মছান চোৱাৰ পাছত

ক'ত জানো পাইছিলো, কিবা এটা প্ৰকাশ কৰিবলৈ যদি ভাষাৰ অভাৱ বুলি কোৱা হয়, সেয়া সঁচা নহয়। বৰং সেয়া হৈছে কওঁতাৰ অক্ষমতা অথবা অজুহাত। নিজৰ অক্ষমতাক স্বীকাৰ কৰি কওঁ, অলপতে চোৱা, এখন চলচ্চিত্ৰ 'মছান' চাইও কি অনুভৱ হ'ল লিখিবলৈ ভাষাৰ অভাৱ অনুভৱ কৰিছো।

'মছান' (অসমীয়াত শ্মশানঘাট) যোৱাবছৰ মুক্তি পোৱা এখন হিন্দী চলচ্চিত্ৰ। বৰুণ গ্ৰোভাৰৰ কাহিনী আৰু চিত্ৰনাট্যৰে নতুন পৰিচালক নীৰজ ঘাইৱানে পৰিচালনা কৰা চলচ্চিত্ৰখনত মূল চৰিত্ৰকেইটাত অভিনয় কৰিছে ৰিচা চড্ডা, বিকী কৌশল, সঞ্জয় মিশ্ৰ আদিয়ে। মূলতঃ দুটা পৃথক কাহিনী সমান্তৰালভাৱে আগ বাঢ়ি গৈ শেহৰফালে এডাল ৰেখাত গৈ সংযোজিত হৈছে।

কি আছে চলচ্চিত্রখনত? মছানত দেখুওৱা হৈছে কেনেকৈ কাৰোবাৰ একান্ত ব্যক্তিগত অনুৰাগৰ বিষয়বোৰেও আজিও ভাৰতীয় সমাজত ৰাজহুৱাভাৱে কেনে বিকৃত ৰূপ লয়। নাৰীৰ সন্মানৰ প্ৰতি 'অবছেছড' অথচ ভোগবাদী সমাজখন কিদৰে বৰ্ণ, জাত-পাতৰ হাতোৰাৰপৰা এতিয়াও মুক্ত নহয়, কিদৰে সমাজে আৰোপ কৰা অদৃশ্য নিয়ন্ত্ৰণৰ পাকত মানুহৰ মাজৰ মানৱীয় সম্পৰ্কও বিপদাপন্ন হয়।

মছান ধুনীয়া। কোনো ঠাইতে কোনো চৰিত্ৰৰ হতুৱাই কোনো সংলাপত দীঘলীয়াকৈ কাহিনীকাৰে দিব বিচৰা নাই কোনো মেছেজ, কোনো বিষয়ৰ ঔচিত্য-অনৌচিত্যক লৈ। কেৱল ভয়ংকৰভাৱে উদাস অথচ সাংঘাতিকভাৱে দৃঢ় ৰিচা চড্ডাই ৰূপায়িত কৰা চৰিত্ৰটোৰ দুই-এটা চুটি চুটি শব্দৰ সংলাপত বা বিকী কৌশলৰ নিৰীহ চৰিত্ৰটোৰ এটা সংলাপত চৰিত্ৰকেইটাৰ ভিতৰত উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুইকুৰাৰ উমান পোৱা যায়। তাৰ বাহিৰে যি কোৱা হৈছে কেৱল কেমেৰাৰে, চৰিত্ৰসমূহে দৈনন্দিন সন্মুখীন হোৱা ঘটনাক্ৰমৰ মাজেৰে, soulful সংগীতৰ মাধ্যমেৰে।

আশাভংগ, হতাশা, বিচ্ছেদৰ মাজেৰে আগ বঢ়া দুটা কাহিনী শেষত গৈ লগ হৈছেগৈ মানে ইতিমধ্যে কোনো মৰিশালিৰ ছাইৰপৰা জন্ম লোৱা ফিনিক্সৰ দৰেই, আকস্মিক দুৰ্ঘটনা, সমাজৰ অলিখিত বান্ধোনৰ আগত নিঃস্ব হৈ ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম কৰা মানুহৰ মাজৰ সম্পৰ্ক পুনঃ যেন প্ৰতিস্থাপিত হৈছে – সেয়া লাগিলে বাপেক-জীয়েকৰ সম্পৰ্কই হওক, বা মালিকৰ শিশু কৰ্মচাৰীজনৰ প্ৰতিয়েই হওক কিম্বা জীৱনৰ যাত্ৰাপথত লগ পোৱা এজন অচিনাকী যাত্ৰীৰ দুখৰ প্ৰতি সঁহাৰি জনোৱা আন এজন অচিনাকী যাত্ৰীয়েই হওক।

চলচ্চিত্ৰখনৰ কাহিনীত পেছাদাৰী লেখক হোৱা সত্ত্বেও বৰুণ গ্ৰোভাৰৰ হৃদয়ৰ তাগিদাক যেন বিচাৰি পাব পাৰি। অৱশ্যে দুটা কাহিনী সংযোজিত কৰি দিয়াটো যেন অত্যন্ত জৰুৰী নাছিল। দুয়োটাকে নিলগাই থৈ দিয়া হ’লেও কোনো ক্ষতি নাছিল। অৱশ্যেই নতুন-পুৰণিৰ সংঘাতৰ এক আশাবাদী ফলাফলৰ কল্পনাৰ বাবেই কাহিনীৰ এই পৰিণতি বুলি ধৰি ল'ব পাৰি। চিত্ৰনাট্যত ফুটি উঠিছে উত্তৰ ভাৰতৰ বেনাৰসৰ দৰে এখন 'টিপিকেল' সৰু চহৰত থাকিব পৰা, চৰিত্ৰসমূহৰ মাজত থাকিব পৰা সৰু চহৰৰ বৈশিষ্ট্যসমূহৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ বিৱৰণ আৰু ৰসোত্তীৰ্ণ উপস্থাপন। উদাহৰণস্বৰূপে, নিজ সামৰ্থ্যৰ ভিতৰত প্ৰেমিকে প্ৰেয়সীক উপহাৰ দিবলৈ অনা সস্তীয়া মিউজিক প্লেয়াৰটো বান্ধি আনিছে এটা সৰু পলিথিনৰ মোনাত। বোধহয় সৰু চহৰৰ সৰু দোকান এখনত দোকানীয়ে এনেদৰেই সামগ্ৰী বান্ধি দিব। (অসমীয়া চলচ্চিত্ৰত এনে সূক্ষ্ম ডিটেইলছবোৰ কেতিয়াবা চাবলৈ পামনে?)

অৱশ্যে এইখিনিতে অলপ আপত্তি শিশু এজনক কৰ্মচাৰীৰূপে দেখুওৱাত। হয়তো বাস্তৱৰ আচল প্ৰকাশৰ স্বাৰ্থতে এয়া কৰা হৈছে (আনকি শিশুসকলক নদীত ডুব মাৰি খুচুৰা পইচা উদ্ধাৰ কৰোৱাৰ দৰে বিপদজনক কাম দি জুৱা খেল চলোৱা হয়, কথাটো নাজানিছিলো)। তথাপিও, নিজে চিন্তা কৰিব জনা নায়িকাইও এই কথাটো নিচেই সহজভাৱে লোৱাটোতে আপত্তিটো।তাৰোপৰি জাত-পাতক লৈ এক মুখা-মুখি সংঘাত আশা কৰা গৈছিল। যিটোৰ সম্ভাৱনা কাহিনীকাৰে নোহোৱা কৰি পেলালে। সেয়ে মাজে মাজে ভাব হৈছিল, প্ৰতিবাদী যেন লাগিলেও যেন মছান ঠিক তাৰ বাবে উপযুক্তভাৱে সাজু হৈ নুঠা বা হ'বলৈ নিদিয়া এক কণ্ঠ।
কেমেৰাৰ কামক, বিশেষকৈ ই ধৰি ৰখা কিছু দৃশ্য – যেনে, ৰাস্তাত দুটা চৰিত্ৰই হাতে হাত ধৰি থকা অৱস্থাত আন মানুহৰ প্ৰতিক্ৰিয়াৰ প্ৰতিনিধি হিচাপে কাপোৰৰ দোকানত সজাই থোৱা নিমাত হৈ থাকিলেও ডামিকেইটাই একেথৰে চাই থকা যেন লগা দৃশ্যটো, বুদ্ধিমত্তাৰে লোৱা অন্তৰংগ মুহূৰ্তকেইটা আৰু কোনো কৃপণালি নকৰাকৈ লোৱা ৰাতিৰ গংগাৰ দৃশ্যকেইটাৰ বাবে ক্ৰেডিট দিবই লাগিব।

অভিনয়ত থকা স্বাভাৱিকতা পৰিচালকৰ কৃতিত্ব নে অভিনেতা-অভিনেত্ৰীসকলৰ কোৱা টান। কিন্তু পৰিচিত পুৰণিসকলৰপৰা নৱাগত, এনেকি শিশু শিল্পীগৰাকীলৈকে সকলোৰে অভিনয় স্বাভাৱিক। জড়তা- আৰু নাটকীয়তাবিহীন।

মছান চাই শেষ কৰাৰ পাছত চকু মুদিলেই মোৰ দৰে বহুতৰে হয়তো সমুখলৈ প্ৰথমে আহিব এখন মুখ - বিকী কৌশলৰ - তেওঁৰ অত্যন্ত বিশ্বাসযোগ্য অভিনয়ৰ বাবে আৰু কাণত হয়তো বাজি থাকিব ইন্ডিয়ান অ'চেনৰ সেই পাহৰিব নোৱৰা গীতটি -"তু কিছী ৰেইল চি গুজৰতী হ্যে, ম্যে কিছী পুল চা ঠৰঠৰাতা হুঁ . . .।”

সুজাতা হাতীবৰুৱা

Share Button
Print Friendly, PDF & Email

No Comments : "মছান চোৱাৰ পাছত"

Leave a Comment

Your email address will not be published. Required fields are marked *