সম্পাদকীয়

সম্পাদকৰ টোকা :: আমাজানৰ জুই, বাঘজানৰ জুই (কৌশিক দাস)

পৰিৱেশ আৰু জলবায়ুৰ পৰিৱৰ্তন হৈছে এই ৰচনাৰ কেন্দ্ৰীয় বিষয়। দুটা ঘটনাৰ কথাৰে আলোচনা আৰম্ভ কৰা যাওক।

দক্ষিণ এমেৰিকাৰ আমাজান হৈছে এখন আশ্চৰ্যকৰ বিশাল নদী। আমাজানৰ অৱবাহিকা অতি ঘন অৰণ্যৰে ভৰা, নৈখনৰ অৱবাহিকাৰ জীৱকুলৰ বিপুল বৈচিত্ৰ্যৰ কথা এটা বহুল চৰ্চিত বিষয়। মহাবিশাল এই অৰণ্যখনৰ অগণন গছ-গছনিয়ে সালোক-সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ পৰা প্ৰচুৰ কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি নিৰ্গত কৰে বিপুল পৰিমাণৰ অক্সিজেন। সমগ্ৰ বিশ্বৰ জলবায়ুৰ ওপৰত এইখন বৰ্ষাৰণ্যৰ ইতিবাচক প্ৰভাৱ অতি বেছি। ক’বলৈ ওলোৱা ঘটনা দুটাৰ প্ৰথমটো সংঘটিত হৈছিল আমাজান বৰ্ষাৰণ্যত।

চিত্ৰ ১ : ছাও পাওলো মহানগৰীৰ আকাশ ভৰ দুপৰতেই এন্ধাৰে ঢাকি ধৰিছিল।

২০১৯ চনৰ জুলাই মাহৰ কথা। ব্ৰাজিলৰ ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে বাতৰি দিলে যে আমাজান মহাঅৰণ্যত ভয়ংকৰ জুই লাগিছে। আগষ্ট মাহত এমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা নাছা-ই (NASA) একেটা কথাকেই ঘোষণা কৰাৰ পাছত বাতৰিটো আন্তঃৰাষ্টীয় সংবাদ-মাধ্যমৰ শিৰোনামলৈ উঠি আহিল। পৃথিৱীবাসীয়ে গম পালে, অতি দ্ৰুতভাৱে দাৱানলৰ লেলিহান শিখা বিয়পি পৰিছে বলিভিয়া, পাৰাগুৱে, পেৰু আদি দেশলৈকে বিস্তৃত হৈ থকা আমাজান-অৰণ্যাঞ্চলৰ বিভিন্ন অংশলৈ। ক্ষণে ক্ষণে বনজুইৰ তাণ্ডৱে গ্ৰাস কৰি গ’ল বিৰাট বিৰাট গছ-বিৰিখ, মৃত্যু হ’ল বহুতো জীৱজন্তুৰ। বনজুইৰ প্ৰকোপ ইমানই বেছি আছিল যে নিৰ্গত হোৱা ধোঁৱা আৰু ছাইৰ বাবে প্ৰায় ২৮০০ কিলোমিটাৰ আঁতৰৰ ছাও পাওলো মহানগৰীৰ আকাশ ভৰ দুপৰতেই এন্ধাৰে ঢাকি ধৰিছিল, মাজে মাজে হৈছিল ক’লা পানীৰ বৃষ্টিপাত (চিত্ৰ ১)। সংগত কাৰণতেই উদ্বিগ্ন হৈ পৰিল প্ৰকৃতিপ্ৰমী আৰু পৰিৱেশ-সচেতন লোকসকল, দেশে দেশে হুৱা-দুৱা লাগিল।

শুকান ঋতুত অৰণ্যত জুই লগাটো নতুন কথা নহয়; বহুতো সময়ত প্ৰাকৃতিক কাৰণত কম পৰিসৰত বনজুই জ্বলি উঠে। কিন্তু আমাজান মহাঅৰণ্যৰ উক্ত বিধ্বংসী দাৱানলৰ কালান্তক সৰ্বগ্ৰাসী ৰূপ আছিল এটা নোহোৱা-নোপজা কথা। তাৰবাবে মূলতঃ জগৰীয়া কৰা হৈছে কিছুমান নেতিবাচক মানৱীয় কৰ্মকাণ্ডক। কৃষি কিম্বা খনিৰ বাবে ভূমি মুকলি কৰিবলৈ কৰা নিৰ্বিচাৰ নিঃবনানীকৰণ— গছ-বন কাটি জ্বলাই পেলোৱা— হৈছে সেই মাৰাত্মক অগ্নিকাণ্ডৰ অন্যতম প্ৰধান কাৰণ। তদুপৰি,— কিছুলোকে সন্দেহ কৰিছে— উক্ত ঘটনাৰ আঁৰত আছে বনাঞ্চলৰ পৰা খনিজ সম্পদ লুণ্ঠন কৰা কোনো দুষ্টচক্ৰৰ পৰিকল্পিত চক্ৰান্ত।

এতিয়া দ্বিতীয় ঘটনাটোৰ কথা। এই লিখাটো লেখি থকাৰ পৰত বাঘজান নামৰ অসমৰেই এটি বিস্তীৰ্ণ অঞ্চলক সংহাৰক অগ্নিয়ে গ্ৰাস কৰি পেলাইছে, ধ্বংস কৰিছে মানুহৰ ঘৰ-দুৱাৰ, বিনষ্ট কৰিছে কৃষিভূমি আৰু পশুধন, প্ৰাণ লৈছে মানুহৰ। বিতৰ্কাতীতভাৱে ক’ব পাৰি, ঘটনাটোৰ বাবে চৌপাশে প্ৰদূষণৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পাব, জলবায়ুৰ ওপৰতো পৰিব দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ। প্ৰায় এশ কিলোমিটাৰৰ আঁতৰৰ ডিব্ৰুগ‌ড় নগৰৰ পৰা নিশাৰ আকাশত বাঘজানৰ জুইৰ ৰঙচুৱা শিখা দেখিবলৈ পোৱা গৈছে (চিত্ৰ ২)। ইয়াৰ পৰাই ঘটনাটোৰ ভয়াবহতাৰ কথা— অলপ হ’লেও—অনুমান কৰিব পাৰি। অইল ইণ্ডিয়া লিমিটেডৰ তৈলনিষ্কাষণৰ সৈতে সম্পৰ্কিত বিসংগতিপূৰ্ণ কামকাজ আছিল উক্ত বিপৰ্যয়ৰ তাৎক্ষণিক কাৰণ।

চিত্ৰ ২ : ডিব্ৰুগ‌ড় নগৰৰ পৰাও দেখা গৈছে বাঘজানৰ জুইৰ পোহৰ (ফ’ট : উৎপল হাজৰিকা)।

আমাজান আৰু বাঘজানৰ জুইৰ মাজত এটা চকুত পৰা সাদৃশ্য আছে। সেইটো হ’ল, দুয়োটা ঘটনা সংঘটিত হৈছিল—অন্য কাৰোৰে বাবে নহয়— হৈছিল মানুহৰ বাবে, মানুহৰ কামকাজৰ বাবে। এইধৰণৰ মানৱীয় কৰ্মকাণ্ডই পৃথিৱীৰ জলবায়ুৰ ওপৰত দীৰ্ঘস্থায়ী ক্ষতিকাৰক প্ৰভাৱ পেলাই যায়। এইখিনিতেই কথা এটাৰ উল্লেখ কৰা সমীচীন হ’ব। অকল মানুহৰ কামকাজৰ বাবেই নহয়, নানান প্ৰাকৃতিক কাৰণতো পৃথিৱীৰ জলবায়ুৰ তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন ঘটে, কেতিয়াবা তেনে পৰিৱৰ্তনে জীৱকুলৰ ওপৰত বৰ্ণনাতীত প্ৰভাৱ বিস্তাৰ কৰে। তাৰ মাত্ৰ এটি উদাহৰণ দিছোঁ, সহজকৈ কোৱাৰ প্ৰয়াস কৰাৰ বাবে কথাটো কিঞ্চিৎ দীঘল হৈ পৰিব।

আমি সকলোৱে জানোঁ, পৃথিৱীয়ে নিজৰ অক্ষ বা মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূৱলৈ ঘূৰি আছে। পৃথিৱীৰ এই গতিক বোলা হয় আহ্নিক গতি, আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি হয়। নিজৰ অক্ষত এপাক ঘূৰিবলৈ পৃথিৱীয়ে সময় লয় মোটামুটি ২৪ ঘণ্টা। সেইটো হিচাপে, পৃথিৱীৰ সকলো স্থানতে সদায় দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সমান, অৰ্থাৎ মোটামুটিকৈ ১২ ঘণ্টা হ’ব লাগিছিল। কিন্তু তেনে নহয়। শীতৰ আগমন ঘটাৰ পাছত ক্ৰমাৎ দিনবোৰ চুটি হৈ আহে, নিশাবোৰ হৈ পৰে দীঘলীয়া। গ্ৰীষ্মকালত ঘটনাটো হয়গৈ ঠিক ওলোটা, তেতিয়া দিনবোৰ দীঘল হৈ ৰাতিবোৰ চুটি হৈ পৰে। বিষয়টো আৰু জটিল আৰু চিত্তাকৰ্ষক হৈ পৰে, যেতিয়া আমি দেখোঁ যে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত কথাটো দেখোন একেবাৰেই বিপৰীত! যেতিয়া উত্তৰ গোলাৰ্ধৰ এখন ঠাই অসমত উৎকট গৰমত স্কুলসমূহত গৰমৰ বন্ধ চলি থাকে, ঘৰে ঘৰে ঘূৰি থাকে বিজুলীপাংখা—, তেতিয়া দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ, যেনে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ব্ৰাজিল, পেৰু আদিৰ মানুহে গৰম পোছাক পৰিধান কৰি পাৰ কৰি যায় শীতৰ ঋতুৰ চুটি দিন আৰু দীৰ্ঘ ৰাতিবোৰ। কোৱা বাহুল্য হ’ব, ঋতুৰ এই স্বাভাবিক পৰিৱৰ্তন সমগ্ৰ জীৱজগতৰ, পাৰিপাৰ্শ্বিকতাৰ আৰু জলবায়ুৰ সৈতে অতি নিবি‌ড় আৰু অংগাংগী ৰূপত সম্পৰ্কিত হৈ থাকে। কিন্তু প্ৰশ্ন হ’ব, ঋতুৰ পৰিৱৰ্তন কেনেকৈ হয়, কথাটো কিয়ই বা দুটা গোলাৰ্ধত একেবাৰে বিপৰীত?

আমি জানোঁ যে আহ্নিক গতিৰ লগে লগে পৃথিৱীয়ে নিজৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিও থাকে। এইটো পাক মাৰিবলৈ পৃথিৱীয়ে সময় লয় মোটামুটি ৩৬৫ দিন, যাক আমি কওঁ এবছৰ। এইখিনিতেই এটা বৰ মজাৰ কথা আছে। পৃথিৱীৰ ঘূৰ্ণন-অক্ষডাল—যিডালক কেন্দ্ৰ কৰি আহ্নিক গতি চলি থাকে—সেইডাল কিন্তু পৃথিৱীৰ কক্ষৰ সৈতে এটা কোণ কৰি হালি থাকে। বা আমি এনেধৰণেও ক’ব পাৰোঁ যে পৃথিৱীৰ ঘূৰ্ণন-অক্ষডাল আৰু কক্ষপথলৈ টনা কাল্পনিক লম্বৰেখাৰ মাজত এটি কোণ থাকে। এইটোকেই কোৱা হয় পৃথিৱীৰ অক্ষৰ তীৰ্যকতা (obliquity)। কথাটো পৰিষ্কাৰকৈ বুজিবলৈ চিত্ৰ এখনে আমাক সহায় কৰিব (চিত্ৰ ৩)।

চিত্ৰ ৩ : পৃথিৱীৰ অক্ষৰ তীৰ্যকতা।
চিত্ৰ ৪ : পৰ্যাৱৰণৰ পৰিৱৰ্তনৰ এটা প্ৰাকৃতিক কাৰণ—মানুহে কৰাৰ একোৱেই নাই।

পৃথিৱীৰ অক্ষৰ তেনে তীৰ্যকতাৰ বাবেই আমি প্ৰত্যক্ষ কৰোঁ ঋতুৰ পৰিৱৰ্তন। তীৰ্যকতাৰ বাবেই বছৰৰ কোনো সময়ত এটা গোলাৰ্ধ সূৰ্যৰ ফালে হালি পৰে, তাত সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা বৃদ্ধি পায়, দিনবোৰ গৰম আৰু দীঘলীয়া হৈ পৰে; আনহাতে সেই সময়ত অন্যটো গোলাৰ্ধ সূৰ্যৰ পৰা আঁতৰি যায়, তাৰ ঋতু হৈ পৰে একেবাৰেই বিপৰীত। জলবায়ুৰ দীৰ্ঘম্যাদী প্ৰাকৃতিক পৰিৱৰ্তনৰ সৈতে পৃথিৱীৰ অক্ষৰ এই তীৰ্যকতাৰ এটা ডাঙৰ সমন্ধ আছে। বৰ্তমানে এই কোণটোৰ পৰিমাণ প্ৰায় ২৩। ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট যে কেনেবাকৈ যদি এই কোণটোৰ অকণো ইফাল-সিফাল হয়, তেনেহ’লে তাৰ সাংঘাতিক প্ৰভাৱ পৃথিৱীৰ ঋতুৰ ওপৰত পৰিব, সলনি হৈ যাব সমস্ত জলবায়ু। বিজ্ঞানীসকলে জানিবলৈ দিছে যে প্ৰতি ৪১,০০০ বছৰত এই কোণটো ২২.১ পৰা ২৪.৫ মাজত পৰ্যায়ক্ৰমে দুলি থাকে (চিত্ৰ ৪)। অৰ্থাৎ, উক্ত ঘটনাৰ সৈতে সংগতি ৰাখি সলনি হৈ থাকে পৃথিৱীৰ জলবায়ু। জলবায়ুৰ তেনে পৰিৱৰ্তন অপ্ৰতিৰোধ্য—মানুহে হেজাৰ চেষ্টা কৰিলেও পৃথিৱীৰ অক্ষডালক—, বাঁহৰ খুটা এডালক কৰাৰ দৰে— চিধা কৰি ৰাখিব নোৱাৰিব। এইটো প্ৰাকৃতিক কাৰণত হোৱা জলবায়ুৰ পৰিৱৰ্তনৰ এটি উদাহৰণ। প্ৰচণ্ড উল্কাপাত, আগ্নেয়গিৰিৰ উদ্গীৰণ আদি জলবায়ুৰ পৰিৱৰ্তন সাধিব পৰা প্ৰাকৃতিক কাৰণৰ উদাহৰণ।

কিন্তু মানুহে সাধন কৰা পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তনৰ কথাহে হৈছে আমাৰ এই নিবন্ধৰ মূল বিষয়। মানুহৰ নানান কৰ্মকাণ্ডৰ বাবে পৃথিৱীৰ জলবায়ুত সুদূৰপ্রসাৰী পৰিৱবর্তন আহিছে। এই পৰিৱৰ্তনৰ সৰহভাগ পৰিণতি—জীৱ-জগতৰ কথা বিবেচনা কৰিলে— ভয়ংকৰভাৱে ক্ষতিকাৰক। গোলকীয় উষ্ণতা বৃদ্ধি আৰু তৎজনিত সমুদ্রপৃষ্ঠৰ উচ্চতাৰ পৰিৱৰ্তন আদি বহুজনচৰ্চিত, বহু প্রচাৰিত বিষয়। প্রশ্ন উঠিব এইখিনিতেই, কেতিয়াৰ পৰা চকুত পৰাকৈ জলবায়ুৰ এনে মানৱ-উদ্ভিন্ন নেতিবাচক পৰিৱর্তনৰ আৰম্ভণি ঘটিছিল? প্ৰশ্নটোৰ উত্তৰ সহজ; মানৱ-সভ্যতাৰ ক্রমবিকাশৰ ইতিহাসেই হ’ল পৃথিৱীৰ জলবায়ুৰ মানৱকৃত পৰিৱৰ্তনৰ ইতিহাস। সভ্যতাৰ আদিতে মানৱীয় কর্মকাণ্ডই—অতি সীমিত পৰিসৰত হ’লেও— প্রাকৃতিক প্ৰদূষণৰ সূচনা কৰিছিল। লঘূ সুৰত ক’ব পাৰি, “জুই আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰাৰ দিনাই” মানৱকৃত পৰিৱেশ-প্ৰদূষণৰ বুৰঞ্জীৰ প্রথমটো আখৰ মানুহে নিজেই লিপিবদ্ধ কৰিছিল। পৰৱৰ্তী সময়ত, সভ্যতাৰ বিকাশৰ সৈতে সংগতি ৰাখি, প্ৰকৃতিৰ ওপৰত মানুহৰ হস্তক্ষেপৰ ধৰণ-কৰণো সলনি হৈ পৰিল। কৃষিকাৰ্যৰ বাবে অৰণ্য গুচি পথাৰ হ’ল; বানপানীৰ পৰা ৰক্ষা পাবলৈ নদীত বান্ধ বন্ধা হ’ল। এই উপমহাদেশৰ প্রাচীনতম পুথি ঋগ্বেদতেই নদীবান্ধৰ কথাৰ ইংগিত পোৱা যায়। প্ৰকৃতিৰ ওপৰত মানুহৰ হস্তক্ষেপ আৰু তৎজনিত জলবায়ুৰ পৰিৱর্তনে এক বিস্তৃত আৰু দ্রুততৰ ৰূপ ধাৰণ কৰিলে শিল্প-বিপ্লৱৰ পাছৰ পৰা। শিল্প-বিপ্লৱ আছিল পুঁজিবাদৰ উত্থানৰ বিতর্কাতীত আৰু সুস্পষ্ট জয়ডংকা। সেই সময়ত, মধ্যযুগৰ সামন্ততান্ত্রিক নিস্তৰংগতাৰ শেষত, উৎপাদন পদ্ধতি আৰু সম্পৰ্কৰ পৰিৱর্তনে সামাজিক কর্মকাণ্ডত সৃষ্টি কৰিলে প্রচণ্ড উদ্দীপনাৰ। পুৰণি, স্থবিৰ, ভূ-কেন্দ্রীক উৎপাদন ব্যৱস্থাৰ বাধা ওফৰাই, ইতিহাসৰ অংগনত পুঁজিপতি শ্ৰেণীটোৱে প্ৰৱেশ কৰিলে সাম্য, মৈত্রী আৰু স্বাধীনতাৰ প্রতিবাদী পতাকা এখন হাতত লৈ। উজ্জীৱিত হৈ পৰিল নতুন মূল্যবোধৰ অভিনৱ চিন্তা-তৰংগ। বস্তুগত উৎপাদনৰ বাবেও এই আলোড়নে উন্মুক্ত কৰিলে অভূতপূর্ব সম্ভাৱনাৰ পথ। কিন্তু প্ৰাৰম্ভিক উদ্দীপনা-উন্মাদনা শেষ হোৱাৰ পাছত দেখা গ’ল, পুঁজিপতি শ্ৰেণীটো হৈ পৰিল স্থিতাৱস্থাৰ সমর্থক। সাম্য-মৈত্রী-স্বাধীনতাৰ বিমূর্ত বাণীসমূহ বিপর্যস্ত আৰু বিকৃত হৈ পৰিল। স্বাধীনতাৰ উদাত্ত আহ্বানে পৰিপূৰ্ণ ৰূপ পালেগৈ অবাধ শ্রেণী-শোষণৰ স্বাধীনতাত, সম্পদ আহৰণৰ অন্তহীন আৰু নগ্ন স্বতন্ত্রতাত। এইটো অৱশ্যে একো আচৰিত হ’বলগীয়া কথা নাছিল। পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ মুনাফা অৰ্জনৰ শোষণভিত্তিক কেন্দ্ৰীয় মূল্যবোধেই উক্ত অধঃপতনৰ নিৰ্ণায়ক কাৰণ আছিল। পুঁজিবাদী ব্যৱস্থাৰ এই মূল্যবোধ— শোষণ যাৰ মৰ্মবস্তু—, সেইটো প্ৰকৃতিৰ প্ৰতি পৃথক হ’ব বুলি জানোঁ ধাৰণা কৰিব পাৰি? পুনৰাবৃতি কৰিয়েই কওঁ, প্ৰকৃতিক শোষণ কৰাৰ মানসিকতাই এক সৰ্বগ্ৰাসী আৰু বিস্তাৰিত ৰূপ লৈছিল পুঁজিবাদৰ অভ্যুদয়ৰ পাছৰে পৰাই। কথাটো কেইটিমান সুপ্ৰতিষ্ঠিত বৈজ্ঞানিক তথ্যৰ আধাৰত লক্ষ্য কৰা যাওক।

এণ্টাৰ্কটিকাৰ বৰফ স্তুপৰ বৈজ্ঞানিক বিশ্লেষণে স্পষ্টভাৱে দেখুৱাই দিছে, বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ শিল্প-বিপ্লৱৰ পূর্বে আছিল প্রায় ২৮০ ppm। তাৰ আগৰ ১০,০০০ বছৰ ধৰি কার্বন-ডাই-অক্সাইডৰ পৰিমাণ ২৬০-ৰ পৰা ২৮০ ppm-ৰ মাজত সীমাবদ্ধ হৈ আছিল। প্রসংগত উল্লেখ কৰি থওঁ, গছৰ পাতৰ জীৱাশ্মৰ পত্ৰৰন্ধ্ৰ (Stomata) বিশ্লেষণ কৰি একাংশ বিজ্ঞানীয়ে কৈছে যে শিল্প-বিপ্লৱৰ আগৰ সাত হেজাৰৰ পৰা দহ হেজাৰ বছৰৰ আগলৈকে কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত আছিল প্ৰায় ৩০০ ppm। এই মতটো কিন্তু সার্বজনীন ৰূপত স্বীকৃত হোৱা নাই, কাৰণ বৈজ্ঞানিক বিশ্লেষণৰ বাবে সংগ্ৰহ কৰা নমুনাসমূহত অর্বাচীন কার্বন যোগ হোৱা (Contamination) বুলি ঠাৱৰ কৰা হৈছে। সি যিয়েই নহওক, শিল্প-বিপ্লৱৰ পাছত কি হ’ল? কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বহুগুণে বাঢ়ি গ’ল। বৰ্তমানৰ বায়ুমণ্ডলত ইয়াৰ পৰিমাণ—২০১৯ চনৰ এটা হিচাপ মতে— প্ৰায় ৪১২ ppm, শিল্প-বিপ্লৱৰ সময়ক আৰম্ভণি বুলি ধৰিলে কার্বন-ডাই-অক্সাইডৰ এই বৃদ্ধি ৪৭%! লক্ষনীয়, ২০০০ চনত বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ আছিল প্ৰায় ৩৭০ ppm, তাৰ পাছৰ মাত্ৰ দুটা দশকৰ ভিতৰত—এতিয়ালৈকে— এই গেছটোৰ বৃদ্ধি ঘটিছে প্ৰায় ১১%! ঘটনাৰ ভয়াবহতা কি প্ৰচণ্ড গতিত দিনে দিনে বাঢ়ি আহিছে, সেইটো উক্ত তথ্যই নিশ্চয় দ্বিধাহীনভাৱে দেখুৱাই দিব।

কার্বন ডাই অক্সাইড হ’ল এবিধ গ্রীনহাউচ গেছ। ইয়াৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি গ’লে গোলকীয় উষ্ণতাও বাঢ়ি যায়। কিন্তু কার্বন-ডাই-অক্সাইডেই একমাত্র গ্রীনহাউচ গেছ নহয়। মিথেন আৰু নাইট্রাছ অক্সাইড— এই দুটা বেছ শক্তিসম্পন্ন গ্রীণহাউচ গেছ। বায়ুমণ্ডলত পৰিমাণত কম হ’লে কি হ’ব, এই গেছ দুটাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষমতা (Global Warming Potential ; চমুকৈ GWP) কার্বন-ডাই-অক্সাইডতকৈ বহুত বেছি। মোটামুটি হিচাপত মিথেনৰ GWP হ’ল ২১ আৰু নাইট্ৰাছ অক্সাইডৰ ৩১০! শিল্প-বিপ্লৱৰ পূর্বে মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত আছিল যথাক্রমে ৭০০ ppb আৰু ২৭০ ppb (ppb : Parts per billion)। বর্তমান এই দুটা গেছৰ পৰিমাণ হৈছেগৈ ক্ৰমে প্রায় ১৮০০ ppb আৰু ৩২৮ ppb! মনকৰিবলগীয়া কথা, শিল্প-বিপ্লৱৰ পূৰ্বৰ আঠ লক্ষ বছৰত নাইট্ৰাছ অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত ২৮৯ ppb-ৰ ওপৰলৈ যোৱা নাছিল। এইটো হৈছে সমগ্র বায়ুমণ্ডলক বিবেচনা কৰি পোৱা হিচাপ। আমি প্ৰায় ১৫ বছৰ পূৰ্বেই Gas Chromatography পদ্ধতিৰে, সময়ে-সময়ে, উক্ত পৰিমাণৰ আশে-পাশে মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ উপস্থিতি বায়ুত প্রত্যক্ষ কৰিছিলোঁ (অৱশ্যে, এই হিচাপত যে স্থানীয় কাৰকৰ প্ৰভাৱ আছে, সেইটো কথা ইয়াত অগ্ৰাহ্য কৰিব পাৰোঁ)। মন কৰিবলগীয়া কথা, এনে গ্রীনহাউচ গেছৰ উৎস একমাত্র মানৱীয় কর্মকাণ্ড (Anthropogenic) নহয়। নানান প্রাকৃতিক উৎসৰ পৰাও গ্রীনহাউচ গেছৰ নির্গমন ঘটে। কিন্তু প্রকৃতিত উৎস (Source) আৰু অৱশোষকৰ (Sink) নিবি‌ড় আন্তঃসম্পর্কৰ বাবে বায়ুমণ্ডলত এনে গেছসমূহৰ এটা ভাৰসাম্য ৰক্ষা হৈ থকা পৰিলক্ষিত হৈছিল। কিন্তু কি হ’ল শিল্প-বিপ্লৱৰ পাছত, যাৰ ফলত এই গেছসমূহৰ পৰিমাণ দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিলে? ইয়াৰ মূল কাৰণ, লেকামহীন ঔদ্যোগীকৰণ আৰু মুনাফাসর্বস্ব কৃষিখণ্ডৰ অবাধ বিস্তাৰণ।

চিত্ৰ ৫ : জন বেলামি ফষ্টাৰ।

এইখিনিতে এটা আমোদজনক কথালৈ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমি সকলোৱে জানোঁ, পুঁজিবাদী সমাজখনৰ অৱলুপ্তি আৰু মানৱ-সমাজৰ পৰা শোষণৰ অৱসানেই আছিল বিপ্লৱী-দাৰ্শনিক, মনীষী কাৰ্ল মাৰ্ক্সৰ চিন্তাৰ কেন্দ্ৰবিন্দু। একাংশ বিদ্বানে কিন্তু মুনাফা সৰ্বস্ব সমাজ-ব্যবস্থাৰ আমূল পৰিৱৰ্তন বিচৰা কার্ল মাৰ্ক্সকহে জলবায়ুৰ পৰিৱৰ্তনৰ অন্যতম খলনায়ক বুলি চিহ্নিত কৰিছে। অৱশ্যে, জন বেলামি ফষ্টাৰ (John Bellamy Foster, ১৯৫৩-) আদি পণ্ডিতে তেনে মাৰ্গৰ চিন্তাৰ বিসংগতি বৰ সুন্দৰকৈ উন্মোচন কৰিছে। এই প্ৰসংগত ফষ্টাৰৰ “Marx’s Ecology: Materialism and Nature” গ্ৰন্থখন বৰ বিখ্যাত। ফষ্টাৰে কৰা ব্যাখ্যা-বৰ্ণনাৰ আলমত উক্ত কথাটো—মাৰ্ক্সক জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দায়ী কৰোৱা মতবাদটো—আমি অলপ বিশদভাৱে যুকিয়াই চাব পাৰোঁ।

George Lichtheim (১৯১২–১৯৭৩) নামৰ চিন্তাবিদে Marxism : An Historical and Critical Study নামৰ গ্ৰন্থত ১৯৬১ চনতেই লিখিছিল, ‘For the early Marx the only nature relevant to the understanding of history is human nature…….. Marx wisely left nature (other than human nature) alone’। এই কথাখিনিত মার্ক্সে প্রকৃতিক যথোচিত গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰা হৈছে। খুৱ সম্ভৱতঃ Leszek Kolakowski (১৯২৭-২০০৯) নামৰ পণ্ডিত এজনে— ১৯৭৬ চনত Main Currents of Marxism নামৰ গ্ৰন্থত, মার্ক্সৰ চিন্তাধাৰা Prometheanism-ৰে আক্রান্ত বুলি অভিযোগ উত্থাপন কৰে, পোন-প্রথমবাৰৰ বাবে। গ্রীক্‌ আখ্যানৰ বিপ্লৱী চৰিত্র প্রমিথিউছৰ প্ৰসংগ টানি অভিযোগ কৰা হৈছিল যে জীৱন আৰু জগৎ সংক্রান্তত মার্ক্সে মানৱীয় কর্মকাণ্ডত অত্যধিক গুৰুত্ব দি, প্রাকৃতিক প্রপঞ্চসমূহক অগ্রাহ্য কৰিছিল। Anthony Giddens (১৯৩৮-) নামৰ বিদ্বানে (Contemporary Critique of Historical Materialism, ১৯৮১) লিখিছে : ‘Marx’s concern with transforming the exploitative human social relations expressed in class systems does not extend to the exploitation of nature’। মার্ক্সৰ বিশ্ববীক্ষাত Prometheanism ভাৱধাৰাৰ চিহ্নসন্ধানী এইসকল বিদ্বানে কৈছিল, প্রকৃতিৰ ওপৰত মানুহৰ আধিপত্যৰ কথাটোত মার্ক্সে বিজয় গৌৰৱৰ মুকুট পিন্ধাই উজলাই তোলাৰ চেষ্টা কৰিছিল। আৰু এখোজ আগবাঢ়ি Wade Sikorski নামৰ পৰিৱেশবিদে (Modernity and Technology গ্রন্থত, ১৯৯৩ চনত) লিখিলে, ‘Marx …….. was worshippers of machine……’। মাৰ্ক্সৰ প্ৰতি এই অভিযোগবোৰ কিমান যুক্তিসংগত? সেইসমূহ বাৰু তথ্যভিত্তিক হয়নে? কথাটো ফঁহিয়াই চোৱাটো জৰুৰী।

প্রমিথিউছৰ ৰূপক মার্ক্সৰ ৰচনাত সুলভ। গ্রীক আখ্যানৰ এই চৰিত্রই মানুহৰ বাবে জুই লৈ আহিছিল ‘দেৱলোক’ৰ পৰা। গ্রীক শাসনতন্ত্ৰৰ অৱদমনৰ বিৰুদ্ধে মানুহৰ স্বতঃস্ফূর্ত প্রতিবাদেই হ’ল প্রমিথিউছৰ আখ্যানৰ মূল জাগতিক পটভূমি। এই ৰূপকটো বাৰু মার্ক্সৰ বাবে কিহৰ প্রতিফলন আছিল— বিদ্ৰোহৰ নে প্ৰযুক্তিৰ জয়গানৰ? যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰি, প্রমিথিউছৰ ৰূপকটোৰ অন্তর্নিহিত তাৎপর্য মার্ক্সৰ বাবে প্রযুক্তিৰ দ্বিধাহীন জয়গানৰ অনুকল্প নাছিল, অৱনত মানুহৰ বিদ্রোহেহে আছিল তাৰ মর্মবস্তু। সহস্ৰবছৰৰ প্রাচীন অতিকথাৰ সাৰমৰ্ম যিয়েই নহওক, আমি কিন্তু মূল প্রশ্নটো অগ্রাহ্য কৰা উচিত নহ’ব— সঁচাই বাৰু মার্ক্সে প্রাকৃতিক পৰিৱেশৰ প্ৰতি অৱমাননা কৰা কথা-কাণ্ডত অনুমোদন কৰিছিলনে?

চিত্ৰ ৬ : জার্মান ৰসায়নবিদ লিভিগ্।

১৮৬২ চনত বিখ্যাত জার্মান ৰসায়নবিদ লিভিগ্‌-ৰ (Lustus von Liebig, ১৮০৩-১৮৭৩) গ্ৰন্থ “Organic Chemistry in its Application to Agriculture and Physiology”-ৰ সপ্তম সংস্কৰণ প্ৰকাশ হৈছিল (প্রথম সংস্কৰণ ১৮৪০ চনত)। এই সংস্কৰণৰ আগকথাত বিজ্ঞানীগৰাকীয়ে আঙুলিয়াই দিছিল যে পৰম্পৰাগত কৃষি-পদ্ধতিৰ তুলনাত পুঁজিবাদী বৃটিছ কৃষি-পদ্ধতি হ’ল এটা লুণ্ঠন প্রক্রিয়া। কেনেকুৱা ধৰণৰ লুণ্ঠন? সকলোৱে জনা কথা, উদ্ভিদ-শস্যৰ পূর্ণাংগ জীৱন-চক্র আৰু শ্ৰীবৃদ্ধিৰ বাবে বিশেষ কিছুমান পুষ্টিকৰ উপাদানৰ (Nutrient) প্রয়োজন হয়, যেনে— নাইট্রজেন, ফছফৰাছ, পটাচিয়াম আদি। লিভিগে দেখুৱাই দিলে, পুঁজিবাদী বজাৰ ব্যৱস্থাৰ ফলত, মহানগৰসমূহলৈ গ্রাম্য অঞ্চলৰ পৰা শস্যজাত বিবিধ সামগ্রী আমদানী কৰা হ’ল অতি বুজন পৰিমাণত। কিন্তু এইসমূহৰ পৰা, তাত নিহিত হৈ থকা গুণাগুণ, সেইবোৰৰ মূল উৎসলৈ প্রত্যাৱৰ্ত্তনৰ কোনো উপায় নাছিল। কাৰণ প্রাকৃতিক প্রত্যাৱর্তনৰ (Recyclic Process) বাট বন্ধ হৈ পৰিছিল। এইদৰেই প্রান্তীয় অঞ্চলৰ মাটিৰ পৰিপুষ্টি পদ্ধতিগতৰূপত লুণ্ঠিত হ’বলৈ ধৰিলে। লিভিগে আৰু এটা বৰ তাৎপর্যপূর্ণ দিশলৈ আঙুলিয়াই দিলে—, উক্ত লুণ্ঠন প্রক্রিয়াই সামগ্রিকভাৱে সমগ্র লুণ্ঠন প্রক্রিয়াটোকেই আকৌ অধিক ত্বৰান্বিত কৰিছিল। কেনেকৈ? এফালে ক্রমবর্ধমান ৰূপত মাটিৰ উৰ্বৰতা হ্রাস, অন্য হাতেদি অধিক উৎপাদনৰ পুঁজিবাদী তাগিদা— এই দুটাৰ ভাৰসাম্য বিচাৰি আধুনিক কৃষি পদ্ধতিটো লাগি গ’ল কৃত্রিমভাৱে ভূমিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাত। সুদূৰ পেৰুৰ পৰা গুৱানো (Guano : চৰাইৰ বিষ্ঠা) আমদানী কৰা হ’ল সাৰ হিচাপে প্রয়োগ কৰিবলৈ। ১৮৪১ চনত ইংলেণ্ডলৈ ১৭০০ টন গুৱানো আমদানী কৰা হৈছিল; পাছত ছবছৰৰ পাছতেই ই ২২০,০০০ টন হ’লগৈ! পুঁজিবাদৰ সম্প্ৰসাৰণৰ সৈতে সংগতি ৰাখি এইটো প্রক্রিয়াই বিস্তৃত ৰূপ ল’লে। ১৮৬০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আমদানী কৰা গুৱানোৰ পৰিমাণ, সমগ্র ইউৰোপে আমদানী কৰা পৰিমণতকৈও অধিক হ’লগৈ। এইদৰেই, পুঁজিবাদৰ সম্প্ৰসাৰণৰ লগে-লগে, প্রান্তীয় গ্রাম্য অঞ্চলক লুণ্ঠন কৰা প্রক্রিয়াটোৱে এটা বিশ্বব্যাপী ৰূপ ধাৰণ কৰিলে। উল্লেখ কৰা ভাল (যদিও সিমান প্রাসংগিক নহয়), লিভিগৰ পুথিখনৰ ইংৰাজী অনুবাদৰ প্রকাশকে পূর্বৰ সংস্কৰণসমূহ তৎপৰতাৰে প্ৰকাশ কৰিছিল। কিন্তু এই বিশেষ সংস্কৰণটোৰ অনুবাদ প্রকাশতো নকৰিলেই, বৰঞ্চ তেওঁলোকৰ হাতত থকা কপিটো নষ্টহে কৰি পেলালে। পাছলৈ তাক সংস্কৰণৰ এক সংক্ষিপ্তসাৰ (Abridged Edition) প্রকাশ কৰা হ’ল, সলাই দিয়া হ’ল গ্ৰন্থখনৰ মূল নাম, আৰু তাৎপর্যপূর্ণভাৱে সেই বিখ্যাত “আগকথা”টো বাদ দিয়া হ’ল। পুঁজিবাদী কৃষি পদ্ধতিৰ লুণ্ঠন প্রক্রিয়াৰ প্রতি লিভিগৰ মত জার্মান নজনা লোকৰ বাবে অন্ধকাৰতেই ৰৈ গ’ল। আগ্ৰহী পাঠকে ইণ্টাৰনেটত উপলব্ধ লিভিগৰ এখন চিত্তাকৰ্ষক ৰচনাত (এইটো লিংকত : https://monthlyreview.org/2018/07/01/on-english-farming-and-sewers/) চকু ফুৰাব পাৰে।

লণ্ডনত তেতিয়া বাস কৰা, জার্মান ভাষা জনা মানুহ এজনে লগে লগেই লিভিগৰ মতৰ তাৎপর্য যে কিমান গভীৰ, সেইটো অনুধাৱন কৰিলে। মানুহজন, কার্ল মার্ক্স।

১৮৬৬ চনত এংগেলছলৈ লিখা এখন চিঠিত মার্ক্সে লিভিগৰ মতৰ গুৰুত্ত্বৰ কথা দোহাৰিছে। Das Kapital-ৰ (প্রথম খণ্ড) Modern Industry and Agriculture শীর্ষক অনুচ্ছেদত মার্ক্সে লেখিলে,’Capitalist production, by collecting the population in great centres, and causing an ever-increasing preponderance of town population, on the one hand concentrates the historical motive power of society ; on the other hand, it disturbs the circulation of matter between man and the soil, i.e. prevents the return to the soil of its elements consumed by man in the form of food and clothing ; it therefore violates the conditions necessary to lasting fertility of the soil.’ স্পষ্টতঃ, ই হ’ল লিভিগৰ মতৰ এক পৰিৱৰ্তিত ৰূপ। উক্ত কথাখিনিৰ ঠিক পাছতেই মার্ক্সে এটা তাৎপর্যপূর্ণ দিশৰ উন্মোচন কৰিছে—’By this action it destroys at the same time the health of the town labourer and the intellectual life of the rural labourer’। লক্ষণীয় কথা, মার্ক্সে মাটিৰ উৰ্বৰা শক্তি হ্রাস হোৱাৰ সৈতে শ্ৰমিকৰ স্বাস্থ্যহীনতাৰ যোগসূত্র বিচাৰি পাইছে। মানুহ আৰু প্ৰকৃতিৰ ওতঃপ্রোত আন্তঃসম্পর্ক সম্বন্ধে নির্লিপ্ত ব্যক্তিৰ বাবে এনে মর্মভেদী বিশ্লেষণ সম্ভৱেই নহয়। স্পষ্টতঃ, ই প্ৰকৃতিৰ প্রতি মার্ক্সৰ গভীৰ সচেতনতাৰ কথাই প্রতিফলিত কৰে। উক্ত অনুচ্ছেদতেই মার্ক্সে অধিক স্পষ্টভাৱে ক’লে : ‘Moreover, all progress in capitalistic agriculture is progress in the art, not only of robbing the labourer, but of robbing the soil; all progress in increasing the fertility of the soil for a given time, is a progress towards ruining the more longlasting sources of that fertility. The more a country proceeds from large-scale industry as the background of its development, as in the case of the United States, the more rapid is this process destruction.’ এই দফাটো পঢ়ি বাৰু কোনে ক’ব পাৰিব, প্রাকৃতিক পৰিৱেশৰ ধ্বংসকার্যক, ঔদ্যোগিকৰণৰ জৰিয়তে, মাৰ্ক্সে প্রাকাৰন্তেৰে হ’লেও সমৰ্থন কৰা বুলি? ‘কেপিটেল’ৰ দ্বিতীয় খণ্ডৰ The Turnover of Capital অনুচ্ছেদত (Chapter 13 : The time of production) মার্ক্সে পুনৰ লিখিছেঃ ‘The long production time …and the great length of the periods of turnover entailed make forestry on industry of little attraction to private and therefore capitalist enterprise the latter being essentially private even if the associated capitalist takes the place of the individual capitalist. The development of culture and of industry in general has evinced itself in such energetic destruction of forest that everything done by it conversely for their preservation and restoration appears infinitesimal’. এই দফাটোৱে বাৰু কিহৰ সাক্ষ্য দিয়ে?

মাৰ্ক্সবাদৰ অন্যতম প্ৰধান কাণ্ডাৰী, মাৰ্ক্সৰ সহযোগী ফ্রিডৰিখ এংগেলছৰ এখন প্রখ্যাত পুথি হৈছে Dialectics of Nature। এই গ্ৰন্থখনৰ এঠাইত এংগেলছে কি লিখিছে চোৱা যাওক : ‘…… the animal merely uses external nature, and brings about changes in it simply by his presence; man by his changes makes it serve his ends, masters it. This is the final, essential distinction between man and other animals, and once again it is labour that brings about this distinction.’। অন্যান্য জীৱ-জন্তুৰ সৈতে মানুহৰ, মানৱ-জাতিৰ এই মৌলিক পার্থক্যটো এংগেলছে সুন্দৰভাৱে উন্মোচন কৰিছে। কিন্তু এই কথাখিনিক উদ্দেশ্যপ্ৰণোদিতভাৱে, বিচ্ছিন্নভাবে উদ্ধৃত কৰি, মানুহে প্ৰকৃতিৰ ওপৰত মাষ্টাৰি কৰাৰ কথাক এংগেলছে গৌৰৱান্বিত কৰিছে বুলি কোৱাৰ সম্ভাৱনা আছে। গতিকে উক্ত কথাখিনিৰ পাছতেই এংগেলছে কি কৈছিল চোৱা যাওক : Let us not, however, flatter ourselves overmuch on account of our human conquest over nature. For each such conquest takes its revenge on us. Each of them, it is true, has in the first place the consequences on which we counted, but in the second and third places it has quite different, unforeseen effects which only too often cancel out the first..’ প্ৰকৃতিৰ ওপৰত মানুহে অত্যধিক খবৰদাৰি কৰাৰ ক্ষেত্ৰত, আমি মনত ৰখা উচিত, এংগেলছে এই সাৱধানবাণী প্ৰেৰণ কৰিছিল প্রায় ১৫০ বছৰ পূর্বে। তেতিয়াতো আৰু এতিয়াৰ দৰে ইমান বহল পৰিসৰত পৰিৱেশ বিপর্যস্ত হোৱা নাছিল! গভীৰ দূৰদৃষ্টিৰ এংগেলছে মাথোন সতর্কবাণী প্ৰেৰণ কৰিয়েই ক্ষান্ত হোৱা নাই, তেখেতে আকৌ কৈছে, “The people who, in Mesopotamia, Greece, Asia Minor, and elsewhere, destroyed the forests to obtain cultivable land, never dreamed that they were laying the basis for the present devastated condition of these countries, by removing along with the forests the collecting centres and reservoirs of moisture”। এইখিনি পঢ়ি এনে লাগে যে এইয়া কোনো আধুনিক পৰিৱেশবিদৰহে ৰচনা! এইখিনিৰ পাছতেই এংগেলছে মর্মস্পর্শী ভাষাৰে মানৱ আৰু প্ৰকৃতিৰ আন্তঃসম্পৰ্কৰ সন্দৰ্ভত তাৎপর্যপূর্ণ মত আগবঢ়াইছে : “Thus at every step we are reminded that we by no means rule over nature like a conqueror over a foreign people, like someone standing outside nature – but that we, with flesh, blood, and brain, belong to nature, and exist in its midst, and that all our mastery of it consists in the fact that we have the advantage over all other beings of being able to know and correctly apply its laws”। এনে মতাদর্শ থকা কাৰোবাক প্রকৃতিবিৰোধী বোলাটো সম্ভৱনে?

চিত্ৰ ৭ : আশ্চৰ্যকৰ মেধাবুদ্ধিৰ তীক্ষ্মতা আৰু মননশীল অন্তৰ্দৃষ্টিৰ অধিকাৰী আছিল এই দুই বিপ্লৱী চিন্তাবিদ।

গতিকে এইটো কথা অতি পৰিষ্কাৰ যে প্ৰকৃতি আৰু জলবায়ুৰ ক্ষেত্ৰত, প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ আন্তঃসম্পৰ্কৰ প্ৰসংগত মাৰ্ক্স আৰু এংগলেছ সেই তেতিয়াই আছিল অতিশয় সচেতন। বিচাৰ-বিশ্লেষণৰ পৰিচ্ছন্নতা, মেধাবুদ্ধিৰ তীক্ষ্মতা আৰু মননশীল অন্তৰ্দৃষ্টি কিমান উচ্চস্তৰৰ হ’লেহে তেনে হোৱাটো সম্ভৱ, সেইটো ভাবিলেই তবধ মানিব লাগে। কিন্তু এইখিনিতেই সংগত কাৰণতেই প্ৰশ্ন উঠিব, বিগত শতিকাত মাৰ্ক্সবাদক কাৰ্যকৰী কৰাৰ প্ৰচেষ্টাত জলবায়ুৰ কথাটোৱে যথোচিত গুৰুত্ত্ব লাভ কৰিছিলনে? এই প্ৰশ্নটোৰ প্ৰসংগত আমি দুটা কথা মনত ৰাখিব লাগিব। এক, সাম্যবাদী সমাজ এখনলৈ অগ্ৰসৰ হোৱাৰ বাটত, মার্ক্সকথিত মধ্যৱর্তী স্তৰৰ সমাজবাদী সমাজৰ কোনো স্পষ্ট, নিটোল ৰূপৰেখা স্বয়ং মার্ক্সেই—যুক্তিযুক্ত কাৰণতেই—ক’তোয়েই অংকন কৰি থৈ যোৱা নাই। দুই, আজি এইটো কথা বিতর্কাতীত যে ১৯১৭ চনৰ মহাবিপ্লৱৰ পৰৱৰ্তী কালত ছোৱিয়েট য়ুনিয়নৰ অনুসৃত নীতি ক্ৰমাৎ মার্ক্সীয় দৰ্শনৰ পৰা বিচ্যুৎ হৈ পৰিছিল। যোৱা শতিকাৰ মধ্যভাগতেই সমাজবাদী শিবিৰৰ একাংশৰ চকুত ছোৱিয়েট য়ুনিয়নৰ মাৰাত্মক বিচ্যুতি অতি স্পষ্টৰূপত ধৰা পৰি গৈছিল। চীন দেশৰ মাও চে টুঙৰ এই প্ৰসংগৰ বিখ্যাত মত বহুজনচর্চিত। পৰিহাসৰ কথা, অতি সোনকালেই চীন দেশো একেই বিচ্যুতিৰ কবলত পৰিল। এইখিনিতেই আমি পূৰ্বে আলচ কৰা কথা এটি মনত পেলাই লওঁ। মাত্ৰ সামাজিক লুণ্ঠনেই নহয়, প্ৰকৃতিৰ সংক্ৰান্ততো লুণ্ঠন প্রক্রিয়া পুঁজিবাদৰ মজ্জাগত; কিয়নো, লুণ্ঠন হৈছে পুঁজিবাদৰ মৰ্মবস্তু। সেইবাবেই পুঁজিবাদী ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ অবিহনে প্ৰকৃতিৰ ওপৰতো লুণ্ঠন কার্য সমূলঞ্চে বন্ধ হোৱাটো আশা কৰিব নোৱাৰি। পুঁজিবাদৰ অন্তহীন ভোগ-সর্বস্ব মূল্যবোধেই এই পৃথিৱীক, সমগ্র প্রকৃতিক মহালুণ্ঠনৰ ক্ষেত্ৰ হিচাপে পৰিগণিত কৰিছে। প্ৰকৃতিৰ প্রতি এই লুণ্ঠনকাৰী মনোভাৱ আৰু তৎজনিত কার্যকলাপ—এইয়াই হ’ল বর্তমানৰ ভয়াবহ পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ। নিবন্ধটোৰ এই শেষ অংশত এটা কথা উনুকিয়াই থওঁ। আজি চৌদিশে গ’ল-গ’ল বুলি হুলস্থূল লাগিছে— পৃথিৱীৰ পৰিৱেশ আজি বিপর্যস্ত। কি পৰিৱেশ? সাধাৰণতে একমাত্র প্রাকৃতিক পৰিৱেশৰ কথাত সম্পূর্ণ গুৰুত্ব দি কথাটো উত্থাপন কৰা হয়। কিন্তু প্রশ্ন কৰিব পাৰিঃ বর্তমানৰ সামাজিক পৰিৱেশৰ ৰেহৰূপ কেনেকুৱা? সামাজিক পৰিৱেশো আজি প্ৰদূষিত, বিপর্যস্ত হোৱা নাইনে? এই দুয়োটা প্রপঞ্চ— প্রাকৃতিক আৰু সামাজিক পৰিৱেশ— সম্পূর্ণ পৃথকভাৱে উত্থাপন কৰি কোনো সামগ্রিক সমাধানসূত্ৰ লাভ কৰা সম্ভৱ নহ’ব। কিন্তু জ্ঞানমার্গৰ বুর্জোৱা বিভাজনে এনে একীভূত তত্ত্বৰ সন্ধানত কোনো অৰিহণা যোগাব বুলি ধাৰণা নহয়। প্রাকৃতিক পৰিৱেশ আজি যি মূল্যবোধৰ বাবে অৱক্ষয়িত, সেই একেই মূল্যবাধৰ বাবে সামাজিক পৰিৱেশো আজি বিপর্যস্ত। এই ব্যৱস্থাটোৰ মাজত থাকি কৰা সংস্কাৰধৰ্মী কর্মকাণ্ডই হয়তো কিছু দূৰলৈ সকাহ দিব, কিন্তু সি দীর্ঘম্যাদী সমাধান হোৱাৰ আশা কম। প্ৰকৃততে সুদূৰ দক্ষিণ গোলাৰ্ধৰ আমাজানৰ জুই আৰু ঘৰৰে কাষৰে বাঘজানৰ জুই— দুকুৰা জুইৰ স্বৰূপ একেই। প্ৰকৃতিক লুণ্ঠন কৰাৰ ভোগবাদী, মানুফাসৰ্বস্ব পুঁজিবাদেই এইবোৰৰ আঁৰৰ নিৰ্ণায়ক কাৰণ। মূল কাৰণটোৰ প্ৰতি নিৰ্লিপ্ত হৈ থাকিলে কিম্বা তেনে কাৰণক অগ্ৰাহ্য-অস্বীকাৰ কৰিলে পৃথিৱীৰ পৰা জলবায়ুৰ পৰিৱৰ্তনৰ সংকট কাহানিও আঁতৰ নহ’ব। লক্ষনীয় কথা, বিগত শতিকাৰ প্ৰথমাৰ্দ্ধত পুঁজিবাদক ওফৰোৱাৰ বিপুল কৰ্মযজ্ঞ আৰু উজ্জীৱিত চিন্তাচৰ্চাৰ মাজতো কিন্তু সমাজবাদী শিৱিৰত প্ৰকৃতিৰ প্ৰতি পুঁজিবাদী মনোভাৱৰ বৈপ্লৱিক পৰিৱৰ্তন হৈছিল বুলি ধাৰণা নহয়। হয়তো কিছুদূৰলৈ ব্যতিক্ৰম হৈ ৰৈছে সমাজবাদী ক্ষুদ্ৰ দ্বীপ কিউবা। সেইবাবেই, এই পৰিৱৰ্তিত বিশ্ব-পৰিস্থিতিৰ মাজতো, মার্ক্স-এংগেলছৰ চিন্তাচৰ্চাৰ বিভিন্ন দিশৰ লগতে তেওঁলোকৰ প্রকৃতিচিন্তাৰ প্ৰতিও যুক্তিবাদী প্ৰগতিশীল মানুহে যথোচিত গুৰুত্ত্ব প্ৰদান কৰা উচিত।

(২০০৭ চনত “নতুন পদাতিক”-ত প্ৰকাশিত এটি প্ৰবন্ধৰ পৰিৱৰ্তিত ৰূপ)

Print Friendly, PDF & Email

One thought on “সম্পাদকৰ টোকা :: আমাজানৰ জুই, বাঘজানৰ জুই (কৌশিক দাস)

  • Sailendra Mohan Das

    We are not aware at all about the Ecological Foot Print. Any activity we have done, it directly or indirectly influences the nature. In simple way, it is the Ecological Foot Print. If we talk about the present Carbon Foot Print, it is affecting the global heat balance, making the earth warmer day by day; consequence is the Climatic Change. On the other hand if we consider the global Water Foot Print, it clearly shows the imbalance in consumption and replenish of ground water which is affecting the hydrological cycle of the earth; consequence is the Global Water Crisis.
    Indiscriminate use of fertilizers, pesticides, etc. in the name of large scale crop production in agricultural as well as industrial sectors, is harming the nature by polluting soil, water and air; posing serious threat to biodiversity. At the same time we should not forget about the E- waste and Bio- Medical wastes which are silently affecting the natural system of our environment.
    Unscientific use of antibiotics in the field of medical, veterinary, poultry farming, etc. is bringing a new threat of deadliest antibiotic resistance microbes (i.e. Superbugs). Resent study reveals that use of Tetracycline, Streptomycin, etc. antibiotics in the crop fields of South – East Asia, fueling the process of superbug production. We generally throw the expire dated medicines in any corner of our campus; but when the medicine mixes with soil or water, chemicals of the medicine harmfully affects the flora and fauna of the region.
    Clearing of Amazon Rain Forest for Soybean production and cultivating grasses for beef cattle, is enhanced the increase of carbon dioxide level in the atmosphere. In the name of industrial development, injudicious establishment of small or large industries, mining activities, etc. cause environmental pollution and habitat destruction; consequence is ‘Man – Animal Conflicts’.
    Today most of the cities and towns are suffering from Artificial Flood; it is the result of ‘Neglecting the Wetlands’. We don’t have time to think about the Wetlands! During rainy season, excess rain water is deposited in these wetlands, which is helping to prevent flood and maintain the ground water level by providing sufficient time to percolate water through the soil.
    Now a days we are avoiding to cultivate local flowers in our home gardens; but we must remember that variety of local plants only can support the local animal diversity which is very important to maintain a healthy and balanced environment. Locally available fruits and vegetables are more beneficial than exotic one; so, we should prefer to have these local food sources and in this way we can reduce the Carbon Foot Print also. If we stop the wastage of food and water we can minimize the Water Foot Print. A large amount of carbon is emitted to the atmosphere at the time of energy production. Hence, by stopping unnecessary utilization of energy required appliances including vehicles, we can contribute a lot to control the climate change.
    When I was going through the article, my mind was impregnated with different feelings and the summery of all I stated above. Some times I thought, except human, why the other organisms of the world do not have god or ghost! I may be wrong, but I think, only human is the only organism in the living world who disobey the Nature’s Law. Human created god and ghost only for their benefit. When I observed the worship method of all the commonly practice religions, I found one commonness, i.e. without asking any thing nobody can worship. From my experience I learned one thing “Present is Determining the Future. A person with pure scientific attitude can shape his future.”On this basis, at last I want to convey that a proper scientific temperament only can save us from the present Corona Pandemic.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *