অন্ধবিশ্বাস বনাম বৈজ্ঞানিক মানসিকতা-(মনজিতা শইকীয়া)

আজিৰ সময়ত প্ৰতি জন মানুহেই বৈজ্ঞানিক প্ৰগতিত বিশ্বাসী। মানৱ সমাজলৈ ইয়াৰ অভিনৱ অৱদান প্ৰতিজন মানুহেই কম বেছি পৰিমাণে উপলব্ধি কৰে। আজি যদি আমি পৃথিৱীখনক গোলকীয় গাঁও বুলি কৈছোঁ তেন্তে এইটো সম্ভৱ হৈছে বিজ্ঞানৰ আৱিষ্কাৰসমূহৰ প্ৰযুক্তিগত প্ৰয়োগৰ ফলত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থালৈ অনা বৈপ্লৱিক পৰিবৰ্তনসমূহৰ বাবে। বৈজ্ঞানিক প্ৰগতিয়ে হ'ল মানুহৰ প্ৰগতিৰ মূল কাৰক আৰু সেই প্ৰগতিৰ মূলতে প্ৰয়োজন বৈজ্ঞানিক মানসিকতা।

ৰাতিপুৱা শুই উঠাৰ পৰা শোৱালৈকে আমি বৈজ্ঞানিক আৱিষ্কাৰৰ ওপৰত নিৰ্ভৰশীল। এই কথা কোনেও নুই কৰিব নোৱাৰে। সমান্তৰালভাৱে বাতৰি কাকত, টি.ভি-ত ভাহি আহে ডাইনী হত্যা, নৰবলি, বেজালিৰ খবৰ। টি.ভি-ৰ স্ক্ৰীণত জিলিকি থাকে পুৰুষ বশীকৰণ মন্ত্ৰৰ বাবে যোগাযোগৰ বিজ্ঞাপন। নি:সন্তান দম্পতীক সন্তান দিয়া, স্বামী-স্ত্ৰীৰ সুখী দাম্পত্য জীৱনৰ চাবিকাঠীৰ বাবে যোগাযোগ কৰক বাবা, দেৱক ইত্যাদি। এতিয়াও মাজে মাজে বাগিচা অঞ্চলত নৰবলি দিয়াৰ কথা শুনা যায়। অন্ধবিশ্বাসৰ আটাইতকৈ ঘৃণনীয় দিশ ডাইনী হত্যাও হৈ আছে। এই ক্ষেত্ৰত অসম ডাইনী অপৰাধ আইন ২০১৫-খনো বিশেষভাৱে সফল হ’ব পৰা নাই। ব্যক্তিগতভাৱে আমি বিশ্বাস কৰোঁ যে আইনতকৈ এইক্ষেত্ৰত সজাগতাৰহে বেছি প্ৰয়োজন। এই সজাগতা সৃষ্টি কৰিব পাৰে কেৱল বৈজ্ঞানিক মানসিকতাইহে। গ্ৰামাঞ্চলবিলাকত এতিয়াও দেখা যায় তন্ত্ৰ-মন্ত্ৰ, জৰা-ফুঁকাৰ অপপ্ৰয়োগ। বেমাৰ-আজাৰ হ’লে বহুতো লোকে জৰা-ফুঁকা কৰি ৰোগীক মৃত্যুৰ ফালে ঠেলি দিয়ে। সাপে কামুৰিলে বেজ লগোৱা, বাটত মেকুৰী দেখিলে যাত্ৰাভংগ বুলি ঘূৰি অহা মানুহৰো আকাল হোৱা নাই।

খোদ গুৱাহাটীৰ দৰে চহৰতো গৃহমংগলৰ পূজা কৰাৰ চলেৰে  সোণৰ গহনা-পাতি লৈ ঠগ উধাও হোৱাৰ খবৰ আমি পাই থাকোঁ। এইবোৰ দৰাচলতে কিয় হৈছে আমি ভাৱি চাইছোনে? আমাৰ অন্ধবিশ্বাসৰ সুযোগ লৈ এচাম অসাধু লোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে। ইয়াৰ একমাত্ৰ কাৰণেই হৈছে বিজ্ঞানমনস্কতাৰ অভাৱ। গাড়ী এখন কিনি বহু লোক পোনতেই যায় মন্দিৰলৈ পূজা দিবলৈ। পূজাৰীয়ে গাড়ীত আঁকি দিয়ে পূজাৰ তিলক। টিভিত সংগীতৰ সৈতে পৰিবেশন কৰা হয় কৰবাত ভূত-প্ৰেত, ভগৱান ওলোৱাৰ খবৰ‌। মিডিয়াৰ দায়িত্ব কেৱল খবৰ দিয়াতে নে?  সজাগতা বা বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ ঘটোৱাত মিডিয়া ই এক সবল ভূমিকা লব পাৰে বা লোৱা উচিত।

কেতিয়াবা দেখা পাওঁ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী, ডাক্টৰ, ইঞ্জিনিয়াৰ বা উচ্চ শিক্ষিত ব্যক্তিৰ দহোটা আঙুলিত জিলিকে গ্ৰহ-নক্ষত্ৰৰ নানা বৰণীয়া পাথৰৰ আঙুঠি। যি গ্ৰহ-নক্ষত্ৰক লৈ নিৰন্তৰ গৱেষণা হৈছে, চন্দ্ৰলৈ মানুহ গৈছে, সেই গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ মানুহে লাখ টকা খৰচ কৰি আঙুঠি পিন্ধিছে! বিজ্ঞানৰ ছাত্ৰ হৈও বহু লোক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব নোৱৰাটো হতাশাজনক কথা।

ধৰ্মৰ দোহাই দি এতিয়াও আমাৰ জীৱনৰ কৰ্মপন্থা নিৰ্ভৰ কৰে পায়-নাপায়ৰ তত্বাৱধানত। চুৱা লগা, চুব নাপায় ইত্যাদি এশ-এবুৰি নিয়ম-নীতিৰ মাজত জীৱনে বাট হেৰুৱায়। অথচ শ্ৰেণীকোঠাত আমি বিজ্ঞানৰ পাঠ আওৰাওঁ।  বিজ্ঞানৰ অৱদানৰ ৰচনা লিখোঁ। মনবোৰ ৰৈ গৈছে আজোককাৰ দিনতে।

বিজ্ঞানে আমাক বাহ্যিক প্ৰগতিৰ ফালে আগ বঢ়াই দিছে। আমি প্ৰযুক্তিবিদ্যাৰ অবিহনে এখোজো আগ বঢ়াব নোৱাৰোঁ। কিন্তু আমি জীৱন চালিত কৰিছোঁ সেই গ্ৰহ-নক্ষত্ৰৰ আঙুঠিৰ বিধান আৰু পুৱা শুই উঠি কি দেখিলে ভাল কি দেখিলে বেয়া এইবোৰৰ মাজেৰে। যিখন দেশত ধৰিত্ৰী ঋতুমতী হোৱাৰ নামত লাখ টকা খৰচ কৰা হয়, গংগাৰ লেতেৰা পানীত ডুব মাৰিলে পাপ মোচন হয় বুলি বিশ্বাস কৰা হয়, গৰাখহনীয়াৰ দৰে সমস্যাক আওকাণ কৰি নমামীৰ দৰে উৎসৱ পতা হয় সেইখন দেশত বিজ্ঞানমনস্কতাই এতিয়াও আন্ধাৰৰ বাট কাটিবলৈ বাকী আছে। ওপৰে ওপৰে প্ৰগতি ঠিকেই আহিছে কিন্তু আমাৰ মনবোৰ অন্ধবিশ্বাসৰ আন্ধাৰৰ পৰা কিমান দূৰ মুক্ত হৈছে? দৰাচলতে সীমিত এচাম মানুহৰ মাজতেই সীমাৱদ্ধ হৈ আছে বৈজ্ঞানিক মানসিকতাৰ কচৰৎ।

Share Button
Print Friendly, PDF & Email

No Comments : "অন্ধবিশ্বাস বনাম বৈজ্ঞানিক মানসিকতা-(মনজিতা শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *