এটা মুছলমান কবিতা-(মনোজ নেওগ)

থুঁতৰিত দীঘল দাড়ি , মূৰত টুপী,

কাণৰ কাষত আতৰ লৈ

মুছলমান জাতৰ কবিতা এটা এজন কবিৰ গৰ্ভৰ পৰা ওলাওঁ নোলাওঁকৈ ওলাইছিল

মুখ বায়নৰ মুখ এখনত বাজি আছিল

গীত-ৰাগ-সিন্ধুৰা একতাল....

.

সময় আচৰিত অনেক ঐৰাৱত মুখদি এজাক মাখিয়ে জুমি চাইছিল নৰকৰ দুৱাৰ

ৰাজনৈতিক পোক এটাই গোবৰৰ গোলক এটাৰ ভিতৰত উমান লৈছিল

উৰা বাতৰিৰ দৰে উৰিব পৰাকৈ গজিছেনে পিঠিত পাখি

লেপলেপনিৰ ৰেকৰ্ড এখনত বাজি আছিল ক'ৰবাত

-গৰুখোৱা গৰিয়া আহিছে

বিছনাৰ তলত চৰিয়া পাতিছে...

.

মুছলমান কবিতাটোৱে টোপোলা এটা খুলি গৰুৰ মাংস অলপ টেবুলত থ'ব খোজোঁতেই

কবিৰ ওকালিত ওলাই আহিছিল অলপতে গিলিৰখা গৰুৰ গাখীৰখিনি

মুছলমান কবিতাটোৱে কোমলকৈ হাঁহিছিল , সৰলতাৰে কবিক সুধিছিল -

তেজে বিচাৰ কৰে কি

প্ৰ'টিন নে পাপ

আজিও ব্লাডবেঙ্কত কোনোবাই সোধে নেকি , তেজ মোৰ নে তোমাৰ....

কবিজনৰ বিৰক্তি লাগিছিল, মুছলমান কবিতাটোক তেওঁ ৰুক্ষভাৱে কৈছিল -

কবিতাৰ কিছু কথা শুনিবলৈ ভীষণ ভাললগা , তথাপি কুকুৰ কবিতা শোৱনত সদায় পোকৰত মুখ

বাস্তৱ মানে,

দেহত ৰামনামী কাপোৰ লৈ ৰহিমৰ বাবে ন্যায়ৰ কথা কোৱা পুৰুষৰ জিভা কটাৰ ভয়

বৰজনাকৰ আগত ওৰণিৰ শ্যাটাৰ দাঙিব নোৱৰা তিৰোতাবোৰে কিদৰে কয়

- বোৰ্খা খোলা , আমি একেলগে বেলি চাম

কিদৰে কয় - প্ৰাৰ্থনাৰ সময়ত তেওঁলোকে

দীঘল দাড়ি মূৰত গোল টুপী পিন্ধা এটা মুছলমান কবিতা পঢ়ি আছিল..

.

সিমানত মুছলমান কবিতাটোৱে উবাজুবাকৈ বান্ধি লৈছিল গৰুৰ মাংসখিনি

কিবা অপৰাধবোধেৰে আঁজুৰিছিল দাড়িবোৰ

কিবা ক'ব খুজিও ক'ব পৰা নাছিল

.

এখন হাতেৰে এখন জন্মান্ধ পৃথিৱীৰ দুখত নিজৰ চকুহাল ফুটাই

ধীৰ খোজেৰে সোমাই গৈছিল অহা বাটটোৱেদি খুপি খুপি

.

শেষৰ সময়খিনিত ম‌ই দেখিছিলোঁ

এজাক মানুহ আহি কবিক সুধিছিল কিবাকিবি

তাৰ পাছত

.

.... এটা মুছলমান কবিতাৰ নামত জীয়াই জীয়াই এজন কবিক দুফাল কৰা এটা দৃশ্য আচলতে শব্দ‌ই লিখিব নোৱাৰি

এটা শব্দৰে মাথোঁ - শেষ !

বি:দ্ৰ- ময়ো ঘৰলৈ আহি গা ধুলোঁ । আপোনালোকেও গাটো ধুই দিব, শেষ ।

Share Button
Print Friendly, PDF & Email

No Comments : "এটা মুছলমান কবিতা-(মনোজ নেওগ)"

Leave a Comment

Your email address will not be published. Required fields are marked *