গান শুনো আহক

সংগ্ৰাম, প্ৰতিৰোধ আৰু সমন্বয়ৰ তিনিটি গীতৰ কথাৰে (নৱজ্যোতি বৰগোহাঁই)

(এই ক্ষুদ্ৰ লেখাটো পেলেষ্টাইনৰ মুক্তি সংগ্ৰামলৈ বিপ্লৱী অভিবাদন জনাই উছৰ্গা কৰিছোঁ)
Life is a song, sing it. Life is a struggle, accept it~Mother Teresa

প্ৰস্তাৱনা

এটি গীত শুনোতে সাধাৰণতে আমি বহুত কিবাকিবি জানি বুজি শিকি গীতটো শুনিবলৈ নাযাওঁ। বেছিভাগ ক্ষেত্ৰতেই আগতীয়াকৈ একো নজনাকৈয়ে গীতটো উপভোগ কৰোঁ। যদিও এটি গীত ভাল বা বেয়া লগাৰ নেপথ্যত কিছুমান গুৰুত্বপূৰ্ণ বস্তুনিষ্ঠ কাৰণ থাকে। কোনোবাই আকৌ প্ৰশ্ন কৰিব পাৰে, ইমান চিন্তা ভাবনাৰে গীত উপভোগ কৰা যায় নেকি? কিন্তু ভাললগা ঘটনা এটাৰ নেপথ্যৰ কথাবোৰ জানিলে, আমাৰ সেই ভাল লগাখিনিক আমি নিশ্চয় ন্যায় প্ৰদান কৰাত সফল হ’ম। মুখ্যতঃ দুটা উদ্দেশ্য আগত লৈ আমি গীত বিষয়ক এই পৰ্য্যালোচনা কৰিব বিচাৰিছোঁ—
১) গীত এটিৰ প্ৰতি ন্যায় প্ৰদান কৰা।
২) সংগীত বিষয়টোৰ বিশেষ চৰ্চা নোহোৱা অথচ সমাজ জীৱনত সাংঘাটিক গুৰুত্ব থকা দিশবোৰ মনত ৰাখি এটা বস্তুনিষ্ঠ চৰ্চাৰ বাতাবৰণ তৈয়াৰ কৰা।
তেনে উদ্দেশ্য আগত ৰাখিয়েই আমি এই লেখাটোৰ যোগেদি মূলতঃ গীত শুনাৰ উপলদ্ধি বস্তুনিষ্ঠভাৱে বুজ ল’বলৈ যত্ন কৰিম।

গীতটো জন্ম হোৱাৰ ঐতিহাসিক ভিত্তি, শিল্পীৰ পৰিচয়, গীতটোৰ সাংগীতিক বৈশিষ্ট্য, গীতটোৱে বহন কৰা সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক তাৎপৰ্য ইত্যাদিয়েই হয়তো গীত এটাৰ সম্পৰ্কত পৰিপূৰ্ণকৈ বুজি উঠাত সহায়ক হ’ব পাৰে। এই তথ্য বিশ্লেষণৰ ভিত্তিত আমি কিছু পৰিমাণে হ’লেও আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ম — গীত এটিৰ জন্মৰ নেপথ্যৰ বিৰল ঐতিহাসিক ভিত্তি কি? গীতটোৱে শ্ৰোতাৰ মনত জন্ম দিয়া উপলব্ধিৰ তাৎপৰ্য কি? গীতটোৱে মোক, আমাক কি দিছে? জীৱন সংগ্ৰামৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনে হ’ব পাৰে? গীত এটা সমাজ পৰিবৰ্তনৰ আহিলা হৈ উঠিব পাৰে নেকি? গীত এটাই ৰাজনৈতিক চৰিত্ৰ কেনেকৈ বহন কৰে? ইত্যাদি ইত্যাদ। একেটা গীতৰ আপোনাৰ মোৰ অনুভৱ-উপলব্ধিৰ তাৰতম্য থাকিব পাৰে। কিন্তু কিয় এনে হয়? এই জটিল অথচ চিত্তাকৰ্ষক ধ্যান ধাৰণাবোৰৰ ভাৱ বিনিময়ৰ উদ্দেশ্য আগত ৰাখিয়েই এই লেখা লিখিবলৈ যত্ন কৰিছোঁ। কিছু অসম্পূৰ্ণতা হয়তো ৰৈ যাব। এনে সংগীত বিষয়ক আলোচনাৰ এক সজীৱ প্লেটফৰ্ম হিচাবে গঢ় দিয়াটো এই লেখাৰ লগতে এই শিতানটোৰ অন্যতম লক্ষ্য।

এই শিতানৰ ভৱিষ্যতৰ সংগীত বিষয়ক মোৰ লেখাবোৰতো উপৰোক্ত বিষয়বোৰৰ চৰ্চাই বিশেষভাৱে স্থান পাব। ইয়াৰ উপৰিও সন্মানীয় চিন্তাশীল পাঠকৰ দিহা পৰামৰ্শৰে ভৱিষ্যতে শিতানটোৰ নতুন মাত্ৰা যোগ দিয়া হ’ব। আশাকৰোঁ সজাগ সচেতন পাঠক-শ্ৰোতাই আমাৰ সামূহিক লক্ষ্য সফল কৰাত অৰিহণা যোগাব।

আগকথা

এইবাৰ মুক্ত চিন্তাৰ পাঠকলৈ বিশ্বৰ বিভিন্ন কোণৰ সংগ্ৰামী জনতাৰ বাবে সাহস আৰু প্ৰেৰণা যোগোৱা তিনিটি অতি তাৎপৰ্যপূৰ্ণ গীতৰ চমু পৰিচয়সূচক আলোচনা আগবঢ়াইছোঁ। এইধৰণৰ গীতে এখন সমাজৰ জনগণৰ সংগ্ৰামৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ এখন জীৱন্ত ছবি তুলি ধৰাৰ উপৰিও সংগ্ৰামখনৰ শক্তিশালী অনুঘটক স্বৰূপ হৈ উঠে আৰু সমগ্ৰ বিশ্বৰ জনগণৰ মাজত সংগ্ৰামী ঐক্য প্ৰতিষ্ঠা কৰাৰ লগতে গীতৰ আৱেদনে আন্তৰ্জাতিক ন্যায় প্ৰতিষ্ঠাৰ বাটো মুকলি কৰে। মূলতঃ এনে গীত একপ্ৰকাৰ সংগ্ৰামী জনগণৰ যুঁজৰ হাঠিয়াৰ হৈ উঠে। এই গীত জীৱনৰ হতাশা আৰু হুমুনিয়াহৰ বিপৰীতে সংগ্ৰামৰ শংখধ্বনি, বিক্ষুব্ধ গণকণ্ঠৰ নিনাদ, জীৱন যুঁজৰ মন্ত্ৰ।
আলোচনাৰ গীত তিনিটিয়ে ক্ৰমে সংগ্ৰাম আৰু প্ৰতিৰোধ/ সংগ্ৰাম আৰু সমন্বয়/ ঐক্য আৰু সম্প্ৰীতিৰ চৰিত্ৰ বহন কৰিছে। সমগ্ৰ বিশ্বৰ সাংস্কৃতিক তথা আর্থ ৰাজনৈতিক সংগ্ৰামৰ দিশটো আগত ৰাখি সাম্ৰাজ্যবাদী বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামৰ চিন্তা আগত ৰাখি গীত কেইটা আলোচনাৰ বাবে নিৰ্বাচন কৰা হৈছে। প্ৰতিটো গীতেই সমাজ বাস্তৱৰ অতি জৰুৰী ৰাজনৈতিক প্ৰশ্ন শ্ৰোতাৰ আগত তুলি ধৰে। ভাবাৱেগৰ চিকাৰ হোৱা গীত নহয়। গীত কেইটাৰ সেই দিশটো অতি তাৎপৰ্যপূৰ্ণ।

আশা ৰাখিছোঁ গীতকেইটা শুনি, বুজি, উপলব্ধিৰ মাজেৰে মুক্ত চিন্তাৰ সন্মানীয় পাঠকৰ বহুমূলীয়া মতামতে আমাৰ ‘গান শুনো আহক শিতানটো সমৃদ্ধ কৰিব।

(১)
সংগ্ৰাম আৰু প্ৰতিৰোধৰ এটি গীত

“We Will Not Go Down (Song For Gaza)”
প্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ পেলেষ্টাইনৰ গাজা ষ্ট্ৰীপৰ দীৰ্ঘদিনৰ সংগ্ৰামী জনতাৰ মুক্তি সংগ্ৰামৰ এন্থেম স্বৰূপ “We Will Not Go Down (Song For Gaza)” গীতটোৰ সম্পৰ্কত। এই গীতটোৱে দীৰ্ঘদিন ধৰি পেলেষ্টাইনৰ সংগ্ৰামী জনতাৰ অক্সিজেন স্বৰূপ হৈ উঠিছে। এটি সাধাৰণ গীত কিন্তু অসাধাৰণ তাৰ প্ৰভাৱ।

গীতটোৰ কথা
“We Will Not Go Down

(Song For Gaza)”
Song by Michael Heart
Songwriter : Michael Heart

… A blinding flash of white light
Lit up the sky over Gaza tonight
People running for cover
Not knowing whether they’re dead or alive

… They came with their tanks and their planes
With ravaging fiery flames
And nothing remains
Just a voice rising up in the smoky haze

… We will not go down
In the night without a fight
You can burn up our mosques
And our homes and our schools
But our spirit will never die
We will not go down
In Gaza tonight

…Women and children alike
Murdered and massacred night after night
While the so-called leaders of countries afar
Debated on who’s wrong or right

…But their powerless words were in vain
And the bombs fell down like acid rain
But through the tears and the blood and the pain
You can still hear that voice through the smoky haze
… We will not go down
In the night without a fight
You can burn up our mosques
And our homes and our schools
But our spirit will never die
We will not go down
In Gaza tonight

… We will not go down
In the night without a fight
You can burn up our mosques
And our homes and our schools
But our spirit will never die

… We will not go down
In the night without a fight
We will not go down
In Gaza tonight

(গানটো ইয়াত টিপি শুনিব পাৰিব)

কেপচন : মাইকেল হাৰ্ট
মাইকেল হাৰ্ট

গীতটোৰ শিল্পীৰ চমু পৰিচয়
মাইকেল হাৰ্ট এজন ছিৰিয়ান-আমেৰিকান গায়ক, গীতিকাৰ তথা গীটাৰ বাদক আৰু অভিজ্ঞ ছাউণ্ড অভিযন্তা। মাইকেল হাৰ্ট এজন আগশাৰীৰ ফ্লেমিংক গীটাৰ বাদকো।
ছিৰিয়াত জন্ম গ্ৰহণ কৰা আৰু ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া, মধ্যপ্ৰাচ্যত ডাঙৰ-দীঘল হোৱা মাইকেল হাৰ্টে বৰ্তমান আমেৰিকাৰ লছ এঞ্জেলছত বাস কৰে।
গিটাৰিষ্ট মাইকেল হাৰ্ট মূলসুঁতিৰ পপ/ৰক গীত গোৱা শিল্পী যদিও হাৰ্টে মানৱ অধিকাৰ সংগ্ৰামখনৰ সমৰ্থনত কেইবাটাও বিশেষভাৱে প্ৰভাৱশালী আৰু উল্লেখযোগ্য গীত ৰচনা কৰি পৰিৱেশন কৰিছে। সেই গীত কেইটা হৈছে— “We Will Not Go Down (Song for Gaza)“, “Freedom(about the Arab Spring) and “What About Us (Song for Syria)“৷ এই গীত কেইটাই বিশেষকৈ মধ্যপ্ৰাচ্যৰ সংগ্ৰামী জনতাৰ প্ৰেৰণাৰ উৎস হৈ পৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শোষিত নিষ্পেষিত জনতাৰ মাজত সংগ্ৰামী ঐক্য গঢ়ি তোলাত বহু অৰিহণা যোগাইছে।
হাৰ্টৰ আন দুটি গীত— “Freedom” (about the Arab Spring) আৰু “What About Us (Song for Syria)” ও শুনিবৰ বাবে পাঠক-শ্ৰোতালৈ বিশেষ অনুৰোধ থাকিল। গীতকেইটি ইউটিউব, স্পটিফাই আদিত সহজে উপলব্ধ। আমি আজি কেৱল song for Gaza গীতটোৰ প্ৰাসংগিকতা সাপেক্ষে চমু আলোচনা কৰিব খুজিছোঁ।

গীতটোৰ জন্মৰ নেপথ্যৰ ঐতিহাসিক ভিত্তি
১২ বছৰৰ আগতে চিৰিয়ান-আমেৰিকান গীতিকাৰ-গায়ক, গীটাৰ বাদক, ছাউণ্ড অভিযন্তা মাইকেল হাৰ্টে এই গীতটো ৰচনা কৰিছিল।
পেলেষ্টাইনৰ গাজাত ইজৰাইলৰ আক্ৰমণত বলি হোৱা পেলেষ্টাইনী অসামৰিক লোকসকলৰ সমৰ্থনত এই গীতৰ জন্ম দিয়ে। গীতটোৱে অতি কম সময়ৰ ভিতৰত বিভিন্ন সামাজিক মাধ্যমত বিস্তৰ জনপ্ৰিয়তা লাভ কৰে।

পেলেষ্টাইনৰ গাজা ৰ যুদ্ধৰ ধ্বংসলীলা কেইখনমান ছবি। (বিভিন্ন প্ৰেছৰ প্ৰতি কৃতজ্ঞতাৰে ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে)
 পেলেষ্টাইনৰ গাজা ৰ যুদ্ধৰ ধ্বংসলীলা কেইখনমান ছবি। (বিভিন্ন প্ৰেছৰ প্ৰতি কৃতজ্ঞতাৰে ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে)

গীতটোৰ অফিচিয়েল ইউটিউব ভিডিঅ’ মুক্তিৰ এমাহৰ ভিতৰতে ১০ লাখতকৈ অধিক দৰ্শক লাভ কৰে। হাৰ্টে গীতটোৰ mp3 তেওঁৰ অফিচিয়েল ৱেবছাইটৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰা কৰি তুলিছিল, যিটো তেওঁৰ ৰিপৰ্ট অনুসৰি অতি কম সময়ৰ ভিতৰত ৫ লাখতকৈও অধিক বাৰ গীতটো ডাউনলোড কৰা হৈছে। গীতটোৰ ৰেকৰ্ডিং বহু দেশৰ ৰেডিঅ’ আৰু টেলিভিছনৰ লগতে ব্লগ আৰু ৱেবছাইটত সম্প্ৰচাৰ কৰা হয়। বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰা এই গীতটো অষ্ট্ৰেলিয়াৰ চিডনীৰ পৰা লণ্ডনলৈকে বহুতো গণ বিক্ষোভত পৰিৱেশিত হৈছে।
মুঠৰ উপৰত এই গীতটো শুনা যিকোনো ব্যক্তিয়ে দীৰ্ঘদিনৰ পেলেষ্টাইনৰ গাজাত সংঘটিত নিষ্ঠুৰ অমানৱীয় ছবিখনৰ লগতে বিপ্লৱী জনযুদ্ধৰ ছবিখনো উপলদ্ধি কৰিব পাৰিব। সেইবাবেই আজিও এই গীতটোৱে পেলেষ্টাইন মুক্তি সংগ্ৰামৰ যুঁজাৰুসকলৰ মুক্তিৰ গান হৈ পৰিছে। সমগ্ৰ বিশ্বতে গীতটোৰ সংগ্ৰামী গণভিত্তি অপৰিসীম।

আমি আলোচনা কৰিবলৈ লোৱা গীতটোৰ সৃষ্টিৰ সম্পৰ্কত মাইকেল হাৰ্টৰ নিজৰ মুখেৰেই শুনো আহক-

গীতটোৰ সাংগীতিক বৈশিষ্ট্য
জনগণৰ সংগ্ৰামৰ ওপৰত সাংঘাটিক প্ৰভাৱশালী যদিও সংগীতৰ শ্ৰেণীৰ দৃষ্টিকোণৰ পৰা গীতটো এটি সাধাৰণ সৰল ৰক মেলডি। গীতটোৰ গীতি সাহিত্যৰ ফালৰ পৰাও বহু বিশেষত্ব থকা নহয়। কিন্তু গীতটোৱে গাজাৰ বিধ্বস্ত যুঁজাৰু জনতাৰ কণ্ঠক অতি সফলভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিছে। সেইটোৱেই গীতটোৰ অন্যতম সাফল্য।
গীতটোৰ সুৰ সহজ অথচ শক্তিশালী। সহজে স্মৰণীয় গীতটো অতি আৱেগিক মেজাজৰ। “বোমা বাৰুদেৰে আমাক ধ্বংস কৰিব নোৱাৰা, আমি হাৰ নামানো আমি ভাগি নপৰোঁ….”৷ মাইকেল হাৰ্টৰ আন্তৰিক প্ৰকাশভংগীয়ে গীতটোৰ আৱেগিক প্ৰভাৱ অধিক বৃদ্ধি কৰিছে। সুৰৰ পুনৰাবৃত্তিমূলক স্থিতিস্থাপক চৰিত্ৰই গীতটোৰ দৃঢ়তাৰ বাৰ্তাক শক্তিশালী ৰূপত প্ৰক্ষেপ কৰিছে।
গীতটোত অকুষ্টিক গীটাৰৰ কৰ্ড প্ৰগ্ৰেছন সৰল আৰু পোনপটীয়া যি গীতটোৰ এটা দৃঢ় হাৰমনিক ভেটি প্ৰদান কৰে। গীতটোৰ সঙ্গীতত এইটো এটা মন কৰিবলগীয়া দিশ। যাৰ ফলত গীতটোৰ যন্ত্ৰ সংগীতে শ্ৰোতাৰ মনত সহজে সংগ্ৰামী সমন্বয়ৰ চেতনা জন্ম দিয়ে লগতে গীতৰ কথাক ফলপ্ৰসূভাৱে সমৰ্থন কৰে। এনেকৈয়ে গীতটোৱে দুখ যন্ত্ৰণাৰ মাজত সংগ্ৰামী আৱেগ প্ৰবল কৰি তোলে। মধ্যপ্ৰাচ্যৰ সংগীতৰ প্ৰতীক স্বৰূপ oud বাদ্যযন্ত্ৰৰ ব্যৱহাৰে গীতটোক অনন্য মাত্ৰা প্ৰদান কৰিছে।
সৰু সৰু মাইনৰ কৰ্ডৰ ব্যৱহাৰে গীতটোৰ বিষাদময় পৰিৱেশটোক আৰু অধিক জোৰদাৰ কৰি তুলিছে, ইয়াৰ মুখ্য বিষয়বস্তু দুখ-কষ্ট, যন্ত্ৰণাৰ ওপৰত বিশেষ আলোকপাত কৰিছে।
গীতটোৰ ছন্দ (Rhythm) কোমল আৰু স্থিৰ, অন্তৰ্দৃষ্টিসম্পন্ন তথা কথাৰ পৰিপূৰক। টেম্পো মধ্যমীয়া, যাৰ ফলত গীতৰ কথাবোৰ স্পষ্টকৈ আৰু আৱেগেৰে তুলি ধৰিছে। গীটাৰৰ ৰিডমিক চৰিত্ৰই আৰম্ভণিৰ পৰা শেষলৈকে গীতটোৰ অনুভূতিৰ ধাৰাবাহিকতা আৰু স্থিৰতা ধৰি ৰাখিছে। গীতটোত বাদ্যযন্ত্ৰ ন্যূনতম, মূলতঃ শিল্পীৰ কণ্ঠ, একাউষ্টিক গীটাৰ আৰু oud বাদ্যযন্ত্ৰ। ন্যূনতম যন্ত্ৰ সংগীতৰ এনে ব্যৱস্থাই গীতৰ কথা আৰু সুৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে, বিষয়বস্তুৰ প্ৰভাৱৰ পৰা জন্ম হোৱা আৱেগিক অনুনাদক অগ্ৰাধিকাৰ দিয়ে। যাৰ ফলত গীতটোৰ মূল বক্তব্যৰ বিষয়বস্তুৱে কেন্দ্ৰীয় মঞ্চ অধিকাৰ কৰে। বাদ্যযন্ত্ৰৰ সৰলতাই পৰিৱেশনৰ অন্তৰংগতা আৰু আন্তৰিকতা বৃদ্ধি কৰে ফলত আৰম্ভণিৰ পৰা শেষলৈকে মূলবিষয়ৰ উদ্দেশ্যৰ প্ৰতি দায়বদ্ধতা ফলপ্ৰসূভাৱে ধৰি ৰখাটো সম্ভৱ হৈছে।
সামগ্ৰিকভাৱে ক’বলৈ গ’লে “We Will Not Go Down (Song For Gaza)” গীতটোৰ সংগীতৰ বৈশিষ্ট্য হৈছে ইয়াৰ আৱেগিক সুৰৰ সহজ সমন্বয়, কোমল ছন্দ আৰু ন্যূনতম বাদ্যযন্ত্ৰৰ ফলপ্ৰসূ আন্তৰিক ব্যৱস্থাপনা। এই উপাদানসমূহে একেলগে কাম কৰি গাজাৰ ভয়ংকৰ প্ৰতিকূলতাৰ সন্মুখত সংগ্ৰাম আৰু সংহতিৰ বাণী কঢ়িয়াব পাৰিছে— আমি হতাশ নহওঁ, আমি ভাগৰি নপৰো৷

গীতটোৰ সাংস্কৃতিক আৰু সমাজ-ৰাজনৈতিক তাৎপৰ্য
এই গীতটো হৈছে মূলতঃ সংঘাত আৰু হিংসাৰ মাজত পেলেষ্টাইনী জনগণৰ বিশেষকৈ গাজাৰ জনসাধাৰণৰ দুখ-কষ্ট আৰু সংগ্ৰামী দৃঢ়তা উজ্জ্বল কৰি তোলা এক মৰ্মান্তিক প্ৰতিবাদী গীত।
We will not go down
In the night without a fight
এই বাক্য দুটাই যেন আজিৰ গাজাৰ সংগ্ৰামী জনগণৰ মৰ্মৰ সকলো কথা কৈ দিয়ে! আজিৰ তাৰিখত আমি যদি এই বৰ্বৰতাক অৱজ্ঞা কৰি আছোঁ, নিজকে প্ৰশ্ন কৰা যুগুত, আমি কাৰ পক্ষত? এইটো আজিৰ তাৰিখত আমাৰ আগত এটা অত্যন্ত জৰুৰী মৌলিক প্ৰশ্ন। এই গীতটোৱে আমাৰ বিবেক জগাই তোলে। কাকো ৰেহাই নিদিয়ে৷
গীতটো বহুকেইটা দিশৰ পৰা অতি তাৎপৰ্য্যপূৰ্ণ। গতানুগতিক দৃষ্টিকোণেৰে গীতটো এটা সৰল ৰক সংগীত যদিও গীতটোৰ বক্তব্য স্পষ্ট, সৰল অথচ যন্ত্ৰ সংগীতৰ চৰিত্ৰ বলিষ্ঠ আৰু সাৰ্বজনীন স্পৰ্শকাতৰ প্ৰতিবাদী গণ আৱেদনেৰে পৰিপুষ্ট এক আধুনিক গণ সংগীত হিচাবেহে গীতটোক স্থান দিব লাগিব। কাৰণ মূলতঃ গীতটোৰ মৰ্মত আছে কেৱল গণ মুক্তিৰ সংগ্ৰামী নিনাদ। গীতটোৰ ক’তো ‘মই’ৰ স্থান নাই, কেৱল ‘ আমি’ৰ সংগ্ৰামী আৰ্তনাদ।
মানৱীয় সংকটৰ সময়ত গাজাৰ সংগ্ৰামী জনগণৰ অবিৰত যুদ্ধৰ দৃঢ়তা তুলি ধৰাটো গীতটোৰ অন্যতম বৈশিষ্ট্য। গাজাত সামৰিক আক্ৰমণৰ বিধ্বংসী প্ৰভাৱৰ বিষয়ে গীতটোত স্পষ্ট ৰূপত বৰ্ণনা কৰা হৈছে, য’ত নিৰীহ লোকৰ বিধ্বস্ত জীৱন, ঘৰ-দুৱাৰ, বিদ্যালয়, মছজিদ ধ্বংস কৰা, হিংসাৰ নিৰ্বিচাৰ জঘণ্য স্বৰূপ জীৱন্ত ৰূপত মূৰ্ত হৈ উঠিছে, য’ত ভুক্তভোগীৰ ভিতৰত নাৰী, কণ কণ শিশুও বাদ পৰা নাই!
সাংঘাটিক প্ৰতিকূলতাৰ মাজতো গীতটোৱে সংগ্ৰামী জনগণৰ অপ্ৰতিৰোধ্য বীৰত্বৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াত পেলেষ্টাইনী জনসাধাৰণে নীৰৱ হ’বলৈ বা পৰাজিত হ’বলৈ অস্বীকাৰ কৰা, তেওঁলোকে সন্মুখীন হোৱা হিংসা আৰু অত্যাচাৰ সহ্য কৰাৰ দৃঢ়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
গাজাৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি গীতটোৱে বিশ্ব সজাগতা আৰু সংহতিৰ বাবে এক আহ্বান হিচাপে কাম কৰিছে। গীতটোৰ আন এটা বিশেষভাৱে উল্লেখযোগ্য দিশ হৈছে ই বিশ্বৰ জননেতাসকলৰ উদাসীনতা আৰু নিষ্ক্ৰিয়তাক প্ৰত্যাহ্বান জনোৱাৰ উপৰিও সংঘটিত অত্যাচাৰৰ বাবে জবাবদিহি কৰাৰ লগতে ন্যায়ৰ আহ্বান জনায়।
একে সময়তে গীতটোৱে বিশেষ ৰাজনৈতিক দায়িত্ব পালন কৰাৰ উপৰিও এক সাংঘাটিক সাংস্কৃতিক দায়িত্বও পালন কৰিছে। সংগীতৰ জৰিয়তে গীতটোৱে সংঘাতৰ দ্বাৰা প্ৰভাৱিতসকলৰ আৱেগ, হতাশা আৰু আকাংক্ষা প্ৰকাশৰ বাবে এক মঞ্চ প্ৰদান কৰিছে। ইয়াত দুখ-কষ্ট আৰু প্ৰতিৰোধৰ মানৱ অভিজ্ঞতাক এনেদৰে ধৰি ৰখা হৈছে যে বিশ্বজুৰি শ্ৰোতা দৰ্শকৰ মাজত অনুৰণন ঘটে।
সামগ্ৰিকভাৱে চাবলৈ গ’লে ওপৰৰ কথাখিনিৰ পৰা এইটো স্পষ্ট হৈ উঠে যে এটা গীত কেনেকৈ এখন শ্ৰেণী বিভক্ত সমাজত শ্ৰেণী সংগ্ৰামৰ হাঠিয়াৰ হৈ উঠিব পাৰে, এই গীতটো তাৰ এটা উৎকৃষ্ট উদাহৰণ। এই গীতটোৱে একেধাৰে ৰাজনৈতিক আৰু সাংস্কৃতিক দায়িত্ব পালন কৰি জনযুদ্ধৰ বৈপ্লৱিক পৰিৱৰ্তনৰ বাট মুকলি কৰাত অন্যতম গুৰু দায়িত্ব পালন কৰিছে বুলি ক’ব পাৰি।
আজিৰ তাৰিখটো গাজাত চলি থকা মানৱীয় সংকট আৰু জনগণৰ প্ৰতিকূলতাৰ সন্মুখীন হোৱাৰ সময়ত এই গীতটো ইয়াৰ জনগণৰ সংগ্ৰামৰ এক ঐতিহাসিক দলিল তথা এক শক্তিশালী সোঁৱৰণী হিচাপে সদায় থাকি যাব। ভবিষ্যতৰ বিশ্বৰ সংগ্ৰামী জনতাৰ সংগ্ৰামৰ প্ৰেৰণা হিচাবে সদায় বাট দেখুৱাই থাকিব বুলি নিঃসন্দেহে ক’ব পাৰি।

(২)
সংগ্ৰাম আৰু সমন্বয়ৰ এটি গীত

“No Time For Crying”
এইবাৰ আলোচনা কৰিবলৈ লৈছোঁ ইতিহাস ৰচনা কৰা, জীৱন যুঁজৰ অনুঘটক সদৃশ এটি ৰাজনৈতিক গীত “No Time For Crying” (২০১৭)-ৰ সম্পৰ্কত।
সমগ্ৰ বিশ্বত আজি সাম্ৰাজ্যবাদী আগ্ৰাসনে বৰ্বৰতাৰ চুড়ান্ত শিখৰত উপনীত হৈছে। ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ধ্বংস লীলা তাৰ এক জ্বলন্ত উদাহৰণ।
আমি বিশ্বৰ জনতাই ইয়াৰ সন্মিলিত প্ৰতিৰোধ গঢ়ি তুলিব লাগিব, কান্দিবলৈ আমাৰ সময় নাই—
No Time For Crying……৷
গীতটোৱে যেন সমগ্ৰ বিশ্বক জৰুৰী অৱস্থা ঘোষণা কৰিছে।

গীতটোৰ কথা
No Time For Crying

Song by Mavis Staples
Songwriters: Mavis Staples / Jeffrey Scot Tweedy

No time crying
No time for tears
Got no time for crying
No time for tears

We’ve got work to do
We’ve got work to do
We’ve got work to do
We’ve got work to do

People are dying
Bullets are flying
No time for tears
No time for tears

We’ve got work to do
We’ve got work to do
We’ve got work to do
We’ve got work to do

We’ve got no time for crying
We’ve got work to do
We’ve got no time for tears
We’ve got work to do
People are dying
Bullets are flying

We’ve got work to do
So much work to do
We’ve got work to do
We’ve got work to do

Are you with me?
You with me?
Keep coming
There’s work to do

We’ve got no time for crying
We’ve got work to do
We’ve got no time for tears
We’ve got work to do

People are dying
Bullets are flying
We’ve got work to do
Ooh, work to do
We’ve got work to do
Yeah, work to do

Work to do
We’ve got work to do
Work to do
Help me help
Work to do
Are you with me?
You with me?
Keep coming
There’s work to do


গীতটোৰ শিল্পীৰ চমু পৰিচয়
No Time For Crying গীতটোৰ শিল্পী হৈছে মেভিছ ষ্টেপলছ (Mavis Staples)। ১৯৩৯ চনৰ ১০ জুলাইত ইলিনয়ৰ চিকাগোত জন্মগ্ৰহণ কৰা মেভিছ ষ্টেপলছ এগৰাকী অতি প্ৰভাৱশালী R &B, ব্লুজ আৰু গছপেল সংগীত শিল্পী আৰু আমেৰিকাৰ নাগৰিক অধিকাৰ কৰ্মী। তেওঁ একেধাৰে গায়িকা, গীতিকাৰ আৰু সমাজ কৰ্মী। মেভিছ ষ্টেপল তেওঁৰ শক্তিশালী আৰু স্বকীয় কণ্ঠৰে গছপেল হাৰমনি আৰু সামাজিকভাৱে সচেতন গীতৰ মিশ্ৰণৰ বাবে পৰিচিত। মেভিছ ষ্টেপলৰ সংগীত এটা সময়ত নাগৰিক অধিকাৰ আন্দোলনৰ সমাৰ্থক হৈ পৰিছিল আৰু তেওঁলোকে প্ৰায়ে মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ দৰে নেতাৰ সৈতে ৰেলী, মাৰ্চ আৰু ৰাজনৈতিক অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু আমেৰিকাৰ ইতিহাসৰ এক উত্তাল সময়ত সবলীকৰণ আৰু আশাৰ গীত গাই সাধাৰণ জনগণৰ প্ৰেৰণাৰ উৎস হৈ পৰিছিল। মেভিছ ষ্টেপলৰ বেছিভাগ সংগীতৰ এলবাম সামাজিক ন্যায়ৰ বিষয়বস্তুৰ প্ৰতি অবিৰত দায়বদ্ধতা প্ৰদৰ্শনৰ স্বাৰ্থত উৎসৰ্গিত। সমগ্ৰ কেৰিয়াৰত মেভিছ ষ্টেপলছে সংগীত আৰু সক্ৰিয়তাত আগবঢ়োৱা অৱদানৰ বাবে ব্যাপক প্ৰশংসা আৰু স্বীকৃতি লাভ কৰিছে। ৰক এণ্ড ৰল হল অৱ ফেম, ব্লুজ হল অৱ ফেম, গছপেল মিউজিক হল অৱ ফেমত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰেমী লাইফটাইম এচিভমেণ্ট বঁটাকে ধৰি একাধিক গ্ৰেমী বঁটাৰেও তেওঁ সন্মানিত হৈছে। সন্মানীয় উদী গাঠ্ৰি বঁটাৰে তেওঁ বিভূষিত হৈছে।

মেভিছ ষ্টেপলছ

সংগীতৰ কৃতিত্বৰ বাহিৰেও মেভিছ ষ্টেপলছে নাগৰিক অধিকাৰৰ এগৰাকী স্পষ্টবাদী সমৰ্থক আৰু তেওঁৰ সংগীতৰ মঞ্চখন ব্যৱহাৰ কৰি বৰ্ণ বৈষম্য, অন্যায় আৰু সবলীকৰণৰ বিষয়সমূহৰ সমাধানৰ বাটত বিশেষ অৰিহণা যোগাইছে। এগৰাকী অগ্ৰণী সংগীতজ্ঞ আৰু অক্লান্ত সমাজ কৰ্মী হিচাপে তেওঁৰ পাছৰ প্ৰজন্মই তেওঁক আমেৰিকাৰ সংগীত ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে লিপিবদ্ধ কৰিব।

গীতটোৰ জন্মৰ নেপথ্যৰ ঐতিহাসিক ভিত্তি
আজিৰ আলোচনাৰ “No Time for Crying” গীতটো মেভিছ ষ্টেপলছৰ “If All I Was Was Black” এলবামটোৰে এটা অন্যতম গুৰুত্বপূৰ্ণ গীত।
ডনাল্ট ট্ৰাম্পৰ আমেৰিকাক উদ্দেশ্য কৰি মেভিছ ষ্টেপলছৰ এই এলবাম “If All I Was Was Black” ২০১৭ চনত মুক্তি পাইছিল। এই এলবামটিৰ প্ৰতিটো গীতেই ৰাজনৈতিক দূৰদৃষ্টিৰে পৰিপূৰ্ণ। এলবামটিৰ বাকী গীতবোৰৰ লগতে এই গীতটো মেভিছ ষ্টেপলছ’ৰ লগত যুটীয়াকৈ সংগীত শিল্পী জেফ টুইডী (Jeff Tweedy)এ লিখিছে। এলবামটোৰ মুক্তিৰ পাছতেই ষ্টেপলছে বব ডিলানৰ লগত ৰাজনৈতিক প্ৰচাৰ অভিযানত মিলিত হয়। ডনাল্ট ট্ৰাম্পৰ দৰে শাসকৰ ৰাজনীতিৰ বিৰোধেৰে মানৱ অধিকাৰৰ স্বাৰ্থত এই গীতৰ জন্ম হৈছিল। ষ্টেপলছে নিজৰ গীতৰ সম্পৰ্কত ক’বলৈ গৈ কৈছে —
” I’ve been singing my freedom songs and I wanted to stretch out and sing some songs that were new. I told the writers I was looking for some joyful songs. I want to leave something to lift people up; I’m so busy making people cry, not from sadness, but I’m always telling a part of history that brought us down and I’m trying to bring us back up. These songwriters gave me a challenge….”

গীতটোৰ সাংগীতিক বৈশিষ্ট্য
No Time for Crying” গীতটোৰ সংগীতৰ তাৎপৰ্য বিচাৰ কৰিবলৈ গ’লে প্ৰথমেই ক’ব লাগিব মেভিছ ষ্টেপলছৰ কণ্ঠ গীতটোৰ কেন্দ্ৰবিন্দু। ষ্টেপলছৰ শক্তিশালী গম্ভীৰ কণ্ঠই আৰম্ভণিৰে পৰাই শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰে আৰু গীতটোৰ উদ্দেশ্যধৰ্মী যাত্ৰাৰ মাজেৰে তেওঁলোকক শেষলৈকে কঢ়িয়াই লৈ ফুৰে। গীতটো আৰম্ভ হয় ক্লেপ আৰু গীটাৰ ৰিফেৰে অতি শক্তিশালী collective সাংগীতিক মেজাজত।
গীতটোৰ সংগীত গছপেল সংগীতৰ দ্বাৰা অনুপ্ৰাণিত যদিও ই শক্তিশালী ৰিডম এণ্ড ব্লুজ (R&B) আৰু ব্লুজ সংগীতৰ সংমিশ্ৰণত মূলতঃ নিৰ্মাণ হৈছে। গছপেল সংগীতৰ অন্যতম বৈশিষ্ট্য হৈছে কণ্ঠ প্ৰধান। এই গীতটোত সেই অতি স্পষ্ট ৰূপত পৰিস্ফূত হৈছে।
গীতটোৰ গুৰুত্বপূৰ্ণ সাংগীতিক উপাদানসমুহ হৈছে— মেভিছ ষ্টেপলছৰ আৱেগ গম্ভীৰ (soulful) দৃঢ় তথা শক্তিশালী প্ৰত্যয়দীপ্ত কণ্ঠ, গীতৰ বক্তব্যৰ আৱেগিক প্ৰক্ষেপণ, আন্দোলিত যন্ত্ৰসংগীত য’ত আছে সংক্ৰমিত এক বিশিষ্ট ছন্দ (rhythm ) আৰু গছপেল-প্ৰভাৱিত বেকিং কণ্ঠ।
গীতটোৰ কথাবোৰে প্ৰতিকূলতাৰ সন্মুখত যুদ্ধংদেহি জৰুৰী প্ৰতিৰোধ আৰু দৃঢ়তাৰ বাৰ্তা প্ৰেৰণ কৰে। একে সময়তে পৰিপূৰক ৰূপত অৱস্থান কৰা আন্দোলিত গতিশীল ছন্দৰ শক্তিশালী যন্ত্ৰ সংগীতে আলোড়নকাৰী সুৰৰ মাধ্যমত উক্ত বাৰ্তাক ন্যায় প্ৰদান কৰে, যিয়ে শ্ৰোতাৰ মনত গভীৰ আৱেগিক আৰু শক্তিশালী অভিজ্ঞতা উপলব্ধিৰ জন্ম দিয়ে। “কান্দিবৰ সময় নাই” (No Time for Crying), এতিয়া যুঁজৰ সময়। এই কেন্দ্ৰীয় বাৰ্তা গীতটোৱে অতি শক্তিশালী ৰূপত শ্ৰোতাৰ মনত ৰোপণ কৰাত সফল হৈছে।
গীতটোত বাদ্যযন্ত্ৰৰ ব্যবহাৰ ষ্টেপলছৰ কণ্ঠৰ পৰিপূৰক। গীতটোত ড্ৰাম আৰু বেছে প্ৰদান কৰা দৃঢ় ছন্দময় ভেটিয়ে গীতটোক আগুৱাই লৈ যায়, ষ্টেপলছৰ কণ্ঠক ন্যায্যতা প্ৰদান কৰে। আনহাতে ইলেক্ট্ৰিক গীটাৰৰ ৰিফে গীতটোত আন্দোলিত শক্তিৰ উন্মেষ ঘটায়। হাততালি, হৰ্ণ আৰু বেকিং কণ্ঠৰ ব্যৱহাৰে গোটেই সংগীতৰ ব্যৱস্থাটোত গভীৰতা প্ৰদান কৰে, যাৰ ফলত ভৱিষ্যৎ উদযাপনৰ অনুভূতি জাগ্ৰত হয়।
“ন’ টাইম ফৰ ক্ৰাইং”ৰ সুৰ স্মৰণীয় আৰু সংক্ৰামক, ইয়াৰ উত্তাল কৰ্ড প্ৰগ্ৰেছন অতি আকৰ্ষণীয়। ষ্টেপলছৰ বাক্যাংশ আৰু কণ্ঠস্বৰ ইম্প্ৰ’ভাইজেশ্যনে গীতটোৰ আৱেগিক ক্ষমতা অধিক বৃদ্ধি কৰাৰ লগতে অতি সূক্ষ্ম পৰ্য্যায়ত শ্ৰোতাৰ অনুভূতিক প্ৰভাৱিত কৰে।
ষ্টেপলছৰ শক্তিশালী গল্প কথন আৰু মাৰ্মান্তিক চিত্ৰকল্পই শক্তি আৰু দৃঢ়তাৰ এক প্ৰাঞ্জল ছবি দাঙি ধৰে, ব্যক্তিগত পৰ্যায়তো দৰ্শক-শ্ৰোতাৰ মাজত অনুৰণন ঘটায়।
সামগ্ৰিকভাৱে ক’বলৈ মেভিছ ষ্টেপলছৰ “ন’ টাইম ফৰ ক্ৰাইং” গীতটো সংগীতৰ বিভিন্ন উপাদানৰ এক নিপুণ orgenic মিশ্ৰণ যিয়ে কণ্ঠশিল্পী হিচাবে ষ্টেপলছৰ অপৰিসীম প্ৰতিভাক চিনাকি কৰি দিয়ে।
মাও চে তুঙৰ আহ্বানৰ কথা মনত পেলাই ক’বলৈ মন যায়, বিশ্বৰ নিপীড়িত শোকাকুল সংগ্ৰামী জনতাৰ শোকক শক্তিলৈ ৰূপান্তৰ কৰাত গীতটোৰ সংগীত চমকপ্ৰদভাৱে সফল বুলি একেষাৰে ক’ব পাৰি।

গীতটোৰ সাংস্কৃতিক আৰু সমাজ-ৰাজনৈতিক তাৎপৰ্য
পৰিৱৰ্তনকামী যুঁজাৰু সংগীত শিল্পী মেভিছ ষ্টেপলছৰ ‘ন’ টাইম ফৰ ক্ৰাইং’— No time for crying, গীতটো সমাজৰ হিংসা, অন্যায়, আৰু বৈষম্যৰ বিৰুদ্ধে থিয় কৰা সংগ্ৰামখনৰ বাবে এক জৰুৰী বাৰ্তা আৰু সমাজখনৰ সেই প্ৰতিকূল পৰিস্থিতিৰ এক মৰ্মান্তিক প্ৰতিফলন। একে সময়তে গীতটোৱে পৰিপূৰ্ণ ৰূপত বহন কৰিছে সংগ্ৰামী দৃঢ়তা।
গীতটোত সমাজখনৰ ভয়ংকৰ পৰিস্থিতিৰ জৰুৰীকালীন অৱস্থাৰ কথা ক’বলৈ গৈ “No time for crying, no time for tears” বাক্যৰ পুনৰাবৃত্তিৰে জৰুৰী অৱস্থাটো শক্তিশালী ৰূপত মূৰ্ত কৰি তুলিছে আৰু বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। গীতটোৱে দুখ-কষ্টৰ অস্তিত্ব স্বীকাৰ কৰিছে যদিও হতাশা বা নিষ্ক্ৰিয়তাৰ কোনো স্থান দিয়া নাই। গীতটোৰ বিষয়বস্তুৰ আৱেদনে শ্ৰোতাৰ সৈতে এই ধাৰণাৰ অনুৰণন ঘটাই যে সংকটৰ মাজত পৰিৱৰ্তনক সংগঠিত আৰু প্ৰভাৱিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তা আছে।
গীতটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে— ইয়াৰ শক্তিশালী গীতৰ কথা আৰু আৱেগিক প্ৰক্ষেপণৰ জৰিয়তে গীতটোৱে শ্ৰোতাক সমস্যা সমাধানৰ বাবে কাৰ্যক্ষেত্ৰত জঁপিয়াই পৰিবলৈ (Call to Action) আহ্বান জনোৱা হৈছে। সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত নিজৰ সামূহিক দায়িত্ব স্বীকাৰ কৰিবলৈ আৰু প্ৰগতিৰ বাবে প্ৰয়োজনীয় কামত সক্ৰিয়ভাৱে জড়িত হ’বলৈ অনুৰোধ জনোৱা হৈছে।
গীতটোত বাৰে বাৰে “আমাৰ কাম আছে” (we’ve got work to do,”) বুলি কোৱাৰ দ্বাৰা গীতটোৱে সক্ৰিয় দায়িত্বশীল অনুভূতিক উৎসাহিত কৰে, আৰু ইয়াৰ যোগেদি এক বিশেষ সামূহিক আস্থাৰ ভাৱ জন্ম হয় লগতে আত্মবিশ্বাস বাঢ়ে৷ ভাৱ হয় যে পৰিৱৰ্তন সংহত প্ৰচেষ্টাৰ জৰিয়তে সম্ভৱপৰ। এইটো গীতটোৰ অন্যতম কৃতিত্ব।
গীতটোৱে পৃথিৱীৰ কঠোৰ বাস্তৱতা, যেনে মানুহৰ মৃত্যু, চাৰিওফালে বন্দুকৰ গুলী উৰি যোৱা (People are dying, Bullets are flying) আদিক স্বীকাৰ কৰাত কোনো সমস্যা নাই। কিন্তু হতাশাৰ ওচৰত বলি হোৱাৰ পৰিৱৰ্তে প্ৰতিকূলতাৰ সন্মুখত দৃঢ়তাৰ যুঁজৰ আহ্বান জনায়। সামাজিক অন্যায় আৰু মানৱীয় দুখ-কষ্টৰ জটিলতাক ভিত্তি কৰি গঢ়ি উঠা এই বাস্তৱবাদৰ উপস্থাপনে গীতটোৰ বাৰ্তাক গভীৰ কৰি তোলাৰ লগতে পৰিবৰ্তনৰ চৰ্ত তৈয়াৰ কৰে। গোটেই গীতটোত সামাজিক ঐক্য আৰু সংহতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বাৰে বাৰে কৈ— “আপুনি মোৰ লগত আছেনে?” আৰু “তুমি মোৰ লগত?” (Are you with me?/ You with me?/ Keep coming/ There’s work to do,)— সামূহিক উদ্দেশ্য আৰু ভাগ-বতৰা কৰা দায়িত্ববোধক গীতটোৱে social ethics হিচাবে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। একত্ৰিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গীতটোৱে সমাজত সহযোগিতাৰ পৰা পোৱা শক্তিক উজ্জ্বল কৰি তুলিছে। বুজাব খুজিছে প্ৰতিযোগিতা নহয়, সহযোগিতাহে সমাজৰ প্ৰগতিৰ মূল আধাৰ। এনে গীতে সামাজিক বিবেক (social conscience) নিৰ্মাণত বিশেষ অৰিহণা যোগায়।
মূলতঃ “No Time for Crying” গীতটো এটা সমাজ সবলীকৰণৰ গীত। ই সমাজ পৰিৱৰ্তন সাধন কৰিবলৈ আৰু উন্নত ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ শ্ৰোতাসকলক আহ্বান জনায়। আশা আৰু দৃঢ়তাৰ ভাৱ জগাই গীতটোৱে শ্ৰোতাক বিভিন্ন বাধা অতিক্ৰম কৰি অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।
সামৰণিত ক’ব পাৰি যে “No Time for Crying” গীতটো মানুহৰ সক্ৰিয় মনোবল আৰু সামাজিক সক্ৰিয়তাৰ আৱশ্যকতাৰ কথা কোৱা এক শক্তিশালী গীত। ইয়াৰ জৰুৰী আহ্বান, বাস্তৱক স্বীকৃতি, আৰু ঐক্য আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে গীতটোৱে প্ৰতিকূলতাৰ সন্মুখীন হৈ ইতিবাচক পৰিৱৰ্তনৰ বাবে প্ৰতিৰোধ সংগ্ৰামৰ এক সমবেত চিঞৰ হিচাপে অনুৰণন ঘটায়।

(৩)
এটি ঐক্য আৰু সম্প্ৰীতিৰ গীত

Why we can not live together
এইবাৰ আলোচনা কৰিবলৈ লৈছোঁ ঐতিহসিকভাৱে সমন্বয়ৰ প্ৰতীক স্বৰূপ এটি ৰাজনৈতিক গীত “Why we can not live together ” গীতটোৰ সম্পৰ্কত।
গীতটোৰ শিৰোনামটো এটা অতি গুৰুত্বপূৰ্ণ মৌলিক ৰাজনৈতিক প্ৰশ্ন। কিন্তু একে সময়তে সমাজৰ এটা অত্যন্ত মৌলিক চৰিত্ৰ— মানুহে অকলে জীয়াই থাকিব নোৱাৰে। তেন্তে কিয় এই প্ৰশ্ন !
গীতটোৰ প্ৰাসংগিকতা এইবাবেই৷

গীতটোৰ কথা‌
Why Can’t We Live Together
Song By Timmy Thomas
Songwriters: Timmy Thomas

Tell me why? Tell me why? Tell me why?
Umm, why can’t we live together?
Tell me why? Tell me why?
Umm, why can’t we live together?
Everybody wants to live together
Why can’t we live together?

No more wars, no more wars, no more war
Umm, just a little peace in this world

No more wars, no more war
All we want is some peace in this world

Everybody wants to live together
Why can’t we live together?

Can’t live, can’t live
Can’t live together
Can’t live together

No matter, no matter what color
Umm, you are still my brother

I said, “No matter, no matter what color
Umm, you are still my brother”
Everybody wants to live together
Why can’t we live together?

(ভিয়েটনাম যুদ্ধৰ video সহ গীতটো পাঠকে তলৰ ভিডিঅ’ত শুনিবলৈ পাব‌।)

টিমী থমাছ

গীতটোৰ শিল্পীৰ চমু পৰিচয়
গীতটোৰ স্ৰষ্টা হৈছে সংগীত শিল্পী টিমী থমাছ।
যি একেধাৰে R&B গায়ক, কীবৰ্ডিষ্ট আৰু ৰেকৰ্ড নিৰ্মাতা। প্ৰথম পৰ্য্যায়ত টিমী থমাছ সংগীতৰ জগতখনত এজন সহ-সংগীত শিল্পী আছিল। ১৯৪৪ চনৰ ১৩ নবেম্বৰত আমেৰিকাত জন্ম গ্ৰহণ কৰা টিমী থমাছে বহুত সংখ্যক গীতৰ সৃষ্টি নকৰিলেও তেওঁৰ কেইটামান উল্লেখযোগ্য গীত হৈছে— “Why we can not live together”, “People Are Changin”, “You’re the Song I’ve Always Wanted to Sing”। কেৱল “Why we can not live together” গীতটোৰ বাবেই টিমী থমাছ কিন্তু বিশ্বৰ সংগীত জগতত সদায় স্মৰণীয় হৈ থাকিব। এই গীতটো বিশ্বৰ বহু বিখ্যাত শিল্পীয়ে নিজৰ ধৰণেৰে সফলভাৱে ৰূপায়ণ কৰিছে।২০২২ চনৰ ১১ মাৰ্চত ৭৭ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ থমাছৰ মৃত্যু হয়।

গীতটোৰ জন্মৰ নেপথ্যৰ ঐতিহাসিক ভিত্তি
টিমি থমাছৰ বিখ্যাত সৃষ্টি “Why we can not live together” গীতটো ১৯৭২ চনত প্ৰথম আমেৰিকাত মুক্তি পায়। সেই সময়ত আমেৰিকাত তীব্ৰ বৰ্ণবাদী উত্তেজনা আৰু নাগৰিক অধিকাৰ সংগ্ৰামৰ অন্ত পৰিছেহে মাথোঁ, কিন্তু ভয়ংকৰ ৰূপত চলি আছে ভিয়েটনাম যুদ্ধ। এনে সময়তে এদিন ৰেডিঅ’ত ভিয়েটনাম যুদ্ধৰ নৃশংস হত্যা বিভীষিকাৰ খবৰ শুনি, মানসিক উত্তেজনাৰ তাগিদাত টিমি থমাছে এই গীতৰ জন্ম দিছিল। টিমি থমাছৰ নিজৰ ভাষাত গীতটোৰ জন্মৰ সোৱাদ লওকচোন-
“I said “WHAT?! You mean that many mothers’ children died today? In a war that we can’t come to the table and sit down and talk about this, without so many families losing their loved ones?” I said, “Why can’t we live together?” Bing! That light went off. And I started writing it then. “No more wars, we want peace in this world, and no matter what color, you’re still my brother.” And then after that, put it on this little tape, and went to WEBF, which was a local radio station. And they played local artists then… they played it, and the phones lit up. They said “Man, who is that?” And I did it as a one-man band! That was my foot playing bass, that was my left-hand playing guitar… Could never believe that as a one-man band, something like that would’ve been played that much. But I do believe that the world was ready to start changing a little bit. And that song made the change.”
উক্ত কথাখিনিৰ পৰা এইকথা স্পষ্ট হৈ পৰে যে গীতটোৰ জন্মৰ কাহিনী অতি স্বভাৱিক ৰূপত হৈছিল। সমাজ ৰাজনৈতিক বাস্তৱতা, মানৱীয় প্ৰমূল্যবোধ আদিৰ তাগিদাত গীতটোৰ উন্মেষ ঘটিছিল। সেইবাবেই আজিও দশক দশক ধৰি সমগ্ৰ বিশ্বতে গীতটোৱে লাখ লাখ শ্ৰোতাৰ মন জয় কৰি জগত সভাত প্ৰভাৱ বিস্তাৰ কৰি আছে।

(গীতটোৰ সম্পৰ্কত টিমী থমাছৰ এটি সাক্ষাৎকাৰ পাঠকে তলৰ ভিডিঅ’টোত চাব পাৰিব)

গীতটোৰ সাংগীতিক বৈশিষ্ট্য
এই গীতটো মূলতঃ ৰিডম্ এণ্ড ব্লুজ বা প্ৰতিবাদী দৰদী (R&B or soul) গীতৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি। গীতটোৰ সংগীতৰ স্বৰূপটো মুখ্যতঃ ৰিডম যুক্ত। গীতটোৰ সুৰটো এটা পুনৰাবৃত্তিমূলক (Repetitive) আৰু সম্মোহনীয় চেতনাশ্ৰোতৰ লয়ত ঘূৰি থাকে আৰু স্বতন্ত্ৰ ড্ৰাম আৰু হামণ্ড অৰ্গেনৰ (Hammond Organ) শব্দ (sound)ৰ দ্বাৰা আৰম্ভ হোৱা গীতটোৱে এক বিষাদময় পৰিৱেশৰ সৃষ্টি কৰি ঠিক পাছৰ পৰ্য্যায়ত স্বাভাৱিক গতিৰে প্ৰতিবাদৰ আৱাজো প্ৰতিধ্বনিত কৰে।
যি টিমি থমাছৰ অন্তস্পৰ্শী আৰু আৱেগিক কণ্ঠ গীতটোৰ সংগীতৰ এক কেন্দ্ৰীয় বৈশিষ্ট্য। তেওঁৰ আৱেগিক প্ৰক্ষেপণে গীতৰ কথাবোৰক প্ৰামাণিকতা আৰু গভীৰতাৰে ৰঞ্জিত কৰি শ্ৰোতাক গীতটোৰ আৱেগিক মূললৈ লৈ যায়। হামণ্ড অৰ্গেন গীতটোৰ প্ৰাথমিক বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। এই অৰ্গেনৰ ছাউণ্ড আৰু টিমি থমাছৰ কণ্ঠই গীতটোক এক আত্মাস্পৰ্শী ক্ষমতা প্ৰদান কৰাৰ লগতে গীতটোৱে জনমানসত সংগ্ৰামী পটভূমিৰ জন্ম দিছে।
গীতটোৱে এটা সৰল কৰ্ড প্ৰগ্ৰেছনৰ (chord progression) ওপৰত নিৰ্ভৰ কৰে যি সমগ্ৰ গীতটোত পুনৰাবৃত্তি হয়। এই চৰিত্ৰই গীতটোৰ বাৰ্তাক শক্তিশালী কৰে আৰু শ্ৰোতাৰ ওপৰত সম্মোহনীয় প্ৰভাৱ সৃষ্টি কৰে। এই পুনৰাবৃত্তিয়ে গীতটোৰ আৱেগিক প্ৰভাৱ বৃদ্ধি কৰে আৰু জনমানসত ঐক্যৰ আহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
গীতটোত অতি কম বাদ্যযন্ত্ৰ ব্যবহাৰ কৰা হৈছে। ন্যূনতম বাদ্যযন্ত্ৰৰ প্ৰয়োগৰ নেপথ্যত আছে গীতৰ মূল কথা অংশৰ আৱেদনক প্ৰাধান্য দিয়া। যাৰ ফলত হামণ্ড অৰ্গেন আৰু থমাছৰ কণ্ঠৰ যোগেদি সুৰাৰোপিত গীতটোত গীতৰ কথাৰ জৰুৰী বাৰ্তা আৰু আন্তৰিকতাই মুখ্য স্থান পায়।
গীতটোৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াৰ পুনৰাবৃত্তিমূলক গঠনৰ সত্ত্বেও, গীতটো আগবাঢ়ি যোৱাৰ লগে লগে ক্ৰমান্বয়ে তাৰ তীব্ৰতা বৃদ্ধি পাই শেষৰ ফালে এক শক্তিশালী ক্লাইমেক্সত শিখৰত উপনীত হয়। এই গতিশীল উঠা-নমা আৰু প্ৰবাহে গীতটোৰ আৱেগিক অনুৰণন বৃদ্ধি কৰে আৰু গীতটোৰ এই চৰিত্ৰই আৰম্ভণিৰ পৰা শেষলৈকে শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰি থাকে।
সামগ্ৰিকভাৱে ক’বলৈ গ’লে গীতটোৰ সংগীতৰ সৰলতা আৰু শ্ৰোতাৰ অন্তৰ স্পৰ্শ কৰিব পৰা আৱেগিক গভীৰতাই ইয়াৰ স্থায়ী আৱেদন আৰু প্ৰভাৱত তাৎপৰ্যপূৰ্ণ অৰিহণা যোগায়।
এই সাংগীতিক আধাৰতে বিশ্বৰ বহু শিল্পীয়ে গীতটোৰ সংগীত সজ্জাক বিভিন্ন যন্ত্ৰ সংগীতৰ প্ৰয়োগেৰে উন্নত কৰি গীতটোক এটা শক্তিশালী ৰূপত তুলি ধৰিছে।

গীতটোৰ সাংস্কৃতিক আৰু সমাজ-ৰাজনৈতিক তাৎপৰ্য
আমি ইতিমধ্যে গীতটোৰ জন্মৰ ঐতিহাসিক ভিত্তি আৰু প্ৰভাৱশালী সংগীতৰ কথা আলোচনা কৰিছোঁ। উক্ত আলোচনাৰ পৰা এইটো স্পষ্ট যে গীতটো গঢ় লৈ উঠা সাংগীতিক আৰু সমাজ-ৰাজনৈতিক ভেটিটো যথেষ্ঠ তাৎপৰ্যপূৰ্ণ তথা শক্তিশালী।
সেইবাবে গীতটোৰ এই প্ৰভাৱশালী সংগীত, সহজবোধ্য অথচ শক্তিশালী সমাজ-ৰাজনৈতিক কথাবোৰে হাজাৰজন সংবেদনশীল শ্ৰোতাৰ মনত অনুনাদিত হয়। বিশেষকৈ বৰ্ণ সমতা আৰু বিভিন্ন আৰ্থ-সামাজিক বৈষম্যৰ অন্ত পেলোৱাৰ পোষকতা কৰা শ্ৰোতাৰ মাজত। এটা সময়ত গীতটো বৈচিত্ৰময় সম্প্ৰদায় আৰু শ্ৰেণী জঞ্জালৰ মাজত আন্দোলিত সমাজৰ শান্তি আৰু বুজাবুজিৰ প্ৰসাৰ ঘটোৱা সামাজিক আন্দোলনৰ গীতত পৰিণত হোৱাৰ উপৰিও সমন্বয়ৰ প্ৰতীক হৈ পৰিল।
এনেকৈয়ে গীতটোৱে সামাজিক ঐক্য, বৰ্ণগত সম্প্ৰীতি আৰু সামাজিক ন্যায়ৰ বিষয়বস্তুৰ বাবে বিশেষ ৰাজনৈতিক তাৎপৰ্য লাভ কৰে।
গীতটোৰ সৰল কথা অথচ গভীৰ সাংগীতিক আৰু ৰাজনৈতিক তাৎপৰ্য বিশেষভাৱে মন কৰিবলগীয়া। ইয়াত নিহিত হৈ আছে সমাজৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চিন্তা আৰু আলোচনাক উত্তেজিত কৰাৰ ক্ষমতাৰ লগতে সহনশীলতা আৰু গ্ৰহণযোগ্যতাৰ পোষকতা কৰাত ইয়াৰ কালজয়ী প্ৰাসংগিকতা।
গীতটোৰ কথাৰ পুনৰাবৃত্তিমূলক প্ৰক্ষেপণ আৰু সুৰ-সংগীতৰ সামগ্ৰিক শক্তিশালী প্ৰভাৱে শ্ৰোতাক আকৰ্ষণ কৰাৰ লগতে সমাজৰ বিভাজনৰ বিষয়ে অস্বস্তিকৰ সত্যৰ সন্মুখীন হ’বলৈ বাধ্য কৰে একে সময়তে সমন্বয়ৰ বাৰ্তাৰে এক সম্মোহনীয় পৰিৱেশৰ জন্ম দিয়ে। সেইবাবেই মানৱতাৰ বধ্যভূমিত পৰিণত কৰা ভিয়েটনাম যুদ্ধৰ হত্যা যজ্ঞই জন্ম দিয়া গীতটোত ঐক্যৰ বাৰ্তা আৰু মানৱতাৰ আহ্বানে শ্ৰোতাৰ মনত গভীৰভাৱে অনুৰণন ঘটাই ইতিহাসৰ সেই উত্তাল সময়ছোৱাত শান্তি আৰু সহনশীলতাৰ গীত হিচাপে কাম কৰিছিল। আজিৰ ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মানৱতাৰ ধ্বংস যজ্ঞৰ মাজত গীতটোৰ গুৰুত্ব সমানেই প্ৰাসংগিক হৈ পৰিছে। সেইদৰে জাতি-জনগোষ্ঠীয় সমস্যা আৰু অৰ্থনৈতিক বৈষম্যৰ মাজত ককবকাই থকা তথা ফেচিষ্ট শাসকৰ চক্ৰান্তৰ চিকাৰ হোৱা অসমৰ সমাজ জীৱনৰ বাবেও এই গীতটোৱে বহন কৰা আশা আৰু ঐক্যৰ বাৰ্তা অতিকে প্ৰাসংগিক হৈ পৰিছে। গীতটো আলোচনাৰ বাবে নিৰ্বাচন কৰাৰ তাৎপৰ্যও এইখিনিতেই।

সামৰণি
আজি আমি যি তিনিটা গীতৰ বিষয়ে আলোচনা কৰিলোঁ প্ৰতিটো গীতেই একোটা বিশেষ ঐতিহাসিক ভূমিকা পালন কৰি আহিছে আৰু আজিও সমানেই একেবোৰ কাৰণতে গীতকেইটা অতি প্ৰাসংগিক।
এই গীতবোৰে মানৱতাৰ বধ্যভূমিত আমাক জীৱন যুঁজৰ পথ দেখুৱাই, আমাৰ মাজত শক্তিৰ সঞ্চাৰ কৰে আৰু আশাৰ বতৰা বিলায়। জীৱনাভূতি অৰ্থপূৰ্ণ কৰি তোলে। এই গীত সস্তীয়া মনোৰঞ্জনৰ বিপৰীতে সংগ্ৰামী জীৱনৰ মহৌষধ। এনে গীতে আমাক নতুনকৈ ভাবিবলৈ বাধ্য কৰে, জীৱনক বুজিবলৈ সহজ কৰে আৰু দায়িত্ব পালনৰ মাজেৰে জীৱনটো আনন্দেৰে উদযাপন কৰিবলৈ শিকায়। হয়তো এনেবোৰ গীতৰ সান্নিধ্যৰ অবিহনে আমাৰ জীৱন বহু অৰ্থপূৰ্ণ উপলব্ধিৰ বাহিৰতেই থাকি যাব!
সেইবাবেই আমি এই গীত শুনিম, আৰু এনে বহু গীতৰ সন্ধান কৰিম, সাধ্য অনুসৰি এনে নতুন গীতৰ সৃষ্টি প্ৰক্ৰিয়াটো অংশ গ্ৰহণ কৰিম, কিন্তু একে সময়তে আৱৰ্জনা সদৃশ ‘গীত’ৰ বিষ বাষ্প নিৰ্মূল কৰাৰ দায়িত্বও ল’ম। মূলতঃ আমি শ্ৰেণী মুক্তিৰ বাট এনেদৰেই সন্ধান কৰিম৷ সেই উদ্দেশ্য আগত ৰাখিয়েই ‘মুক্ত চিন্তা’ৰ এই শিতানৰ সহযাত্ৰী সতীৰ্থ হওঁ আহক৷

তথ্য-সূত্ৰ
1. Mavis Staples Delivers a Message of Protest and Hope on New Album
By David Chiu, Contributor
2. Mavis Staples Addresses The World With Poignant Protest Songs On Stage At Pitchfork
By. Jim Ryan
3. Mavis Staples Confronts Trump’s America on ‘If All I Was Was Black’ (Listen)।
By Jem Aswad
4. Timmy Thomas, R&B Singer Behind ‘Why Can’t We Live Together,’ Dead of Cancer at 77
By Daniela Avila Published on March 18, 2022 05:55PM EDT
5. Timmy Thomas, 77, Dies; Singer’s Big Hit Was an Antiwar Anthem
By Richard Sandomir, New York Times
6. Discourse Analysis of a Song Lyric Entitled “We Will Not Go Down”
Faizal Risdianto
7. How music works,by John Powell
8. Wikipedia
9. YouTube

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *