সম্পাদকীয়

সম্পাদকৰ টোকা : ডিইজি্‌ম : এক পগলা ট্রাক-ড্রাইভাৰৰ কথাৰে- (কৌশিক দাস)

(১)

সৰস কথা-কাহিনীৰে ভৰা আড্ডা এটাত এগৰাকী ভগ্নীস্থানীয় বান্ধৱীৰ মুখত সাংঘাতিক গাজাখুৰী কথা এটি শুনিছিলোঁ। গভীৰ নিশা, সন্মুখৰ ৰাস্তা পোন হ’লে, পগলা ট্রাক-ড্রাইভাৰ এজনে হেনো এটা বৰ বেলেগ কৌশলেৰে ট্রাক চলায়। ড্রাইভাৰজনে মস্ত ইটা এটা ট্রাকৰ গতি নিয়ন্ত্রকৰ (accelerator) ওপৰত থয়, ট্রাকখন প্রচণ্ড বেগেৰে গৈ থাকে আৰু চালকৰ আসনৰ ওপৰত ভৰি উঠাই তেওঁ আৰামত এঘুমটি মাৰি লয়। সন্মুখত কিবা আহি পৰে যদি? কি হ’ব আকৌ, এক্সিডেন্ট !

সম্পাদকীয়টোৰ শিৰোনামে কৈছে, এই আলোচনাৰ কেন্দ্রীয় বিষয় হৈছে ডিইজি্‌ম (Deism)। Deism-নো কি, সেই কথাটো লিখিবলৈ লৈ বান্ধৱীৰ ট্রাক-ড্রাইভাৰজনৰ কথা মনলৈ আহিল। এদিন ড্রাইভাৰজনে এই আলোচনাটোৰ স্বাৰ্থত এটা বৰ ডাঙৰ কাম কৰি পেলালে! গতি নিয়ন্ত্রকৰ ওপৰত গধুৰ ইটাটো থৈ, তীব্র গতিৰে গৈ থকা ট্রাকখনৰপৰা তেওঁ বাহিৰলৈ জঁপিয়াই ৰাতিৰ এন্ধাৰত মিলি গ’ল। বহু দূৰ চিধা ৰাস্তাৰে গৈ গৈ চালকবিহীন ট্রাকখন এটা সময়ত বাটৰপৰা নামি এক মুকলি প্রাংগণত প্রৱেশ কৰিলে।

পোহৰ হৈ আহিছিল। ট্রাকখনৰ গতি-বিধি চৌকাষৰ মানুহৰ চকুত পৰিল। হৈ-হুলস্থূল লাগি গ’ল। কাৰণ ট্রাকখনে ইতিমধ্যেই এখন নতুন জেওৰা উভালি, এখনি ফুলনি মহটিয়াই, ধাননিৰ নতুন আলি ভাঙি, এশাৰী ছেনিটাৰি বিষ্ঠাভাণ্ডাৰৰ ঢাকোন ওফৰাই তীব্র গতিৰে সাপ্তাহিক হাটৰ দিশে ধাৱমান হৈছে।

ক’লৈ গ’ল ট্রাকৰ ড্রাইভাৰ? নাই, কোনেও নাজানে। নিশাৰ এন্ধাৰত ট্রাক-ড্রাইভাৰজন যে নিখোঁজ কেতিয়াবাই। ট্রাকখনৰ অনিৰ্ধাৰিত-অনিশ্চিত-অনুদ্দিষ্ট গতিপথ আৰু তৎজনিত সম্ভাব্য কিম্বা সংঘটিত ভয়ংকৰ পৰিণতিৰ বাবে কোনেও নেদেখা সেই নিখোঁজ পগলা ট্রাক-ড্রাইভাৰজনক সকলোৱে গালি পাৰিবলৈ ধৰিলে। তেতিয়াই কিছুমান মানুহে কিন্তু মত দিলে, এতিয়ানো আৰু ট্রাক-ড্রাইভাৰজনক গালি পাৰি কি লাভ? ট্রাকখন এতিয়া গৈ আছে গতি-বিজ্ঞানৰ নিয়ম মানি। যিটো সহজ বাট, সেইফালেই গৈ আছে ট্রাকখন। সন্মুখত যদি কিবা ধ্বংস হৈছে, সেইটো গতি-বিজ্ঞানৰ নিয়ম মতেই হৈছে। তাৰ বাবে ট্রাক-ড্রাইভাৰজন কিয় দায়ী হ’ব? এতিয়া যদি ট্রাকখন কেনেবাকৈ ৰৈ যায়, সেইটোও হ’ব গতি-বিজ্ঞানৰ নীতি মতেই। কাৰণ, ট্রাকৰ ব্রেক-পেডেলৰ ওপৰত হেঁচা দিবলৈ ড্রাইভাৰৰ ভৰিৰ তলুৱাতো বাদেই, চালকৰ আসনত খোদ ড্রাইভাৰেই নাই! অৱশ্যে ইন্ধন শেষ হৈ গ’লে, অথবা ট্রাকৰ জোকাৰণিত গধুৰ ইটাটোৰ স্থানান্তৰ ঘটিলে কথাটো বেলেগ!

সকলোৱে নিশ্চয় ভাবিছে, ইমান উদ্ভট কথাৰে কিয় এই আলোচনা আৰম্ভ হৈছে! হয়, উপৰিউক্ত ট্রাক-ড্রাইভাৰৰ কাহিনীটো অতি তৰল। কিন্তু বিষয়টো অতি গহীন; গহীনো গহীন, একেবাৰে বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ দৰে গুৰুগম্ভীৰ কথাৰ সৈতে সম্পৰ্কিত। এই গধুৰ বিষয়টোৰ আলোচনাত ট্রাক-ড্রাইভাৰৰ লঘু কাহিনীটোৱে সহায় কৰিব।

(২)

বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ সৈতে সম্পৰ্কিত বিজ্ঞান-জগতৰ নানান তত্ত্বকথা, পৰীক্ষা-নিৰীক্ষা, সূক্ষ্মাতিসূক্ষ্ম বিচাৰ-বিশ্লেষণ, সেই সংক্রান্তীয় মত-মতবিৰোধ ইত্যাদি এই আলোচনাৰ বিষয় নহয়। সাধাৰণতেই সৰ্বসাধাৰণ মানুহৰ ধ্যান-ধাৰণাত বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ সৈতে ঈশ্বৰত বিশ্বাস-অবিশ্বাসৰ কথাটোও পাকে-প্রকাৰান্তৰে আহি পৰে। এই নিবন্ধত আমাৰ কথা-বতৰা ঘাইকৈ কেন্দ্রীভূত হ’ব বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ সৈতে সম্পৰ্কিত মানুহৰ ঈশ্বৰ-চিন্তাৰ এটি বিশেষ দিশত, যাক কোৱা হয় Deism।

Deism-নো কি? এই প্রসংগলৈ যোৱাৰ আগতে দুটা প্রাৰম্ভিক আৰু প্রাসংগিক কথাক অনুষ্টুপীয়াকৈ চুই যোৱা উচিত হ’ব। কিয়নো উক্ত দিশ দুটাৰ প্রতি সতৰ্ক দৃষ্টি নিদিলে আমাৰ আলোচনাৰ পৰৱৰ্তী অংশত আউল লগাৰ সম্ভাৱনা আছে।

প্রথম কথাটো কৈ লোৱা যাওক। আমি সকলোৱে জানো, বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ সৈতে ঈশ্বৰৰ ধাৰণাটোৰ সম্পৰ্কক ভিত্তি কৰি মানুহৰ ধ্যান-ধাৰণা ঘাইকৈ দুটা ডাঙৰ আৰু একেবাৰেই বিপৰীতধৰ্মী ভাগত বিভক্ত হৈ পৰিছে। এটা ভাগে বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱ এজন সৃষ্টিকৰ্তাৰ একক আৰু স্বাধীন সৃষ্টিকৰ্মৰ অনন্য ফচল বুলি বিশ্বাস কৰে। লগতে, তেওঁলোকে “সৃষ্টিকৰ্তাগৰাকী”-ৰ ওপৰত সৃষ্টিৰ পালন কৰোতা, সমগ্র বিশ্ব-চৰাচৰৰ সৰ্বনিয়ন্তা, মংগলময় পৰিচালক, অজৈৱ আৰু জৈৱ-জগতৰ ভাগ্য-নিৰ্ধাৰক, সর্বশক্তিমান, স্বয়ম্ভূ, সর্বজ্ঞ আদি নানান বিচিত্র গুণ কিম্বা চৰিত্র আৰোপ কৰে। তেওঁলোকৰ কল্পনাৰ এই সৃষ্টিকৰ্তাগৰাকীক কোৱা হয় ঈশ্বৰ বুলি, আৰু তেওঁলোকক ঈশ্বৰবাদী বুলি অভিহিত কৰা হয়। অন্যটো ভাগে কিন্তু ব্রহ্মাণ্ডৰ উদ্ভৱৰ ক্ষেত্রত তেনে কোনো সৃষ্টিকৰ্তাৰ ভূমিকাক ধৰ্তব্যৰ মাজলৈ নানেই। তেওঁলোকে সৃষ্টিকৰ্তাৰ অস্তিত্বৰ ধাৰণাটোকেই পোনে পোনে অস্বীকাৰ কৰে; স্বাভাৱিকতেই অস্তিত্বহীন সৃষ্টিকৰ্তাৰ গুণাৱলীও তেওঁলোকৰ বাবে অৰ্থহীন কথা। এই মাৰ্গৰ চিন্তাক আখ্যা দিয়া হয় নিৰীশ্বৰবাদ বুলি; তেনে চিন্তাৰ অনুগামীসকলেই হ’ল নিৰীশ্বৰবাদী।

এতিয়া কথাটো হ’ল, কোনো কোনো আলোচনাত কেতিয়াবা ঈশ্বৰবাদীকসকলক ‘আস্তিক’ আৰু নিৰীশ্বৰবাদীসকলক ‘নাস্তিক’ বুলি অভিহিত কৰা চকুত পৰে। সূক্ষ্ম বিচাৰ-বিশ্লেষণত কিন্তু ঈশ্বৰবাদীৰ সমাৰ্থক শব্দ আস্তিক আৰু নিৰীশ্বৰবাদীৰ সমাৰ্থক শব্দ নাস্তিক বুলি গণ্য কৰিলে কিছু বেমেজালিয়ে দেখা দিয়াৰ সম্ভাৱনা নথকা নহয়। কাৰণ, নিৰীশ্বৰবাদৰ বাহিৰেও অন্য কিছুমান লক্ষণ বা চৰিত্ৰ নাস্তিকতাৰ মাজত মূর্ত হয়। ঈশ্বৰৰ ধাৰণাটোক অস্বীকাৰ কৰাৰ উপৰিও, নাস্তিকসকলে প্রাতিষ্ঠানিক ধর্মকো পৰিত্যাজ্য বুলি গণ্য কৰে। গতিকে ঐশ্বৰিক শক্তিভিত্তিক ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ প্ৰতি অনাস্থা, ধৰ্মশাস্ত্ৰৰ অলৌকিক অযুক্তিকৰ ধাৰণাসমূহ বর্জন, ধর্মভিত্তিক যিকোনো সংগঠনৰ অন্তর্ভুক্ত নোহোৱা – এইকেইটা হৈছে নিৰীশ্বৰবাদৰ সৈতে সংযোজিত নাস্তিকতাৰ ওপৰঞ্চি এৰাব নোৱৰা বৈশিষ্ট্য কিম্বা চৰিত্র। গতিকে, সকলো নাস্তিক যদিও নিৰীশ্বৰবাদী, সূক্ষ্ম বিচাৰত প্রত্যেক নিৰীশ্বৰবাদী লোক নাস্তিক নহ’বও পাৰে। এই কথাটো Deism-অৰ আলোচনাৰ সংক্রান্তত বৰ গুৰুত্বপূৰ্ণ আৰু প্রাসংগিক। কিয়, সেইটো যথাসময়ত পৰিষ্কাৰ হৈ পৰিব।

মন কৰিবলগীয়া কথা, বিপৰীত দিশৰপৰা, সেই একেই কথাটো, ‘ঈশ্বৰবাদী’ আৰু ‘আস্তিক’ – এই শব্দ দুটাৰ ক্ষেত্রতো প্রযোজ্য। ঈশ্বৰবাদী সৃষ্টিতত্ত্বত দ্বিধাহীন বিশ্বাসৰ উপৰিও প্রাতিষ্ঠানিক ধৰ্মত আস্থা, শাস্ত্রাশ্রয়ী দৰ্শন, ধৰ্মভিত্তিক আচাৰ-অনুষ্ঠান আৰু সংগঠন – এইবোৰ হৈছে আস্তিকতাৰ অবিচ্ছেদ্য অংগ। অৱশ্যে সূক্ষ্মাতিসূক্ষ্ম বিচাৰ-বিশ্লেষণৰ কথা বাদ দিলে, নাস্তিকতা আৰু নিৰীশ্বৰবাদ কিম্বা আস্তিকতা আৰু ঈশ্বৰবাদৰ মাজত সুস্পষ্ট সীমাৰেখা অংকন কৰাটো টান। তথাপিও, পুনৰাবৃত্তি কৰিয়েই কওঁ, আমি উপৰিউক্ত সূক্ষ্ম পাৰ্থক্যটোৰ কথা মনত নাৰাখিলে, আলোচনাৰ পাছৰ অংশত সামান্য বেমেজালিৰ উদ্ভৱ হ’ব পাৰে।

দ্বিতীয় কথাটো হ’ল, সাধাৰণতেই ঈশ্বৰকৃত ব্রহ্মাণ্ড-সৃষ্টিৰ ধাৰণাটোৰ পৰিসীমা পাৰ হৈ কিছুমান প্রমূল্যগত প্রপঞ্চলৈও ঈশ্বৰবাদী ধ্যান-ধাৰণা সাধাৰণতেই সম্প্রসাৰিত হৈ পৰে। উদাহৰণস্বৰূপে – “প্রেমেই ঈশ্বৰ”, “কৰ্মই ঈশ্বৰ”, “সত্যই ঈশ্বৰ”, “শক্তিয়েই ঈশ্বৰ” – এনেধৰণৰ কথা সাধাৰণতেই প‌ঢ়িবলৈ-শুনিবলৈ পোৱা যায়। অলপ গমি চালেই কিন্তু ধৰিব পাৰি, “কৰ্মই ঈশ্বৰ” – তেনেজাতীয় ঈশ্বৰ-ধাৰণাৰ অস্বীকাৰ-বিৰোধিতা কৰাটো নিৰীশ্বৰবাদৰ পৰিসীমাৰ ভিতৰত নপৰে। নিৰীশ্বৰবাদ বিশ্বব্রহ্মাণ্ডৰ ঈশ্বৰ-ভূমিকাৰহিত উদ্ভৱ আৰু স্থিতিৰ সৈতেহে সম্পৰ্কিত। ঈশ্বৰবাদৰ যিটো মৰ্মবস্তু – স্বয়ম্ভূ সৃষ্টিকৰ্তা, মংগলময় ঈশ্বৰৰ ধাৰণা – সেইটোহে নিৰীশ্বৰবাদে অস্বীকাৰ কৰে।

এই আলোচনাৰ মূল বিষয় Deism-অৰ সৈতে প্রত্যক্ষভাৱে সম্পৰ্কিত নহ’লেও ঈশ্বৰৰ সংক্রান্তত আৰু এবিধ চিন্তামাৰ্গৰ কথা উনুকিয়াই যোৱাটো উচিত হ’ব। সেইটো হ’ল অজ্ঞেয়বাদ। টমাছ হেনৰি হাক্সলিৰ (T H Huxley) নামটো আমাৰ বাবে অতিকৈ পৰিচিত ক্রমবিকাশৰ তত্ত্বৰ সৰৱ সমৰ্থক আৰু কৰিৎকৰ্মা প্রচাৰক হিচাপে। এইগৰাকী প্রখ্যাত জীৱবিজ্ঞানীয়ে অজ্ঞেয়বাদ (Agnosticism) শব্দটোক এক বিশেষ অৰ্থত পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে ১৮৬৯ চনত। (অৱশ্যে, নিৰ্দিষ্ট চন-তাৰিখ এটা লৈ যে অজ্ঞেয়বাদৰ জন্ম হৈছিল, তেনে নহয়। উদাহৰণস্বৰূপে, Agnosticism শব্দটোৰ যি অৰ্থ আৰু ব্যঞ্জনা, তাৰ সমসুৰীয়াকৈ বংগদেশৰ মুক্ত-চিন্তক চিন্তাবিদ অক্ষয়কুমাৰ দত্তই ১৮৫৫ চনতেই ঈশ্বৰৰ স্বৰূপ সংক্রান্তত “অপৰিজ্ঞেয়” শব্দটোৰ ব্যৱহাৰ কৰিছিল। (দ্রষ্টব্য : প্রসেনজিৎ চৌধুৰী, মনন আৰু মনীষী, পৃ: ১৬)।

যি কি নহওক, অজ্ঞেয়বাদীসকলৰ মতনো কি? সহজ কথাত তেওঁলোকৰ মতে, ঈশ্বৰ আছে নে নাই — এই প্রশ্নটোৰ উত্তৰ দিয়াটো সম্ভৱ নহয়। লক্ষণীয়, সমস্যাটো দৰ্শনতত্ত্বৰ যুক্তিবিদ্যাৰ সৈতে সম্পৰ্কিত। এই মাৰ্গীয় দৃষ্টিকোণৰ সৈতে যেনেদৰে প্রশ্নহীন ঈশ্বৰবাদৰ বিৰোধ আছে, তেনেদৰেই নিৰীশ্বৰবাদৰ সৈতেও তাৰ আছে মৌলিক পার্থক্য। তথাপিও, নিৰীশ্বৰবাদ আৰু অজ্ঞেয়বাদৰ মাজত, এটা দিশত কিছু সাদৃশ্য পৰিলক্ষিত হয়। সেইটো হ’ল, অজ্ঞেয়বাদীসকলে ঈশ্বৰবাদীসকলৰ দৰে ঈশ্বৰৰ অস্তিত্বৰ কথাটো তৰ্কাতীত সত্য হিচাপে গণ্য কৰিব পৰা যায় বুলি নাভাবে। এই সন্দর্ভত এগৰাকী পণ্ডিতে এটা বৰ চিত্তাকর্ষক কথা কৈছে : ‘Agnosticism is in fact not a position at all but a method for arriving at a position (D Eller, ‘Agnosticism : The Basis for Atheism, not an Alternative to it’, American Atheist, Winter 2003-2004)। সাধাৰণতেই কোৱা হয়, “ঈশ্বৰ থাকিবও পাৰে, নাথাকিবও পাৰে” – এইটোৱেই হৈছে অজ্ঞেয়বাদী অৱস্থান। কিন্তু প্রকৃততে অজ্ঞেয়বাদ কোনো এটা সুসংজ্ঞায়িত দাৰ্শনিক অৱস্থান নহয়, ই এক কোনো এক সংজ্ঞাবদ্ধ দাৰ্শনিক অৱস্থানলৈ গমন কৰাৰ পন্থাহে। কঠোৰ বিচাৰত “ঈশ্বৰ থাকিবও পাৰে, নাথাকিবও পাৰে” – এইটো এটা অজ্ঞেয়বাদী উক্তি নহয়। “ঈশ্বৰৰ অস্তিত্ব আছে নে নাই, সেইটো প্রশ্নৰ উত্তৰ অপৰিজ্ঞাত” – এইটোহে প্রকৃততে দৰ্শনতত্ত্বৰ যুক্তিবিদ্যাৰ ফালৰপৰা শুদ্ধ অজ্ঞেয়বাদী উক্তি। “ঈশ্বৰ থাকিবও পাৰে, নাথাকিবও পাৰে” – এই প্রকাশভংগীৰ সৈতে উক্ত যুক্তিবিন্যাসৰ মাজত সূক্ষ্ম অথচ গুৰুতৰ প্রভেদ বিদ্যমান।
ঈশ্বৰবাদ, নিৰীশ্বৰবাদ আৰু অজ্ঞেয়বাদৰ এই যৎসামান্য প্রাৰম্ভিক পৰিচয়ৰ পাছত আমি আমাৰ মূল আলোচনাৰ দিশলৈ যাম।

(৩)

বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ প্রসংগত ঈশ্বৰবাদ, নিৰীশ্বৰবাদ আৰু অজ্ঞেয়বাদৰ বাহিৰেও অন্য এটা চিন্তামাৰ্গৰ অস্তিত্ব বিদ্যমান। সেইটো হৈছে Deism ; যিটো হৈছে এই আলোচনাৰ কেন্দ্রীয় বিষয়।

প্রথমতেই আহিল শব্দটোৰ উচ্চাৰণৰ কথা। অসুবিধাটো হৈছে, Deism সংক্রান্তত অসমীয়া ভাষাত তেনেকৈ বিশদ আলোচনা-বিলোচনা পণ্ডিতসকলে আগ ব‌ঢ়োৱা আমাৰ চকুত পৰা নাই। যুক্তিবাদী চিন্তাবিদ প্রসেনজিৎ চৌধুৰীদেৱে কেইটামান মূল্যৱান নিবন্ধত পাৰ্শ্ব-বিষয় হিচাপে Deism-অৰ উল্লেখ কৰিছে। তেখেতে শব্দটোৰ লিপ্যন্তৰ কৰিছে “ডেইইজম” আৰু “ডীইজম” বুলি (দ্রষ্টব্য : ১. প্রসেনজিৎ চৌধুৰী, ধৰ্ম আৰু বিজ্ঞান, পৃ: ৫৯; ২. প্রসেনজিৎ চৌধুৰী, মনন আৰু মনীষী, পৃ: ১৩)। সুন্দৰ-সাৱলীল ভাষাৰ ব্যৱহাৰেৰে গুৰু-গম্ভীৰ বিষয়ৰ গভীৰ আলোচনাত সিদ্ধহস্ত মননশীল লিখক আশীষ লাহিড়ীদেৱেও বাংলাত লিখিছে “ডীইজ্‌ম” অথবা “ডেইইজ্‌ম” বুলি (দ্রষ্টব্য : আশীষ লাহিড়ী, ভগবানেৰ হাৰানো লেত্তি)। এইধৰণৰ ভাষা-উচ্চাৰণৰ ক্ষেত্রত আমাৰ দৰে লোকে মাত মতাটো সংগত আৰু সমীচীন নহয়। তথাপিতো, ইন্টাৰনেটযোগে কেম্ব্রিজ-মাৰ্কা উচ্চাৰণটো “ডিইজি্‌ম” যেন লগাৰ বাবে এই নিবন্ধত শব্দটো তেনেদৰেই ৰাখিলোঁ (http://dictionary.cambridge.org/pronunciation/english/deism)। এই উচ্চাৰণো আকৌ দেশভেদে বেলেগ বেলেগ (উদাহৰণ, শব্দটোৰ উচ্চাৰণ ইংলেণ্ড আৰু এমেৰিকাত একেবাৰেই পৃথ ; ওপৰৰ ৱেবছাইটৰপৰা শ্রৱণীয়)!

উচ্চাৰণৰ কথাটো বাৰু যেন-তেন। এতিয়া প্রশ্নটো হৈছে, ডিইজি্‌ম শব্দটোৰ অৰ্থই বা কি? এই ক্ষেত্রত আমি প্রথমতেই কেইখনমান অভিধানৰ পাতত চকু ফুৰাই চাওঁ।

১৯৩২ চনত প্রথম প্রকাশিত বুধীন্দ্রনাথ ভট্টাচাৰ্যৰদ্বাৰা প্রণিত The Pronouncing Anglo-Assamese Dictionary-ত শব্দটোৰ অৰ্থ এইদৰে আছে : “অকল একেশ্বৰবাদী মত”। লগতে Deist শব্দটোৰ অৰ্থ দিয়া হৈছে এনেদৰে : “এজন ঈশ্বৰ আছে বুলি যি বিশ্বাস কৰে কিন্তু কোনো অৱতাৰ নেমানে”। কোৱা বাহুল্য, উক্ত অভিধানখনত দিয়া তেনে শব্দাৰ্থ একেবাৰেই বিভ্রান্তিজনক। মানক ইংৰাজী-হিন্দীকোষ (সম্পাদক, সত্যপ্রকাশ আৰু বলভদ্র প্রসাদ মিশ্র) নামৰ বিয়াগোম অভিধানখনত Deism-অৰ অৰ্থ “ঈশ্বৰবাদ” বুলি দিয়া হৈছে। লগতে অন্য অৰ্থ দুটাও দিয়া হৈছে, “আস্তিকতা আৰু আস্তিক্য”। এইকেইটা একেবাৰেই ভুল অৰ্থ। কিয়, সেইটো অলপ পাছতেই পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিম। Deism-অৰ তেনেজাতীয় অৰ্থ যে বিভ্রান্তিজনক, সেইটো কিন্তু অসম দেশৰেই এগৰাকী ক্ষণজন্মা তীক্ষ্মধী পণ্ডিতে বহু দিনৰ আগতেই অনুধাৱন কৰিছিল। ১৮৭৭ চনতেই তেখেতে প্রণয়ন কৰা English-Sanskrit Dictionary-খনত Deism-অৰ অৰ্থ “ঈশ্বৰবাদ” আৰু “ঈশ্বৰৱাদিত্যম” বুলি দিয়া হ’লেও, সেই অৰ্থ যে সংশয়াচ্ছন্ন, সেই কথাটো পণ্ডিতগৰাকীয়ে উপলব্ধি কৰিছিল বুলি ডাঠি ক’ব পাৰি। কিয়নো, অভিধান প্রণেতা পণ্ডিতগৰাকীয়ে শব্দটিৰ তেনে অৰ্থৰ লগতে বন্ধনীৰ মাজত প্রশ্নবোধক চিন দুটাও সংলগ্ন কৰি দিছিল। পণ্ডিতগৰাকী আছিল আনন্দৰাম বৰুৱা। মন কৰিবলগীয়া কথা, বুজনসংখ্যক শব্দই স্থান পোৱা সিদ্ধাৰ্থ বৰুৱাদেৱৰ (সম্পাদক, ড0 হীৰেন গোঁহাই)দ্বাৰা প্রণিত The New Millennium Pronouncing Anglo-Assamese Dictionary-ত (প্রথম প্রকাশ, ২০০২ চন) Deism শব্দটোৱেই নাই।

Deism শব্দটোৰ অৰ্থ-সন্ধানত The Oxford English Dictionary নামৰ বিয়াগোম অভিধানখনিয়ে আমাক যথেষ্ট সহায় কৰিব। এই অভিধানখনত Deism-অৰ অৰ্থ এনেধৰণৰ : “… belief in the existence of a Supreme Being as the source of finite existence, with rejection of revelation and the supernatural doctrines of Christianity”। এইটো অৰ্থৰপৰা ডিইজি্‌মৰ কেইটিমান দিশ স্পষ্ট হৈ পৰে। প্রথম কথাটো হৈছে, ডিইজি্‌মে কোনো এটা সৰ্বশক্তিমান শক্তি বা সত্তাৰ অস্তিত্বক স্বীকাৰ কৰি লয়। এইখিনিলৈকে ঈশ্বৰবাদৰ সৈতে ডিইজি্‌মৰ কোনো বিৰোধ নাই। কিন্তু তাৰ পাছৰ পাৰ্থক্যটো মন কৰিবলগীয়া। ডিইজি্‌মে সৰ্বশক্তিমান শক্তি বা সত্তাত বিশ্বাস কৰিলেও সেই শক্তি বা সত্তাসম্ভূত দৈৱী প্রত্যাদেশ কিম্বা অতিপ্রাকৃত কাণ্ড-কাৰখানাৰ ধাৰণাক প্রত্যাখ্যান কৰে। দেখদেখকৈ এই কথাটো ধ্রুপদী ঈশ্বৰবাদৰ সৈতে নিমিলে। গতিকে, ডিইজ্‌মক কোনো কোনো অভিধানত পোৱাৰ দৰে “ঈশ্বৰবাদ”, “আস্তিকতা কিম্বা আস্তিক্য” বুলিব নোৱাৰি। তদুপৰি, এখন অসমীয়া অভিধানত লিপিবদ্ধ হৈ থকা “এজন ঈশ্বৰ আছে বুলি যি বিশ্বাস কৰে কিন্তু কোনো অৱতাৰ নেমানে”, এইটোও ডিইজ্‌মৰ এটা বিকৃত আৰু খণ্ডিত অৰ্থ।

Oxford-অৰ অভিধানখনে ডিইজি্‌ম শব্দটোৰ অৰ্থ বুজাত সহায় কৰিলেও, বিষয়টোৰ তাৎপৰ্য বুজিবলৈ কিন্তু সেইখিনিয়েই পৰ্যাপ্ত নহয়। এইক্ষেত্রত Webster-অৰ চমৎকাৰ, কিছু বৰ্ণানামূলক New International Dictionary নামৰ প্রকাণ্ড অভিধানখনিয়ে বিষয়টোত কিছু পোহৰ পেলাব। এই অভিধানখনত ডিইজি্‌মৰ কথা এইদৰে আছে, “a rationalistic movement of the 17th and 18th centuries whose adherents generally subscribed to a natural religion based on human reason and morality, on the belief in one God who after creating the world and the laws governing it refrained from interfering with the operation of those laws, and on the rejection of every kind of supernatural intervention in human affairs.” এইখিনিৰপৰা আমি কেইটিমান গুৰুত্বপূৰ্ণ কথাৰ সম্ভেদ পাওঁ, যিকেইটি Oxford-অৰ অভিধানখনিত নাই। সেইকেইটা হ’ল :

১. ডিইজি্‌ম হৈছে সপ্তদশ আৰু অষ্টাদশ শতিকাৰ যুক্তিবাদী আন্দোলনৰ এটি ধাৰা।
২. ই এটা “প্রাকৃতিক ধৰ্ম” (natural religion)।
৩. এই ধৰ্ম মানুহৰ নৈতিক প্রমূল্য আৰু যুক্তিৰ সৈতে সম্পৃক্ত।
৪. ডিইজি্‌মে এগৰাকী ঈশ্বৰক সৃষ্টিকৰ্তা বুলি গণ্য কৰে। কিন্তু এই সৃষ্টিকৰ্তা ঈশ্বৰৰ স্বৰূপটো ধ্রুপদী ঈশ্বৰবাদৰ ঈশ্বৰতকৈ বহুত বেলেগ। ডিইজ্‌মৰ মতে, ঈশ্বৰে বিশ্বব্রহ্মাণ্ডখনি আৰু লগতে প্রাকৃতিক নিয়মবোৰ সৃষ্টি কৰিলে ঠিকেই। কিন্তু তাৰ পাছত ঈশ্বৰগৰাকীয়ে প্রাকৃতিক নিয়মবোৰত কিম্বা যিকোনো মানৱ-সংক্রান্তীয় বিষয়ত হস্তক্ষেপ কৰাৰপৰা বিৰত থাকিল।

কথাটো দেখোন আমাৰ সেই আৰম্ভণিৰ ট্রাক-ড্রাইভাৰজনৰ কাণ্ডটোৰ দৰেই! আমাৰ সেই চলন্ত ট্রাকখনৰপৰা হঠাতে ড্রাইভাৰজনে জঁপিয়াই দিছিল। ফলত ট্রাকখনৰ গতিপথ হৈ পৰিছিল ট্রাক-ড্রাইভাৰৰ নিয়ন্ত্রণৰ বাহিৰত। ট্রাকখন ক’লৈ যাব, কি কৰিব — সেইবোৰ কোনো কথাতেই ট্রাক-ড্রাইভাৰৰ কোনো ভূমিকাই নেথাকিলগৈ। ট্রাকখন সঠিক ৰাস্তাত চালনা কৰিবলৈ কিম্বা ৰখাই দিবলৈ ট্রাক-ড্রাইভাৰজনক কিবা কৈও একো লাভ নাই; তেনে অনুৰোধ একেবাৰেই অৰ্থহীন, কিয়নো স্বয়ং ড্রাইভাৰজনেই নিখোঁজ। তেনেদৰেই, ডিইজ্‌মৰ ঈশ্বৰগৰাকীয়েও গতা এটা মাৰি বিশ্বব্রহ্মাণ্ডক সৃষ্টি কৰি নিজে নিখোঁজ হৈ পৰিল! গতিকে সৃষ্টিকালৰ সেই আদিম ঠেলাটো খোৱাৰ পাছত বিশ্বব্রহ্মাণ্ডৰ সকলো জাগতিক-মহাজাগতিক ঘটনাৰাজি সংঘটিত হৈ আছে নিজৰ নিয়ম মতে, সেই চালকবিহীন ট্রাকখনৰ অনিৰ্ধাৰিত-অনিশ্চিত গতিৰ দৰে। গতিকে মানুহে জাগতিক ফলাকাংক্ষা, দুখ-কষ্ট নিবাৰণ ইত্যাদিৰ বাবে সেই নিখোঁজ সৃষ্টিকৰ্তাৰ ওচৰত প্রাৰ্থনা কৰাটো অৰ্থহীন কথা। স্বাভাৱিকতেই প্রাতিষ্ঠানিক ধৰ্মৰ কিছুমান মূল প্রমেয় ডিইজি্‌মে বাতিল কৰি দিলে। ঈশ্বৰক স্তুতি, দৈৱী প্রত্যাদেশ, ঈশ্বৰ-নিয়ন্ত্রিত জীৱন আৰু জগৎ – এইবোৰ নিখোঁজ-নিষ্কৰ্মা ঈশ্বৰৰ ধাৰণাটোৰ লগত সংগতিহীন হৈ পৰিল।

অৰ্থাৎ, ডিইজ্‌মৰ সৈতে প্রচলিত অৰ্থৰ ঈশ্বৰবাদৰ গুৰুতৰ প্রভেদ আছে। কিন্তু মজাৰ কথাটো হৈছে ডিইজি্‌ম আৰু ঈশ্বৰবাদ – আদিতে এই দুয়োটা শব্দৰ অৰ্থ একেই আছিল, মাত্র শব্দদুটাৰ ব্যুৎপত্তিগত উৎসহে আছিল পৃথক। Theism (ঈশ্বৰবাদ) শব্দটোৰ মূল হৈছে গ্রিক্‌ theos, যাৰ অৰ্থ ঈশ্বৰ। ডিইজি্‌ম শব্দটোৰ মূলত আছে এটা লেটিন শব্দ, dues, অৰ্থও সেই একেই, – ঈশ্বৰ (দ্রষ্টব্য : A W Wood, The Encyclopaedia of Religion)। কিন্তু আমি নিখোঁজ-নিষ্কৰ্মা ঈশ্বৰৰ ধাৰণাসম্বলিত ডিইজি্‌মক, সৰ্বনিয়ন্তা ঈশ্বৰ-ধাৰণাৰ ঈশ্বৰবাদক একেই বুলি ক’ব পাৰোঁ জানো? তেনেধৰণৰ বিসংগতি আঁতৰাবলৈকে বোধকৰোঁ বাংলা ভাষাত কোনো কোনোৱে ডিইজি্‌মৰ প্রতিশব্দ এটা ব্যৱহাৰ কৰা চকুত পৰে। সেইটো হ’ল “যুক্তিসঞ্জাত ঈশ্বৰবাদ”। এইটো এটা কঠিন পৰিভাষা (লগতে আসোঁৱাহমুক্তও নহয়। কিয়, সেইটো এই আলোচনাৰ শেষভাগত আহিব), গতিকে আমি তেনে কোনো পৰিভাষাৰ পৰিৱৰ্তে ডিইজি্‌ম শব্দটিৰ ব্যৱহাৰেই প্রশস্ত হ’ব বুলি ভাবিছোঁ ।

(৪)

ব্যুৎপত্তিগত কিম্বা আভিধানিক অৰ্থই কোনো শব্দৰ প্রাৰম্ভিক চৰিত্রৰ ইংগিত দিলেও, বিষয়টোৰ সামাজিক তাৎপৰ্য বুজিবলৈ সেইটো যথেষ্ট নহয়। আমি আগতে পাই আহিছিলোঁ যে ডিইজি্‌মে সপ্তদশ আৰু অষ্টাদশ শতিকাৰ ইউৰোপত এটি যুক্তিবাদী আন্দোলনৰ ধাৰা হিচাপে বিস্তাৰ লাভ কৰিছিল। কিন্তু ডিইজি্‌মৰ আদি-ইতিহাস তাতোকৈও পুৰণি।

এগৰাকী বিখ্যাত কেলভিনপন্থী ধৰ্মতত্ত্ববিদ আছিল ছুইটজাৰলেণ্ডৰ পিয়েৰি ভিৰে (Pierre Viret, ১৫১১-১৫৭১, লিপ্যন্তৰটি পৰীক্ষণীয়)। ১৫৬৪ চনত তেখেতৰ এখন গ্রন্থ প্রকাশিত হৈছিল, নাম Instruction chretienne। এই গ্রন্থখনতেই পোন-প্রথমবাৰৰ বাবে ডিইজি্‌ম শব্দটোৰ ব্যৱহাৰ হৈছিল বুলি জনা যায় (দ্রষ্টব্য : Dictionary of the History of Ideas, Editor: P P Wiener)। তেখেত লিখিছিল, “মই শুনিবলৈ পাইছোঁ যে কিছুমান লোকে, নিৰীশ্বৰবাদীৰপৰা পৃথক বুলি বুজাবলৈ, ডিইষ্ট্‌ বুলি এটা নতুন শব্দৰে নিজৰ পৰিচয় দিয়ে। এই লোকসকলে এজন ঈশ্বৰে স্বৰ্গ, মৰ্ত্য আদিৰ সৃষ্টি কৰা বুলি বিশ্বাস কৰিলেও যীশু আৰু তেওঁ প্রৱৰ্তন কৰা ধৰ্মাচৰণক অস্বীকাৰ কৰে (দ্রষ্টব্য: Encyclopaedia of Philosophy, http://www.encyclopedia.com/article-1G2-3446800479/deism.html)। তেখেতে কোৱা সেই ডিইষ্ট্‌সকল কোন আছিল, সেইটো অন্ধকাৰত থাকি গ’লেও উক্ত গ্রন্থখনৰ আভ্যন্তৰীণ সাক্ষ্যৰপৰা বুজা যায় যে সেইসকল যথেষ্ট বিদ্বান আৰু দৰ্শনবিদ্যাত পাৰদৰ্শী লোক আছিল। সেইসকলক তেখেতে নাস্তিক-নিৰীশ্বৰবাদী বুলি সমালোচনা কৰিছিল অতি নিৰ্মমভাৱে (দ্রষ্টব্য: পূৰ্বোক্ত সূত্র)। ইংলেণ্ডত ডিইষ্ট্‌ শব্দটোৰ প্রথম ব্যৱহাৰ হৈছিল ১৬২১ চনত, ৰবাৰ্ট বাৰ্টনৰ (১৫৭৭-১৬৪০) Anatomy of Melancholy নামৰ গ্রন্থখনত। বাৰ্টনে লিখিছিল, ডিইষ্ট্‌সকল নৈতিক বিচাৰত উচ্চ আৰু মহৎ দাৰ্শনিক হ’লেও, তেওঁলোক হ’ল নাস্তিক-নিৰীশ্বৰবাদী। প্রায় এশ বছৰ পাছত প্রখ্যাত চিন্তাবিদ ডেভিড হিউমে (১৭১১-১৭৭৬) History of England নামৰ বিশ্ববিশ্রুত গ্রন্থত (প্রথম খণ্ডৰ প্রকাশ ১৭৫৪ চন) জেমছ হেৰিংটন, ছাৰ জন ৱাইল্ডমেন আদি সমাজৰ সন্মানীয় ব্যক্তিক ডিইষ্ট্‌ বুলি অভিহিত কৰিছিল (দ্রষ্টব্য: পূৰ্বোক্ত সূত্র)।

সেই সময়ত অৱশ্যে ডিইজি্‌ম আৰু ডিইষ্ট্‌ শব্দটোৰো ব্যৱহাৰ বিভিন্ন ধৰণে, বিভিন্ন অৰ্থত কৰা পৰিলক্ষিত হৈছিল। যদিও জাগতিক বিষয় সাপেক্ষে সৃষ্টিকৰ্তাৰ নিষ্কৰ্মতা আছিল ডিইজি্‌মৰ অন্যতম মূল কথা, তথাপিও দৰ্শনৰ এই ধাৰাটোৰ স্বৰূপ একমাত্রিক নাছিল। উদাহৰণস্বৰূপে, সেই সময়পৰ্বত আমি ঘাইকৈ ডিইজি্‌ম শব্দটোৰ চাৰিটা অৰ্থব্যঞ্জনা পাওঁ : ১. সৰ্বশক্তিমান সত্তা এটাত বিশ্বাস। কিন্তু সেই সত্তাটো একেবাৰেই ব্যক্তিগুণৰহিত; বুদ্ধিমত্তা কিম্বা স্বাধীন ইচ্ছা আদি সত্তাটোৰ নাই। ২. ঈশ্বৰৰ অস্তিত্বত বিশ্বাস। কিন্তু সেই ঈশ্বৰে জীৱন-জগতৰ কোনো দৈৱী যত্ন নলয় বা ল’বলৈ অক্ষম। ৩. সৃষ্টিকৰ্তা ঈশ্বৰৰ অস্তিত্বত বিশ্বাস। কিন্তু সৃষ্টিৰ পৰৱৰ্তী কালত সেই ঈশ্বৰ ভৱিষ্যতহীন। ৪. ঈশ্বৰৰ অস্তিত্বত বিশ্বাস। কিন্তু তৎসংলগ্ন প্রচলিত ধৰ্মবিশ্বাস অৰ্থহীন আৰু পৰিত্যাজ্য (দ্রষ্টব্য: A W Wood, পূৰ্বোক্ত গ্রন্থ)।

যি কি নহওক, ডিইজি্‌মে ক্রমাৎ সপ্তদশ আৰু অষ্টাদশ শতিকাৰ ইউৰোপত এটা শক্তিশালী ৰূপ ধাৰণ কৰে। প্রচলিত ধৰ্মমতক শাণিত সমালোচনা কৰা ফৰাচী চিন্তাবিদ ভলট্যেয়াৰৰ (১৬৯৪-১৭৭৮) চিন্তা-চৰ্চা ডিইজি্‌মৰ সমগোত্রীয় আছিল। আটলান্টিকৰ সিপাৰে এমেৰিকাতো কেইগৰাকীমান তীক্ষ্ণধী কৰ্মযোগী লোক ডিইষ্ট্‌ মতবাদৰ সোচ্চাৰ প্রবক্তাৰূপে আত্মপ্রকাশ কৰে। বেঞ্জামিন ফ্রাংকলিন (১৭০৬-১৭৯০), টমাছ জেফাৰছন (১৭৪৩-১৮২৬) আদিৰ দৰে প্রখ্যাত ব্যক্তিৰ চিন্তা-চৰ্চাত ডিইজি্‌মৰ প্রভাৱ পৰিলক্ষিত হৈছিল। উদাহৰণস্বৰূপে, এমেৰিকাৰ তৃতীয়গৰাকী ৰাষ্ট্রপতি টমাছ জেফাৰছনৰ এখন গ্রন্থৰ নাম The Life and Morals of Jesus of Nazareth। এই গ্রন্থখন ‘জেফাৰছনৰ বাইবেল’ বুলিহে জনপ্রিয় হৈ পৰিছিল। এই পুথিখনত জেফাৰছনে নিউ টেষ্টামেন্টৰ নানান অলৌকিক ঘটনাক (যেনে, কুমাৰী মেৰিয়ে যীশুক জন্ম দিয়া আদি কথাক) নিৰ্মমভাৱে বাদ দিয়ে। আধুনিক এমেৰিকা যুক্তৰাষ্ট্রৰ অন্যতম আদি-ৰূপকাৰ আছিল টমাছ পেইন (১৭৩৭-১৮০৯)। পেইনে তেওঁৰ অতি বিখ্যাত গ্রন্থ The Age of Reason-অত (প্রথম প্রকাশ, ১৭৯৩-১৭৯৪) খ্ৰীষ্টান ধৰ্মমত, গিৰ্জাৰ ভূমিকা আদিৰ ওপৰত শাণিত যুক্তিৰে প্রচণ্ড আঘাত হানে। প্রচলিত ধৰ্মমতসমূহৰ অযৌক্তিকতা আৰু পৰস্পৰবিৰোধিতা অতি স্পষ্টভাৱে উন্মোচন কৰা পেইন আছিল ডিইজি্‌মৰ বলিষ্ঠ প্রবক্তা। তেখেতৰ এটি প্রবন্ধৰ শিৰোনামেই হৈছে, “Of the Religion of Deism Compared with the Christian Religion” (দ্রষ্ট্রব্য: http://sourcebooks.fordham.edu/mod/paine-deism.asp)। এইটো প্রবন্ধত পেইনে কোনো দ্বিধা নোহোৱাকৈ লিখিছিল, “Every person, of whatever religious denomination he may be, is a DEIST (গুৰুত্ব পেইনৰ) in the first article of his Creed”। অৰ্থাৎ, যিকোনো মানুহৰ বাবেই, তেওঁৰ ধৰ্ম যিয়েই নহওক কিয়, ধৰ্মৰ আদিমূল হৈছে ডিইজি্‌ম। কিন্তু ধৰ্মৰ এই আদিমূলটোনো প্রকৃততে কি? অতি স্পষ্টকৈ উক্ত প্রবন্ধত পেইনে লিখিছে, “… God, is the belief of a God, and this belief is the first article of every man’s creed”। কিন্তু প্রচলিত প্রাতিষ্ঠানিক ধৰ্মৰ সৈতে পেইন-কথিত এই ধৰ্মৰ আদিমূলৰ প্রভেদ ক’ত? সেই সংক্রান্তত তেখেতৰ উত্তৰ আমি পাওঁ সেই একেটা প্রবন্ধতেই, “Whenever we step aside from this article, by mixing it with articles of human invention, we wander into a labyrinth of uncertainty and fable, and become exposed to every kind of imposition by pretenders to revelation.” অৰ্থাৎ, আমি যেতিয়াই সৃষ্টিৰ আদিমূলৰ কথা অতিক্রমি মানৱ-কল্পনাসম্ভূত অলৌকিকক কাণ্ড-কাৰখানাক লৈ ব্যস্ত হৈ পৰোঁ, তেতিয়াই বিভ্রান্তিৰ উদ্ভৱ হ’বলৈ আৰম্ভ কৰে। কুমাৰী নাৰী এগৰাকীয়ে কেনেকৈ সন্তানৰ জন্ম দিব পাৰে? এই উদ্ভট কথাটো ব্যাখ্যা কৰিবলৈ অধিক উদ্ভট কথা-বতৰাৰ প্রয়োজন হয়। সেইটোৱে বিভ্রান্তি কমোৱাৰ সলনি অধিক বিভ্রান্তিৰহে জন্ম দিয়ে। তেখেতে উক্ত ৰচনাখনিত অতি স্পষ্টভাৱে বিভিন্ন ধৰ্মৰ মতান্ধতাৰ কথাৰে ধৰ্মৰ আভ্যন্তৰীণ এটা ডাঙৰ বিসংগতিলৈ আঙুলিয়াই দিছে। প্রত্যেক ধৰ্মই নিজ নিজ ধৰ্মগ্রন্থত থকা কথাবোৰক অবিসম্বাদী সত্য বুলি জ্ঞান কৰে হয়, কিন্তু সেইবোৰ পৰস্পৰবিৰোধী, ইটো ধৰ্মৰ সৈতে আনটো ধৰ্মৰ কোনো মিল নাই। এইবোৰ বিসংগতি যেতিয়া একেবাৰেই ব্যাখ্যাতীত হৈ পৰে, তেতিয়া কি হয়? পেইনে এই সংক্রান্তত কোৱা কথাটোৱে ধৰ্মৰ পুৰোহিততন্ত্রৰ চতুৰামিৰ কথা অতি নগ্নভাৱে উন্মোচন কৰিছে। তেখেতে কৈছে, তেনে ব্যাখ্যাতীত আৰু অযৌক্তিক কথা-বতৰাক যুক্তিসিদ্ধ বুলি প্রতীয়মান কৰিবলৈ, সেইবোৰক ঈশ্বৰৰ প্রত্যাদেশ বুলি ঘোষণা কৰা হয়। কিন্তু সেইটোৱে বিভ্রান্তি আঁতৰাব নোৱাৰে; এটা সমস্যা আঁতৰাবলৈ নতুন এটা সমস্যাৰহে আমদানি কৰা হয় (“When an article in a creed does not admit of proof nor of probability, the salvo is to call it revelation; but this is only putting one difficulty in the place of another, for it is as impossible to prove a thing to be revelation as it is to prove that Mary was gotten with child by the Holy Ghost.”)। কোৱা বাহুল্য, পেইনৰ তেনেজাতীয় মতসমূহ আছিল প্রচলিত ধৰ্মমতৰ ওপৰত পৰা একো একোটা প্রচণ্ড আঘাত।

(৫)

এটা সময়ত ডিইষ্ট্‌ চিন্তাধাৰা—বিশেষকৈ বিংশ শতিকাৰ প্রথমভাগত—স্তিমিত হৈ পৰে। ডিইজি্‌মৰ প্রাৰম্ভিক জয়যাত্রা আৰু তাৰ নিস্তেজ পৰিসমাপ্তিৰ কথাটো আমি ঐতিহাসিক-জাগতিক পটভূমিতহে বিচাৰ কৰি চাব লাগিব। প্রশ্ন উঠিব, কিয়ই বা ইতিহাসৰ এটা পৰ্বত ডিইজি্‌মে আলোড়নৰ সৃষ্টি কৰিছিল, আকৌ কিয়ইবা পাছলৈ তেনে আন্দোলনৰ গতি মন্থৰ হৈ পৰিছিল?

সামাজিক পৰিঘটনা হিচাপে ডিইজি্‌মৰ উত্থান-পতনৰ কথাটো বাস্তৱ ঘটনাক্রমৰ পট-পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত। আমি পাই আহিছিলোঁ যে ডিইজি্‌মৰ উদ্ভৱ আৰু প্রাৰম্ভিক বিকাশ ঘটিছিল ইউৰোপৰ নৱজাগৰণৰ আশে-পাশে। সেই সময়ত পুঁজিবাদৰ আৰম্ভণিৰ বিকাশৰ সৈতে সংগতি ৰাখি আধুনিক বিজ্ঞানৰো বিকাশ ত্বৰান্বিত হৈ পৰিছিল। সেই কালত, বিকশমান বিজ্ঞানে ধৰ্মপ্রদত্ত প্রচণ্ড বাধাৰ সন্মুখীন হৈছিল। ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ তেনে সংঘাত অনিবাৰ্য আছিল, কিয়নো দুয়োটাৰেই মাজত থকা বিৰোধ আছিল মৌলিক আৰু অমোচনীয়। এই সন্দৰ্ভত আমি পূৰ্বৰ এটা সম্পাদকীয়ত বহলাই আলোচনা কৰাৰ প্রয়াস কৰিছিলোঁ।

কিন্তু এই ক্ষেত্রত এটা স্বল্পালোচিত দিশ বিদ্যমান। প্রথম অৱস্থাত বিজ্ঞানে প্রত্যক্ষভাৱে অমিত শক্তিশালী প্রচলিত ধৰ্মৰ বিৰোধিতা কৰাটো আছিল এটা অসম্ভৱ কথা। কোপাৰ্নিকাছে ধৰ্মৰোষৰপৰা হাত সাৰিবলৈকে বুলি তেখেতৰ যুগান্তকাৰী গ্রন্থখন প্রায় ধেমালিতে লিখা বুলি উল্লেখ কৰিছিল। কোপাৰ্নিকাছৰ সূৰ্যকেন্দ্রী ব্রহ্মাণ্ডৰ মডেলটোক সমৰ্থন কৰা বাবে জিউৰডানো ব্রুন’ক ১৬০০ চনত জুইত নিক্ষেপ কৰি হত্যা কৰা হৈছিল। ব্রুন’ৰ দৰ্শন ডিইজি্‌মৰ সমগোত্রৰ আছিল বুলি কোৱা হয়। ইটালিৰ দাৰ্শনিক লুচিলিও ভানিনিয়ে (১৫৮৫-১৬১৯) বিশ্বব্রহ্মাণ্ডখন প্রাকৃতিক বিধি অনুযায়ী নিয়ন্ত্রিত আৰু পৰিচালিত হৈ আছে বুলি মত প্রকাশ কৰিছিল। তেনে মতৰ বাবে প্রথমতে তেখেতৰ জিভা কাটি, পাছত টেঁটু চেপি হত্যা কৰা হৈছিল।

তেনে এক পৰিৱেশত প্রত্যক্ষভাৱে ধৰ্মাচৰণৰ বিৰোধিতা কৰাটো সম্ভৱ নাছিল। অথচ, প্রতিষ্ঠানিক ধৰ্মৰ তেনে বাধা আঁতৰ কৰাটো উদীয়মান পুঁজিবাদৰ বাবে আছিল বৰ দৰকাৰী কথা। কিয়নো, তদানীন্তন ধৰ্মীয় ব্যৱস্থাটো হৈ পৰিছিল পুঁজিবাদী বিকাশৰ বাটৰ কন্টকস্বৰূপ। তেনে পটভূমিতেই, পুঁজিবাদৰ বিকাশৰ সৈতে সংগতি ৰাখি, বিজ্ঞানৰ লগতে যুক্তিবাদী চিন্তা-চৰ্চাৰো স্ফুৰণ ঘটিছিল। প্রথম অৱস্থাত তেনে চিন্তা-চৰ্চাই প্রাতিষ্ঠানিক ধৰ্মৰ সৈতে প্রত্যক্ষ সংঘাতত লিপ্ত হোৱা নাছিল, বা অধিক শুদ্ধকৈ ক’বলৈ গ’লে, ধৰ্মৰ হিংস্র আৰু জংগী স্বৰূপটোৰ বাবে সেইটো সম্ভৱ হোৱা নাছিল। তেনে অৱস্থাত, ধৰ্মৰ মূল প্রমেয়—সৃষ্টিতত্ত্বটোক বাদ দি, ধৰ্মৰ আভ্যন্তৰীণ বিসংগতিবোৰ আঁতৰ কৰাৰ প্রচেষ্টা আপেক্ষিকভাৱে কিছু নিৰাপদ আছিল। অৱশ্যে ঐতিহাসিক সাক্ষ্যই দেখুৱায় যে তেনে অৱস্থান এটাও কিন্তু সম্পূৰ্ণ নিৰাপদ নাছিল। উদাহৰণ এটিলৈ লক্ষ্য কৰিলেই কথাটো পৰিষ্কাৰ হ’ব। উইলিয়াম হুইশ্বট্‌ন (William Whiston, ১৬৬৭-১৭৫২) আছিল ইংলেণ্ডৰ এগৰাকী তীক্ষ্মধী ধৰ্মতত্ত্ববিদ আৰু গণিতজ্ঞ। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ লুকাছিয়ান আসনখনত অধিষ্ঠিত হৈ আছিল তেখেত (যিখন আসন পূৰ্বতে শুৱনি কৰিছিল আইজ্যাক নিউটনে)। কিন্তু খ্ৰীষ্টান ধৰ্মমতৰ ট্রিনিটিৰ ধাৰণাত সংশয় ব্যক্ত কৰাৰ বাবে ১৭১০ চনত তেখেতক উক্ত পদৰপৰা বৰ্খাস্ত কৰা হৈছিল (দ্রষ্টব্য: W Durant and A Durant, The Age of Voltaire)।

অমিত শক্তিশালী প্রাতিষ্ঠানিক ধৰ্মই সৃষ্টি কৰা তেনে শ্বাসৰুদ্ধকৰ পটভূমিৰ বাবেই সৃষ্টিকৰ্তা ঈশ্বৰৰ ধাৰণাটোক অস্বীকাৰ নকৰি, ডিইজি্‌মৰ প্রাৰম্ভিক বিকাশ আৰম্ভ হৈছিল বুলি ধাৰণা হয়। তদুপৰি, মনৰ অতি গভীৰত প্রোথিত ঈশ্বৰবিশ্বাসক ৰেহাই দি, ধৰ্মৰ উপৰুৱা বিসংগতিক প্রধান বিৰোধৰ লক্ষ্য কৰি লোৱাটো ডিইষ্ট্‌সকলৰ বাবে মানসিক দিশৰপৰাও স্বস্তিদায়ক আছিল বুলি অনুমান কৰিব পাৰি।

সেই ঐতিহাসিক কালপৰ্বত ডিইজি্‌মৰ ভূমিকা আছিল নিঃসন্দেহে প্রগতিশীল। ধৰ্মীয় আচাৰ-অনুষ্ঠান-পৰম্পৰা-বিশ্বাস আদিৰ প্রসংগত বিভিন্ন প্রশ্ন উত্থাপন কৰি সামগ্রিকভাৱে ডিইষ্ট্‌সকলে ধৰ্মৰ ভিত্তিমূলটোকেই কঁপাই তুলিছিল। জীৱন আৰু জগতৰ ব্যাখ্যা কোনো দৈৱী হস্তক্ষেপ ব্যতিৰকে জাগতিক বিচাৰ-বিশ্লেষণৰদ্বাৰাই সম্ভৱ, ডিইজি্‌মৰ এই চিন্তা বিজ্ঞানৰ প্রাথমিক বিচাৰ-পদ্ধতিৰ সৈতে সংগতিপূৰ্ণ আছিল। কিন্তু কিঞ্চিৎ আমোদ আৰু পৰিহাসৰ কথা, যুক্তিক মানৱীয় চিন্তা-চৰ্চাৰ চালিকাশক্তি বুলি গণ্য কৰা ডিইষ্ট্‌সকলে সৃষ্টিকৰ্তাৰ অস্তিত্বৰ প্রশ্নটোক যুক্তিৰে বিচাৰ কৰি চোৱা নাছিল। প্রখৰ যুক্তিৰে সকলোধৰণৰ অযৌক্তিক-অলৌকিক কথা-কাণ্ডক নস্যাৎ কৰা টমাছ পেইনৰ এষাৰ কথা বৰ চিত্তাকৰ্যক, “The Deist needs none of those tricks (ধৰ্মবেত্তাসকলৰ চতুৰামি) and miracles to confirm his faith, for what can be a greater miracle than the creation itself, and his own existence?” ডিইষ্ট্‌ৰ বাবে ধৰ্মত বৰ্ণিত মিৰাক’লৰ কোনো প্রয়োজন নাই, কিয়নো ব্রহ্মাণ্ডৰ সৃষ্টিটোৰ সমান ডাঙৰ মিৰাক’ল আৰু একো নাই! এইটোক জানো প্রকৃত অৰ্থত যৌক্তিক বিচাৰ বোলা যাব? গতিকে কোনো কোনোৱে কৰাৰ দৰে, ডিইজি্‌মক আমি “যুক্তিসঞ্জাত ঈশ্বৰবাদ” বুলিলে “যুক্তি” শব্দটোৰ জানো অৰ্থবিকৃতি নঘটিব?

যুক্তিবাদৰ পৰৱৰ্তী বিকাশে ব্রহ্মাণ্ডৰ উদ্ভৱৰ কথাটোকো যুক্তিবিচাৰৰ পৰিসীমাৰ মাজলৈ লৈ আহিল। বিজ্ঞানৰ ত্বৰান্বিত জয়যাত্রা আৰু বৌদ্ধিক ক্ষেত্রত ধৰ্মৰ ক্রমাগত পশ্চাৎগমনৰ বাবে পূৰ্বৱৰ্তী যুগতকৈ এই কথাটো বহু দূৰলৈ সুগম আৰু নিৰাপদ হৈ পৰিছিল। তেনে এটা পৰিৱেশত ডিইজি্‌মক ক্রমাৎ পৰিপূৰ্ণ যুক্তিবাদে অপসাৰিত কৰি পেলালে। এই যুক্তিবাদে, ধৰ্মৰ অন্যান্য দিশৰ উপৰিও, সৃষ্টিকৰ্তা ঈশ্বৰৰ ধাৰণাটোকো অযৌক্তিক বুলি গণ্য কৰিবলৈ ধৰিলে। স্বাভাৱিকতেই ডিইজি্‌মৰ সামাজিক তাৎপৰ্য বিংশ শতিকাৰ আৰম্ভণিৰপৰা ক্রমাৎ হ্রাস পাবলৈ ধৰিলে। গতিকে স্বাভাৱিকতেই প্রশ্ন উঠিব, এই একবিংশ শতিকাত ডিইজি্‌ম একেবাৰেই লুপ্ত হৈ পৰিল নেকি? এই প্রশ্নটোৰ উত্তৰত সম্প্রতি এটা বৰ তাৎপৰ্যপূৰ্ণ দিশ চকুত পৰিছে। সেই কথাটো উনুকিয়াই এই আলোচনা শেষ কৰিম।

একবিংশ শতিকাতো ডিইজি্‌ম অৱলুপ্ত হৈ যোৱা নাই। বৰঞ্চ নতুন কৰিকৰী কৌশল, যেনে ইন্টাৰনেট আদিৰ ব্যৱহাৰৰ যোগেদি সি নতুন ৰূপেৰে আত্মপ্রকাশ কৰিছে। এইটো এটা সাম্প্রতিক পৰিঘটনা। আধুনিক যুক্তিবাদে সৃষ্টিকৰ্তা ঈশ্বৰৰ ধাৰণাটোক যুক্তিবিচাৰৰ পৰিসীমালৈ লৈ অহাৰ পাছত প্রকৃততে ডিইজি্‌ম ক্রমাৎ মৰহি গৈ একেবাৰেই অপসাৰিত হৈ পৰিব লাগিছিল। এই প্রসংগত ডেনিছ ডিডৰোৱে (Denis Diderot, ১৭১৩-১৭৮৪) লিখা এষাৰ কথা বৰ প্রাসংগিক আৰু মজাৰ। ডিডৰোৱে কৈছিল, ডিইষ্ট্‌ হৈছে এনেকুৱা এজন ব্যক্তি, যিজন নাস্তিক হৈ উঠাৰ আগতেই মৰি গৈছে (দ্রষ্টব্য: আশীষ লাহিড়ী, পূৰ্বোক্ত সূত্র)। কথাৰ অৰ্থটো বৰ ৰসাল, লগতে চিত্তাকৰ্ষকো। ডিডৰোৰ কথাটোৰ অন্তৰ্নিহিত অৰ্থটো এনেধৰণৰ – সুকলমে বাচি থাকিলে ডিইষ্ট্‌ এজন নাস্তিক হৈ পৰাটো খাটাং। কিন্তু এই বৰ্তমানৰ যুগতো নৱ ৰূপেৰে ডিইজি্‌মৰ আত্মপ্রকাশৰ কথাটো ভাবি চাবলগীয়া।

আজিৰ বৌদ্ধিক পৰিমণ্ডলত, বিশ্বব্রহ্মাণ্ডৰ উদ্ভৱৰ প্রশ্নত সেই তেতিয়াৰ দৰে কৰিৎকৰ্মা কিম্বা নিষ্কৰ্মা সৃষ্টিকৰ্তাৰ ধাৰণাটোৰ আদৰ আৰু তেনেকৈ নাই। কিন্তু প্রাতিষ্ঠানিক ধৰ্মৰ সামাজিক শক্তি এতিয়াও চকুত পৰাকৈ বিদ্যমান। তেনে প্রাতিষ্ঠানিক ধৰ্মসমূহৰ অন্যতম জীৱনীশক্তি হৈছে সৃষ্টিকৰ্তাৰ ধাৰণাটো। কিন্তু এই ধাৰণাটোক আজি আৰু অতীতৰ দৰে উদ্ভট-অলৌকিক সাধুকথাৰে যৌক্তিক ৰূপ দিয়াটো সম্ভৱ নহয়। সেইবাবেই বিজ্ঞানৰ নানান পৰিভাষাক যধেমধে ব্যৱহাৰ কৰি সৃষ্টিকৰ্তাৰ কল্পনাটোক বিজ্ঞানসন্মত বুলি প্রতীয়মান কৰিবলৈ একাংশ লোকে অপচেষ্টা চলাই আহিছে। তেনে এক বিশেষ অপবিজ্ঞানৰ নাম হৈছে বুদ্ধিদীপ্ত নিৰ্মাণ (Intelligent Design)। এই অপবিজ্ঞানৰ প্রবক্তাসকলে এগৰাকী সৃষ্টিকৰ্তাৰ বাস্তৱ অস্তিত্ব আছে বুলি পোনে পোনে নকয়। তাৰ সলনি তেওঁলোকে কয়, এই ব্রহ্মাণ্ডখন নিখুঁতভাৱে পৰিকল্পনা (Design) কৰি সৃষ্টি কৰা হৈছে। এই সংক্রান্তত আমি অন্যত্র দীঘলীয়াকৈ আলোচনা কৰিছোঁ, সেই সন্দৰ্ভৰ আলোচনা ইয়াত অপ্রাসংগিক। কিন্তু ইয়াত আমাৰ বাবে প্রাসংগিক কথা এটা আছে। সেইটো হ’ল, বুদ্ধিদীপ্ত নিৰ্মাণ তত্ত্বই ডিইজি্‌মৰ মূল কথাটোক নিজৰ “যুক্তি”ৰ সপক্ষে ব্যৱহাৰ কৰিব পাৰে নেকি, সেই কথাটোত আমি সতৰ্ক হোৱা ভাল। আমাৰ এই আশংকা হয়তো অমূলক নহয়। কিয়নো, এনে নব্য ডিইষ্ট্‌সকলৰ এটা গোট, World Union of Deist-এ আমাক জানিবলৈ দিছে এইটি কথা – “… We see the design found throughout the known universe and this realization brings us to a sound belief in a Designer or God. (দ্রষ্টব্য: http://www.deism.com/deism_defined.htm)”। ডিইজি্‌ম সংক্রান্তত সাম্প্রতিক এনে গতিবিধিৰ প্রতিও আমি লক্ষ্য ৰখা উচিত। উদ্ভট আৰু গাজাখুৰী কল্প-কাহিনীৰ ট্রাক-ড্রাইভাৰজনক অনৰ্থক বিচাৰি যোৱাতকৈ, তেনে কাহিনী শুনাই থকা লোকসকলৰ কামকাজতহে সতৰ্ক দৃষ্টি ৰখা দৰকাৰ।

**********

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *