অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (দ্বিতীয় সংখ্যা)

কৃষক (কাজী নীল)

 

কবৰ খান্দি মই উলিয়াই আনো
মোৰ পূৰ্ব জন্মৰ ফছিল

চাওঁ দুশ বছৰীয়া দাসত্বত
ভাঁজ হৈ গৈছে মোৰ মেৰুদণ্ড

মোৰ বুকুৰ ভিতৰত মাটিৰ ভিজা গোন্ধ
হাতৰ মুঠিত নাঙলৰ ভগ্নাংশ

কবৰ খান্দি মই
উলিয়াই আনো মোৰ অন্ধকাৰ অতীত

দেখো সকলোৰে আছে একো একোটা ভ্ৰমণৰ ইতিহাস
শিৰ নত কৰি খোজ কাঢ়ে বুভুক্ষ মানুহৰ মিছিল
সকলোৰে একো একোটা কাহিনী আছে ভাহি যোৱাৰ

কবৰ খান্দিলে মই বিচাৰি পাওঁ এখন ৰক্তাক্ত নদী
চাওঁ অথাউনী পানীত উপঙিছে মোৰ গুলীবিদ্ধ শৱ

কবৰ খান্দিলে
জুই নে কি নাজানো
এটা ৰঙা টকটকীয়া উত্তেজনা পাওঁ

কবৰ খান্দি মই নিজেই নিজৰ মৃতদেহ
কান্ধত তুলি গৈ পাওঁ কবৰস্থান

সিহঁতে মোক শ্বহীদ ঘোষণা কৰক বা নকৰক
এই মাটি বিক্রী হৈ যোৱাৰ আগেয়ে
এই বতাহ শেষ হৈ যোৱাৰ আগেয়ে
এই নদীবোৰ বিষাক্ত হোৱাৰ আগেয়ে
এবাৰ অন্ততঃ এবাৰ তুমুল যুদ্ধত বিধস্ত
হৈ যাব খোজো মই … …।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *