ধৰ্ম, বিজ্ঞান আৰু বিজ্ঞানী ষ্টিফেন হকিং-(ভবেশ নাথ)

সাধাৰণ অৰ্থত বিজ্ঞান বুলিলে আমি সেইটোকেই বুজো য'ত যিকোনো বিষয়তে প্ৰামাণিক যুক্তিনিৰ্ভৰ তথ্য উপলব্ধ। প্ৰাকৃতিক ঘটনাৱলীৰ আৰু সেইবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে পোৱা প্ৰামাণিক তথ্যসমৃদ্ধ যুক্তিসংগত প্ৰণালীবদ্ধ জ্ঞানেই হ'ল বিজ্ঞান। অৰ্থাৎ যুক্তি আৰু প্ৰামাণিক তথ্য অবিহনে বিজ্ঞান কেতিয়াও আগবাঢ়িব নোৱাৰে। আকৌ যুক্তিৰ উদ্ৰেক তেতিয়াহে ঘটে যেতিয়া মানুহে কোনো এটা বিষয়ত প্ৰশ্ন কৰিবলৈ, ভাবিবলৈ বা বিষয়টো সম্পৰ্কত সৃষ্টি হোৱা কৌতূহলৰ উৎস জানিবলৈ প্ৰয়াস কৰে। প্ৰাকৃতিক বিভিন্ন ঘটনাৱলী সম্পৰ্কে মানুহে আজিলৈকে কৰি অহা প্ৰশ্নবোৰৰ যথাযোগ্য প্ৰামাণিক সমাধানেই  হ'ল আজিৰ বিজ্ঞান। অৰ্থাৎ বিজ্ঞান সদায় প্ৰশ্নৰ ওপৰত(কিয়, কেনেকৈ, ক'ত) প্ৰতিষ্ঠিত। প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত বাবেই ই গতিশীল। কিয়নো জাগতিক ঘটনাৱলী সম্পৰ্কে মানৱ সমাজৰ কৌতূহলৰ কেতিয়াও অন্ত নপৰে, বৰঞ্চ সদায় মানৱ সমাজে বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কত নতুন নতুন প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে আৰু বিজ্ঞানে সেই প্ৰশ্নবোৰৰ সমাধানৰ স্বাৰ্থত নিত্য নতুন গৱেষণা অব্যাহত ৰাখিছে। আজিও যদি মানুহে প্ৰশ্ন কৰিবলৈ বন্ধ কৰি দিয়ে তেনেহ'লে বিজ্ঞানৰ গতি স্তব্ধ হৈ পৰিব কাৰণ -- The Engine of science lies in the asking of questions, the right sort of questions.  সেয়ে  আমি ক'ব পাৰো, প্ৰশ্ন থকালৈকে বিজ্ঞান সদায় গতিশীল আৰু চৰম সত্যৰ সন্ধানত ব্ৰতী হৈ থাকিব।

আনহাতে, সাধাৰণ অৰ্থত ধৰ্মৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে  বিজ্ঞানৰ সৈতে ইয়াৰ এক সামঞ্জস্য দেখা পোৱা যায়। সাধাৰণতে ধৰ্ম বুলিলে কোনো এটা বস্তুৰ স্বাভাৱিক গুণক বুজায়। উদাহৰণস্বৰূপে, জুইৰ ধৰ্ম হৈছে দহন। অৰ্থাৎ গেছৰ জুই, খৰিৰ জুই বা জুহালৰ জুই যেনে প্ৰকাৰৰ জুয়েই নহওক কিয় সেই জুয়ে যিকোনো বস্তুকেই দহন কৰিব,সেয়া জুইৰ স্বাভাৱিক এটা ধৰ্ম। বিজ্ঞানৰ ভাষাত জুইৰ এই সাধাৰণ ধৰ্মটো হৈছে দহন। আকৌ অভ্যাসৰপৰা হোৱা স্বভাৱকো ধৰ্ম বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে, ডকাইতৰ ধৰ্ম সদায় ডকাইতি  কৰা। যদিও ডকাইতি কাৰ্যটোক কেতিয়াও আমি ধৰ্মনিষ্ঠ বুলি ক'ব নোৱাৰো।

আনহাতে, আকৌ মানৱ সমাজৰ বিভিন্ন অংশই আজিৰ তাৰিখত পালন কৰি থকা ধৰ্মৰ সংজ্ঞা কিন্তু বিজ্ঞানৰ সম্পূৰ্ণ বিপৰীত। পৃথিৱীৰ প্ৰায়বোৰ বৰ্তমানে প্ৰচলিত ধৰ্মই ঈশ্বৰ বা আল্লা বা গডৰ উপাসনাত বিশ্বাসী। ইহকাল, পৰকালৰপৰা আৰম্ভ কৰি এক ঈশ্বৰৰ ধাৰণা প্ৰায়বোৰ ধৰ্মৰে মূল সমল।  আদিম মানুহে লক্ষ্য কৰিলে যে ধুমুহা, বজ্ৰপাত , বন্যা, খৰাং বতৰ, ভুমিকম্প, জন্তুৰ আক্ৰমণ, ৰোগ-ব্যাধি , মৃত্যু এই বিপদবোৰ কোনোধৰণৰ পূৰ্বাভাস নিদিয়াকৈয়ে আহে। যিহেতু এইবোৰ প্ৰাকৃতিক ঘটনাৱলী আদিম মানৱ সমাজৰ  নিয়ন্ত্ৰণৰ বাহিৰত আছিল, সেয়ে প্ৰতিটো ক্ষেত্ৰতে  তেওঁলোকে এইবোৰৰপৰা ভয় অনুভৱ কৰিছিল। কেতবোৰ বিশেষ পৰিঘটনা যেতিয়া মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত হয়, তেতিয়াই মানুহৰ মনত ভয়ৰ সূচনা হয়। এই ভয়ৰপৰা পৰিত্ৰাণৰ উপায় হিচাপেই আদিম মানৱ সমাজে প্ৰাকৃতিক পৰিঘটনাৱলীৰ বিপৰীতে কিছুমান অলৌকিক শক্তিক আৰাধনাৰ মাজেৰে সেই ভয়ৰপৰা পৰিত্ৰাণৰ উপায় বিচাৰিছিল। বায়ু, অগ্নি, ইন্দ্ৰ, পৱন আদি তেত্ৰিছ কোটি দেৱতাৰ সৃষ্টি ৰহস্যও আদিম মানৱ সমাজৰ এই ধাৰণাৰ লগতেই জড়িত। কালক্ৰমত আদিম মানৱৰ এই ভাববাদী ধাৰণাৰপৰাই বিভিন্ন স্তৰ অতিক্ৰমি আজিৰ এই ধৰ্মৰ উৎপত্তি। পৰৱৰ্তী পৰ্যায়ত ধৰ্মৰ কাণ্ডাৰীসকলে ধৰ্মৰ এই ভাববাদী ধাৰণাটোক লৈয়েই সমাজজীৱনত বিভিন্ন ধৰণে প্ৰভুত্ব বিস্তাৰ কৰি ধৰ্মক কৰ্তৃত্বসুলভ এক চৰিত্ৰলৈ ৰূপান্তৰিত কৰিলে। বিপৰীতে বিজ্ঞানে ধৰ্মৰ এই ভাববাদী তথা কৰ্তৃত্বশীল  দিশটোক সদায় নস্যাৎ কৰি আহিছে কিয়নো ধৰ্ম হৈছ দৈৱলব্ধ জ্ঞানৰ ভেটিহে। যি পদ্ধতিৰে বৈজ্ঞানিক সত্যত উপনীত হোৱা যায় তাৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই। ধৰ্মৰ প্ৰৱক্তাসকলৰ মনলৈ দৈৱবাণীৰূপে সত্য আহে, তেওঁলোকৰ বিজ্ঞানৰ দৰে পৰ্যবেক্ষণ, পৰীক্ষা আদি কৰি সত্যক আৱিষ্কাৰ কৰাৰ মানসিকতা নাই।

সদ্যপ্ৰয়াত পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙে"বিজ্ঞান আৰু ধৰ্ম" সম্পৰ্কত আগবঢ়োৱা বক্তব্যতো ওপৰত আলোচিত কৰা ধৰ্মৰ কৰ্তৃত্বশীল চৰিত্ৰটোৱে স্থান পাইছে।  বিজ্ঞান আৰু ধৰ্ম সম্পৰ্কত তেখেতৰ বক্তব্যনো কি  আছিল ! তেখেতে কৈছে -"There is a fundamental difference between religion, which is based on authority; and science , which is based on observation and reason. Science will win because it works."অৰ্থাৎ ধৰ্ম আৰু বিজ্ঞানৰ মাজত মৌলিক পাৰ্থক্যটো হৈছে ধৰ্ম কৰ্তৃত্বৰ ওপৰত প্ৰতিষ্ঠিত, আনহাতে বিজ্ঞান পৰ্যবেক্ষণ আৰু কাৰক(প্ৰশ্ন)ৰ ওপৰত প্ৰতিষ্ঠিত। তেখেতে কৈছে, বিজ্ঞানৰেই জয় নিশ্চিত, কিয়নো ধৰ্মৰ দৰে স্থিৰ ঠেক গণ্ডীৰ ভিতৰত বিজ্ঞানক ৰাখিব পৰা নাযায়, কাৰণ বিজ্ঞান গতিশীল আৰু সেয়েহে ই বাস্তৱ কৰ্মৰ ওপৰত প্ৰতিষ্ঠিত। সেয়েহে ষ্টিফেন হকিঙৰ বৈজ্ঞানিক দৰ্শনক বিশ্লেষণ কৰিবলৈ যাওঁতে প্ৰাতিষ্ঠানিক ধৰ্ম সম্পৰ্কত তেখেতৰ উপৰোক্ত বক্তব্যকো বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। "বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ"-প্ৰাতিষ্ঠানিক ধৰ্মৰ এই সাধাৰণীকৰণক হকিঙৰ ধৰ্ম সম্পৰ্কে কৰা বক্তব্যই পোনচাটেই নসাৎ কৰে, সেইবাবেই ধৰ্মক তেওঁ কৰ্তৃত্বসুলভ চৰিত্ৰৰ সৈতেহে তুলনা কৰিছে। অৰ্থাৎ বিজ্ঞানৰ দৰে ধৰ্মক প্ৰশ্ন কৰাৰ অধিকাৰ ধৰ্মই আমাক কোনোদিনে দিয়া নাই। ধৰ্মৰ বোকোচাত গঢ় লৈ উঠা "ঈশ্বৰ" সম্পৰ্কীয় ধাৰণাৰ আলম লৈ আপুনি যদি প্ৰশ্ন কৰে --- ঈশ্বৰ ক'ত আছে ? ঈশ্বৰ কি ?? ঈশ্বৰ যদি আছেই বাস্তৱত ঈশ্বৰক দেখিবলৈ পোৱা নাযায় কিয় ?? তেনেহ'লে দেখিব, ধৰ্মৰ কৰ্তৃত্বশীল চৰিত্ৰটোৱে এইসমূহ প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে আপোনাক ধৰ্মদ্ৰোহী সজাবলৈহে উঠি-পৰি লাগিব বা ওপৰত কোৱাৰ দৰে বিশ্বাসতহে ঈশ্বৰ বিচাৰি পোৱা যায় ধৰণৰ বাস্তৱৰ লগত সম্পৰ্ক নথকা উত্তৰ এটিহে দিবলৈ প্ৰয়াস কৰিব।

আকৌ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি সম্পৰ্কত হকিঙৰ বক্তব্য --- "God did not create the universe."অৰ্থাৎ ঈশ্বৰৰদ্বাৰা এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱা নাছিল। হকিঙৰ উপৰোক্ত বক্তব্যৰপৰা আমি এইধৰণেও ক'ব পাৰো যে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি সম্পৰ্কত বাইবেল, কোৰান, বেদ , গীতা-ভাগৱত আদি ধৰ্মীয় গ্ৰন্থসমূহত যিধৰণৰ  এক ঈশ্বৰীয় কাল্পনিক কাহিনী পোৱা যায় সেই কাহিনীসমূৰ বাস্তৱতাক হকিঙে নস্যাৎ কৰিছে‌ ।  ঈশ্বৰৰদ্বাৰাই  এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হোৱা বুলি যদি তেখেতে ভাবিলেহেঁতেন তেনেহ'লে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি সম্পৰ্কত নিশ্চিতভাৱে তেওঁৰ পৰা এইধৰণৰ বক্তব্য প্ৰকাশ নাপালেহেঁতেন। সেয়েহে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি সম্পৰ্কত প্ৰখ্যাত 'টাইম' আলোচনীয়ে তেওঁক কৰা প্ৰশ্নৰ উত্তৰ দিছিল এইধৰণে যে "পদাৰ্থবিজ্ঞানত ঈশ্বৰৰ কোনো অস্তিত্ব নাই, অৰ্থাৎ মহাবিশ্ব সৃষ্টিত ঈশ্বৰৰ কোনো প্ৰয়োজন নাই।"2014 চনত বিজ্ঞানী হকিঙে'El Mundo'নামৰ স্পেনিছ ভাষাৰ এখন বাতৰিকাকতৰ সাংবাদিক Pablo Jaureguiৰসৈতে এটি সাক্ষাৎকাৰ দিছিল য'ত তেখেতে কৈছিল ---"Before we understand science, it is natural to believe that God Created the universe. But now science offers a more convincing explanation. ......I am an atheist."অৰ্থাৎ "বিজ্ঞান বুজি নোপোৱাৰ আগতে এইটো স্বাভাৱিক বিশ্বাস আছিল যে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰ, কিন্তু বৰ্তমান বিজ্ঞানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কত বিশ্বাসযোগ্য বিশ্লেষণ আগবঢ়াবলৈ সক্ষম হৈছে ---মই এজন নাস্তিক।"

এইটো অনস্বীকাৰ্য যে বৈজ্ঞানিক মানসিকতা বিকাশ কৰাৰ ক্ষেত্ৰত প্ৰাতিষ্ঠানিক ধৰ্মই প্ৰত্যক্ষ বা পৰোক্ষভাৱে  সদায় বাধা আৰোপ কৰা দেখা যায়। ভাববাদ আৰু কল্পনা-আশ্ৰিত ধৰ্মৰ এই চৰিত্ৰই  বৰ্তমানে আৰু অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। সেয়ে এনে এক প্ৰেক্ষাপটত ধৰ্ম আৰু বিজ্ঞান সম্পৰ্কত ষ্টিফেন হকিঙৰ দৰে বিশ্বখ্যাত বিজ্ঞানীসকলৰ দৰ্শনক জনসমাজলৈ উলিয়াই অনাৰ প্ৰয়োজনীতাও পূৰ্বতকৈ বৃদ্ধি পাইছে। ষ্টিফেন হকিঙে ধৰ্ম আৰু বিজ্ঞান সম্পৰ্কত এনে বহু নতুন নতুন তথ্য আমাক দি থৈ গৈছে যিবোৰক বৈজ্ঞানিক মানসিকতা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সমল হিচাপে ব্যৱহাৰ কৰিব পৰা যাব।  ধৰ্মীয় কুসংস্কাৰ, অন্ধবিশ্বাস আদিয়ে গোটেই সমাজখনক যিটো সময়ত এফালৰপৰা গিলিব ধৰিছে সেই সময়ত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে। এইক্ষেত্ৰত বিজ্ঞানী ষ্টিফেন হকিঙৰ দৰে বিজ্ঞানীৰ প্ৰকৃত বৈজ্ঞানিক  দৰ্শনে হয়তো আমাক নতুন বাট দেখুৱাবলৈ সক্ষম হ'ব।

Share Button
Print Friendly, PDF & Email

1 Comment : "ধৰ্ম, বিজ্ঞান আৰু বিজ্ঞানী ষ্টিফেন হকিং-(ভবেশ নাথ)"

  1. Ratul kalita

    এইবিলাক সমাজৰপৰা আঁতৰা সম্ভৱ নহয়।অন্ধবিশ্বাস কুসংস্কাৰ শিক্ষিত মানুহৰ মাজতে বহুত বেছি।এতিয়াও বিজ্ঞানৰ যুগটো সমাজত অন্ধবিশ্বাসে সমাজত বেছি গ্ৰাস কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *