পৰিবেশ-প্ৰকৃতি

মইনা চৰাই- (নন্দ গগৈ)

যোৰহাট জিলাৰ দক্ষিণাঞ্চলৰ ঠাইসমূহত ফাগুন মাহৰ আৰম্ভণিৰে পৰা মইনা চৰাইৰ কল-কাকলি শুনিবলৈ পোৱা যায়। এই সময়ত ফাগুনৰ লঠঙা ওখ গছ-বিৰিখত ইহঁতে গছৰ খোৰোং সন্ধান কৰি বিচৰণ কৰা দেখা যায়। চৰাইজনী দেখাত ঘৰ শালিকা চৰাইতকৈ কিছু ডাঙৰ। চিকমিকিয়া ক’লা বৰণৰ। ঠোঁট বাদামী ৰঙৰ। ঠেং হালধীয়া। ডেউকাৰ মাজত বগা পাখিৰ ৰেখা আছে। চকুহালৰ তলৰ পৰা ফুলৰ পাহিৰ দৰে এটুকুৰা সোণোৱালী ৰঙৰ মঙহ ওলমি থকা দেখা পোৱা যায়। এই শুৱনি চৰাইজনীৰ ইংৰাজী নাম Hill Myna (Grasula religiosa)।

চৰাইজনীৰ বিষয়ে দুই-এটা কথা জনাৰ ইচ্ছাৰে আমি সিহঁতৰ লক্ষ্য কৰিছিলোঁ। ইহঁতক নির্দিষ্ট উচ্চতাত (কিছু ওপৰত) এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰা দেখা পোৱা যায়। ফাগুন মাহৰ পৰা গছ-বিৰিখত কিছু তললৈ বিচৰণ কৰে যদিও খাদ্য সন্ধানৰ বাবে চাপৰ জোপোহা জাতীয় গছ-বিৰিখতো বিচৰণ কৰে। খোৰোঙত বাহ সাজি নির্জন পৰিৱেশত পোৱালী লালন-পালন কৰিবৰ বাবে ইহঁতে ওখ গছ-বিৰিখ নির্বাচন কৰে। বট, আঁহত, জৰী, নুনি, চোম আদি গছত খাদ্য সন্ধানৰ বাবে বিচৰণ কৰি সুহুৰিয়াই মাত মাতি চৰাইবিধে উপস্থিতিৰ জাননী দিয়ে। ফেব্রুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ আমাৰ প্ৰাকৃতিক পৰিৱেশত ইহঁতে বিচৰণ কৰা দেখা যায়। ইয়াৰ পিচৰ সময়ছোৱাত ইহঁতৰ উপস্থিতি সেৰেঙা হৈ পৰে। হয়তো শীত কালছোৱাত এই চৰাইবিধে নিৰৱতা অৱলম্বন কৰে আৰু ইহঁতৰ কল-কাকলি সেই সময়ত শুনা নাযায়। শীতৰ পৰা ৰক্ষা পাবলৈ হয়তো কোনোবা উপযুক্ত পৰিৱেশলৈ গৈ শীতকালছোৱা কটাই পুনৰ ফাগুন মাহৰ পৰা আমাৰ প্ৰাকৃতিক পৰিৱেশত দেখা দিয়েহি। আন চৰাইৰ তুলনাত এই চৰাই প্রজাতিটো প্ৰাকৃতিক পৰিৱেশত কম পৰিমাণে আছে। এই চৰাইবিধ বিলুপ্তিৰ দিশলৈ গতি কৰা এবিধ লেখত ল’বলগীয়া চৰাই। ওখ গছ-বিৰিখৰ অভাৱত এই শুৱনি প্ৰজাতিটো প্ৰজনন আৰু বংশ বৃদ্ধিৰ বাবে সংকটৰ গৰাহত পৰিছে।

আমাৰ প্ৰাকৃতিক পৰিৱেশত ওখ গছ-গছনিৰ পৰিমাণ লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে। ফাগুন মাহৰ সময়ত গিবন অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলতো মইনা চৰাইৰ কল-কাকলি শুনিবলৈ পোৱা যায়। এই অভয়াৰণ্যৰ ওখ গছ-বিৰিখত মইনা চৰাইৰ প্রজনন আৰু বংশবৃদ্ধিৰ এক সুচল পৰিৱেশ আছে। যিবিলাক ঠাইত এই চৰাই প্রজাতিটোৰ বিচৰণ আছে তাত গছ-বিৰিখ সংৰক্ষণত গুৰুত্ব প্রদান কৰিলে চৰাইবিধ জীয়াই থকাত সহায়ক হ’ব বুলি মনে ধৰে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *