বেজবৰুৱা মানুহজন - (মনজিতা শইকীয়া)

লক্ষ্মীনাথ বেজবৰুৱাৰ 'মোৰ জীৱন সোঁৱৰণ'ৰ প্ৰতিটো বৰ্ণনাৰ মাজতে বেজবৰুৱা মানুহজনৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটিছে বুলি ক’ব পাৰি । বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ আত্মজীৱনী হিচাপে স্বীকৃত ৰচনাৰ ক্ষেত্রত দেখা যায় যে সেই আত্মজীৱনীসমূহত লেখকে নিজৰ জীৱনটোক বৰ নিৰ্মমভাৱে সত্যৰ আলোকত উদঙাই দিছে। সঁচাৰ প্ৰতি থকা অনুৰক্তিয়ে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাবোৰক ছপা পৃষ্ঠাত জিলিকাই তোলে। লক্ষ্মীনাথ বেজবৰুৱাইও তেওঁৰ জীৱন সোঁৱৰণত শৈশৱ-কৈশোৰৰ বিভিন্ন ঘটনা বৰ্ণনা কৰোঁতে নিজৰ দুৰ্বলতা-সৰলতা নিঃসংকোচে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে।

এজন স্বাভাৱিক শিশুৰ দৰেই বেজবৰুৱা ডাঙৰ হৈছিল। বৰপেটাত থকা কালছোৱাত বাৰিষা চোতালৰ পানীত খেদখেদাই থকাৰপৰা সুতুলি বজাই অভিভাৱকসদৃশ ৰবিককাক বিৰক্ত কৰা, লুকাই-চুৰকৈ সাঁতোৰা, ভাওনা কৰা আদি কথাই তাৰে প্ৰমাণ দাঙি ধৰিছে।

বেজবৰুৱাৰ আছিল অদম্য স্বাধীনতা স্পৃহা। শিক্ষকৰ কঠোৰ শাসনেৰে পৰিবেষ্টিত স্কুলৰ পৰিবেশনত তেওঁ কোনো আনন্দ বা আকৰ্ষণ বিচাৰি পোৱা নাছিল। সেয়ে তেওঁ সৰস্বতী পূজাৰ আনন্দময় পৰিবেশত কৈ উঠিছিল—

"দেৱী সৰস্বতীৰ বছেৰেকীয়া পূজাৰ উৎসৱ ছাতৰসকলৰ পক্ষে কেনে আনন্দময় হয়—তেওঁৰ দৈনিক পূজাও যদি ছাতৰসকলৰ পক্ষে তেনে আনন্দময় হ'লহেঁতেন, তেন্তে তেওঁৰ অক্ষয় জ্ঞান ভাণ্ডাৰৰপৰা জ্ঞান ৰত্নৰ সম্ভাৰ হৰিষ মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হ'ব পাৰিলহেঁতেন।"

প্ৰকৃতিৰ মুকলিমূৰীয়া পৰিবেশৰ প্ৰতি বেজবৰুৱাৰ আছিল প্ৰবল হেঁপাহ। সুবিধা পালেই তেওঁ পঢ়া-শুনাৰ ৰুক্ষ জগতখন এৰি প্ৰকৃতিৰ মুকলিমূৰীয়া পৰিবেশলৈ ঢাপলি মেলিছিল। তেওঁৰ এই হেঁপাহ পাছৰ পৰ্যায়ত লিখা ‘মুক্তি’ নামৰ গল্পটোত সুন্দৰকৈ প্ৰতিফলিত হৈছে। পঢ়াত চোকা বুদ্ধিৰ নাছিল বুলি বেজবৰুৱাই নিজেই স্বীকাৰ কৰি গৈছে। তেওঁ নিজৰ ঘৰত ৰক্ষণশীল পৰিবেশৰ মাজত থাকি বৈষ্ণৱ সত্ৰৰ সকলো নিয়ম পালন কৰি পঢ়াৰ ক্ষেত্রত যৎসামান্য চেষ্টাহে চলাইছিল বাবে হয়তো বেজবৰুৱাৰ পঢ়াৰ প্ৰতি বিশেষ অনুৰাগ গঢ় লোৱাৰ কোনো সুবিধাই হোৱা নাছিল আৰু সেই কথা তেওঁ পাকে-প্ৰকাৰে প্ৰকাশ কৰিছে। সেই সময়ত অসমীয়া মানুহৰ ফোঁপোলা ভেমক ব্যংগ কৰি গল্প লিখা লক্ষ্মীনাথ আছিল এজন মিছা ভেম-অহংকাৰবৰ্জিত মানুহ। নিজৰ উপনয়নৰ বৰ্ণনাৰ মাজত আমি বেজবৰুৱা মানুহজনৰ সংস্কাৰকামী মনটোৰ পৰিচয় পাওঁ। ৰক্ষণশীল সমাজখনৰ অন্তঃসাৰশূন্যতা তেওঁ নিঃসংকোচে উদঙাই দেখুৱাইছে ।

চিত্ৰ বিদ্যাৰ প্ৰতি বেজবৰুৱাৰ বিশেষ অনুৰাগ আছিল। শিৱসাগৰৰ কীৰ্তন ঘৰ আৰু বেৰত অঁকা চিত্ৰসমূহৰপৰা সেই কথা বুজিব পাৰি। বেজবৰুৱাৰ ব্যক্তিত্বৰ স্বকীয় বৈশিষ্ট্য হ'ল আত্মসমালোচনা। যিটো আমি এতিয়া ব্যক্তিৰ মাজত দেখিবলৈ নাপাওঁ। তেওঁ নিজকে লৈ হাঁহিব পাৰিছিল। তদুপৰি পিতৃৰপৰা উত্তৰাধিকাৰী সূত্ৰে তেওঁ লাভ কৰিছিল এটা উদাৰ মন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি ঐকান্তিক ভক্তি। স্পষ্টবাদিতা তেওঁৰ আন এটা বৈশিষ্ট্য আছিল। ওৰে জীৱন মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি আকৃষ্ট হৈও তেওঁ স্বীকাৰ কৰিছিল পৰিমিত পৰিমাণে মদ্যপান কৰা আৰু মুৰ্গী মাংস খোৱাৰ কথা। স্পষ্টবাদী বেজবৰুৱাই শিক্ষকসকলৰ ক্ষেত্রতো কোনো বিনয় প্ৰদৰ্শন নকৰি স্পষ্ট ভাষাত সমালোচনা কৰিছিল। সূক্ষ্ম পৰ্যবেক্ষণ শক্তিৰ পৰিচয় জীৱন সোঁৱৰণৰ পাতে পাতে পোৱা যায়। শিক্ষক এজনৰ বৰ্ণনা তেওঁ এনেদৰে দিছিল, "তেওঁ কথা কওঁতে খোনাই খোনাই কথা কৈছিল আৰু প্ৰত্যেকবাৰ কথা কওঁতে, অ'কৰ্চ অ'কৰ্চ (Of course) শব্দটোৰ পোহ ইমানকৈ দিছিল যে শিৱসাগৰ জিলাৰ বানমুখ নামৰ গাঁৱৰ গাখীৰ বেচোঁতা মানুহে গাখীৰত পানী দি বেচিবলৈ অনা গাখীৰৰ দৰে তাত তিনি ভাগ অ'কৰ্চ পানীৰ পোহ কৰিছিল।" অৱশ্যে পাছৰ জীৱনতো আত্মসন্মানবোধ বজাই ৰাখিবলৈ সকীয়াই দিয়া শিক্ষক চন্দ্ৰমোহন গোস্বামীৰ প্ৰতি থকা শ্ৰদ্ধা তেওঁ প্ৰকাশ নকৰাকৈ থকা নাই।

বেজবৰুৱা মানুহজনৰ ব্যক্তিত্বৰ এটা মন কৰিবলগীয়া দিশ হ'ল অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি থকা গভীৰ আন্তৰিকতা। অন্য সংস্কৃতিৰ অন্ধ অনুকৰণত নিজৰ সংস্কৃতিক পাহৰণিৰ গৰ্ভলৈ নিক্ষেপ কৰাৰ প্ৰচেষ্টাক তেওঁ সহ্য কৰিব নোৱাৰিছিল। সেয়েহে তিথিৰাম বায়নৰ যাত্ৰা গানৰ প্ৰভাৱে উজনি অসমত অংকীয়া নাটৰ ঠাই কিদৰে লৈছিল আৰু অসমীয়া সমাজত কিদৰে প্ৰভাৱ পেলাইছিল তাক তেওঁ ক্ষোভেৰে উল্লেখ কৰিছে। তেওঁ আনকি পাছত নিজৰ বাংলা কবিতা লেখাৰ প্ৰচেষ্টাকো ব্যংগ কৰিছে ।

বেজবৰুৱা আত্মনিৰ্ভৰশীল আৰু আত্মসন্মানবোধ থকা ব্যক্তি আছিল। বিয়াৰ যৌতুক নোলোৱা প্ৰসংগটো সেয়েহে তেওঁ গৌৰৱেৰে উল্লেখ কৰিছে । মাতৃ-পিতৃৰ প্ৰতি বেজবৰুৱাৰ অন্তৰত আছিল অপৰিসীম শ্ৰদ্ধা। বহুত ক্ষেত্ৰত এই শ্ৰদ্ধা তেওঁ প্ৰকাশ কৰিছে । তেওঁৰ বাবে নিজ পিতৃ আছিল এজন আদৰ্শ ব্যক্তি। সেয়েহে পিতৃৰ বিভিন্ন কাৰ্যৰ মাজেৰে পৰিস্ফুট হোৱা উদাৰতা, বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা নিষ্ঠা আদি প্ৰকাশ কৰিছে।

নিজ ভাষা, নিজ জাতিৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাৰ গভীৰ ভালপোৱা আৰু দায়িত্ববোধ আছিল। 'জোনাকী'ৰ জন্মৰ ক্ষেত্ৰত তেওঁ লোৱা মুখ্য ভূমিকাই এই কথাৰ প্ৰমাণ দাঙি ধৰে। ওৰে জীৱন বংগত থাকিও তেওঁ বিদেশী প্ৰভাৱৰ বিৰুদ্ধে বিদ্ৰোহী আছিল। তেওঁ কলিকতাৰ জন অৰণ্য বা সম্বলপুৰৰ হাবিত থাকিলেও মনটো ঘূৰি ফুৰিছিল অসমৰ হাবিয়ে-বননিয়ে। বঙালীৰ সুস্বাদু মিঠাইৰ আগত তেওঁৰ জিভাই সোঁৱৰে অসমীয়া কাঁহুদী-খাৰলি । তেওঁৰ মনটো কুৰুকি কুৰুকি কেৱল অসমৰ ফালে সোমাই আহে।

স্বদেশপ্ৰীতি, স্বদেশানুৰাগ তেওঁৰ সাহিত্যৰ প্ৰতিটো শব্দৰ মাজতে উদ্ভাসিত হয়। তেওঁৰ ধেমেলীয়া ৰচনাৰপৰা আধ্যাত্মিক ৰচনালৈকে সকলোৰে মূলভাব স্বদেশপ্ৰীতি। নিভাঁজ ঘৰুৱা অসমীয়া শব্দৰে তেওঁ সকলো স্তৰৰ পাঠকৰ মন স্পৰ্শ কৰিছিল।

সামৰণিত ইয়াকে কওঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি-সম্বলিত আত্মজীৱনীখনৰ মাজত বেজবৰুৱা মানুহজনৰ বিভিন্ন দিশ সম্পৰ্কে আমি স্পষ্ট পৰিচয় পাওঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "বেজবৰুৱা মানুহজন - (মনজিতা শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *