বিধ্বস্ত পৰিয়াল, নিঃস্ব সামাজিক জীৱন আৰু শিক্ষাৰ পোহৰ নোপোৱা এজাক শিশুৰ ভৱিষ্যৎ

- প্রতীক্ষা দাস

বৰ্তমান যুগত শিক্ষাৰ চাহিদা বাঢ়িছে। আজিৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানটোক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ দায়িত্বৰ ক্ষেত্রত যথেষ্ট সজাগ হোৱাটো পৰিলক্ষিত হয়। এটা কথা মানি ল’বই লাগিব যে ধনীয়েই হওক বা মধ্যবিত্ত পৰিয়ালেই হওক, আজিৰ মাক-দেউতাকে নিজৰ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত যাতে কোনো ত্রুটি নৰয়, তাক লৈ সদা-সচেতন। চৰকাৰেও এই ক্ষেত্রত যথেষ্ট গুৰুত্ব দি ভিন ভিন আঁচনি প্রয়োগ কৰি শিক্ষানুষ্ঠানসমূহ উন্নত আৰু আধুনিক কৰি ল'ৰা-ছোৱালীৰ কাৰণে উপযুক্ত শিক্ষাব্যৱস্থা গঢ়ি তুলিছে। তাৰোপৰি, ব্যক্তিগতভাৱে গঢ় লৈ উঠা বিদ্যালয়সমূহেও এই ক্ষেত্রত যথেষ্ট হাত উজান দি শিক্ষাৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা চলাই গৈ আছে -এই কথা অকপটে স্বীকাৰ কৰি ল’বই লাগিব।

মুঠতে, দেশৰ ভৱিষ্যৎ প্রজন্মটোক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিবলৈ যিখিনি সময়ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰ দোপত দোপে আগ বাঢ়ি গৈ আছে, সেইখিনি সময়তে আকৌ সমাজৰ ধনী আৰু মধ্যবিত্ত শ্রেণীটোৰ মাজত এখন প্রতিযোগিতাৰ সূত্রপাত হৈছে আৰু এইক্ষেত্রত ক্রমান্বয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ জয়লাভ নিশ্চিত হৈছে। যিয়েই নহওক, এই ক্ষেত্রত ইতিবাচক/নেতিবাচক সমাজৰ যি অলপ-অচৰপ লাভ হৈছে, সেয়া এই আলোচনাৰ বিষয়বস্তু নহয়। আলোচনাৰ বিষয়বস্তু হিচাপে ইয়াত মই এক সামাজিক জীৱনৰ প্রতিনিধিত্ব কৰা এচাম শিশুক উপস্থাপন কৰিব বিচাৰিছো, যিসকল শিশুক না চৰকাৰী কোনোবা সৰ্বশিক্ষাৰ কোটিটকীয়া আঁচনিয়ে চুব পাৰিছে, না ব্যক্তিগত কোনোবা অভিজাত শিক্ষাই চুই পাৰিছে।

সময় আগ বঢ়াৰ লগে লগে কৃষিজীৱী মুছলমান সমাজত পৰিবৰ্তনে দেখা দিছে। এটা সময়ত কৃষি মাটি যথেষ্ট পৰিমাণে থকা বাবে গাঁৱৰ মানুহে গাঁৱতে থাকি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিছিল। প্রতিজন মানুহ বা প্রতিটো পৰিয়ালৰ বাবে সেই সময়ত কৃষি মাটি যথেষ্ট থাকিলেও এতিয়া সেই অৱস্থা নাই। জনসংখ্যা বৃদ্ধিৰ প্রভাৱত প্রতিটো পৰিয়ালৰ ভাগত থকা সীমিত মাটি ভাগ ভাগ হৈ অৱশেষত ঘৰ এটা সাজি থকাৰ মাটিকণো কিছুমানৰ বাবে নোহোৱা হৈছে। তদুপৰি, নদীপৰীয়া কৃষি মাটি নদীৰ গৰাখহনীয়াৰ কবলত পৰি অসংখ্য মানুহ বছৰে বছৰে কৃষি মাটি হেৰুৱাই জীৱিকাৰ তাড়নাত দিন মজুৰি কৰি জীয়াই থাকিবলৈ অসমৰ বিভিন্ন নগৰ-চহৰলৈ ঢাপলি মেলা দেখা গৈছে। নিজৰ গৃহিণী আৰু ল'ৰা-ছোৱালীখিনিও তেঁওলোকে লগত লৈ ফুৰিবলগা হয় আৰু য’তেই পায় ত’তেই কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰি লয় বা কেতিয়াবা অনাহাৰেও থাকিবলগা হয়। মুছলমান সমাজৰ এই সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। এই দুখীয়া, বিধ্বস্ত পৰিয়ালবোৰৰ নিজৰ ল'ৰা-ছোৱালীক লিখা-পঢ়া শিকাই মানুহ কৰিবলৈ সামৰ্থ নাই বা এইবোৰ কথা চিন্তা-চৰ্চা কৰিবলৈ তেঁওলোকে সময়কণো উলিয়াবলৈ অক্ষম। অৱশ্যে, অকল মুছলমান সমাজ বুলিয়েই নহয়, নগৰ-চহৰত এওঁলোকৰ এটা বিশেষ শ্রেণী হৈ গৈছে। তেওঁলোকৰ কোনো ধৰ্ম-কৰ্ম বা শিক্ষা-দীক্ষা নাই। তেওঁলোকে চৰ-অঞ্চলৰ চুকে-কোণে বা চহৰৰ উপকণ্ঠৰ কোনোবা লেতেৰা বস্তিত বাস কৰিবলৈ লৈছে। এওঁলোকৰ ল'ৰা-ছোৱালীয়ে নলা-নৰ্দমাত জমা হোৱা আবৰ্জনা খুঁচৰি,ভগা প্লাষ্টিকৰ বটল সংগ্রহ কৰি থকা দেখা যায়। তেওঁলোকে নাজানে, বিনা খৰচত মাদ্রাছাত পঢ়াৰ কথা নতুবা চৰকাৰৰ সৰ্বশিক্ষা আঁচনিৰ কথা। লিখা-পঢ়া শিকি কিবা লাভ হ’ব বুলি ভবাতকৈ দুটকা কেনেকৈ অৰ্জন কৰি লাভৱান হ’ব পাৰিব তেওঁলোকক সেয়াই শিকোৱা হয়।

এতিয়া কথা হ'ল - এইসকল লেতেৰা, বস্তিয়ে বস্তিয়ে আবৰ্জনা খুঁচৰি ফুৰা ল’ৰা-ছোৱালীৰ লিখা-পঢ়াৰ দায়িত্ব ল’ব কোনে? নিশ্চয়কৈ এই নিঃস্ব মানুহখিনিয়ে নিজাভাৱে এইবোৰ চিন্তা-ভাবনা কেতিয়াও কৰিব নোৱাৰে। তেতিয়াহ'লে, এই বিষয়ে চিন্তা-চৰ্চা কৰি উপযুক্ত, সঠিক ব্যৱস্থা গ্রহণ চৰকাৰেই কৰিব লাগিব। তাৰোপৰি, এই ক্ষেত্রত ল'ৰা-ছোৱালীবোৰৰ মাজত শৈক্ষিক পৰিবেশ এটা গঢ়ি তুলিবলৈ চৰকাৰৰ লগতে সমাজৰ সকলো মানুহৰে দায়-দায়িত্ব আছে বুলি ভাবো। যিসকল মানুহে সমাজৰ বিষয়ে চিন্তা-চৰ্চা কৰে, তেওঁলোকে চৰকাৰৰ প্রতিটো আঁচনি ৰূপায়ণত পূৰ্ণ সহযোগ আগ বঢ়োৱা উচিত। কাৰণ, এই ক্ষেত্রত হোৱা গাফিলতিৰ কথা আমি সকলোৱে দেখি-শুনিয়ে আছো। নানা প্রতিকূল অৱস্থাৰ মাজত চৰ অঞ্চলৰ কিছুমান মানুহ শিক্ষিত হৈ উঠিছে। এই শিক্ষিতচামৰ এটা অংশই চাকৰি কৰি নগৰ-চহৰত বাস কৰিবলৈ লৈছে। তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে শিক্ষাৰ পোহৰ পাইছে। কিন্তু, তেওঁলোকৰ গধুৰ দায়িত্ব আৰু ত্যাগৰ প্রয়োজন আছে। পিছ পৰি থকা এইসকল ল'ৰা-ছোৱালীক তথা সমাজখনক কেনেকৈ পঢ়া-শুনাৰ ক্ষেত্রখনলৈ আগ বঢ়াই লৈ যাব পৰা যায়, এই বিষয়ে চিন্তা-চৰ্চা কৰি পূৰ্ণ অংশগ্রহণ কৰাৰ সময় আহিছে। ধনী/মধ্যবিত্ত, ইংৰাজী/অসমীয়া, চৰকাৰী/বেচৰকাৰী শিক্ষাখণ্ডৰ মাজত হৈ থকা তুমুল প্রতিদ্বন্দ্বিতাখন চাই শান্তি লাভ কৰাটো আমাৰ কাম্য হোৱা উচিত নহয়। পিছ পৰি থকা সমাজখনক তথা ল'ৰা-ছোৱালীবোৰক কেনেকৈ জ্ঞানৰ পথেৰে আগ বঢ়াই লৈ যাব পাৰি তাৰ চিন্তা-চৰ্চাত মনোযোগ দিয়া উচিত। সমাজৰ বৌদ্ধিক পৰিবৰ্তন এনেকৈয়েহে সম্ভৱ। নহ’লে আমাৰ অজ্ঞাতে এক বুজনসংখ্যক শিশুৰ ভৱিষ্যৎ ইতিহাসৰ পাতত বুৰ যাব আৰু আমি এনেকৈয়ে ধনী-মধ্যবিত্তৰ যুঁজখন চায়ে শান্তি লভিব লাগিব!

Share Button
Print Friendly, PDF & Email

No Comments : "বিধ্বস্ত পৰিয়াল, নিঃস্ব সামাজিক জীৱন আৰু শিক্ষাৰ পোহৰ নোপোৱা এজাক শিশুৰ ভৱিষ্যৎ"

Leave a Comment

Your email address will not be published. Required fields are marked *