অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

ডাৰউইনৰ লটিঘটি-(কৌশিক তালুকদাৰ)

মিঃ ৰাজকুমাৰ এগৰাকী ‘ইউটিউব ছেলিব্ৰিটি’। ইতিমধ্যে কেইবাখনো ‘ইউটিউব চিনেমা’ নিৰ্মাণ কৰি অসমৰ দৰ্শকক আমোদ দিছে। ৰাজকুমাৰৰ এখন ‘জনপ্ৰিয়’ চিনেমাৰ সংলাপ আছিল এনে ধৰণৰ: (নায়কে নায়িকাক কৈছে) “তোমাৰো নীলা গাড়ী মোৰো নীলা গাড়ী, তোমাৰো L নাই মোৰো L নাই, ব’লা আমি পাৰ্কত বহোঁ।” (L মানে ‘Lover’।) সংলাপটো শুনি নিশ্চয় আপুনি ৰস পাইছে, কিন্তু এবাৰ ভাবি চাওকচোন- দুয়োৰে নীলা গাড়ী থকা আৰু ‘Lover’ নথকাৰ যুক্তিয়ে দুয়োগৰাকীক পাৰ্কত বহিবলৈ যুক্তিযুক্ততা প্ৰদান কৰে নে? মই যদি আপোনাক কওঁ- মোৰো দুটা চকু আপোনাৰো দুটা চকু, মোৰো মূৰত ক’লা চুলি আপোনাৰো মূৰত ক’লা চুলি, এতিয়া আপুনি মোক টকা দুইলাখ দিয়ক- আপুনি দিবনে? মোৰ এই লাগ-বান্ধ নোহোৱা কথা শুনি আচৰিত হৈছে, নহয়? কিন্তু আমিনো কিয় এনে কথা কৈছোঁ অলপ পাছত গম পাব!

চাৰ্লছ ডাৰউইনৰ নাম নুশুনা শিক্ষিত মানুহ বোধহয় এই পৃথিৱীত বিৰল। পৃথিৱীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন যুগান্তকাৰী বিজ্ঞানীৰ তালিকাত নিঃসন্দেহে ডাৰউইনৰ নাম থাকিব। আমি হাইস্কুলতে ডাৰউইনৰ বিষয়ে প্ৰথম জানিবলৈ পাইছিলো; হোমেন বৰগোহাঞিয়ে এই যুগান্তকাৰী বিজ্ঞানীজনাৰ বিষয়ে লিখা সৰু পুথি এখন অসমীয়া বিষয়ৰ দ্ৰুতপাঠ্য আছিল। ডাৰউইন জৈৱ-বিৱৰ্তনবাদৰ প্ৰধান প্ৰবক্তা আছিল। এই বিৱৰ্তন তত্ত্বই জীৱজগতৰ উৎপত্তি সম্পৰ্কীয় সকলো প্ৰতিষ্ঠিত ধৰ্মীয় ব্যাখ্যাক পোনচাটেই প্ৰত্যাখ্যান কৰিলে। আমাৰ সমাজত ধৰ্মীয় ব্যাখ্যা-আৱেগ-অনুভূতিৰ ঊৰ্ধত গৈ সত্যৰ সন্ধান কৰা বা সন্ধান দিয়াটো বৰ ‘ৰিস্কী’ কাম। জীয়াই থকা কালত এনে যুক্তিবাদী সত্যানুসন্ধানীৰ পদে পদে বিপদ; মৃত্যুৰ পাছতো ধৰ্মান্ধ সমাজ আৰু ৰক্ষণশীল মনবোৰে তেখেতসকলৰ পাছ নেৰে । ক্ৰমবিৱৰ্তন তত্ত্বৰ দ্বাৰা বাইবেলত বৰ্ণিত সৃষ্টি তত্ত্বৰ ভেটি লৰাই দিয়াৰ ফলত ডাৰউইন সেই সময়ৰ খ্ৰীষ্টান ধৰ্মীয় সমাজখনৰ আক্ৰমণৰ বলি হৈ উঠিছিল। আজিও টিভি-ৰেডিঅ’, কাকত-আলোচনীত ধৰ্মান্ধ নতুবা ৰক্ষণশীল মহলৰ দ্বাৰা ডাৰউইন আৰু তেখেতৰ তত্ত্বক ধাৰাসাৰ আক্ৰমণ কৰা হয়, তেখেতৰ বিৰুদ্ধে নিতৌ চলে নতুন নতুন প্ৰপাগাণ্ডা। হিন্দু বা ইছলাম ধৰ্মীয় সৃষ্টি আখ্যানে মন-মগজু আন্দোলিত কৰা সমাজতো ডাৰউইন আৰু জৈৱ-বিৱৰ্তনবাদৰ একেই দুখলগা অৱস্থা। ভাৰতত এতিয়া ধৰ্মান্ধ ৰাজনৈতিক শক্তিৰ ৰাজত্ব; চৰকাৰ-প্ৰশাসনৰ বাবে বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতা এতিয়া ‘বাঁহগছৰ ভোল’। যোৱা কেইবছৰ মানৰ পৰা বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ‘ডাৰউইন হতাও, বিজ্ঞান বচাও’ অভিযান চলি আছে। একাংশ অসমীয়া মহাপণ্ডিতেও এই অভিযানত হাত দিছে- ডাৰউইনৰ তত্ত্বত একো বিজ্ঞান নাই, এইবোৰ পঢ়ি পঢ়ি অসমীয়া জাতিটো জহন্নামে গ’ল- আৰু নোৱাৰি, ডাৰউইনক ভৰলু নদীলৈ দলিয়াই জাতিৰ ভৱিষ্যত বচাব লাগে। প্ৰবাসী অসমীয়া পণ্ডিত ড° চেলিম আলীয়ে অলপতে বাতৰি কাকতত লিখিছে যে ডাৰউইনে যি সমুদ্ৰ যাত্ৰাৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ ভিত্তিত জৈৱ-বিৱৰ্তনৰ সিদ্ধান্তলৈ আহিছিল, সেই সমুদ্ৰ যাত্ৰাটো ভুৱা- এক কাল্পনিক কাহিনীহে ! গতিকে কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মিত বিৱৰ্তনৰ তত্ত্ব কোনো কাৰণত বিজ্ঞানসন্মত হ’বই নোৱাৰে- এনে ‘অবৈজ্ঞানিক’ কথাই বিজ্ঞানৰ পাঠ্যপুথিত স্থান পোৱা অনুচিত। পণ্ডিতজনাৰ এই দাবী কিমান বিজ্ঞানসন্মত?

ড° আলীয়ে কোৱাৰ দৰে ডাৰউইনৰ সমুদ্ৰযাত্ৰা যদি কাল্পনিকো হয় তেন্তে কি প্ৰাকৃতিক নিৰ্বাচন, সৰল জীৱৰ পৰা বিৱৰ্তন হৈ জটিল জীৱৰ জন্ম হোৱা, জীৱনৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিযোগিতা ইত্যাদি অনুসিদ্ধান্তবোৰ ভিত্তিহীন হৈ যাব? নাযায়। এই কথাবোৰ ভিত্তিহীন বুলি আজিলৈকে বিজ্ঞানীমহলে প্ৰমাণ কৰিব পাৰিছে নে? নাই পৰা। নিউটনীয় পদাৰ্থবিজ্ঞানৰ ভেটি কঁপাই তোলা কোৱান্টাম তত্ত্ব আৰু মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ কথা নিশ্চয় আপুনি শুনিছে। কুৰি শতিকাত বিকশিত এই দুয়োটা তত্ত্বই ইতিমধ্যে বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনত নতুন দিগন্তৰ সূচনা কৰিছে। আপুনি বাৰু জানে নে যে উক্ত দুয়োটা যুগান্তকাৰী তত্ত্বই কেতবোৰ কাল্পনিক পৰীক্ষা অৰ্থাৎ Thought Experiment (জাৰ্মান ভাষাত gedankenexperiment) ক ভিত্তি কৰি বিকশিত হৈছে? আৰু সেইবাবেই কোৱান্টাম তত্ত্ব আৰু আপেক্ষিকতবাদক বিজ্ঞান নহয় বা ভুল বুলি কোৱাৰ সাহস কৰিবনে আপুনি? ড° চেলিম আলীয়ে কৰিব জানো? কোৱা বাহুল্য মাথোন যে ডাৰউইনৰ সমুদ্ৰ যাত্ৰা কাল্পনিক বুলি প্ৰতিষ্ঠা কৰিবলৈ কোনো বিজ্ঞানসন্মত যুক্তি বা সাক্ষ্য নাই। থকা হ’লেও জৈৱ-বিৱৰ্তনবাদ অবিজ্ঞান হৈ নাযায়। গৱেষণাৰ অগ্ৰগতিৰ লগে লগে ডাৰউইনে আগবঢ়োৱা তত্ত্বৰ কিছু কথা সলনি হৈছে, কিছু কথা নতুনকৈ যোগ হৈছে। কিন্তু তাৰ ফলত আজিলৈকে বিৱৰ্তনবাদৰ মূল সিদ্ধান্ত বা ডাৰউইনৰ মূল সূত্ৰটো ভুল বুলি প্ৰমাণিত হোৱা নাই; নতুন নতুন গৱেষণা আৰু অধ্যয়নৰ ফলত লাভ কৰা তথ্য আৰু জ্ঞানৰ সহায়ত বিৱৰ্তন তত্ত্বই পূৰ্ণতাহে পাইছে। কোটি কোটি বছৰৰ মন্থৰ গতিত জৈৱ-বিৱৰ্তন হৈ এটা প্ৰজাতিৰ পৰা আন এটা প্ৰজাতিৰ জন্ম হয়। এশ বছৰ ধৰি বান্দৰক নানা অত্যাচাৰ কৰি মানুহ কৰিবলৈ চেষ্টা চলোৱা বিদ্বানসৱে পোনপ্ৰথমে জৈৱ-বিৱৰ্তনবাদ বুজি লোৱাটোহে যুগুত। ডাৰউইনৰ চিন্তাধাৰাক প্ৰত্যাহ্বান জনাবলৈ গৈ একাংশ বিদ্বানে Intelligent Design-ৰ পোষকতা কৰিছিল। অৱশ্যে ই বৈজ্ঞানিক গৱেষণা আৰু যুক্তিৰ যুদ্ধক্ষেত্ৰত ডাৰউইনীয় সিদ্ধান্তৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে। আনহাতে, ডাৰউইনীয় তত্ত্ব সম্প্ৰতি জীৱবিজ্ঞানৰ উপৰিও প্ৰাকৃতিক বিজ্ঞানৰ আন আন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে। আধুনিক পদাৰ্থ বিজ্ঞান আৰু বিশ্বতত্ত্বৰ বিকাশত ডাৰউইনে আগবঢ়োৱা বিৱৰ্তনবাদৰ গভীৰ প্ৰভাৱ আছে ।

সাম্প্ৰতিক সময়ৰ এগৰাকী বিশ্ববিশ্ৰুত তাত্ত্বিক পদাৰ্থবিদ লিওনাৰ্ড চাছকিন্দে লিখিছে-“Darwin’s style of science is not usually thought of as theoretical and certainly not mathematical: he was a careful observer of nature, kept copious notes, contributed to zoological collections; and eventually from his vast repertoire of observation deduced the idea of natural selection as the origin of species. The value of theorizing is often dismissed in the biological sciences as less important than observation; and Darwin was the master observer.” চাছকিন্দে আৰু কৈছে-“Like Einstein’s greatest ideas, the theory of evolution is based on a simple gedankenexperiment: start with a very simple reproducing organism, add Mendel’s laws of heredity and mutability, and follow the system as it inescapably branches out into a tree of life.” এই কথাখিনি জনাৰ পাছত ডাৰউইনীয় বিৱৰ্তনবাদৰ যুক্তিযুক্ততা সম্পৰ্কে আৰু কিবা কোৱাৰ প্ৰয়োজন আছে জানো? বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰি পৃথিৱীত জীৱৰ উৎপত্তি আৰু জীৱজগত সম্পৰ্কীয় সাম্প্ৰতিক ঘটনাৱলীলৈকে সমগ্ৰ প্ৰক্ৰিয়াটোৰ এক সম্পূৰ্ণ ছবি অংকন কৰিব পাৰিলেই আপোনাৰ মন-মগজুত বিৱৰ্তনবাদ আৰু অধিক উজ্জ্বল হৈ জিলিকি উঠিব।

আজিৰ পৰা প্ৰায় ১৪ বিলিয়ন বছৰ আগত মহানাদ বিস্ফোৰণ(!)ৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ জন্ম হৈছিল। আদিতে কেতবোৰ পদাৰ্থ-কণা আৰু প্ৰতিপদাৰ্থ-কণাৰ সৃষ্টি হৈছিল। এই কণাবোৰৰ মাজত বিভিন্ন প্ৰকাৰৰ interaction হৈ কালক্ৰমত হাইড্ৰ’জেন, হিলিয়াম, কাৰ্বন, নাইট্ৰ’জেন, অক্সিজেন ইত্যাদি পৰমাণু আৰু পৰমাণুবোৰৰ মাজত বিক্ৰিয়া হৈ সৰল অণুৰ সৃষ্টি হ’ল। বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বপ্ৰথম অণুটো হ’ল হিলিয়াম হাইড্ৰাইড (HeH+)। সৰল অণুৰ পাছত লাহে লাহে জটিল অণুৰো সৃষ্টি হ’বলৈ ধৰিলে। বিশেষ পৰিস্থিতিত হাইড্ৰ’জেন গেছ, পানী, মিথেন আৰু এম’নিয়াৰ মাজত বিক্ৰিয়া ঘটি হাইড্ৰ’জেন চায়েনাইড, ফৰ্মেলডিহাইড আদি উৎপন্ন হ’ল, যাৰ পৰা এমিন’ এচিড উৎপন্ন হয়। এমিন’ এচিড প্ৰ’টিনৰ মৌলিক একক। প্ৰ’টিন এক অতি জটিল জৈৱ-যৌগ। জৈৱ-যৌগৰ পৰাই এই ধৰাত জীৱৰ উৎপত্তি হৈছে। বেক্টেৰিয়াৰ দৰে প্ৰকোষকেন্দ্ৰীয় জীৱই পৃথিৱীৰ সৰলতম আৰু আদিমতম জীৱ বুলি বিজ্ঞানে দেখুৱাইছে। তিনি বিলিয়নমান বছৰৰ আগতে সাগৰত এই জীৱবিধৰ জন্ম হৈছিল। ইহঁত কোনো সুস্পষ্ট কোষকেন্দ্ৰ আৰু কেন্দ্ৰাৱৰণ নথকা এককোষী জীৱ। এককোষী সৰল জীৱৰ পৰা লাহে লাহে বহুকোষী আৰু অধিক জটিল জীৱৰ সৃষ্টি হ’ল। বেক্টেৰিয়াৰ উৎপত্তিৰ কত হাজাৰ বছৰ পাছতহে মানুহ এই ধৰালৈ আহিছে। বিজ্ঞানৰ প্ৰক্ৰিয়াবোৰৰ পৰিণতিত এই ধৰাত মানুহকে ধৰি সকলো জীৱৰ জন্ম হৈছে। সি যি নহওক, মানুহ অহাৰ পাছত লাহে লাহে ধৰ্ম, দৰ্শন, ৰাজনীতি, অৰ্থনীতি ইত্যাদি বিষয়বোৰৰ সৃষ্টি হ’ল- এই বিষয়বোৰ যেন এক Imagined Reality হে! কিন্তু বিজ্ঞান তেনেকুৱা বস্তু নহয়। এতিয়া আপুনি কওকচোন- আপুনি কোনো ধৰ্মীয় সৃষ্টি তত্ত্বক বিশ্বাস কৰিব নে বৈজ্ঞানিক তথ্য-প্ৰমাণৰ ভিত্তিত প্ৰতিষ্ঠিত ডাৰউইনীয় জৈৱ-বিৱৰ্তনবাদক গ্ৰহণ কৰিব?

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *