ধৰ্মান্ধতা আৰু মোৰ অনুভৱ- (ৰেহনা চুলতানা)

লেখনিৰ পৰম্পৰা ভংগ কৰি প্ৰথমেই বিধিগত স্পষ্টীকৰণ দি লোৱাটো প্ৰয়োজন অনুভৱ কৰিছোঁ। আমাৰ এই নিবন্ধ সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতা আৰু ব্যক্তিগত দৃষ্টিভংগী, বহুতৰ লগত ইয়াৰ অমিল থাকিলেও আমি আমাৰ কথাখিনি যুক্তিৰে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। অৱশ্যেই এয়া এক সংবেদনশীল বিষয়, গতিকেই আমি যথেষ্ট সংযম অৱলম্বন কৰিবলগীয়াও হৈছে । আমাৰ এই লেখনিৰ উদ্দেশ্য মুঠেই কোনো বিশ্বাস বা ধৰ্মৰ অনুভূতিক আক্ৰমণ নতুবা কষ্ট দিয়া নহয়।

২০১৪ চনৰ ১১ নৱেম্বৰৰ কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰী প্ৰকল্পই অনুষ্ঠিত কৰা এখনি আলোচনাচক্ৰত ভাগ লোৱাৰ উদ্দেশ্যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা ১০-১২ জনীয়া গোট এটা উৰিষ্যাৰ পুৰী অভিমুখে যাত্ৰা কৰিলোঁ। আমাৰ গৱেষক-গৱেষিকা গোটটোৰ সৈতে আমাৰ দুজনমান শিক্ষাগুৰুও ওলাল। গোটেই যাত্ৰাটোত আমি চিঞৰ-বাখৰ, নাচ-গানৰ মাজেদি উৎফুল্লিত হৈ সময় অতিবাহিত কৰিবলৈ ধৰিলোঁ। পুৰীত জগন্নাথ মন্দিৰ চোৱাৰ হেঁপাহ আৰু সাগৰ দেখাৰ প্ৰত্যাশাই আমাক দুগুণ উৎসাহিত কৰিলে। মুঠতে বহুত বেছি আনন্দৰ মাজেদি আমাৰ সময়বোৰ অতিবাহিত হ’ল।
১৪ নৱেম্বৰ! আমি ৰাতিপুৱা ১০.৩০মান বজাত পুৰী ষ্টেচনত নামি দি তাৰপৰা আগতীয়াকৈ বন্দবস্ত কৰি ৰখা হোটেল অভিমুখে ৰাওনা হ’লোঁ। হোটেলত উপস্থিত হৈ তিনিদিনীয়া যাত্ৰাৰ ভাগৰ তেতিয়াহে অনুভৱ হৈছিল যদিও পুৰীৰ ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰ দৰ্শনৰ হেঁপাহে আমাৰ মন ভাগৰুৱা কৰিব নোৱাৰিলে। ভাগৰুৱা দেহাৰেই আমি মন্দিৰ দৰ্শনৰ বাবে ওলালোঁ যদিও এইখিনিতে আহি পৰিল এটি ডাঙৰ সমস্যা! কিয়নো জগন্নাথ মন্দিৰত কেৱল হিন্দু শৰণাৰ্থীৰহে প্ৰৱেশৰ অনুমতি আছে। আন ধৰ্মৰ মানুহে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে। যিহেতু গোটটোত অকল মইহে আছিলোঁ অন্য ধৰ্মাৱলম্বী, গতিকে আমাৰ গোটটোৰ বাকীসকলে মোক লৈ সমস্যাত পৰিল। মোৰ বাবে তেওঁলোকৰো বেয়া লাগিল যদিও শেষত উপায় নাপাই মোক এৰি থৈ আটায়ে মন্দিৰ দৰ্শনৰ বাবে ওলাই গ’ল। সেইখিনি সময়ত হোটেলৰ কোঠাটোত অকলে বহি থাকি কি কৰিম কি নকৰিম ভাবি নাপাই টিভিটোকে ‘অন’ কৰি ল’লো যদিও একোতে ভাল নালাগিল। জীৱনত ইমান বেছি অসহায় অনুভৱ হয়তো ইয়াৰ আগতে কেতিয়াও কৰা নাছিলোঁ। বহুত বেছি অকলশৰীয়া অনুভৱ হ’ল সেইখিনি সময়ত। মনৰ সকলো আনন্দ নিমিষতে নাইকিয়া হ’ল, সাগৰ চোৱাৰ হেঁপাহো নোহোৱা হ’ল। মুঠতে মনটো মোৰ মৰহি গ’ল। হোটেলৰ কোঠাত অকলে কিছু সময় ইচাটি-বিচাটি কৰি আমনি লগাত হোটেলৰপৰা ওলাই আহিলোঁ। অচিনাকি চহৰ, ক’ত যাম একো ভাবি নাপাই অৱশেষত সাগৰৰ পাৰতে বহিম বুলি ওলাই গ’লো। কিছু সময় সাগৰৰ পাৰতে ইফাল-সিফাল কৰি প্ৰচণ্ড ৰ’দত তাতো থাকিব নোৱাৰি আকৌ হোটেললৈ উভতি আহিলোঁ। সেইখিনি সময়ত মোৰ কেনে অনুভৱ হৈছিল মই ভাষাৰে প্ৰকাশ কৰিবলৈ অপাৰগ। বিভিন্ন প্ৰশ্নই মনটোত খুন্দিয়াই থাকিল! নিজকে সুধি আছিলোঁ – এয়া কাৰ নিয়ম? ভগৱানৰ নে মানুহৰ? লগে লগে মোৰ মনত ভাব হ’ল - ধৰ্মৰ ‘চাৰ্টিফিকেট’ চাই মন্দিৰ-মছজিদত সোমাবলৈ দিয়া-নিদিয়াৰ এনে অদ্ভুত নিয়ম কেতিয়াও ভগৱান-আল্লাহৰ হ’ব নোৱাৰে। মানুহৰ মাজত বিভাজন ঈশ্বৰে নানে, তথাকথিত ধৰ্মৰ কাণ্ডাৰীসকলেহে আনে।
এইক্ষেত্ৰত অকল পুৰীৰ জগন্নাথ মন্দিৰেই নহয়, গুজৰাটৰ সোমনাথ মন্দিৰ (এই মন্দিৰত হিন্দুৰ বাদে আন ধৰ্মাৱলম্বী লোকসকলে মন্দিৰত সোমাবলৈ মন্দিৰ কৰ্তৃপক্ষৰ অনুমতি ল’ব লাগে), উত্তৰ প্ৰদেশৰ কাশী বিশ্বনাথ মন্দিৰ, উৰিষ্যাৰ লিংগৰাজা, তামিলনাডুৰ কপালীশ্বৰ মন্দিৰ, নেপালৰ পশুপতিনাথ মন্দিৰৰ লগতে আমাৰ দেশৰ আন বহুতো মন্দিৰতো এনে অদ্ভুত নিয়ম আছে বুলি জনা যায়। এই ক্ষেত্ৰত মছজিদ আৰু গিৰ্জাত সকলোৰে বাবে প্ৰৱেশৰ অনুমতি আছে যদিও মক্কা-মদিনাত অনা-মুছলমান লোকৰ প্ৰৱেশ নিষিদ্ধ থকাৰ কথাই মুছলমানসকলৰ ধৰ্মীয় গোড়ামিকেই সূচায়।
এতিয়া আহিছোঁ আন এটি প্ৰসংগলৈ । ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন ধৰ্মীয় অনুষ্ঠানবোৰত মহিলাৰ প্ৰৱেশৰ অনুমতি নাই। আমি সৰু থাকোতে ছোৱালীয়ে মছজিদত নামাজ পঢ়াতো দূৰৰ কথা, মছজিদৰ ভিতৰতে সোমাব নাপায় বুলি জানিছিলোঁ । কিন্তু কিয় সোমাব নাপায় তাৰ কাৰণ জনা নাছিলোঁ বা জনাৰ আগ্ৰহো নাছিল। কিন্তু অদ্ভুত এয়ে যে মছজিদৰ ভিতৰত সৰা-মচা কিবা কাম থাকিলে তেনে কাম কৰাৰ বাবে মহিলাৰ প্ৰৱেশৰ অনুমতি আছে। এনে অদ্ভুত নিয়মত সেই তাহানিতেই মনত হাজাৰটা প্ৰশ্ন হৈছিল যদিও আমাৰ ক্ষুদ্ৰ মগজুৰে তেতিয়া ইয়াৰ কাৰণ ঢুকি পোৱা নাছিলো। লাহে লাহে এই বিষয়ত কৌতূহল বাঢ়ি যোৱাত কথাটো কিমান যুক্তিসংগত সেয়া জানিবলৈ মন গ’ল। পিছে অধ্যয়নযোগে জানিব পাৰিলোঁ যে মুছলমানসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰানত মহিলাসকলে মছজিদৰ ভিতৰত সোমোৱাক লৈ কোনো নিষেধাজ্ঞা নাই। নবী আৰু ছাহাবীসকলৰ সময়ত মহিলাৰ অংশগ্ৰহণ ছেগাচোৰোকাকৈ চলিছিল, গ্ৰহণযোগ্য হাদিছসমূহ চালি-জাৰি বিশ্বৰ আগশাৰীৰ ইছলামিক আলেমসকলে কোৱা দেখা যায় যে জামাতৰ নামাজ নতুবা জুম্মাত মহিলাৰ অংশগ্ৰহণে বিশৃংখলতা সৃষ্টিৰ আশংকা নাথাকিলে মহিলাসকলে তেনে নামাজত অংশ ল’ব পাৰিব। ইপিনে ‘সহিহ মুছলিম’ প্রথম খণ্ড-১৮৩ত উল্লেখ যে “আয়েশা ৰাঃ শেষ জীৱনত মহিলাসকলৰ চাল-চলনৰ প্রতি উষ্মা প্রকাশ কৰি কৈছিল যে ৰাছুলুল্লাহ ছাঃ মহিলাসকলৰ বৰ্তমানৰ অৱস্থা দেখিলে তেওঁলোকক মছজিদলৈ অহা নিষেধ কৰিলেহেঁতেন।” এই উক্তিৰদ্বাৰা ইয়াকে প্ৰমাণ হয় যে ৰাছুলুল্লাহ ছাঃমে মহিলাসকলক মছজিদ গমনত নিষেধ কৰা নাছিল, কিন্তু তেওঁৰ ইন্তেকালৰ পাছত পৰিৱেশ-পৰিস্থিতি বিঘ্নিত হোৱাত কোনো কোনো ঠাইত মহিলাসকলৰ মছজিদত অংশগ্ৰহণ কমি আহিল। তাফছিৰে কুৰতুবিৰ ছুৰা আহযাবৰ ৫৯ নম্বৰ আয়াতৰ ব্যাখ্যাত কোৱা হৈছে যে নাৰীয়ে মছজিদলৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপিত হয় ৰাছুলুল্লাহ ছাঃৰ ইন্তেকালৰ পাছত ছাহাবীসকলৰ যুগত। অন্যহাতে, জেহাদত নাৰীৰ অংশগ্ৰহণ ৱাজিব নহ’লেও কাফেৰৰ বিৰুদ্ধে ৰাছুলুল্লাহ ছাঃৰ সংগী হৈ অনেক নাৰীয়ে জেহাদত অংশগ্ৰহণ লোৱাৰ কথা জনা যায়। আনকি কিছু হাদিছত পুৰুষসকলক কোৱা হৈছে যে তোমালোকৰ স্ত্ৰীক মছজিদলৈ যোৱাত নিষেধ নকৰিবা। আনহাতে, জানিব পৰা মতে মছজিদত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যবাধকতা নাথাকিলেও জামে মছজিদত প্ৰৱেশৰ ক্ষেত্ৰত এজন পুৰুষৰ উপস্থিতি বাধ্যতামূলক। আজিৰ মোল্লা সমাজে নিজৰ সুবিধাৰ বাবে ছাহাবীৰ জামানাৰ নীতি লৈয়ে বহি থকাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, নিন্দনীয়ও।
মুম্বাইৰ হাজী আলী দৰগাহ, দিল্লীৰ নিজাম উদ্দিন দৰগাহ, কেৰালাৰ লৰ্ড আয়াপ্পা টেম্প’ল, ৰাজস্থানৰ ৰানাকপুৰ মন্দিৰ, মহাৰাষ্ট্ৰৰ স্বামী সিংনাপুৰ টেম্প’ল, অসমৰ বৰপেটাৰ পাটবাউসি সত্ৰ আদি কৰি বহুতো অন্যান্য ধৰ্মীয় অনুষ্ঠানবোৰতো মহিলাৰ প্ৰৱেশৰ নিষেধাজ্ঞাই ধৰ্মীয় গোড়ামিকেই প্ৰমাণ কৰে। ধৰ্মগ্ৰন্থসমূহত কিজানি এনে অদ্ভুত নিয়মৰ উল্লেখ নাই বা তাৰ কোনো যুক্তিনিষ্ঠ কাৰণ বিচাৰি পোৱা নাযাব। যদি পোৱা যায় সদাশয় ব্যক্তিয়ে আমাক অৱগত কৰিলে ধন্য হ’ম।
ভাৰতৰ সংবিধানে সকলো ভাৰতীয় নাৰীৰ বাবে সমতা (ধাৰা ১৪), ৰাষ্ট্ৰৰদ্বাৰা বৈষম্যহীনতা (ধাৰা ১৫(১)), সম-সুযোগ (ধাৰা ১৬), সমান কামৰ বাবে সমান-মজুৰি (ধাৰা ৩৯(ঘ)) নিশ্চিত কৰিছে। তথাপি মহিলাসকল বিভিন্ন সময়ত বঞ্চনাৰ বলি হৈ আহিয়েই আছে। এই ক্ষেত্ৰত ধৰ্মকেই সৰ্বাধিক মজবুত অস্ত্ৰ হিচাপেই ব্যৱহাৰ কৰা দেখা যায়। উল্লেখযোগ্য যে ইতিপূৰ্বে অসমৰ ভূতপূৰ্ব ৰাজ্যপাল জানকী বল্লভ পাটনায়কে বলিষ্ঠ পদক্ষেপ লৈ সত্ৰ আৰু মছজিদত নাৰীৰ প্ৰৱেশৰ প্ৰচলন আৰম্ভ কৰিবলৈ লৈছিল যদিও সেয়া চাগে অকালতেই মৰহি গ’ল। এই গোটেই কাৰবাৰক আমি প্ৰগতিশীল মতাদৰ্শত বিশ্বাসী এজনী নতুন প্ৰজন্মৰ নাৰী হিচাপে ইয়াক পুৰুষতান্ত্ৰিক ৰক্ষণশীল সমাজৰ কঠোৰ আচৰণ বুলিয়েই আখ্যা দিম। বৰপেটাৰ কীৰ্তনঘৰত মহিলাৰ প্ৰৱেশক নিষেধ কৰি এখন ফলক আঁৰি থোৱা আছে। গুৰুজনাৰ সত্ৰ-সংস্কৃতিৰ লগত জড়িত এই অনুষ্ঠানখনৰ এনে নিষেধাজ্ঞাক মধ্যযুগীয়া ধাৰণা বুলিয়েই আমি ক’ব বিচাৰোঁ। যিজন গুৰুৱে কুকুৰ‍, শিয়াল, গাধৰ আত্মাৰ কথাও কৈ গৈছে সেইজন গুৰুৰ অনুষ্ঠানত নাৰীক বঞ্চিত কৰি ৰখাটো দুৰ্ভাগ্যজনক আৰু নাৰীৰ প্ৰতি চৰম অন্যায়। আমাৰ সমভাবাপন্ন দুজনে অলপতে জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফে’চবুকত উত্থাপন কৰা প্ৰশ্নৰ দৰে আমাৰো একেই প্ৰশ্ন – বৃন্দাবনৰ বিধৱাসকলে যদি শতাধিক বছৰীয়া নিয়ম ভাঙি হোলী গীত গাই নাচি-বাগি ফাকুৱা খেলিব পাৰে তেন্তে বৰপেটাৰ কীৰ্তনঘৰত মহিলা কিয় সোমাব নোৱাৰিব? শাণি ছিগাপুৰ মন্দিৰত যদি ৪০০ বছৰীয়া পৰম্পৰা ভংগ কৰি যদি মহিলাই প্ৰৱেশ কৰিব পাৰে তেন্তে অসমৰ মন্দিৰ-মছজিদ, কীৰ্তনঘৰ আদিত কিয় নোৱাৰিব? পৰম্পৰাৰ নামত এলান্ধুকলীয়া নীতি বৰ্তাই ৰাখিব বিচৰাসকললৈ আমাৰ আৱেদন – আমি নতুন নাৰী, আমি নতুন প্ৰজন্ম। আমি লিংগ, ধৰ্ম, জাতিৰ মুঠিত কোনো প্ৰকাৰেই বন্দী হ’ব নিবিচাৰোঁ, আমাক স্বাধীনতা লাগে, আমাক সমতা লাগে, আমাক আমাৰ অধিকাৰ লাগে।
সামগ্ৰিক অৰ্থত আচলতে ধৰ্ম বোলা বস্তুটোৱেই বিমূৰ্ত। পৃথিৱীখনক অশান্ত কৰি মানুহবোৰৰ মাজত বিভাজনৰ অন্যতম আহিলা হিচাপে ধৰ্মক ব্যৱহাৰ কৰি থকা হৈছে। প্ৰকৃত ধৰ্মৰ আধ্যাত্মিকতাক মানি চলি ধৰ্মৰ নামত বঞ্চনা আৰু অসহিষ্ণুতা বন্ধ কৰিলেহে ধৰ্মৰ সাৰ্থকতা বিচাৰি পোৱা যাব কিজানি। নিজৰ ধৰ্ম মানিও আনৰ বিশ্বাসক শ্ৰদ্ধা জনোৱা, অন্য লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু সম অধিকাৰ, মৰ্যাদা আদি দিয়াটোহে প্ৰকৃত ধৰ্মৰ অৰ্থ বুলি আমি বিশ্বাস কৰোঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "ধৰ্মান্ধতা আৰু মোৰ অনুভৱ- (ৰেহনা চুলতানা)"

Leave a Comment

Your email address will not be published. Required fields are marked *