱৰ্তে নিজে ক্ৰিকেট টেষ্টসমূহ সম্প্ৰচাৰ কৰিব বুলি প্ৰস্তাৱ আগ বঢ়াইছিল। উক্ত প্ৰস্তাৱ অগ্ৰাহ্য হোৱাত কেৰী পেকাৰে বিভিন্ন দেশৰ সুদক্ষ আৰু নামজ্বলা ক্ৰিকেট খেলুৱৈক (যেনে, ৱেষ্ট ইণ্ডিজৰ ক্লাইভ লয়ড্‌, ইংলণ্ডৰ টনী গ্ৰেগ্‌, অষ্ট্ৰেলিয়াৰ ইয়ান চাপেল, পাকিস্তানৰ ইমৰাণ খান আদি বহুতো) গোট খুৱাই আৰম্ভ কৰিলে ৱৰ্ল্ড চিৰিজ ক্ৰিকেট। সেই খেলসমূহৰ সম্প্ৰচাৰণ কৰা হ’ল কেৰী পেকাৰৰ নিজৰ টেলিভিশ্বন—সাধাৰণতে “চেনেল নাইন” বুলি বিখ্যাত “নাইন নেটৱৰ্ক”-ত। আভিধানিত অৰ্থগত দিশৰ পৰা কেৰী পেকাৰে ক্ৰিকেটৰ সম্প্ৰচাৰ আৰম্ভ কৰিলে এটা “বিকল্প মাধ্যম”-ত। কিন্তু আমাৰ আলোচ্য প্ৰসংগৰ “বিকল্প মাধ্যম” তেনেকুৱা নহয়। স্বাভাবিকতেই প্ৰশ্ন উঠিব, তেনে বিকল্পৰ ৰেহৰূপ বা চৰিত্ৰ কেনেকুৱা? বিকল্প মাধ্যম প্ৰকৃততে কিহৰ বিকল্প? প্ৰশ্নটোৰ উত্তৰ পৰিষ্কাৰ কৰিবলৈ বিকল্প মাধ্যমৰ প্ৰতিমুখী “মূলসূঁতি মাধ্যম”-ৰ কথাটো আলোচনালৈ আনিব লাগিব। এক কথাত, বিকল্প মাধ্যম হৈছে মূলসূঁতি মাধ্যমৰ বিকল্প। গতিকে আমি মূলসূঁতি মাধ্যমৰ কিছুমান প্ৰধান স্বৰূপলৈ লক্ষ্য কৰিলে, বিকল্প মাধ্যমনো কি, সেই কথাটোও স্পষ্ট হৈ পৰিব।

সাধাৰণতেই মূল সূঁতিৰ মাধ্যমসমূহৰ নেপথ্যত থাকে এক বা একাধিক ধনবান ব্যক্তি কিম্বা পুঁজিপতিগোষ্ঠী। প্ৰায়েই তেনে মাধ্যমসমূহক ব্যৱসায়িক লাভালাভৰ উদ্দেশ্য আগত ৰাখি গঢ়ি তোলা হয়। মুনাফা অৰ্জন সাধাৰণতে এটা প্ৰধান চৰিত্ৰ হ’লেও, বিকল্প মাধ্যমৰ প্ৰসংগত মূল সূঁতিৰ মাধ্যমবোৰৰ অন্য এটা দিশহে অধিক গুৰুত্ত্বপূৰ্ণ। শ্ৰেণীবিভক্ত সমাজ এখনত শাসক শ্ৰেণীটোৰ মতাদৰ্শক সকলো শ্ৰেণীৰ বাবেই উপযোগী, নিৰ্বিৰোধ, স্বাভাবিক আৰু গ্ৰহণযোগ্য বুলি প্ৰতীয়মান কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই যোৱা হয়। এই কাৰ্যত মূল সূঁতিৰ মাধ্যমবোৰ হৈছে শাসকশ্ৰেণীৰ একো একোটা শক্তিশালী হাথিয়াৰ। গতিকে মূল সূঁতিৰ মাধ্যমে প্ৰধানতঃ শাসকশ্ৰেণীটোৰ মতাদৰ্শৰ সমৰ্থন, প্ৰতিফলন, প্ৰচাৰ আৰু প্ৰসাৰ কৰি যায়। তেনে মতাদৰ্শৰ কোনো পৰিৱৰ্তন ননাকৈ, মাত্ৰ মাধ্যমটোৰ মঞ্চ সলনিৰ মাজেৰে—যেনে, এখন বাতৰি কাকতৰ পৰিৱৰ্তে অন্য এখন প্ৰকাশ কৰিলে—সি হয়তো আভিধানিক অৰ্থত এক বিকল্প হ’ব, কিন্তু মতাদৰ্শগত দিশত সি জানোঁ এটা বিকল্প মাধ্যম বুলি পৰিগণিত হ’ব? চেনেল নাইনৰ কথাটো মনলৈ আনি কথাটো আমি জুকিয়াই চাব পাৰোঁ।

গতিকে বিকল্প মাধ্যমৰ বিষয়টো মতাদৰ্শগত অৱস্থানৰ সৈতে সাঙোৰ খাই আছে। এই দিশটোক অগ্ৰাহ্য কৰিলে বিকল্প মাধ্যমৰ ধাৰণাটো তেনেই বিভ্ৰান্তিকৰ হৈ পৰিব। উল্লেখ কৰা হৈছিল, শকত পুঁজিৰ বিনিয়োগ আৰু আৰ্থিক লাভালাভ মূল সূঁতিৰ মাধ্যমৰ এটা প্ৰধান চৰিত্ৰ হিচাপে সাধাৰণতেই ভুমুকি মাৰেহি। আমি সচেতনভাৱেই “সাধাৰণতে” বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ। কেতিয়াবা এনেকুৱাও হ’ব পাৰে যে বৃহৎ পুঁজি বিনিয়োগ নকৰাকৈ, আৰ্থিক লাভালাভৰ কথাটোত প্ৰাধান্য নিদি, ক্ষুদ্ৰ পৰিসৰত আলোচনী এখন প্ৰকাশ কৰা হ’ল। আলোচনীখনত যদি তথাকথিত উচ্চ সংস্কৃতিৰ ধাৰণাৰে জনবিচ্ছিন্ন, ভাববাদী, স্থিতাৱস্থাৰ সমৰ্থক কোনো প্ৰতিক্ৰিয়াশীল দৰ্শনক মূলমন্ত্ৰ কৰি লোৱা হয়, সেইখনক সঁচা অৰ্থত এক বিকল্প বুলি অভিহিত কৰা যাবনে? সেইখনে শেষ বিচাৰত বাৰু মূল সূঁতিকেই প্ৰতিনিধিত্ব নকৰিবনে? গতিকে প্ৰকাশিত বা-বাতৰি, ৰচনা-প্ৰবন্ধ-কবিতাত মূৰ্ত্ত হোৱা মতাদৰ্শগত অৱস্থান, তেনে মতাদৰ্শ স্থিতাৱস্থাৰ সমৰ্থক নে বিৰোধী, সি সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক পৰিৱৰ্তনৰ সপক্ষে নে বিপক্ষে—এই প্ৰশ্নবোৰ বিকল্প মাধ্যমৰ বৈশিষ্ট্যৰ প্ৰশ্নটোত অতিশয় প্ৰাসংগিক হৈ পৰে। বিকল্প মাধ্যমৰ প্ৰসংগত এই দিশটো মুখ্য আৰু অতি গুৰুত্ত্বপূৰ্ণ যদিও আমি সাধাৰণতেই দেখিবলৈ পোৱা মূল সূঁতিৰ মাধ্যমৰ মুনাফা অৰ্জন চৰিত্ৰটোৰ কথা পাহৰি গ’লে ভুল হ’ব।

(৩)

বিকল্প মাধ্যমৰ অৱস্থান নিঃসন্দেহে মূল সূঁতিৰ প্ৰতিমুখী। কিন্তু আমি মন কৰিব লাগিব বিকল্প মাধ্যমসমূহো একমাত্ৰিক নহয়। বিকল্প মাধ্যমসমূহে বহন কৰা গুণ বা চৰিত্ৰৰ ওপৰত ভিত্তি কৰি সেইসমূহক নানান ধৰণে—যেনে, বিপ্লৱী, প্ৰতিবাদী, নাৰীবাদী, গোপন, প্ৰগতিশীল, নৈৰাজ্যবাদী, যুক্তিবাদী, সংস্কাৰকামী—ইত্যাদি অভিধাৰে চিহ্নিত কৰা যায়। অৱশ্যে কোনো বিকল্প মাধ্যমত এইসমূহৰ একাধিক চৰিত্ৰই—উদাহৰণ স্বৰূপে, যুক্তিবাদীৰ লগতে বিপ্লৱী আৰু নাৰীবাদী ধ্যান-ধাৰণাই—, কম-বেছি প্ৰাৱল্য আৰু অনুপাতেৰে একেলগে অবৈৰীমূলক প্ৰপঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। লক্ষনীয় কথা, বিভিন্ন ধাৰাৰ বৈচিত্ৰ্য আনকি ভিন্নতাৰ মাজতো প্ৰধানতঃ দুটা সাধাৰণ চৰিত্ৰ বিকল্প মাধ্যমসমূহৰ মাজত নিহিত হৈ থাকে। প্ৰথমটো হৈছে এই মাধ্যমসমূহ কোনো বৃহৎ পুঁজিপতিৰ নিয়ন্ত্ৰণাধীন নহয় ; দ্বিতীয়তে, এইসমূহ স্থিতাৱস্থাৰ বিৰোধী, পৰিৱৰ্তনকামী।

এইখিনিতে এটা কথা গুৰুত্ত্বসহকাৰে কৈ থোৱা ভাল। মূলসূঁতিৰ মাধ্যমসমূহৰ চৰিত্ৰও কিন্তু সৰলৰৈখিক নহয়। শাসকৰ প্ৰশস্তি যিহেতু সেইবোৰৰ মজ্জাগত, সেইবাবে শাসকীয় দলৰ পৰিৱৰ্তন হ’লে সেইবোৰৰ সুৰো সলনি হৈ পৰে। এইটোৰ এটা অতি চমৎকাৰ উদাহৰণ—কিছু দীঘলীয়া হ’লেও—ইয়াতে সন্নিবিষ্ট কৰিছোঁ।‌ উদাহৰণটো ফ্ৰান্সৰ বাতৰি কাকতৰ শিৰোনামৰ সৈতে সম্পৰ্কিত। মূল বাতৰিৰ শিৰোনামসমূহ ফৰাচী ভাষাত আছিল, আমি ইংৰাজীৰ পৰাহে তৰ্জমা কৰিছোঁ। কথাটোৰ পটভূমি এনেধৰণৰ; নেপোলিয়ন বোনাপাৰ্ট এবাৰ যুদ্ধত পৰাজিত হৈ নিৰ্বাসিত হৈ আছিল ভূমধ্য সাগৰৰ এল্‌বা দ্বীপত। ফ্রান্সৰ ক্ষমতা দখল কৰিছে পূৰ্বৰ বুঁৰ্ব বংশৰ সম্ৰাটে। এদিন নেপোলিয়নে এল্‌বা এৰি ফ্রান্স অভিমুখে জাহাজেৰে যাত্রা আৰম্ভ কৰিলে। ঘটনাক্ৰমৰ দ্ৰুত পট-পৰিৱৰ্তনৰ আঁতটো ধৰি ৰাখিবলৈ তাৰিখটো উল্লেখ কৰিছোঁ—২৬ ফেব্রুৱাৰী, ১৮১৫ চন। নেপোলিয়ন আহি ফ্রান্সত ভৰি দিলে; হেজাৰ হেজাৰ, অগণন মানুহ তেওঁৰ পাছে পাছে যাবলৈ আৰম্ভ কৰিলে; বুঁৰ্ব সম্রাটে প্রেৰণ কৰা সৈন্যই নেপোলিয়নক দেখাৰ লগে লগেই তেওঁৰহে পক্ষ ললে। আৰু, বিনা বাধাই নেপোলিয়ন বহিল ফ্রান্সৰ সিংহাসনত। তাৰিখটো আছিল ২০ মাৰ্চ, ১৮১৫ চন। ২৬ ফেব্রুৱাৰীৰ পৰা ২০ মাৰ্চ—প্রায় দুটা পষেক মাত্র। এই দুটা পষেকত ফ্রান্সৰ সংবাদপত্রৰ শিৰোনাম কেনেধৰণে সলনি হৈ পৰিছিল, সেইটো লক্ষ্য কৰা যাওক—

  • ৯ মাৰ্চ : নৰখাদকটো তাৰ গুহাৰ পৰা পলাইছে।
  • ১০ মাৰ্চ : কৰ্চিকান নৰখাদকটো কেপ জুৱানত নামিছে।
  • ১২ মাৰ্চ : দৈত্যটো গ্রিন’ব্লিত জিৰাইছে।
  • ১৩ মাৰ্চ : সন্ত্রাসকাৰীটো লায়ন নগৰ পাৰ হ’ল।
  • ১৪ মাৰ্চ : অবৈধ ক্ষমতা দখলকাৰীটো ডিজন নগৰৰ দিশে।
  • ১৮ মাৰ্চ : বোনাপাৰ্ট ৰাজধানীৰ পৰা মাত্র ষাঠি লীগ আঁতৰত।
  • ১৯ মাৰ্চ : বোনাপাৰ্ট দ্রুতবেগে ৰাজধানীৰ দিশত, কিন্তু সোমাব নোৱাৰিব।
  • ২০ মাৰ্চ : নেপোলিয়ন কাইলৈ নগৰত সোমোৱাৰ সম্ভাৱনা।
  • ২১ মাৰ্চ :  সম্রাট নগৰৰ উপকণ্ঠত।
  • ২২ মাৰ্চ : মহামান্য সম্রাট তেখেতৰ অনুগত-বিশ্বাসীসকলেৰে পৰিবিষ্টহৈ মহানন্দে ৰাজধানী পালেহি।

অৰ্থাৎ, ৯ মাৰ্চৰ “নৰখাদকটো” সংবাদ-মাধ্যমৰ কৃপাত ২২ মাৰ্চত হৈ পৰিল “মহামান্য সম্রাট”!

শাসক-শাসনৰ পৰিৱৰ্তনৰ লগে লগে সংবাদ-মাধ্যমৰ বাতৰিৰ ৰেহৰূপতো যে সালসলনি ঘটে, উপৰিউক্ত কথাখিনি তাৰ এটা জল্‌জল্‌পট্‌পট্‌ প্ৰমাণ। অৱশ্য আমি লগতে লক্ষ্য কৰা উচিত, সেইসমূহত যে অনবৰতে, একেই প্ৰৱল্যৰে কেবল শাসকৰ নিঃচৰ্ত প্ৰশস্তি, চূ‌ড়ান্ত প্ৰতিক্ৰিয়াশীল, প্ৰগতিবিৰোধী আৰু অনিষ্টকৰ বা-বাতৰি কিম্বা প্ৰবন্ধপাতি আদিহে প্ৰকাশ হৈ থাকে, তেনেও নহয়। সেইবোৰত নিশ্চয় বহুতো মংগলময়, জ্ঞানবৰ্ধক, শাসকপক্ষৰ তীক্ষ্ন সমালোচনা, আনকি প্ৰতিবাদী-বিপ্লৱী বস্তুও ওলায়। তেনে শুভংকৰ দিশবোৰক কেতিয়াবা হয়তো কোনো কোনো মূলসূঁতিৰ মাধ্যমৰ ঘোষিত লক্ষ্য হিচাপেও প্ৰক্ষেপ কৰা হয়। এই বাস্তৱ দিশটো অস্বীকাৰ কৰাৰ প্ৰশ্নতো নুঠেই, বৰঞ্চ এই কথাটো কৌশলগত দিশৰ পৰা গণতান্ত্ৰিক শিৱিৰৰ বাবে যে অতিশয় গুৰুত্ত্বপূৰ্ণ, সেইটো এই আলোচনাৰেই পাছৰ ফালে উনুকিয়াই যোৱা হ’ব। সি যিয়েই নহওক, ইতিবাচক উপাদানৰ ক্ষণিক আৰু অনিয়মীয়া উপস্থিতিৰ চিক্‌মিকণিৰ মাজত আমি কিন্তু মূলসূঁতিৰ মাধ্যমত অন্তৰ্নিহিত আৰু সক্ৰিয় হৈ থকা সামগ্ৰিক কণ্ঠটোৰ স্থিতাৱস্থাকাংক্ষী চৰিত্ৰটোৰ কথা পাহৰি গ’লে নহ’ব। কিয়নো, মূলসূঁতিৰ মাধ্যমৰ প্ৰতিক্ৰিয়াশীল চৰিত্ৰটোৰ প্ৰাৱল্য স্থান-কালভেদে স্বাভাবিকতেই একে নহয়। সমাজবাস্তৱত প্ৰগতিশীল ভাবধাৰা শক্তিশালী আৰু সজীৱ হৈ থকা কালত মূলসূঁতিৰ মাধ্যমতো সি বিম্বিত হোৱা পৰিলক্ষিত হয়—মূলতঃ ৰক্ষণশীল চৰিত্ৰৰ হ’লেও সেইসমূহতো প্ৰকাশিত হয় নানান প্ৰগতিশীল কথা-বতৰা। আনকি, ৰক্ষণশীল মতাদৰ্শৰ সৈতে পৰিৱৰ্তনকামী ধ্যান-ধাৰণাৰ বিতৰ্কও তাত স্থান পায়। প্ৰকৃততে সেইসমূহ হৈছে সমাজ-বাস্তৱত চলি থকা শ্ৰেণীদ্বন্দ্বৰেই বৌদ্ধিক অনুৰণন। সেইসমূহ দেখিয়েই তেনে মাধ্যমে বিকল্প ৰূপ ধাৰণ কৰিছে বুলি ধাৰণা কৰিলে ডাঙৰ ভুল কৰা হ’ব। এইক্ষেত্ৰত অসমৰেই অদূৰ ইতিহাসৰ পৰা আমি নিশ্চয় শিক্ষা ল’ব পাৰোঁ। বিগত শতিকাৰ সপ্তম দশকৰ এটা সময়ত অসমৰ মূলসূঁতিৰ সংবাদ-মাধ্যমসমূহতো প্ৰগতিশীল ৰচনাই আগ স্থান পাবলৈ ধৰিছিল। কিন্তু তথাকথিত অসম আন্দোলনৰ উকমুকনিৰ লগে লগে তেনে আপাতঃগণতান্ত্ৰিক চৰিত্ৰটো উক্ত মাধ্যমসমূহৰ পৰা ক্ৰমাৎ হৈ পৰিছিল অপসৃয়মান। আন্দোলনে ভয়ংকৰ, জংগী আৰু সৰ্বগ্ৰাসী ৰূপ লোৱাৰ লগে লগে উক্ত চৰিত্ৰটো সমূলি হৈ পৰিছিল অৱলুপ্ত। সমাজত প্ৰতিক্ৰিয়াশীল শক্তি অধিক শক্তিশালী হৈ পৰিলে তেনে মাধ্যমত পূৰ্বতে বৰ্তি থকা দুই শিৱিৰৰ শক্তিৰ সন্তুলন বিপৰ্যস্ত হৈ কথাটো একেবাৰে ওলোটা হৈ পৰে; ৰক্ষণশীল বা-বাতৰি-লিখা-মেলাৰ অনুপাত ইতিবাচক প্ৰগতিশীল উপাদানতকৈ বৃদ্ধি পায়, মূলসূঁতিৰ মাধ্যমে মোট সলাই ভিন্ন ৰূপ পৰিগ্ৰহ কৰে। বিশেষকৈ ফেচিবাদৰ দ্ৰুত আগ্ৰাসনৰ কালত উক্ত অনুপাতটো আমূলভাৱে পৰিৱৰ্তিত হৈ পৰে। ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰভূত শক্তি ব্যৱহাৰ কৰি কৰিৎকৰ্মা ফেচিষ্টে ধন-বঁটা-যশৰ প্ৰলোভন, বল প্ৰয়োগ, ভাবুকি, আৰ্থিক প্ৰতিবন্ধক, শাস্তি, আক্ৰমণ আদি নানান বিচিত্ৰ আৰু বৈচিত্ৰ্যময় কলা-কৌশল অতি কাৰ্যকৰীৰূপত সফলভাৱে ৰূপায়ন কৰিবলৈ সক্ষম হৈ উঠে। প্ৰগতিশীল মহলৰ মত প্ৰকাশৰ স্বাধীনতা তেনেকুৱা স্থান-কালত সম্পূৰ্ণ খৰ্ব হৈ প্ৰায় স্তিমিত হৈ পৰে। এনে এটা পৰিৱেশত জনগণৰ আশা-আকাংক্ষা, বাদ-প্ৰতিবাদ, দুখ-কষ্ট-সমস্যা আদিৰ কথা মূলসূঁতিৰ মাধ্যমৰ পৰা সম্পূৰ্ণ অন্তৰ্হিত হৈ পৰে। তেনে অৱস্থাত বিকল্প মাধ্যমৰ ব্যতিৰেকে অন্য কোনো উপায়ৰ কথা মনলৈ নাহে।

(৪)

ওপৰৰ দফাটোত অসম আন্দোলনৰ সময়ত যে মূল সূঁতিৰ মাধ্যমৰ পৰা গণতান্ত্ৰিক চৰিত্ৰটো লুপ্ত হৈ পৰিছিল, সেইটো উল্লেখ কৰা হৈছে। তাৰ লগে লগে সেইসমূহে নিৰন্তৰে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল অতিৰঞ্জিত বাতৰি, অতিকথা, মিথ্যাচাৰেৰে পৰিপূৰ্ণ ৰচনা, দল আৰু ব্যক্তিৰ কুৎসিত চৰিত্ৰহনন। সেই সময়ত, ঘটনাপ্ৰৱাহৰ প্ৰকৃত চিত্ৰ অসমৰ সিংহভাগ মানুহৰ আগত শুদ্ধ ৰূপত উপস্থাপন কৰাটো জীৱনৰ বাবে সংশয়ৰ কথা হৈ পৰিছিল। তেনে বিপদৰ ভয়াবহতাৰ মাজতো বিগত শতিকাৰ সপ্তম দশকৰ শেষৰ ফালে ডহীৰেন গোহাঁইদেৱৰ অকুতভয় নেতৃত্বত প্ৰকাশ হৈছিল এখনি বিকল্প কাকত “কলাখাৰ”। “কলাখাৰ”-ত আন্দোলনৰ সময়ৰ ঘটনাৱলীৰ যুক্তিযুক্ত বিচাৰ-বিশ্লেষণে স্থান পাইছিল, কাকতখনে সেই ভয়াবহ সময়তো প্ৰজ্জ্বলিত কৰি ৰাখিছিল মনুষ্যত্বৰ বন্তিশিখা। “কলাখাৰ” হৈ পৰিছিল ভীতিগ্ৰস্ত অগণন মানুহৰ মনলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনা সাহসৰ এক উমাল উৎস। তেনেদৰেই, দুই-তিনি বছৰমানৰ পাছত—অসম আন্দোনলৰ মাজতেই—এমুঠি প্ৰগতিশীল মানুহে প্ৰকাশ কৰিছিল এখনি বিকল্প সংবাদপত্ৰ,“সাপ্তাহিক জনজীৱন” (কাকতখনৰ বিষয়ে গোপাল চন্দ্ৰ বৰ্মনৰ এটি নিবন্ধ এই সংখ্যাৰ “মুক্ত চিন্তা”-ত সন্নিবিষ্ট কৰা হৈছে। পঢ়িবলৈ ইয়াতে টিপা মাৰক)। উল্লেখ কৰা হৈছিল যে সাম্প্ৰতিক ফেচিষ্টৰ আগ্ৰাসনৰ সময়ত বিকল্প মাধ্যমৰ প্ৰয়োজনীয়তা অতি জৰুৰীভাৱে অনুভূত হৈছে। এই ক্ষেত্ৰত “কলাখাৰ”, “সাপ্তাহিক জনজীৱন” আদি যিদৰে আমাৰ অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে, তেনেদৰেই সেইসমূহে তেতিয়াই অৰ্জন কৰা অভিজ্ঞতাৰ বিচাৰ-বিশ্লেষণে বৰ্তমান-ভৱিষ্যতৰ পৰিকল্পনাতো নিশ্চয় প্ৰভূতভাৱে সহায় কৰিব।

উক্ত প্ৰসংগত আমি জোৰ দি ক’ব খোজোঁ, সাম্প্ৰতিক সময়ত বিকল্প মাধ্যমৰ গুৰুত্ত্ব মাত্ৰ বা-বাতৰি-প্ৰবন্ধ-পাতি প্ৰকাশ কৰাতেই সীমাবদ্ধ বুলি ভাবিলে সি খণ্ডিত চিন্তাৰহে নিদৰ্শন হ’ব। এই প্ৰসংগত ডহীৰেন গোহাঁইদেৱে সুগভীৰ অন্তৰ্দৃষ্টিৰে কৰা পৰ্যবেক্ষণৰ কথা (১৯৮২ চনতেই লেখা) অতি গুৰুত্ত্বসহকাৰে সচেতন পাঠকৰ দৃষ্টিলৈ আনিছোঁ,“……‘কলাখাৰ’-ৰ প্ৰচেষ্টা যিমানেই অস্থায়ী নহওক, তাৰ মাজতে আছে অসমৰ বাম-গণতান্ত্ৰিক ঐক্যৰ সাৰ্থক আৰু স্থায়ী ভিত্তিৰ ইংগিত। এই ইংগিত গ্ৰহণ নকৰা পৰ্যন্ত অসমৰ ৰাজনীতিত বামগণতান্ত্ৰিক ঐক্যও এক দূৰৰ পৰা জাপি দিয়া উপৰুৱা ভাববিলাস হৈয়েই থাকিব” (দ্ৰষ্টব্য: হীৰেন গোহাঁই, তেজৰ আখৰে লেখা, পৃ. xxi)। অসম আন্দোলনৰ পটভূমিত তেখেতে লেখা উক্ত কথাখিনি এতিয়া অধিকহে প্ৰাসংগিক হৈ পৰিছে।

সাম্প্ৰতিক কালত বিকল্প মাধ্যমৰ চিন্তা-ভাবনা কৰোঁতে আমি উক্ত কথাখিনি খুব ভালদৰে বুজি উঠাটো জৰুৰী। বিকল্প মাধ্যমৰ অনুশীলন (practice) কৰোঁতে তাৰ তাত্ত্বিক (theoretical) বুনিয়াদৰ কথাটো আওকাণ কৰিলে কোনো দীৰ্ঘম্যাদী ফল আশা কৰা নাযায়। এইটো কথা স্পষ্ট যে সম্প্ৰতি ফেচিষ্টে ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ সমান্তৰালভাৱে এক সৰ্বগ্ৰাসী আৰু দীৰ্ঘস্থায়ী প্ৰতি-সাংস্কৃতিক পশ্চাৎমুখী পৰিৱৰ্তনো সাধন কৰাত চমকপ্ৰদভাৱে সফল হৈছে। গতিকে প্ৰতিৰোধী যুঁজৰ আহিলা মাত্ৰ নিৰ্বাচনকেন্দ্ৰী সক্ৰিয়তা কেতিয়াও হ’ব নোৱাৰে। সুস্থ, গণতান্ত্ৰিক, বিজ্ঞানমনস্ক, যুক্তিবাদী এটা দীৰ্ঘম্যাদী সুচিন্তিত সাংস্কৃতিক আন্দোলনহে এইক্ষেত্ৰত ফলপ্ৰসূ হ’ব বুলি ধাৰণা হয়। এই ধাৰণাটোত প্ৰত্যক্ষ ৰাজনীতিৰ মূল্যক অকণো লাঘৱ কৰা নাই, বৰঞ্চ সি সাংস্কৃতিক আন্দোলনৰ এটা অপৰিসীম গুৰুত্ত্বপূৰ্ণ অংগ বুলিহে বিবেচনা কৰা হৈছে। অতি পৰিতাপৰ কথা, সাংস্কৃতিক আন্দোলন কিম্বা সাংস্কৃতিক বিপ্লৱৰ ধাৰণাটো যে সামাজিক আৰু মননগত দিশৰ আমূল পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত, সেই কথাটো বহুতেই গমি নাচাই তাক মাত্ৰ গীত-নাট আদিৰ উপৰুৱা কথা বুলিহে বিবেচনা কৰে। তাৰ বিপৰীতে আমি বিবেচনা কৰোঁ যে “বিকল্প মাধ্যম”-ৰ কথাটো মাত্ৰ “বিকল্প সংবাদ-মাধ্যম”-ৰ পৰিসৰত সীমাবদ্ধ কৰাৰ পৰিৱৰ্তে “বিকল্প গণমাধ্যম”-লৈ উত্তৰণ কৰাটো বৰ প্ৰয়োজনীয় কথা।

গতিকে তেনে প্ৰস্তাৱিত বিকল্প মাধ্যমৰ প্ৰসংগটোক মাত্ৰ আলোচনী কিম্বা বাতৰি কাকতৰ প্ৰকাশতেই সীমাবদ্ধ কৰি ৰখাৰ সনাতনী প্ৰৱণতাটো ত্যাগ কৰি, তাত বিভিন্নতা আৰু বৈচিত্ৰ্যৰে অভিনৱত্ব আনিবলৈ সক্ষম হ’ব লাগিব। পৰম্পৰাগত ছপা মাধ্যমো যে তাৰ অতি প্ৰয়োজনীয় অংগ হ’ব, সেইটো কোৱা বাহুল্য। কিন্তু লগতে আমি মন কৰিব লাগিব, বহুতো কাৰণৰ বাবে ছপা মাধ্যম অনেক মানুহৰ পৰাৰ আজিও বহু আঁতৰত। ইণ্টাৰনেট আদিৰ আগমণৰ পৰৱৰ্তী কালত ছপা মাধ্যমৰ সৈতে বুজন সংখ্যক মানুহৰ দূৰত্ব ক্ৰমাৎ বাঢ়িহে গৈছে। সেইবাবেই, ছপা মাধ্যমৰ উপৰিও বিকল্প গণমাধ্যমে বিভিন্নধৰণৰ আহিলা যেনে, ভিডিও চিত্ৰ, তথ্যচিত্ৰ, গীত, নাট, সামাজিক মাধ্যম আদিক অংগীভূত কৰি পেলাব লাগিব।

(৫)

ওপৰৰ দফাৰ শেষৰ ফালে ইণ্টাৰনেট প্ৰযুক্তিৰে সমৃদ্ধ সামাজিক মাধ্যমৰ গুৰুত্ত্বৰ কথা উল্লেখ কৰা হৈছে। কোনো সন্দেহ নাই, ইণ্টাৰনেট প্ৰযুক্তিৰ অগ্ৰগমণৰ পাৰ্শ্ব পৰিণতিত উদ্ভৱ হোৱা তেনে সামাজিক মাধ্যমৰ প্ৰভাৱ বৰ্তমানৰ সমাজত অতি গভীৰ। বহুতেই তেনে সামাজিক মাধ্যমক বিকল্প গণমাধ্যম বুলি বিবেচনা কৰা চকুত পৰে। কথাটো সাংঘাতিক ভুল। ফে’চবুক ইত্যাদি নানান সামাজিক মাধ্যম, পৰম্পৰাগত মাধ্যমসমূহৰ সৈতে প্ৰযুক্তিগত দিশৰ পৰাহে ভিন্ন—সেইবোৰ সনাতনী মাধ্যমৰ প্ৰযুক্তিগত বিকল্পহে। কিন্তু বিকল্প গণমাধ্যমৰ ধাৰণাটোৰ যি মতাদৰ্শগত ভিত্তি, তাৰ সৈতে এই প্ৰযুক্তিগত বিকল্পৰ কথাটো সামান্যভাৱেও সম্পৰ্কিত নহয়। মতাদৰ্শগত দিশৰ পৰা সকলো প্ৰযুক্তিয়েই প্ৰমূল্য-নিৰপেক্ষ; ইণ্টাৰনেট প্ৰযুক্তিও তাৰ ব্যতিক্ৰম নহয়। গতিকে সামগ্ৰিকভাৱে সামাজিক মাধ্যমক পোনে পোনে এটা বিকল্প গণমাধ্যম বোলা নাযায়।

কিন্তু ইণ্টাৰনেটৰ সামাজিক মাধ্যমক বিকল্প গণমাধ্যমৰ এটা গুৰুত্ত্বপূৰ্ণ আহিলা কৰি লোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত ইতিমধ্যেই বহুতো আশাব্যঞ্জক চেষ্টা-প্ৰচেষ্টা চকুত পৰিছে। পূৰ্বতে গীত-নাট আদি প্ৰদৰ্শনৰ পাছত, সেইবোৰৰ পুনৰায়োজন যথেষ্ট আহুকালৰ কথা আছিল। আধুনিক প্ৰযুক্তিৰ ফলত সেইবোৰ সংৰক্ষণ কৰি, ইণ্টাৰনেটৰ সামাজিক মাধ্যমৰ সহায়েৰে বিপুল সংখ্যক শ্ৰোতা-দৰ্শকৰ আগত বাৰংবাৰ প্ৰদৰ্শন কৰাটো সম্ভৱ হৈ উঠিছে। মূলসূঁতিৰ ছপা কিম্বা বৈদ্যুতিন মাধ্যমত নিষ্পেষিত জনগণ, অৱদমিত নাৰী, প্ৰান্তীয় জনগোষ্ঠী আদিৰ কণ্ঠ সদায় অনুচ্ছাৰিত হৈ ৰয়। কিন্তু ইণ্টাৰনেটৰ সামাজিক মাধ্যমৰ মাজেদি উক্ত শক্তিবিন্যাসটোত পৰিছে প্ৰচণ্ড কুঠাৰাঘাত। মূল সূঁতিয়ে অগ্ৰাহ্য-অনাদৰ কৰা তেনে অনুচ্ছ কণ্ঠ দিনে দিনে সামাজিক মাধ্যমত নিনাদিত হৈ উঠিছে। আনকি, ব্যক্তিগত প্ৰচেষ্টাত এককভাৱে কিছুমান ব্লগ্‌ৰ জৰিয়তে প্ৰতিবাদী মতবাদ মানুহৰ মাজলৈ উলিয়াই দিয়াটো সম্ভৱ হৈ উঠিছে। পূৰ্বতে, পৰম্পৰাগত বিকল্প মাধ্যম এটি গঢ় দিয়াটো যথেষ্ট কষ্টসাধ্য আৰু আপেক্ষিকভাৱে খৰচী কথা আছিল। তাৰ প্ৰচাৰো আছিল সীমিত। ইণ্টাৰনেটে এই ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সুযোগ যে আনি দিছে—বিকল্প গণমাধ্যমৰ কাৰ্যপন্থা যুগুত কৰোঁতে সেই কথাটো মনত ৰখা উচিত।

উপৰিউক্ত দিশটোৰ উপৰিও, স্বল্পালোচিত আৰু উপেক্ষিত কথা এটিতো আমি যথোচিত গুৰুত্ত্ব প্ৰদান কৰা উচিত। পৰম্পৰাগত মূলসূঁতিৰ মাধ্যমসমূহত—আনকি সনাতনী বিকল্প ছপা মাধ্যমতো—দাতা বা উৎস (source) আছিল প্ৰায় সকলোৰে একক নিয়ন্ত্ৰক, মতামতৰ ক্ষেত্ৰত তেনে মাধ্যমত গ্ৰহীতাৰ (receiver) ভূমিকা আছিল প্ৰায় নিষ্ক্ৰিয়। ইণ্টাৰনেটৰ পৃথিৱীত দাতা-গ্ৰহীতাৰ পূৰ্ৱৰ আন্তঃসম্পৰ্কটোত আমূল পৰিৱৰ্তন আহিছে। সেইখন জগতত দাতা এতিয়া আৰু অবিসম্বাদী নিয়ন্ত্ৰক নহয়, গ্ৰহীতাসকলো সমগ্ৰ প্ৰক্ৰিয়াটোৰ একো একোজন শক্তিশালী সক্ৰিয় অংশীদাৰ। দাতা বা উৎস সক্ৰিয় হোৱাৰ লগে লগে গ্ৰহীতাসকলো সক্ৰিয় হৈ দাতালৈ পৰিৱৰ্তিত হৈ পৰে। কেতিয়াবা— হয়তো প্ৰায়েই—তাৰ ফলত অনাকাংক্ষিত নিয়ন্ত্ৰণহীন পৰিস্থিতিৰো উদ্ভৱ হয়, সেইটোও সঁচা। তথাপিও, দাতা-গ্ৰহীতাৰ আন্তঃসম্পৰ্কটোৰ এই গুণগত পৰিৱৰ্তনৰ কথাটো অগ্ৰাহ্য কৰি সাম্প্ৰতিক যুগত পৰম্পৰাগত কলা-কৌশল-প্ৰযুক্তিৰে ফলপ্ৰসূ আৰু অৰ্থবহ বিকল্প গণমাধ্যম গঢ় দিয়া নাযাব।

(৬)

বিকল্প গণমাধ্যমৰ সৈতে প্ৰাসংগিক ওপৰঞ্চি দুটিমান কথাৰে এই আলোচনাৰ সামৰণিলৈ আগবাঢ়িছোঁ। আমি দেখিবলৈ পাইছোঁ যে স্বৈৰাচ্ছাৰী আৰু ফেচিবাদী অৱদমনে মূলসূঁতিৰ মাধ্যমকো অহৰহ নাকী লগাবলৈ চেষ্টা চলাই যায়। শাসকপ্ৰশস্তি আৰু শাসকতুষ্টি যিহেতু মূলসূঁতিৰ মাধ্যমৰ মজ্জাগত গুণ, সেইবাবে স্বৈৰাচ্ছাৰী হস্তক্ষেপে বিশেষ কোনো বাধাৰ মুখামুখী নহয়। তাৰ বাবে কিন্তু জীৱিকাৰ তা‌ড়নাত তেনে মাধ্যমত কৰ্মৰত—বিশেষকৈ নিম্ন আৰু মধ্যশ্ৰেণীৰ—লোকসকলক দোষাৰোপ কৰা সংগত নহয়। মূলসূঁতিৰ কাকত-আলোচনী বৰ্জন কৰাৰ আৱেগিক আহ্বানো বিশেষ কোনো কাৰ্যকৰী আৰু অৰ্থবহ পন্থা বুলি ধাৰণা নহয়। কথাটো কোনো বিমূৰ্ত্ত নীতিবোধৰ কথা নহয়, প্ৰশ্নটো কৌশলগতহে। স্বৈৰাচ্ছাৰী আৰু ফেচিবাদী হস্তক্ষেপৰ মাজতো মূলসূঁতিৰ মাধ্যমত যিকণ স্থান ভিন্ন মতৰ বাবে এতিয়াও বিদ্যমান, সেইখিনি সুচিন্তিতভাৱে, উপযুক্ত ভাষা আৰু উপস্থাপনশৈলীৰে ব্যৱহাৰ কৰা উচিত। কিয়নো, মূলসূঁতিৰ মাধ্যমসমূহৰ জালিকাৰ বিস্তাৰ বহু ব্যাপক, সি বৃহৎ সংখ্যক মানুহৰ মাজলৈ অনায়াসে সোমাই যাব পাৰে। তেনে নেটৱৰ্ক সৰুসুৰা বিকল্প মাধ্যমে কোনো দিনেই গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই।

মূলসূঁতিৰ মাধ্যমসমূহ জনপ্ৰিয় হোৱাৰ বহুতো কাৰণ আছে, সেইসমূহৰ উল্লেখ এই আলোচনাত সিমান প্ৰাসংগিক নহ’ব। কিন্তু ক’ব পাৰি যে মূল সূঁতিৰ মাধ্যমে সদায় বৃহৎ সংখ্যক দৰ্শক-শ্ৰোতা-পাঠক বিচাৰে। প্ৰকৃততে এই কথাটোৰ সৈতে মূলসূঁতিৰ মাধ্যমসমূহৰ মুনাফা অৰ্জনৰ স্বাভাবিক প্ৰৱণতাটো সম্পৃক্ত হৈ আছে। মূলসূঁতিৰ মাধ্যমসমূহে প্ৰকৃততে কৰে কি? ক্ৰেতা বা উপভোক্তাৰ ৰূপত তেনে মাধ্যমে বৃহৎ সংখ্যক দৰ্শক-শ্ৰোতা-পাঠকক পুঁজিপতিৰ বিক্ৰয়শালাত উপস্থিত কৰাই দিয়ে। বিজ্ঞাপন, নানান কল্পকাহিনী, চিৰিয়েল আদি হৈছে এইটো প্ৰক্ৰিয়াত সক্ৰিয় হৈ থকা শক্তিশালী সঁজুলি। মুনাফা অৰ্জনৰ এই স্বাভাৱিক প্ৰৱণতাটো হৈছে মূলসূঁতিৰ মাধ্যমৰ জনপ্ৰিয়তাৰ প্ৰধান নিয়ন্ত্ৰক। সেইবাবেই তেনে মাধ্যমত জনপ্ৰিয়, ফৰ্মূলা মাৰ্কা উপস্থাপনশৈলীৰ পয়োভৰ দেখা যায়। এই তৰল জনপ্ৰিয়তাৰ বিপৰীতে বিকল্প গণমাধ্যমৰ বহুল প্ৰচাৰ ঘটোৱাটো সঁচাই এটা অতি প্ৰত্যহ্বানপূৰ্ণ আহুকাল। কথাটো সঁচাই বৰ আহুকলীয়া, কিয়নো শাসকপক্ষই শাসিতসকলৰ মানসিকতা, অভিৰুচি, দৃষ্টিকোণ আদিকো নিজৰ অনুকূলে গঢ় দি লোৱাত বহু দূৰলৈ সফল হৈ উঠে। এই কাৰ্যত প্ৰধান ভূমিকা গ্ৰহণ কৰে মূলসূঁতিৰ মাধ্যমসমূহে। ফলত পাঠক-শ্ৰোতা-দৰ্শকসকলৰ বেছিভাগেই তেনেকুৱা বস্তুকেহে ক্ৰমাৎ আদৰিবলৈ লয়। এই প্ৰক্ৰিয়াটো চক্ৰাকাৰ গতিত বাঢ়ি গৈ থাকে। এনে এটা তৰাং অভিৰুচিৰ পটভূমি আগত লৈ বিকল্প গণমাধ্যমে কেনেকুৱা কলা-কৌশল, কেনেকুৱা উপস্থাপনৰ শৈলীৰ ব্যৱহাৰ আৰু প্ৰয়োগ কৰিব, সেইটো এটা কঠিন প্ৰশ্ন। এই প্ৰসংগত অতি গভীৰ চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে। লগতে আৰু এটা এৰাব নোৱাৰা বিষয় আছে। বিকল্প গণমাধ্যমৰ কাৰ্যকালাপৰ বাবে আৱশ্যক হোৱা ধনৰ যোগান কি দৰে, ক’ৰ পৰা সংগ্ৰহ কৰা হ’ব? পুঁজিক যিহেতু বিকল্প গণমাধ্যমে নিয়ন্ত্ৰকৰ আসনত বহিবলৈ নিদিব, সেইবাবে—অন্ততঃ প্ৰাৰম্ভিক পৰ্যায়ত—ৰাইজৰ অনুদানৰ কথাটো বিবেচনা কৰা যায়। অৱশ্যে এইটোক নিশ্চয় দীৰ্ঘম্যাদী পন্থা বুলি ভাবিব নোৱাৰি। সমবায়ভিত্তিক ব্যৱস্থাপনা, কিম্বা গণমাধ্যমৰ সৈতে সংগতিপূৰ্ণ বিকল্প আৰ্থিক কাৰ্যকলাপ কিম্বা উদ্যমৰ কথা বিবেচনা কৰি চাব পাৰি।

স্বৈৰাচাৰ আৰু ফেচিবাদবিৰোধী শিবিৰটো বহুধাবিভক্ত। এই সকলোকে সাঙুৰি কোনো গণমাধ্যমৰ জন্ম দিলে তাৰ মতাদৰ্শগত ভিত্তিটো কি হ’ব? তাৰ পৰিচালনাগত নীতিয়েই বা হ’ব কেনেকুৱা? এই প্ৰশ্নটো বৰ জৰুৰী। আমাৰ মতেৰে সাধাৰণ ন্যূনতম কাৰ্যপন্থা এটা যুগুত কৰি প্ৰস্তাৱিত গণমাধ্যমৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰা যুগুত। তাৰ লগে লগে নিশ্চয় সুস্থ মতাদৰ্শগত বিতৰ্কও আগ বাঢ়িব লাগিব। এইক্ষেত্ৰত এটা বৰ কঠিন সমস্যা আছে। সাধাৰণতেই দেখা যায়, গৌণ বিষয় একোটাক বিতৰ্কৰ কেন্দ্ৰবিন্দু কৰি লৈ মূল প্ৰতিপক্ষৰ কথাটোক চিন্তাভাবনাৰ বাহিৰলৈ পঠিয়াই দিয়া হয়। এইক্ষেত্ৰত মূল কাৰক হিচাপে—যুক্তি আৰু বিজ্ঞানমনস্কতাৰ সলনি—সক্ৰিয় ভূমিকা লয় ব্যক্তিগত অহংবোধ, সংকীৰ্ণ দলীয় আনুগত্য আদিয়ে। তেনেধৰণৰ আভ্যন্তৰীণ বিতৰ্কত মুক্ত চিন্তা আৰু মুক্ত মনৰ প্ৰয়োজন অতি বেছি। এই কথাটোও কিন্তু মতাদৰ্শগত দিশৰ সৈতে সংলগ্ন কৰিহে, অতি সতৰ্কতাৰে বিচাৰ-বিবেচনা কৰি চোৱা যুগুত হ’ব। উক্ত প্ৰসংগত মনলৈ আহে “প্ৰাভদা”-ৰ কথা। ৰুচ মহাবিপ্লৱৰ আগে-পিছে এক অতি শক্তিশালী বিকল্প মাধ্যম হিচাপে যুগান্তকাৰী ভূমিকা লৈছিল এই কাকতখনে। পাছলৈ এইখন হৈ পৰিছিল প্ৰপাগাণ্ডামূলক, সুস্থ বিতৰ্কহীন এখন মামুলি আৰু নিস্তেজ চৰকাৰী মুখপত্ৰ। ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কালৰ পৰিৱৰ্তনে শক্তিশালী বিকল্প মাধ্যমকো যে মূল সূঁতিলৈ লৈ যাব পাৰে তাৰ এটা পৰিষ্কাৰ উদাহৰণ হৈছে “প্ৰাভদা”। সুস্থ বিৰুদ্ধ মতত পোনচাটেই প্ৰতিক্ৰিয়াশীলতাৰ ছাপ লগাই, তেনে মতৰ প্ৰকাশ বন্ধ কৰিলে সেইটো জানোঁ অৱদমনৰেই অন্য এটা ৰূপ নহ’বগৈ? আমাৰ চৌকাশৰ শ্ৰেণীসমাজত এইধৰণৰ পশ্চাৎমুখী প্ৰৱণতা যে প্ৰগতিশীল মহলৰ মাজতো ট্ৰয়ৰ ঘোঁৰা হৈ সোমাই পৰে, সেই কথাটোত সৰ্বক্ষণ সজাগ হৈ থাকা উচিত।

বিকল্প গণমাধ্যমৰ বাট সহজ নহয়, ই কণ্টকাকীৰ্ণ। কিন্তু তাৰ প্ৰয়োজনৰ কথাটোক আজি নেওচা দিয়া সম্ভৱ নহয়। কঠিন প্ৰত্যহ্বানৰ মুখতো আমি গভীৰ আশাৰে ডহীৰেন গোহাঁইদেৱৰ এই কথাটি মনলৈ আনিব পাৰোঁ,“…..কলাখাৰৰ স্বল্পায়ু অথচ গৌৰৱময় অভিযানে ভৱিষ্যতক সদায় সঁকিয়াই থাকিব যে উপযুক্ত পথ আৰু মানসিকতা থাকিলে অসমৰ প্ৰগতিশীল গণতান্ত্ৰিক জনগণে হেলাৰঙে সকলো বিপদ নেওচি প্ৰতিক্ৰিয়াৰ বিভৎস আক্ৰমণ ৰুধিব পাৰে” (দ্ৰষ্টব্য: হীৰেন গোহাঁই, পূৰ্বোক্ত গ্ৰন্থ, পৃ. xxi)। প্ৰায় চল্লিশ বছৰ পূৰ্বে সেই তেতিয়াৰ পটভূমিত লেখা এই কথাকেইটি আজি অধিক প্ৰাসংগিক হৈ পৰিছে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *