গল্প-কবিতা

ধোঁৱাৰ প্ৰতীক্ষাত… (মধুছন্দা চলিহা ভূঞা)

মুকলি পথাৰখনৰ সিমূৰত

ইটা ভাতাৰ ধোঁৱা নোহোৱা

দীঘল ছিমনি এটা…

এদিন সেই ছিমনিটোৰপৰা ওলোৱা

অপৰ্যাপ্ত ধোঁৱাই আকাশ ছানি ধৰিছিল ,

অপৰ্যাপ্ত ৰুটিবোৰ

পূৰ্ণিমাৰ জোন হৈ সৰিছিল

সিহঁতৰ থালত।

ফৰকাল আকাশখনলৈ চাই

স্তব্ধতাৰ এক আওপুৰণি গোন্ধে,

উকি দিয়ে জোলোঙাত;

খোৱাৰ প্ৰতীক্ষাত

ধোঁৱাৰ প্ৰতীক্ষাত

উশাহবোৰ দীঘল হৈ পৰে…

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *