আকৌ এবাৰ ‘এন্দুৰ’ পঢ়ি, আকৌ এবাৰ ‘কোলাহল’ চাই - ( ডঃ ৰত্নোত্তমা দাস বিক্ৰম)

এক/ বকলা

ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ ‘কোলাহল’ চোৱা দৰ্শকবৃন্দক দুটা ভাগত ভগাই পেলাব পৰা যায়। এভাগত সেইসকল, যিসকলে ভবেন্দ্ৰনাথ শইকীয়াৰ ‘এন্দুৰ’ গল্পটো পঢ়িছে আৰু তাৰ পাছত চলচ্চিত্ৰখন চাইছে। অৰ্থাৎ, চলচ্চিত্ৰখন চাই থাকোঁতে এইসকল দৰ্শকে ইতিমধ্যেই গল্পটোৰ লগত ভালদৰেই পৰিচিত। আৰু আনটো ভাগত সেইসকল, যিসকলে গল্পটোৰ কথা জানিলেও বা গল্পটোৰ বিষয়ে শুনিলেও গল্পটো পঢ়া নাই। ‘এন্দুৰ’ গল্পটোৱেই হৈছে ‘কোলাহল’ চলচ্চিত্ৰখনৰ কাহিনীভাগৰ আধাৰ।

‘এন্দুৰ’ৰ ৰচনাকাল ১৯৬৯চন। প্ৰথমতে গল্পটো লয়াৰ্ছ বুক ষ্টলে ১৯৭১ চনত প্ৰকাশ কৰা সেন্দূৰ গল্প সংকলনটোত অন্তৰ্ভুক্ত আছিল। পাছলৈ গল্পটো হৃদয়ানন্দ গগৈৰ সম্পাদনাত ১৯৯৮ চনত জ্যোতি প্ৰকাশনে প্ৰকাশ কৰাগল্প আৰু শিল্প (ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ চাৰিটা দশকৰ শ্ৰেষ্ঠ গল্প) সংকলনটোত অন্তৰ্ভুক্ত হৈছে। গল্পটোৰ ৰচনাৰ কুৰি বছৰৰ পাছত, ১৯৮৯ চনত মুক্তি লাভ কৰিছিল ‘কোলাহল’ চলচ্চিত্ৰখনে। ৰাজ্যিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰজত কমল বঁটাপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনীৰ উপৰিও প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্য, সংলাপ সকলোখিনিয়েই আছিল ভবেন্দ্ৰনাথ শইকীয়াৰ।

আমি সেইভাগ দৰ্শকৰ ভিতৰত পৰোঁ, যিসকলে ‘কোলাহল’ কথাছবিখন চোৱাৰ আগতে ‘এন্দুৰ’ গল্পটো পঢ়িছে। চলচ্চিত্ৰখন চোৱাৰ বহুদিনৰ আগতেই ‘এন্দুৰ’ গল্পটো পঢ়া এগৰাকী সাধাৰণ কলামোদী দৰ্শক হিচাপে চলচ্চিত্ৰখনত আলোকপাত কৰাৰ প্ৰয়াস কৰা হওক। এই প্ৰয়াস কৰিবলৈ যাওঁতে দুটা কাম কৰিলোঁ বা কৰিবলগীয়া হ’ল। এটা হৈছে, ‘কোলাহল’ আকৌ এবাৰ (কেইবাৰমান) চোৱা, আৰু ‘এন্দুৰ’ আকৌ এবাৰ (কেইবাৰমান) পঢ়া। ‘এন্দুৰ’ৰ পুনৰপঠন কষ্টসাধ্য নাছিল। কাৰণ, পাঠটো মোৰ হাততে পোৱাতে আছিল। কিন্তু চলচ্চিত্ৰখন আকৌ এবাৰ চাবলৈ গৈ হ’ল এক অন্য অভিজ্ঞতা। এই অভিজ্ঞতাই ভবাই তুলিলে আৰু সেই ভাববোৰৰ আলমত ক’বলগীয়া কিছু কথা প্ৰাসংগিক যেন বোধ হ’ল। আকৌ এবাৰ (কেইবাৰমান) ‘এন্দুৰ’ পঢ়ি আৰু আকৌ এবাৰ (কেইবাৰমান) ‘কোলাহল’ চাই কি পালোঁ, কি ভাবিলোঁ লিখাৰ আগতে ক’ব (লিখিব) বিচাৰিছোঁ প্ৰাসংগিক কথাখিনি।

দুই/ প্ৰাসংগিক কথাখিনি

বোধকৰোঁ প্ৰথমবাৰ ‘কোলাহল’ চাইছিলোঁ দূৰদৰ্শনৰ পৰ্দাত। ভালদৰে মনত নাই। কিয় মনত নাই সেইটোও সঠিককৈ ক’ব নোৱাৰোঁ। কিজানি সেই সময়ৰ সঘন বিদ্যুৎ কৰ্তনৰ কাৰণে চিনেমাখন সম্পূৰ্ণকৈ চাব পৰা নাছিলোঁ। কিজানি অন্তৰীপ আধাৰিত অগ্নিস্নানে মনত বেছিকৈ ৰেখাপাত কৰি ৰাখিছিল কাৰণে। কিন্তু, যি কাৰণতে নহওক কিয়, পাছলৈ ‘এন্দুৰ’ গল্পটোৰ তীব্ৰ মানৱীয় তথা জৈৱিক আৱেদনৰ প্ৰকাশত মুগ্ধ হৈয়েই চিনেমাখন চাবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু সহজে উপলব্ধ নাছিল কাৰণেই চোৱাটো হৈ উঠা নাছিল। কেইবাবছৰৰো পাছত এদিন ‘প্ৰান্তিক’ৰ পাতৰ একোণত এটা বিজ্ঞাপন পালোঁ। ভবেন্দ্ৰনাথ শইকীয়াৰ পাঁচখন চলচ্চিত্ৰ একলগে পাব (চাব) বিচাৰিলে যোগাযোগ কৰিব পৰাকৈ এটা ফোন নম্বৰ বিজ্ঞাপনটোত দিয়া আছিল। ফোন নাম্বাৰটো আছিল লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ (বৰ্তমান গুৱাহাটীবাসী) অনুপম হাজৰিকাৰ। তেখেতে ভবেন্দ্ৰনাথ শইকীয়াৰ পাঁচখন চলচ্চিত্ৰৰ পাঁচখন ডিভিডি একেলগে দুহেজাৰ টকাত পোৱাৰ ব্যৱস্থা কৰিছে। লগে লগেই তেখেতক যোগাযোগ কৰিলোঁ। কথা পাতিলোঁ। ক’লো, চিনেমাকেইখন মোকো লাগে। তেখেতে ক’লে, হ’ব। আৰু এই টেলিফ’নিক বাৰ্তালাপৰ কিছুদিনৰ পাছতেই ডাকযোগে মোৰ হাতত আহি পৰিলহি ‘Retrospective of Dr. Bhabendranath Saikia’ নামৰ ডিভিডিৰ পেকেটটো। ভিতৰত ভবেন্দ্ৰনাথ শইকীয়াৰ পাঁচখন চলচ্চিত্ৰ : ‘সন্ধ্যাৰাগ’, ‘অনিৰ্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, আৰু ‘আৱৰ্তন’। আটাইতকৈ আচৰিত কথা, অচিনাকি মানুহজনে কোনো ধন, আগধন নোলোৱাকৈয়ে পাছত একাউন্টত ভৰাই দিয়াৰ মৌখিক কথাতে ডিভিডিকেইখন মোলৈ পঠিয়াই দিছিল। অসমীয়া চলচ্চিত্ৰৰ আলোচনাত অনুপম হাজৰিকাৰ দৰে এনে চলচ্চিত্ৰানুৰাগীৰ এনে প্ৰশংসাধন্য ব্যক্তিগত প্ৰচেষ্টাক স্থান দিয়াটো প্ৰয়োজনীয় আৰু প্ৰাসংগিক বুলি বিশ্বাস কৰোঁ।

এই কথাৰো কেইবাবছৰো পাৰ হৈ গ’ল। তাৰ পাছত এই লেখাটোৰ প্ৰয়োজনত আকৌ এবাৰ (কেইবাৰমান) ‘এন্দুৰ’ পঢ়াৰ আৰু আকৌ এবাৰ (কেইবাৰমান) ‘কোলাহল’ চোৱাৰ প্ৰয়োজন আহি পৰিল। ইতিমধ্যে উল্লেখ কৰিছোঁৱেই, হাততে পোৱাতে থকা কাৰণে ‘এন্দুৰ’ৰ পুনৰপঠনত কোনো অসুবিধা নহ’ল। কিন্তু, চিনেমাখন চাবলৈ লৈ পুৰণি ডিভিডিখন উলিয়াই লৈ বিপাঙত পৰিলোঁ। সেইখন নচলে। নতুন লেপটপত চিডি বা ডিভিডি চলাব পৰা ‘চিডি ড্ৰাইভ’ নায়েই। ‘এক্সটাৰ্নেল ড্ৰাইভ’ সংযোগ কৰি চেষ্টা কৰি চালোঁ। পুৰণি লেপটপটো, য’ত ‘চিডি ড্ৰাইভ’ আছে, উলিয়াই লগাই চালোঁ। আৰু হঠাতে কিবা ভাবি য়ুটিউবত বিচাৰি চাই পাই গ’লোঁ সম্পূৰ্ণ দৈৰ্ঘ্যৰ ‘কোলাহল’। অৱশেষত য়ুটিউবতে চাই পেলালোঁ সম্পূৰ্ণ চলচ্চিত্ৰখন। য়ুটিউবত ছবিৰ শব্দ, পোহৰ আদিৰ মান সঠিক নহ’লেও আগতে চোৱা চিনেমাখন আকৌ এবাৰ চোৱাত কোনো অসুবিধা নহ’ল। য়ুটিউবত দিয়া তাৰিখ অনুসৰি চলচ্চিত্ৰখন Highletix HDএ ২১ নৱেম্বৰ, ২০১৬ত আপল’ড কৰিছে। এই বিষয়ে মোৰ ইয়াতকৈ অধিক জ্ঞাত নহয়। কিন্তু, কেইবাটাও প্ৰাসংগিক কথা লগে লগেই মনলৈ আহিল। সন্দেহ নাই, য়ুটিউবত উপলব্ধ হোৱা বাবেই চলচ্চিত্ৰখন বিশ্বৰ যিকোনো কোণতে চাব পৰা হৈছে। ভাল কথা হৈছে। কিন্তু এনেদৰে ইণ্টাৰনেটত দি দিয়াৰ ক্ষেত্ৰত স্বত্বাধিকাৰৰ কথাটো নাহে নে? যদি আহে, সেয়া সঠিককৈ কৰা হৈছিল নে? এনে কথাবোৰ সচেতন দৰ্শক হিচাপে আমি কেনেকৈ জানিব পাৰিম? এইক্ষেত্ৰত মোৰ অজ্ঞতা অপাৰ। কিন্তু জানিব খোজোঁ। ব্যক্তিগতভাৱে আমি আটাইবোৰ ভাল ভাল অসমীয়া সাহিত্য সম্ভাৰ আৰু কথাছবি ইণ্টাৰনেটত উপলব্ধ হোৱাৰ পক্ষত। প্ৰয়োজনসাপেক্ষে ইয়াৰ বাবে উপযুক্ত মূল্য নিৰ্দিষ্ট কৰাটোৰো বা কিনাৰ ব্যৱস্থা থকাটোৰো আমি বিৰোধী নহয়। কিন্তু, সাহিত্যকৰ্ম একোটা বা শিল্পকৰ্ম একোটা সকলোৰে বাবে উপলব্ধ হওঁতে copyright, quality (বিশেষকৈ চলচ্চিত্ৰৰ ক্ষেত্ৰত) আৰু authenticity – এই তিনিটা কথাত গুৰুত্ব দিয়াটোত গুৰুত্ৱ দিওঁ।

তিনি/ পৃষ্ঠাৰপৰা পৰ্দালৈ: ‘এন্দুৰ’ৰপৰা ‘কোলাহল’ৰ নিৰ্মাণ

যেতিয়া কোনো গল্প বা উপন্যাসৰ আধাৰত চলচ্চিত্ৰ এখন নিৰ্মাণ কৰা হয়, তেতিয়া চলচ্চিত্ৰখন এখন চলচ্চিত্ৰ কৰি নিৰ্মাণ কৰাৰ খাতিৰতে মূল কাহিনীৰ কম-বেছি পৰিমাণে সালসলনি সদায়েই কৰা হয়। কেতিয়াবা এই সালসলনিত সংযোজন আৰু কেতিয়াবা সংকোচন বা সম্প্ৰসাৰণ পৰিলক্ষিত হয়। কেতিয়াবা আকৌ মূলত নথকা সম্পূৰ্ণ নতুন কাহিনী আৰু নতুন চৰিত্ৰৰ প্ৰক্ষেপো কৰা দেখা যায়। ‘এন্দুৰ’ গল্পটোৰ আধাৰত ‘কোলাহল’ৰ নিৰ্মিতিৰ ক্ষেত্ৰত সংযোজন আৰু প্ৰক্ষেপ অধিক। বিশেষ কোনো উপকাহিনী (sub-plot) নথকা সৰল আৰু পোনপটীয়া চুটিগল্প ‘এন্দুৰ’ৰ আধাৰত এঘণ্টা পঞ্চাশ মিনিটৰ পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি এখন নিৰ্মাণ কৰিবলৈ যাওঁতে নতুন উপকাহিনী আৰু চৰিত্ৰৰ সংযোজন ঘটোৱাটোৱেই স্বাভাৱিক। অৱশ্যে ‘কোলাহল’ত নতুন উপকাহিনীৰ সংযোজন ঘটোৱা বুলি ক’ব নোৱাৰি। বৰঞ্চ মূল গল্পটোৰ মূল কাহিনীটোৰে আংশিক বিকাশ ঘটাই উপন্যাসৰ পূ্ৰ্ণতাৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে। যাৰ ফলত চলচ্চিত্ৰখনৰ কাহিনীটোৱেও পূৰ্ণতা পাইছে। কাৰণ, অকস্মাৎ পৰিসমাপ্তি বা অসমাপ্তি চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য। এই বৈশিষ্ট্যই চুটিগল্পক সুষমাময় কৰি তোলে। কিন্তু উপন্যাস, নাটক আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত এই কথা বৰকৈ নাখাটে। আকৌ, চুটিগল্পত কাহিনীৰ একোটা অংশ অতি সাধাৰণভাৱে চমুৱাই থৈ দিব পাৰি। বাকীবোৰত নোৱাৰি। চুটিগল্পত অনেক প্ৰশ্ন উত্তৰ নোহোৱাকৈয়ে ৰৈ যোৱাটোতে আমোদ। কিন্তু বাকীবোৰত উত্তৰ বিচাৰি বিচাৰি কাহিনীটোৱে এটা পূৰ্ণবৃত্ত সম্পূৰ্ণ কৰেগৈ। উদাহৰণস্বৰূপে, ‘এন্দুৰ’ গল্পটোত মতিৰ দেউতাকৰ বিষয়ে দুটা মাত্ৰ বাক্যতে শেষ কৰি থৈছে এইদৰে - ‘মানুহটো বদমাচ আছিল। মতিৰ জন্মৰ আগতে সি কানিৰ বেপাৰৰ পম খেদি ক’ৰবালৈ গ’লগৈ।’ (‘এন্দুৰ’) কিন্তু ‘কোলাহল’ চলচ্চিত্ৰখনত মতিৰ দেউতাকে কাহিনীটোৰ ভালেখিনি ঠাই আৰু পৰ্দাৰ দুটা দৃশ্য অধিকাৰ কৰি আছে। মতিৰ দেউতাকক চিনেমাৰ পৰ্দাত দুটা ভিন্ন সময়ৰ দুটা দৃশ্যত মতিৰ মাক কিৰণৰ লগত দেখা যায়। প্ৰথমটো দৃশ্যত মতিকো একেটা ফ্ৰে’মত দেখা যায়। মতিৰ দেউতাকে তাক ‘মতি, তই অলপ বাহিৰত খেলগৈ যাচোন’ বুলি পঠিয়াই দিয়ে। কেৱল মতিৰ মাকৰ চৰিত্ৰটোৰ সৈতেহে তেওঁৰ সংলাপ দেখুউৱা হয়। দ্বিতীয় দৃশ্যটোও মতিৰ মাকৰ স্মৃতি ৰোমন্থনৰ মাজেৰে দেখুউৱা চুটি দৃশ্য। কিন্তু এই দুটা দৃশ্যৰ মাজেৰেই তেওঁলোকৰ সংসাৰ আৰু সম্পৰ্কৰ পূৰ্ণ ছবি এখন দেখা পোৱা যায়। গল্পটোৰ দৰে মতিৰ জন্মৰ আগতেই মতিৰ দেউতাক মতি আৰু তাৰ মাকৰ জীৱনৰপৰা অন্তৰ্ধান নহয়। পাছলৈ গোটেই চলচ্চিত্ৰখনত তৃতীয়বাৰলৈ মতিৰ দেউতাক আৰু নোলায় যদিও মতিৰ দেউতাকৰ কাহিনীটোৰ এটা পূৰ্ণবৃত্তীয় পৰিসমাপ্তি দেখুউৱা হয়। ঘৰলৈ উভতি নহা মতিক বিচাৰি চুবুৰীয়া ‘মাষ্টৰ খুৰা’ই মজফৰপুৰলৈ গৈ তাৰ ভণ্ডামিৰ খবৰ গোটাই অনাৰ মাধ্যমেৰে মতিৰ দেউতাকৰ বিষয়ে কাহিনী সম্পূৰ্ণ কৰা হয়।

উল্লেখযোগ্য যে মূল গল্পটোত কেন্দ্ৰীয় চৰিত্ৰ কেৱল মতিৰ মাক আৰু কিছু পৰিমাণে মতিৰ মৃত্যুৰ কাৰণ হোৱা ট্ৰাকখনৰ হেণ্ডিমেনজন। বাকী কোনো এটা চৰিত্ৰৰে বিশেষ কাৰ্য বা ভূমিকা গল্পটোত নাই। কিন্তু কথাছবিখনত কাহিনীটো আগ বঢ়াই নিয়াৰ খাতিৰতে কেইবাটাও চৰিত্ৰই পৰ্দাত অনেক স্থান আৰু সময় আগুৰি থকা দেখা যায়। উদাহৰণস্বৰূপে, মাষ্টৰৰ চৰিত্ৰটো মূল গল্পটোত নায়েই। কিন্তু চলচ্চিত্ৰখনত মাষ্টৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ। মতিৰ মাকক চকু দিয়া ভোলাৰ চৰিত্ৰটোও মূলত নথকা চৰিত্ৰ। একেদৰে, ভোলাই নিঠৰুৱা মতিৰ মাকক সহায় কৰিবলৈ গুদামত চাউল জৰা কাম গোটাই দিছিল। পৰিণতিত গুদামৰ বাবু, বাবুৰ সহায়কাৰী, চাউল জৰা তিৰোতাবোৰৰো কাহিনীত আবিৰ্ভাৱ হয়। ট্ৰাকৰ জাম লগা আৰু ড্ৰাইভাৰ-হেণ্ডিমেনৰ কাজিয়া লগাৰ সূত্ৰ দেখুবাৱলৈ কাহিনী বহলাই পেলোৱা হৈছে আৰু চৰিত্ৰৰো সমাৱেশ ঘটিছে। মতিৰ মৃত্যু ঘটোৱা ট্ৰাকখনৰ ড্ৰাইভাৰৰ নাম দুলাল বুলি কোৱা হৈছে। ট্ৰাকখনৰ মালিককো এটা দৃশ্যত দেখা গৈছে। এইবোৰ মূল কাহিনীত নথকা কথা।

কথাছবিখনৰ কাহিনী বহলোৱাৰ লগে লগে স্বাভৱিকতে অধিক চৰিত্ৰৰো আগমন ঘটোৱাৰ উপৰিও চলচ্চিত্ৰখনত বহুতো চৰিত্ৰৰ নামকৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ‘এন্দুৰ’ গল্পটোত কেৱল মতিৰ নামৰহে উল্লেখ আছে। আৰু মাত্ৰ এটা বাক্যত ‘আনাড়ী’ ৰিক্সাৱালাৰ কথা উল্লেখ পোৱা যায়। বাকী চৰিত্ৰবোৰৰ নামৰ উল্লেখ নাই। মতিৰ মাকক ‘মতিৰ মাক’ বুলিয়েই কোৱা হৈছে। কোনো নামৰ উল্লেখ কৰা হোৱা নাই। কাৰণ, গল্পটোত তাৰ প্ৰয়োজনো অনুভূত হোৱা দেখা নাযায়। কিন্তু ‘কোলাহল’ত মতিৰ মাকৰ নাম দিয়া হৈছে কিৰণ। মতিৰ দেউতাকৰ দেউতাকৰ নাম বিনোদ পাটোৱাৰী। চলচ্চিত্ৰখনৰ অন্যতম চৰিত্ৰ হৈ পৰা হেণ্ডিমেনৰ নাম বাদল। মুড়ি-পিয়াজ-মদ বেচা তিৰোতাগৰাকী ইন্দু দিদি। ড্ৰাইভাৰ দুলাল। মতিৰ লগবোৰৰো ভেলু, গুডু, লাটু এই নামকেইটা পোৱা যায়। চিত্ৰনাট্যত সংলাপৰ সুবিধাৰ কাৰণেই এনেধৰণে চৰিত্ৰৰ নামকৰণৰ প্ৰয়োজনীয়তাও আহি পৰে।

চাৰি/ চকুত পৰা কেইটামান কথা

‘এন্দুৰ’ গল্পটোৰ পটভূমি কোনোবা এখন নগৰৰ কোনোবা এটা গলি। গলিটোত আছে কিছুমান জুপুৰি ঘৰ। ‘…ঘৰবোৰত ল’ৰা-ছোৱালী লৈ কিছুমান তিৰোতা মানুহ থাকে। বাসিন্দা হিচাপে ইয়াত মতা মানুহ নাথাকেই।’ আকৌ, সেই তিৰোতাবোৰৰ ভিতৰত, ‘মতিৰ মাকৰ নিচিনা দুই-এজনীৰ বাহিৰে বাকীবোৰ তিৰোতা মানুহ বুঢ়ী; সিহঁতৰ দুজনীমান ৰাতিপুৱাই ভিক্ষা কৰিবলৈ ওলাই যায়, দুজনীয়ে ওচৰৰ হোটেলবোৰত চাউল জাৰি, মছলা পিচি দিয়ে; এজনীয়ে ড্ৰাইভাৰ হেণ্ডিমেনক নিমখ-তেল-পিয়াজ-কেঁচা জলকীয়া সানি মুৰিৰ যোগান ধৰে - ইত্যাদি।’ কিন্তু গল্পটো পঢ়ি থাকোঁতে মতিৰ মাকহঁত থকা গলিটোৰ এই বস্তিটো অসমতে আছে নে আন ক’ৰবাতে আছে সেই কথা বৰকৈ মনলৈ নাহে। কিন্তু গৱেষক-সমালোচকৰ দৃষ্টিৰে খুঁটিয়াই খুঁটিয়াই আকৌ এবাৰ (কেইবাৰমান) ‘এন্দুৰ’ পঢ়িলে আৰু আকৌ এবাৰ (কেইবাৰমান) ‘কোলাহল’ চালে চকুত পৰে এই কথা, আচলতে কাহিনীটোৰ পটভূমি ক’ৰ বা ক’ত? চলচ্চিত্ৰখনৰ আৰম্ভণিতে স্পষ্টকৈ পৰ্দাত লিখি দিয়া হৈছে - ‘এই চলচ্চিত্ৰখন অসমীয়া ভাষাৰে, অসমৰ পটভূমিত নিৰ্মাণ কৰা হৈছে; কিন্তু ইয়াৰ কাহিনী আৰু চৰিত্ৰসমূহ অন্য ঠাইৰ, - বহু ঠাইৰ।’ (This film has been made in Assam in the Assamese language, but its theme and the characters belong elsewhere - to many places.’) চিনেমাখন চাই থাকোঁতে বা চাই উঠি প্ৰশ্ন হয়, ক’ত সেই ‘অন্য ঠাই’? আৰু ‘বহু ঠাই’ মানে? পৰিচালকে নিশ্চয় এই কাম অতি সচেতনভাৱে তথা ইচ্ছাকৃতভাৱেই কৰিছিল। এই ঠাই হয়তো ভাৰতৰ যিকোনো এখন মফছলীয় ঠায়েই হ’ব পাৰে। হ’ব পাৰে যিকোনো নগৰ বা চহৰৰ কোনো কদৰ্য গলি।

‘কোলাহল’ৰ বাঁহ-তৰ্জাৰ ঘৰ, সামান্য আচ-বাব, জুহাল আৰু বিশেষকৈ বাৰী-চোতালৰ তামোল গছবোৰ আদি দেখিলে কাহিনীটো অসমৰে চিনাকি পৰিৱেশৰ যেন লাগিলেও ভালদৰে মন কৰিলে দেখা যায় যে অতি সূক্ষ কুশলতাৰে কাহিনীটো ‘অন্য ঠাইৰ, - বহু ঠাইৰ’ কৰি ৰখা হৈছে। চিনেমাখনত চকুত পৰাকৈ অসম তথা অসমীয়াৰ Cultural Marker গামোচাৰ ব্যৱহাৰো দেখা দেখা নাযায়। দুই-এটা দৃশ্যত গামোচা দেখা যায় যদিও সেয়া চকা-মকাকৈ দেখাৰ দৰেহে। উদাহৰণস্বৰূপে, ট্ৰাকৰপৰা বাগৰি পৰি মতিক হেঁচি মৰা চাউলৰ বস্তাবোৰ টানি টানি আঁতৰোৱা মানুহজাকৰ মাজৰে এজনৰ মূৰত অৱশ্যে খন্তেকলৈ গামোচা এখন দেখা যায়। পাছ মুহূৰ্ততে মূৰ্ছা যোৱা মতিৰ মাকক দাঙি নিয়া মানুহবোৰৰ মাজতো মূৰত গামোচা মৰা এই একেজন মানুহকে দেখা যায়। সেইদৰে এটা দৃশ্যত (হেণ্ডিমেন বাদলক মাষ্টৰে তেওঁৰ ঘৰতে ৰাতি থাকি যাবলৈ কোৱাৰ দৃশ্যটোত) মাষ্টৰৰ আলনাত এখন গামোছা ওলমি থকা দেখা যায় যদিও সেয়াও চকুত পৰাকৈ নহয়। ধুতি-পাঞ্জাবী পিন্ধা মাষ্টৰৰ কান্ধত অসমীয়া গামোচা এখন থকাটোৱেই যেন স্বাভাৱিক আছিল। কিন্তু, নিশ্চয় ইচ্ছাকৃতভাৱেই এবাৰৰ কাৰণেও সেয়া কৰা হোৱা নাই। আকৌ, চলচ্চিত্ৰখনৰ আদ্যোপান্ত কেন্দ্ৰীয় চৰিত্ৰ মতিৰ মাক কিৰণকে ধৰি কোনো এটা মহিলা চৰিত্ৰকে এবাৰৰ কাৰণেও এযোৰ মেখেলা-চাদৰ পিন্ধাও দেখা নাযায়। ড্ৰাইভাৰ-হেণ্ডিমেনক ‘নিমখ-তেল-পিয়াজ কেঁচা জলকীয়া সানি মুৰি’ আৰু মদৰ (গল্পটোত ‘মদ’ৰ পোনপটীয়া উল্লেখ নাই, চিনেমাখনত মদৰ বটল স্পষ্টকৈ দেখুউৱা হৈছে) যোগান ধৰা ইন্দু দিদিৰ আকৌ শাৰী পিন্ধাৰ ধৰণটোও অনা-অসমীয়া। তাতে ‘দিদি’ সম্বোধনটোৱেও এই কথা আৰু অধিক স্পষ্ট কৰি দিয়ে। চলচ্চিত্ৰখনত সংযোজিত একমাত্ৰ নাচৰ দৃশ্যাংশটোৱে পটভূমিৰ উমান দিয়াৰ অৱকাশ আছিল যদিও কৌশলী পৰিচালকে সেয়া হ’বলৈ নিদিলে। অসমৰ পৰিচিত লোকনৃত্য, লোকগীত বা আন কোনোধৰণৰ লোকাচাৰো চলচ্চিত্ৰখনত সন্নিৱষ্ট কৰা হোৱা নাই। মাষ্টৰে হাৰমনিয়াম বজাই গোৱা গানকেইটাৰো এটাও অসমীয়া থলুৱা গান নহয়। মতিৰ মৃত্যুৰ এঘাৰ দিনাৰ দিনা খুউৱা ভোজৰ নেপথ্যত দীপালি বৰঠাকুৰৰ গান শুনা যায় যদিও সেয়া কেৱল নেপথ্য সংগীতহে। চৰিত্ৰবোৰে (ড্ৰাইভাৰ-হেণ্ডিমেনে) ৰেডিঅ’ত শুনা গানবোৰ হিন্দী গান। অৱশ্যে এনেধৰণৰ নিৰীক্ষণ বেছি সূক্ষভাৱে কৰিলে চলচ্চিত্ৰখনৰ দৃশ্যায়ন অসমতে হোৱা বুলি উমান পোৱা যায়। (উদাহৰণস্বৰূপে, গাড়ী-ট্ৰাক আদিৰ নাম্বাৰ প্লে’ট, বেৰৰ কেলেণ্ডাৰ আদি অসমৰে) পৰিচালকে সেয়া গোপন কৰিবলৈ চেষ্টাও কৰা নাই বা চেষ্টা কৰাৰ প্ৰয়োজনীয়তাও নিশ্চয় নাই। আৰম্ভণিতে উল্লেখো কৰা হৈছে, চলচ্চিত্ৰখন ‘অসমৰে পটভূমিতে নিৰ্মাণ কৰা হৈছে।’ কিন্তু চালি-জাৰি চালে দেখা যায় যে চলচ্চিত্ৰখনৰ দৃশ্যায়নহে অসমত কৰা হৈছে, কিন্তু চলচ্চিত্ৰখনৰ আৰম্ভণিৰ মুখবন্ধতে উল্লেখ কৰাৰ দৰেই, ‘কাহিনী আৰু চৰিত্ৰসমূহ অন্য ঠাইৰ, - বহু ঠাইৰ’।

পাঁচ/ ‘এন্দুৰ’ আৰু ‘কোলাহল’ৰ ভোক আৰু কোলাহল

‘কোলাহল’ৰ ‘কাহিনী আৰু চৰিত্ৰবোৰ অন্য ঠাইৰ, - বহু ঠাইৰ’ হ’লেও প্ৰকৃততে সেইবোৰ ইমানেই বিশ্বজনীন মানৱীয় আবেদন আৰু জৈৱক তাড়নাৰে সিক্ত যে সেইবোৰ যিকোনো ঠাইৰ হ’ব পাৰে। হ’ব পাৰে বিশ্বৰ যিকোনো মানুহৰে। আৰু সেইখিনিতে চলচ্চিত্ৰখনত সৌন্দৰ্য আৰু সাৰ্থকতা। ‘এন্দুৰ’ গল্পটো আৰু ‘কোলাহল’ চলচ্চিত্ৰখনৰ আদ্যোপান্ত জুৰি এটা মৌলিক কথায়েই আচ্ছন্ন কৰি ৰাখে, - ভোক। এই ভোকৰপৰাই যত যি দুখ-শোক-কষ্ট-অনুতাপ। এই ভোকৰ দুটা স্বৰূপ কাহিনীত প্ৰতিফলিত হৈছে। এটা ভোক পোনপটীয়া, সেয়া ভাতৰ ভোক। কথাছবিখনৰ আৰম্ভণিৰপৰাই এই ভোক দেখুউৱা হৈছে। সকলোৱে চাউলৰ কাৰণেই উদয়াস্ত দৌৰে। কণ কণ ল’ৰাবোৰে ট্ৰাকৰ মজিয়া সাৰে, চাউলৰ গুদামৰ মজিয়া সাৰে চাউলৰ কাৰণেই। ইন্দু দিদিয়ে মুড়ি-পিয়াজ-মদৰ ব্যৱসায়ো কৰে এই চাউলমুঠি মোকলাবৰ কাৰণেই। মতিৰ দেউতাক অন্তৰ্ধান হোৱাৰ পাছত প্ৰথমতে ট্ৰাকৰ মজিয়া সাৰি চাউল গোটাবলৈ মানা কৰা মতিৰ মাকে পাছলৈ ভোকৰ তাড়নাতে নিজেই মতিক ট্ৰাক জাম লাগি ৰৈ যোৱাৰ খবৰ দিছে আৰু সৰা চাউল গোটাবলৈ বুলি তাক খৰাহীটো দি পঠিয়াই দিছে। পাছলৈ অসহায় মতিৰ মাকৰ ভোকৰ তীব্ৰতাৰ চূড়ান্ত স্বৰূপ দেখা যায় কাহিনীৰ শেষৰ ফালে। যিটো চাউলৰ বস্তাত মৃত মতিৰ তেজৰ দাগ লাগি আছিল, সেই বস্তাটোকে ট্ৰাকৰ মালিকৰ নিৰ্দেশত আৰু হেণ্ডিমেন বাদলৰ তত্ত্বাৱধানত মতিৰ মাকৰ ঘৰত থৈ অহা হয়। (গল্পটোত প্ৰত্যক্ষভাৱে ট্ৰাকৰ মালিক বা বাদলৰ উল্লেখ নাই) প্ৰথমতে বস্তাটো উলিয়াই নিবলৈ কৈ ৰাউচি জুৰি কন্দা মতিৰ মাকে পাছলৈ লাহে লাহে ঘৰৰ ভিতৰত বস্তাটোৰ উপস্থিতিৰ সৈতে অভ্যস্ত হৈছে। আৰু এদিন এন্দুৰে কুটি থৈ যোৱা ফুটা এটাৰে তেওঁ অলপ অলপকৈ তাৰে চাউল উলিয়াই খাবলৈ আৰম্ভ কৰিছে। মতিয়েই যেন বস্তাটোৰ ৰূপত তেওঁক জীয়াই ৰাখিছিল। কিন্তু এদিন সেই বস্তাটোৰ চাউলো শেষ হয়। খালী বস্তাটো মতিৰ মাকে ৰ’দত দি জাৰি-জোকাৰি বিছনাৰ তলত পাৰি লৈ উম পায়। আৰু লাহে লাহে ভাবে, হেণ্ডিমেনক বাদলৰ প্ৰস্তাৱত সন্মতি দিয়াৰ কথা; ‘অন্ততঃ এটা মতিৰ কাৰণে’। কাৰণ, তেওঁৰ ঘৰখন ‘একেবাৰেই খালি’ হৈ গৈছিল। কিন্তু তেওঁ নিজে খালি হৈ যোৱা নাছিল। এন্দুৰে কুটকুটোৱাৰ দৰে সুপ্ত জৈৱিক বাসনাই তেওঁৰ অজ্ঞাতেই তেওঁক কুটকুটাইছিল। সিও হৈছে ভোকৰেই অন্য এক ৰূপ। আৰু ভোকৰ এই দুইধৰণৰ ৰূপৰ কাৰণেই মতিৰ মাক কিৰণে চলচ্চিত্ৰখনৰ শেষত বাদলক মাতি পঠিউৱা দৃশ্যৰে কাহনীৰ অন্ত পৰে। অন্ত পৰে এক কোলাহলৰো। সেই কোলাহল আছিল কিৰণৰ ভিতৰৰ শূন্যতা আৰু অসহায়তাৰ কোলাহল, বাদলৰ ভিতৰৰ অনুশোচনাৰ কোলাহল। চলচ্চিত্ৰখনৰ প্ৰথমাৰ্ধত ট্ৰাক, ট্ৰাকৰ জাম, ড্ৰাইভাৰ-হেণ্ডিমেনৰ কাজিয়া আদিৰে যি হুলস্থূলীয়া পৰিৱেশ বা কোলাহলৰ সৃষ্টি কৰা হৈছিল, দ্বিতীয়াৰ্ধত সেই কোলাহল চৰিত্ৰৰ অন্তৰ্জগতৰ কোলাহললৈ ৰূপান্তৰিত হয়।

ছয়/ মোখনি

ভবেন্দ্ৰনাথ শইকীয়াৰ কিছুমান চুটিগল্পক কেতিয়াবা অত্যধিক বৰ্ণনাধৰ্মিতাৰ দোষে সামান্য চোৱে। কিন্তু এই বৰ্ণনাধৰ্মিতায়েই ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পবোৰক অনন্য সৌন্দৰ্য প্ৰদান কৰি বিশিষ্ট কৰি তোলে। আকৌ, ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ অত্যধিক সাহিত্যধৰ্মিতাৰ কাৰণে সমালোচিত হোৱা যায়। শইকীয়াদেৱে নিজেও কেইবাঠাইত এই কথা স্বীকাৰ কৰি কৈছে যে তেওঁ নিজে প্ৰথমতে এজন সাহিত্যিক হোৱা বাবেই তেওঁৰ চিনেমাত সাহিত্যধৰ্মিতা স্বাভাৱিকতে থাকে। নিশ্চয়কৈ এই সাহিত্যধৰ্মিতায়েই ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰক বৈশিষ্ট্যপূৰ্ণ আৰু সুকীয়া কৰিও ৰাখে। অৱশ্যে কাহিনী আৰু সংলাপৰ দিশৰপৰা ‘কোলাহল’ অধিক সাহিত্যধৰ্মিতাৰপৰা প্ৰায় মুক্ত বুলিব পাৰি। উল্লেখ বাহুল্য, অসমীয়া চুটিগল্পৰ আলোচনাত ‘এন্দুৰ’ আৰু কথাছবিৰ আলোচনাত ‘কোলাহল’ সদায়েই অপৰিহাৰ্য হৈ ৰ’ব।

*************

ডঃ ৰত্নোত্তমা দাস বিক্ৰম
লেখিকা আৰু জনজাতীয় লোককলাৰ গৱেষিকা ডঃ ৰত্নোত্তমা দাস বিক্ৰম দিল্লী বিশ্ববিদ্য়ালয়ৰ ‘আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য় অধ্য়য়ন বিভাগ’ (Modern Indian Languages and Literary studies)ৰ প্ৰাধ্যাপিকা। ডঃ দাসে এতিয়ালৈকে অসম, ওড়িশা, ছত্তিশগড়, ছিকিম আৰু কালিম্পঙ(পশ্চিমবংগ)ৰ বিভিণ্ণ জনজাতিৰ ক্ষেত্ৰ অধ্যয়নভিত্তিক গৱেষণা কৰিছে। বিশেষকৈ কালিম্পঙৰ লেপ্চা জনজাতিৰ লোকজ্ঞান সম্পৰ্কীয় গৱেষণাত তেওঁৰ ২০০৮ চনৰপৰাই জড়িত হৈ আছে।‘হৰি গুণ কহন নযাই’ আৰু ‘নখ নৰখা ছোৱালীবোৰ আৰু তিনিখন ভিন্নস্বাদৰ উপন্যাসিকা’ ডঃ দাসৰ প্ৰকাশিত কিতাপ। সম্প্ৰতি ‘নিয়মীয়া বাৰ্তা’ৰ পষেকীয়া শিতান/স্তম্ভলেখা ‘অব্যক্তিগত’ আৰু ‘দৈনিক জনমভূমি’ৰ পষেকীয়া শিতান/স্তম্ভলেখা‘ইত্যাদি’ৰ জৰিয়তে পাঠকৰ অধিক ওচৰ চাপিবলৈ সক্ষম হোৱা ডঃ দাসৰ ৰাপৰ বিষয় চিত্ৰকলা।

Share Button
Print Friendly, PDF & Email

1 Comment : "আকৌ এবাৰ ‘এন্দুৰ’ পঢ়ি, আকৌ এবাৰ ‘কোলাহল’ চাই - ( ডঃ ৰত্নোত্তমা দাস বিক্ৰম)"

  1. Utpal Datta

    ’কোলাহল”ৰ বিষয়ে যি পাও তাকেই পঢ়ো, কাৰণ মই ছবিখনৰ লগত জড়িত অাছিলো I মই ডঃ ৰত্নোত্তমা দাস বিক্ৰমৰ অনুৰাগী পাঠক, তেখেতে লেখিছে এন্দুৰ নামৰ গল্প অাৰু তাৰ অাধাৰত নিৰ্মান কৰা চিনেমা কোলাহলৰ বিষয়ে, গতিকে পঢ়া অানন্দ দুগুণ হ’ল তেখেতৰ গল্প পাঠ অাৰু চলচ্চিত্ৰ দৰ্শন দুয়োটাই তেখেতৰ চিৰিয়াচনেচৰ প্ৰকাশক কথা হ’ল তেখেত এন্দুৰ গল্পটি অাৰু কোলাহল ছবিৰ কাহিনীটোৰ মাজতে অাবদ্ধ থাকিল, কোলাহল ছবিখনৰ কথা ভালদৰে নকলে, অন্ততঃ তেখেতৰ দৰে বিদ্বান লোকৰ পৰা যিমান গভীৰ ভাবে অাশা কৰো সেই ধৰণে নাপালো I ইয়াৰ কাৰণ হ’ল চলচ্চিত্ৰৰ মূল গুণ প্ৰসংগত তেখেতৰ অনিচ্ছাকৃত অমনযোগ চিনেমা বুজাবলৈ তেখেত ’চলচ্চিত্ৰ” অাৰু ’কথাছবি” দুয়ােটা শব্দৰ ব্যবহাৰেই তাৰ প্ৰমাণ I আকৌ, ’ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ অত্যধিক সাহিত্যধৰ্মিতাৰ কাৰণে সমালোচিত হোৱা যায়” - এই ধৰণৰ মন্তব্য ডঃ দাস বিক্ৰমৰ পৰা কাহানিও অাশা কৰা নাছিলো, ভবিষ্যতেও নকৰো I

Leave a Comment

Your email address will not be published. Required fields are marked *