অতিথি সম্পাদকৰ কলম- (মনোজ কুমাৰ মহন্ত)

'মুক্ত চিন্তা'ৰ দৰে আলোচনী এখনত অতিথি সম্পাদকৰ দায়িত্ব পালনৰ সুযোগ দিয়াৰ বাবে ইয়াৰ লগত জড়িত সকলোকে প্ৰথমে আন্তৰিক ধন্যবাদ জনাইছোঁ।

আলোচনীৰ এই সংখ্যাৰ অতিথি চ'ৰা শিতানৰ বিষয় লোৱা হৈছিল "ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাত অসমৰ গুৰুত্ব আৰু অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত"। পোনতে শিতানৰ বিষয় নিৰ্বাচনৰ কথা আহোতে বৰ্তমান অসমৰ আৰ্থ-ৰাজনৈতিক বাতাৱৰণৰ প্ৰতি লক্ষ্য কৰি মনত বহু কথাই দোলা দিবলৈ ধৰিলে। দেখা যায় অসমৰ আৰ্থ-ৰাজনৈতিক আলোচনাবোৰত সততে উত্থাপিত এক অভিযোগ হ'ল যে স্বৰাজোত্তৰ ভাৰতীয় শাসক-বিৰোধী পক্ষসমূহে (ভাৰতৰ অতিকেন্দ্ৰীয় শাসন ব্যৱস্থা) সদায় অসমক বঞ্চনা-অৱহেলা কৰি আহিছে। অতীজৰেপৰা চাহপাত, খনিজ তেলকে ধৰি অনেক প্ৰাকৃতিক আৰু খনিজ সম্পদেৰে ভাৰতৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াই অহা অসমে পাবলগীয়া গুৰুত্ব কাহানিও পোৱা নাই। আনকি ইয়াৰ ভিত্তিত গঢ়ি উঠিব লগা ৰাজ্যৰ সবল অৰ্থনীতিৰ ভেটিটোও অনেক সুযোগ থকাৰ সত্ত্বেও উল্লেখিত পক্ষৰ সদ্ভাবৰ অভাৱতে থিয় হ'ব পৰা নাই। অঞ্চলটোৰ উন্নতি আৰু প্ৰগতিৰ গতি ৰৈ গৈছে তুলনামূলকভাৱে কম সম্পদশালী ৰাজ্যৰ বহু পিছত। থূলমূলকৈ এই অভিযোগসমূহ বহু অসমপ্ৰেমীৰ মনত অনুৰণিত হৈ ৰয়। আনহাতে, জাতীয়তাবাদী শিবিৰটোৱে মূলতে এই অভিযোগসমূহক আধাৰ কৰি কেইবাটাও বৃহৎ আন্দোলন কৰিলেও তাৰ ফল হিচাপে অসমে আশা কৰাধৰণে আদায় কৰিব পৰা নাই। বিপৰীতে জাতিৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হৈছে অত্যধিক।

ইতিমধ্যে যোৱা দশকবোৰত কেন্দ্ৰীয় চৰকাৰসমূহৰদ্বাৰা অসমৰ প্ৰতি হোৱা অন্যায় আচৰণৰ প্ৰতিবাদত কেইবাটাও দেশ কঁপোৱা আন্দোলন সংঘটিত হৈ গৈছে। প্ৰতিবাদৰ ভাষা কেতিয়াবা যদি অহিংস আছিল, আন কেতিয়াবা আছিল সহিংস। ফলত তেল শোধনাগাৰ-ভাষা আন্দোলনৰপৰা আলফাৰ সশস্ত্ৰ প্ৰতিবাদলৈকে প্ৰায় ১৫-১৬ হাজাৰ অসমীয়া ডেকাই দেশীয় সেনাৰ গুলী বুকু পাতি ছহিদ হ'বলগা হৈছে। যি কি নহওক, এই প্ৰতিবাদসমূহ মূলতঃ পৰিচালিত হৈছিল অসমীয়া জাতীয়তাবাদী শিবিৰৰ নেতৃত্বত। কিন্তু দেশ কঁপোৱা প্ৰতিবাদ, আন্দোলনৰ ফলস্বৰূপে অসমে কেৱল পাইছিল কিছু সুবিধাৰ প্ৰতিশ্ৰুতি আৰু এখন চুক্তি। যি অসম চুক্তি আজি ৰাজনীতিৰ কুটিল পাকচক্ৰত পৰি অৰ্থহীন হোৱাৰ উপক্ৰম হৈছে। তাৰ বিপৰীতে প্ৰতিটো গণ আন্দোলনৰ সৰ্বশেষত অসমীয়াই দুৰ্ভাগ্যজনকভাৱে প্ৰত্যক্ষ কৰিবলগা হৈছিল গণ্ডাই গণ্ডাই সুবিধাবাদী, ভণ্ড এক শ্ৰেণীৰ। এই ভণ্ড শ্ৰেণীসমূহৰ কাৰ্যকলাপ, সুবিধাভোগৰ প্ৰৱণতাৰ বাবে বহু অসমীয়াৰ মনত জাতীয়তাবাদৰ নামটোৱে সৃষ্টি কৰিছে অনাহক বিৰক্তি। এইটোও সঁচা যে বৰ্তমানৰ অসমীয়া জাতীয়তাবাদৰ ধাৰাটো অতি দুৰ্বল, একঘেয়ে আৰু বিৰক্তিকৰ হৈ পৰিছে। অসমৰ আঞ্চলিক দলবোৰৰ সুবিধাবাদী কাৰ্যকলাপ তথা দূৰদৃষ্টিসম্পন্ন জাতীয়তাবাদী নেতাৰ অভাৱে অসমীয়া জাতীয়তাবাদক ঠেলি দিছে সংকটলৈ। আৰু এই সংকটৰপৰা জন্ম লৈছে অনাকাংক্ষিত আন কিছু জাতীয় সংকট। তৎসত্ত্বেও 'বৈচিত্ৰ্যৰ মাজত ঐক্য'ৰ ভাৰতবৰ্ষত নিজস্ব ঐতিহ্যক বহন কৰি আগ বাঢ়ি যাবলৈ বৃহত্তৰ অসমীয়া জাতিক সুস্থ জাতীয়তাবাদ তথা বাঁও-জাতীয়তাবাদী মতাদৰ্শই দেখুৱাই দিয়া পথৰ প্ৰয়োজন আছে। কিন্তু বৰ্তমানৰ পৰিবৰ্তিত আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত আমাৰে এচামে তথাকথিত জাতীয়তাবাদৰ বিষম ফল সুঁৱৰি বা আজিৰ উদাৰীকৰণৰ মোহত পৰি অসমীয়া পৰিচয় সোলকাই আগ বাঢ়িবলৈ বিচাৰিছে। আনকি কিছুৱে কট্টৰ জাতীয়তাবাদী আচৰণৰ মুখা পিন্ধি আমদানিকৃত উগ্ৰ ধৰ্মীয় মৌলবাদক পোষকতা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তদুপৰি বৰ্তমানৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত অত্যুৎসাহী হৈ কোনোৱে ক'ব বিচাৰে, আজি অসমীয়া জাতীয়তাবাদৰ কোনো প্ৰয়োজন নাই আৰু ই আমাৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰগতিৰ হেঙাৰহে। পৰিবেশ এনে হৈছে যে 'প্ৰান্তিক'ৰ শেহতীয়া ১-১৬ জুলাই/১৬ সংখ্যাৰ সম্পাদকীয়ত লিখিবলগা হৈছে – "সম্প্ৰতি একাংশ অসমীয়াই নিজৰ জাতীয় পৰিচয় সোলোকাই পেলোৱাৰ উপক্ৰম কৰিছে। আজি আমাৰ মাজত টাটা, বিৰলা, আম্বানিৰ সৈতে ফেৰ মাৰিব পৰা উদ্যোগপতি নাই। … নাই অমিতাভ বচ্চন, শ্বাহৰুখ খানৰ দৰে অভিনেতা। আছে জানো ভীমসেন যোশীৰ দৰে গায়ক? হয়, আমি বহু ক্ষেত্ৰতে পিছপৰা। কিন্তু সেইবুলিয়েই আমি হীনমন্যতাত ভুগিবলগীয়া পৰ্যায়ত নপৰোঁ। ড° ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, ড° জীতেন্দ্ৰনাথ গোস্বামী, যাদৱ পায়েং আদিয়ে আমাৰ গৌৰৱ বঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। বিভিন্ন জনগোষ্ঠীয় উপাদানৰ সংমিশ্ৰণত গঠিত অসমীয়া সমাজখন দেশৰ তথাকথিত উন্নত জাতিৰ সমাজতকৈ বহুগুণে ঊৰ্ধ্বত। আমাৰ মাজত সমগ্ৰ দেশখনৰ তুলনাত বৰ্ণবৈষম্য, ধৰ্মীয় অসহিষ্ণুতাৰ দৰে নিকৃষ্ট কুসংস্কাৰ নাই।"
সেয়ে আজিৰ সন্ধিক্ষণত এই শিতানৰ বিষয় 'ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থাত অসমৰ গুৰুত্ব আৰু অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত' লোৱাটো থিৰাং কৰা হৈছিল। ভাল লগা কথা এয়ে যে আমি যিসকলৰ কাষ চাপিছিলো সকলোৱে বিষয়ৰ গুৰুত্ব বুজি আগ্ৰহেৰে লিখিবলৈ সন্মতি প্ৰকাশ কৰছিল। এই সংখ্যাত জাতীয়তাবাদৰ বিষয়ত অসমৰ কেইবাজনো বিশিষ্ট লিখকে বিতংভাৱে লেখা-মেলা কৰিছে। সেয়ে অসমীয়া জাতীয়তাবাদৰ বিষয়টো ইয়াতে থৈ আমি ভাৰতীয় কেন্দ্ৰীয় চৰকাৰসমূহৰ স্বাধীনতাৰ সময়ৰপৰা অসমৰ প্ৰতি দেখুওৱা মনোভাবৰ নিৰ্দশন ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কিছু ঘটনাই কেনেদৰে দেখুৱাই দিয়ে, তাৰহে কিছু ইংগিত দিব বিচাৰিছো। পাঠকে পঢ়ি সেই সম্পৰ্কে নিজেই ধাৰণা ল'ব।
প্ৰকৃতাৰ্থত স্বাধীনতাৰ পূৰ্বৰপৰাই অসমে কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বিপক্ষে তথা ন্যায্য অধিকাৰৰ হকে যুঁজিবলগাত পৰিছিল। বিংশ শতিকাৰ চল্লিছৰ দশকৰ ফাললৈ অসম ব্ৰিটিছৰ মধ্যমণি হৈ পৰিছিল ইয়াত শেহতীয়াকে আৱিষ্কৃত মেটমৰা প্ৰাকৃতিক আৰু খনিজ সম্পদৰ বাবে। কিন্তু যি সময়ত অসমত উৎপন্ন সামগ্ৰীৰপৰা ১০ কোটি টকা উপাৰ্জন কৰিছিল, সেই সময়ত অসমে পাইছিল মাত্ৰ ৩০ লাখ টকা। তেলৰ আবকাৰী শুল্ক বছৰি ২ কোটি লাভ কৰাৰ বিপৰীতে অসমে পাইছিল ৬ লাখ টকা মাত্ৰ। এনে ন্যূনতম প্ৰতিদান আৰু বঞ্চনাৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাই স্বৰাজোত্তৰ কালতেই অসমৰ খনিজ তেল আৰু চাহপাত ৰপ্তানিৰ ৭৫ শতাংশ আৰু আনবোৰ সামগ্ৰীৰ ৫০ শতাংশ শুল্ক লাগে বুলি প্ৰস্তাৱ দিবলৈ বাধ্য হৈছিল। স্বাধীনতাৰ পাছতো মাথোঁ ক্ষমতাৰ বাঘজৰী সলনি হৈ দেশ শাসনলৈ অহা ভাৰতৰ জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাসকলৰ, বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল আদিৰ অসমৰ প্ৰতি মনোভাব একেই থাকিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনো দিশতেই অসমৰ অৱদান আন প্ৰদেশতকৈ কম নাছিল। অথচ স্বাধীনতা প্ৰাপ্তিৰ দুৱাৰডলিত অসমৰ কাৰণে সৰ্বনশীয়া কেবিনেট মিছনৰ গ্ৰুপিং আঁচনিৰ কালত নেহৰু আৰু পেটেল আদিৰ দৰে নেতাৰ অসমৰ প্ৰতি প্ৰকট হোৱা মনোভাব আছিল অতি হতাশাজনক। ১৯৪৬ চনৰ ১৫ মে'ত ঘোষিত কেবিনেট মিছনত অসমক 'গ' গ্ৰুপত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম কংগ্ৰেছৰ নেতৃত্বই প্ৰবল প্ৰতিবাদ কৰাৰ বিপৰীতে ১৯৪৭ চনৰ ৫ জানুৱাৰিত গৃহীত হোৱা 'নেহৰু প্ৰস্তাৱে' অসমৰ প্ৰতি অধিক ভাবুকিহে কঢ়িয়াই আনিছিল। অসম কংগ্ৰেছৰ গ্ৰুপিং-বিৰোধী অকলশৰীয়া প্ৰতিবাদৰ প্ৰতি পেটেলৰ মতামত আছিল যে 'অসমৰ বাবেই গোটেই ভাৰতক গৃহযুদ্ধত বুৰাব নোৱাৰি।' কেৱল জাতিৰ পিতা মহাত্মা গান্ধীৰ নৈতিক সমৰ্থনেহে অসমৰ মনোবল বৃদ্ধি কৰাত অৰিহণা যোগাইছিল। তাকো সেই সময়ত ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়াৰপৰা গান্ধীজীয়ে প্ৰত্যক্ষভাৱে নিজকে আঁতৰাই ৰাখিছিল। গতিকে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত তেখেতৰ প্ৰভাৱ যথেষ্ট কমি আহিছিল। তথাপিও গোপীনাথ বৰদলৈৰ নেতৃত্বত আৰু ভীমবৰ দেউৰীৰ দৰে অসমৰ সুযোগ্য জনজাতি নেতাসকলৰ প্ৰবল প্ৰতিবাদতহে অসমে প্ৰস্তাৱিত পাকিস্তানত অন্তৰ্ভুক্তিৰপৰা ৰক্ষা পায়।

স্বাধীনতাৰ পাছতো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী বৰদলৈয়ে অসমৰ প্ৰব্ৰজন আৰু সীমা সমস্যা সম্পৰ্কে প্ৰধানমন্ত্ৰী নেহৰু তথা ভাৰত চৰকাৰলৈ বাৰম্বাৰ চিঠি লিখিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে যে কোনো গুৰুত্ব দিয়া নাছিল সেয়া বৰদলৈৰ সন্মুখত ১৯৫০ চনৰ ১৪ৰপৰা ১৯ এপ্ৰিললৈ বহা ইন্টাৰ ডমিয়নতে ওলাই পৰিল। তাত কাৰ্যতঃ পশ্চিম আৰু পূব বংগৰ সমস্যাক লৈহে আলোচনা চলিছিল। আলোচনাত নেহৰুৱে পশ্চিম পাকিস্তান আৰু ভাৰতৰ সীমাৰ ক্ষেত্ৰত যি গুৰুত্ব প্ৰদান কৰা হৈছিল তাৰ তুলনাত পূব পাকিস্তান আৰু ভাৰতৰ মাজৰ সীমাক লৈ আছিল উদাসীন। লক্ষণীয়ভাৱে আজি ৬৮টা বছৰৰ পাছতো একেটা বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ এই মনোভাবৰ বিশেষ পাৰ্থক্য দেখা নাযায়। ঠিক সেইদৰে অসমৰ প্ৰব্ৰজন সমস্যাক লৈ নেহৰুৰ আছিল আওকণীয়া মনোভাব। ১৯৫০ চনৰ ফেব্ৰুৱাৰিত বৰদলৈৰ একান্ত প্ৰচেষ্টাত ভাৰত চৰকাৰে 'এক্সপালছন ফ্ৰম আছাম' আইনখন জাৰী কৰে। যি আইনৰ সহায়ত অসমে সকলো অবৈধ প্ৰব্ৰজনকাৰীক খেদি পঠিওৱাৰ অধিকাৰ পায়। কিন্তু তাৰ ঠিক এমাহ নৌহওঁতেই অৰ্থাৎ ১৯৫০ চনৰ ৮ এপ্ৰিলত পাকিস্তানক সন্তোষ লগাবলৈ চৰকাৰে 'নেহৰু-লিয়াকৎ চুক্তি'ত স্বাক্ষৰ কৰি প্ৰব্ৰজন নিয়ন্ত্ৰণ আইনখনৰ কাৰ্যকাৰিতাক নস্যাৎ কৰি দিলে। মন কৰিবলগীয়া একেদৰে বৰ্তমান অমুছলমান বিদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ গৈ 'অসম চুক্তি'ক অসাৰ কৰাৰ দৰে এই ঘটনাৰ পুনৰাবৃত্তি ঘটিল। তদুপৰি ১৯৪৮ চনৰ মে' মাহত নেহৰুৱে এক পত্ৰৰ যোগেদি মুখ্যমন্ত্ৰী বৰদলৈক প্ৰব্ৰজন সম্পৰ্কত উপহাস আৰু আওপকীয়া ধমকি দিয়াৰ কথা পোৱা যায়। ১৯৫০ চনলৈ মানৱীয় দৃষ্টিভংগী আৰু ধৰ্ম নিৰপেক্ষতাৰ মনোভাবেৰে চৰকাৰী হিচাপত অসম চৰকাৰে ২ লাখ ৫৬ হাজাৰ শৰণাৰ্থীক সংস্থাপন দিছিল। তৎসত্ত্বেও কেন্দ্ৰীয় চৰকাৰ প্ৰব্ৰজনকাৰীক অসমৰ অধিক ভূমিত সংস্থাপন দিবলৈ নাছোৰবান্দা হৈ থাকিল। আৰু অদ্যপি কেন্দ্ৰীয় চৰকাৰৰ তেনে মনোভাবৰ পৰিবৰ্তন দেখা পোৱা নগ'ল। দেখা যায়, অসমৰ পতিত মাটিত শৰণাৰ্থীক সংস্থাপন দিয়াৰ বাদে নেহৰু অসমৰ সমস্যা সম্পৰ্কে উদাসীন আছিল। আনহাতে, ১৯৪৭ চনৰপৰা ১৯৫০ চনলৈ এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে অসমত উদ্যোগ স্থাপনৰ কোনোধৰণৰ পৰিকল্পনা লোৱা নাছিল।

স্বাধীনতাৰ পাছত পূব পাকিস্তান জন্ম হোৱাৰ হেতু ভাৰতৰ আন অংশৰ লগত প্ৰত্যক্ষ ৰে’ল আৰু পথ যোগাযোগ সম্ভৱ নাছিল। ফলত অত্যাৱশ্যকীয় খাদ্যবস্তুৰ আমদানি-ৰপ্তানি পূব পাকিস্তানৰ মাজৰে যোৱা ৰে’লপথেৰে কৰিবলগাত স্বাভাৱিকতে অনেক আহুকালৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত পৰি বৰদলৈয়ে ১৯৪৮ চনৰ ১২ ফেব্ৰুৱাৰিত নেহৰুলৈ দিয়া চিঠিত "আমি আজি শাৰীৰিকভাৱে বিছিন্ন" বুলি উল্লেখ কৰি অসমৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ৰে’ল সংযোগ, পথ সংযোগ, প্ৰব্ৰজনৰ ক্ষেত্ৰত ভালেমান প্ৰস্তাৱ দিছিল। কিন্তু বৰদলৈয়ে নেহৰুৰপৰা পত্ৰযোগে ওপৰত উল্লেখ কৰা প্ৰত্যুত্তৰহে পাইছিল।

১৯৫০ চনৰপৰা ১৯৫৭ চনলৈ অসম চৰকাৰ আৰু অসমৰ জনতাই ক্ৰমে অসম ৰে’লৱে'ৰ সদৰ কাৰ্যালয় স্থানান্তৰৰ পৰিকল্পনাৰ বিৰুদ্ধে, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং আৰু অসমত তেল শোধনাগাৰ স্থাপনৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ লগত সমান্তৰালকৈ বহুকেইটা প্ৰতিবাদী কাৰ্যসূচীত জড়িত হ'বলগাত পৰিছিল। অসম ৰে’লৱে'ৰ (সেই সময়ৰ নাম) সদৰ কাৰ্যালয় পাণ্ডুৰপৰা স্থানান্তৰ নকৰি ১৯৫০ চনৰ ২৪ ফেব্ৰুৱাৰিত বিধান সভাৰ বাজেট বিতৰ্কত অসমতে কৰিব লাগে বুলি সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে দাবী তোলে। অৰ্থাৎ ৰে’লৱে'ৰ সদৰ কাৰ্যলয়টোও এটা চক্ৰই অসমৰপৰা উঠাই নিয়াৰ চক্ৰান্ত কৰিছিল। কিন্তু অসম চৰকাৰ আৰু জনতাৰ প্ৰবল প্ৰতিবাদত এই চক্ৰান্ত ব্যৰ্থ হৈছিল। তাৰ ফলশ্ৰুতিতে পৰৱৰ্তী সময়ত অসম ৰে’লৱে'ৰ নাম উ.পূ. সীমান্ত ৰে’লৱে' হোৱাৰ পাছত মুখ্য কাৰ্যলয়টো পাণ্ডুৰ কাষৰ মালিগাঁৱত স্থাপন কৰাটো সম্ভৱ হয়।
আনহাতে, ১৯৫৫ চনৰ ১৫ ডিচেম্বৰত অসমৰ জনসাধাৰণৰ নিৰন্তৰ দাবী তথা অতি আৱশ্যকীয়তাৰ কথা বিচাৰ কৰি মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে অসমৰ পাঁচ বছৰীয়া পৰিকল্পনাৰ আলোচনাকালত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় গুলজাৰীলাল নন্দ আৰু বৈদ্যভাই মুখাৰ্জীৰ আগত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণত জোৰ দিয়ে। কিন্তু বিষয়টোত চৰকাৰে তৎকালীনভাৱে মনোযোগ নিদিলে। তাৰ ঠিক তিনি বছৰৰ পাছতহে বিভিন্ন পক্ষৰ হেঁচাত পৰি শৰাইঘাট দলঙৰ ঘোষণা কৰা হয় আৰু অৱশেষত ১৯৬৩ চনৰ ১৬ জানুৱাৰিত ব্ৰহ্মপুত্ৰৰ দলংখনেৰে ৰে’ল চলাই মুকলি কৰা হয়। উল্লেখযোগ্য যে ১৯৬২ চনতহে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখনৰ নাম শৰাইঘাট দলং বুলি অনুষ্ঠানিকভাৱে ঘোষণা কৰে।
অসমত নতুন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ আৰু ডিগবৈ তেল শোধনাগাৰৰ কম শোধন ক্ষমতাৰ প্ৰতি লক্ষ্য কৰি ভাৰত চৰকাৰে অসমৰ বাহিৰত আন দুটা শোধনাগাৰ নিৰ্মাণৰ কথা সদৰি কৰিছিল। অসমৰ তেলেৰে অসমৰ বাহিৰত স্থাপন কৰিবলৈ লোৱা তেল শোধনাগাৰৰ বিষয়ত অসমত ব্যাপক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উপায়ান্তৰ হৈ কেন্দ্ৰীয় চৰকাৰে এখন সমিতি গঠন কৰে। সমিটিয়ে সিদ্ধান্ত দিয়ে যে এটা শোধনাগাৰ বাৰাউনী আৰু আনটো ধুবুৰীত স্থাপন হওক। আনহাতে, আছাম অইল কোম্পানিয়ে কলিকতা আৰু বাৰাউনীত শোধনাগাৰ পাতিব বিচাৰে। কিন্তু ভাৰত চৰকাৰে অসমৰ দাবী উপেক্ষা কৰি বিহাৰৰ বাৰউনীতহে শোধনাগাৰৰ স্থান নিৰ্বাচন কৰে। ফলত অসমত প্ৰবল জনজাগৰণৰ সৃষ্টি হয়। অসম চৰকাৰ আৰু বিৰোধী দলেও এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰে। ১৯৫৬ চনৰ ৩ এপ্ৰিলত বিধান সভাই সৰ্বসন্মতিক্ৰমে শোধনাগাৰৰ স্থান বাৰাউনীৰ পৰিবৰ্তে অসমতহে হ'ব লাগে বুলি সিদ্ধান্ত লয়। এনে অৱস্থা হয় যে কেন্দ্ৰীয় চৰকাৰৰ আঁকোৰগোজ মনোভাব দেখি স্বয়ং অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াই শোধনাগাৰৰ দাবীত প্ৰধানমন্ত্ৰী নেহৰুক পদত্যাগৰ প্ৰস্তাৱৰ কথা দোহাৰে। শেষত অসমৰ দাবীক সেও মানি ১৯৫৭ চনৰ ৬ ডিচেম্বৰত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰজ্বালক মন্ত্ৰী চৰণ সিঙে এটা শোধনাগাৰ অসমত স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে। সেই মৰ্মে নুনমাটীত শোধনাগাৰটোৰ (তেনেই কম ক্ষমতাসম্পন্ন) স্থান নিৰূপণ কৰা হয়। লগতে বৃহৎ ক্ষমতাসম্পন্ন আন এটা ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ বাৰাউনীত পতাৰ সিদ্ধান্ত লোৱা হয়। ১৯৬২ চনত চীন আক্ৰমণৰ সময়ত ভাৰতে এখন এখনকৈ প্ৰতিখন যুদ্ধত পৰাজয় বৰণ কৰি পিছুৱাই আহিলেও অসমৰ জনসাধাৰণে দেশৰ সেনাবাহিনীৰ প্ৰতি আস্থা হেৰুওৱা নাছিল। সেই সময়ত আৰ্থিকভাৱে জুৰুলা হোৱা দেশৰ প্ৰতিৰক্ষা পুঁজিলৈ অসমৰ জীয়ৰী-বোৱাৰীয়ে গাৰ অলংকাৰপৰ্যন্ত দান দিয়াৰ দৃষ্টান্ত ৰাখি থৈ গৈছে। ১৯৬২ চনৰ ৫ মাৰ্চত বিত্তমন্ত্ৰী ফকৰুদ্দিন আলী আহমেদে অসমৰ জনগণে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ১৮.৬৫ লাখ টকা আৰু ৯৮৫৫.২০৭ গ্ৰাম সোণ দান দিয়া বুলি প্ৰকাশ কৰে।
তাৰ পাছতো অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মনোভাব বৰ বিশেষ উন্নত হ'ল বুলিব নোৱাৰি। ১৯৬৪ চনত সমগ্ৰ ভাৰতবৰ্ষত খাদ্য সংকটে দেখা দিয়ে। স্বাভাৱিকতে এই সংকটৰ প্ৰভাৱ অসমতো পৰে। ১৯৬৪ চনত অসমৰ পৰিসংখ্যা বিভাগে প্ৰকাশ কৰে, অসমত সেই বছৰ পৰ্যাপ্ত পৰিমাণৰ ধান উৎপন্ন হয়। এই পৰিসংখ্যাৰ আঁত ধৰি খাদ্য সংকটৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে ১৯৬৫ চনত কেন্দ্ৰীয় ভঁৰালৰপৰা অসমলৈ চাউলৰ যোগান বন্ধ কৰি আন প্ৰদেশক ভগাই দিয়ে। ইয়াৰ পিছৰ বছৰো অসমলৈ চাউল যোগানৰ ব্যৱস্থা পুনৰাবৃত্তি কৰাৰ প্ৰস্তাৱ ৰখা হৈছিল। তাৰ পৰিপ্ৰেক্ষিততে ১৯৬৮ চনৰ ৫ মাৰ্চত অসম বিধান সভাৰ বাজেট বিতৰ্কত আলোচনাৰ পাতনি মেলি সংযুক্ত বিধায়িনী দলৰ নেতা গৌৰীশংকৰ ভট্টাচাৰ্যই অসম চৰকাৰ আৰু অসমৰ জনগণে ভাৰত চৰকাৰৰপৰা প্ৰাপ্য আদায় কৰি লোৱাৰ সময় উপস্থিত হৈছে বুলি ক'বলৈ বাধ্য হয়। ইতিমধ্যে নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হয় ইন্দিৰা গান্ধী। অসমৰ ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা, মৰাণ আদিত প্ৰচুৰ তেল আৱিষ্কৃত হোৱাৰ ফলত আন এটা শোধনাগাৰৰ দাবীৰ উকমুকনি আৰম্ভ হৈছিল। ই আন্দোলনৰ ৰূপ লৈছিল সংসদত হেম বৰুৱাই অসমত তেল শোধনাগাৰৰ দাবী উত্থাপন কৰাৰ পিছত। আৰু তেতিয়াৰ পেট্ৰ’লিয়াম মন্ত্ৰী অশোক মেহতাই উৎপাদিত খাৰুৱা তেলৰ নাটনি আৰু বজাৰৰ বিষয় দোহাই দি অসমত নতুন তেল শোধনাগাৰ স্থাপনৰ সম্ভাৱনা নাই বুলি সংসদত জনায়। সেই সময়তে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ সাতটা তেল শোধনাগাৰ স্থাপন আৰু তাৰ স্থানৰ নাম ঘোষণা কৰে য’ত অসমৰ নাম নাছিল। ফলত অসমজুৰি তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়ে আৰু পুনৰ এটা জনজাগৰণৰ সৃষ্টি হয়। অসম চৰকাৰেও এই দাবীক সমৰ্থন কৰি কেন্দ্ৰক বিবেচনা কৰিবলৈ টানি অনুৰোধ জনায়। হেম বৰুৱাই সেই বছৰৰে জুলাই মাহত শোধনাগাৰৰ বিষয়টো সংসদত পুনৰ উত্থাপন কৰাত পেট্ৰ’লিয়াম মন্ত্ৰী ৰঘুমায়াই এই দাবী নাকচ কৰাত অসমত আন্দোলনে তীব্ৰ ৰূপ লয়। আমোদজনকভাৱে ১৯৬৯ চনৰ ২৭ জুনত ONGCৰ এক সমীক্ষাত প্ৰকাশ কৰা হ'ল যে অসমত মজুত থকা মুঠ খাৰুৱা তেলৰ পৰিমাণ পূৰ্বে অনুমান কৰা ৫১ নিযুতৰ মেট্ৰিক টনৰ পৰিবৰ্তে প্ৰকৃততে ১২ৰপৰা ২৫ নিযুত মেট্ৰিক টনহে। ইয়াৰদ্বাৰা বুজাই দিব বিচৰা গ’ল যে অসমে দাবী কৰা তৃতীয়টো শোধনাগাৰ চলাই নিবৰ বাবে খাৰুৱা তেলৰ নাটনি হ'ব। কিন্তু আন এক জৰীপত নিশ্চিত কৰা হৈছিল যে অসমৰ ভূগৰ্ভত মজুত খাৰুৱা তেলৰ পৰিমাণ ১২ ৰপৰা ২৫ নিযুত মেট্ৰিক টন নহয়, বৰং ৯১ নিযুত মেট্ৰিক টন। অৰ্থাৎ ডিগবৈ, নুনমাটী আৰু বাৰাউনী শোধনাগাৰলৈ খাৰুৱা তেল যোগান দিও অসমৰ তেল ১৫ৰপৰা ২০ বছৰলৈ ৰাহি হ'ব। সমীক্ষাৰ হিচাপ কোনটো জৰীপৰ সঠিক আছিল সেয়া অসমৰ তৈলক্ষেত্ৰৰ পৰৱৰ্তী ইতিহাস চালেই ফটফটীয়াকৈ বুজিব পাৰি। স্মৰ্তব্য যে বৰ্তমান অসমৰ নীলাম প্ৰসংগত চৰ্চা লৈ অহা ১২খন পৰিত্যক্ত তৈলক্ষেত্ৰত জমা থকা মুঠ তেলৰ পৰিমাণ প্ৰকাশিত চৰকাৰী হিচাপত ২১ নিযুত মেট্ৰিক টন। অৰ্থাৎ চৰকাৰী পক্ষই নিজৰ যুক্তি প্ৰতিপন্ন কৰিবলৈ উদ্দেশ্যপ্ৰণোদিত ভুৱা পৰিসংখ্যা কেনেদৰে ব্যৱহাৰ কৰে ইয়াতেই বুজিব পাৰি। সেয়ে বৰ্তমানৰ তৈলক্ষেত্ৰৰ নীলামৰ ক্ষেত্ৰত সচেতন মহলে এইবাবেই কেন্দ্ৰীয় চৰকাৰৰ হিচাপ-নিকাচক লৈ সন্দেহ ব্যক্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। যি কি নহওক, বহু যুঁজ-বাগৰৰ পাছত ১৯৬৯ চনৰ ৫ ডিচেম্বৰত লোকসভাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমত তৃতীয় এটা তেল শোধনাগাৰ হ'ব বুলি ঘোষণা কৰে। তথাপিও এই ঘোষণাটোৰ পাছৰ প্ৰায় এটা বছৰলৈ কোনো নিশ্চিতি পোৱা হোৱা নাছিল। বহু অনিশ্চয়তাৰ পাছত ১৯৭০ চনৰ ২০ অক্টোবৰত অসমৰ বঙাইগাঁৱত তেল শোধনাগাৰ স্থাপনৰ কথা চৰকাৰীভাৱে জানিব পৰা গ'ল। আৰু ঠিক ডেৰ বছৰৰ পাছতহে ১৯৭২ চনৰ ১৯ জানুৱাৰিত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে।
এইখিনিতে উল্লেখ কৰিবই লাগিব যে ৰে’লৱে'ৰ সদৰ কাৰ্যালয় স্থানান্তৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং আৰু অসমত দুটাকৈ তেল শোধনাগাৰ স্থাপনৰ দাবীত যি সফল গণ আন্দোলন হৈছিল তাৰ নেতৃত্ব লৈছিল হেম বৰুৱা, গৌৰীশংকৰ ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰী আদিৰ দৰে বাঁও-মতাদৰ্শৰ অসমীয়া জাতীয়তাবাদী লোকসকলে। আনহাতে দেখা যায়, মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰপৰা শৰৎ সিংহ ডাঙৰীয়ালৈ অসমৰ চৰকাৰসমূহে ৰাজ্যৰ প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে মুকলিকৈ স্থিতি ল'ব পাৰিছিল বা চৰকাৰসমূহ নীতিৰ ক্ষেত্ৰত সম্পূৰ্ণ কেন্দ্ৰনিৰ্ভৰ নাছিল। কিন্তু মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰপৰা অসম চৰকাৰসমূহ সকলো ক্ষেত্ৰতে কেন্দ্ৰীয় চৰকাৰ-নিৰ্ভৰ হৈ পৰিল। এই 'নীতি' আজিও অপৰিবৰ্তিত হৈ আছে।

ইয়াৰ পাছৰ সময়ত অবৈধ প্ৰব্ৰজন আৰু উন্মুক্ত বাংলাদেশ সীমা সমস্যাৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পৃথিৱী কঁপোৱা অসম আন্দোলন আৰু তাৰ পাছত অসমৰ স্বাধীনতাৰ দাবীত আলফাৰ সশস্ত্ৰ প্ৰতিবাদ আৰম্ভ হয়। অসম আন্দোলনৰ মাজতে ১৯৮৩ চনৰ ১৫ ডিচেম্বৰত Foreign Act, 1946 থকাৰ পাছতো কেৱল অসমৰ বাবে প্ৰযোজ্য বিতৰ্কিত IMDT Actখন চৰকাৰে বলবৎ কৰে। তাৰ বহু বছৰৰ পাছত যিখন আইন ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰাত প্ৰত্যাহাৰ কৰিবলগা হয়। সেই বিষয়ে বহলাই লিখাৰ প্ৰয়োজন নাই যে অসম আন্দোলন আৰু আলফাৰ সশস্ত্ৰ পন্থা, এই দুয়োটা প্ৰতিবাদত উগ্ৰজাতীয়তাবাদী কৰ্মকাণ্ডৰ মুকলিকৈ আত্মপ্ৰকাশ ঘটিল আৰু ফলত অসমৰ জাতীয় জীৱনলৈ যে ভয়ংকৰ ক’লীয়া ডাৱৰ কঢ়িয়াই আনিছিল সেইটোও বুজোৱাৰ প্ৰয়োজন নাই আজি। অত্যধিক আৱেগৰে পৰিচালিত অসম আন্দোলনত উগ্ৰজাতীয়তাবাদৰ সুৰুঙাৰে প্ৰৱেশ ঘটা হিন্দুধৰ্মীয় শক্তিৰ প্ৰভাৱত আন্দোলনৰ সময়ত সংঘটিত হয় অসমৰ ইতিহাস কলংকিত কৰা নেলীৰ গণহত্যা। আনহাতে, উগ্ৰ আন্দোলনকাৰীৰ হাতত কেৱল মতাদৰ্শৰ সংঘাতৰ বাবেই নিৰ্যাতিত আনকি মৃত্যুপৰ্যন্ত হ'বলগা হয় অসমৰে বাঁও মতাদৰ্শৰ বহু লোকৰ। আনহাতে, আলফাৰ দৰে সশস্ত্ৰপন্থীৰ হাতত বহু নিঃকিন লোক মৃত্যুমুখত পৰে। এই দুয়োটা আন্দোলনত হোৱা ভুল-ত্ৰুটিবোৰৰ বিশদ আলোচনা নকৰিও ক'ব লাগিব যে সেইবোৰ আছিল অসমীয়া জাতীয় জীৱনৰ বাবে ঐতিহাসিক ভুল আৰু ইয়াৰ ফলস্বৰূপে জন্ম লৈছিল বা জন্ম দিয়া হৈছিল জাতিৰ বাবে অতি ক্ষতিকাৰক এক সুবিধাবাদী শ্ৰেণী, যাৰ বাবে ধন আৰু ক্ষমতাই শেষ কথা। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হোৱা এই আন্দোলনত, যেনেদৰে অসম আন্দোলনত ৮৫৫জন আৰু আলফাৰ প্ৰায় ১৫ হাজাৰ বিদ্ৰোহী অসমীয়া ডেকাই প্ৰাণ আহুতি দিবলগা হয়, সেয়া দেশৰ নাগৰিক হিচাপে দুৰ্ভাগ্যজনক আৰু অপমানজনকো। প্ৰতিবাদ দমনৰ নামত অসমৰ জনতাৰ ওপৰত দেশৰ সেনাই যিদৰে অবৰ্ণনীয় নিৰ্যাতন-নিপীড়ন চলাইছিল, সন্দেহৰ ভিত্তিতে ৰাজপথত থিয় কৰি অসমীয়া যুৱকক নিৰ্বিচাৰে গুলী কৰি মাৰিছিল সেই কথা কোনো বিবেকৱান অসমীয়াই পাহৰিব নোৱাৰে। অপাৰেচন বজৰং-ৰাইনো, ইউনিফাইড কমাণ্ডৰ নামত হাজাৰজন অসমীয়াক হত্যা, অনেক ৱোৱাৰী-জীয়ৰী ধৰ্ষণৰ বলি হ'ল। এইখিনিতে উল্লেখযোগ্য যে আলফাৰ হাতত সাধাৰণ লোকৰ মৃত্যুত গা নলৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ বৃহৎ চাহ লবিক লক্ষ্য কৰি লোৱাৰ লগে লগে অসমৰ নিৰ্বাচিত চৰকাৰখনক এৰাতিৰ ভিতৰতে বৰ্খাস্ত কৰি অসমলৈ সামৰিক শাসনৰ বিভীষিকা নমাই আনিলে। আনকি চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ১৯৯৯ চনৰপৰা ২০০১ চনলৈ অসমত লোকচক্ষুৰ আগতে সংঘটিত কৰা হৈছিল "গুপ্তহত্যা" – এলানি ভয়াৱহ হত্যাকাণ্ডৰ।

অসম আন্দোলনৰ সমাপ্তি ঘটাই ১৯৮৫ চনৰ ১৫ আগষ্টৰ মাজনিশা আন্দোলনৰ নেতৃবৃন্দৰ লগত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দি এক 'ঐতিহাসিক' চুক্তিত স্বাক্ষৰ কৰে। বিধিৰ বিপাক, এসময়ত অসমীয়াৰ বাবে অতি আগ্ৰহৰ কেন্দ্ৰীয় চৰকাৰে অসমক যি 'অসম চুক্তি' উপহাৰ দিছিল তাৰ মূল উদ্দেশ্যকে নস্যাৎ কৰি আজি চৰকাৰে বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে কেৱল ৰাজনীতিৰ বাবে। অসম চুক্তিত ভাৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে আজি ৩১ বছৰ পিছতো ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ছিল কৰাৰ কাম সম্পূৰ্ণ কৰা নহ'ল। অসমৰ জনসাধাৰণৰ প্ৰয়োজনত সজা বগীবিল দলং আজি পোন্ধৰ বছৰতো অসম্পূৰ্ণ হৈ ৰোৱাৰ পৰিৱৰ্তে সামৰিক প্ৰয়োজনত লগা প্ৰায় ১০ কি. মি. দৈৰ্ঘ্যৰ ধলা-শদিয়া ব্ৰিজখন পাঁচ বছৰতে সম্পূৰ্ণ হোৱাৰ পথত। অসমৰ নিজা পণ্যৰে চলিবলগীয়া গেছ ক্ৰেকাৰৰ দৰে সম্ভৱনাপূৰ্ণ উদ্যোগটো সম্পূৰ্ণ হৈ নুঠিল। আলফাক দমন কৰিলে, কিন্তু তাৰ আঁৰৰ ৰাজনৈতিক প্ৰশ্নবোৰ জীয়াই ৰাখিলে উদ্দেশ্যপ্ৰণোদিতভাৱে।
অসমৰ বানপানী সমস্যা, বৃহৎ নদীবান্ধৰ বিভীষিকা আদিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰসমূহৰ মনোভাবৰ কথা আজি সকলোৰে সন্মুখত জল জল-পট পট। অসমৰ ক্ষেত্ৰত এটা অতি প্ৰচলিত অজুহাত আছে যে অসমত কোনো বৃহৎ পুঁজিপতিয়ে উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী নহয় অঞ্চলটোৰ অশান্ত পৰিস্থিতিৰ বাবে। কিন্তু এতিয়া চৰকাৰী ভাষ্যত যোৱা এটা দশক ধৰি অসমত শান্তিৰ বাতাৱৰণ প্ৰচাৰিত হোৱাৰ পাছতো আৰু বিশেষ ৰাজ সাহায্যৰ পেকেজ ঘোষণা কৰাৰ পাছতো কোনো লেখত ল’বলগীয়া উদ্যোগ স্থাপন নহ'ল।
১৯৯১ চনত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ কালত ‘পূবলৈ চোৱা নীতি’ ( Look East Policy) হাতত লৈছিল। তেতিয়াৰপৰা আজি ২৫ বছৰে এই নীতিৰ আধাৰত নানা কাৰ্যসূচী, কৰ্মপন্থা গ্ৰহণ আৰু প্ৰকল্প ৰূপায়ণ হ’ল যদিও ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ২০০৪ চনত পূবলৈ চোৱাৰ নামত আছিয়ান কাৰ ৰেলি উদ্ঘাটন ক্ষেত্ৰ (Event Site) পতাৰ বাহিৰে উল্লেখনীয় একো কামেই হোৱা নাই। ১৯৯১ চনৰপৰা প্ৰতিখন কেন্দ্ৰীয় চৰকাৰে পূবলৈ চোৱা নীতি আধাৰত উত্তৰ-পূবৰ অঞ্চলটোৰ প্ৰভূত পৰিমাণৰ উন্নতিৰ সপোন দেখুৱাই আভুৱা ভাঁৰি আহিছে। কিয়নো ইয়াৰ মূল উদ্দেশ্য, এই নীতিৰ আধাৰত দক্ষিণ-পূবৰ দেশসমূহৰ লগত কেইবাখনো বৈদেশিক বাণিজ্য চুক্তি কৰি সেই দেশসমূহৰ লগত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ কমি যোৱা হাৰৰ গতি ঊৰ্ধ্বমুখী কৰাৰ কাম প্ৰায় সফল হৈছে। এই নীতিৰ জৰিয়তে ২০০৩ চনলৈ ভাৰতৰ বৈদেশিক বাণিজ্য ১৯৯০ চনৰ ৪০ হাজাৰ নিযুত ডলাৰৰপৰা ১৪০ হাজাৰ নিযুত ডলাৰ হয়গৈ। এই বেহা-বেপাৰৰ ৯৯% শতাংশ আদান-প্ৰদান আজিলৈকে বংগোপসাগৰীয় নৌ পথেৰে চলাই অহা হৈছে। অৰ্থাৎ 'পূবলৈ চোৱা' নীতিৰ আধাৰত সংঘটিত বেপাৰ-বাণিজ্য ভাৰতৰ উত্তৰ-পূবৰ বাট-পথৰ ওপৰত নিৰ্ভৰশীল নহয় বাবেই এতিয়ালৈ এই অঞ্চলৰ ৰে’লপথ, বাট-পথ, বিমান সেৱা উন্নীতকৰণ, কৃষিক্ষেত্ৰৰ উন্নয়ন, ঔদ্যোগীকৰণ আদি আৱশ্যকীয় আন্তঃগাঁথনিৰ নিৰ্মাণ সুদীৰ্ঘ পঁচিছ বছৰে কৰা নহ'ল। বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই এই 'লুক ইষ্ট পলিচি'ৰ নাম পৰিবৰ্তন কৰি 'এক্ট ইষ্ট পলিচি' কৰিছে নতুন প্ৰতিশ্ৰুতিৰে। কাৰ্যতঃ কি হয় সেয়া সময়েহে ক'ব।
গতিকে দেখা যায় ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ তথা অতি কেন্দ্ৰীয় শাসক লবিটোৰ সম্পদৰে ভৰপূৰ অসমৰ প্ৰতি অতীজৰেপৰা মনোভাব কেনে তাক বুজাত অসুবিধা নহয়। ভাৰতৰ যিকোনো স্থানৰ লোকৰ অসমৰ বিষয়ত জ্ঞান নাই বুলিলেই হয় বা যি অলপ-অচৰপ জানে সেয়াও বেছি ঋণাত্মকধৰণৰ। ইয়াত বেয়া পাই লাভ নাই। কাৰণ আমাৰ প্ৰাথমিক শিক্ষাব্যৱস্থাত ভাৰতৰ আন ৰাজ্যৰ বিষয়ে থাকিলেও আন ৰাজ্যসমূহৰ শিক্ষাব্যৱস্থাত অসম বা উত্তৰ-পূবক জানিবলগীয়া বিষয় হিচাপে ধৰা নহয়। সেয়ে আমি আচৰিত হ'লেও তাৰ প্ৰাপ্তবয়স্ক এজন লোকে অসমখন ম্যানমাৰত অৱস্থিত বুলি ভবাটো তেনেই সাধাৰণ কথা।
সেয়েহে এনে গুৰুত্বহীনতাৰ মাজত জাতি হিচাপে বৰ্তি থাকিবলৈ অসমীয়া জাতিয়ে সকলো সময়তে সচেতনতা অৱলম্বন কৰাৰ প্ৰয়োজন আৰু তাৰ বাবে অৱশ্যক এক সুস্থ গণতান্ত্ৰিক জাতীয়তাবোধৰ তথা বাস্তৱমুখী বাঁও-জাতীয়তাবাদৰ – যাৰদ্বাৰা আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে সদায় গৌৰৱৰে চিনাকি দি যাব পাৰো। আৰু তাৰ বাবে আমি আমাৰ জাতীয় জীৱন কৰ্মমুখী কৰি তোলাৰ আটাইতকৈ প্ৰয়োজন।
আমাৰ অনুভৱ, এই বহল আৰু জটিল বিষয়টো কেৱল এবাৰ চৰ্চা কৰি শেষ সিদ্ধান্তত উপনীত হোৱা নিশ্চয় সম্ভৱ নহয়। তথাপি আশা কৰিছোঁ, এই সংখ্যাৰ অতিথি চ'ৰা শিতানত সান্নিৱিষ্ট লেখাসমূহে পাঠক, বিশেষকৈ বৰ্তমানৰ প্ৰজন্মক প্ৰশ্নৰ সঠিক উত্তৰৰ সন্ধানত কিঞ্চিত হ'লেও যোগাত্মক অৰিহণা যোগাবলৈ সমৰ্থ হ’ব। সৰ্বশেষত আলোচনীৰ কামত আমাক প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আগ বঢ়োৱা লেখক টুনুজ্যোতি গগৈ, লেখক আবিদ আজাদ, বিশিষ্টা লেখিকা বৰ্ণালী বৰুৱা আৰু আলোচনী গোটৰ সদস্য/সদস্যা জুমী বসুমতাৰী শৰ্মা, ৰেহনা চুলতানা, হিৰু শৰণীয়া, সুদৰ্শন বৰবৰা, নিকু দুৱৰালৈ আন্তৰিক ধন্যবাদ জনালোঁ। কৃতাৰ্থ হৈ ৰ'লো বিভিন্ন ব্যস্ততাৰ মাজতো লেখা দি আলোচনীখন সমৃদ্ধ কৰা অসমৰ বিশিষ্ট বুদ্ধিজীৱীসকলৰ লগতে সমূহ লেখক তথা 'মুক্ত চিন্তা' গোটৰ ওচৰত।

Share Button
Print Friendly, PDF & Email

2 Comments : "অতিথি সম্পাদকৰ কলম- (মনোজ কুমাৰ মহন্ত)"

  1. Hirak Das

    আপোনালৈও আন্তৰিক ধন্যবাদ জনালোঁ মনোজদা আমাক অতিথি চ'ৰা শিতানটো বহু কষ্টেৰে সম্পাদনা কৰি দিয়াৰ বাবে ৷ লগতে এই সংখ্যাৰ অতিথি চ'ৰা শিতানত সান্নিৱিষ্ট লেখাসমূহ বহুত ভাল হ'ব বুলি মনে কয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *