গল্প-কবিতা

ধোঁৱাৰ প্ৰতীক্ষাত… (মধুছন্দা চলিহা ভূঞা)

মুক্ত চিন্তা, ১ম বছৰ, ৫ম সংখ্যা

মুকলি পথাৰখনৰ সিমূৰত

ইটা ভাতাৰ ধোঁৱা নোহোৱা

দীঘল ছিমনি এটা…

এদিন সেই ছিমনিটোৰপৰা ওলোৱা

অপৰ্যাপ্ত ধোঁৱাই আকাশ ছানি ধৰিছিল ,

অপৰ্যাপ্ত ৰুটিবোৰ

পূৰ্ণিমাৰ জোন হৈ সৰিছিল

সিহঁতৰ থালত।

ফৰকাল আকাশখনলৈ চাই

স্তব্ধতাৰ এক আওপুৰণি গোন্ধে,

উকি দিয়ে জোলোঙাত;

খোৱাৰ প্ৰতীক্ষাত

ধোঁৱাৰ প্ৰতীক্ষাত

উশাহবোৰ দীঘল হৈ পৰে…

Leave a Reply

Your email address will not be published. Required fields are marked *