গান শুনো আহক

আৱেগবিহ্বল সংগীত শিল্পী পিটাৰ গ্ৰীণ — (নৱজ্যোতি বৰগোহাঁই)

প্ৰস্তাৱনা :  

নমস্য ব্ৰিটিছ সংগীত শিল্পী পিটাৰ গ্ৰীণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ সংগীতৰ সম্পৰ্কে চমু আলোচনাই এই লেখাৰ উদ্দেশ্য। অসম মুলুকত পাশ্চাত্য সঙ্গীত সম্পৰ্কে বহুজনৰ মাজত কিছুমান ভুল ধাৰণা আছে। পাশ্চাত্য সঙ্গীত মাত্ৰেই যেন অতি চিঞৰ বাখৰ, অশান্ত, উচ্ছৃংখল ধৰণৰ বজাৰ কেন্দ্ৰিক সংগীত। যদিও ইণ্টাৰনেটৰ কৃপাত  বিশ্বৰ বিভিন্ন সংগীত সহজলভ্য হোৱা বাবে যোৱা ১০ বছৰ মানৰ ভিতৰত আগতকৈ কিছু এই ধাৰণাবোৰ বদলি হৈছে। নতুন প্ৰজন্মৰ মাজত অৱশ্যে সংগীতৰ ক্ষেত্ৰখনত কিছুমান নতুন নতুন পৰীক্ষা নিৰীক্ষাও হৈছে। কিন্তু  ৯০  দশকৰ মাজভাগলৈকে পাশ্চাত্য সংগীত মানে যেন মেদনা, মাইকেল জেকচন, ব্ৰাইন আদমছ আদি কেইজনমান পুঁজিবাদী বজাৰ কেন্দ্ৰিক সংগীতৰ লগত জৰিত গায়কৰ চিঞৰ বাখৰ। ইফালে বিপ্লৱী মহলত কেৱল যেন  পিট চিগাৰ, পল ৰবচনৰ মাজতে সকলো শেষ। ৯০ দশকৰ শেষ ভাগলৈকে এনে গুলমলিয়া আৰু অপৰিপক্ক ধাৰণাৰ চিকাৰ মই নিজেই হৈছিলোঁ। আজিৰ তাৰিখত মই ভাৱোঁ এনে ভুল ধাৰণাই মোৰ চিন্তাক বহু সীমাবদ্ধ কৰাৰ উপৰিও জীৱন-জগতৰ বহু দিশৰ উপলব্ধি তথা সমাজ জীৱনৰ সম্পৰ্কে জটিল চিন্তাৰ বিকাশৰ বাট ৰুদ্ধ কৰি ৰাখিছিল। কাৰণ পাশ্চাত্যৰ ইতিহাস সৃষ্টি কৰা এই সংগীতসমূহ উপৰুৱা মনোৰঞ্জনৰ বিষয় নাছিল। কিন্তু পাছৰ সময়বোৰত নতুন নতুন উপলব্ধিৰে পাশ্চাত্য সংগীতৰ ক্ষেত্ৰখনত আৱিষ্কাৰ কৰিছোঁ অজস্ৰ মণি মুকুতাৰে ভৰপূৰ এখন বিশাল বিচিত্ৰ জগত। এই জগতখনত বিচৰণ কৰি বুজি উঠিছোঁ জীৱনৰ বিভিন্ন বিষয়ৰ অনুশীলৰ দৰে ‘সংগীত’ সৃষ্টিৰ যোগেদি প্ৰাণৰ আকূতি মূৰ্ত হৈ উঠা ৰূপৰস। ইয়াত জীৱনৰ নতুন নতুন উপলব্ধিৰ পৰীক্ষা-নিৰীক্ষা হয়। ইয়াৰ ফলশ্ৰুতিত ব্যক্তিগত জীৱনৰ লগতে সমাজ জীৱনৰ তাৎপৰ্যপূৰ্ণ ৰূপত নতুন নতুন পৰিৱৰ্তনৰ বিজুলী বৰষে। পাশ্চাত্য সংগীতৰ এই ইতিহাস জীৱন্ত ৰূপত বিদ্যমান।

মোৰ ধাৰণা পিটাৰ গ্ৰীণৰ দৰে শিল্পীৰ শিল্পৰ সান্নিধ্যত আমি নিশ্চয় কিছু নতুন আৱিষ্কাৰ-উপলব্ধিৰ সুযোগ পাম। সেই ভিন্ন উপলব্ধি কেনে হ’ব সেইটো শ্ৰোতাৰ বিচাৰ্য বিষয়। কিন্তু পাশ্চাত্য সঙ্গীত সম্পৰ্কে থকা কিছু পূৰ্বৰ ভুল ধাৰণা পৰিৱৰ্তন হ’ব বুলি মই নিশ্চিত। এই পৰিৱৰ্তনে শ্ৰোতাৰ আগত নতুন নতুন পথ মুকলি কৰিব বুলি ধাৰণা কৰিব পাৰি।

গ্ৰীণৰ গীতৰ কথা অতি সাধাৰণ, মোৰ দৃষ্টিত তেওঁৰ যন্ত্ৰ সংগীত অতি উচ্চ পৰ্য্যায়ৰ, যথেষ্ঠ গভীৰ আৰু তাৎপৰ্যপূৰ্ণ। ৬০, ৭০ দশকৰ এই গীত আজিও অক্ষত আধুনিক ৰূপত জিলিকি আছে।আশাকৰোঁ এই অসাধাৰণ শিল্পীৰ সংগীত আপুনি শুনিব। আমি নতুন উপলব্ধিৰে নতুন কথা পাতিম। মূলতঃ সেই উদ্দেশ্য আগত ৰাখিয়েই এই চমু লেখাৰ পাতনি মেলিছো‌ঁ।

আগকথা:

২০২১ চনৰ কভিড কালৰ কোনো এটা দিনত ইণ্টাৰনেটত কিবাকিবি খুচৰি থাকোঁতে হঠাৎ আৱিষ্কাৰ কৰিলোঁ এটা খবৰ। ২০২০ চনৰ ২৫ জুলাইত ইংলেণ্ডৰ সংগীত শিল্পী পিটাৰ গ্ৰীণ ঢুকাল। কিবা এক বুজাব নোৱৰা বিষাদৰ এছাটি বতাহে মনটো সেমেকাই পেলালে। ক্ষন্তেকৰ বাবে যেন মোৰ মাজত এক শূন্যতাই বিৰাজ কৰিলে! ৬০ৰ দশকৰ এটি অসাধাৰণ সংগীত প্ৰতিভাৰ জীৱনৰ পৰিসমাপ্তি ঘটিল।

পিটাৰ গ্ৰীণৰ কেইটামান সৃষ্টি মোৰ অতিকে আপোন, জীৱন যুঁজত বহু সময়ৰ সাৰথি। অসহায় সময়ৰ সকাহ!

যোৱা ১৫ বছৰ মান আগতেই এজন বন্ধুৰ লগত স্বভাৱগতভাৱে দোকানে দোকানে নতুন সংগীতৰ সন্ধান কৰি ঘূৰি ফুৰোঁতে Fleetwood Mac নামৰ  ইংলিছ বেণ্ডটোৰ যোগেদি পিটাৰ গ্ৰীণৰ সংগীত আৱিষ্কাৰ কৰিছিলোঁ।  Albatross, Man of the World আৰু The Supernatural এই তিনিটা ট্ৰেক, মোৰ বিবেচনাত পিটাৰ গ্ৰীণৰ আটাইতকৈ সফল আৰু উল্লেখযোগ্য কালোতীৰ্ণ সৃষ্টি। মোৰ দৃষ্টিত পিটাৰ গ্ৰীণৰ সংগীত ট্ৰিলজি। Albatross যেন পিটাৰ গ্ৰীণৰ সাংগীতিক প্ৰাণ স্পন্দন, Man of the World গ্ৰীণৰ জীৱন দৰ্শন আৰু The Supernatural এ যেন তেওঁৰ সংগীতৰ ইতিহাসৰ সুৰটো কঢ়িয়াই লৈ ফুৰিছে। ব্লুজ সংগীতৰ নিৰ্যাসটো The Supernatural এ এক বিশেষ ৰূপত মূৰ্ত কৰি তোলে।

অত্যন্ত সাংগীতিক সংবেদনশীলতা আৰু অসাধাৰণ দক্ষতাৰ অবিহনে এনে সৃষ্টি অসম্ভৱ বুলি ভাবোঁ। জীৱনৰ যন্ত্ৰণা আৰু আনন্দৰ এইধৰণৰ সাংগীতিক প্ৰতিৰূপ সম্ভৱ— কেৱল এজন অতি organic দক্ষতাৰে পৰিপুষ্ট সংগীত শিল্পীৰ বাবেহে। অন্য বাদ দিলেও এই তিনিটি composition ৰ বাবেই তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব।

ভালে কেইদিনমান একেলেথাৰিয়ে পিটাৰ গ্ৰীণৰ সৃষ্টিসমূহ পুনৰ শুনিলোঁ। দুই এজন ঘনিষ্ঠ বন্ধুৰ লগত এই গীতৰ সম্পৰ্কে অলপিয়াকৈ ভাৱ বিনিময় কৰিলোঁ। মনতে থিৰাং কৰিলোঁ অসম মুলুকত অনালোচিত এই অসাধাৰণ শিল্পীৰ এটা শ্ৰদ্ধাঞ্জলি সূচক লেখাৰে অসমৰ সংগীত অনুৰাগীৰ মাজত তেওঁৰ মূল সৃষ্টিৰাজিৰ সম্ভাৱ্য আলোচনা-পৰ্যালোচনাৰ বাবে এটা বাট মুকলি কৰিম। মোৰ বিশ্বাস এই সংগীতে আমাৰ সকলোৰে কম বেছি পৰিমাণে কলুষিত মনবোৰ নিৰ্মল কৰি তুলিব। লেখাৰ ক্ষেত্ৰত মোৰ নিষ্ঠা আৰু শৃংখলাৰ লগতে দক্ষতাৰ অভাৱৰ বাবে কামটো পৰি আছিল। সেই দায়িত্ব সম্পূৰ্ণ কৰাৰ স্বাৰ্থতেই এই চমু লেখাৰ জন্ম। পিটাৰ গ্ৰীণৰ গীতৰ কথা, কেইটামান গীতৰ বাহিৰে বেছিভাগেই সাংঘাটিক তাৎপৰ্যপূৰ্ণ নহয়। ইয়াৰ বিপৰীতে গ্ৰীণৰ যন্ত্ৰ সংগীত অতি সূক্ষ্ম আৰু গভীৰ তাৎপৰ্যপূৰ্ণ। সুৰৰ সান্নিধ্যত শব্দ তৰংগ কেনেকৈ মানৱীয় আবেগৰ সফল প্ৰতিৰূপ হ’ব পাৰে, বেদনা উপশম কৰা মন্ত্ৰ হৈ উঠিব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ পিটাৰ গ্ৰীণৰ সংগীত। মই মুখ্যতঃ গ্ৰীণৰ যন্ত্ৰ সংগীতৰ সম্পৰ্কতহে ইয়াত আলোচনা কৰিম। যদিও পিটাৰ গ্ৰীণ একেধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক আৰু গীটাৰ বাদক।

পিটাৰ গ্ৰীণৰ সংগীত জীৱনৰ পৰিচিতি মূলক চমু ইতিবৃত্ত:

পিটাৰ গ্ৰীণ ব্ৰিটিছ ব্লুজ-ৰক সংগীতৰ এটা অতি তাৎপৰ্যপূৰ্ণ নাম। আমেৰিকাৰ কৃষ্ণাংগসকলৰ সংগ্ৰামী শোকগাঁথা, ব্লুজ সংগীতক ব্ৰিটিছ চাহাব পিটাৰ গ্ৰীণৰ দৰে শিল্পীয়ে নতুন মাত্ৰা প্ৰদান কৰি এক বিশেষ স্তৰলৈ লৈ গৈছিল। বিশেষভাৱে উল্লেখযোগ্য এৰিক ক্লেপটন, জেফ বেক, জন মাইয়েল, জিমী পেইজ আদি ব্ৰিটিছ ব্লুজ-ৰক শিল্পীসকলৰ প্ৰত্যেকেই একোজন অসামান্য গীটাৰ বাদক। তাৰমাজত পিটাৰ গ্ৰীণৰ স্বকীয় গীটাৰ বাদন শৈলী মোৰ ধাৰণাত বাকীসকলৰ লগত তুলনা নহয়। এই শৈলী একক আৰু অনন্য। সেইদৰে তেওঁৰ গায়ন শৈলীও ব্যতিক্ৰম। যদিও গ্ৰীণ সদায় এজন ব্যতিক্ৰমী তথা অতি প্ৰভাৱশালী গীটাৰ বাদক হিচাবেহে সংগীত প্ৰেমীৰ মাজত জিলিকি থাকিব। প্ৰশ্নবিহীনভাৱে পিটাৰ গ্ৰীণ আছিল ১৯৬০ চনত আত্মপ্ৰকাশ কৰা ব্ৰিটিছ সংগীতজ্ঞসকলৰ মহান কৰ্মৰাজিৰ ভিতৰত অন্যতম নিপুণ আৰু আকৰ্ষণীয় সুৰকাৰ, গীটাৰিষ্ট আৰু বেণ্ডলিডাৰ। ব্ৰিটিছ সংগীতৰ জগতখনত ব্লুজ সংগীতৰ ধুমুহাৰ দ্বিতীয় পৰ্য্যায়ত মহাৰথী হিচাবে প্ৰধান ব্যক্তিত্ব আছিল পিটাৰ গ্ৰীণ।

ফ্লিট‌ওড মেক বেণ্ডৰ সদস্যসকল

পিংক ফ্লয়ডৰ চিড বেৰেটৰ দৰে পিটাৰ গ্ৰীণক  LSD (lysergic acid diethylamide) ড্ৰাগ আসক্ত Psychedelic মুহূৰ্তত সংগীতৰ ক্ষতিগ্ৰস্ত শিল্পী হিচাপে দেখা যায়, কিন্তু ত্ৰিশ বছৰ বয়সৰ আগতেই পুৰণি সংগীতৰ ধাৰা সলনি কৰা আৰু নতুন যুগ নিৰ্ধাৰণ সম্ভৱ কৰি তোলা সংগীত জগতৰ এজন পথিকৃৎ হিচাপে  স্মৰণযোগ্য।

১৯৪৬ চনত লণ্ডনৰ এজন শ্ৰমিক, ইহুদী কচাইৰ পুত্ৰ পিটাৰ গ্ৰীণবাম নামেৰে জন্মগ্ৰহণ কৰা পিটাৰ গ্ৰীণ কিশোৰ অৱস্থাত ১৫ বছৰ বয়সতে এজন পেছাদাৰী সংগীতজ্ঞ হৈ পৰিছিল। ২১ বছৰ বয়সত তেওঁ জন মাইয়েলৰ বিখ্যাত ব্ৰিটিছ ব্লুজ বেণ্ড ‘ব্লুজব্ৰেকাৰছ’ৰ তৃতীয় এলবাম “এ হাৰ্ড ৰোড“ত ইংলেণ্ডৰ খ্যাতিমান গিটাৰিষ্ট এৰিক ক্লেপটনৰ ঠাই লয়, য’ত তেওঁৰ যন্ত্ৰ সংগীত হিচাবে প্ৰথম সৃষ্টি ‘দ্য ছুপাৰনেচাৰেল’এ মুক্তি পায়। এই composition টোৱে গ্ৰীণৰ অবিশ্বাস্য গীটাৰ বাদন শৈলীৰ সৈতে বিশ্বক পৰিচয় কৰাই দিয়ে।

তাৰ পাছৰ পৰ্য্যায়ত গ্ৰীণে ফ্লিটউড মেক বেণ্ডটোৰ গঠন কৰে, আৰু বেণ্ডৰ নামকৰণ কৰে ড্ৰামবাদক মিক ফ্লিটউড আৰু বেছিষ্ট জন মেকভিৰ নামেৰে । গ্ৰীণে তিনি বছৰ নিজৰ সৃষ্টিৰ সৈতে বেণ্ডটোৰ লগত আছিল। গ্ৰীণে বেণ্ডটোৰ নামটোত নিজৰ নাম সংযোগ কৰা নাছিল যাতে তেওঁ ওলাই যোৱাৰ পিছতো মিক আৰু জন আগবাঢ়ি যোৱাত অসুবিধা নহয়। যদিও জনমানসত ফ্লিটউড মেকক মূলতঃ গ্ৰীণৰ গীটাৰ বাদন, গায়ন আৰু গীত লিখাৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছিল।

১৯৭৭ চনৰ ভিতৰত ফ্লিটউড মেক বেণ্ডটো বিশ্বৰ এটা উল্লেখযোগ্য বেণ্ডত পৰিণত হয়। ৰেকৰ্ডিং উদ্যোগৰ অনুৰাগীসকলে দৃঢ়তাৰে কয় যে ১৯৬৯-১৯৭০ চনত ফ্লিটউড মেকে আমেৰিকাত দ্য বিটলছ আৰু দ্য ৰলিং ষ্টোনছৰ একেলগে যিমান ৰেকৰ্ড বিক্ৰী কৰিছিল তাতকৈ অধিক ৰেকৰ্ড বিক্ৰী কৰিছিল।

পিটাৰ গ্ৰীণৰ ফ্লিটউড মেকৰ আৰম্ভণি হৈছিল ব্লুজৰ সংগীতৰ আধাৰত।তিনি বছৰৰ ভিতৰতে তেওঁলোকে এনে এটা পৰ্য্যায় পাইছিল যে জন লেননৰ সৃষ্টিৰ দৰে মৌলিক কাম আৰু মঞ্চত দ্য গ্ৰেটফুল ডেড বা অলমেন ব্রাদাৰ্ছ বেণ্ডৰ দৰেই দুঃসাহসিক আৰু উদ্ভাৱনীমূলক হৈ উঠিছিল।

১৯৬৯ চনত চিকাগোৰ ব্লুজ পিয়ানোবাদক আৰু কণ্ঠশিল্পী অটিছ স্পেনৰ এলবাম দ্য বিগেষ্ট থিং চিন্স কল’ছাছত গ্ৰীণৰ গীটাৰ প্ৰতিভা বুজিব পাৰি। ‘মাই লাভ ডিপেণ্ডছ অন ইউ’ৰ দৰে গীতত গ্ৰীণ আৰু স্পেনে চমৎকাৰ কল আৰু ৰেচপন্স ইনষ্ট্ৰুমেণ্টেল ডুৱেটত লিপ্ত হয়। এই ব্লুজ কম্প’জিছনটোত দুয়োজন শিল্পীৰ যুগলবন্দী আছিল অসাধাৰণ (শুনিবৰ বাবে ইয়াত টিপক) ফ্লিটউড মেকৰ প্ৰাৰম্ভিক ষ্টুডিঅ’ ৰেকৰ্ডিঙে গ্ৰীণক এজন অতি প্ৰভাৱশালী নিপুণ ব্লুজ গীটাৰিষ্ট কৰি তুলিছিল।

যি সময়ত বৃটেইনৰ দুৰ্দান্ত ব্লুজ- ৰক গিটাৰিষ্ট ক্লেপটন হিংস্ৰ আৰু আড়ম্বৰপূৰ্ণ আছিল, গ্ৰীণ আছিল সংযত, চিন্তাশীল আৰু সাংঘাটিক সংবেদনশীল । এইবোৰ গুণে তেওঁৰ সমগ্ৰ কেৰিয়াৰত তেওঁৰ সংগীতৰ সংজ্ঞা নিৰূপণ কৰিছিল, আৰু তাৰ পাছৰ গীটাৰিষ্ট প্ৰজন্মক সাংঘাটিকভাৱে প্ৰভাৱিত কৰিছিল।

১৯৯৬ চনৰ জুন মাহত গ্ৰীণক বিখ্যাত মোজো আলোচনীৰ সৰ্বকালৰ তৃতীয় শ্ৰেষ্ঠ গীটাৰিষ্ট হিচাপে স্থান দিয়ে। ২০১৫ চনত ৰলিং ষ্টোন আলোচনীৰ সমীক্ষাত তেওঁক ‘১০০ উৎকৃষ্ট গীটাৰিষ্ট অৱ অল টাইম’ৰ তালিকাত ৫৮ নম্বৰত স্থান দিছিল। যন্ত্ৰ সংগীত ‘দ্য ছুপাৰনেচাৰেল’ত গ্ৰীণৰ সুৰক ২০০৪ চনত গীটাৰ প্লেয়াৰে সৰ্বকালৰ ৫০ টা শ্ৰেষ্ঠ সুৰৰ মাজত বিশেষ স্থান দিছিল।

‘Black Magic Woman’, ‘Oh Well’, ‘The Green Manalishi (With the Two Prong Crown)’ আদি পিটাৰ গ্ৰীণৰ উল্লেখযোগ্য সৃষ্টি।

জীৱনৰ শেষৰ সময়খিনিত পিটাৰ গ্ৰীণে Peter Green Splinter Group নামৰ এটা বেণ্ডৰ জন্ম দি প্ৰায় ৯টা গুৰুত্বপূৰ্ণ এলবাম মুক্তি দিয়ে। তাৰ ভিতৰত বিখ্যাত ব্লুজ সংগীতৰ আদৰ্শ শিল্পী ৰবাৰ্ট জনছনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি The Robert Johnson Songbook (১৯৯৮) বিশেষভাৱে উল্লেখযোগ্য।

পিটাৰ গ্ৰীণৰ সংগীতৰ তাৎপৰ্য, এটি চমু আভাস :

“He took his pain and turned it into something beautiful. Into something that people connect to. And that’s what good music does. It speaks to you. It changes you.” Hannah Harrington

Hannah Harringtonৰ ওপৰৰ কথা কেইটা পিটাৰ গ্ৰীণৰ সংগীতৰ যেন মূল প্ৰতিপাদ্য কথা।

মানসিকভাৱে ভাৰাক্ৰান্ত কোনো এটা অৱস্থাত মই পিটাৰ গ্ৰীণৰ Albatross শুনিলে লাহে লাহে যেন মনটো পাতল অনুভৱ কৰোঁ। মোৰ বাবে ই অতি প্ৰভাৱশালী আৰু এটা প্ৰমাণ সিদ্ধ কথা। এই ক্ষমতা গ্ৰীণৰ সংগীতৰ বিশেষ তাৎপৰ্য বুলি ভাবোঁ।

গ্ৰীণৰ যন্ত্ৰ সংগীতৰ প্ৰতিটো ন’ট আৰু ইয়াৰ অনুসংগিক কৰ্ডসমূহ ইমান পৰিপূৰ্ণ আৰু নিখুঁত যে শ্ৰোতাৰ মনত অতি প্ৰভাৱশালী ৰূপত সহজেই স্থান অধিকাৰ কৰে আৰু ইয়াৰ আবেদন ইমান সাৰ্বজনীন যে অতি সহজে শ্ৰোতাৰ লগত যোগাযোগ সম্ভৱ হৈ পৰে। Albatross, Apostle, Tribal Dance, Heavy Heart ইত্যাদি পিটাৰ গ্ৰীণৰ তেনে উল্লেখযোগ্য সৃষ্টি।

পিটাৰ গ্ৰীণৰ সংগীত শুনি ব্লুজ সংগীতৰ স্বনামধন্য শিল্পী BB King এ কৈছিল – “He has the sweetest tone I ever heard; he was the only one who gave me the cold sweats.”। BB King ৰ এই বাক্য দুটাই পিটাৰ গ্ৰীণৰ সংগীত শুনি হোৱা অনুভৱ আৰু উপলব্ধি অতি সুন্দৰ ৰূপত তুলি ধৰিছে।

Man of the World’ আৰু ‘Black Magic Woman’ গীত দুটা, পিটাৰ গ্ৰীণৰ লিৰিক্স সম্পন্ন দুটা উল্লেখযোগ্য গীত। ‘Black Magic Woman’ গীতটো লেটিন সংগীতৰ ৰস থকা বাবে মেক্সিকোৰ বিখ্যাত গিটাৰিষ্ট কাৰ্লচ ছান্তানাই নিজৰ কেৰিয়াৰ নিৰ্ধাৰণকাৰী গীতলৈ ৰূপান্তৰিত কৰিছিল। ‘ব্লেক মেজিক উইমেন’,  পিটাৰ গ্ৰীণৰ আৰু চান্টানাৰ বেলেগে বেলেগে শুনাৰ উপৰিও দুয়োজনে একেলগে কৰা পৰিৱেশন শুনিবলৈ পাঠকক অনুৰোধ কৰিলোঁ (ইয়াত পাব)। এই গীতটোৰ যোগেদি দুজন অসাধাৰণ তথা বিচিত্ৰ বিশ্ববিখ্যাত গিটাৰিষ্টৰ সংগীতৰ সোৱাদ ল’ব পাৰিব।

পিটাৰ গ্ৰীণ মূলতঃ এজন অতি সৃষ্টিশীল গীটাৰ বাদক। তেওঁ নিজেও এটা সাক্ষাৎকাৰত কৈছে – “….l do like to sing, but l’d hardly consider myself a vocalist. l would hope to be considered a guitarist.” প্ৰথম পৰ্য্যায়ত তেওঁ সফলভাৱে ব্যৱহাৰ কৰা গীটাৰখন আছিল 1959 Gibson Les Paul। পিটাৰে ব্যৱহাৰ কৰা এই গিটাৰ খনৰ নাম দিছিল Greeny। বহুতৰ বাবে এই গিটাৰখন মেজিক গিটাৰ হিচাবে চিহ্নিত হৈছিল। পাছৰ পৰ্যায়ত গীটাৰখন গেৰি মূৰ আৰু বৰ্তমান Kirk Hammettnৰ হাতলৈ যায়।

গ্ৰীণৰ সংগীতৰ অন্যতম মূল উপাদান হৈছে – অতি সূক্ষ্ম আৰু নিখুঁত গীটাৰ বাদন শৈলীৰ যোগেদি সৃষ্ট আবেগিক মেলডি। পিটাৰ গ্ৰীণে তেওঁৰ আৱেগক, সাঙ্গীতিক ইচ্ছাক প্ৰতিটো গীটাৰৰ ন’ট আৰু সময়ৰ  গাণিতিক হিচাপ অনুসৰি অতি নিখুঁতভাৱে উপস্থাপন কৰে। গ্ৰীণৰ গীটাৰ ষ্ট্ৰোক অতি নম্ৰ ,বন্য বা দ্ৰুত নহয়। সাধাৰণতে তেওঁৰ একক (solo) গীতসমূহ অতি সুৰীয়া (melodic) হোৱাৰ উপৰিও মৃদু তথা সৰল ৰিডম যুক্ত।

এই গীতবোৰৰ ক্ষেত্ৰত তেওঁ প্ৰতিটো ন’টৰ সবিশেষ, গীটাৰৰ প্ৰতিটো ষ্ট্ৰিং কেনেকৈ আঘাত আৰু বেণ্ড কৰিব, কেনেকৈ তেওঁ প্ৰতিটো ন’ট বাজিবলৈ দিব আদি কথাবোৰৰ প্ৰতি অতিশয় মনোযোগী আৰু সংবেদী।  তেওঁ এটা সাক্ষাৎকাৰত কৈছে – প্ৰতিটো ন’ট অনুভৱ  কৰি মই লাহে লাহে বজাই ভাল পাও (“I like to play slowly, and feel every note”)।

গীটাৰখনৰ জৰিয়তে এনে নিপুণ শৈলীৰে নিজৰ আৱেগক ইমান সফল ৰূপত শব্দ তৰংগৰলৈ ৰূপান্তৰ কৰা পিটাৰ গ্ৰীণৰ দৰে গীটাৰিষ্ট মোৰ হিচাপত অতি সীমিত। পিটাৰ গ্ৰীণৰ সংগীতে শ্ৰোতাৰ লগত প্ৰথম বাৰতেই পোনপটীয়াকৈ সংযোগ সম্ভৱ কৰি তুলিব পাৰে।

‘Albatross’, ‘Man of the World,’ ‘The Supernatural’, ‘Apostle’, ‘Rubbing my Eyes’ ইত্যাদি পিটাৰ গ্ৰীণৰ এনে সৃষ্টিৰ উৎকৃষ্ট উদাহৰণ।

জীৱনৰ শেষৰ সময় চোৱাৰ সংগীত চৰ্চাৰ কোনো এটা মুহূৰ্তত পিটাৰ গ্ৰীণ

পিটাৰ গ্ৰীণে একেবাৰে আৰম্ভণিতে ৰক সংগীতৰ সংস্পৰ্শলৈ আহিছিল যদিও তেওঁ ব্লুজ সংগীতৰ যোগেদিয়েই মূলতঃ নিজৰ সংগীত প্ৰতিষ্ঠা কৰিছিল। তেওঁ সাধাৰণ ব্লুজ গতানুগতিকতাক অন্ধভাৱে অনুসৰণ কৰা নাছিল। গ্ৰীণৰ দৰে শিল্পীয়ে ব্লুজ সংগীতৰ বিকাশত বিশেষ অৰিহণা যোগাইছিল। Blues সংগীতৰ নতুন মাত্ৰা প্ৰদান কৰিবলৈ গৈ তেওঁ কৈছিল – “A blues doesn’t have to be a 12 – bar progression, lt can cover any musical chord sequence. To me, the blues is an emotional thing. If a song has the right emotion and feel, I accept it as a blues. ” 60 দশকৰ ব্ৰিটিছ ইলেকট্ৰিক ব্লুজ সংগীতৰ ক্ষেত্ৰত পিটাৰ অন্যতম। আন এজন অতি গুৰুত্বপূৰ্ণ ব্ৰিটিছ সংগীত শিল্পী জন মাইয়েলে পিটাৰৰ সম্পৰ্কে ক’বলৈ গৈ কৈছে – “Peter in his prime in the ’60s was just without equal” পিটাৰৰ জীৱনৰ এচোৱা গুৰুত্বপূৰ্ণ সময় অতি জটিল সংকটৰ মাজেৰে পাৰ হৈছিল। এই সময়ৰ সংঘাত আৰু সংগ্ৰামৰ লগত তেওঁৰ ব্লুজ সংগীত বিশেষভাৱে সম্পৰ্কিত। তেওঁৰ উল্লেখযোগ্য সংগীতৰ সৃষ্টিৰাজি এই সংগ্ৰামৰ ফলশ্ৰুতিত জন্ম হৈছে। এটা সাক্ষাৎকাৰত  পিটাৰক  এটা প্ৰশ্ন সোধা হৈছিল – “Looking back on the troubled times you’ve been through, do you have any personal regards?”  উত্তৰত পিটাৰে কৈছিল – ” No, l think it’s better to have suffered in life and been uncomfortable than comfortable. If you’re comfortable in life, I think the blues might evade you. Suffering is something holy, something very sad. If you grow up a rich kid with no problems, you miss a lot. ”

ব্যক্তিগত অনুভৱৰে ক’ব বিচাৰোঁ যে পিটাৰ গ্ৰীণৰ বহু কেইটা সৃষ্টি মোৰ দুখ বেদনাৰে আহত সময়ক জয় কৰাৰ বাবে এক মানসিক অৱলম্বন হিচাবে স্থান পাই আহিছে। সাহস আৰু ধৈৰ্য্যৰে জীৱন যুঁজত আগবাঢ়ি যোৱাৰ প্ৰেৰণা হিচাবে এনে সংগীতে মনটো জীপাল কৰাৰ লগতে নতুন চিন্তাৰ সম্ভাৱনা গঢ় দিয়ে ।

Albatross’, ‘Man of the World’ আৰু ‘The Supernatural’ – গ্ৰীণৰ এই তিনিটা সৃষ্টি মোৰ বাবে ‘জীৱন’ক বুজি উঠাৰ বাবে অন্যতম সম্বল। এই তিনি কালোতীৰ্ণ সৃষ্টিক মই পিটাৰ গ্ৰীণৰ সংগীত ট্ৰিলজি বুলি অভিহিত কৰিব খুজিছোঁ।

এই ধৰণৰ শিল্পই সকলো শ্ৰেণী চেতনাৰ উৰ্দ্ধত গৈ এক মহৎ শিল্পৰ স্থান লয় বুলি মোৰ ধাৰণা।

পিটাৰ গ্ৰীণৰ সংগীতক বিশেষ প্ৰতিনিধিত্ব কৰা তেওঁৰ তিনিটা মৌলিক সৃষ্টি ‘এলবাট্ৰছ'(Albatross),”দ্য ছুপাৰনেচাৰে (“The Supernatural”) আৰু মেন অৱ দ্য ৱৰ্ল্ড (Man of the world) ৰ চমু আলোচনা।:

 ‘এলবাট্ৰছ’ (Albatross)

Music is the strongest form of magic.
পিটাৰ গ্ৰীণৰ অসামান্য ঐতিহাসিক সৃষ্টি ‘এলবাট্ৰছ (‘Albatross ‘) ৬০ৰ দশকৰ ব্ৰিটিছ ব্লুজ-ৰক সংগীতৰ জগতখনত এক অসাধাৰণ সংযোজন। যুগান্তকাৰী এই যন্ত্ৰসংগীত গ্ৰীণৰ নিপুণ ব্লুজ-ৰক সংগীতসমূহৰ ভিতৰত অন্যতম। তেওঁ গীটাৰ বাদক হিচাবে গুণগত ক্ষমতা আৰু একক গীটাৰ বাদন শৈলী প্ৰতিষ্ঠিত হোৱাৰ নেপথ্যত আছিল এই অসাধাৰণ সৃষ্টি।

‘এলবাট্ৰছ’ হৈছে এবিধ ডাঙৰ বগা সাগৰীয় চৰাই যাৰ ডেউকা অতি দীঘল। গীতটোৰ শিৰোনামটো ইংৰাজী অভিব্যক্তি “an albatross around your neck”ৰ পৰা জন্ম হৈছে।  বহুল ভাৱে ব্যৱহৃত অৰ্থটো হৈছে এটা বিৰক্তিকৰ বোজা। এই বাক্যাংশটোৱে চেমুৱেল টেইলৰ কলেৰিজৰ কবিতা ‘দ্য ৰাইম অৱ দ্য এন্সিয়েণ্ট মেৰিনাৰ’ (The Rime of the Ancient Mariner)ৰ ইংগিত দিয়ে, য’ত বন্ধুত্বপূৰ্ণ এলবাট্ৰছক গুলীয়াই হত্যা কৰা নাৱিক এজনে শাস্তি হিচাপে তাৰ মৃতদেহটো ডিঙিত পিন্ধিবলৈ বাধ্য হয়। গ্ৰীণে সৰুতে কবিতাটো পঢ়িছিল আৰু সেইটো তেওঁৰ মনত আবদ্ধ হৈ পৰিছিল। সেই অনুভৱৰ ফলশ্ৰুতিত জন্ম হয় “এলবাট্ৰছ”।

পিটাৰ গ্ৰীণৰ ‘এলবাট্ৰছ’ৰ সুৰে কিন্তু সাগৰত নাবিকৰ অনুভৱক উৎসাহ যোগায়। শিথিল নাও ভ্ৰমণত, যিটো এলবাট্ৰছে জগাই তোলা পৰম্পৰাগত অনুভৱৰ সম্পূৰ্ণ বিপৰীত। নাৱিকসকলে চৰাইটোক দুৰ্ভাগ্যৰ চিন বুলি গণ্য কৰিছিল। পিটাৰ গ্ৰীণৰ ‘এলবাট্ৰছ’ দুৰ্ভাগ্যক অতিক্ৰম কৰাৰ সাহস।

ড্ৰামবাদক মিক ফ্লিটউডে টিম্পানী মেলেট (timpani mallets)ৰ ব্যৱহাৰে সাগৰৰ মৃদু ঢৌৰ গতিশীল অনুভৱ আৰু গ্ৰীণৰ গীটাৰৰ আনন্দময় শব্দ তৰংগই এক সম্ভাৱনাপূৰ্ণ ‘নতুন জগত’লৈ শ্ৰোতাক লৈ যায়। বিপদ সংকুল সাগৰ পথৰ যাত্ৰাত যেন সকলো ভয় শংকা জয় কৰাৰ ই মন্ত্ৰ হৈ উঠে। আমাৰ নাৱৰীয়াৰ ‘ভাতিয়ালি’ সুৰৰ লগত সুৰটো নিমিলিলেও তাৎপৰ্য একেই।

অত্যন্ত সংবেদী আৰু গ্ৰীণৰ নিপুণ সাংগীতিক শিল্পকৰ্মৰ চানেকী হিচাবে শ্ৰোতাৰ মনোজগতত ”এলবাট্ৰছ’ হৈছে -জীৱনৰ গতিময়তাক উপলব্ধিৰ স্তৰলৈ তুলি অনা ‘সুৰধ্বনি, art of sound  wave। কেৱল সাংগীতিক কৌশলৰ পৰিৱৰ্তে মুখ্যতঃ অনুভৱ আৰু দক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰীণৰ এই সৃষ্টি ব্ৰিটিছ ব্লুজ সাংগীতিক চেতনাস্ৰোতৰ এক বিৰল নিদৰ্শন। জন লেননে স্বীকাৰ কৰা মতে দ্য বিটলছৰ এলবাম ‘এবে ৰোড’ত ‘দ্য ছান কিং’ সৃষ্টিৰ প্ৰেৰণা আছিল ‘এলবাট্ৰছ’। গ্ৰীণৰ নেতৃত্বতে জন্ম হোৱা বৃটিছ ৰক বেণ্ড ‘ফ্লিটউড মেক’ৰ প্ৰথম বছৰবোৰৰ আটাইতকৈ পৰিচিত আৰু গুৰুত্বপূৰ্ণ যন্ত্ৰ সংগীত হিচাবে ‘এলবাট্ৰছ’ এ এক বিশেষ স্থান দখল কৰিছিল।

কেইটামান মুষ্টিমেয় গীতেও গ্ৰীণৰ ‘এলবাট্ৰছ’ৰ সৃষ্টিক অনুপ্ৰাণিত কৰিছিল।  ১৯৫৯ চনত ছান্টো এণ্ড জনীৰ (Santo & Johnny’s) ‘স্লিপ ৱাক’ (Sleep Walk) আৰু ছাক বেৰীৰ ১৯৫৭ চনৰ ট্ৰেক ‘ডিপ ফিলিং’ (Deep Feeling) বিশেষভাৱে উল্লখযোগ্য।

“দ্য ছুপাৰনেচাৰেল”(The Supernatural)
Music expresses that which cannot be put into words and that which cannot remain silent. – Victor Hugo
পিটাৰ গ্ৰীণৰ ‘দ্য ছুপাৰনেচাৰেল’ শুনিলে এনে লাগে যেন এক অলৌকিক ৰহস্যৰ মাজেৰে সংঘটিত যন্ত্ৰণাক্লিষ্ট সময়ৰ ইতিহাস বৰ্ণিত সুৰ এটাই মোৰ মনৰ মাজলৈ ক্ৰমে গতি কৰিছে। মোৰ মন প্ৰাণ আন্দোলিত কৰিছে যদিও কিন্তু হতাশাৰ মাজলৈ ঠেলি দিয়া নাই। ড্ৰামৰ সজাগ আৰু সাৱধানি তথা সূক্ষ্ম ৰিডমৰ প্ৰয়োগে যেন বুজাই দিছে- সমান্তৰালকৈ কিন্তু যুঁজৰ প্ৰস্তুতিও চলি আছে।

‘দ্য ছুপাৰনেচাৰেল’ (The Supernatural) পিটাৰ গ্ৰীণৰ শিল্পী জীৱনৰ সফলতাৰ প্ৰথম মাইল পোষ্ট,

তেওঁৰ শিল্প কৰ্মৰ অন্যতম পৰিচয়। গ্ৰীণৰ ‘দ্য ছুপাৰনেচাৰেল’ যন্ত্ৰ সংগীতটো ১৯৬৭ চনত ‘এলবাট্ৰছ’ এলবামৰ অংশ হিচাপে মুক্তি পায়। এই সৃষ্টিৰে প্ৰথম বাৰলৈ গ্ৰীণৰ ব্যতিক্ৰমী গীটাৰ দক্ষতা আৰু তেওঁৰ  স্বকীয়  শৈলী জনমানসত সবল ৰূপত প্ৰতিষ্ঠা হয়।

আফ্ৰিকান- আমেৰিকানৰ সংগ্ৰামী শোক গাঁথাৰ পৰা জন্ম হোৱা ব্লুজ সংগীতৰ যি ইতিহাস, তাৰ সাংগীতিক প্ৰতিধ্বনি ব্ৰিটিছ শিল্পী পিটাৰ গ্ৰীণৰ ‘দ্য ছুপাৰনেচাৰেল’ৰ যোগেদি বিশেষ ৰূপত মূৰ্ত হৈ উঠিছে। মানৱ জীৱনৰ যন্ত্ৰণাৰ ৰহস্য সন্ধানত গ্ৰীণৰ জটিল মনস্তাত্বিক সংগ্ৰামৰ সফল সাংগীতিক অভিব্যক্তিয়েই ‘দ্য ছুপাৰনেচাৰেল’। ইয়াত ব্লুজ সংগীতৰ উপাদানসমূহক মনো-আৱেগিক (psychedelic) সংস্পৰ্শত ৰক সংগীতৰ উদ্যমী উপাদানৰ উপযুক্ত মিশ্ৰণেৰে এক বিশেষ আৱেগিক চেতনাৰ জন্ম দিছে। এই তাৎপৰ্য্যই যেন সমাজ জীৱনৰ দুখ যন্ত্ৰণা আৰু তাৰ বিপৰীতে গণ সংগ্ৰামৰ ‘অতিপ্ৰাকৃতিকতা’ৰ সাৰমৰ্মকে ধৰি ৰাখিছে।  গীতটোত গ্ৰীণৰ গীটাৰৰ কৰ্মৰাজী বিশেষভাৱে উল্লেখযোগ্য, ইয়াত তেওঁ উত্তেজক সুৰ সৃষ্টিৰ লগতে কৰুণ ৰহস্যময় অনুভূতিৰ প্ৰকাশভংগী ব্যৱহাৰ কৰিছে। সামগ্ৰিকভাৱে ‘দ্য ছুপাৰনেচাৰেল’ পিটাৰ গ্ৰীণৰ এক উৎকৃষ্ট  সংগীত শিল্পকলাৰ উদাহৰণ য’ত পৰম্পৰাগত ব্লুজ সংগীতক অতি দক্ষতাৰে এক অনন্য আৰু উদ্ভাৱনীমূলক  শব্দৰ তৰংগৰ সৈতে সংযোগ ঘটাইছে।

এই ক্ষেত্ৰত ব্লুজ আৰু ৰক সঙ্গীতৰ শিল্পীসকলে নিজৰ ধাৰাসমূহৰ সীমাবদ্ধতাক অতিক্ৰমি কৰা সৃষ্টিৰ মনোমোহা এক ক্লাছিক উদাহৰণ হিচাবে এই সংগীত বিশেষভাৱে উল্লেখযোগ্য।

মেন অৱ দ্য ৱৰ্ল্ড (Man of the world)
Man of the world

Shall I tell you about my life
They say I’m a man of the world
I’ve flown across every tide
And I’ve seen lots of pretty girls
I guess I’ve got everything I need
I wouldn’t ask for more
And there’s no one I’d rather be
But I just wish that I’d never been born
And I need a good woman
To make me feel like a good man should
I don’t say I’m a good man
Oh, but I would be if I could
I could tell you about my life
And keep you amused I’m sure
About all the times I’ve cried
And how I don’t want to be sad anymore
And how I wish I was in love

তৰ্কহীনভাৱে পিটাৰ গ্ৰীণৰ মেন অৱ দ্য ৱৰ্ল্ড হৈছে এনে এটা গীত যাৰ দ্বাৰা পিটাৰ গ্ৰীণক এক বিশেষ ধৰণৰ সংগীত শিল্পী হিচাবে স্মৰণ কৰা যায় ।এই গীতটো একপ্ৰকাৰ গ্ৰীণৰ জীৱন দৰ্শনৰ প্ৰতিচ্ছবি। তেওঁ জন্ম দিয়া ‘ফ্লিটউড মেক’ বেণ্ডটো এৰি যোৱাৰ এবছৰ আগতে এক জটিল মানসিক সংকটৰ মাজত এই গীতটো লিখিছিল।
গীতটোৰ তীব্ৰ আৱেদন যুক্ত মেলডি আৰু গ্ৰীণৰ প্ৰাণৱন্ত আৱেগিক প্ৰক্ষেপণ তথা কেঁচা অনুভৱৰ অন্তৰ্নিৰীক্ষণমূলক প্ৰকৃতিয়ে স্বাভাৱিকতেই শ্ৰোতাৰ মনত এক গভীৰ অন্তৰস্পৰ্শী প্ৰভাৱ পেলায়। গীতটো বিভিন্ন পৰ্য্যায়ৰ সাংগীতিক নাটকীয় কাহিনীৰ মাজেৰে গতি কৰে। গীটাৰৰ প্ৰতিটো ন’টৰ সূক্ষ্ম তথা বিচক্ষণ প্ৰয়োগে পৰ্য্যায় ক্ৰমৰ বহুমাত্ৰিক অনুভৱ, প্ৰাণস্পৰ্শী কৰি তুলিছে।

গীতটো ব্যক্তিগত জীৱন সংগ্ৰামৰ পৰা উদ্ভৱ হোৱা অন্তৰ্দ্বন্দৰ এক নিখুঁত সাংগীতিক প্ৰতিৰূপ!

গীতটোৰ নায়কজন এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে বহু পোৱা নোপোৱাৰ কঠিন বাস্তৱৰ মাজেৰে জীৱনটো আগবঢ়াই লৈ গৈছে। তেওঁ জীৱনত লাভ কৰা খ্যাতি আৰু বিচৰা বহু বস্তু পোৱাৰ পাছতো এজন ভাল মানুহ হৈ জন্ম নোহোৱাৰ বাবে তেওঁ অনুতপ্ত! জীৱনত তেওঁ সুখী নহয়, আৰু তেওঁ এনে এগৰাকী নাৰী বিচাৰে যিয়ে তেওঁক এজন ভাল পুৰুষৰ দৰে অনুভৱ কৰাব। তেওঁ নিজকে ভাল মানুহ বুলি নাভাবে, কিন্তু তেওঁ ভাল মানুহ হ’ব বিচাৰে। তেওঁ জীৱন যুঁজৰ পৰা যেন উপলব্ধি কৰিছে একমাত্ৰ ‘প্ৰেম’ হৈছে ভাল মানুহৰ সঞ্জীৱনী সুধা।

পিটাৰ গ্ৰীণৰ ‘মেন অৱ দ্য ৱৰ্ল্ড’ৰ দৰে গাঢ় সুৰ আৰু কথাৰ গীত কমেই পোৱা যায়। গীতটোৰ এটা শাৰীত তেওঁ লিখিছিল – “মই কেতিয়াও জন্ম নোপোৱা হ’লে ভাল আছিল।” গীতটোৰ এই বক্তব্য আৰু সুৰৰ জটিলতা আৰু তাৰ সাংগীতিক উপস্থাপন অত্যন্ত মৰ্মস্পৰ্শী।

গ্ৰীণৰ সতীৰ্থ সংগীত শিল্পী মিক ফ্লিটউডে এই গীতটোৰ সংক্ৰান্তত কয় – “এইটো অতি ভৱিষ্যদৰ্শী গীত। পিটাৰে গীতটো সৃষ্টি কৰাৰ সময়ত আমাৰ কোনো ধাৰণা নাছিল, তেওঁ যে ইমান মানসিক কষ্টত সময় পাৰ কৰিছে। কিন্তু গীতটো শুনিলে তাৰ সুৰ আৰু শব্দবোৰে অতি স্পষ্ট ৰূপত তেওঁৰ অন্তৰ্ৱৰ্তী ক্ৰুচবিদ্ধ অৱস্থাৰ সংগ্ৰামখন স্পষ্ট ৰূপত তুলি ধৰে। এইটো পিটাৰৰ এক অপূৰ্ব সুন্দৰ সৃষ্টি। এটা মাৰ্মান্তিক গীত।” আন এক সাক্ষাৎকাৰত ফ্লিটউডে গীতটোৰ সম্পৰ্কত “আবেগেৰে গৰ্ভৱতী অৱস্থাত সহায়ৰ বাবে চিঞৰ” বুলি অভিহিত কৰিছে। গীতটোত একাকীত্বৰ লগতে  হৃদয়ভংগ  আৰু মোহভংগৰ বিষয়বস্তু  তীব্ৰ সংবেদী ৰূপত প্ৰতিফলিত হৈছে। গ্ৰীণে ব্যক্তিগত সংগ্ৰামৰ সময়ছোৱাত এই গীতটো লিখিছিল। গীতৰ কথাবোৰে আৱেগিক বিচ্ছিন্নতাৰ অনুভূতি জগাই তোলাৰ লগতে আত্মাস্পৰ্শী গীতটোৰ চিৰস্থায়ী তাৎপৰ্য্যত অৰিহণা যোগায়, যাৰ ফলত ই এটা দ্ৰুপদী গীত হিচাবে চিহ্নিত হৈছে। যিয়ে ইয়াৰ কেঁচা আৰু অন্তৰ্দৃষ্টিসম্পন্ন প্ৰকৃতিৰ শলাগ লোৱা শ্ৰোতাৰ মাজত অনুৰণন ঘটায়।

গীতটো মূলতঃ পিটাৰ গ্ৰীণৰ জীৱনৰ অভিজ্ঞতা আৰু আৱেগৰ এক জটিল উপলব্ধিৰ প্ৰতিফলন। আৰম্ভণিতে সাংসাৰিক অভিজ্ঞতাৰে ভৰা জীৱনৰ বস্তুগত সফলতা আৰু সৌন্দৰ্য্যৰ সৈতে মুখামুখি  হৈ  গীতটোৰ শেষলৈ অসন্তুষ্টি আৰু অনুশোচনাৰেহ শেষ হৈছে। এগৰাকী ভাল নাৰীয়ে তেওঁক  এজন ভাল পুৰুষৰ দৰে অনুভৱ কৰাব, তেওঁ নিজকে ভাল মানুহ বুলি কব বিচৰা নাই, কিন্তু তেনে এক ইচ্ছাই আৱেগিক পূৰ্ণতা আৰু প্ৰেমৰ আকাংক্ষাৰে গীতটোৱে বাট বুলিছে। অৰ্থসৰ্বোচ্চ জীৱনৰ বাহ্যিক কৃতিত্ব আৰু আভ্যন্তৰীণ আৱেগিক প্ৰয়োজনৰ মাজৰ আভ্যন্তৰীণ সংগ্ৰামৰ ওপৰত আলোকপাত কৰি গীতিকাৰে দুখৰ পৰা পলায়ন কৰি শেষত প্ৰেম আৱিষ্কাৰ কৰিছে।

সামগ্ৰিকভাৱে গীতটো ব্যক্তিগত পূৰ্ণতাৰ জটিলতা আৰু অৰ্থপূৰ্ণ সম্পৰ্কৰ বাবে হাহাকাৰৰ মাজত গভীৰভাৱে ডুব গৈছে। পিটাৰ গ্ৰীণ আছিল অশান্ত আত্মাৰ অধিকাৰী এজন নিপুণ সংগীতজ্ঞ। তাৰেই সফল সাংগীতিক অভিব্যক্তি মেন অৱ দ্য ৱৰ্ল্ড।

সামৰণি:

পিটাৰ গ্ৰীণৰ সংগীতে আপোনাক মৰমৰ এটি ঘৰ তৰি দিব, জীৱন যুঁজত সাহস যোগাব, আপোনাৰ হৃদয়াৱেগক নিৰাপদে আবৰি ৰাখিব, আপোনাৰ স্বাধীন চকুপানীক সুৰক্ষা দিব, অব্যক্ত বেদনাৰ উপশম ঘটাব, আৰু জীৱনক নতুনকৈ বুজি উঠাৰ সমল যোগাব। গীতবোৰৰ সান্নিধ্যত সময় পাৰ কৰি সময়বোৰক নতুন অৰ্থ প্ৰদান কৰক। আপুনি ‘নতুন’ হৈ উঠিব!

এনে সংগীতৰ সান্নিধ্য স্বাভাৱিকতেই আমাৰ কাম্য। এই সৃষ্টিৰ প্ৰতি আনুগত্য আমাৰ কৰ্তব্য। ই আমাৰ প্ৰয়োজন।

আৰম্ভণিতে ক্ৰমে ‘Albatross’, ‘The Supernatural’ আৰু ‘Man of the World’ শুনক। নিৰলে ভাল হেডফোন ব্যবহাৰ কৰি শুনিলে গীত কেইটাৰ প্ৰতি ন্যায় বিচাৰ কৰিব পাৰিব বুলি নিশ্চিত। তাৰ পাছত শুনিব Timeless Time, Tribal Dance, Heavy Heart, Hidden Depth, Rubbing My Eyes, Whatcha Gonna Do, Little Dreamer, Give Me Back My Freedom, What am l doing here ? Bottom Up……. আদি বহুতো।

পিটাৰ গ্ৰীণৰ সংগীত বিষয়ক এই অসম্পূৰ্ণ যথাসাধ্য আলোচনাৰেই মুক্ত চিন্তাৰ মঞ্চৰ পৰা অসাধাৰণ শিল্পী পিটাৰ গ্ৰীণলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।

তথ্য সূত্ৰ :

১. Peter Green: The Super-Natural. Jonathan Graham. lnteractive guitar , October 13, 2022.

২. The Meaning Behind The Song: Man of the World by Peter Green. Shirley Kimball.

  October 24, 2023.    

৩. Peter Green: Man of the world, Documentary ,8 may 2009

৪. Peter Green: A Hard Road. BBC documentary.     

৫. In Praise of Peter Green (Baum). James Cullingham.

৬. Peter Green’s son interview, Rainer Langhans, January 2021.

৭. YouTube video

৮. Wikipedia

Print Friendly, PDF & Email

4 thoughts on “আৱেগবিহ্বল সংগীত শিল্পী পিটাৰ গ্ৰীণ — (নৱজ্যোতি বৰগোহাঁই)

  • মণিকংকণা বৰবৰা

    লেখাটো পঢ়িয়েই পিটাৰ গ্ৰীণৰ সংগীত শুনিবলৈ আৰম্ভ কৰিছোঁ। বহুসময়ত আমি বাদ্য আৰু বাদ্যশিল্পী সকলৰ সুকীয়া অস্তিত্বক গভীৰভাৱে অনুধাৱন বা গ্ৰহণ কৰি ল’ব নাজানো। কিন্তু পিটাৰ গ্ৰীণৰ সংগীত শুনি পৃথিৱীৰ প্ৰতিবিধ বাদ্যযন্ত্ৰ আৰু প্ৰতিগৰাকী বাদ্যশিল্পীৰ নিজস্ব যি সুকীয়া শৈলী আৰু বৈশিষ্ট সেয়া পোনপটীয়াকৈ লক্ষ্য কৰিব পাৰি।
    পিটাৰ গ্ৰীণৰ আঙুলিৰ বোলনৰ প্ৰতিটো ঝংকাৰেই বেলেগ বেলেগ। অথচ ইটোৰ লগত সিটো সুসংবদ্ধ। বহুসময়লৈকে বুকুত তাৰ ঝনঝননি ৰৈ যায়। এক গভীৰ মানসিক প্ৰশান্তি আৰু জীৱন জীয়নৰ উদ্দীপনাও বিচাৰি পোৱা যায়। দোদোল্যমান, অস্থিৰ মানসিক অৱস্থিতি শৃংখল চিঙি নিজকে মুক্তিৰ ৰূপত পুনৰুদ্ধাৰ কৰিব পৰা শক্তি আৰু প্ৰেৰণা পিটাৰ গ্ৰীণৰ সংগীতে দিয়ে। আমি মানু্হবোৰ অনুভূতিপ্ৰৱণ,অনিসন্ধিৎসু মন এটাৰ গৰাকী বাবেই সংগীতৰ এনে মহৌষধ আমাক প্ৰয়োজন।
    লেখক নৱজ্যোতি বৰগোহাঁইৰ পৰা সংগীতৰ ওপৰত এনে এটা আৰু অধিক লেখা পঢ়িবলৈ আগ্ৰহী আমি। তেখেতৰ আগৰ কিছু সংখ্যক লেখাৰ দ্বাৰা সংগীত শিল্পী সকলৰ বিশ্বজনীন যি ধাৰা সেয়াও জানিবলৈ সুযোগ সুবিধা কৰি দিয়াৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ।’মুক্ত চিন্তা’ৰ পৰাও এই অন্যন্য ধাৰা অক্ষুণ্ণ থকাটো বিচাৰোঁ। আমি নতুন প্ৰজন্মই সংগীত-সাহিত্যৰ জগত খনত অগ্ৰজ সকলৰ পৰা এনে চৰ্চাৰেই সমৃদ্ধ হ’ব খোজোঁ।

    Reply
    • Nabajyoti Borgohain

      ধন্যবাদ ।

      মোৰ দায়িত্ব পালন কৰি যাবলৈ যত্ন কৰি যাম।

      Reply
  • Kalyani Konwar

    মুক্ত চিন্তা আলোচনীত নতুনকৈ আৰম্ভ কৰা ‘গান শুনো আহক’ শিতানৰ ‘আৱেগ বিহ্বল সংগীত শিল্পী পিটাৰ গ্ৰীণ’ লেখাটোৰ যোগেদি শিল্পীজনা আৰু তেওঁৰ সৃষ্টিৰাজি ব্লুজ সংগীত তথা ব্লুজ বাদ্য যন্ত্ৰী সংগীতৰ লগত পাঠকক চিনাকি কৰাই দিয়াৰ বাবে লেখক আন্তৰিক ধন্যবাদৰ পাত্ৰ। উপলব্ধিৰ যোগেদি ‘জীৱন’ অতিবাহিত কৰাত সংগীতে সাংঘাতিক ভূমিকা পালন কৰে বুলি অনুভৱ কৰোঁ। সেই অনুভৱক আৰু নতুন মাত্ৰা সংযোজিত কৰাত তথা আলোকিত কৰি তোলাত এই লেখাটো সক্ষম হৈছে বুলি ভাবোঁ। একোটা গীত শুনোতে গীতটোৰ কথা, কন্ঠৰ স্বৰৰ উত্থান-পতন, তাত সংগত বাদ্য যন্ত্ৰৰ সূক্ষ্মাতি- সূক্ষ্ম সুৰৰ সংযোজনে গভীৰ তাৎপৰ্য বহন কৰে। লেখকে উল্লেখ কৰাৰ দৰেই পিটাৰ গ্ৰীণ আৰু তেওঁৰ সংগীসকলৰ সংগীত তেনে এক শিল্প। গীটাৰ খনৰ কৰ্ডবোৰত আঙুলি বুলাই এজন শিল্পীয়ে আৱেগক কি শক্তিশালী ৰূপত যে প্ৰকাশ কৰিব পাৰে! বিখ্যাত ব্লুজ শিল্পী তথা গীটাৰ বাদক বি বি কিঙে কোৱাৰ দৰে ঠাণ্ডাত ঘাম বোৱাব পাৰে। আৰু গৰমত এছাটি শীতল বতাহ বোৱাব পাৰে। লেখাটোৰ যোগেদি মোৰ দৰে আৰু পাঠকে এনে ধৰণৰ মনোজগতত আলোড়নৰ সৃষ্টি কৰা বাদ্য যন্ত্ৰী সংগীত শুনিবলৈ প্ৰেৰণা তথা উৎসাহ অনুভৱ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।

    Reply
    • Nabajyoti Borgohain

      ধন্যবাদ ।

      পাঠকৰ এনে মতামত মোৰ দৰে সাধাৰণ লেখকৰ প্ৰেৰণাৰ উৎস।
      মোৰ দায়িত্বৰ প্ৰতি সজাগ হৈ থাকিম।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *