হালধীয়া দেৱদাৰুৰ কবিতা - (কস্তুৰী চুতীয়া)

উচ্চতাৰ শিখৰ হোৱাৰ আগত
হিমালয় এদিন সাগৰ আছিল
সাগৰখন আছিল কেঁচুৱাসদৃশ

মৃতকৰ বিছনাত মৃত্যুৰো মৃত্যু হোৱাৰ দৰে
হিমালয়ৰ বেদনাত হেৰাই যোৱা ভোকত
ক'ত বিচাৰি পালেহেঁতেন
উচ্চতা আৰু উচ্চাকাংক্ষা, এভাৰেষ্টৰ অহংকাৰ

দেৱদাৰু হালধীয়া হোৱাৰ দিনা
ঘড়ীবোৰো শুই পৰিব
আমি গাম নিচুকনি গীত
তাৰ পাছত ধোঁৱা আৰু ধোঁৱা

শ্ল'গানৰ সমদল এটা খেদি খেদি
বহু মাহ বছৰৰ হিচাপ হ'ল
বছৰবোৰ হ'ল পেলনীয়া কাগজ

আইতাৰ সোলা মুখত, 'শিয়ালী এ নাহিবি ৰাতি...'
শিয়ালী নাহে... কোনোদিনেই নাহিবও

তথাপি ৰাতিপুৱাই শেলুৱৈ ধৰা দেৱালত
শিশু এজাকে আঁৰি দিলে
এটা কাগজৰ বেলি
বুঢ়া গছজোপাত আঁকি দিলে
অম্লজানৰ আদি পৰ্ব

সন্ধিয়া সাধুকথাৰ খৰিকটীয়াটোৰ কুঠাৰখন হেৰাল
জলপৰীও নাহিল ৷

Share Button
Print Friendly, PDF & Email

1 Comment : "হালধীয়া দেৱদাৰুৰ কবিতা - (কস্তুৰী চুতীয়া)"

  1. Surajit Rajbonshi

    বা তোমাৰ কবিতাবোৰ খুব ভাল লাগে। বহুত মৰম আৰু আন্তৰিকতা...

Leave a Comment

Your email address will not be published. Required fields are marked *