অসমত বিজ্ঞানমনস্কতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা - (ৰণজিৎ ভূঞা)

'ভাষাৰ ওজা' বুলি আমি যিজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ কথা জানোঁ, সেইজন ব্যক্তি যে অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়া, আজিৰ পৰা ১৪০ বছৰৰো আগেয়ে এইখন অসমতে জন্ম গ্ৰহণ কৰা, এইগৰাকী ব্যক্তি যে বিস্ময়কৰভাবে আধুনিক চিন্তা-চৰ্চাৰ গৰাকী আছিল, সেয়া হয়তো আমাৰ বহুতেই নাজানে। কুসংস্কাৰ-অন্ধবিশ্বাসৰ কবলত থকা, শিক্ষাৰ পোহৰ নপৰা এখন সমাজত এটা ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম লোৱা এইগৰাকী ব্যক্তিয়ে ধৰ্মীয় গোড়ামি, জাতিবাদ, বৰ্ণবাদ, বাল্য-বিবাহৰ দুৰ্ঘোৰ বিৰোধিতা কৰাৰ লগতে স্ত্ৰীশিক্ষা আৰু বিধবা বিবাহৰ প্ৰচলনৰ হকে দৃঢ়তাৰে মাত মাতিছিল, আমৃত্যু তাৰ বাবে চেষ্টা কৰিছিল। সমাজৰ তথাকথিত উচ্চবৰ্ণৰ লোকে নীহকূলীয়া জাতৰ বুলি লেই লেই চেই চেই কৰা মানুহৰ প্ৰতি, পুৰুষ আধিপত্যবাদৰ হেঁচাত পৰি কৰুণ জীৱন যাপন কৰিব লগা হোৱা নাৰী সমাজৰ প্ৰতি তেখেত আছিল অত্যন্ত সহানুভূতিশীল আৰু সেয়েহে তেখেতে আন্তৰিকতাৰে তেওঁলোকৰ অবস্থা মৰ্য্যদাসম্পন্ন হোৱাটো বিচাৰিছিল। নাৰীৰ প্ৰতি তেখেত কিমান শ্ৰদ্ধাশীল আছিল, তাৰ বহুতো উদাহৰণৰ মাজৰ পৰা মাত্ৰ এটা উদাহৰণেই যথেষ্ট। পত্নীৰ বিয়োগৰ পাছত তেওঁক যেতিয়া আকৌ বিয়া কৰোৱাৰ কথা কোৱা হৈছিল, তেতিয়া তেওঁ সেই প্ৰস্তাৱ নাকচ কৰি এনেকৈ কৈছিল, "আজিকালি আমাৰ সমাজলৈ চাই ভাৰ্যা মৰা পুৰুষে পুনৰায় বিয়া কৰা গোটেই নিন্দনীয়। মই ভাবিছিলোঁ মোৰ ভাৰ্যাৰ নহৈ মোৰ মৃত্যু হোৱা হ'লে তেওঁৰ কি অবস্থা হ'লহেঁতেন। তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হ'লেই মই এটা কিয় তিনিটা বা অধিক বিয়া কৰাব পাৰোঁ, কিন্তু বিধবা হোৱাৰ পাছত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গ'লহেঁতেন, সমাজে বৰ্জ্জিলেহেঁতেন আৰু তেওঁ জীৱন্ততে মৰা যেন হৈ থাকিলহেঁতেন, ই কেনে অসংগত, কেনে অযুগুত, এতেকে পুনৰায় বিয়া কৰা মোৰ উচিত নহয়"। কি বিৰল, ব্যতিক্ৰমী মানসিকতা, যিটো নেকি আজিৰ আধুনিক শিক্ষাৰে শিক্ষিত মানুহৰ মাজতো বিচাৰি পাবলৈ টান হ'ব৷ কিন্তু সেই প্ৰায় অন্ধকাৰ যুগত এনে ধৰণৰ মহান উদাৰ চিন্তাৰে তেখেত জ্যোতিষ্মান আছিল!

এইজন বিৰল প্ৰতিভাধৰ, আধুনিক প্ৰগতিশীল চিন্তাচৰ্চাৰ গৰাকী হেমচন্দ্ৰ বৰুৱাৰ, যাক আমি অসমৰ "ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ" বুলি ক'লেও বোধহয় ভুল নহ'ব, তেওঁৰ ১২২ সংখ্যক মৃত্যু দিবসত অন্তৰৰ গভীৰতম কোণৰ পৰা শ্ৰদ্ধা নিবেদিছো।

ইলোৰা বিজ্ঞান মঞ্চই ডঃ শিবনাথ বৰ্মন ডাঙৰীয়াৰ সম্পাদনাৰে প্ৰকাশ কৰা "অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়া হেমচন্দ্ৰ বৰুৱা" তেখেতৰ বিষয়ে জানিবলৈ এখন অবশ্য পঠনীয়, উপযোগী পুথি। আগ্ৰহী সকলে পঢ়িলে নিশ্চয় উপকৃত হ'ব। এই বিশাল ব্যক্তিত্বৰ পুৰুষজনৰ বিষয়ে আলোচনা কৰিবলৈ বহু কথাই আছে। তেখেতৰ বাণী সাৰোগত কৰিয়েই অসমত বিজ্ঞানমনস্কতাৰ আন্দোলন আগবাঢ়ি গ'লে এখন সুন্দৰ সমাজ যে গঢ়ি উঠিব, তাত আমাৰ বিন্দু মাত্ৰও সন্দেহ নাই।

আজিৰ পৰা ১৪০ বছৰৰো আগেয়ে অসমত জন্ম গ্ৰহণ কৰা এইজনা প্ৰকৃতাৰ্থতেই আধুনিক মনৰ মানুহ আছিল, আধুনিকতা আৰু বিজ্ঞানমনস্কতাৰ অগ্ৰদূত আছিল, তেখেত আছিল সমাজত চলি থকা ধৰ্মীয় গোড়ামি, কুসংস্কাৰ, অন্ধবিশ্বাস, জাতি-ভেদ মুক্ত এখন প্ৰকৃতাৰ্থতেই মানুহৰ সমাজ গঢ়িব বিচৰা সমাজ বিপ্লৱী। সেই সময়ৰ সমাজখনত নানান ধৰ্মীয় কুসংস্কাৰ অন্ধবিশ্বাসৰ বলি হোৱা নাৰীসমাজৰ প্ৰতি তেখেতৰ আছিল গভীৰ অনুকম্পা, সন্মান আৰু সহানুভুতি। বাল্যবিবাহৰ বাবে আটাইতকৈ ক্ষতি হৈছিল নাৰীসকলৰ, তেখেতে বাল্যবিবাহৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল; নাৰীয়ে কোনো ধৰণৰ শিক্ষা গ্ৰহণৰ বিৰোধী সমাজৰ বিৰুদ্ধে যুঁজ দি তেখেতৰ সমসাময়িক গুণাভিৰাম বৰুৱাৰ সতে লগ লাগি স্ত্ৰী শিক্ষাৰ প্ৰচলনৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেওঁলোকৰ চেষ্টাতে অসমৰ শিবসাগৰ ১৮৬০-৬১ চনত প্ৰথমখন ছোৱালী প্ৰাইমেৰী স্কুল স্থাপন হৈছিল। ১৮৬১ চনৰ মে' মাহত তেওঁ 'অৰুণোদই'ত "স্ত্ৰী শিক্ষা" সম্পৰ্কে এটি চমু প্ৰবন্ধ লিখে। তাত তেওঁ যুক্তি সহকাৰে লিখিছিল যে যেতিয়ালৈকে বিদ্যাশিক্ষাৰ দ্বাৰা তিৰোতাবিলাকে মুক্তাবস্থা নাপায়, তেতিয়ালৈকে দেশৰ মংগল হ'ব নোৱাৰে। তেখেতে আক্ষেপেৰে কৈছিল যে তিৰোতাসকলক মুক্তাবস্থা বা সমাধিকাৰ দিয়াৰ গুণ আমাৰ দেশৰ লোকসকলে বুজিব পৰা নাই।

তেতিয়াৰ কথাটো বাদেই, আজিৰ আধুনিক শিক্ষাৰে শিক্ষিত মানুহ কিছুমানৰ নাৰী সম্পৰ্কে চিন্তা-চৰ্চা, মানসিকতা দেখি সেই যুগতে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাহঁতৰ দৰে ব্যক্তিৰ উদাৰ, প্ৰগতিশীল চিন্তা চেতনা কেনেকৈ মনলৈ আহিছিল, ভাবিলে অবাক হ'ব লাগে। তেওঁলোকৰ চিন্তা চেতনাৰে চলাহেঁতেন আজিৰ সমাজত দেখা দিয়া নাৰী নিৰ্যাতনৰ জঘন্য ৰূপ আমি দেখিবলৈ পোৱাৰ দুৰ্ভাগ্য নিশ্চয় নহ'লহেঁতেন। নাৰীসকলক লৈ যিবোৰ কুসংস্কাৰ আমাৰ সমাজত আছে, নাৰীসকলক যিবোৰ নিয়মৰ দাস কৰি ৰখা হৈছে তাকো তীব্ৰ ভাষাৰে নিন্দা কৰি তেওঁ লিখিছিল, "এতিয়া ভাল মানুহৰ তিৰোতা আনৰ আগত ওলোৱা থাকোক, গিৰিয়েক আহিবৰ গম পালে 'ডাঙ্গৰীয়া আহিছে বুলি' পাঁচ হাত মান ওৰণি লৈ, বাঘৰ ভয়ত গৰু পলোয়াদি চুকত সোমাইগৈ। ডাঙ্গৰীয়াজনাই ও তিৰোতাক মৰম কৰিলে বা ভাল মুখে কথা ক'লে তিৰোতাই আশই পাব বুলি ঘৈণীয়েকৰ ফাললৈ কপালৰ গাঁঠি থোপা কৰিহে চাই, আৰু অনেকে গালি পাৰিহে ঘৈণীয়েকক মাতে, আন কি অলপ দোষতে ঘৈণীয়েকক (ছিঃ ছিঃ কি ঘিণৰ কথা) পাৰে মানে মাৰে।...... এইবোৰ কথা যে অতি গৰহিত, ইয়াক ক'বৰ কাম নাই আৰু যেতিয়ালৈকে দেশাচাৰৰ দাস হৈ মানুহে এই ৰূপে আচৰণ কৰে, তেতিয়ালৈকে দেশৰ মংগল হ'বৰ আগন্তুক নাই"৷ এই ৰচনাখনতে হেমচন্দ্ৰ বৰুৱাই শাস্ত্ৰত বৰ মতি দেখুওৱাসকলক উদ্দেশ্য কৰি কৈছে যে সেইবোৰ মানুহে শাস্ত্ৰৰ দোহাই দি অষ্টমীত মাছ নেখায়, সেইসকলেই শাস্ত্ৰ দলিয়াই দি তিৰোতাৰ প্ৰতি অনুচিত ব্যবহাৰ কৰে। সেইকাৰণেই তেওঁৰ আহ্বান আছিল, "অতএব হে আমাৰ 'দেশীসকল'। তোমালোকেও তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা, কাৰণ সিহঁত তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু।"

তেখেত কিমান আধুনিক মনৰ আছিল, তাক বুজিবলৈ ইয়াতকৈ বেছি উদাহৰণৰ প্ৰয়োজন নাই। হেমচন্দ্ৰৰ পাছত এইখিনি চিন্তা লৈ আগবঢ়া হ'লে আজি নাৰীসকল আত্মবিশ্বাস দুগুণ হলহেঁতেন, নাৰী সবলীকৰণ আজিও এটা শ্লোগান হৈ নাথাকিলহেঁতেন। হেমচন্দ্ৰৰ আধুনিক মন, চিন্তা-চেতনাৰ আন এক নমুনা তেখেতৰ এই কথাখিনিৰ মাজেৰেও উমান পোৱা যায়। তেওঁ লিখিছে, "জীয়াই থকা যায় মানে যাৰ সৈতে পৰম বন্ধু ভাবে থাকিব লাগিব, তেওঁৰনো ৰূপ-গুণ কেনে, তাক নেজানি যে বন্ধুত্ব কৰা যায়, ইয়াতকৈ ডাঙৰ অসুখৰ কথা আন কি আছে?" ইয়াৰ দ্বাৰাই তেওঁ বিয়াৰ আগেয়ে নাৰী-পুৰুষে ইজনে সিজনৰ লগত মিলা মিছা কৰি ইজনে সিজনক বুজি পাবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে, যিটো সেইসময়ৰ এটা ভাবিব নোৱৰা কথা আছিল। আৰু ইয়েই আমাৰ দেশৰ মতা-তিৰোতাৰ অমিল-অপ্ৰীতিৰ মূল কাৰণ বুলি তেওঁ কৈছিল।

এইদৰে তেওঁৰ দৰে ৰক্ষণশীল ব্ৰাহ্মণ সমাজৰ সন্তান এজনে সেই যুগতে নাৰীৰ সম অধিকাৰ আৰু মৰ্য্যদাক লৈ যি মত প্ৰকাশ কৰিছিল, সি আছিল সঁচাকৈয়ে বিস্ময়কৰ, এক কথাত বৈপ্লৱিক। তাৰ বাবেই মাত্ৰ ৩০ বছৰ বয়সতে নিজৰ স্ত্ৰী বিয়োগৰ পাছত একমাত্ৰ নাৰীৰ সম অধিকাৰৰ প্ৰশ্নতে আকোঁৰগোজ হৈ দ্বিতীয় বিবাহ কৰাবলৈ মান্তি নোহোৱা, যি বিষয়ে আমি ওপৰত আলোচনা কৰিছো, হেমচন্দ্ৰ বৰুৱাৰ দৰে ব্যক্তি আধুনিক মানুহৰ সমাজ বিচৰা প্ৰতিজন মানুহৰ বাবে সদায়েই শ্ৰদ্ধা, সন্মান আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। তেখেতৰ লগতে সেই যুগতে বিধবা বিবাহ কৰি সমাজত এক যুগান্তকাৰী সাহসী কাম কৰি দেখুওৱা প্ৰগতিশীল আধুনিক মনৰ গৰাকী গুণাভিৰাম বৰুৱা আৰু যদুৰাম ডেকা বৰুৱাও আমাৰ বাবে আদৰ্শ আৰু শ্ৰদ্ধেয়।

এইখিনি কথা, হেমচন্দ্ৰ বৰুৱাৰ দৰে এজন আধুনিক মনৰ মানুহৰ লেখনি, শিকনিৰ প্ৰতি, তেখেতৰ অবদানৰ প্ৰতি সকলোৰে আগ্ৰহ বাঢ়ক, সেই আশাৰে আগবঢ়োৱা হৈছে। এইখিনি কথা আলোচনা হোৱাটো এই সময়ত খুবেই প্ৰয়োজন। কুসংস্কাৰ অন্ধবিশ্বাস ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধে তেখেতৰ যুঁজৰ আন বহুত কথাই আলোচনা কৰিব লগা আছে, সেইখিনি এতিয়া আলোচনা কৰিম।

ইয়াৰ আগেয়ে আমি হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞানমনস্কতাৰ বিষয়ে ক'বলৈ গৈ তেখেতৰ জীৱিত সময়চোৱাৰ কথাটো বাদেই, আধুনিক শিক্ষাৰে শিক্ষিত মানুহেৰে ভৰি থকা আজিৰ সমাজখনত আজিও পুৰুষৰ আধিপত্যবাদৰ হেঁচাত পীড়িতা, সমাজৰ বেছিভাগ মানুহে এতিয়াও আধুনিক প্ৰগতিশীল দৃষ্টিভংগীৰে বিচাৰ নকৰা নাৰীসকলৰ প্ৰতি তেখেতৰ কেনে উদাৰ, প্ৰগতিশীল দৃষ্টিভংগী আছিল, সেই বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া তেখেতৰ সমাজৰ আন দিশৰ প্ৰতি কেনে দৃষ্টিভংগী আছিল, সেই বিষয়ে চমু আলোচনা কৰিব বিচাৰিছো। তেখেত আছিল এজন সমাজ বিপ্লবী। হোমেন বৰগোহাঞিদেবে তেখেতৰ বিষয়ে এইদৰে লিখিছে, "হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ বিষয়ে আমি যি যৎসামান্য কথা জানো, তাৰ পৰাই প্ৰমাণিত হয় যে তেওঁ আছিল আধুনিক অসমৰ সৰ্বপ্ৰথম non-conformist সমাজ-বিপ্লৱী, প্ৰথম হিউমেনিষ্ট বা মানব-তন্ত্ৰী আৰু অসমৰ আধুনিকতাৰ প্ৰথম অগ্ৰদূত। অতি পৰিতাপৰ কথা এই যে এনে এজন মানুহৰ বিজ্ঞানসন্মত অথচ পূৰ্ণাংগ জীৱন চৰিত এখন আজিলৈকে প্ৰকাশিত হৈ নোলাল।" কুসংস্কাৰ অন্ধবিশ্বাসৰ কলীয়া ডাৱৰে অনবৰতে আবৰি থকা সেই যুগতে তেওঁ জাতিভেদ প্ৰথা, জাত্যাভিমানক নেওচা দি নিজে ব্ৰাহ্মণ হৈয়ো অব্ৰাহ্মণ ৰান্ধনীৰ হাতে ভাত খাইছিল, যাৰ কাৰণে তেওঁ সমাজচ্যুত হব লগা হৈছিল। সেই সময়ৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি বিৰোধী হোৱাটো একেবাৰে সহজ কথা নাছিল আৰু তেওঁ জীৱন নিৰ্বাহ আৰু কাম কাজৰ দ্বাৰা তাকে কৰিবলৈ গৈ জাতিচ্যুত, সমাজচ্যুত হৈ নিসংগ জীৱন যাপন কৰিব লগাত পৰিছিল। আনকি মৃত্যুৰ পাছতো বৰুৱাৰ মৃতদেহটি চুবলৈ আৰু সৎকাৰ কৰিবলৈ প্ৰথমে কোনো আগবাঢ়ি অহা নাছিল। বৰগোহাঞিদেবৰ লেখাতে উল্লেখ আছে যে তেওঁৰ আত্মীয় আৰু ওচৰ চুবুৰীয়া সমাজৰ অসমীয়া মানুহে তেওঁৰ শৱদেহ স্পৰ্শ কৰিবলৈ ইচ্ছা নকৰাৰ বতৰা পাই কেইজনমান বাঙালী ডেকাই তেওঁৰ শৱদেহ শ্মশানলৈ নিবলৈ আগবাঢ়ি ওলাই আহিছিল। পিছত যেনিবা কেইজনমান তুলনামূলকভাৱে কিছু উদাৰ মনোভাৱৰ লোকে আগবাঢ়ি আহি মৃতদেহ সৎকাৰ কৰিছিল। আটাইতকৈ যিটো উল্লেখনীয় আৰু আমাক চমকৃত কৰিব পৰা কথা, যাৰ পৰা তেওঁৰ অদমনীয় কুসংস্কাৰ মুক্ত, যুক্তিনিৰ্ভৰ মন আৰু চিন্তা চেতনাৰ উমান পোৱা যায়, সেইটো হ'ল, মৃত্যুৰ পাছত আলমাৰিৰ মাজত বিচাৰি পোৱা তেওঁৰ ইচ্ছাপত্ৰ। ১৮৯৬ চনত মৃত্যুৰ অলপ দিনৰ আগেয়ে কৰি থৈ যোৱা এই ইচ্ছা-পত্ৰত উল্লেখ আছিল এইদৰে, "জীৱশূন্য মৃতদেহটো এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃতদেহ মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হ'ব পাৰে। এতেকে মৃতদেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থান পৰা দূৰ ঠাইত পেলাই দিয়াই ভাল।" সেই যুগত তেনে এষাৰ কথা মনলৈ অহা আৰু মনৰ ইচ্ছা তেনেকৈ লিখি থৈ যাবলৈ এজন মানুহৰ মন কেনে আধুনিক আৰু বৈপ্লৱিক মানসিকতাৰ হ'ব লাগিব, তাক নকলেও হ'ব। কিন্তু তেওঁৰ সেই ইচ্ছা পূৰণ কৰিব পৰা উদাৰবাদী মানুহ স্বাভাৱিকভাবেই সেই সমাজত নাছিল বাবেই তেওঁৰ সেই ইচ্ছা পূৰণ হোৱা নাছিল, তেওঁৰ শৱদেহ হিন্দু বিধিমতে সৎকাৰ কৰা হৈছিল। মৃত্যু, মৃতদেহ তথা অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কে এনে ধৰণৰ ব্যক্তিক্ৰমী বিজ্ঞানমনস্ক চিন্তা আজিৰ আধুনিক যুগতো বিৰল। সেইসময়ত চিকিৎসাবিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে, গৱেষণাৰ বাবে আজিৰ দৰে দেহদানৰ ব্যবস্থা নাছিল, থকা হ'লে অসমৰ প্ৰথম দেহদান কৰা ব্যক্তি হয়তো তেখেতেই হ'লহেঁতেন। ইন্দিবৰ দেউৰীদেবৰ মতে "চিকিৎসা বিজ্ঞানৰ গবেষণাৰ বাবে কোনো শৱ-ব্যবচ্ছেদৰ ধাৰণাও অসমৰ সমাজত সেই কালত প্ৰচলন নাছিল। সেই কাৰণেই হয়তো তেওঁৰ দ্বাৰা প্ৰণিত "হেম কোষ"ত শৱ-ব্যবচ্ছেদ বা ব্যবচ্ছেদৰ শব্দ দুয়োটাকে পোৱা নাযায়। অসমত আধুনিকতাবাদৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-৯৬) এখন প্ৰকৃত আধুনিক, যুক্তিবাদী, সংস্কাৰ মুক্ত, অন্ধবিশ্বাস মুক্ত বৈজ্ঞানিক ধ্যান ধাৰণাৰে সমৃদ্ধ সমাজ গঢ়াৰ আন্তৰিক প্ৰয়াস কৰিছিল। ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা উন্বেষণ ঘটা অসমৰ জনসাধাৰণৰ এজন প্ৰধান কাণ্ডাৰী হেমচন্দ্ৰ যে প্ৰকৃতাৰ্থত যুক্তিবাদী, কুসংস্কাৰ আৰু অন্ধবিশ্বাস-বিৰোধী তথা বিজ্ঞানমনস্ক ব্যক্তি আছিল তাৰ নিদৰ্শন তেওঁৰ অমৰ সৃষ্টি "হেমকোষ' অভিধানখনতো আমি দেখিবলৈ পাওঁ"।

এইজনা মনীষীৰ যি লেখনি, তেওঁৰ জীৱনৰ আদৰ্শ সমাজত আজিও বৰ্তি থকা কুসংস্কাৰ অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামি আঁতৰাই এখন প্ৰকৃত অৰ্থত আধুনিক বিজ্ঞানমনস্ক সমাজ প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলোৱাসকলৰ বাবে সদায়ে প্ৰেৰণা হৈ ৰ'ব। নতুন প্ৰজন্মৰ মাজত তেওঁৰ আদৰ্শৰ প্ৰচাৰ যিমানে হ'ব, বিজ্ঞানমনস্কতাই সমাজ খন সিমানেই পোহৰাব।

(উৎসঃ: "অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়া হেমচন্দ্ৰ বৰুৱা", সম্পাদনা: ডঃ শিবনাথ বৰ্মন, প্ৰকাশক: ইলোৰা বিজ্ঞান মঞ্চ৷)

Share Button
Print Friendly, PDF & Email

No Comments : "অসমত বিজ্ঞানমনস্কতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা - (ৰণজিৎ ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *