অনুবাদকবিতা

যদি ইতিহাস সলাই দিয়া (মূল : আদম গোণ্ডবী; অনুবাদ : মুনমুন সৰকাৰ)

যদি কিছু সংখ্যক ইতিহাস প্ৰসিদ্ধ লেখা সলাই দিয়া
তুমি কি ভাবিছা, এনেদৰে জনতাৰ ভাগ্য সলনি কৰি দিবা?

জায়সৰ পৰা হিন্দীৰ যি নদী বৈ আহিছে
সেই বোৱতী নদীৰ সোঁত সলাবা নে পানীয়েই সলাই দিবা?

ৰসখানৰ কবিতাত যি প্ৰতিবিম্ব জিলিকি উঠে
কৃষ্ণৰ সেই মোহনীয় ছবি সলাই দিবা?

সময়ে ক’ব, তুমিও লুটিবলৈকে আহিছিলা
দ্ৰাবিড়সকলৰ পৰা কাঢ়ি লোৱা সা-সম্পত্তি সলাই দিবা?

মূল: गर चंद तवारीखी तहरीर बदल दोगे
মূল কবি: अदम गोंडवी

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *