নিবন্ধবিজ্ঞান-প্ৰযুক্তি

সৌন্দৰ্যবৰ্দ্ধক এন্থুৰিয়াম ফুলৰ বিজ্ঞানসন্মত কৃষি-পদ্ধতি  (মানসী বৰুৱা)

পৰিচয়

এন্থুৰিয়াম (𝑨𝒏𝒕𝒉𝒖𝒓𝒊𝒖𝒎) হৈছে এবিধ অতি সুন্দৰ গ্রীষ্মমণ্ডলীয় আলংকাৰিক উদ্ভিদ, যাৰ ৭০০ৰো অধিক প্ৰজাতি আছে। এন্থুৰিয়ামৰ ৰঙীন, দীৰ্ঘস্থায়ী ফুল বা আকৰ্ষণীয় পত্ৰৰ বাবে খেতি কৰা হয়। আধুনিক বিশ্বৰ প্ৰধান আলংকাৰিক ফুলসমূহৰ মাজত এন্থুৰিয়ামে গুৰুত্ব লাভ কৰিছে। এৰাচিয়া (Araceae) পৰিয়ালৰ অন্তৰ্গত এই ফুলৰ বৈজ্ঞানিক নাম হৈছে 𝑨𝒏𝒕𝒉𝒖𝒓𝒊𝒖𝒎 𝒂𝒏𝒅𝒓𝒆𝒂𝒏𝒖𝒎। এন্থুৰিয়ামৰ প্ৰজাতিবোৰ মধ্য আৰু দক্ষিণ আমেৰিকাৰ থলুৱা প্ৰজাতি। এন্থুৰিয়াম শব্দটো গ্ৰীক ভাষাৰ ‘এন্থ’ছ’ (anthos) মানে ‘ফুল’, আৰু ‘অ’ৰা’ (aura) মানে ‘নেজ’ৰ পৰা লোৱা হৈছে, যিয়ে স্পেডিক্সক বুজায়। ব্যৱসায়িকভিত্তিত এন্থুৰিয়ামৰ খেতি কৰি ফুলৰ আমদানি কৰা প্ৰধান দেশসমূহ হৈছে আমেৰিকা, কানাডা, জাপান, জাৰ্মানীকে ধৰি ইউৰোপৰ বিভিন্ন দেশ। ভাৰতত এন্থুৰিয়াম ৰপ্তানিৰ উদ্যোগটো এতিয়াও আৰম্ভণিৰ পৰ্যায়তহে আছে। কৰ্ণাটক, তামিলনাডু, কেৰেলা, অন্ধ্ৰপ্ৰদেশ তথা উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰা মুম্বাই, দিল্লীৰ দৰে ডাঙৰ চহৰলৈ ফুল পঠোৱা হয় যদিও ইয়াৰ খেতি কৰা খেতিয়ক অতি কম আছে। এন্থুৰিয়ামক টেইল ফ্লাৱাৰ, ফ্লেমিংগো ফুল আৰু লেচলিফ বুলিও জনা যায়। এন্থুৰিয়ামৰ কিছুমান প্ৰজাতি আন উদ্ভিদৰ ওপৰত এপিফাইট হিচাপে গজে আৰু আন কিছুমান স্থলজ। এন্থুৰিয়ামৰ স্পেডিক্স আৰু স্পেথ হৈছে ইয়াৰ খেতি কৰাসকলৰ বাবে বিশেষ আকৰ্ষণ, যিয়ে নানা উজ্জ্বল ৰং আৰু অনন্য আকৃতিৰ জাত বিকশিত কৰে।

এন্থুৰিয়ামৰ জলবায়ৱিক আৱশ্যকতা

কৈ অহা হৈছে যে এন্থুৰিয়াম এবিধ গ্রীষ্মমণ্ডলীয় উদ্ভিদ। সেয়েহে আৰ্দ্ৰ আৰু মধ্যমীয়া উষ্ণতা এন্থুৰিয়াম উদ্ভিদৰ বাবে উপযোগী। এন্থুৰিয়ামৰ বৃদ্ধিৰ বাবে ৮০-৯০% আৰ্দ্ৰতা, লগতে আদৰ্শ উষ্ণতা দিনত ২৭-৩০ ডিগ্ৰী ছেণ্টিগ্ৰেড আৰু ৰাতি ১০-২০ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ ভিতৰত থাকিলে ভাল। য’ত উষ্ণতা ১৫ ডিগ্ৰী ছেণ্টিগ্ৰেডতকৈ কম আৰু ৩৫ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ ওপৰত থাকে, তাত এন্থুৰিয়াম খেতি কৰিব নালাগে। এন্থুৰিয়ামৰ বাবে জৈৱিক পদাৰ্থৰে সমৃদ্ধ, ভালদৰে পানী ধৰি ৰখাৰ ক্ষমতা থকা মাটিৰ দৰকাৰ। মাটিৰ pH ৫.৫-৬.৫ ভিতৰত হ’লে ভাল। গ্রীষ্মমণ্ডলীয় জলবায়ুত এন্থুৰিয়াম খেতিৰ বাবে ৭৫% ছাঁ দিয়া ছাঁৰ জাল (shade net) ব্যৱহাৰ কৰা হয়।

এন্থুৰিয়ামৰ বৃদ্ধিৰ মাধ্যম

ক’কো পিট আৰু পাতৰ ছাইৰ ১:১ মিশ্ৰণযুক্ত, ৫.৫-৬.৫ pH-যুক্ত, পানী ধৰি ৰখাৰ লগতে অতিৰিক্ত পানীভাগ বোৱাই নিব পৰা ক্ষমতা থকা মাধ্যম এটাকেই এন্থুৰিয়ামৰ বৃদ্ধিৰ বাবে আদৰ্শ মাধ্যম বুলি ধৰা হয়। অতিৰিক্ত বালি আৰু পিট-মছ মিহলাই অৰ্কিডৰ বৃদ্ধিৰ বাবে তৈয়াৰী মিশ্ৰণৰ দৰে বনাই লোৱা এটি মাধ্যমত এন্থুৰিয়ামৰ বৃদ্ধি ভাল হয়।

আন এটা সহজ ঘৰুৱা পদ্ধতি এনেধৰণৰ। মাটিৰ টাব এটা লৈ প্ৰথমে তাৰ তলিত থকা বিন্ধাত দুই তিনি-টুকুৰামান সৰু ইটাৰ টুকুৰা দি ল’ব লাগে, লগতে মন কৰা দৰকাৰ যাতে সেই বিন্ধাৰে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। তাৰ পিছত নাৰিকলৰ শুকান বাকলি সৰু সৰু আকাৰত কাটি লৈ এঙাৰৰ টুকুৰা কিছুমানৰ সৈতে লগ কৰি গোটেইখিনি টাবটোত দি দিব লাগে। এইখিনি কৰি টাবটোৰ মধ্যভাগত এন্থুৰিয়ামজোপা পুতি ৰুই দিব লাগে।

এন্থুৰিয়ামৰ বিভাজন প্ৰক্ৰিয়া

শোহকৰ (Suckers) জৰিয়তে এন্থুৰিয়ামবোৰে বংশবৃদ্ধি কৰে। অৱশ্যে বাণিজ্যিক খেতিৰ বাবে কলা-কৰ্ষণ (Tissue culture) পদ্ধতিৰে কৰা পুলি বহুলভাৱে ব্যৱহাৰ কৰা হয়। কলা কৰ্ষণ পদ্ধতিত পাতৰ অংশ, শিপাৰ অংশ, কাণ্ডৰ অংশ, উদ্ভিদৰ কলি, ফুলৰ ডাল, স্পেথ আৰু স্পেডিক্স আদিক এম.এছ মাধ্যমত (MS Media) ৰাখি বৃদ্ধি হবলৈ দিয়া হয় অৰ্থাৎ MS মাধ্যমত এক্সপ্লাণ্ট (explant) কৰা হয়। এন্থুৰিয়ামৰ গছবোৰ ৪-৫-পতীয়া হোৱাৰ পিছত গছজোপাৰ গুৰিৰ পৰা ২-৩-টা শিপা পৃথক কৰি শোহক (Suckers) উৎপন্ন হয়।

বীজৰ পৰা পুলি উৎপাদন প্ৰক্ৰিয়া

এন্থুৰিয়ামৰ বীজবোৰ সিচাঁৰ পৰা ১০ দিনমানৰ ভিতৰত অংকুৰিত হয়। অংকুৰণৰ ৪-৬ মাহ পিছত পুলিবোৰ সংৰোপণ (Transplant) কৰিলে ফুল ফুলিবলৈ ২–৩ বছৰ সময় লাগে। বীজবোৰ অংকুৰণৰ বাবে nitsch/ms মাধ্যমত ৭৫ শতাংশ ছাঁত BAP & Adenine ৰ সৈতে ৰখা হয়। তেনে বীজ বীজাণুমুক্তভাৱে অংকুৰিত হয়।

সাধাৰণতে ব্যৱহৃত তথা উপলব্ধ জাতসমূহ

ৰঙা, কমলা, বগা, গোলাপী, দ্বিৰঙী (দুটা ৰং) আদি ভিন্ন ৰঙৰ এন্থুৰিয়ামৰ বিভিন্ন জাত আছে।

বিশ্ব আৰু স্থানীয় বজাৰত এন্থুৰিয়াম ফুলৰ ৰঙা ৰঙৰ জাতবোৰেই আটাইতকৈ বেছি সমাদৃত। কিছুমান জাতৰ নাম তলত দিয়া হ’ল—

  • ৰঙা ৰঙৰ জাত: ট্ৰপিকেল ৰেড, ৰেড ড্ৰেগন, ভাৰ্ডান ৰেড, মৰিচাছ ৰেড।
  • গোলাপী ৰঙৰ জাত: কেণ্ডি ষ্ট্ৰাইপ, পেচন।
  • দ্বিৰঙী জাত: কাৰ্ডিনেল, টিটিকাকা, জুৱেল।
  • কমলা ৰঙৰ জাত: কেচিনো, ছানশ্বাইন, নিটা।
  • বগা ৰঙৰ জাত: মৰিচাছ হোৱাইট, এক্ৰ’পলিছ, লিমা, মানোয়া মিষ্ট।

এন্থুৰিয়ামৰ ৰোপণ পদ্ধতি

বহল ভিত্তিত এন্থুৰিয়াম খেতিৰ বাবে গছবোৰ ৰোপণ কৰিবলৈ ৮০-১২৫ ফুট দৈৰ্ঘ আৰু ৪ ফুট  প্ৰস্থৰ Raise bed প্ৰস্তুত কৰিব লাগে। প্ৰতি একৰ মাটিত ৬০-৬৫-খন Raise bed-ৰ দৰকাৰ হয়। ৰোপণৰ দুদিন পূৰ্বে প্ৰস্তুত কৰি লোৱা raise bed-ত পানী দিব লাগে। এন্থুৰিয়াম গছ ৰোপণ কৰাৰ সময়ত ৰোপণ কৰা প্ৰতিটো ঠাইত প্ৰায় ৫-৬ ছেণ্টিমিটাৰ গভীৰতা আৰু প্ৰস্থৰ সৰু সৰু ফুটা কৰি গছবোৰৰ মাজত ৩০ ছে.মি. x ২৫ ছে.মি. দূৰত্ব ৰাখিব লাগে। ৰোপণ কৰাৰ লগে লগে গছবোৰত পানী ছটিয়াই দিব লাগে।

এন্থুৰিয়াম গছবোৰক প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰিবলৈ আৰু আৰ্দ্ৰতা ধৰি ৰাখিবলৈ ছাঁ দিয়া সেউজগৃহৰ প্ৰয়োজন হয়। প্ৰচুৰ ফুল ফুলাৰ বাবে উজ্জ্বল কিন্তু শোধিত পোহৰ অতি প্ৰয়োজনীয়। টাবত বা Raise bed-ত এন্থুৰিয়ামৰ খেতি কৰা হয়। কলা-কৰ্ষণ পদ্ধতিৰে উৎপন্ন হোৱা, ৪-৬টা পাত থকা, প্ৰায় ১৫ ছেণ্টিমিটাৰ উচ্চতাৰ গছবোৰ ৰোপণৰ বাবে উপযোগী।

জলসিঞ্চন ব্যৱস্থা

এন্থুৰিয়াম গছসমূহত পানী যোগান ধৰিবলৈ আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধি কৰিবলৈ মিষ্ট জলসিঞ্চন বা ওভাৰ হেড স্প্ৰিংকলাৰৰ সহায়ত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰি। স্প্ৰিংকলাৰ জলসিঞ্চনৰ জৰিয়তে পানীৰ সৈতে মিহলাই সাৰো দিব পাৰি। প্ৰধান পুষ্টিকৰ পদাৰ্থ নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়ামৰ লগতে কেলচিয়াম নাইট্ৰেট আৰু মেগনেছিয়াম নাইট্ৰেটকো ফাৰ্টিগেচনৰ জৰিয়তে এন্থুৰিয়াম গছবোৰক যোগান ধৰা হয়। এন্থুৰিয়াম ৰোপণ কৰা প্ৰতিখন bed-ত দুটাকৈ স্প্ৰিংকলাৰ লাইন ৰাখিব লাগে যাতে প্ৰতিজোপা গছে অতি সহজে পানী পাব পাৰে। পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰীষ্মকালত দৈনিক দুবাৰকৈ আৰু বাৰিষা কালত এবাৰকৈ গছজোপাক পানী দিয়া হয়। আনকি আৰ্দ্ৰতা ধৰি ৰাখিবলৈ শাৰীবোৰৰ মাজৰ বাটবোৰৰ ওপৰত দিনটোত দুবাৰকৈ পানী ছটিয়াই দিব লাগে।

এন্থুৰিয়ামক পুষ্টিৰ যোগান

টাবত খেতি কৰা গছৰ ক্ষেত্ৰত ০.২% NPK ৩০ : ১০ : ১০ হাৰত ৰোপণৰ পিছতেই বৃদ্ধিৰ প্ৰথম অৱস্থাত আৰু ১০ : ২০ : ২০ হাৰত ফুল ফুলাৰ সময়ত পাতত প্ৰয়োগ কৰিব লাগে। Raise bedত কৰা খেতিৰ বাবে গৰুৰ গোবৰ আৰু DAP-ৰ (ডি এ পি) সংমিশ্ৰণেৰে তৈয়াৰ কৰা এটি দ্ৰৱ [১০ কিলোগ্ৰাম গৰুৰ গোবৰ + ২ কিলোগ্ৰাম ডি.এ.পি ২০০ লিটাৰ পানীত দ্ৰৱীভূত কৰি দ্ৰৱটো প্ৰস্তুত কৰিব লাগে] প্ৰথম ৬ মাহৰ বাবে ফুলবোৰত  ২৫০ মিলিলিটাৰকৈ প্রতিজোপা গছত প্ৰয়োগ কৰিব লাগে। তাৰে ৬ মাহ পিছত কেলচিয়াম নাইট্ৰেট, পটাছিয়াম নাইট্ৰেট, ক্ষুদ্ৰ পুষ্টিকৰ উপাদান (micro nutrient) ইত্যাদি ব্যৱহাৰ কৰি ফাৰ্টিগেচন (জলসিঞ্চনৰ সৈতে সাৰৰ যোগান) কৰিব পাৰে। ফাৰ্টিগেচনত ব্যৱহৃত সাৰৰ পৰিমাণ হৈছে— ১ গ্ৰাম প্ৰতি ১০০ বৰ্গ মিটাৰত, সপ্তাহত এবাৰকৈ ইয়াৰ স্প্ৰে কৰিব লাগে।

বৃদ্ধি নিয়ন্ত্ৰকৰ ব্যৱহাৰ

২ মাহৰ ব্যৱধানত ফ’লিয়াৰ স্প্ৰে’ হিচাপে GA3 ২০০ পিপিএম প্ৰয়োগ কৰিলে ফুলৰ বৃদ্ধি আৰু গুণগত মান উন্নত হয়।

ছাঁৰ ব্যৱস্থাপনাব্যৱস্থাপনানৱ

পৰ্যাপ্ত ছাঁৰ সুবিধা থকা মুকলি পৰিৱেশত খেতি কৰাটোৱেই উত্তম ব্যৱস্থাপনা। পলিহাউচৰ ভিতৰৰ ছাঁত হোৱা গছত বেক্টেৰিয়াৰ ব্লাইট ৰোধ হয়। সুস্থ বৃদ্ধিৰ বাবে ৭০-৮০% মাত্ৰাৰ ছাঁৰ দৰকাৰ। অতিমাত্ৰা পোহৰ পোৱা এন্থুৰিয়ামৰ পাতবোৰৰ যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হয়। অত্যধিক পোহৰৰ বাবে এন্থুৰিয়ামৰ পাতবোৰৰ মাজভাগত ব্লিচ হোৱা দেখা যায় আৰু পাতৰ আগ অংশ বাদামী ৰঙৰ হ’ব পাৰে। এই সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ গছবোৰক পৰ্যাপ্ত ছাঁ প্ৰদান কৰিব লাগে যাতে পোহৰৰ মাত্ৰা হ্ৰাস পায়। এন্থুৰিয়ামৰ খেতি কৰা সেউজগৃহৰ দুৱাৰখন সদায় বন্ধ কৰি ৰাখিব লাগে যাতে ভিতৰৰ উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা নিয়ন্ত্ৰণত থাকে।

ৰোগ আৰু আৰু প্ৰতিকাৰ

এন্থুৰিয়ামৰ খেতিত ৰোগৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আৰু ফুল ফুলাটো বঢ়াবলৈ প্ৰত্যেক গছত ৪-৬টা পাত ৰাখি গছজোপা prunning কৰিব লাগে। এন্থ্ৰাকনোজ, পাতৰ দাগ পৰা ৰোগ, শিপা পচি যোৱা ৰোগ, বেক্টেৰিয়েল উইল্ট আদি ৰোগ এন্থুৰিয়ামত দেখা যায়। তেনেদৰেই গছজোপাক এফিড, স্কেল পোক, স্পাইডাৰ মাইট, থ্ৰিপছ আদি কীট-পতংগই অনিষ্ট কৰে। সেইসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি-বিশেজ্ঞৰ পৰামৰ্শ লোৱাটো অতিশয় জৰুৰী।

ব্যৱসায়িক ভিত্তিত ফুলবোৰ চপোৱাৰ পদ্ধতি

ৰোৱাৰ ৩-৬ মাহৰ পিছত ফুলবোৰ ব্যৱসায়িক হিচাপত চিঙিব পৰা হয়। প্ৰতিটো পাত খুলিলে এটাকৈ ফুল ওলাই যায়। যেতিয়া এন্থুৰিয়ামৰ স্পেথ সম্পূৰ্ণৰূপে উন্মোচিত হয় আৰু স্পেডিক্সটো ভালদৰে বিকশিত হয়, তেতিয়া ফুলবোৰ চপোৱা হয়। ৰাতিপুৱা বা গধূলি সময়ত যেতিয়া পৰিৱেশটো কিছু ঠাণ্ডা হৈ থাকে তেতিয়া ফুলবোৰ চপাব লাগে।

সাধাৰণতে ফুলবোৰ গছজোপাৰ পৰা কাটি লোৱাৰ লগে লগে প্লাষ্টিকৰ বাল্টিত ঠাণ্ডা পানীত থোৱা হয়। পানীত ৰখাত পলম হ’লে ঠাৰিৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰিব পাৰে। চপোৱাৰ পিছত কাটি লোৱা ফুলবোৰ ফ্ৰীজ বা প্ৰি-কুলিং চেম্বাৰত ২-৪ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব লাগে, কাৰণ উচ্চ উষ্ণতাত ইহঁতৰ দ্ৰুতগতিত অৱক্ষয় হয়। গড় হিচাপত প্ৰতিজোপা গছৰ পৰা প্ৰতি বছৰত ৮ টা ফুল লাভ কৰিব পাৰি।

ফুল চপোৱাৰ পিছৰ ব্যৱস্থাপনা

এন্থুৰিয়ামৰ ফুলবোৰ চপোৱাৰ পিছত ২-৪ ডিগ্ৰী ছেণ্টিগ্ৰেড তাপমাত্ৰাত ৰাখিলে বেছি দিনলৈ ভালে থাকে। ফুলবোৰ ভালে ৰাখিবলৈ এক মুখ্য পদ্ধতি হ’ল পালছিং (pulsing), য’ত ফুলৰ শেল্ফ লাইফ (shelf life) বঢ়াবৰ বাবে অধিক ঘনত্বৰ চুক্ৰ’জ আৰু বীজাণুনাশক ঔষধৰ সৈতে কম সময়ৰ বাবে শোধন কৰা হয়। ফুলৰ ডালত Benzyl adenine (BA) ২৫ পিপিএম ২৪ ঘণ্টা ধৰি পালচ কৰিলে এন্থুৰিয়ামৰ শেল্ফ লাইফ ১৩.৫ দিনৰ বিপৰীতে ২৪.৫ দিনলৈকে বৃদ্ধি হয়। তদুপৰি প্লাষ্টিক ফিল্ম ষ্ট’ৰেজৰ সহায়ত স্পেথ আৰু স্পেডিক্সৰ সৈতে ফুলবোৰ মেৰিয়াই ৰাখি ঠাৰিৰ নিম্নাংশ BA-ত তিয়াই লোৱা কপাহেৰে ঢাকি ৰাখিলেও কিছুদিনলৈ ভালে থাকে।

[এন্থুৰিয়ামৰ বৈজ্ঞানিক কৃষি-পদ্ধতিৰ কিছু তথ্য স্বীকৃত কৃষি বিশ্ববিদ্যালয় দুই-এখনৰ পৰা প্ৰকাশিত package of practices-ৰ পৰা লোৱা হৈছে]

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *