ভাৰতীয় আধিপত্যবাদ, বঞ্চনাৰ ইতিহাস আৰু অসমৰ জাতীয় ভৱিষ্যত- (ৰক্তিম শৰ্মা)

কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনে অসমত সৰ্বভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটায়। এই সৰ্বভাৰতীয় জাতীয়তাবাদে অসমৰ উচ্চবৰ্ণৰ লোকসকলক আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ মূলতে আছিল কংগ্ৰেছৰ কৰ্মসূচীৰ মাজেৰে ভাৰতীয় উদাৰ আধ্যাত্মিক দৰ্শনৰ প্ৰসাৰ। হিন্দুধৰ্মী উচ্চবৰ্ণৰ লোকসকলক সহজেই এই কৰ্মসূচীবোৰে আকৃষ্ট কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আছিল অসমৰ উচ্চবৰ্ণৰ শিক্ষিত মধ্যবিত্ত। এই মধ্যশ্ৰেণীৰ উত্তৰণ মন কৰিবলগীয়া, কিয়নো এইসকলে কলিকতাত ইংৰাজী পঢ়ি নিজকে পোনতে ব্ৰিটেইনৰ মহাৰাণীৰ আদৰ্শ ভক্ত আৰু পিছলৈ মহাভাৰতীয় আৰ্যসংস্কৃতিৰ সেৱক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে ব্ৰাহ্ম ধৰ্মৰ দৰে উদাৰ-সংস্কাৰপূৰ্ণ ধাৰাবোৰো তেওঁলোকৰ মাজেৰেই অসমত প্ৰবেশ কৰিছিল। এয়া কোৱা বাহুল্য যে উগ্ৰ হিন্দুত্ববাদীসকলে ব্ৰিটিছৰ তৈলমৰ্দন কৰিলেও ভাৰতীয় হিন্দু দৰ্শনৰ আধাৰত গঢ়ি উঠা সৰ্বভাৰতীয় জাতীয়তাবাদে ব্ৰিটিছবিৰোধী আন্দোলনৰ এপাট অস্ত্ৰ হিচাপে কাম কৰিছিল। ঔপনিবেশিক সময়ত অসমত মধ্যবিত্ত শ্ৰেণীৰদ্বাৰা অসমীয়া জাতীয়তাবাদৰ প্ৰচাৰ আৰু অসমত সৰ্বভাৰতীয় জাতীয়তাবাদৰ প্ৰসাৰৰ মাজত সময়ৰ ব্যৱধান বৰ বেছি নহয়। মহাৰাণী ভক্ত আৰু আৰ্যভাৰতীয় সংস্কৃতিৰ সেৱক উচ্চবৰ্ণৰ বৰঘৰত অসমীয়া জাতীয়তাবাদৰ ফিউজন তৈয়াৰ হোৱা কাৰণেই আহোম আৰু কোচ শাসনৰ সময়ত গঢ়ি উঠা ঐতিহাসিক জাতি গঠন প্ৰক্ৰিয়াই সাৰ-পানী নোপোৱা হৈ পৰিল। জাতিগঠন হ’ব লাগিছিল প্ৰাক-ঔপনিবেশিক যুগৰ সেই ঐতিহাসিক বৃক্ষজোপাৰ ছাঁত, কিন্তু প্ৰসাৰ লভিল উচ্চবৰ্ণ হিন্দুবাদী মধ্যবিত্তৰ বৰঘৰৰ তলত। আনকি ভাষিক অসমীয়া জাতীয়তাবাদৰ এই কৰ্ণধাৰ এচাম আৰু শাসকশ্ৰেণীৰ আগ্ৰাসী ভূমিকা এনে ৰূপ ল'লে যে জনজাতিসকলে ইয়াক তেওঁলোকৰ স্বতন্ত্ৰ ঐতিহাসিক সত্তাৰ প্ৰতি উচ্ছেদৰ আশংকাবোধ কৰিবলৈ বাধ্য হ'ল আৰু স্বাভাৱিকতেই তাৰে প্ৰতিক্ৰিয়াত অসমৰ সমন্বয়ৰ সমাজ ভাঙি থানবান হৈ পৰিল। সেয়া যিয়েই নহওক লাগিলে, একীভৱন আৰু নিকটভৱনৰ মাজেৰে গঢ় লোৱা অসমীয়া জাতি গঠনৰ মাজেৰে গঢ় লোৱা ঐতিহাসিক সত্তাটোৰ মৃত্যু নহ'ল আৰু ই সমাজৰ কৃষক-শ্ৰমজীৱীৰ স্বাৰ্থ আৰু প্ৰয়োজনত জী থাকিল। এই ঐতিহাসিক ধাৰাটোক সাৰ-পানী দিছিল প্ৰগতিশীল শিক্ষিত মধ্যবিত্তসকলে আৰু কিছু পৰিমাণে জ্ঞান নাথ বৰা, অম্বিকাগিৰিৰ দৰে চৰম জাতীয়তাবাদত বিশ্বাসীসকলে।

ভাৰতীয় আগ্ৰাসী শ্ৰেণীটোৰ জন্ম হৈছিল ব্ৰিটিছৰ ঔৰসতেই। কংগ্ৰেছৰ নেতৃত্বৰ মাজতেই এই আগ্ৰাসী শ্ৰেণীটোৱে বিকাশ লাভ কৰিছিল। সকলো প্ৰান্তীয় ক্ষুদ্ৰ জাতিসত্তাৰ ঐতিহাসিক অধিকাৰক গচকি ভাষিক-সাংস্কৃতিক-ৰাজনৈতিকভাৱে এক কেন্দ্ৰীভূত ব্যৱস্থাৰ মাজলৈ আনিবলৈ বলপূৰ্বক সংযোগকৰণৰ যি ব্ৰিটিছ উপনিবেশিক কৌশল তাকেই বাহাল ৰাখিছিল এই আগ্ৰাসী শ্ৰেণীটোৱে। গ্ৰুপিঙৰ জৰিয়তে অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাক লৈ এফালে যেনেকৈ অসমৰ মধ্যশ্ৰেণীৰ কংগ্ৰেছ নেতৃত্বই ভাৰতৰ লগত থাকিমেই বুলি উঠি-পৰি লাগিছিল তাৰ বিপৰীতে কিন্তু আন এটা অকংগ্ৰেছী ধাৰাই সমান্তৰালভাৱে আগ বাঢ়ি গৈছিল। সেই ধাৰাটোৱে বুজিছিল যে ভাৰতীয় ব্যৱস্থাৰ লগত একেলগে থাকিলে অসমৰ থলগিৰি লোক নিৰাপদ নহ’ব। থলগিৰিৰ ভাষা-সংস্কৃতি-অৰ্থনীতি ভাৰতৰ সৈতে থাকিলে বিকাশ নহ’ব, বৰং এই কেন্দ্ৰীভূত ব্যৱস্থাই থলগিৰিৰ অস্তিত্বক গ্ৰাস কৰিব। পদ্মনাথ গোহাঞিবৰুৱাৰ উদ্যোগত আহোম সভা ১৮৯৩ চনত প্ৰতিষ্ঠা হয়। পিছলৈ কংগ্ৰেছ মতাদৰ্শী আহোম সভাৰ বহু নেতা-কৰ্মীয়ে আহোম সভা ত্যাগ কৰি পদ্মেশ্বৰ গগৈৰ পৌৰোহিত্যত জাতীয়তাবাদী আহোম কনফাৰেঞ্চ গঠন কৰে। ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি এন খাৰিন, খংখাই, পদ্মেশ্বৰ গগৈৰ নেতৃত্বত Assam Tribes and Races Federation গঠন হয়। পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এটা প্ৰস্তাৱ লোৱা হয় – “...the past history of Assam proper being never like that of the rest of India, this convention . . . urge upon Govt. that Assam be separated from the rest of India, where there are number of division like Pakistan, Hindustan etc. and let Assam's destiny be guided by the people of Assam.” সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল। আনকি সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে ভাৰতৰ সৈতে থকাতকৈ বিচ্ছিন্নতাৰ অধিকাৰ ভিত্তিত পাকিস্তানৰ সৈতে থকাতহে ইচ্ছুক আছিল। পূৰ্বস্বত্ব প্ৰয়োজন সাপেক্ষে বিচ্ছিন্ন হৈ অহাৰ অধিকাৰৰ ভিত্তিত। ভাৰতীয় আধিপত্যবাদে কেনেকৈ অসমৰ থলগিৰি জনতাক শংকিত কৰিছিল এয়াই তাৰ প্ৰমাণ।

ভৈয়াম জনজাতি লিগৰ নেতা সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে আনকি বংগদেশৰপৰা কোচবিহাৰ আৰু জলপাইগুৰি অসমৰ সৈতে সংযুক্ত কৰাৰ পোষকতা কৰিছিল। আনহাতে গোৰ্খা লিগেও দাৰ্জিলিং জিলা অসমৰ সৈতে সংযুক্ত কৰাৰ দাবী কৰিছিল। কাৰণ ঐতিহাসিকভাৱে অসমৰ সৈতেহে সম্পৰ্ক আছিল এইবোৰ অঞ্চলৰ। আহোম সভাত নীতিগত সংঘাত আৰম্ভ হোৱাৰ মূলতে আছিল সাৰ্বভৌম অসমৰ দাবী। সেয়ে ঠানুৰাম গগৈ, গিৰীন গগৈ, ৰামেশ্বৰ চেতিয়া বৰা আদিয়ে কংগ্ৰেছৰ ছত্ৰছায়াত এটা ফৈদ আৰু মদন চন্দ্ৰ বৰুৱা, ঘনকান্ত গগৈ, পদ্মেশ্বৰ গগৈৰ আদিৰ নেতৃত্বত অন্য এটা অকংগ্ৰেছী ফৈদ গঠন হৈছিল। পিছৰ ফৈদটোৱে শেষত Assam Tribes and Races Federation গঠন কৰিছিল। নগাসকলে তেতিয়াই সংযোগকৰণৰ বিৰোধীতা কৰি স্বতন্ত্ৰ নগাভূমিৰ ঘোষণা কৰিছিল, মিজোসকলে ভাৰতৰপৰা বিচ্ছিন্ন হৈ পৃথক মিজোভূমিৰ বাবে সংগ্ৰাম কৰিছিল। আগ্ৰাসী শ্ৰেণীটোৱে দেশ শাসনৰ অধিকাৰ পাই সামৰিক অত্যাচাৰ আনকি যুঁজাৰু বিমানেৰে বোমা বৰ্ষণ কৰি থলগিৰিৰ ধন-জন-সম্পত্তি ধ্বংস কৰি হ’লেও ঔপনিবেশিক দখল সাব্যস্ত কৰিবলৈ উঠি-পৰি লাগিল। মিজোৰামৰ নিৰীহ জনতাৰ ওপৰত যুঁজাৰু বিমানেৰে ভাৰতীয় সেনাবাহিনীৰ নিষ্ঠুৰ বোমা বৰ্ষণৰ ঘটনাত আজিও কোনো এজন প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে দুখ প্ৰকাশ কৰা দেখা নগ’ল। বিদ্ৰোহ দমনৰ নামত স্বদেশৰ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে বিমানৰে বোমা বৰ্ষণৰ দৰে কাণ্ডক অনুমোদন জনোৱাৰ আঁৰত কেনে মনোভাবে কাম কৰিব পাৰে তাক অনুমান কৰা কঠিন নহয়। ইয়াৰ পিছতো বিদ্ৰোহ দমনৰ নামত আন্তৰ্জাতিক আৰু দেশীয় আইনকো বুঢ়া আঙুলি দেখুৱাই উত্তৰ-পূবৰ ভূভাগৰ ওপৰত গান-শ্বিপেৰে বোমা বৰ্ষণ আৰু গুলী চলোৱা ঘটনা সংঘটিত হৈয়েই থাকিল।

জাতি সমস্যালৈ বিশ্বজুৰি চিন্তা-চৰ্চাৰ প্ৰসাৰ হৈছিল ২য় বিশ্বযুদ্ধৰ পিছৰ সময়তেই। ৰাছিয়াৰ কমিউনিষ্ট নেতা ভি আই লেনিনে বিশ্বৰ ক্ষুদ্ৰ জাতিবোৰৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ বাবে কমিউনিষ্ট আন্তৰ্জাতিকত সিদ্ধান্ত লৈছিল। পিছত স্তেলিনে এই জাতিৰ স্বনিৰ্ধাৰণৰ অধিকাৰক এক বিশেষ মাত্ৰা দি প্ৰতিটো নিৰ্যাতিত জাতিৰ নিজস্ব ৰাষ্ট্ৰ গঠন কৰাৰ অধিকাৰ আছে বুলি কমিউনিষ্ট পাৰ্টিৰ ৩য় আন্তৰ্জাতিকত ঘোষণা কৰে। জাতীয় স্বনিয়ন্ত্ৰণৰ অধিকাৰক সমৰ্থন কৰা মানেই প্ৰলেটাৰিয়েটৰ মাজত ভাঙোন সৃষ্টি কৰা আৰু এখন ৰাষ্ট্ৰৰ ভিতৰত থকা নিৰ্যাতিত জাতিবোৰৰ সংযোগকৰণ অৰ্থনৈতিকভাৱে প্ৰগতিশীল আৰু মিলিটেৰি নিৰাপত্তাৰ কাৰণেও সঠিক বুলি যি ধাৰণা চলি আহিছিল তাক লেনিনে অস্বীকাৰ কৰি কৈছিল যে “কমিউনিষ্ট পাৰ্টি সকলোধৰণৰ সংযোগকৰণৰ বিৰোধী। সমাজতান্ত্ৰিক সংগ্ৰামত বুৰ্জোৱাসকলক উচ্ছেদ কৰিবলৈ হ’লে নিৰ্যাতিত জাতিৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামৰ মাজেৰেহে শ্ৰমিক শ্ৰেণীৰ নিকট ঐক্য সম্ভৱ। সংযোগকৰণে যেতিয়া নিৰ্যাতিত জাতিৰ প্ৰলেটেৰিয়েটৰ সৈতে শাসক জাতিৰ প্ৰলেটাৰিয়েটৰ মাজত ফাক সৃষ্টি কৰে তেতিয়া সংযোগকৰণৰ প্ৰতিবাদ আৰু জাতীয় মুক্তি সংগ্ৰাম ভিন্ন জাতিৰ প্ৰলেটাৰিয়েটক ঐক্যবদ্ধ কৰাৰ প্ৰাথমিক চৰ্ত হ’ব পাৰে। আমাৰ দৃষ্টিভংগী অনুসৰি সংযোগকৰণে জাতীয় অধিকাৰ খৰ্ব কৰে আৰু এক কথাত ই জাতীয় অৱদমন।” ছোভিয়েটৰ সৈতে ভাৰতৰ মধুৰ সম্পৰ্কৰ পিছতো জাতি সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ভূমিকাই নল’লে স্বাধীন ভাৰত চৰকাৰে। আনকি নিজকে সমাজতান্ত্ৰিক আৰু মাৰ্ক্সবাদী বুলি কোৱা বাঁও শিবিৰৰ প্ৰবক্তাসকলেও জাতি সমস্যাবোৰক সদায় উপেক্ষা কৰি চলিল। অকল উপেক্ষা কৰাই নহয়, জাতীয় অধিকাৰৰ বাবে সংগ্ৰাম সৰ্বহাৰাৰ ঐক্যৰ বিৰোধী বুলি আৰু সংগ্ৰামৰতসকলক চি আই এৰ এজেন্ট আদি আখ্যা দি থলগিৰি জনতাৰ জাতীয় আশা-আকাংক্ষাক উপলুঙা আৰু উপেক্ষা কৰি গ’ল।

অসম-অসমীয়াৰ প্ৰতি কেন্দ্ৰৰ 'মাহীআই'ৰ দৃষ্টিভংগী বুলি সচৰাচৰ প্ৰচলিত কথা এটা আছে যদিও প্ৰকৃততে এয়া দৃষ্টিভংগীৰ কথা নহয়। কাৰ্যতঃ ই এক প্ৰতাৰণাৰ ইতিহাস। ৰাষ্ট্ৰ ব্যৱস্থাতেই জাতীয় অৱদমনৰ উপাদানবোৰ নিহিত আছে, ব্যৱস্থাটোৰ সলনি নকৰাকৈ কিবা শকত অংকৰ পেকেজ দিলেই জাতীয় অৱদমন শেষ হৈ নাযায়। ব্ৰিটিছে গঢ়ি থৈ যোৱা অৰ্ধ-উপনিবেশৰ ঠাইত পিছত বহুজাতিক বণিকৰ স্বাৰ্থ নিয়ন্ত্ৰণ কৰিব পৰা নব্য-উপনিবেশবাদ গঢ়ি উঠে। ব্ৰিটিছসকলে দেশ এৰি যোৱাৰ আগতেই ইয়াত একচেটিয়া পুঁজিৰ লালন কৰি গৈছিল। ক্ষমতা হস্তান্তৰৰ পিছত এই একচেটিয়া পুঁজিৰ লালন কৰে হিন্দী লবিৰ ক্ষমতাপুষ্ট আৰু বহুজাতিকৰ প্ৰভাৱাধীন ভাৰতীয় শাসক গোষ্ঠীয়ে। দিল্লীবাদী শাসক গোষ্ঠীয়ে এই একচেটিয়া পুঁজিৰ কেন্দ্ৰীকৰণ কৰে আৰু এই একচেটিয়া পুঁজিৰ কেন্দ্ৰীকৰণে এক ভাষা-এক ধৰ্ম-এক ৰাষ্ট্ৰ ধাৰণাৰে আধিপত্যবাদৰ জন্ম দিয়ে। জনতাৰ অ-সম বিকাশৰ মূল কেৰোণ এই একচেটিয়া পুঁজিৰ কেন্দ্ৰীকৰণ। ৰাষ্ট্ৰৰ অখণ্ডতাৰ শ্লোগান দি এই ব্যৱস্থাটোৱে সামৰিক ভাবুকিৰে প্ৰান্তীয় জাতিবোৰৰ অধিকাৰ পদদলিত কৰিবলৈ লয়। হিন্দী ভাষা আৰু উত্তৰ ভাৰতীয় সংস্কৃতি সম্প্ৰসাৰণৰ মাধ্যমেৰে এক ভাষা-এক ৰাষ্ট্ৰৰ আগ্ৰাসনেৰে ক্ষুদ্ৰ জাতিবোৰৰ ভাষিক-সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। এই ক্ষুদ্ৰ জাতি-জাতিসত্তাবোৰ দুইতৰপীয়া ঔপনিবেশিক হাতোৰাত বন্দী হৈ পৰে। প্ৰথম, বিশ্ব বহুজাতিক শক্তিৰ নব্য-উপনিবেশবাদ আৰু দ্বিতীয় দিল্লীবাদী আধিপত্যবাদৰ ফলত সৃষ্ট ভাৰতীয় উপনিবেশবাদ। উল্লেখ্য যে ব্ৰিটিছকালীন সময়ত অকল অসমৰ চাহ বাগানতহে বিদেশী বিনিয়োগ হৈছিল। এই লগ্নী পুঁজিক ৰক্ষণাবেক্ষণ দিয়া কেন্দ্ৰীয় চৰকাৰে পিছৰ পৰ্যায়ত ভিন্ন বহুজাতিক গোষ্ঠীৰ মাজত চাহ বাগানবোৰ ক্ৰয়-বিক্ৰয়ত দালালৰ ভূমিকাত অৱতীৰ্ণ হয়। যাৰ কোনো লাভ্যাংশত বা হস্তান্তৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণত মাটিৰ গৰাকী অসমৰ কোনো অধিকাৰ নাই। এনেধৰণৰ কাৰবাৰবোৰৰদ্বাৰা অসমত জাতীয় পুঁজি গঠনৰ সকলো সম্ভাৱনাক ধ্বংস কৰি দিয়া হ’ল। প্ৰাক-ব্ৰিটিছ উপনিবেশৰ যুগৰপৰা আৰম্ভ কৰি নব্য উপনিবেশ যুগলৈ এইদৰে ঢাপে ঢাপে অসমৰ থলগিৰি জনগণৰ হাতৰপৰা সকলো শিল্প বহিৰাগতৰ হাতলৈ গ’ল। সমগ্ৰ ভাৰতবৰ্ষতো এই ব্যৱস্থাই এক দালালি পুঁজিবাদৰ জন্ম দিলে। দেশৰ চৰকাৰ, আমোলাতন্ত্ৰ, ৰাজ্য চৰকাৰ, দেশীয় ধনী বণিক গোষ্ঠী সকলো এই দালালি পুঁজিৰ অংশীদাৰ হৈ পৰিল। আজিও ৰাষ্ট্ৰৰ সকলো নীতি নিৰ্ধাৰণ হয় এই দালালি পুঁজিৰ স্বাৰ্থত। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰপৰা কেঁচা মাল লুণ্ঠন কৰিব পৰা ব্যৱস্থা এটা জীয়াই ৰাখি ৰাষ্ট্ৰ দখল সাব্যস্ত কৰাই দিল্লী লবিৰ মূল উদ্দেশ্য। তাৰ বাবে তেওঁলোকক লাগে নব্য উপনিবেশ ব্যৱস্থাৰ কৰ্ণধাৰ দিল্লী লবিক তৈলমৰ্দন কৰিব পৰা কিছু লোক, ভাৰতীয় ব্যৱস্থাৰ প্ৰতি অনুগত কিছু শৰণাপন্ন-শৰণাৰ্থী জনসমষ্টি আৰু তাৰ বাবে সৃষ্টি হয় ডিভাইড এণ্ড ৰুল নীতিৰে থলগিৰিৰ মাজত বিভাজন আনিবলৈ নিত্য নতুন কৌশল। যাৰ বাবেই ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমৰ তদানীন্তন প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈক ভাবুকি পত্ৰ দি লিখিছিল যে অসমে বহিৰাগতৰ বোজা নল’লে সকলো কেন্দ্ৰীয় সাহায্য বন্ধ কৰি দিয়া হ’ব। এইজন জৱাহৰলাল নেহৰুৱেই চীনা আক্ৰমণত অসমক বিদায় দিছিল আৰু পিছত নিৰ্লজ্জৰ দৰে আহি ভাৰতীয় শাসনৰ খুঁটা পুতিছিল। ইয়াৰ যে পুনৰাবৃত্তি নহ’ব কোনে জানে? মন কৰিবলগীয়া চীনা আক্ৰমণৰ অন্যতম মুখ্য কাৰণ হিচাপে চীন সীমান্তত প্ৰধানমন্ত্ৰী নেহৰুৰ ফৰৱাৰ্ড পলিচি বা বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় সীমা ঠেলা কাৰ্যকে দায়ী বুলি চৰ্চিত হৈ আহিছে।

আজিও অসমৰ সম্পদহে কেন্দ্ৰৰ পছন্দৰ বিষয়। ছোভিয়েট বিশেষজ্ঞই তৈল ক্ষেত্ৰ অধ্যয়ন কৰি অসমত বৃহৎ আকাৰৰ তেল শোধানাগাৰ স্থাপন কৰাৰ পৰামৰ্শ ভাৰত চৰকাৰে খৰ্ব কৰি ১৯৬৪ চনত বিহাৰৰ বাৰাউনীত তেল শোধানাগাৰ স্থাপন কৰিছিল। কিন্তু তেল খাদৰ গাতে থকা ১৯০১ চনত ব্ৰিটিছে স্থাপন কৰা এছিয়াৰ প্ৰথমটো শোধনাগাৰ ডিগবৈ শোধনাগাৰৰ ক্ষমতা বঢ়োৱাৰ পৰিবৰ্তে অসমৰ তেল শোধন কৰিবলৈ সুদূৰ বাৰাউনীতহে নতুনকৈ বৃহৎ শোধনাগাৰ নিৰ্মাণ কৰা হ'ল। তেতিয়া অসমত উগ্ৰবাদো নাছিল, অশান্তিও নাছিল। তথাপি কিয় তেনে কৰা হৈছিল ? তাৰ উত্তৰ আছেনে কাৰোবাৰ হাতত ? পৰিবৰ্তে অসমৰ জনতাই আন্দোলন কৰাৰ ফলশ্ৰুতিত দুটা পুতলাসদৃশ ৰাজহুৱা খণ্ডৰ ক্ষুদ্ৰ শোধানাগাৰ প্ৰতিষ্ঠা কৰা হ'ল। আনহাতে, ১৯৯৯ চনতহে অসম আন্দোলনৰ ফলশ্ৰুতিত নুমলীগড় শোধনাগাৰটো স্থাপন কৰা হৈছিল। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ নিজেই শোধনাগাৰটো স্থাপন কৰাৰ সদ্ভাব দেখা পোৱা নাযায়।

দীৰ্ঘকালীন সংগ্ৰামৰ অন্য এক দাবী পূৰ্ণ পৰ্যায়ৰ চাহ নীলাম কেন্দ্ৰ এটা আজিও অসমত প্ৰতিষ্ঠা নহ'ল। অসমৰ চাহ কোম্পানিসমূহৰ মুখ্য কাৰ্য্যালয়ো অসমৰ বাহিৰৰ কলকাতাত। আনকি এইবোৰ বঞ্চনাৰ বিৰূদ্ধে সকলো গণতান্ত্ৰিক প্ৰতিবাদ আৰু সশস্ত্ৰ প্ৰতিৰোধ আদিক সামৰিক কায়দাত দমন কৰিছে চৰকাৰে। গুপ্তহত্যা কৰা, উগ্ৰপন্থী বুলি লেবেল লগাই ভুৱা সংঘৰ্ষত হত্যা কৰা, কাৰাৰুদ্ধ কৰা আদি চৰকাৰৰ পুৰণি কৌশল। সশস্ত্ৰ সংগ্ৰামীসকলৰ বছা বছা প্ৰতিভাৱান কৰ্মীসকলক ভুৱা সংঘৰ্ষত হত্যা কৰি দিয়া হ’ল যাতে অৱশিষ্টসকলক বিশ্ব সন্ত্ৰাসবাদীৰ একে শাৰীত থৈ শেষ কৰি দিব পাৰি। সেই মৌলিক প্ৰশ্নবোৰ আৰু ৰাষ্ট্ৰৰ কেৰোণবোৰ আঙুলিয়াই দিয়া বাবেই পৰিকল্পিতভাৱে হত্যা কৰোৱা হৈছিল পৰাগ দাসকো।

আৱেগত অসমৰ জনতাই যিমানেই নিজকে ভাৰতীয় নসজাওক কিয়, অসমৰ জনগণৰ প্ৰতি দিল্লীবাদী চৰকাৰৰ কোনো আস্থাও নাই আৰু ভালপোৱাও নাই, কাৰণ অসমৰ জনতাই নিজৰ অধিকাৰ বিচাৰি এক দীৰ্ঘস্থায়ী সংগ্ৰাম অব্যাহত ৰাখিছে। চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে আমাৰ কোনো তথাকথিত জাতীয় নেতাই ৰাষ্ট্ৰৰ বিৰূদ্ধে এই সংগ্ৰাম চৰম লজ্জাজনক বুলি কৈ তৈলমৰ্দন কৰিলেও অসমৰ থলগিৰি জনতাৰ প্ৰতি যে ৰাষ্ট্ৰৰ ধাৰণা মুঠেই সলনি নহয় সেয়া নিশ্চিত। দিল্লীবাদী ৰাষ্ট্ৰযন্ত্ৰক লাগে তেওঁলোকৰ অনুগত এটা শ্ৰেণী। এফালেদি বহিৰাগতৰ অনুপ্ৰবেশক উদগনি দি, আনহাতে বিদেশী বিষয়ত পূৰ্ববংগীয় মুছলমানৰ মনত শংকাৰ জন্ম দি ভোট বেংক বনোৱাৰ কৌশল আৰু শেহতীয়াকৈ বাংলাদেশী হিন্দুক অসমত সংস্থাপনৰ উদ্দেশ্যও সেয়াই। জৱাহৰলাল নেহৰুৰ সৈতে মোদীৰ সাদৃশ্য এইবোৰতেই।

অসমৰ থলগিৰি জনতাই ভাষাক লৈ আন্দোলন কৰিব লগা হৈছে, খাদ্যৰ বাবে আন্দোলন কৰিছে, শৰাইঘাটৰ দলং সজাৰ বাবে আন্দোলন কৰিছে, সম্পদ ৰক্ষাৰ বাবে আন্দোলন কৰিব লগা হৈছে, তেল শোধানাগাৰ, গেছক্ৰেকাৰ, বিদেশী বহিষ্কাৰ, বানপানী সমস্যাৰ সমাধানৰ বাবে, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আদি কি বিষয়ত আন্দোলন নকৰাকৈ, তেজ নিদিয়াকৈ পাইছে ? অসমৰ তেল-চাহপাত-কয়লা আদি সমস্ত সম্পদ লুণ্ঠনৰ বাট মোকলাই লোৱাৰ পিছত এইবাৰ চকু পৰিছে পানীত। এই শাসন ব্যৱস্থাত নদীবান্ধ-নদীসংযোগ-তৈলক্ষেত্ৰ নীলাম আদিৰে অসমৰ জনতাৰ উন্নতি কৰিব বুলি কোনোবা মূৰ্খইহে ভাবিব পাৰে। এই সমগ্ৰ ঘটনা পৰিচালিত হয় বহুজাতিক গোষ্ঠীৰ স্বাৰ্থত দিল্লী লবিৰ নিকৃষ্ট দালালিৰ মাজেৰে। ৰাষ্ট্ৰৰ এই দীৰ্ঘস্থায়ী শোষণৰ বিৰূদ্ধে অসমৰ জনতাৰ দীৰ্ঘস্থায়ী সংগ্ৰাম চলি আহিছে। এই সংগ্ৰামবোৰ কেতিয়াবা সংগঠিত বা কেতিয়াবা বিক্ষিপ্ত হ’লেও দিল্লীৱালা চৰকাৰে কিন্তু সংগঠিত আৰু কেন্দ্ৰীভূত আক্ৰমণ চলাই গৈছে ধাৰাবাহিকভাৱে। আলফাৰ নেতৃত্বত চলা জাতীয় সংগ্ৰামৰ ফলশ্ৰুতিত পোন্ধৰ হেজাৰতকৈ অধিক, হয় ঠিকেই পঢ়িছে পোন্ধৰ হাজাৰতকৈ অধিক থলগিৰি লোকক হত্যা কৰা হ’ল, লক্ষাধিক লোক এই সংঘাতৰ বলি হ’ল। সামৰিক বাহিনীৰ বিশেষ অধিকাৰ আইনৰ দোহাই দি এজন হাবিলদাৰকো সন্দেহৰ ভিত্তিত থলগিৰি অসমীয়া হত্যাৰ লাইচেঞ্চ দিলে। বজৰং, ৰাইনো অপাৰেচনৰ সময়ত হত্যা-ধৰ্ষণ-নিৰ্যাতনৰ মাজেৰে যি অৱদমন নমাই অনা হৈছিল তাক কোনে পাহৰিব? কিন্তু তাৰ পিছতো দিল্লীৱালা চৰকাৰখনে আলফাই উত্থাপন কৰা দাবীসমূহকো কোনোদিনে গুৰুত্ব দিয়া দেখা নগ’ল আৰু আলোচনাৰ নামত মাথোঁ ভেঁকোভাওনা পতা হ’ল। অকল সেয়াই নহয়, হত্যা-ধৰ্ষণৰ অপৰাধত অপৰাধী সামৰিক লোকবোৰৰ আজিলৈকে কোনো বিচাৰো নহ’ল। অকল অসমতেই নহয়, একেই অৱস্থা উত্তৰ-পূবৰ ৰাজ্যসমূহ আৰু কাশ্মীৰতো। এই দালালতন্ত্ৰটোৱে সদায় ভাৰতীয় জাতীয়তাৰ গীত গায়, হিন্দীক ৰাষ্ট্ৰভাষা সজোৱাৰ ক্ষেত্ৰত আৰু মহান ভাৰতীয় সংস্কৃতিৰ প্ৰবক্তা হিচাপে থিয় দিয়ে। অসমৰ থলগিৰি জনতাৰ সকলো গণতান্ত্ৰিক আৰু জাতীয় আশা-আকাংক্ষাক এইদৰে ভেঙুচালি কৰি নিজৰ দালালি ব্যৱস্থাক ৰক্ষণাবেক্ষণ দিয়ে সৰ্বভাৰতীয়বাদৰ মুখাৰ তলত।

বহুতে হয়তো ক’ব খুজিব, ইমানখিনি কোৱাৰ অধিকাৰ আমি পাইছো গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবেই। হয়, আমি এইক্ষেত্ৰত একমত। এই গণতান্ত্ৰিক ধাৰাৰো তৈয়াৰ কৰি থৈ গৈছিল ব্ৰিটিছ উপনিবেশবাদ-বিৰোধী সংগ্ৰামেই। ভাৰতৰ দালালতন্ত্ৰৰ মাজত যি অৱশিষ্ট গণতান্ত্ৰিক পৰম্পৰা ৰৈ গৈছে সেয়া জনতাৰ দীৰ্ঘস্থায়ী সংগ্ৰামৰেই ফল। এই গণতান্ত্ৰিক চেতনা আৰু দালালতন্ত্ৰৰ মাজত সংঘাত বিদ্যমান। ৰাষ্ট্ৰৰ ছত্ৰছায়াত পৰিচালিত এই দালালতন্ত্ৰই সদায় গণতন্ত্ৰৰ ডিঙি চেপি ধৰিব খোজে যদিও জনতাৰ গণতান্ত্ৰিক চেতনাক এতিয়াও ভয় কৰে ৰাষ্ট্ৰই। সেয়ে জনতাক বিভ্ৰান্ত কৰিবলৈ প্ৰয়োজন হয় নানা ভেৰোণীয়া বিশেষজ্ঞ আৰু বুদ্ধিজীৱীৰ। এই ভেৰোণীয়া বিশেষজ্ঞ-মিডিয়া হাউছ আদিয়ে অহৰহ নানা বিভ্ৰান্তিকৰ তথ্যৰে জনতাৰ মূল সংগ্ৰামক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে।

বহুতে ক’ব খোজে আমি বিকাশ নিবিচাৰো, উন্নয়ন নিবিচাৰো। হয়, বিকাশৰ নামত থলগিৰিৰ অধিকাৰ খৰ্ব কৰি কৰ্পোৰেট গোষ্ঠী আৰু ভাৰতীয় আধিপত্যবাদী শক্তিৰ গোলামি আমি নিবিচাৰো। বিকাশৰ নামত আমাক ঔপনিবেশিক লুণ্ঠন নালাগে। আমাক সম্পদৰ ওপৰত আমাৰ ঐতিহাসিক অধিকাৰ ওভতাই লাগে, ভূমিৰ ওপৰত অধিকাৰ লাগে, আমাক লাগে আমাৰ নিজৰ নিয়ন্ত্ৰিত এক অৰ্থ-ৰাজনৈতিক ব্যৱস্থা, য'ত আমি জাতীয় পুঁজিৰ বিকাশৰ মাজেৰে আৰু জাতীয় কৰ্মসংস্কৃতিৰ মাজেৰে অসমৰ সমবিকাশ নিশ্চিত কৰিব পাৰো। ঐতিহাসিকভাৱে আমি কোনোকালে কাৰো পৰাধীন নাছিলো, আমি নিজেই স্বয়ংসম্পূৰ্ণ আছিলো, আমি আমাৰ দেশীয় উৎপাদিত সামগ্ৰীৰ ব্যৱসায় কৰি পুঁজি গঠন কৰিছিলো, আমাৰ প্ৰয়োজনীয়খিনি আমি নিজেই আহৰণ কৰিছিলো। বহুতেই হয়তো নাজানে, আমাৰ কপাহেৰেই ব্ৰিটিছে নিজৰ দেশত বস্ত্ৰ উদ্যোগ গঢ়িছিল। আমি ৰণুৱা পাইক আছিলো, সামন্তৰ দাসত্ব আমাৰ তেজত নাই।

অমি এতিয়াও বিচাৰো, গণতান্ত্ৰিক শক্তিৰ হাতত ৰাষ্ট্ৰ ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সংঘটিত হওক। অসমে ভাৰতৰ সৈতে কেনে মৰ্যাদাৰ ভিত্তিত থাকিব তাক নিৰ্ধাৰণৰ অধিকাৰ অসমৰ থলগিৰি জনতাক দিয়া হওক। সংখ্যালঘুৰো নিৰাপত্তা আৰু অধিকাৰ নিশ্চিত কৰি থলগিৰি জনতাৰ আশা-আকাংক্ষাক বাস্তৱিক ৰূপ দিব পৰাকৈ নীতি নিৰ্ধাৰণ হওক। দালালতন্ত্ৰটোক বলপূৰ্বক উচ্ছেদ কৰি জাতীয় সমবিকাশৰ বাবে আৰু প্ৰকৃত উন্নয়নৰ বাবে গণতান্ত্ৰিক চৰকাৰ এখনে অসমৰ লগতে অন্য জাতিবোৰক সম্পদৰ অধিকাৰৰ লগতে স্বনিৰ্ধাৰণৰ অধিকাৰ প্ৰদান কৰি স্বাধীনতাৰ সমপৰ্যায়ৰ মৰ্যাদা দিয়ক। বিশ্ববেংক আদিৰ ঋণ পৰিশোধ কৰি জনতাৰ মূৰৰপৰা ঋণৰ বোজা আঁতৰাবলৈ চেষ্টা কৰক, অসমৰ থলগিৰিৰ হাতলৈ জাতীয় শিল্প ওভতাই দিয়ক আৰু জাতীয় পুঁজি গঠন কৰাত সহায় কৰক। আমাৰ সহোদৰসকলে বিদেশত উন্নত প্ৰযুক্তি শিকিছে, কাৰিকৰী আৰু তথ্য-প্ৰযুক্তিৰ বিশেষজ্ঞ আমাৰ থলগিৰিৰ মাজতেই আছে। আমাৰ শিল্প, আমাৰ উদ্যোগ, আমাৰ বিশেষজ্ঞ, আমাৰ নিজস্ব প্ৰযুক্তিৰে আমি নিজকে বিকাশ কৰো আহক। বহুতে কয়, আজিৰ গোলকীয় অৰ্থনীতিত কোনেও অকলে আগ বাঢ়িব নোৱাৰে। যদি সেয়াই হয়, আহক আমি গঢ়ি তোলো আমাৰ চুবুৰীয়া দেশবোৰৰ সৈতে এক অৰ্থনৈতিক মিত্ৰ মঞ্চ। ঐতিহাসিকভাৱে সেইসকল চুবুৰীয়া আমাৰ শত্ৰু কোনোকালে নাছিল। কিয় নোৱাৰিম আমি ? কি কাৰকবোৰে আমাক বাধা দিছে, তাৰ বিশ্লেষণ কৰিব কিয় নোখোজো আমি? জাতীয় অস্তিত্ব আৰু অধিকাৰৰ বাবে এক দীৰ্ঘস্থায়ী প্ৰতিৰোধ সংগ্ৰাম এখন গঢ়ি তোলাৰ বিকল্প নাই। অন্যথা হিন্দীবাদী আধিপত্যবাদ আৰু গোলকীয়কৰণৰ সাম্ৰাজ্যবাদী দানৱটোৱে আমাক গিলিব, আমাৰ জাতীয় পৰিচয় নোহোৱা কৰাই নহয়, আমি হৈ গৈ থাকিম বহুজাতিক বণিকৰ একো একোজন গোলাম আৰু দালালি পুঁজি ভোগ কৰি দিল্লীবাদীসকলে আমাৰ ওপৰত ভাৰতীয় আধিপত্যৰ চাবুক চলাই গৈ থাকিব চিৰদিন।

সহায়ক গ্ৰন্থপঞ্জী :

১. ভাৰতীয় স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা, ৰমেশ কলিতা, ১৯৮৬।

২. স্বাধীন অসমৰ ন্যায্যতা, অৰবিন্দ ৰাজখোৱা, ১৯৯৫।

৩. অসম: খণ্ড-৩, মৃণাল তালুকদাৰ, কিশোৰ কুমাৰ কলিতা, ২০১৫।

৪. Critical remarks on the national question, The right of nations to self determination, V.I. Lenin, 1951.

৫. Foundation of Leninism, J. Stalin, 1924.

Share Button
Print Friendly, PDF & Email

1 Comment : "ভাৰতীয় আধিপত্যবাদ, বঞ্চনাৰ ইতিহাস আৰু অসমৰ জাতীয় ভৱিষ্যত- (ৰক্তিম শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *