বিবিধ চিন্তা

কৰ’না ভাইৰাছৰ আবিষ্কাৰ: চীন দেশৰ ভূমিকা আৰু ইয়াৰ আঁৰৰ ঘটনা প্ৰবাহ (ঋতুপৰ্ণ গোস্বামী)

২০০৪ চনত পৃথিৱীত চুনামী হৈছিল। তেতিয়া পৃথিৱীৰ অন্যতম ধনী পুঁজিপতি কাৰ্লছ শ্লীম নে ৱাৰেন ৱাফেট এ কৈছিল, “এই মুহূৰ্তত অমুক ষ্টকত পুঁজি বিনিয়োগ কৰিলে লাভ পোৱা যাব।” অৰ্থাৎ মানৱ জাতিৰ সংকটৰ সময়তো মুনাফাৰ খক! যিকোনো সংকটৰ সময়ত সাম্ৰাজ্যবাদী পুঁজিৰ এই ‘ট্ৰেড যুদ্ধ’ৰ কুটিল ৰাজনীতি আওকান কৰি চলিলে বহুত কথাই আমাৰ মনত পৰিস্কাৰ নহ’ব। এতিয়াও কৰ’না ভাইৰাছক কেন্দ্র কৰি চীনৰ লগত তেনে ‘ট্ৰেড যুদ্ধ’ৰ আৰম্ভণি ঘটিছে। ফলত চীনৰ বিষয়ে আমাৰ জকাইচুক পৰ্যন্ত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ বিয়পি পৰিছে। সেয়ে এই ভাইৰাছৰ আঁৰৰ বিভিন্ন ঘটনা প্ৰবাহ কিছু ব্যক্ত কৰিব খুজিলোঁ আৰু লগতে তথ্যসমূহৰ তিলমানো ভ্ৰান্তি দেখিলে আমাক অৱগত কৰিবলৈ অনুৰোধ জনালোঁ।

পৃথিৱীত পোনপ্ৰথমবাৰৰ বাবে কভিড-১৯ ভাইৰাছ ধৰা পৰে ৮ ডিচেম্বৰ, ২০১৯ তাৰিখে চীন দেশৰ য়ুহান প্ৰদেশত। কিন্তু সেই মুহূৰ্তত এয়া এক নতুন ভাইৰাছ বুলি ডাক্তৰসকলে জনা নাছিল। ডাক্তৰ সকলে ৭ জন ৰোগীক নিম’নিয়াধৰণৰ বেমাৰৰ বাবে চিকিৎসা প্ৰদান কৰি আছিল। তেওঁলোকৰ শ্বাস-প্ৰশ্বাসত সমস্যা হৈছিল, যিটো নিম’নিয়া ৰোগীৰ প্ৰধান লক্ষণ। যি কি নহওঁক, এই ঘটনাৰ ৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে অনুসন্ধান চলিল। ২৭ ডিচেম্বৰ, ২০১৯ তাৰিখে “Respiratory and Critical Care Medicine, Hubei Provincial Hospital“-ৰ ডাইৰেক্টৰ জাং জিয়ং (Zhang Jixian )-এ এখন নটিফিকেচন দিয়ে যে কিছু অসাধাৰণ ভাইৰাছৰ ৭ টা কেছ আমাৰ সন্মুখত ধৰা পৰিছে যাৰ কিছু বিশদ অধ্যয়নৰ প্ৰয়োজন আছে। জাং জিয়ং-এ তেওঁলোকৰ “City Disease Control Center“-কো এইবিষয়ে জনায়। ২৭ ডিচেম্বৰ, ২০১৯ তাৰিখে Hubei Provincial Hospital কৰ্তৃপক্ষই তেওঁলোকৰ “Regional Disease Control Center“-ক এই নতুন ভাইৰাছৰ বিষয়ে অৱগত কৰে। এই ঘটনাৰ ঠিক সমান্তৰাল ভাৱে ৩০ ডিচেম্বৰ, ২০১৯ তাৰিখে ডাঃ লী ৱেন লিয়াং (Dr Li Wenliang)-এ ‘WeChat‘-ত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে। উল্লেখ্য যে, ডাঃ লী ৱেন লিয়াং চীনৰ কমিউনিষ্ট পাৰ্টিৰ এজন সদস্য আছিল। ডাঃ লী ৱেন লিয়াং-ৰ প্ৰৱন্ধটোৰ মূল অনুমান আছিল যে, “Seven confirmed cases of SARS virus were found in Wuhan food and seafood market“। তেতিয়া ডাক্তৰসকল কিছু চিন্তিত হ’ল আৰু তেওঁলোকে ক’লে যে, এয়া SARS (Severe acute respiratory syndrome) ভাইৰাছ বুলি এতিয়াও নিশ্চিত নহয়। গতিকে নিশ্চিত নোহোৱাকৈ উৰাবাতৰি বিয়পোৱা বাবে ডাঃ লী ৱেন লিয়াং-ক কৰ্তৃপক্ষই তলব কৰে আৰু তেওঁৰ পৰা চহী কৰোৱাই লোৱা হয় যে তেওঁ শ্বেয়াৰ কৰা প্ৰবন্ধটো ভুল আছিল। কিন্তু ডাঃ লী ৱেন লিয়াং-ক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল, প্ৰবন্ধটো উঠাই লোৱাৰ পিছত তেওঁক লগে লগে এৰি দিয়া হয়। উল্লেখ্য যে, SARS ভাইৰাছ দক্ষিণ এছিয়াৰ কিছু দেশত ২০০৩ চনত পোৱা গৈছিল আৰু এই ভাইৰাছৰ আক্ৰমনত হোৱা মৃত্যুৰ হাৰ Covid19-ৰ তুলনাত বহুগুণে বেছি। সেয়ে কৰ্তৃপক্ষই নিশ্চিত নোহোৱাকৈ SARS ভাইৰাছৰ কথা আহি পৰিলে মানুহ অত্যধিক শংকিত হৈ পৰিব বুলি এই পদক্ষেপ লৈছিল। আমি ক’ব পাৰোঁ, কৰ্তৃপক্ষই নিশ্চয় ভুল সিদ্ধান্ত লৈছিল। ডাঃ লী ৱেন লিয়াং-ক প্ৰবন্ধটো উঠাই ল’বলৈ কোৱাৰ সলনি তেওঁৰ লগত আলোচনা কৰি এই বিষয়ে অধিক অনুসন্ধানৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তাৰ ঠিক পিছদিনা ৩১ ডিচেম্বৰ, ২০১৯ তাৰিখে চীন চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থা (WHO) অৱগত কৰে যে এক নতুন ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আৰু এইবিষয়ে অধিক অনুসন্ধান চলি আছে। মনকৰিবলগীয়া যে ভাইৰাছৰ বিষয়ে সম্পূৰ্ণ নিশ্চিত নোহোৱাকৈয়ে চীন চৰকাৰে এই কাম কিন্তু কৰিছিল। ১ জানুৱাৰী, ২০২০ তাৰিখে চীন চৰকাৰে “Wuhan Sea Food Market” সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। ২ জানুৱাৰী, ২০২০ তাৰিখে চীন চৰকাৰে প্ৰকাশ কৰে যে এনেকুৱা ঘটনা কেৱল ৭ টা নহয়, বৰং এতিয়ালৈকে অসাধাৰণ ভাইৰাছৰ ৪১ টা ঘটনা চিনাক্তকৰণ হৈছে। তেতিয়ালৈকে এই ভাইৰাছ কিমান বেছি সংক্ৰামক তথা মানুহৰ জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ সেই কথা কোনেও জনা নাছিল। ৫ জানুৱাৰী, ২০২০ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে কয় যে, “এই ভাইৰাছ এজন মানুহৰ পৰা আনজন মানুহলৈ বিয়পাৰ কোনো তথ্য পোৱা হোৱা নাই। গতিকে আন্তদেশীয় ভ্ৰমণত কোনো বাধা আৰোপ কৰাৰ প্রশ্ন নাহে।” ৯ জানুৱাৰী, ২০২০ তাৰিখে Covid 19 ভাইৰাছত আক্রান্ত হোৱা পৃথিৱীৰ প্ৰথম জন ৰোগীৰ মৃত্যু ঘটে। তেওঁ এজন ৬১ বছৰীয়া ৰুগীয়া লোক আছিল, তেওঁৰ যকৃতৰ অসুখ আৰু কেন্সাৰ আছিল। তথাপিও অধিক অনুসন্ধানৰ বাবে চীনৰ ডাক্তৰসকলে মৃতদেহটোৰ পোষ্টমৰ্টেম কৰে। পোষ্টমৰ্টেমৰ ৰিপোৰ্ট প্ৰকাশৰ পিছত ডাক্তৰসকল নিশ্চিত হয় যে এই ভাইৰাছে মানুহৰ মৃত্যুও ঘটাব পাৰে। উল্লেখ্য যে, ৮ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী লৈকে প্ৰায় এমাহ কাল পৃথিৱীৰ কোনো ডাক্তৰ নিশ্চিত নাছিল যে এই নতুন ভাইৰাছে মানুহৰ মৃত্যুও ঘটাব পাৰে। ১০ জানুৱাৰী, ২০২০ তাৰিখে চীনৰ ডাক্তৰসকলে ভাইৰাছটোৰ জেনেটিক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰে আৰু এই ভাইৰাছটোৰ নাম দিয়ে, Novel corona virus, Covid19 (Co= Corona, Vi= Virus, D= disease, 2019)। ১২ জানুৱাৰী, ২০২০ তাৰিখে ডাঃ লী ৱেন লিয়াং-ক হস্পিটেলত ভৰ্ত্তি কৰোৱা হয় কাৰণ তেওঁৰ গাটো ভাইৰাছৰ লক্ষণ পোৱা গ’ল, যি আগতে এয়া SARS ভাইৰাছ বুলি কৈছিল। ১৪ জানুৱাৰী, ২০২০ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে সঠিক তথ্য পোৱা গ’ল যে এই ভাইৰাছ এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে কাৰণ ৯ জানুৱাৰীত মৃত্যু হোৱা ৰোগীজনৰ পত্নীৰ দেহত এই ভাইৰাছ পোৱা গ’ল। মন কৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংস্থা (WHO)-এ ১৫ জানুৱাৰী, ২০২০ তাৰিখ পৰ্যন্ত সেই সময়ৰ ধাৰণা অনুযায়ী কৈ আছিল যে, “এই ভাইৰাছ জীৱ-জন্তুৰ পৰা আহিল মানুহৰ দেহলৈ, কিন্তু মানুহৰ পৰা মানুহৰ দেশলৈ এই ভাইৰাছ বিয়পি যোৱাৰ কোনো তথ্য পোৱা নাই।” ২২ জানুৱাৰী, ২০২০ তাৰিখে চীনৰ চৰকাৰে য়ুহান প্ৰদেশৰ লোকসকলক ‘ফেচ মাস্ক’ পৰিধান কৰি বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়ে আৰু ঠিক পিছদিনা ২৩ জানুৱাৰীত য়ুহান প্ৰদেশত ‘Quarantine‘ ঘোষণা কৰে। য়ুহান প্ৰদেশৰ লগত চীনৰ বাকী অংশৰ সকলোধৰণৰ যোগাযোগ বন্ধ কৰি দিয়া হয়। উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থা (WHO)-এ তেতিয়ালৈ ইয়াক কিছু গুৰুত্ব দিছিল যদিও স্থানীয় সমস্যা ৰূপেই চিহ্নিত কৰিছিল, ২৩ জানুৱাৰীত WHO-ৰ ফালৰ পৰা বিবৃতি প্ৰকাশ পাইছিল যে, ‘This is not public health emergency of global concern‘। ২৪ জানুৱাৰী, ২০২০ তাৰিখে চীনৰ চৰকাৰে ১৩-খন চহৰ আৰু ৭ খন প্ৰদেশত ‘Health Emergency‘ ঘোষণা কৰি বন্ধ কৰি দিয়ে। ইতিমধ্যে চীনত ২৪ জন লোকৰ মৃত্যু ঘটিছিল আৰু ৮৩০ জন লোকলৈ এই ভাইৰাছ বিয়পিছিল। ২৫ জানুৱাৰী, ২০২০ তাৰিখে চীনৰ চৰকাৰে আন ৫ খন চহৰ ১০ খন প্ৰদেশত ‘Quarantine‘ ঘোষণা কৰে। ইয়াৰ ফলত ২৫ জানুৱাৰী পৰ্যন্ত চীনত প্ৰায় ৫৬ মিলিয়ন লোকক ‘Quarantine‘ কৰা হয়। ২৬ জানুৱাৰী, ২০২০ তাৰিখে চীনে সকলোধৰণৰ ব্যৱসায় বন্ধ কৰি দিয়ে, ইতিমধ্যে ৫৬ জন লোকৰ মৃত্যু আৰু ২০০০ জন লোকৰ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। ৩০ জানুৱাৰী, ২০২০ তাৰিখে WHO-এ অৱশেষত ইয়াক ‘Global Emergency‘ ৰূপে ঘোষণা কৰে। তেতিয়ালৈকে ১৭০ জন লোকৰ মৃত্যু আৰু ৭৭১১ জন লোকৰ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। ২ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে চীনে ‘Covid19’ ভাইৰাছৰ বাবে মাত্ৰ ১০ দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা বিশেষ চিকিৎসালয়খন মুকলি কৰা হয়। ইতিমধ্যে চীনত যুদ্ধকালীন তৎপৰতাৰে মাস্ক, ছেফটি চ্যুট্‌, ছেনিটাইজাৰ আদিৰ উৎপাদন আৰম্ভ হয়, সংক্ৰমণ হোৱা চহৰসমূহ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত দৈনিক দুবাৰকৈ ছেনিটাইজ কৰা আৰম্ভ হয়। ৭ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে দুৰ্ভাগ্যজনক ভাৱে ডাঃ লী ৱেন লিয়াং ৰ মৃত্যু হয় যি ইয়াক প্ৰথম SARS ভাইৰাছ বুলি কৈছিল। বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে আমি সকলো জ্ঞাত, WHO-এ ইতিমধ্যে ২৪ ঘণ্টাৰ অন্তৰালত দৈনিক ৰিপোৰ্ট দাখিল কৰি আছে। সেই অনুযায়ী আজি ২৪ মাৰ্চ, ২০২০ তাৰিখ পৰ্যন্ত পৃথিৱীৰ প্ৰায় ২০০ খন দেশলৈ এই ভাইৰাছ বিয়পিছে। বিশ্বজুৰি ৩,৩২,৯৩০ জন লোক আক্রান্ত হৈছে, ১৪,৫১০জন লোকৰ মৃত্যু ঘটিছে। ই এক বিশ্বজোৰা সংকট ৰূপে মানৱ জাতিৰ সম্মুখত থিয় দিছে।

কিন্তু সাধাৰণীকৰণ কৰা চীনৰ কাৰ্যপন্থা সম্পৰ্কীয় নেতিবাচক কথাবোৰৰ ভিত্তি কিমান? আমি নিশ্চয় ক’ব পাৰো ডাঃ লী ৱেন লিয়াং-ক তেনেদৰে ছেন্সৰ কৰাটো অনুচিত আছিল। যাক আমি মানৱীয় ভ্ৰান্তি (Human error) বুলি নিশ্চয় ক’ব পাৰোঁ। কিন্তু চীনে বিশ্ববাসীক এই ভাইৰাছ সম্পৰ্কে অজ্ঞাতে ৰখাৰ অভিযোগ কিমান দূৰ সত্য? উল্লেখ্য যে Covid-19 নিৰ্মূলৰ বাবে বৰ্তমান WHO আৰু চীনৰ যুটীয়া মিছন চলি আছে, WHO-এ চীনৰ অভিজ্ঞতা আৰু বৈজ্ঞানিক তথ্যসমূহ সমগ্ৰ পৃথিৱীৰ বাবে গাইডলাইন ৰূপে ব্যৱহাৰ কৰিছে। এইসম্পৰ্কে ৰিপোৰ্ট WHO-ৰ ৱেবচাইটত উপলব্ধ আছে। ইটালীকে ধৰি বিভিন্ন দেশক চীন দেশে প্ৰত্যক্ষভাৱে সহায় কৰিছে। ভাৰতৰ লগতে পৃথিৱীৰ সকলো দেশৰ লগত ভিডিও কণফাৰেন্সিং যোগে চীন দেশ যোগাযোগত আছে। গতিকে চীন দেশে তথ্য লুকুৱাই ৰাখিলে ধৰণৰ যি নেৰেটিভ তৈয়াৰ কৰি থকা হৈছে তাৰ পৰা প্ৰতিজন সুচিন্তিত লোকেই দূৰত অৱস্থান কৰাটোৱেই যুগুত হ’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *