পিপ'ল্‌ছ ফটোগ্ৰাফি

জীৱন অনুপম – (কল্যাণী কোঁৱৰ)

 A picture is worth a thousand words –

ফটোৱে কথা কয়, কাহিনী বৰ্ণনা কৰে। জীৱনৰ এটা বিশেষ মুহূৰ্তক ধৰি ৰখা এখন আলোকচিত্ৰই জীৱনৰ সংজ্ঞা নিৰ্মাণত অসামান্য অৰিহণা যোগায়। জীৱনৰ তাৎপৰ্যক মূৰ্ত ৰূপ দিয়ে। সময়ৰ একোটা ক্ষণক স্থিৰ কৰি পেলোৱা এখন ফটোৱে জীৱনৰ বহু নেদেখা নুবুজা সাঁথৰ সহজ কৰি তোলে।

বিখ্যাত ফৰাচী ফটোগ্ৰাফাৰ Henry Cartier Bresson য়ে কৈছে, “To me, photography is the simultaneous recognition in a fraction of second, of the  significance of the event.”

ফটোগ্ৰাফীৰ মাধ্যমত মই কিজানি জীৱনৰেই সন্ধান কৰোঁ!  এইটো অতি চালুকীয়া পৰ্যায়ত শিকিবলৈ যত্ন কৰি থকা  মোৰ ভাল লগা এটা কাম।  নিতৌ দেখি থকা পথাৰখন, কাম কৰি থকা ‘ধুনীয়া’ মানুহবোৰ, গাঁওখনৰ চিনাকি আপোন মানুহবোৰ, নতুন নতুন ঠাইৰ বিভিন্ন মনোমোহা দৃশ্যই চকু, মন আৰু মগজুক চুই যোৱা মুহূৰ্তবোৰ কেমেৰাটোৰে ধৰি ৰাখিবলৈ যত্ন কৰোঁ।

তেনে কিছু মুহূৰ্তক ‘মুক্ত চিন্তা’ৰ চিন্তাশীল দৰ্শকৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। ফটো কেইখনে কিছু পৰিমাণে হ’লেও  ‘জীৱন’ক মূৰ্ত ৰূপত তুলি ধৰিবলৈ সক্ষম হ’লে শ্ৰম সাৰ্থক হোৱা যেন লাগিব। এই ক্ষেত্ৰখনত আগলৈ আৰু কাম কৰাৰ সাহস পাম।

 ‘মুক্ত চিন্তা’ ৰ চিন্তাশীল দৰ্শকৰ মূল্যবান  মতামত তথা পৰামৰ্শৰ বাবে বহু আশাৰে  ‘পিপুলছ ফটোগ্রাফি’ শিতানলৈ মোৰ এই ক্ষুদ্ৰ প্ৰয়াস।

‘শাওন’ ( স্থান – নাজিৰা, শিৱসাগৰ)
‘ৰিমঝিম……’ (স্থান – নাৰিমান পইণ্ট, মেৰিণ ড্ৰাইভ, মুম্বাই)
‘জীৱনৰ বাট বহুদূৰ, কিমান বাট বুলিলে জীৱন বুজা যায় …… ‘ (স্থান- ধীতাইপুখুৰী, শিৱসাগৰ)
‘সময়-বালিত ৰৈ যোৱা খোজ’ (স্থান- লিকাবালি, চিলাপথাৰ)
‘মাণিক বুটলি’ (স্থান- চৌপাটি, মুম্বাই)
‘নৈসৰ্গিক’ (স্থান- অসম-অৰুণাচল সীমান্ত)
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *