ডাৰ্লিং তেৰে লিয়ে (গৌৰীশংকৰ বৰা)

শুনিছানে ডাৰ্লিং
আম্বানি পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
ডেৰ লাখ টকীয়া
কথাটি ক'লেই কামুৰিবলৈ আহে
দুই অতন্দ্ৰ ৰখীয়া

ডাৰ্লিঙে বুলিলে
পাৰিবানে তুমি দিব
ডেৰ লাখ টকীয়া নিমন্ত্ৰণী পত্ৰ
আজি ইমান দিন হ'ল
নাহিলেইচোন তোমাৰ নিযুক্তি পত্ৰ

বুজিছা ডাৰ্লিং
কি যে দিন হ'ল বন্দী হ'ল গণতন্ত্ৰ
জয়ী হ'ল ধনতন্ত্ৰ
কি যে দিন হ'ল তোমাৰে মোৰে
সমধ ভঙাৰ ষড়যন্ত্ৰ

Share Button
Print Friendly, PDF & Email

No Comments : "ডাৰ্লিং তেৰে লিয়ে (গৌৰীশংকৰ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *