বিবিধ চিন্তা

ড° অপৰ্ণা মহন্ত: আধুনিক নাৰীবাদৰ অগ্ৰদূত – (জুনু বৰা)

(এক)

প্ৰগতিশীল নাৰীবাদী লেখিকা, আজীৱন গৱেষিকা, অধ্যাপিকা ড॰ অপৰ্ণা মহন্তই যোৱা ২৬ জানুৱাৰীত ৭৬ বছৰ বয়সত আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে৷ তেখেত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা, বিশ্ববিদ্যালয় মহিলা অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালিকা, অসমত আধুনিক নাৰীবাদ চৰ্চাৰ অন্যতম বাটকটীয়া৷ ড॰ মহন্ত আছিল ইংৰাজী সাহিত্যত প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট আৰু গৱেষণাৰ বিষয় আছিল “’Political Writings of Jonathan Swift and George Orwell”৷ ড॰ মহন্তৰ বিয়োগ অসমৰ প্ৰগতিশীল নাৰী আন্দোলন আৰু সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি৷

মৃত্যুৰ কেইদিনমানৰ আগতে ফোনত কথা পাতি তেখেতৰ খা-খবৰ লৈছিলো, তেতিয়া শাৰীৰিক অৱস্থা ভালেই আছিল৷ শাৰীৰিকভাৱে বাইদেউ কিছু বছৰৰ পৰা লাহে লাহে অসুস্থ হৈ আহিছিল যদিও এনেকৈ হঠাতে আমাক এৰি গুচি যাব বুলি একেবাৰে ভাবিব পৰা নাছিলো৷

এইগৰাকী বিদূষী মহিলাই আশীৰ দশকৰ আৰম্ভণিৰ পৰাই অসমৰ নিপীড়িত-অৱহেলিত নাৰী সমাজৰ মুক্তিৰ স্বপ্ন দেখিছিল আৰু সেই স্বপ্ন বাস্তবায়িত কৰাৰ বাবে জ্যোতিপ্ৰসাদৰ ‘আইদেউৰ জোনাকী বাটে’ৰে বাট বুলিছিল৷ খাটিখোৱা মহিলাসকলৰ সৈতে ঘনিষ্ঠ সংযোগ গঢ়ি তুলিছিল আৰু গাঁৱে-ভূঞে গৈ নাৰীসকলক সজাগ, সচেতন আৰু সংগঠিত কৰিছিল৷ আমি লগপোৱা সময়ত তেখেতৰ ব্যক্তিত্ব,¸ পাণ্ডিত্যৰ লগতে সৰলতাই সৰ্বসাধাৰণ লোকক আকৰ্ষিত কৰিছিল৷ ঐক্যবদ্ধ নাৰী আন্দোলনৰ লক্ষ্যত  ৰাজ্য স্তৰৰ বিভিন্ন মহিলা সংগঠনৰ পৰা আঞ্চলিক আৰু কে এন চি এ-কে ধৰি জনজাতীয় নাৰী সংগঠনৰ লগত তেখেতে আন্তঃসম্পৰ্ক গঢ়ি তুলিছিল৷ তদানীন্তন ইণ্ডিয়ান পিপ’লচ ফ্ৰKI× [IPF]ৰ উপ-সভানেত্ৰী হিচাপে কেৱল অসমতে নহয়, দেশৰ বিভিন্ন ঠাইলৈ গৈ মহিলা সংগঠন গঢ়ি তোলাৰ বাবে উদ্যোগ লৈছিল৷

(দুই)

এই মুহূৰ্তত বাইদেউৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত আৰু সংগ্ৰামী দিনৰ বহু কথাই মানসপটত ভাঁহি উঠিছে৷ অপৰ্ণা বাইদেউৰ সৈতে ১৯৮৫ চনত যোৰহাট জিলা নাৰী সন্থা গঠনৰ সময়ৰ পৰাই আমাৰ নিবিড় সান্নিধ্য গঢ়ি উঠিছিল৷ অপণাৰ্ মহন্ত আছিল¸ প্ৰগতিশীল মহিলা আলোচনী ‘আইদেউৰ জোনাকী বাট’ৰ প্ৰতিষ্ঠাপক সম্পাদিকা, যিখন প্ৰথমে ১৯৮৩ চনৰ ৮ মাৰ্চত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হৈছিল৷ আলোচনীখন প্ৰকাশৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰথমটো সংখ্যাত ‘আমাৰ কথা’ত স্পষ্ট কৰি দিছিল যে আশীৰ দশকতো নাৰী-পুৰুষৰ উভয়ৰে ওপৰত মধ্যযুগীয় বৰ্বৰ নিপীড়ন চলি আছে আৰু তাৰ বিৰুদ্ধে নতুনকৈ নাৰীসকলৰ চেতনাৰ উন্মেষ ঘটা দেখা গৈছে৷ এই চেতনাক সমাজৰ ৰূপান্তৰ সাধনৰ লক্ষ্যত সংগঠিত কৰাই হৈছে আলোচনীখনৰ মূল উদ্দেশ্য৷

‘যোৰহাট জিলা নাৰী সন্থা’ গঠন হোৱা সন্মিলনতেই অপৰ্ণা মহন্তক মুখ্য আহবায়িকা ৰূপে লৈ ৰাজ্যিক নাৰী সন্থাৰ আহবায়িকা সমিতি গঠন হৈছিল, য’ত এই লেখিকাকো অন্তৰ্ভুক্ত কৰা হৈছিল৷ ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটী, কাৰ্বি আংলং আদি ঠাইৰ একাংশ মহিলা, যুৱতী আৰু ছাত্ৰীক তেখেতে সমাজ পৰিবত্তৰ্নৰ লক্ষ্য-আদৰ্শৰে পৰিচালিত প্ৰগতিশীল নাৰী আন্দোলনৰসৈতে যুক্ত কৰাইছিল৷

অসম, উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰেও সৰ্বভাৰতীয় স্তৰতো প্ৰগতিশীল নাৰী আন্দোলন গঢ়ি তোলাত ড॰ অপৰ্ণা মহন্তই আগভাগ লৈছিল৷ বিশেষকৈ আশী-নব্বৈৰ দশকত অসম তথা ভাৰতত গঢ়ি উঠা প্ৰগতিশীল নাৰী আন্দোলনৰ ধাৰাটোৰ তেখেত আছিল অন্যতম অগ্ৰণী উদ্যোক্তা আৰু সংগঠক৷ তেখেত ভাৰতীয় নাৰী অধ্যয়ন সংস্থা [IAWS]ৰ সৈতে ওতঃপ্ৰোতভাৱে যুক্ত আছিল৷ ৰাষ্ট˜ীয় স্তৰৰ আগশাৰীৰ নাৰীবাদী লেখিকা, গৱেষিকা, বুদ্ধিজীৱী কমলা ভাচিন, গেইল অমবেদী, নীৰা দেশাই, বীণা মজুমদাৰ, ইন্দু অগ্নিহোত্ৰী, বিভূতি পেটেল আদিৰ সৈতে বিভিন্ন নাৰী বিষয়ক আলোচনা চক্ৰ, অভিবৰ্তৰ্ন, সন্মিলন, কৰ্মশালা আদি অনুষ্ঠিত কৰি তেখেতে  নাৰী সবলীকৰণ আৰু নাৰী মুক্তিৰ বাগধাৰা প্ৰচাৰ কৰে৷ নাৰীৰ মযাৰ্দা হানিকৰ আৰু অধিকাৰ হৰণ বিষয়ক কোনো কথাত তেখেতে আপোচ কৰা নাছিল৷

১৯৮৬ চনত কলিকতাত হোৱা সৰ্বভাৰতীয় অভিবৰ্তনলৈ অসমৰ পৰা এটি ১৬ জনীয়া মহিলাৰ দল লৈ গৈছিল৷ সেই অভিবৰ্তনৰ আলোচনা চক্ৰত অন্যান্য বিষয়ৰ লগতে অসম আন্দোলনত মহিলাৰ সবল অংশগ্ৰহণ, হাজাৰ হাজাৰ মহিলাই ৰাজপথ কঁপাই তোলা আৰু কাৰ্ফিউ ভংগ কৰা আদি গুৰুত্বপূৰ্ণ দিশসমূহ সামৰি তেখেতৰ পৰামৰ্শক্ৰমে আমিও বক্তব্য আগবঢ়াইছিলো৷ অপণাৰ্ মহন্তই ‘মাক্সৰ্বাদ আৰু নাৰীবাদ’ শীৰ্ষক আলোচনা পত্ৰ পাঠ কৰাৰ লগতে আলোচনা চক্ৰ সঞ্চালনাও কৰিছিল৷ ১৯৮৮ চনত পাটনাত অনুষ্ঠিত হোৱা ‘নাৰী মুক্তি সংঘৰ্ষ সন্মিলন’ত অসমৰ প্ৰতিনিধি দলৰ সৈতে অংশ গ্ৰহণ কৰিছিল আৰু দেশত স্বতন্ত্ৰ নাৰী সংগঠন গঢ় দিয়াৰ ক্ষেত্ৰত পাৰ্যমানে প্ৰচেষ্টা চলাইছিল৷

অপণাৰ্ মহন্ত কেৱল বৌদ্ধিক কাম-কাজতে আবদ্ধ নাছিল, তেখেতে তত্বক প্ৰয়োগলৈ লৈ গৈছিল আৰু প্ৰয়োগৰ মাজেৰে তত্বক প্ৰতিষ্ঠা কৰাৰ ওপৰত জোৰ দিছিল, সংক্ষেপে ক’বলৈ গ’লে বৌদ্ধিক আৰু ব্যৱহাৰিক কামৰ মাজত সমন্বয় সাধন কৰিছিল৷ তেনেদৰে প্ৰয়োগৰ ক্ষেত্ৰত সৰ্বভাৰতীয় বা ৰাজ্যিক স্তৰৰ উদ্যোগৰ লগত তৃণমূল উদ্যোগৰ সমন্বয় ঘটোৱাৰ চেষ্টা কৰিছিল৷

[তিনি]

যি সময়ত আগ্ৰহী পঢ়ুৱৈৰ বাবে অসমীয়া ভাষাত নাৰীবাদ সম্পৰ্কত পঢ়িবলৈ কিতাপ এখন নাছিল, সেই সময়ত তেখেতে নাৰীবাদী সাহিত্য ৰচনাৰে এটি ডাঙৰ অভাৱ পূৰণ কৰিলে৷ কেৱল অভাৱ পূৰণেই নহয়, নাৰীবাদ চৰ্চাৰ পথ প্ৰশস্ত কৰে–যিবোৰ নিশ্চিতভাৱে অসমীয়া সাহিত্যৰ অমৰ কীৰ্তি ৰূপে চিহ্নিত হৈ ৰ’ব৷ গ্ৰন্থসমূহৰ ভিতৰত চন্দ্ৰপ্ৰভা শইকীয়ানী, তগৰৰ দুখ যদোষ আৰু অন্যান্য প্ৰৱন্ধ, বিশ্ব সাহিত্যৰ অমৰ কৃতি, Journey of Assamese women 1836-1937, অভিনৱ নাৰীৰ সন্ধানত, অন্য এক দৃষ্টিৰে বেজবৰুৱা, নাৰীবাদ আদি৷ মনকৰিবলগীয়া কথা যে তেখেতৰ আটাইকেইখন গ্ৰন্থই হৈছে নাৰী বিষয়ক৷ তেখেতে নাৰীবাদক যে জীৱনৰ ব্ৰত হিচাপে লৈছিল গ্ৰন্থসমূহে তাৰেই সাক্ষ্য বহন কৰে৷ এই গ্ৰন্থসমূহৰ উপৰিও নাৰীবিষয়ক বহু গৱেষণা পত্ৰ লিখি থৈ গৈছে৷ শেহতীয়াকৈ প্ৰকাশিত তেখেতৰ আন এখন গ্ৰন্থ হৈছে কিতাপ মানুহ আৰু জীৱন৷ তদুপৰি ড॰ মহন্ত আছিল প্ৰথমখন অসমীয়া মহিলা আলোচনী ‘ঘৰ-জেউতি’ৰ সংকলক সম্পাদক৷ সামাজিকভাৱে দায়বদ্ধ আৰু উদ্যমী মহিলা কনকলতা চলিহা আৰু কমলালয়া কাকতিৰ সম্পাদনাত ১৯২৭ চনৰ পৰা ১৯৩১ চনলৈ প্ৰকাশ পোৱা ‘ঘৰ-জেউতি’ৰ সংখ্যাসমূহ অপণাৰ্ মহন্তই সংগ্ৰহ কৰি সংকলনটো সম্পাদনা কৰিছিল আৰু মূল্যবান পাতনিৰে সেই সময়ৰ পৰিস্থিতি-পটভূমিৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছিল৷

ইমান কম পৰিসৰত অপণাৰ্ মহন্তৰ অমূল্য গ্ৰন্থকেইখনৰ বিষয়ে আলোচনা আগবঢ়োৱা সম্ভৱ নহয় যদিও অতি সংক্ষেপে দুটামান কথা উল্লেখ কৰিলোঁ৷ ইতিমধ্যে দুটা সংস্কৰণ প্ৰকাশ হোৱা ‘বিশ্ব সাহিত্যৰ অমৰ কৃতি’ গ্ৰন্থখনত শ্বেইক্সপীয়েৰ, ভাৰ্জিনিয়া উলফ, কীটছ, ৱৰ্ডচৱৰ্থ, টমাছ কালাৰ্ইল, জৰ্জ ৱৰৱেলৰ পৰা কোৱেৎজীলৈকে বিশ্ব সাহিত্যৰ আগশাৰীৰ সাহিত্যিকৰ অমৰ সাহিত্যকৰ্মৰ ওপৰত আলোচনা কৰিছে আৰু সাহিত্য ক্ষেত্ৰখন যে লিংগ নিৰপেক্ষ নহয়, তাৰ পতিয়নযোগ্য ব্যাখ্যা আগবঢ়াইছে৷ ইমান দিনে বৰ্তি থকা পুৰুষ প্ৰাধ্যান্যৰ ঠাইত মহিলা সাহিত্যিকৰ খোপনি ক্ৰমান্বয়ে কেনেদৰে শক্তিশালী হৈছে তাক দেখুৱাইছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা প্ৰকাশিত ‘নাৰীবাদ’ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ, যিখন ডঃ মহন্তৰ প্ৰচুৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ ফচল৷ গ্ৰন্থখনৰ প্ৰথমটো ভাগত ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট˜, ভাৰত আৰু অসমৰ নাৰী আন্দোলনৰ ইতিহাসৰ চমু বৰ্ণনা দাঙি ধৰিছে৷ দ্বিতীয়টো ভাগত নাৰীবাদী চিন্তাধাৰা আৰু নাৰীবাদী তত্ত্বৰ কেনেদৰে বিকাশ হৈছে, তাৰ ব্যাখ্যা আগবঢ়াইছে৷ গ্ৰন্থখনে নাৰীবাদৰ এক সম্যক ধাৰণা তুলি ধৰিছে৷ ডঃ মহন্তৰ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী’ গ্ৰন্থখনত অসমত স্ত্ৰীশিক্ষাৰ সূচনা আৰু প্ৰসাৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে অসমৰ নাৰী আন্দোলনৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সংগ্ৰামী জীৱনৰ মূল্যায়ন আগবঢ়াইছে তাত্ত্বিক দিশৰ পৰা৷ তদুপৰি জীৱনৰ বাটত, সেউজী পাতৰ কাহিনী, সাধনা, সুবালা, অঘৰী আত্মাৰ কাহিনী, অন্তৰীপ, ৰম্যভূমিৰ দৰে অসমীয়া উপন্যাসৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা, নিৰুপমা বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী আদি সাহিত্যিকসকলৰ সৃষ্টিৰাজিৰ ওপৰত নাৰীবাদী দৃষ্টিকোণৰ পৰা আগবঢ়োৱা বিশে¡ষণ দিক-নিৰ্দেশক হৈ ৰ’ব৷

 আজীৱন গৱেষিকা অপণাৰ্ মহন্তই মৃত্যুৰ সময়ত ‘পিতৃতন্ত্ৰৰ বিকাশ’ সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণা চলাই আছিল৷ দুখৰ বিষয় যে এই বিষয়ত এখন মূল্যবান গ্ৰন্থ উপহাৰ পোৱাৰ আগতে তেখেত গুচি গ’ল–কামটো আধৰুৱা হৈ ৰ’ল৷ এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে তেখেতৰ জীৱনসংগী লেখক, অধ্যাপক আৰু পদাৰ্থ বিজ্ঞানী ডঃ পৰমানন্দ মহন্তই বিভিন্ন ধৰণেৰে সহযোগিতা আগবঢ়াই অহা আমি দেখি আহিছিলো৷ লগতে দুই পুত্ৰ-কন্যাই বাইদেউক কিতাপ পত্ৰ যোগান ধৰি তেখেতৰ এই যাত্ৰাত সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল৷ সেইজন উদাৰ নাৰীদৰদী ব্যক্তি আৰু পৰিয়ালৰ বহুমূলীয়া সহযোগিতাৰ আমিও শলাগ লৈছোঁ৷

আমাৰ দৃঢ়বিশ্বাস–ডঃ মহন্তৰ কৰ্মৰাজিয়ে নাৰী আন্দোলনৰ কৰ্মীকলক উৎসাহিত কৰিব আৰু কষ্টোপাৰ্জিত সৃষ্টিৰাজিৰ পৰা নৱ প্ৰজন্মই গৱেষণাৰ বহু সমল বিচাৰি পাব৷ এইগৰাকী প্ৰচাৰবিমুখ, নাৰীবাদী চিন্তাৰ অগ্ৰদূত বিদূষী নাৰীলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি৷

1Ranjit Bhuyan3 CommentsSeen by 24LikeComment

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *