হেপ্পি টিচাৰ্ছ ডে', ছাৰ . . .-(নীলোৎপল শৰ্মা)

"আমব্ৰেলাৰ আগত 'এ' বহে নে 'এন্' বহে নাজান....ক্লাছ নাইন পালিহি,এতিয়া আকৌ আৰ্টিক'ল শিকাব লাগিব তহঁতক ... এয়াই পঢ়িছ। কাম নাই...কোনো কাম নাই তহঁতৰ... গাত ঊনপঞ্চাছৰ বায়ু লাগিছে...বাপেৰ-মাৰৰ পইচা বৰবাদ কৰিব আহিছ... যা...ওলাই যা...নপঢ়াওঁ তহঁতক আৰু...যা ওলাই যা...." বুলি চকডাল কোনোবা এটাৰ গালৈ দলিয়াই দি নিজে প্ৰথমে কোঠাটোৰপৰা ওলাই গৈ বাহিৰত চকী এখন পাৰি বহি পুৱাৰ বাতৰি কাকতখন মেলি লয়।

এয়াই আছিল আমাৰ বৰা ছাৰ... পৰমানন্দ বৰা...আমাৰ স্কুলৰ ওচৰতে দুটা কোঠালিৰ ঘৰ এটা ভাৰা কৰি আছিল...। তাৰে এটা কোঠালিত ছাৰ নিজে থাকি আনটো কোঠাত পিছলৈ টিউচন কৰিবলৈ আৰম্ভ কৰিছিল। আমি পঢ়া স্কুলখনতে তেওঁ ইংৰাজী পঢ়াইছিল। অৱশ্যে আমি ছাৰক চাকৰি জীৱনৰ শেষৰ ফালৰ বছৰকেইটাতহে পাইছিলো... সেই সময়ত আমাৰ এই অঞ্চলত পৰমানন্দ বৰা ছাৰতকৈ ভাল ইংৰাজী পঢ়ুওৱা মানুহ যে দ্বিতীয়জন নোলাব সেই কথাত কাৰো দ্বিমত নাছিল। নৱম-দশম শ্ৰেণীত পঢ়োঁতে আমিও টিউচন কৰিছিলোঁ ছাৰৰ ওচৰত। একেজনেই ছাৰ, স্কুলতো পঢ়ায়, আকৌ টিউচনতো পঢ়ায়। হাজাৰ হ'লেও মা-দেউতাৰ আশা - ফাটাফাটি ৰিজাল্ট কৰিব লাগিব মেট্ৰিকত! পিছে ছাৰে বুজি পায়... এই সময়ত কোঠাটোৰ ভিতৰত বহি থকা আমব্ৰেলাৰ আগত 'এ' বহে নে 'এন্' বহে নজনা ক্লাছ নাইনৰ এই বাৰটা পাষণ্ডই যে মেট্ৰিকত একোডাল ফালিব নোৱাৰে, ছাৰে বুজে আৰু সেইটো খঙতে চকডাল গালৈ দলিয়াই আমাক আৰু কেতিয়াও টিউচন নকৰাৰ মাৰাত্মক ঘোষণা এটা কৰি ছাৰে সেই তৰ্জা বেৰৰ দুকোঠালিৰ ঘৰটোৰপৰা খেদি পঠায়।

ছাৰ এনেকুৱা নকৰিব, প্লিজ ছাৰ, ক্লাছটো কৰক, আজিৰপৰা ভালকৈ পঢ়িম ছাৰ... কেত্তিয়াও আৰু আৰ্টিক'ল ভুল নকৰো ছাৰ – ইত্যাদিধৰণৰ কাকূতি-মিনতি কৰি নিয়মমতে আমি ছাৰক এনে সাংঘাতিক সিদ্ধান্ত এটা নল'বলৈ পাৱে পৰি সৈমান কৰাবলৈ চেষ্টা কৰিব লাগিছিল। কিন্তু প্ৰকৃতাৰ্থত তেনে নহয়গৈ। আমি যেন ছাৰৰ এই আকাশ কঁপোৱা গৰ্জনেৰে কৰা শ্ৰেণী বৰ্জনৰ ঘোষণাটোলৈহে যেন বাট চাই থাকোঁ। লগে লগে বহী-পত্ৰ সামৰি সোঁ-সোঁৱাই ছাৰৰ সন্মুখেৰে ঘৰমুৱা হওঁ। কাৰণ আমিও ভালকৈ জানিছিলো, ছাৰৰ এই খং এটা দিনলৈও ভালকৈ নাথাকে আৰু আমি পিছদিনাই আকৌ আগৰ দৰেই টিউচন কৰিবগৈ পাৰিম। গতিকে সেইদিনাৰ টিউচনৰ সময়খিনি আড্ডা, ৰং-তামাচা কৰি কটাই দিওঁ।

এনেকৈয়ে পৰমানন্দ ছাৰৰ ভমককৈ জ্বলি উঠা খঙৰ জুইকুৰা আৰু চেকনিৰ আগৰ টিউচনৰ ক্লাছকেইটা চলি গৈ থাকে। মাজে মাজে ছাৰে সকীয়াই যায়..."একোডাল নহয়...মাৰ-বাপেৰে এনেই টকাগাল পানীত পেলাইছে। কাম নাই...কিডাল ফালিবি ক্লাছ টেষ্টত গমেই পোৱা গৈছে নহয়...।"

তথাপি সাংঘাটিক কিবা এটা আগ্ৰহত ৰাতিপুৱাতেই টিউচনলৈ দৌৰ মাৰো। গৈয়ে বহা ঠাই লৈ হুলস্থুল আৰম্ভ হৈ যায়, সিটো কোঠাৰপৰা তেতিয়া তেলত জলকীয়া দি ৰন্ধা দাইলৰ সেই চিনাকি গোন্ধটো আহি নাকত লাগেহি। জানো, অলপ পিছতেই ছাৰ ওলাই আহিলেই গালি খাম। আগদিনা ঘৰত কৰিবলৈ দিয়া নেৰেচনকেইটা কৰি নিনিয়াৰ বাবে এখন হাতত অতি কমেও পাঁচ ছাটকৈ খাম। প্ৰতিবাৰতে হাতখন অদ্ভুতধৰণে জোকাৰিম, আকৌ পিছৰ ছাটৰ কাৰণে সাজু কৰি আগ বঢ়াই দিম। ইমানখিনিৰ পূৰ্বানুমান কৰাৰ পিছতো কোনোদিন ছাৰৰ ওচৰলৈ যোৱাৰ আগ্ৰহ আমাৰ কমি যোৱা নাছিল। লাগিলে ছাটকে খাম...আচলতে ছাৰৰ ওচৰত, ছাৰৰ খং আৰু গালিকেইটাৰ ওচৰত দুঠাট খাইও আমি কিবা এটা মজাহে পাইছিলো সম্ভৱ!

যেতিয়াই আগদিনা ছাৰে ঘোষণা কৰে যে পিছদিনা টিউচনত প্ৰিপজিছনৰ এটা টেষ্ট ল'ব নাইবা ভইচ্ চেঞ্জ কৰিবলৈ দিব, আমাৰ লগৰ জ্যোতিষে সদায় সেইদিনা টিউচন খতি কৰিব। এই কথাটো এদিন-দুদিন নহয়, প্ৰায়ে হ'বলৈ লৈছে। কথাটো আমি যিদৰে মন কৰিছিলোঁ, ছাৰেও মন কৰিছিল। এদিন ছাৰে সি অহাৰ দিনা তাক ক'লে – তোক মই মন কৰিহে আছোঁ, মই যেতিয়াই কিবা টেষ্ট লওঁ নহ'লে হোমৱৰ্ক কৰি আনি দেখুৱাবলৈ কওঁ সেইদিনাই তই টিউচন খতি কৰ। ইয়াত কি টাইম পাছ কৰিবলৈ আহ মাজে মাজে ? ৰহ, তোক এতিয়াই ব্যৱস্থা কৰি আছো – বুলি ছাৰে কোঠালৈ গৈ ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা কিবা এটা আনিলে। আনি ডেস্কখনৰ ওপৰত থৈ তাক ক'লে –
এইখন কি দেখিছ...গীতা..শ্ৰীমদ্ভাগৱত গীতা। খা... ইয়াৰ ওপৰত হাত থৈ শপত খা... যে আজিৰপৰা তই কেতিয়াও টিউচন খতি নকৰ বুলি।
ছাৰৰ এই অদ্ভুত কাৰ্যপন্থাৰ বাবে জ্যোতিষ একেবাৰে প্ৰস্তুত নাছিল। সি হতবাক হৈ কি কৰিব কি নকৰিব ভাবি এবাৰ ছাৰলৈ চালে, এবাৰ আমালৈ চালে আৰু লাজে-ভয়ে লাহে লাহে হাতখন কিতাপখনৰ ওপৰত থৈ শপত খালে যে সি আৰু কেতিয়াও ক্লাছ খতি নকৰে।

প্ৰমাণ চাবলৈ ছাৰেও লগে লগে ক'লে – কালিলৈ অমুক “এছে” খন মুখস্থ কৰি আহিবি চবেই...মোৰ আগচামনে লিখিবলৈ দিম। কিন্তু সকলোকে আচৰিত কৰি জ্যোতিষে পিছদিনা আকৌ টিউচন খতি কৰিলে। এইবাৰ আমাৰ লগতে ছাৰো অলপ আচৰিত হ'ল। ছাৰে আমাৰ আগতে ক'লে - "ই বৰ আচৰিত ল'ৰা অ'... কালি গীতাত ধৰি শপত খাইও আজি নাহিল।"
পিছদিনা টিউচনত আকৌ জ্যোতিষৰ আবিৰ্ভাৱ হ'ল, লগে লগে ছাৰৰো মিছন জ্যোতিষ আৰম্ভ হৈ গ'ল।

: কি হ'ল অ' তোৰ...পৰহি তই গীতাত ধৰি শপত খাই কালি লগে লগে শপত ভাঙি দিলি। কম কথা নে ! তই গীতাৰ শপত ভাঙিছ। লাজ নাপাৱ, নিধক।
ছাৰৰ আচলতে তাৰ ওপৰত খং উঠিছিল নে পুতৌ জন্মিছিল আমি ঠিক ধৰিব পৰা নাই। ছাৰৰ গালিকেইটাত সাংঘাতিক খং এটা কিন্তু আমি সেই মুহূৰ্তত অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু আৰু আচৰিত হৈছিলোঁ তেতিয়া, যেতিয়া জ্যোতিষে ছাৰৰ কথা শুনি ঢেক ঢেককৈ হাঁহি দিছিল। হাঁহি হাঁহিয়ে সি ক'লে -
“ছাৰে যে কথা কয় আৰু... ক'ত, কেতিয়া মই গীতাত ধৰি শপত খালোঁ। সেইখন দেখোন ডিক্সনেৰিহে আছিল। ৰঙা কাপোৰখন মেৰিয়াই আনিছিল হয় কিন্তু অক্সফ’ৰ্ড নামটোচোন ট টকৈ জিলিকিয়ে আছিল। আপুনি যেনেকৈ মিছা শপত খুৱাইছিল, মইও মিছা শপতেই খাইছিলোঁ ছাৰ” বুলি আকৌ হেঃ হেঃ কৈ হাঁহিবলৈ ধৰিলে। ছাৰ একেবাৰে ৰঙা পৰি গ'ল, খঙত চকুকেইটা আৰু ডাঙৰ হৈ পৰিল।
পৰিণতি সকলোৰে জ্ঞাত - বাহিৰত চকীত বহি পেপাৰ পঢ়ি থকা ছাৰৰ সন্মুখেৰে বাৰজন একান্ত বাধ্য ছাত্ৰ পুনৰবাৰ সোঁ-সোঁৱাই ঘৰমুৱা হ'লো।

এনেকৈয়ে এদিন মেট্ৰিক পাছ কৰি হেঁপাহৰ স্কুলখন এৰি কলেজ অভিমুখে যাত্ৰা কৰিলো। তাৰ ঠিক দুবছৰ পিছতেই ছাৰেও অৱসৰ ল'লে। এই অঞ্চল, এই বিদ্যালয়ৰ সকলোৰেপৰা বিদায় লৈ ছাৰ নিজ ঘৰলৈ গুচি গ'ল। লাহে লাহে আমিও ব্যস্ত হৈ পৰিলো নিজ নিজ কৰ্মৰ সৈতে। মাজতে এদিন খবৰ পালো, ছাৰৰ পত্নীৰ আকস্মিক মৃত্যুৱে মানুহজনক বৰ বেয়াকৈ জোকাৰি গ'ল। কৰ্মব্যস্ততাৰ বাবে ছাৰৰ সেই দুখৰ সময়ত এখন্তেকো কাষত থিয় দিবগৈ নোৱাৰিলোঁ। মাজে মাজে এই কথাটোৱে মোক ব্যথিত কৰে তুলিছিল।
এদিন হঠাৎ গুৱাহাটীত ছাৰক লগ পালোঁ। হাস্পতাল এখনত। হাতে-মুখে স্পষ্ট হৈ পৰা শোটোৰা-শোটোৰ ছাল আৰু সিৰাবোৰ, ঢেলা চকু এযোৰ আৰু ডিঙিৰ কাষেৰে মঙহ ভেদি ওলাই অহা হাড়বোৰ দেখি এক অবুজ বেদনাই বুকুত খুন্দিয়ালেহি। ছাৰৰ এই ৰূপ কিবা বিশ্বাস কৰিবলৈ কষ্টকৰ আছিল। দৌৰি গৈ ছাৰৰ ওচৰ পালোগৈ। নিজৰ চিনাকি দিলো...তাৰ পিছত বহুতবাৰ অনুৰোধ কৰাৰ পাছত হাস্পতালৰে কেন্টিনখনত ছাৰ চাহ একাপ খাবৰ বাবে সৈমান হ'ল।
বহু কথা পাতিলো সেইদিনা ছাৰৰ লগত। কেনেকৈ অফিচ-কাছাৰিৰ পাকত পৰি হাজাৰ চেষ্টাৰ পিছত জি পি এফৰ টকাকেইটা পাইছিল, দালালক কিমানখিনি দিয়াৰ অন্তত নিজৰ প্ৰাপ্য পেঞ্চনকেইটা চুবলৈ সক্ষম হৈছিল, বাৰে বাৰে বাধা দিয়া সত্ত্বেও আগদিনা ৰাতি পাৰ মাংসৰে ভাতকেইটা খাই শেষ ৰাতিলৈ ব্লাড প্ৰেছাৰে কেনেকৈ পত্নীৰ মৃত্যু মাতি আনিছিল, অৱসৰৰ পিছত পাবলগা টকাকেইটাৰে এটা ঘৰ অথবা এখন গাড়ী কিনাৰ সপোন দেখা মানুহজনে কেনেকৈ সেই টকাৰে এতিয়া খাদ্যনলীৰ কৰ্কট ৰোগৰ চিকিৎসা কৰিবলগীয়াত পৰিছে ইত্যাদি কথাবোৰ সেহাই সেহাই কৈ গৈছিল ছাৰে। মই মাথোঁ মৌন হৈ শুনি গৈছিলোঁ সকলো।
এটা সময়ত ছাৰ যাবলৈ ওলাল। হিয়া খুলি আশীৰ্বাদ দি এখোজ দুখোজকৈ ছাৰ কেন্টিনখনৰপৰা ওলাই গ'ল.... মই মাথোঁ একে ঠাইতে থিয় হৈ ছাৰ যোৱাৰ ফালে চাই থাকিলো। হঠাৎ কেনেকৈ মোৰ মনলৈ আহিল নাজানো...সেইদিনা আছিল ছেপ্টেম্বৰৰ ২ তাৰিখ...তাৰ মানে আৰু দুদিন পিছতেই শিক্ষক দিৱস.....এইবাৰ আৰু মই নিজকে ধৰি ৰাখিব নোৱাৰিলো...… দৌৰি গ'লোঁ ছাৰ যোৱাৰ ফালে...হাস্পতালৰ দীঘল বাৰাণ্ডাখনেৰে এখোজ এখোজকৈ ছাৰ গৈ আছে...মই গৈ এইবাৰ ছাৰৰ সন্মুখত থিয় হ’লোঁ..আৰু ক'লোঁ...
হেপ্পি টিচাৰ্ছ ডে', ছাৰ....!!
অত্যধিক আৱেগে সেই সময়ত মোৰ মাতটো সৰু কৰি পেলাইছিল। “আশীৰ্বাদ কৰক, ছাৰ” বুলি ছাৰৰ ভৰিত প্ৰায় দীঘল হৈ পৰি সেৱা এটা কৰিলোঁ। হাস্পতালৰ মানুহবোৰে বোধহয় সেই সময়ত মোৰ সেই কাণ্ডক ভালকৈয়ে লক্ষ্য কৰিছিল। কিন্তু মোৰ সেইবোৰৰ প্ৰতি অলপো ভ্ৰূক্ষেপ নাছিল। এগালমান শোক থূপ খাই পৰিছিল মোৰ বুকুত...কোনোমতে মাথোঁ চকুৰ পানী নপৰাকৈ ৰাখিছিলোঁ।
ছাৰে মোৰ বাহু দুটাত ধৰি উঠাই বুকুৰ মাজত সাবটি ধৰিলে জোৰকৈ। সেই গুৰু-শিষ্যৰ আলিংগনত মোৰ চকুযোৰ মাথোঁ জাপ খাই গৈছিল....আৰু ভাহি উঠিছিল কিছুমান টুকুৰা ছবি - নেৰেচন, ভইচ চেঞ্জ, প্ৰিপজিচনৰ ৰংচঙীয়া খেলবোৰ... আমব্ৰেলাৰ আগৰ আৰ্টিক'ল... বগা তলুৱাখনৰ ৰঙা ৰঙা ছাটবোৰ... তৰ্জা বেৰৰ ঘৰটো আৰু ঘৰটোৰপৰা ওলোৱা তেলত জলকীয়া দি ৰন্ধা দাইলৰ সেই চিনাকি গোন্ধটো... আৰু ছাৰৰ সেই গৰ্জন - যা ওলাই যা....
কিন্তু চিঞৰি ক'বলৈ মন গৈছিল সেই সময়ত - এইবাৰ নাযাওঁ ছাৰ...আপুনি খেদিলেও নাযাওঁ.......
আৰু অস্বাভাৱিকতাৰ সীমা নেওচি আৰু অলপ জোৰকৈ সাবটি ধৰি ল'লোঁ ছাৰক...।

Share Button
Print Friendly, PDF & Email

No Comments : "হেপ্পি টিচাৰ্ছ ডে', ছাৰ . . .-(নীলোৎপল শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *