অসমত বিদেশী অনুপ্ৰবেশ, জন-গাঁথনিগত সমস্যা আৰু অসমীয়া জাতীয়তা (ৰক্তিম শৰ্মা)

বিদেশী অনুপ্ৰবেশৰ সমস্যা এক আন্তৰ্জাতিক সমস্যা‌। আমেৰিকা, ইংলেণ্ড, ৰাচিয়া আদিকে ধৰি ইউৰোপ আৰু এছিয়াৰ কম বেছি প্ৰায় সকলো ৰাষ্ট্ৰই বিদেশী অবৈধ অনুপ্ৰবেশৰ সমস্যাত ভাৰাক্ৰান্ত। আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলত সমগ্ৰ বিশ্বতে বিপুল পৰিমাণৰ সস্তীয়া শ্ৰমিক উপলব্ধ হোৱাৰ যোগেদি অৰ্থনৈতিক বিকাশ আৰু পৰিবৰ্তন আনিছে যদিও তাৰ লগে লগে অন্য কেতবোৰ স্পৰ্শকাতৰ বিষয় যেনে, জনগাঁথনিগত সমস্যা, খিলঞ্জীয়া জাতিসমূহৰ অস্তিত্বৰ সংকট, আৰ্থ-সামাজিক ভাৰসাম্যহীনতা, আন্তৰ্জাতিক সন্ত্ৰাসবাদ আৰু অপৰাধীৰ ৰপ্তানী, আভ্যন্তৰীণ ৰাজনৈতিক অস্থিৰতা আৰু সংঘাত, এইডছৰ দৰে ভিন্ন ৰোগৰ বীজাণুৰ সংক্ৰমণ বৃদ্ধি, পৰিবেশ প্ৰদূষণ, মানৱ সৰবৰাহ,  অসুৰক্ষিত যৌন কৰ্মীৰ পয়োভৰ, সামাজিক নিৰাপত্তাহীনতা আদিৰ বিকাশ ঘটাইছে। অৰ্থনৈতিক ভাবে পিছপৰা দেশসমূহৰ পৰা প্ৰব্ৰজিত হোৱাসকলৰ নিম্ন জীৱন ধাৰণৰ প্ৰক্ৰিয়া আৰু শ্ৰম শোষণ আৰু নিজ দেশলৈ বলপূৰ্বক বিতাড়নৰ ফলত সকলোতকৈ বেছি ভুক্তভোগী হৈছে নাৰী আৰু শিশু। দক্ষিণ-পূৱ এছিয়াতেই বলপূৰ্বক অবৈধ অনুপ্ৰবেশকাৰীৰ বিতাড়নৰ লোমহৰ্ষক উদাহৰণ আছে। বিগত দুই দশক আগতে ভূটানৰ পৰা বলপূৰ্বকভাবে বিতাড়িত নেপালী জনগোষ্ঠীৰ লোক আৰু চলিত দশকতে অবৈধ অনুপ্ৰবেশৰ অভিযোগত ম্যানমাৰত ৰহিঙীয়া মুছলমানক বলপূৰ্বক উচ্ছেদৰ ফলত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ দৃশ্যই সমগ্ৰ বিশ্বকে কঁপাই গৈছে।  ইয়াৰ লগে লগে বিদেশী বিতাড়নৰ সমস্যাই এক নতুন গোলকীয় মানবীয় সমস্যাৰ সৃষ্টি কৰিছে ।

বিগত কেইবা দশক ধৰি বিদেশী অনুপ্ৰবেশৰ সমস্যাই  অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে৷ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ  সৈতে ভূমি আৰু নদী সীমান্তকে ধৰি বাংলাদেশৰ প্ৰায় দুহেজাৰ কি.মি আন্তৰ্জাতিক সীমান্ত অঞ্চল। এই বিস্তীৰ্ণ সীমান্ত অঞ্চল এতিয়াও বহু পৰিমানে অসুৰক্ষিত। অসম-বাংলাদেশ সীমান্তৰ বেছ কিছু অঞ্চলত কাঁইটিয়া তাৰৰ ব্যৱস্থা আছে যদিও গো-ধনৰ অবৈধ চোৰাং সৰবৰাহ চলি থকা ঘটনাৰ আঁৰত এই কাঁইটিয়া তাৰৰ অসাৰতা পুতৌ লগাকৈ ওলাই পৰিছে। বিগত কেবা দশক ধৰি এই সীমান্তৰে বিনা বাধাই উত্তৰ পূৱৰ বিদ্ৰোহী, আন্তৰ্জাতিক চোৰাং কাৰবাৰী, বাংলাদেশৰ ইছলামিক সন্ত্ৰাসবাদী, অপৰাধী আদিৰ আহ যাহ স্বয়ং চৰকাৰী পক্ষই স্বীকাৰ কৰিছে। যদিও এইবোৰ ঘটনা দুয়োখন দেশৰ আভ্যন্তৰীণ সংঘাতৰ লগত জড়িত, তথাপি এইবোৰ ঘটনাই সীমান্তৰে অবৈধ অনুপ্ৰবেশ চলি থকাকেই আওঁপকীয়াকৈ প্ৰমাণ কৰে। উল্লেখযোগ্য যে, দুয়োখন ৰাষ্ট্ৰৰ বাবে এই সীমান্ত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ৰ পৰাই এক আদৰ্শ ৰণনৈতিক অঞ্চল হিচাপে ব্যৱহাৰ হৈছিল যদিও শেষৰ ফালে ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ দৃষ্টিত এই সীমান্তৰ গুৰু্ত্ব ক্ৰমশঃ গৌণ হৈ পৰা যেন অনুভৱ হয়। অসমক বাদ দি মেঘালয়-বাংলাদেশৰ পাহাৰীয়া সীমান্ত অঞ্চল প্ৰায় উন্মুক্ত বুলি কব পাৰি। সময়ে সময়ে অসমত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ হোৱা ঘটনাবোৰেই প্ৰমাণ কৰে যে এই বিস্তীৰ্ণ সীমান্ত অঞ্চলেৰে দীৰ্ঘদিন ধৰি অসমলৈ অবৈধ অনুপ্ৰবেশ চলি আহিছে।

      অসমত বিদেশী অনুপ্ৰবেশৰ সমস্যাৰ ৰাজনৈতিক কাৰণ বুলি কব লাগিলে পোনতে বৃটিছে অসমক কৌশলেৰে ভাৰতৰ সৈতে সংযোগকৰণৰ কথা কব পাৰি। এই সংযোগকৰণ দুই প্ৰকাৰৰ। প্ৰথম, ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিছ আৰু বাৰ্মাৰ সৈতে হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ভাৰতৰ সৈতে অসমৰ সংযোগকৰণ আৰু  দ্বিতীয়তে, গোৱালপাৰাৰ ক্ষেত্ৰত ১৭৮৯ চনত চিৰস্থায়ী বন্দোবস্তিৰ জৰিয়তে বৃটিছৰ প্ৰত্যক্ষ ঔপনিবেশিক ব্যৱস্থা স্থাপন। এই দুই প্ৰকাৰৰ সংযোগকৰণ আৰু উপনিবেশ ব্যৱস্থা স্থাপনৰ ফলতেই অসমে আজিলৈকে বিদেশী সমস্যাৰ বোজা ববলগীয়া হৈছে। ১৯০৫ চনত বংগ ভংগৰ দ্বাৰা মুছলমানপ্ৰধান পূৰ্ববংগৰ চট্টগ্ৰাম, ঢাকা আৰু মৈমনসিংহক অসমৰ লগত একেটা গ্ৰুপত ৰখাৰ ফলতেই তাৰ পৰা লক্ষ্যাধিক পূৰ্ববংগীয় লোকৰ অনুপ্ৰবেশ হৈ অসমৰ জনগাঠনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল। ভাসানীৰ আন্দোলনৰ ফলত অসমত ইনাৰ লাইন পাৰমিট প্ৰক্ৰিয়া উঠাই দিয়াৰ ফলত এই অনুপ্ৰবেশে অসমৰ সকলো প্ৰান্তলৈ বিয়পি যাবলৈ সক্ষম হৈছিল।  ১৯৪৭ চনত ধৰ্মভিত্তিক দেশ বিভাজনে এই অনুপ্ৰবেশৰ সমস্যাক আৰু অধিক ভয়াবহ কৰি তুলিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ভাৰতৰ সংবিধান অনুসৰি বিদেশী চিনাক্ত আৰু বিতাড়ন দায়িত্ব সম্পূৰ্ণকৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনত। অথচ স্বাধীনতাৰ ইমান বছৰ পিছতো কোনো এখন কেন্দ্ৰীয় চৰকাৰেই এই সমস্যাক নিজৰ বুলি নাভাবিলে। বৰং চলে বলে কৌশলে অসমত বিদেশী অনুপ্ৰবেশকাৰীক সংস্থাপনৰহে পোষোকতা কৰি গ’ল। উল্লেখযোগ্য যে, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে নিজৰ শাসনকালতেই বিদেশী অনুপ্ৰবেশৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক অনুৰোধ কৰাত নেহেৰুৱে উভটি ধৰিছিল আৰু গোপীনাথ বৰদলৈদেৱক সংকীৰ্ণ জাত্যাভিমানী বুলি বিদ্ৰুপ কৰাৰ লগতে ভৱিষ্যতে বিদেশীৰ প্ৰসংগ উলিয়ালে অসমলৈ কেন্দ্ৰীয় সাহাৰ্য বন্ধ কৰি দিয়াৰ ভাবুকি দিছিল। আজিও নাগৰিকত্ব আইন সংশোধনৰ মাজেৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। এইবোৰেই প্ৰমাণ কৰে যে, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি কোনো আন্তৰিকতা ভাৰত চৰকাৰৰ নাই।  অসমৰ জনগণৰ বাবে ইয়াতকৈ পৰিতাপৰ কথা আন একো হব নোৱাৰে।

এটা কথা ঠিক যে, ৰাষ্ট্ৰৰ সীমাই সীমান্তৱৰ্তী দুখন দেশৰ মাজত মানুহৰ বৈধ-অবৈধ অহা যোৱাক সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰে। জীয়াই থকাৰ বিভিন্ন প্ৰয়োজনেই মানুহক এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰে। বিদেশী অনুপ্ৰবেশ বৈধ বা অবৈধ প্ৰব্ৰজনৰ অংশ। এই অনুপ্ৰবেশ কেতিয়াবা স্বেচ্ছাকৃত কেতিয়াবা বলপূৰ্বক।  উদ্যোগীকৰণৰ পিছৰে পৰা উন্নত বা উন্নয়নশীল দেশলৈ অনুন্নত দেশৰ মানুহৰ প্ৰব্ৰজন এক অন্যতম সামাজিক-অৰ্থনৈতিক পৰিঘটনা। এই গোলকীয় অনুপ্ৰবেশ বিগত ২য় বিশ্বযুদ্ধৰ পিছত  শ্ৰমিক-প্ৰব্ৰজনৰ ৰূপলৈ আহিছে। উন্নত বা উন্নয়নশীল দেশবোৰৰ ক্ৰমবৰ্দ্ধমান উদ্যোগীকৰণ, কৰ্মসংস্থান সৃষ্টি আৰু সস্তীয়া শ্ৰমিকৰ প্ৰতি পুঁজিপতিৰ আকৰ্ষণ আদিয়ে এই অনুপ্ৰবেশক উত্সাহ যোগায়। ইয়াৰ উপৰি ৩য় বিশ্বৰ দেশসমূহৰে অৰ্থনৈতিক অনগ্ৰসৰতা, জীৱন ধাৰণৰ নিম্ন মানদণ্ড, দেশৰ ৰাজনৈতিক-অৰ্থনৈতিক অস্থিৰতা আদিৰ বাবে তুলনামূলক সুস্থিৰ, নিৰাপদ, জীৱন ধাৰণৰ সুস্থ আৰু উচ্চ মানদণ্ড সম্পন্ন দেশলৈ অনুপ্ৰবেশ ঘটে। উদ্যোগীকৰণৰ অন্যতম ফল গোলকীয় উষ্ণতা বৃদ্ধি, পৰিবেশ পৰিৱৰ্তন আদিয়ে সৃষ্টি কৰা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, যেনে- বানপানী, গৰাখহনীয়া, ধুমুহা, খৰাং আদিৰ ফলত সমুদ্ৰৰ নিকটৱৰ্তী অঞ্চলবোৰৰ পৰা সুস্থিৰ প্ৰাকৃতিক পৰিবেশলৈ মানুহৰ অনুপ্ৰবেশ ঘটে। খাদ্য, বাসস্থান, স্বাস্থ্য-শিক্ষা-নিৰাপত্তা আদিৰ বাবে কল্যাণকামী ৰাষ্ট্ৰৰ বিভিন্ন চৰকাৰী সুবিধা গ্ৰহণ কৰিবলৈও অনুন্নত ৰাষ্ট্ৰৰ পৰা অনুপ্ৰবেশ ঘটে। অনুপ্ৰবেশৰ আন এক অন্যতম কাৰণ হল, দেশৰ আভ্যন্তৰীণ সংঘাত, যুদ্ধ, ধৰ্মীয়-সাম্প্ৰদায়িক হিংসা আদিৰ বাবে নিৰ্যাতিত সংখ্যালঘুৰ ৰাষ্ট্ৰ ত্যাগ। উপৰি উক্ত বিভিন্ন কাৰণত পূৰ্বৰ পূৱ পাকিস্থান আৰু পিছলৈ বাংলাদেশৰ পৰা বিগত সময়ত বিভিন্ন ধৰ্মৰ  বিদেশী লোকৰ অসম তথা ভাৰতৰ ভূমিলৈ অনুপ্ৰবেশ ঘটিছে৷

আমি আগতেই উল্লেখ কৰিছো যে, অসমত আধুনিক প্ৰব্ৰজন আৰম্ভ হৈছিল আহোম অসমক ১৮২৬ চনত  বৃটিছ শাসন ব্যৱস্থাৰ সৈতে সাঙোৰাৰ পিছৰে পৰা। গোৱালপাৰাৰ ক্ষেত্ৰত ১৭৮৯ চনৰ চিৰস্থায়ী বন্দোবস্তৰ জৰিয়তে ভূমিৰ ওপৰত প্ৰত্যক্ষ খাজনা সৃষ্টিয়েই আছিল প্ৰত্যক্ষ উপনিবেশ ব্যৱস্থা স্থাপনৰ লাইখুটা।  বৃটিছ শাসনৰ সময়ত মুখ্য ছয় ধৰণে অনুপ্ৰবেশ সংঘটিত হৈছিল। দেশ বিভাজনৰ পূৰ্বে আধুনিক প্ৰব্ৰজনৰ ধৰণ আছিল নিম্নোক্ত ধৰণৰঃ-

১) বিহাৰ-ঝাৰখণ্ড- উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ পৰা চাহ বাগানৰ শ্ৰমিক আমদানি

২) পূৰ্ব বংগীয় (বৰ্তমান বাংলাদেশ) মুছলমান কৃষি শ্ৰমিক

৩) কৃষক, সেনাবাহিনী আৰু কাৰ্যালয়ৰ ৪ৰ্থ বৰ্গৰ সহায়ক হিচাপে নেপালী লোক

৪) আমোলা আৰু অন্য পেছাদাৰী কামৰ বাবে অহা পূৰ্ববংগীয় বঙালী হিন্দু

৫) ৰাজস্থানৰ পৰা অহা মাৰোৱাৰী সম্প্ৰদায়ৰ লোক ব্যৱসায়ী হিচাপে

৬) বিহাৰ-উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ হিন্দীবলয়ৰ পৰা কাৰীকৰী কাম, দাৰোৱান, ৰিক্সাচালক, ঠেলাচালক আৰু শ্ৰমিক হিচাপে অহা হিন্দুস্থানীলোক।

১৯২১ চনৰ লোকপিয়লত দেখুৱায় যে পূৰ্ববংগৰ পৰা সতি সন্ততিসহ ৩,৩০,০০০ মুছলমান  লোকক অসমৰ গোৱালপাৰাত স্থাপিত কৰা হয়। ক্ৰমশ: তাৰ পৰাই নগাওঁ, দৰং কামৰূপ, শিৱসাগৰ আদি জিলালৈ বিয়পি যায়। ইয়াৰ অধিকাংশই আছিল মৈমনসিংহ জিলাৰ পৰা অহা। উল্লেখ্য যে, ১৯০১ চনৰ পৰাই গোৱালপাৰাৰ জমিদাৰ আৰু অনা অসমীয়া ব্যৱসায়ীসকলে নিজৰ নিজৰ বিস্তীৰ্ণ কৃষি পামত আৰু চৰ আৰু নৈপৰীয়া উৰ্বৰ অঞ্চলবোৰত সস্তীয়া শ্ৰমিক হিচাপে মৈমনসিংহৰ পৰা মুছলমান লোক আনি বহুৱাইছিল। ইয়াৰ উদ্দেশ্য আছিল ১৭৮৯ চনত বৃটিছে প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দোবস্তীৰ মাজেৰে বিপুল পৰিমাণৰ প্ৰত্যক্ষভাবে ভূমিৰ ওপৰত খাজনা সংগ্ৰহ কৰা। তাৰ আগতে গোৱালপাৰাত প্ৰত্যক্ষভাবে ভূমি-খাজনা নাছিল। কৰ আছিল, বনকৰ, জলকৰ আদিৰ ৰূপত।( শান্ত বৰ্মন, মেচপাৰা জমিদাৰীৰ চমু ইতিহাস, আগলতি, ১৯৯১)। থলুৱা লোকসকলে কৰৰ ভয়ত এখন পৰগনাৰ পৰা আন এখন পৰগনালৈ প্ৰব্ৰজন কৰিছিল আৰু নতুন নতুন ঠাইত হাবি পুৰি খেতি কৰাৰ অভ্যাসৰ কাৰণে একে ঠাইতে চিৰস্থায়ীভাবে থকাৰ আগ্ৰহী নাছিল। মৈমনসিঙিয়া মুছলমান শ্ৰমিক সকলেই আছিল বিশ্বাসযোগ্য স্থায়ী ৰায়ত।

ইতিহাস চালেই দেখা পাওঁ কিদৰে বৃটিছৰ খাজনা বৃদ্ধিৰ বাবে থলুৱা কৃষকে ভূমিৰ অধিকাৰ হেৰুৱাইছিল, কানিৰ নিচাত নিজৰ কৃষি ভূমি কানি মহলদাৰ বা মহাজনৰ হাতত বন্ধক থৈছিল অসমীয়াই।  হেজাৰ হেজাৰ লোকৰ মাটি সম্পত্তি বাজেয়াপ্ত হৈছিল। এইদৰে ছলে বলে কৌশলে ১৯৩৯ চনতেই বিপুল পৰিমাণৰ পূৰ্ববংগীয় লোকক স্থানীয় মহাজন আৰু মাৰোৱাৰী বেপাৰীয়ে অসমীয়া কৃষকৰ পৰা বাজেয়াপ্ত কৰি লোৱা মাটিত বহাইছিল৷ অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল৷ ১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই ১% মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ৷  আনকি নামনি  অসমৰ প্ৰায়ভাগ কৃষি ভূমি মাৰোৱাৰীৰ দখললৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল৷ তাৰ আগতেই চাদুল্লা চৰকাৰে মুছলীম লীগৰ ভোট বেংকৰ বাবে সেজউ বিপ্লৱৰ নামত পূৰ্ববংগীয় লোকক আনি অসমৰ দ ভূমি আদিত বহুৱাইছিল৷ এইসকল প্ৰব্ৰজনকাৰীয়ে প্ৰথমে নৈপৰীয়া অঞ্চল, চৰ-চাপৰি আদিত পাম পাতিছিল বাবে স্থানীয় অধিবাসীয়ে পমুৱা বা চৰুৱা বুলিছিল।

দেশ বিভাজনৰ পিছত হোৱা বৃহৎ অনুপ্ৰবেশ-

১) ১৯৪৭ চনত দেশ বিভাজনৰ ফলত স্বেচ্ছাই আৰু বলপূৰ্বকভাবে ধৰ্মীয়-সাম্প্ৰদায়িক ভাবুকিৰ ফলত অনুপ্ৰবেশ  হোৱা হিন্দু বঙালী, বৌদ্ধ আদি।

২) ১৯৫০ চনত ইণ্ডো-নেপাল সন্ধিৰ ফলত নেপালৰ পৰা হোৱা প্ৰব্ৰজন।

৩) ১৯৫০  চনত নেহেৰু-লিয়াকত চুক্তিৰ ফলত বাংলাদেশৰ পৰা প্ৰব্ৰজন।

৩) ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত পাকিস্থানৰ ভয়ত অনুপ্ৰবেশ ঘটা ভালেসংখ্যক হিন্দু আৰু মুক্তিযুদ্ধৰ সংকটৰ পৰা নিৰাপদ স্থান বিচাৰি অহা পূৰ্ববংগীয় মুছলমান।

৩) ১৯৭৩-৭৪ চনত অৰ্থনৈতিক সংকটৰ সময়ত বাংলাদেশৰ পৰা হিন্দু-মুছলমান অনুপ্ৰবেশ।

দেশ বিভাজনৰ সময়ত ১৯৪৬ চনত হোৱা নোৱাখালী সাম্প্ৰদায়িক সংঘৰ্ষ আছিল পূৱ পাকিস্থানৰ পৰা অসমলৈ অনুপ্ৰবেশৰ ভয়ংকৰ কাহিনী। ১৯৫১ চনৰ লোকপিয়লে দেখুৱাইছিল যে, কাচাৰলৈ চিলেট জিলাৰ পৰা অনুপ্ৰবেশ ঘটা সংখ্যা আছিল ৯৩,১৭৭, ৪৪, ৯৬৭ জন গোৱালপাৰালৈ, ৪২,৮৭১ জন কামৰূপ, নগাওঁলৈ ৩৮,৫৯৯, দৰং ১৮৮৫৩, শিৱসাগৰ ৭,৫১৪, লক্ষীমপুৰ ১৩,৯৬৫, কাৰ্বি পাহাৰ আৰু উত্তৰ কাচাৰ পাহাৰলৈ ১,৯৪৩। সৰ্বমুঠ অনুপ্ৰবেশ কৰা লোকৰ সংখ্য ২৬,১,৮৮৯ জন। এইসকলৰ অধিকাংশই নিজৰ নাম শৰণাৰ্থী তালিকাত উঠোৱা নাছিল কেৱল পুনৰ পাকিস্থানলৈ পঠোৱাৰ ভয়ত।  উল্লেখ্য যে, কেৱল অসমতে বাসস্থান হেৰুওৱা লোকৰ সংখ্য আছিল ১১৪,৫০০ জন ।  ১৯৫০ চনত নেহেৰু-লিয়াকত চুক্তি অনুসৰি দুই দেশৰ শৰণাৰ্থীসকলৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত দুয়ো দেশ সন্মত হৈছিল।

মিঃ পাকিনটেইন (Mr. Pakyntein,  the Superintendent of Census operations,Assam, 1961) ৰ মতে ১৯৫১-৬১ চনৰ ভিতৰত মুঠ ৫,২০,০০০ জন লোক অসমলৈ প্ৰব্ৰজন কৰিছিল। পূৰ্ববংগ (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা প্ৰব্ৰজিত হোৱা মুছলমান লোকৰ সংখ্যা ২,২০,০০। বাকী ৩০০,০০০ লোক হিন্দু স্থানহাৰা লোক (displaced person) আৰু ভাৰতৰ অন্য প্ৰান্তৰ পৰা অহা অনা-মুছলমান। (গেজেটিয়াৰ অৱ ইণ্ডিয়া, আচাম ষ্টেট, ভলিউম-১)

উক্তসময়ৰ ভিতৰত অকল যে বাংলাদেশৰ পৰাই প্ৰব্ৰজন হৈছিল এনে নহয়, নেপালৰ পৰাও বিপুল সংখ্যক নেপালি লোক অসমত প্ৰবেশ কৰিছিল। ওপৰোক্ত গেজেটিয়াৰত উল্লেখিত তথ্য অনুসৰি ১৯৫১ চনত অসমত ১,২২,৮২৩ জন নেপালীভাষী লোক ১৯৬১ চনত প্ৰায় দুগুন হৈছিল।  ১৯৬১-৭১ চনৰ ভিতৰত নেপালী জনসংখ্যা ৮০%  বৃদ্ধি হৈছিল। উল্লেখযোগ্য যে, অসম আন্দোলনৰ সময়ত বাংলাদেশী বিদেশীৰ সমান্তৰালকৈ নেপালী বিদেশীক বিতাড়নৰ বাবেও আন্দোলন চলিছিল।

১৯৭১চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ১০ মিলিয়ন লোকৰ সীমান্তৱৰ্তী ভাৰত ভূমিত  অনুপ্ৰবেশ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ সংখ্যক শৰণাৰ্থীৰ অনুপ্ৰবেশ। উল্লেখযোগ্য যে, ১৯৭১ চনৰ পিছতো এই অনুপ্ৰবেশ চলি থকাৰ তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰিছে বাংলাদেশৰ লোকপিয়লেই। এয়া বিশ্লেষণ নকৰিলেও হব যে, উক্ত অনুপ্ৰবেশকাৰীৰ গৰিষ্ঠ সংখ্যকেই আছিল হিন্দু ধৰ্মাৱলম্বী। অৰ্থাৎ তথ্যই সুচায়  যে, বৃটিছ কালীন সময়ত পূৰ্ববংগৰ (এতিয়াৰ বাংলাদেশ) পৰা অনুপ্ৰবেশ কৰা গৰিষ্ঠসংখ্যক আছিল মুছলমান আৰু দেশ বিভাজনৰ পৰা ১৯৭১ চনলৈ বা তাৰপিছতো বাংলাদেশৰ পৰা অনুপ্ৰবেশ কৰাসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু আৰু কম বেছি অন্যান্য ধৰ্মৰ লোক। আমি সকলোৱেই জানো যে, ছবছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত ভাৰত চৰকাৰৰ সৈতে হোৱা অসম চুক্তিমতে ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে মানি লোৱা হৈছে। কিছু দল সংগঠনে ৫১ চন দাবী কৰিছে যদিও ১৯৭১ চনৰ ভিত্তি বৰ্ষক প্ৰায় সকলো দল সংগঠনে মানি লোৱা দেখা গৈছে আৰু সাংবিধানিক মান্যতা পাইছে ।

এতিয়া আমি আলোচনা কৰিম ১৯৭১ চনৰ পিছত অসমলৈ বিদেশী অনুপ্ৰবেশৰ ৰূপ প্ৰকৃততে কেনেধৰণৰ। লোকপিয়লে প্ৰকৃততে কি সুচায় ? ১৯৮১, ২০০১ আৰু ২০১১ চনৰ পিয়লমতে,

(হিন্দু)             (মুছলমান)

১৯৬১       ৭৮৮৪৯২০              ২৭,৬৫,৫০৯

১৯৭১       ১০,৬০৪,৬১৮            ৩৫,৯২,১২৪

১৯৮১       পিয়ল নহল              পিয়ল নহল

১৯৯১       ১৫,০৪৭,২৯৩            ৬৩,৭৩,২০৪

২০০১       ১৭,২৯৬,৪৮৫           ৮২,৪০,৬১১

২০১১       ১৯,১৮০,৭৫৯            ১০,৬৭৯,৩৪৫

ওপৰৰ লোকপিয়লৰ সমীক্ষা অনুসৰি দেখা যায় যে, ১৯৬১-১৯৭১ চনৰ ভিতৰত অসমত হিন্দু জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ১৯৬১-১৯৭১ চনৰ ভিতৰত এই সংখ্যা ৯৮,১৬,১২৬ জন, ১৯৮১ চনৰ লোকপিয়ল হোৱা নাছিল। ১৯৭১ চনৰ পৰা ১৯৯১ চনৰ ভিতৰতো হিন্দুৰ জনসংখ্যা বৃদ্ধি  স্বাভাৱিক নহয়।

আনহাতে মুছলমান জনসংখ্যা বৃদ্ধিৰ তালিকা এনেধৰণৰ-

চন   মুঠ মুচলীম জনসংখ্যা           বৃদ্ধি               বৃদ্ধিৰ হাৰ (শতাংশত)

১৯১১   ৬৩৪১০১              ১৩০৪৩১                 ২৫.৯ %

১৯২১   ৮৮০৪২৬               ২৪৬৩২৫                 ৩৮.২৫ %

১৯৩১ ১২৭৯৩৮৮              ৩৯৮৯৬২               ৪৫.৩১ %

১৯৪১ ১৬৯৬৯৭৮              ৪১৭৫৯০                ৩২.৬৪ %

১৯৫১ ১৯৯৫৯৩৬              ২৯৮৯৫৮               ১৭.৬২ %

১৯৬১ ২৭৬৫৫০৯              ৭৬৯৫৭৩               ৩৮.৫৬ %

১৯৭১ ৩৫৯৪০০৬              ৮২৮৪৯৭               ২৯.৯৬ %

১৯৮১ পিয়ল নহল  -           পিয়ল নহল              পিয়ল নহল

১৯৯১ ৬৩৭৩২০৪              ২৭৭৯১৯৮              ৭৭.৩৩ %

২০০১ ৮২৪০৬১১              ১৮৬৭৪০৭              ২৯.৩০ %

২০১১ ১০,৬৭৯,৩৪৫           ২৪৩৮৭৩৪              ২৯.৫৯ %

ওপৰৰ তালিকাখনৰ ওপৰত ভিত্তি কৰি কব পাৰি যে, ১৯২১-১৯৩১ চনৰ ভিতৰত অসমত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বোচ্ছ। ইয়াৰ ঐতিহাসিক কাৰণ ওপৰত উল্লেখ কৰা হৈছে। আনহাতে ১৯৪১-১৯৫১ চনৰ ভিতৰত সৰ্বনিম্ন হাৰত কমিছে। তাৰ কাৰণ হল দেশ বিভাজনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত অসমৰ পৰা বহুসংখ্যক মুছলমানে অসম ত্যাগ কৰিব লগা হৈছিল। ১৯৭১–১৯৯১ চনলৈ মুছলমান জনসংখ্যা বৃদ্ধি স্বাভাৱিক নহয়। ১৯৮১ চনৰ লোকপিয়ল নোহোৱাৰ বাবে ১৯৯১ চনৰ পিয়লত পূৰ্বৰ তুলনাত জনসংখ্যাৰ হাৰ সৰ্বাধিক হোৱা দেখি গৈছে। এই সংখ্যাটোক বৃহৎ অনুপ্ৰবেশৰ ফল হিচাপে দেখুওৱা হয়। অৱশ্যে ইয়াৰ সৈতে অন্যান্য কেতবোৰ দিশ যেনে আভ্যন্তৰীন প্ৰব্ৰজন (Internal migration), পৰিয়াল পৰিকল্পনা কাৰ্যসুচীৰ প্ৰয়োগ, সফলতা-বিফলতা, শিক্ষিতৰ হাৰ আদি জনসংখ্যা বৃদ্ধিৰ অন্যান্য দিশবোৰ আওকান কৰা দেখা যায় ।

এতিয়া আমি চাওঁ বাংলাদেশৰ জনসংখ্যা হিন্দু মুছলীম শতাংশ হিচাপে-

চন         হিন্দু                    মুছলমান

১৯৫১       ২২.০                   ৭৬.৯

১৯৬১       ১৮.৫                   ৮০.৪

১৯৭৪       ১৩.৫                   ৮৫.৪

১৯৮১       ১২.১                    ৮৬.৭

১৯৯১       ১০.৫                   ৮৮.৩

২০০১       ৯.২                     ৮৯.৭

২০১১       ৮.৫                    ৯০.৫

 (উইকিৰ পৰা উপলব্ধ )

ইয়াত দেখা যায় যে, ১৯৫১-২০১১ চনলৈ বাংলাদেশত হিন্দুৰ জনসংখ্যা ক্ৰমশঃ কমি অহাৰ সমান্তৰালকৈ মুছলমান জনসংখ্যা ১৯৫১-১৯৭৪ চনলৈ বৃদ্ধি হৈছে আৰু ১৯৮১-২০১১ চনলৈ এই বৃদ্ধিৰ পূৰ্বৰ হাৰ কমি প্ৰায় স্থিৰ ৰূপ লৈছে। এইক্ষেত্ৰত বহুতে বহু সমীকৰণ উলিয়ালেও এক উল্লেখযোগ্য তথ্য এতিয়াও বহুলভাবে আলোচিত হোৱা নাই। এই তথ্যমতে বাংলাদেশ বৰ্তমান মুঠ উৰ্বৰতা হাৰ (Total Fertility rate) বৰ্তমান দক্ষিণ-পূৱ এচিয়াৰ ভিতৰতে সৰ্বনিম্ন। বিশ্ববেংকে প্ৰকাশ কৰা সুত্ৰমতে প্ৰতিগৰাকী মহিলাৰ সন্তান জন্ম দিয়াৰ হাৰ ১৯৭০ৰ আগতে প্ৰায় ৭ (সাত) তকৈ বেছি আছিল, যিটো তাৰ পিছত পৰ্যায়ত হ্ৰাসহৈ ২.২ লৈ নামিছে। অসমৰ ক্ষেত্ৰত এই হাৰ ২.৩৬। এই সুত্ৰমতে যদি আমি যাওঁ তেনেহলে বাংলাদেশৰ পৰা ১৯৭১ চনৰ পিছত মুছলমান অনুপ্ৰবেশ ভাৰতৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰপাগাণ্ডা অনুসৰি চাবলৈ গ’লে শুদ্ধ নহয়। আনহাতে বাংলাদেশ বৰ্তমান অৰ্থনৈতিকভাবে ক্ষিপ্ৰ উন্নয়নশীল দেশবোৰৰ ভিতৰত অন্যতম। ২০১১ পিয়ল অনুসৰি বাংলাদেশৰ জনমুৰি আয় ৬৪১ ইউ এচ ডলাৰৰ বিপৰীতে অসমৰ জনমুৰি আয় ৪৭৫ ইউ এচ ডলাৰ মাত্ৰ। আনহাতে বাংলাদেশৰ মুঠ ঘৰুৱা উত্পাদন ইউ এচ ডলাৰ হিচাপত ১০০.৩২ বিলিয়নৰ বিপৰীতে অসমৰ মুঠ ঘৰুৱা উত্পাদন মাত্ৰ ১১.৭১ বিলিয়ন।  গতিকে একমাত্ৰ অৰ্থনৈতিক কাৰণত বাংলাদেশৰ পৰা অনুপ্ৰবেশ হোৱাৰ সম্ভাৱনা এতিয়াও আছে বুলি কব নোৱাৰি।

বাংলাদেশত মুঠ উৰ্বৰতা হাৰ (Total Fertility rate) যেনেকৈ কমিছে তেনেকৈ অসম বা ভাৰতত কমা নাই। মুঠ উৰ্বৰতা হাৰ (Total Fertility rate)ত অসমৰ স্থান ভাৰতৰ মুঠ উৰ্বৰতা হাৰৰ শিখৰত থকা ৰাজ্যবোৰৰ ভিতৰত বুলি কব পাৰি। নিম্নোক্ত গৱেষণা অনুসৰি অসমত মুছলমানৰ গড় মুঠ উৰ্বৰতা হাৰ (TFR) ৫.১। উদ্বেগজনকভাবে দৰং আৰু বঙাইগাওঁ জিলাত এই হাৰ ৫.৫ৰ ওপৰত। অসমত হিন্দুৰ মুঠ উৰ্বৰতা হাৰ (TFR) মাত্ৰ ২.৮।**(  Classification and Ranking of Districts in Assam Based on Growth of Population M. Borah1 and Sangeeta Borah2 1Prof. Department of Mathematical Sciences, Tezpur University, Napaam, Assam, India, Pin 784028. 2Department of Mathematical Sciences, Tezpur University, Napaam, Assam, India, Pin 784028.)

অসমত মুছলমান জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ শিক্ষাহীনতা। লোকপিয়ল অনুসৰি অসমত মুছলমান মহিলাৰ স্বাক্ষৰতাৰ হাৰ অতি নিম্ন। এই হাৰ ভাৰতৰ মুঠ হাৰতকৈ বহুত তলত। বিভিন্ন গৱেষণাৰ দ্বাৰা এয়া প্ৰমাণিত হৈছে যে, যি ঠাইত মহিলাৰ স্বাক্ষৰতাৰ হাৰ নিম্ন তাত সন্তান জন্মৰ হাৰো বেছি। কল্যাণকামী ভাৰতত যে জনকল্যাণে সাধাৰণ জনতাক স্পৰ্শ কৰিব পৰা নাই তাৰ প্ৰমাণ এইবোৰ। ৰাজনৈতিক স্বাৰ্থত চৰকাৰে সদায় এইবোৰ দিশ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকে।

উল্লেখযোগ্য যে, সৰ্বভাৰতীয় হাৰৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সদায় বেছি। ১৯০১ চনৰ পৰাই এই হাৰ সৰ্বভাৰতীয় হাৰৰ তুলনাত অধিক দেখা যায়। ১৯০১১-১৯২১ লৈ যিখিনি সময়ত মাৰিমৰক আদিৰ বাবে সৰ্বাভাৰতীয় জনসংখ্যাৰ হাৰ কমিছিল, সেইসময়তো অসমত জনসংখ্যাৰ হাৰ বেছি আছিল। আনকি ১৯৪৭ চনৰ স্বাধীনতাৰ পিছতো ভাৰতীয় হাৰ কমাৰ বিপৰীতে অসমৰ জনসংখ্যাৰ হাৰ অধিক আছিল। ১৯৯১ চনত পোনপ্ৰথমবাৰৰ বাবে অসমত জনসংখ্যাৰ হাৰ সৰ্বভাৰতীয় হাৰৰ তুলনাত কম হয়। তাৰ কাৰণ হিচাপে দাঁতিকাষৰীয়া ৰাজ্যলৈ আভ্যন্তৰীণ প্ৰব্ৰজন (Internal migration) অন্যতম যুক্তিযুক্ত কাৰণ বুলি ক’ব পৰা যায়। এই পিয়লবোৰে এটা কথাই প্ৰমাণ কৰে যে, সৰ্বভাৰতীয় হাৰৰ তুলনাত অসমৰ জনসংখ্যাৰ হাৰ বৃদ্ধি মানেই অবৈধ অনুপ্ৰবেশ নহয়।

এক গৱেষণামূলক ক্ষেত্ৰভিত্তিক তথ্য মতে বাংলাদেশৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা সকলৰ মাজত ৫৩% হিন্দু হোৱাৰ বিপৰীতে মাত্ৰ ১৭% হে মুছলমান। ইয়াৰে ২০% ই প্ৰব্ৰজনৰ কাৰণ হিচাপে নিয়োগৰ সুবিধা বুলি উল্লেখ কৰাৰ বিপৰীতে ২০% ই বাংলাদেশত নিৰাপত্তাহীনতাত ভোগা বুলি উল্লেখ কৰিছে। ২৩% ই প্ৰব্ৰজনৰ কাৰণ হিচাপে দুৰ্ভিক্ষ বুলি উল্লেখ কৰিছে। উল্লেখ্য যে বাংলাদেশৰ মুক্তি যুদ্ধৰ পিছত ১৯৭৪-৭৫ চনত হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ৰ বিপুল সংখ্যক বাংলাদেশী নাগৰিকৰ প্ৰব্ৰজন হৈছিল। **৫ (A Study Of Migration From Bangladesh To Assam, India and Its Impact, by Madhumita Sarma, M.Sc. A Thesis Submitted For The Doctor Of Philosophy, Dept. Of Geography, Environment and Population, Faculty Of Arts, The University Of Adelaide, Adelaide, S.A 5005, Australia )

আভ্যন্তৰীণ প্ৰব্ৰজন (Internal migration) আধুনিক বিশ্বৰ এক অন্যতম সৃষ্টি। অন্তৰ্জাতিক সীমান্তইদি অবৈধ অনুপ্ৰবেশৰ আলোচনা কৰাৰ সময়ত বহু সময়ত আভ্যন্তৰীণ প্ৰব্ৰজন (Internal migration) ৰ দিশটো উলাই কৰা দেখা যায়। এই আভ্যন্তৰীণ প্ৰব্ৰজন কেতিয়াবা আন্তঃৰাজ্যিক বা কেতিয়াবা আন্তঃজিলা ভিত্তিক হ’ব পাৰে। উল্লেখযোগ্য যে ২০১১ পিয়ল অনুসৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ হোৱা আভ্যন্তৰীণ প্ৰব্ৰজন ৫১৫৯২৪ জন। আভ্যন্তৰীণ প্ৰব্ৰজনেও জনগাঠনিৰ পৰিৱৰ্তন সাধন কৰে। বিশেষকৈ নগৰাঞ্চলত আৰু উদ্যোগিক ক্ষেত্ৰবোৰত এই আভ্যন্তৰীণ প্ৰব্ৰজনৰ হাৰ অধিক দেখা যায়। আমি আগতেই কৈছো যে, বৃটিছকালীন সময়তে প্ৰায় তিনি লাখ পূৰ্ববংগীয় মৈমনচিঙিয়া লোক প্ৰথমতে অবিভক্ত গোৱালপাৰাত স্থাপিত হৈছিল আৰু তাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰব্ৰজিত হৈছিল। এই প্ৰব্ৰজন এতিয়াও শেষ হোৱা নাই, বৰং গড়াখহনীয়া আদি প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে বহু লোক এতিয়াও এখন জিলাৰ পৰা আন এখন জিলালৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে। সেয়ে তথাকথিত ‘হঠাত গজি উঠা বাংলাদেশী গাওঁবোৰ’ দেখি বিতত হৈ পৰা কোনোৱে লিখিলে অসমত লাখ লাখ বাংলাদেশী প্ৰতিবছৰে প্ৰবেশ কৰা বুলি। কিন্তু এই ‘হঠাত গজি উঠা বাংলাদেশী গাওঁবোৰ’ অসমত প্ৰতিবছৰে প্ৰবেশ কৰা অবৈধ বাংলাদেশীৰ প্ৰমাণ নহবও পাৰে। মৰিগাওঁ জিলাত এনেদৰে হঠাত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধিৰ প্ৰসংগতেই ভোটাৰ তালিতাৰ পুনৰীক্ষণৰ দাবী তুলি অসম আন্দোলনৰ সূত্ৰপাত ঘটিছিল। এয়া প্ৰকৃততে অবৈধ অনুপ্ৰবেশকাৰী নে আভ্যন্তৰীণ প্ৰব্ৰজনৰ ফল সেয়া এতিয়াও নিশ্চিতভাবে কব নোৱাৰি যদিও আভ্যন্তৰীণ প্ৰব্ৰজনৰ ফলত অসমৰ ভিন্ন ঠাইত তেনে গাওঁ গঢ়ি উঠাৰ উদাহৰণ বহুত আছে।

আমি জানো যে, পূৰ্ববংগীয়মূলৰ মুছলমান অধ্যুষিত অঞ্চলবোৰ ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া আৰু চৰপ্ৰধান অঞ্চল। এইবোৰ অঞ্চল সদায় বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্থ। এইবোৰ লোকে জীৱন ধাৰণৰ বাবে বিকল্প জীৱিকাৰ সন্ধান বিচাৰি উত্তৰ পূৱৰ দাঁতিকাষৰীয়া ৰাজ্য, পাৰ্বত্য অঞ্চল আৰু অসমৰো বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰিছে। একাংশ দালাল প্ৰকৃতিৰ লোকে আৰু ৰাজনৈতিকভাবে স্বাৰ্থান্ধ লোকে এইসকল লোকক কেতিয়াবা জনজাতি বেল্ট-ব্লক, সংৰক্ষিত বনাঞ্চল আদিতো স্থাপন কৰিছে। ভূমিহীন এইসকল লোকৰ স্বাভাৱিক বৈশিষ্টই হ’ল যিকোনো ঠাইত মূৰ গুজিবলৈ পালেই স্বায়ীভাবে গাওঁপাতি বসতি স্থাপন কৰা। অকল ভূমিহীন লোকেই নহয়, অবৈধ অনুপ্ৰবেশকাৰীকো ভাৰতীয় নথি-পত্ৰ যোগাৰ কৰি দিয়া, সংস্থাপন কৰা আদিৰ বাবে এক সংগঠিত দালালতন্ত্ৰ থকা বুলি চৰকাৰীভাবেই প্ৰচাৰ কৰা হয় । অথচ তেনে ভ্ৰষ্টাচাৰী লোকক আজিকোপতি এখন শক্তিশালী ৰাষ্ট্ৰৰ সংগঠিত চোৰাংচোৱা বাহিনী থকাৰ পিছতো কিয় এজনো আটক কৰা নাই সেয়া ডাঙৰ ৰহস্য। চৰকাৰৰ সঠিক ভূমিনীতিৰ অভাৱত এইদৰে এইসকল লোকে অসমৰ বিভিন্ন ঠাইৰ জনগাঠনিলৈ পৰিৱৰ্তন আনি সেই ঠাইৰ থলুৱা লোকৰ মনত শংকাৰ সৃষ্টি কৰা দেখা গৈছে।

আমি পূৰ্বতেই কৈ আহিছো যে চুবুৰীয়া দেশৰ পৰা আন্তঃসীমান্ত প্ৰব্ৰজন বা বিদেশী অনুপ্ৰবেশ এক গোলকীয় পৰিঘটনা। প্ৰব্ৰজনৰ কাৰণো ভিন্ন। কিন্তু আমাৰ বক্তব্যৰ উদ্দেশ্য হল অনুপ্ৰবেশ সম্পৰ্কত চৰকাৰী-বেচৰকাৰী বিভিন্ন সংস্থাৰ অতি বেছি দায়িত্বহীন বক্তব্য আৰু ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ প্ৰপাগাণ্ডাবোৰে অনুপ্ৰবেশৰ প্ৰকৃত ছৱিখন ৰাইজৰ আগত সঠিককৈ কেতিয়াও দাঙি ধৰিব নোৱাৰে। অবৈধ বিদেশী বিতাড়নৰ সমস্যাও এক আন্তৰ্জাতিক সমস্যা। আমেৰিকা, ইংলেণ্ড আদি দেশেও বিদেশী বিতাড়নৰ সমস্যাত ভাৰাক্ৰান্ত। এক সমীক্ষামতে ২০০৭ চনত লণ্ডনত ৭,২১,০০০ অবৈধ অনুপ্ৰবেশকাৰীৰ ভিতৰত ১১১,২৬৫ জনক বিগত ১০ বছৰত তেওঁলোকৰ নিজ দেশলৈ বিতাড়ন কৰিবলৈ সক্ষম হৈছে। আনহাতে চৰকাৰী তথ্য অনুসৰি অসমত ১৯৭১ চনৰ পৰা ২০০০ চনলৈ অৰ্থাৎ বিগত ৩০ টা বছৰে  ট্ৰাইবুনেলবোৰে (IMDT আৰু F.T) মুঠ ৩৪,৪,৪৪৮ টা অভিযোগৰ বিপৰীতে ২৯,২৩৭ জনক বিদেশী বুলি চিনাক্ত কৰিছে আৰু  ২৪৪২ জন অবৈধ অনুপ্ৰবেশকাৰী বিতাড়ন সম্ভৱ হৈছে। ২০১২ চনৰ জুলাই মাহলৈ  মুঠ চিনাক্ত হোৱা বিদেশীৰ ভিতৰত ৩২,৫৩৭ জনক ১৯৬৬-৭১ চনৰ ভিতৰত অনুপ্ৰবেশ কৰা বাবে অসম চুক্তিৰ আধাৰত নাগৰিকত্ব পঞ্জীয়নৰ সুযোগ দিয়া হৈছে, আনহাতে ৪৪, ২২০ জন ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছে। আনহাতে ৬৩.৭৯ কি.মি. অসম-বাংলাদেশ সীমান্ত অঞ্চলত এতিয়াও কাঁটাতাৰৰ বেৰ দিয়া হোৱা নাই।

উল্লেখযোগ্য যে, বিদেশী সন্দেহত গোচৰ ৰুজু কৰা সকলৰ ভিতৰত পূৰ্ববংগীয় মূলৰ মুছলমান আৰু বঙালী হিন্দু, গাৰো, ৰাভা, হাজং, কোচ, ৰাজবংশী  আদি সম্প্ৰদায়ৰ লোক। আনহাতে বিদেশী বুলি প্ৰমাণিত হোৱা গোচৰবোৰ সৰহভাগেই একতৰফা ৰায়দান। অৰ্থাৎ, ন্যায়াধীকৰণে জাননী জাৰি কৰাৰ পিছত অভিযুক্তক বিচাৰি নোপোৱাৰ বাবে কৰা একতৰফা ৰায়দান। ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে, উপযুক্ত নথি-পত্ৰৰ অভাৱত গোচৰৰ সন্মুখীন হ’ব নোখোজাসকল নিসন্দেহে অবৈধ অনুপ্ৰবেশকাৰী বা আভ্যন্তৰীণ প্ৰব্ৰজনৰ ফলত তেওঁলোকে পূৰ্বৰ ঠাই এৰি অন্য ক’ৰবাত জীৱন নিৰ্বাহ কৰিছে। ১৯৬৬-৭১ চনৰ ভিতৰত অনুপ্ৰবেশ কৰা বাবে অসম চুক্তিৰ আধাৰত নাগৰিকত্ব পঞ্জীয়নৰ সুযোগ দিয়া সকলৰ ভিতৰত অধিকাংশই হিন্দু বঙালী আৰু গাৰো, ৰাভা, হাজং, কোচ-ৰাজবংশী আদি সম্প্ৰদায়ৰ লোক।

বিদেশী ন্যায়াধীকৰণৰ গোচৰ সমূহৰ উল্লেখযোগ্য দিশটো হ’ল গৰিষ্ঠসংখ্যক অভিযুক্ত হ’ল মহিলা। এইসকলৰ অধিকাংশই চৰাঞ্চলত বসতি কৰা নিৰক্ষৰ আৰু দৰিদ্ৰ লোক। অধিকাংশই নিজৰ গাওঁখনৰ বাহিৰে অন্য ঠাইলৈ যোৱা নাই। এওঁলোক স্বাভাৱিকতেই ধৰ্মভীৰু আৰু পৰ্দাৰ আঁৰত থকা মহিলা। এইসকল মহিলাই ন্যায়াধীকৰণৰ সদস্যৰ আগত কথা কোৱাৰ সাহস কৰাতো দূৰৰে কথা অন্য অচিনাকি লোকৰ আগতো কথা কবলৈ সংকোচ কৰে। এইসকলৰ সৰহভাগেই নিজৰ নামটো শুদ্ধকৈ কব নোৱাৰে, নিজৰ বয়স কিমান কব নোৱাৰে, নিজৰ জন্মস্থানৰ সম্পূৰ্ণ ঠিকনা এওঁলোকৰ আয়ত্বৰ বাহিৰত। সেয়ে স্বাভাৱিকতেই গোচৰত জৱাব দিবলৈ যাওঁতে খোকোজা লাগে, জেৰাৰ সময়ত  সঠিককৈ উত্তৰ দিব নোৱাৰে। ফলত নিৰক্ষৰতাৰ বাবেও এচাম ভাৰতীয় নাগৰিক বিদেশী সন্দেহত আটক হব লগীয়া হৈছে।

 শেহতীয়াকৈ পঞ্চায়তৰ লিংক-চাৰ্টিফিকেট অবৈধ ঘোষণা কৰাৰ লগে লগে এইসকল অভিযুক্ত মহিলালৈ অমানিশা নামি আহিছে। উল্লেখ্য যে গৰিষ্ঠ সংখ্যক মহিলাৰে ১৮ বছৰ আগতে বিবাহ হোৱা কাৰণে পিতৃগৃহৰ ভোটাৰ তালিকাত পিতৃ-মাতৃ-ভাতৃৰ সৈতে নাম অন্তৰ্ভুক্ত নহয়। বয়স্ক মহিলাসকলৰ সৰহভাগেই অশিক্ষিত, দৰিদ্ৰ আৰু বিবাহ পঞ্জীয়ন কাৰ্যালয়ত নাম পঞ্জীয়ন নকৰা। উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো কেৱল পিতৃ-মাতৃৰ লগত যোগসুত্ৰ থকা নথি অবিহনে এইসকল মহিলা ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি চিনাক্ত হ’ব। বিদেশী বুলি যদি অকল মহিলাই ভুক্তভোগী হব লগা হয় সেয়া হ’ব সমগ্ৰ গণতান্ত্ৰিক আৰু মানবীয় অধিকাৰৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্ন। আনহাতে বিদেশী ন্যায়াধিকৰণত কৰ্তব্যৰত ন্যায়াধীশ কিছুমানৰ নিৰপেক্ষতাৰ প্ৰতিও অভিযোগৰ আঙুলী উঠা দৃষ্টিগোচৰ হৈছে। ন্যায়ালয় আৰু ন্যায়প্ৰদানৰ এটা অন্যতম দিশ বাৰ-বেঞ্চ ৰিলেশ্যন। অধিবক্তা আৰু ন্যায়াধীশৰ সংঘাত হলে তাত ন্যায় পোৱা নাযায়। এনে সংঘাত বিগত দিনবোৰত দেখা পোৱা গৈছে। এচাম ৰাজনৈতিকভাবে পক্ষপাতদুষ্ট লোকৰ বাবে সমগ্ৰ বিদেশী বিতাড়ন ব্যৱস্থাত পঁয়া লাগিলে বা তাৰ বাবে সাধাৰণ ভাৰতীয় নাগৰিক নিৰ্যাতিত হ’ব লগা হ’লে সমাজত ন্যায় আৰু গণতন্ত্ৰৰ অৱশিষ্টও নাথাকিব। বিদেশী বিতাড়নৰ সমগ্ৰ ব্যৱস্থাটো এতিয়া এই দিশেৰে গতি কৰিবলৈ হ’লে বৰ পৰিতাপৰ কথা হব।

দৰাচলতে কবলৈ গ’লে সমগ্ৰ বিদেশী সমস্যাটো ভ্ৰষ্টাচাৰ আৰু ৰাজনৈতিক পক্ষপাতিত্বৰে ভাৰাক্ৰান্ত। বিদেশী বিতাড়নৰ নামত কেন্দ্ৰৰ পৰা অহা কৌটি কৌটি টকা শৰাধ কৰাৰ অভিযোগ আছে। আনকি এন আৰ চি প্ৰস্তুত কৰণৰ কামতো দুই শতাধিক কৌটি টকাৰ হৰলুকী হোৱাৰ অভিযোগ উছিছে। বিদেশী ন্যায়াধীকৰণবোৰত নাই উপযুক্ত উপৰিসৌধ, নাই উপযুক্ত নিৰাপত্তা আনকি বহা চকী-মেজ, লিখিবলৈ কাগজ-কলম, কাৰ্যালয় চলাবলৈ নাই কোনো উপযুক্ত ব্যৱস্থা। ডিটেনশ্যন কেম্পবোৰত মানুহ জীয়াই থকাৰ  সাধাৰণ মানবীয় অধিকাৰৰ পৰাও বঞ্চিত বুলি শুনা যায়। তদন্তকাৰী সীমান্ত শাখাই সন্দেহযুক্ত বিদেশী বুলি অভিযুক্ত কৰাৰ ক্ষেত্ৰটো দেখা যায় কেতবোৰ সাংঘাতিক দায়িত্বজ্ঞানহীনতা। ইয়াতো দুৰ্নীতিৰ অভিযোগ শুনা যায়। আনকি উপযুক্ত নথি পত্ৰ থকা স্বত্বেও চৰকাৰী চাকৰিয়ালৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া লোকো কেনেকৈ বিদেশী গোচৰত বিচাৰাধীন হয় ভাবিবলগা। এই দুৰ্নীতিগ্ৰস্থ ব্যৱস্থাটোৰ বাবেই সাধাৰণ ভাৰতীয় লোকৰ হাৰাশাস্তি হয় আৰু প্ৰকৃত অবৈধ অনুপ্ৰবেশকাৰী নিৰাপদ দূৰত্বত থাকি যায় বুলি সন্দেহৰ অৱকাশ থাকে। বাংলাদেশৰ নাগৰিকৰ সৈতে অসমৰ পূৰ্ববংগীয় লোকৰ ধৰ্ম-সংস্কৃতি-ভাষা একেই বাবে বিদেশী চিনাক্তকৰণ সহজ নহয়। গতিকেই বিদেশী চিনাক্তকৰণৰ নামত ভাৰতীয় নাগৰিকৰো হাৰাশাস্তি হোৱা স্বাভাৱিক। বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত যিমান পৰা যায় সাবধানতা অৱলম্বন কৰা, তদন্ত প্ৰক্ৰিয়া নিকা কৰাৰ মাধ্যমত সাধাৰণ ভাৰতীয় নাগৰিকৰ হাৰাশাস্তি হোৱাটো হ্ৰাস কৰিব পৰা যায় ।

উপৰোক্ত অধ্যয়ন মৰ্মে এটা কথা স্পষ্ট হয় যে, অসমত অনুপ্ৰবেশ দশক দশক ধৰি চলি আহিছে আৰু ই খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। অৱশ্যে অবৈধ অনুপ্ৰবেশকাৰী বুলি কোৱাৰ লগে লগে অসম চুক্তিৰ আধাৰত ভিত্তি বৰ্ষৰ ভিত্তিতহে কব লাগিব। সকলোতকৈ মাৰাত্মক কথাটো হ’ল এই অনুপ্ৰবেশৰ সমস্যাটোক সংকীৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ ৰাজনৈতিক শঠতাৰে উপস্থাপন কৰা হৈ আহিছে আৰু ই প্ৰপাগাণ্ডাৰ ৰূপলৈ সকলো সম্প্ৰদায়ৰ অসম বাসীক শংকিত কৰি ৰাখিছে। সকলো চৰকাৰী-বেচৰকাৰী সংগঠন, চৰকাৰী এজেঞ্চি আনকি ন্যায়ব্যৱস্থাটোও এই প্ৰপাগাণ্ডাৰ বলি হৈছে যেন অনুমান হয়।

বিদেশী বিতাড়নৰ সকলোতকৈ ডাঙৰ প্ৰহসনটো হল বাংলাদেশৰ সৈতে আজিকোপতি অবৈধ অনুপ্ৰবেশকাৰীক প্ৰত্যাৱৰ্তনৰ কোনো চুক্তি নথকাটো। বাংলাদেশৰ তদানীন্তন বিদেশ মন্ত্ৰী মাছুদ খানে ২০০৩ চনত ঢাকাত হোৱা এক সংবাদ মেলত কৈছিল যে, “বাংলাদেশৰ এজনো অবৈধ প্ৰব্ৰজনকাৰী ভাৰতত নাই। বাংলাদেশৰ বিদেশ মন্দ্ৰীয়ে আনকি ভাৰতক অভিযোগ কৰি কৈছিল যে, বাংলাভাষী মুছলমানক বাংলাদেশীৰ লেবেল লগাই ভাৰতে ভাৰতৰ ভূমিৰ পৰা উচ্ছেদ কৰিব খুজিছে।” যিসময়ত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গঠিত মন্ত্ৰীমণ্ডলীয়ে (Group of Ministers on National Security’ of the Government of India in 2001) উল্লেখ কৰিছে যে, ভাৰতৰ সীমান্তইদি বিগত পাঁচটা দশক ধৰি বিদেশী অনুপ্ৰবেশ চলি আহিছে। তেওঁলোকৰ তথ্য অনুসৰি ভাৰতত ১৫ মিলিয়ন বাংলাদেশী, ২.২ মিলিয়ন নেপালী, ৭০,০০০ শ্ৰীলংকান তামিল আৰু প্ৰায় এক লাখ তীব্বতী প্ৰব্ৰজনকাৰী আছে। ইয়াৰ পৰাই স্পষ্ট হয় অবৈধ অনুপ্ৰবেশকাৰীৰ বিষয়ত ভাৰত-বাংলাদেশৰ কূটনৈতিক বুজাবুজিৰ গভীৰতা কিমান। কেন্দ্ৰৰ কোনো এখন চৰকাৰেই আজিকোপতি এই বিষয়টোক গুৰুত্বসহকাৰে লৈ বাংলাদেশ চৰকাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত শক্তিশালীভাবে উত্থাপন নকৰাটো এক চৰম হতাশাজনক কথা। এইখিনি কথা ইমানতে শেষ নহয়, কিয়নো এই চুক্তি নথকাৰ বাবে সমগ্ৰ পুছ-বেক প্ৰথাটো এক লুকা-চুৰি খেললৈ পৰ্যবশিত হৈছে। আজিলৈকে চিনাক্ত হোৱা এজনো অবৈধ অনুপ্ৰবেশকাৰী যে বাংলাদেশে ঘূৰাই লোৱা নাই নিশ্চিত। তেওঁলোক গৈছে কলৈ ? নিসন্দেহে পুনৰ উভটি আহিছে অসমলৈ। সমগ্ৰ পুছ-বেক ব্যৱস্থাটোৰ ওপৰত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিলে মানৱ অধিকাৰ উলংঘনৰ সাংঘাতিক ছৱি কেতবোৰ পোহৰলৈ যে আহিব সেয়া নিশ্চিত।

বিগত সময়ৰ পৰাই সংখ্যালঘূ ৰাজনীতি বিদেশীৰ ৰক্ষকৰ ভূমিকাত আগবাঢ়িল আনহাতে এচাম জাতীয়তাবাদীয়ে পূৰ্ববংগীয় মূলৰ লোক মানেই (ভিত্তি বৰ্ষৰ পিছত অহা) বিদেশী ধাৰণাৰে আগবাঢ়ি যাওঁতে দুয়ো শিবিৰৰ ৰাজনীতিয়ে অসমৰ জাতীয় জীৱন জটিল কৰি তুলিলে৷ অসম আন্দোলনৰ সময়ৰ পৰাই আন্দোলনৰ ভিতৰত মৌলবাদী শক্তি প্ৰবেশ কৰি আকৌ এই সমস্যাটোক হিন্দু মুছলমানৰ ৰাজনীতিলৈ পৰ্যবশিতঃ কৰিলে৷ এটা শিবিৰৰ মতে এটাও বাংলাদেশী নাই, আনটো শিবিৰৰ মতে লাখ লাখ বাংলাদেশী আছে যিবোৰক খেদি বাংলাদেশী মুক্ত অসম কৰিব পাৰি৷ দুয়ো সম্প্ৰদায়ৰ মনত শংকা থকা হেতুকে ই সকলোতকৈ শক্তিশালী ৰাজনৈতিক ব্ৰহ্মাস্ত্ৰ হিচাপে পৰিগণিত হ’ল৷

অসমত এটাও বাংলাদেশী (অবৈধ) নথকা শ্লোগান যেনে হাস্যকৰ তেনেকৈ মুছলমানৰ সংখ্যা বৃদ্ধিৰ লগত অনুপ্ৰবেশৰ সমস্যাক ঘোল বনাই ভয় খুৱাই ৰাজনীতি কৰাটোও অবান্তৰ৷ পূৰ্বতেই আমি উল্লেখ কৰিছো কিদৰে ১৯০৩ চনৰ পৰাই গোৱালপাৰাত বিপুল পৰিমাণৰ পূৰ্ববংগীয় লোক জমিদাৰ আৰু অনা অসমীয়া মহাজনে নিজৰ কৃষিপামবোৰত শ্ৰমিক হিচাপে বহাইছিল৷ অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল৷ আনকি সত্ৰৰ বহু মাটিও তেনেকৈয়ে অসমীয়াৰ হাতৰ পৰা গৈছিল ৷ ১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই ১% মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ ৷ আনকি ১৯২৮-১৯৩৩ চনৰ ভিতৰত তীব্ৰ অৰ্থনৈতিক সংকটৰ সময়ত অসমৰ প্ৰায়ভাগ কৃষি ভূমি মাৰোৱাৰী মহাজনৰ হাতলৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল বা চৰা দামত পমুৱাক বিক্ৰী কৰিছিল৷ উল্লেখ কৰা হৈছে যে, মাটিৰ ফটকা ব্যৱসায়ত জড়িত মাৰোৱাৰী আৰু অসমীয়া বিশেষকৈ বৰপেটীয়া সুদখোৰ মহাজনেও পমুৱাক মাটি বিক্ৰি কৰিছিল। আনকি সুদৰ বিনিময়ত বৰপেটাৰ হাটীৰ পুঁজিও পমুৱাক মাটি কিনিবলৈ ধাৰে দিয়া হৈছিল। (ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা, ৰমেশ কলিতা, পৃ ১৫৩)।

  তাৰ আগতেই চাদুল্লা চৰকাৰে সেজউ বিপ্লৱৰ নামত পমুৱা লোকক অসমৰ দ ভূমি আদিত বহুৱাইছিল মুছলীম লীগৰ ভোট বেংকৰ বাবে৷ ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ উদাৰবাদৰ সলনি পিছলৈ ইছলামিক স্থানৰ সপোন দেখুৱাবলৈ এচাম কট্টৰবাদীৰো জন্ম হৈছিল বা হৈ আছে৷ এই লোকসকলৰ মধ্যশ্ৰেণীয়ে সদায় অসমৰ ৰাজনীতিত নিজৰ প্ৰাসংগিতা বজাই ৰাখিবলৈ নিজৰ ৰাজনৈতিক মতাদৰ্শ সলনি কৰি অহা দেখা যায়৷ কিন্তু লক্ষ্যণীয় কথাটো হ’ল, ইমানৰ পিছতো সাধাৰণ দৰিদ্ৰ লোকসকলৰ কিন্তু অৱস্থানৰ বিশেষ সলনি হোৱা নাই৷ তেওঁলোক সদায় কূট ৰাজনীতিৰ বলি হৈ আহিছে৷

পূৰ্ববংগীয় মুছলমান সকলে নিজৰ মাতৃভাষা অসমীয়া বুলি লোকপিয়লত উল্লেখকৰা আৰু অসমীয়া মাধ্যমক শিক্ষাৰ মাধ্যম হিচাপে লোৱা বিষয়টো অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ যদিও বৰ্তমান বহুতেই এই দিশটোক উপেক্ষা কৰা দেখা যায়। ১৯৫১ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত অসমৰ জনসংখ্যা ৮ মিলিয়নৰ পৰা ১০.৬ মিলিয়ন হৈছিলগৈ। কিন্তু এই সময়খিনিৰ মাজত অসমীয়াভাষীৰ সংখ্যা বৃদ্ধি হৈছিল মাত্ৰ ৪.৬ মিলিয়নৰ পৰা ৬.৭ মিলিয়ন। ১৯৩১ চনৰ পিয়লমতে মাত্ৰ ১.৭ মিলিয়ন লোকেহে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি দাবী কৰিছিল। ১৯৬১ৰ পৰা ১৯৭১ চনৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমীয়াভাষী সংখ্যালঘূ হৈছিল, সংখ্যাগৰিষ্ঠ হৈছিল বঙালীভাষী। ১৯৬১ চনৰ পিয়লমতে ব্ৰহ্মপুত্ৰ উপত্যাকাত বসতি কৰা মুঠ ৯১৩,০০০ জন লোকৰ ভিতৰত ৩৮%  বেংগলী, ৩৩% অসমীয়া আৰু অন্য ১৩% হিন্দীভাষী হোৱাৰ বিপৰীতে চহৰাঞ্চলত বেংগলী সকলৰ দ্বাৰা অসমীয়াৰ সংখ্যাগৰিষ্ঠতা হ্ৰাস হৈছিল। উল্লেখযোগ্য যে পূৰ্ববংগীয় মূলৰ লোকসকলে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি উল্লেখ নকৰা হলে অসমত অসমীয়াভাষী তাহানিতেই সংখ্যালঘূ হ’লহেতেন।

এটা কথা সত্য যে স্বাধীনতাৰ আগৰ পৰাই পূৰ্ববংগীয় মূলৰ মুছলমান সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক ৰাজনীতি চলিছে৷ অসমত মুচলীম লীগৰ পৰা চাৰ চাদুল্লাৰ মুখ্যমন্ত্ৰী হৈছিল। অসমত পূৰ্ববংগীয় মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে নিজকে প্ৰক্ষেপ কৰা এজন আছিল মৌলানা ভাসানী। ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ আন্দোলনৰ বাবেই বৃটিছে অসমৰ পৰা ইনাৰ লাইন পাৰমিট ৰদ কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে ইয়াতো বৃটিছৰ সুদূৰপ্ৰসাৰী ষড়যন্ত্ৰ আছিল। অসমৰ প্ৰাদেশিক কংগ্ৰেছ আছিল অসমীয়া জাতীয়তাবাদ আৰু ভাৰতীয় জাতীয়তাবাদৰ ককটেইল। স্বাধীনতা আন্দোলনৰ সময়তেই কংগ্ৰেছৰ মাজত সৃষ্টি হৈছিল পূৰ্ববংগীয় মুছলমান বিদ্বেষ। তাৰ ঐতিহাসিক কাৰণো আছিল। ১৯০৫ চনত লৰ্ড কাৰ্জনে বংগদেশৰ বিভাজনৰ দ্বাৰা অসমক বংগৰ চট্টগ্ৰাম, ঢাকা  আৰু মৈমনসিংহৰ সৈতে সংযোগ কৰি ঢাকাৰ ৰাজধানী হিচাপে লৈ পূৰ্ববংগ আৰু অসম নামে এখন প্ৰদেশ গঠন কৰাৰ ফলত অসমীয়া সংখ্যালঘূ হৈছিল আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি হৈছিল। এই বংগ ভংগৰ বিৰূদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিছিল। আনকি পূৰ্ববংগক অসমৰ সৈতে সাঙুৰি দিয়াৰ বিৰুদ্ধে আৰু অসমৰ পৰা বৃটিছক উচ্ছেদ কৰিবলৈ অম্বিকাগিৰিয়ে এনাৰ্কিষ্ট দল গঠন কৰি ১৯০৬ চনত পূৰ্ববংগ আৰু অসমৰ দুৱলীয়া লাট বেমফিল্ড ফুলাৰক হত্যা কৰিবলৈ শ্বিলং-জাগিৰোড ৰাষ্টাত জাগীৰোডৰ ওচৰত ডিনামাইট বহুৱাইছিল। (উল্লেখিত গ্ৰন্থ, পৃ ২৬-২৭ )।

বৃটিছকালীন অসমত অসমীয়া মধ্যশ্ৰেণীৰ স্থিতি আছিল সুবিধাবাদী। তেওঁলোকৰ গৰিষ্ঠজনে ভাৰতৰ স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল যদিও  বৃটিছৰ আঁহ ফলা নীতি আৰু নিজৰ সুবিধাবাদী স্থিতিৰ বাবে অসমীয়াৰ ভূমি সম্পত্তিৰ একছত্ৰী সম্ৰাট হোৱা সুতখোৰ মহাজন আৰু মাৰোৱাৰী বেপাৰীক ৰঙা চকু দেখুওৱাৰ পৰিৱৰ্তে কৃষি শ্ৰমিক পমুৱাকহে দেখুৱাইছিল৷ অৱশ্যে কালক্ৰমত যেতিয়া পূৰ্ববংগীয় মুছলমানে নিজকে অসমীয়া বুলি চিনাকি দিবলৈ ধৰে তেতিয়া দৃশ্যপট সলনিহৈ পৰে আৰু অসমীয়াৰ অস্তিত্বৰ ভাবুকি হিচাপে বঙালী হিন্দুৰ ফালে আঙুলী টোৱাবলৈ ধৰে। সময় আৰু পৰিস্থিতি সাপেক্ষে অসমীয়া মধ্যশ্ৰেণীৰ জাতীয়তাবাদী স্থিতি সলনি হৈ আহিছে যদিও ভাৰতৰ সৈতে সংযোগকৰণৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও প্ৰশ্ন নোতোলে। কিয়নো আমি আগতেই কৈ আহিছো, এই অসমীয়া মধ্য শ্ৰেণীৰ জাতীয়তাবাদ অসমীয়া জাতীয়তা আৰু সৰ্বভাৰতীয় জাতীয়তাবাদৰ ককটেইল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ পৰাই মধ্যশ্ৰেণীৰ চেতনা দুই দিশেৰে গতি কৰা দেখা যায়। প্ৰথম, অসমীয়া মধ্যশ্ৰেণীৰ চেতনা হিন্দু উদাৰ আধ্যাত্মিকতাৰ চেতনাৰ মাজেৰে সৰ্বাভাৰতীয় জাতীয়তাবাদৰ সৈতে একাত্ম অনুভৱ কৰে। গতিকেই অতি সহজেই এওঁসকলৰ মাজত হিন্দুত্ববাদে ক্ৰিয়া কৰিবলৈ সক্ষম হয়। দ্বিতীয়তে,  অন্য শ্ৰেণীটোৱে প্ৰগতিশীল ধৰ্মনিৰপেক্ষ ভাৱধাৰাৰে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ চেতনাৰে আগবাঢ়ে। অৱশ্যে অসমৰ ৰাজনৈতিক নেতৃত্ব সদায় প্ৰথম প্ৰকাৰ মধ্যশ্ৰেণীৰ হাততেই ৰৈ গৈছে। সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হল এই মধ্যশ্ৰেণীৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া জনজাতিসকলে কেতিয়াও নিৰাপদ অনুভৱ কৰা নাই। অসমৰ জনসাধাৰণো ৰাজনৈতিক প্ৰভাৱপুষ্ট মধ্যশ্ৰেণীৰ দ্বাৰা প্ৰভাৱিত যদিও বিগত কেইবাদশক ধৰি চলা বিভিন্ন জাতীয় আন্দোলনে অসমৰ জনসাধাৰণক ৰাজনৈতিক প্ৰতিষ্ঠান বিৰোধী ধাৰা এটাৰ মাজতো প্ৰভাৱিত কৰি ৰাখিছে। অসমৰ থলুৱা জনসাধাৰণ ধৰ্মীয়ভাবে উদাৰ, হিন্দু ৰক্ষণশীলতাৰ পৰা বহু পৰিমানে মুক্ত আৰু জাতীয় অস্তিত্বৰ প্ৰতি শংকিত।

 উল্লেখযোগ্য যে স্বাধীনতা লাভৰ আগতেই পূৰ্ববংগীয় মূলৰ মুছলমানৰ মাজতো এক মধ্যশ্ৰেণীৰ আৱিৰ্ভাৱ হৈছিল। এই মধ্যশ্ৰেণীৰ মাজত ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ উদাৰবাদৰ সলনি পিছলৈ ইছলামিক স্থানৰ সপোন দেখুৱাবলৈ এচাম কট্টৰবাদীৰো জন্ম হৈছিল৷  এই মধ্যশ্ৰেণীৰ স্থিতিও সদায় আমোদজনক। এওঁলোকৰ এচাম কট্টৰপন্থী ইছলাম, এচাম প্ৰগতিশীল আৰু আনচাম উদাৰবাদী। এই লোকসকলৰ মধ্যশ্ৰেণীয়ে সদায় অসমৰ ৰাজনীতিত নিজৰ প্ৰাসংগিতা বজাই ৰাখিবলৈ নিজৰ ৰাজনৈতিক মতাদৰ্শ সলনি কৰি অহা দেখা যায়৷ এই ক্ষমতাসৰ্বস্ব ৰাজনীতিয়ে সদায় ইছলামিক ব্ৰাদাৰহুদৰ এক কাল্পনিক জখলা তৈয়াৰ কৰে। মুছলীম লীগৰ সময়ৰ পৰাই দেখা যায় যে সময়ে সময়ে  অসমীয়া থলুৱা একাংশ মুছলমানেও এই ইছলামিক ব্ৰাদাৰহুদৰ চেতনাৰে ক্ষমতা লাভৰ জখলাত হাত উজান দিয়ে। পূৰ্ববংগীয় সাধাৰণ মুছলমান জনসাধাৰণ ধৰ্মীয়ভাবে অতি ৰক্ষণশীল, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, অৰ্থনৈতিক দিশত দুৰ্বল আৰু বিদেশী বিতাড়ন বা নিৰ্যাতনৰ দ্বাৰা শংকিত। এওঁলোক স্বাভাৱিকতেই স্থিতাৱস্থাবাদী ৰাজনীতিত বিশ্বাসী।

অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ সৈতে বহিৰাগত সমস্যাৰ ওতঃপ্ৰোত সম্পৰ্ক। ৰাজনৈতিক প্ৰভূত্বৰ সমান্তৰালকৈ এফালে সাংস্কৃতিক প্ৰভূত্বৰ প্ৰশ্ন আনফালে ভাষিক প্ৰভূত্বৰ প্ৰশ্ন। অসমৰ পূৰ্ববংগীয় মূলৰ লোকসকলে নিজকে অসমীয়া বুলি পৰিচয় নিদিলে ভাষিক প্ৰভূত্ব সম্ভৱ নহয়। আনফালে ভৱিষ্যতে মুছলমান সংখ্যাগৰিষ্ঠ হলে ৰাজনৈতিক প্ৰভূত্ব অসমীয়া ভাষীৰ হাতত থাকিব হয়, কিন্তু ঔপনিবেশিকৰণৰ পূৰ্বৰে পৰা নিজস্ব ভাষা সংস্কৃতি আৰু স্বকীয় পৰিচয়েৰে থকাসকলে প্ৰভূত্ব হেৰুৱাব। শেহতীয়াকৈ পূৰ্ববংগীয় মুছলমানৰ মাজত ধৰ্মীয় কট্টৰপন্থাৰ আধিক্যই এই শংকা তীব্ৰতৰ কৰিছে। এই শংকাক অস্ত্ৰ হিচাপে লৈয়েই দীৰ্ঘকাল জুৰি ৰাজনীতি কৰি আহিছে এচামে। মূল সমস্যা এইটো। বাকী বিদেশী বিতাড়নৰ ক্ষেত্ৰত অসম চুক্তিৰ ভিত্তিবৰ্ষ সলনি কৰা আদিবোৰ এই ৰোগৰ উপসৰ্গ মাথোঁ। এই ৰাজনৈতিক প্ৰভূত্বৰ প্ৰশ্নতেই অসমৰ জাতীয়তাবাদী শিবিৰ ৰাষ্ট্ৰবাদীৰ শৰণাপন্ন হোৱা দেখা গৈছে। ঔপনিবেশিকৰণৰ পূৰ্বৰে পৰা এই ভূখণ্ডত যুগ যুগ ধৰি নিজস্ব ভাষা সংস্কৃতি আৰু স্বকীয় পৰিচয়েৰে থকাসকলে এই ভূখণ্ডৰ ৰাজনৈতিক প্ৰভূত্ব হেৰুওৱাৰ শংকা অতি গুৰুত্বপূৰ্ণ বিষয়। এই শংকাক যদিও এচামে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ চেতনাৰ কুফল বুলি মোহৰ লগাব বিচাৰিছে কিন্তু কথাটো প্ৰকৃততে তেনেও নহয়। নাগৰিকত্ব সংশোধনীৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্বৰ ক্ষেত্ৰত অসমৰ জাতীয় শিবিৰ প্ৰতিবাদমুখী হোৱা পৰিস্থিতিতেই কথাটো অনুমান কৰিব পাৰি।

 এইখিনিতে প্ৰাসংগিক কথাটো হল ভবিষ্যতৰ অসমত ৰাজনৈতিক প্ৰভূত্বৰ প্ৰশ্নত এটা সততে ব্যৱহাৰ হোৱা শব্দ হল খিলঞ্জীয়া (Indigenous )। খিলঞ্জীয়া (Indigenous ) আৰু অসমীয়া শব্দদুটাকলৈ বিতৰ্কৰ শেষ নাই। সংৰক্ষণ কাৰ বাবে লাগে? নিসন্দেহে ঔপনিবেশিকৰণৰ পূৰ্বৰে পৰা এই ভূখণ্ডত যুগ যুগ ধৰি নিজস্ব ভাষা সংস্কৃতি আৰু স্বকীয় পৰিচয়েৰে থকাসকলক। ঔপনিবেশিকৰণ বুলি ক’লে আহোম অসমৰ ক্ষেত্ৰত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। কোচ-অসমৰ ক্ষেত্ৰত তাৰ আগতেই ঔপনিবেশিকৰণ হৈছিল। ১৭৮৯ চনত বৃটিছৰ চিৰস্থায়ী বন্দোবস্তীয়ে প্ৰকৃততে এই কোচ-অসমত উপনিবেশিকৰণৰ সুচনা কৰে। অৰ্থাৎ আহোম অসম আৰু কোচ-অসমৰ ক্ষেত্ৰত ঔপনিবেশিকৰণৰ পূৰ্বৰে পৰা নিজস্ব ভাষা সংস্কৃতি আৰু স্বকীয় ৰাজনৈতিক পৰিচয়েৰে থকাসকলে এই ভূখণ্ডৰ খিলঞ্জীয়া (Indigenous)। খিলঞ্জীয়া (Indigenous)ৰ এই সংজ্ঞা সংযুক্ত মুক্তি বাহিনী (অসম)এ পূৰ্বৰে পৰা দাঙি ধৰি আহিছে। নিষিদ্ধ ঘোষিত সংগঠন হলেও সংযুক্ত মুক্তি বাহিনী (অসম)ৰ এই সংজ্ঞা গুৰুত্বপূৰ্ণ।  যিটো সংজ্ঞাত আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সৈতে প্ৰায় সহমতত অৱস্থান কৰা হয়।

 সম ৰাজনৈতিক অধিকাৰৰ মাজেৰে সম মৰ্যাদাৰ সৃষ্টি হয়।  সম ৰাজনৈতিক অধিকাৰ ভৱিষ্যত অসমৰ এক অন্যতম গঠনমূলক ৰূপৰেখা হব পাৰে।  এইখিনিতেই প্ৰশ্ন হ’ব পাৰে, এই সম ৰাজনৈতিক অধিকাৰ কোনে কোনে পাব? সম ৰাজনৈতিক অধিকাৰৰ ভিত্তিতেই হব পাৰে খিলঞ্জীয়া (Indigenous ) অসমীয়াৰ সংৰক্ষণ, অখিলঞ্জীয়া অসমীয়াৰ সম মৰ্যাদাৰ ভিত্তিত। অসমত ঔপনিবেশিকৰণৰ পূৰ্বৰে পৰা নিজস্ব ভাষা সংস্কৃতি আৰু স্বকীয় ৰাজনৈতিক পৰিচয়েৰে থকাসকলক জনজাতিকৰণ বা অন্য সাংবিধানিক বিধিৰ মাজেৰে সংৰক্ষণ, খিলঞ্জীয়া (Indigenous) বসতিপ্ৰধান অঞ্চলবোৰকলৈ নতুন ভূমি আইন প্ৰৱৰ্তন। খিলঞ্জীয়া (Indigenous) অসমীয়াৰ ভবিষ্যত ৰাজনৈতিক অধিকাৰ অক্ষুন্ন ৰাখিবলৈ ১৯৫১ চনৰ ভিত্তিত খিলঞ্জীয়া (Indigenous) বসতিপ্ৰধান অঞ্চলবোৰ চিনাক্ত কৰি লোকসভা, বিধানসভা, গাওঁপঞ্চায়ত আৰু অন্যান্য লোকেল বডিবোৰত, প্ৰশাসনীয় বিষয়বোৰত  খিলঞ্জীয়া (Indigenous ) অসমীয়াৰ বাবে নিৰ্দিষ্ট শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, নিজস্ব উপভাষা, দোৱান, কৃষ্টি-সংস্কৃতি বিকাশ আৰু সংৰক্ষণৰ বাবে পঞ্চায়ত স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ নিৰ্দিষ্ট সাংবিধানিক ব্যৱস্থা।

অসমত বিদেশী অনুপ্ৰবেশৰ সমস্যাৰ সৈতে উপৰোক্ত এই সকলোবোৰ দিশৰে প্ৰাসংগিকতা আছে। ইয়াৰ উপৰিও  আন কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ইয়াৰ সৈতে জড়িত আছে। যিবোৰৰ দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী আঁচনিৰ জৰিয়তে সমাধান কৰিব পৰা যায়।

১) জন্ম নিয়ন্ত্ৰণঃ- জন্ম নিয়ন্ত্ৰণ জনগাঠনিৰ ভাৰসাম্য ৰক্ষাৰ প্ৰধান উপায়। অসমৰ পূৰ্ববংগীয় মুছলমানৰ মাজত জন্ম নিয়ন্ত্ৰণৰ সচেতনতা এতিয়ালৈ অহা নাই বা চৰকাৰী আঁচনিবোৰো এতিয়ালৈকে সম্পূৰ্ণ সফল হব পৰা নাই। বাংলাদেশে  মুঠ উৰ্বৰতা হাৰ (TFR) ২.২ লৈ নিয়ন্ত্ৰিত কৰি প্ৰশংশিত হোৱাৰ বিপৰীতে অসমত মুছলমান লোকৰ ক্ষেত্ৰত  অভাবনীয় ভাবে ৫.৭ ৰ ওপৰত মুঠ উৰ্বৰতা হাৰ (TFR)। চৰকাৰী আঁচনিৰ সোপাঢিলা ৰূপটো ইয়াতেই প্ৰকাশ পায়। লাখ লাখ বাংলাদেশীৰ ভূত দেখাৰ মূলতে এই মুঠ উৰ্বৰতা হাৰ (TFR) বুলি ক’লেও কিজানি ভুল কোৱা নহ’ব। জন্ম নিয়ন্ত্ৰণৰ বাবে চৰাঞ্চলৰ জনতাক আকৃষ্ট কৰিবলৈ  বিশেষ পেকেজ ঘোষণা কৰিব লাগে।

২) স্বাক্ষৰতা/উপযুক্ত আধুনিক শিক্ষাঃ-অসমত মুছলমান মহিলাৰ ক্ষেত্ৰত (নামনি অসমত সৰ্বাধিক) স্বাক্ষৰতাৰ হাৰ অতি নিম্ন। যি অঞ্চলত স্বাক্ষৰতাৰ হাৰ অতি নিম্ন তাত মুঠ উৰ্বৰতা হাৰ (TFR) অতি উচ্চ। চৰাঞ্চলত শিক্ষাৰ দুৰ্দশাই জনসংখ্যা বৃদ্ধিত সহায় কৰিছে। স্বাক্ষৰতাৰ ক্ষেত্ৰত আৰু আধুনিক শিক্ষাৰ বাতাবৰণ গঢ়ি তুলি চৰাঞ্চলবোৰত বিশেষ গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।

৩) অৰ্থনৈতিক বিকাশঃ- জনমুৰি আয় বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ সৈতে  মুঠ উৰ্বৰতা হাৰ (TFR) আৰু স্বাক্ষৰতা জড়িত। চৰাঞ্চলসমূহৰ বাবে অৰ্থনৈতিক বিকাশৰ বাবে উপযুক্ত আঁচনিৰ লগতে চৰাঞ্চলত বসবাস কৰা লোকসকলক পিছপৰা শ্ৰেণী হিচাপে ঘোষণা কৰি উন্নয়নৰ বাবে উপযুক্ত আইন প্ৰণয়ন কৰা দৰকাৰ।

৪) আধুনিক চিকিৎসাঃ- চৰাঞ্চলসমূহ আধুনিক চিকিত্সাৰ সুবিধাৰ পৰা বঞ্চিত। ফলত নৱজাতকৰ মৃত্যুৰ হাৰ অধিক, যাৰবাবেই এই লোকসকলে অধিক সন্তান জন্ম দিবলৈ বাধ্য হৈ পৰে। এইবোৰ অঞ্চলত এন জি অ’ আদিৰ মাধ্যমেৰে নিয়মীয়াকৈ ভ্ৰাম্যমান চিকিত্সা শিবিৰ আদি অনুষ্ঠিত কৰি নৱজাতকৰ মৃত্যুৰ হাৰ কমাবলৈ বিশেষ আঁচনি লোৱাৰ প্ৰয়োজন।

৫) বান-খৰাখহনীয়া প্ৰতিৰোধঃ অসমত আভ্যন্তৰীণ প্ৰব্ৰজনৰ অন্যতম কাৰণ বান-গৰাখহনীয়া। ইয়াৰ সমাধানৰ ওপৰত নিৰ্ভৰ কৰিছে আভ্যন্তৰীণ প্ৰব্ৰজন ৰোধ। এই বান-খহনীয়াৰ ফলতেই বহু নৈপৰীয়া পূৰ্ববংগীয় লোক অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰিছে আৰু থলুৱাৰ মাজত শংকাৰ সৃষ্টি হৈছে । জনগাঠনিৰ ভাৰসাম্য ৰক্ষাৰ বাবেই বান-খহনীয়াৰ প্ৰতিৰোধ অত্যন্ত গুৰুত্বপূৰ্ণ।

৪) ভূমি নীতিঃ- বহিৰাগতই অসমৰ ভূমি অধিকাৰ কৰি যাতে জনগাঠনিৰ ভাৰসাম্য নষ্ট কৰিব নোৱাৰে তাৰবাবে সঠিক ভূমি নীতিৰ প্ৰয়োজন। খিলঞ্জীয়া বসতিপ্ৰধান অঞ্চলবোৰত ব্লক-বেল্ট আদিৰ মাজেৰে ভূমি সংৰক্ষণৰ প্ৰয়োজন।

৫) পুনৰ সংস্থাপন নীতিত স্বচ্ছতাঃ- বান-খহনীয়া বা অন্যান্য দুৰ্যোগ বা অন্য কোনো কাৰণত কোনো জনসমষ্টিক পুনৰ সংস্থাপনৰ প্ৰয়োজন হলে তাৰ বাবে ভূমি বা বনাঞ্চল আইনৰ সৈতে সংঘাত নথকাকৈ স্বচ্ছভাবে পুনৰ সংস্থাপনৰ প্ৰয়োজন। খিলঞ্জীয়া বসতিপ্ৰধান অঞ্চলত অখিলঞ্জীয়া লোকৰ সংস্থাপনৰ সকলো প্ৰকাৰৰ প্ৰচেষ্টাক মষিমূৰ কৰা।

৬) সীমান্ত অঞ্চল ছীল কৰাঃ- অকল অসম-বাংলাদেশ সীমান্তই নহয়, উত্তৰ পূৱ ভাৰত আৰু পশ্চিত বংগৰ সৈতে বাংলাদেশৰ সমগ্ৰ সীমান্ত অঞ্চল সম্পূৰ্ণভাবে ছীল কৰা দৰকাৰ। তাৰোপৰি সীমান্তৰক্ষাত নিয়োজিক সকলৰ ওপৰত পৰ্যবেক্ষণ ব্যৱস্থাৰ প্ৰণয়ন কৰা আৰু লগতে সীমান্ত অঞ্চলৰ গতিবিধি নিয়মীয়াকৈ উপগ্ৰহৰ মাধ্যমেৰে পৰ্যবেক্ষণ কৰিবৰৈ বিশেষ পৰ্যবেক্ষণ চেল গঠন কৰা ।

৭) ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম খৰতকীয়া কৰা আৰু নাগৰিক পঞ্জী প্ৰস্তুত নোহোৱালৈকে আভ্যন্তৰীণ প্ৰব্ৰজন কৰা শ্ৰমিক সকলক ৱৰ্ক-পাৰমিট যোগান ধৰা।

৮) বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত লিংক চাৰ্টিফিকেট আদি অবৈধ ঘোষণাৰ নিচিনা সমাধানবিহীন আইনী মেৰপেচ আৰু ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ নীতি ত্যাগ কৰি চিনাক্তকৰণ প্ৰক্ৰিয়া সৰল আৰু খৰতকীয়া কৰা।

৯) বাংলাদেশৰ সৈতে অবৈধ অনুপ্ৰবেশকাৰীৰ প্ৰত্যাৱৰ্তনৰ বাবে চুক্তি কৰিবলৈ চৰকাৰক হেচা দিয়া।

১০) ধৰ্মীয় মৌলবাদক বাধা দিয়া আৰু দুই সম্প্ৰদায়ৰ মাজত বিশ্বাস আৰু ভাতৃত্বভাব সৃষ্টি কৰাৰ বাবে নাগৰিক সমাজক লগত লৈ চৰকাৰে দীৰ্ঘম্যাদী আঁচনি লোৱা উচিত।

১১) বিদেশী সমস্যা সম্পৰ্কত শংকা নহয়, বৰং সঠিক ছবিখন উপলব্ধি কৰিবলৈ সকলোৰে মাজত সচেতনতাৰ সৃষ্টি কৰা।

১২) বিদেশী সমস্যা বিষয়ত গৱেষণাৰ বাবে উত্সাহ যোগোৱা।

১৩) জন্ম নিয়ন্ত্ৰণ, স্বাক্ষৰতা, চৰাঞ্চলৰ অৰ্থনৈতিক উন্নয়ন, খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি সচেতনতাৰ সৈতে একেলগে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী- নাগৰিক সমাজ সকলোৱে একেলগে সহযোগিতাৰে কাম কৰিবলৈ মঞ্চ গঠন কৰা দৰকাৰ।

১৪) ভবিষ্যতে যাতে আৰু কোনো বহিৰাগতৰ বোজা অসমে ল’ব লগীয়া নহয়, তাৰবাবে জাতি-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলো জাতীয়-গণতান্ত্ৰিক শক্তি একগোট হৈ প্ৰতিৰোধ কৰা উচিত।

অসমত অনুপ্ৰবেশৰ সমস্যা সম্পূৰ্ণ শেষ নহলেও ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। তাৰোপৰি বিদেশী অনুপ্ৰবেশ সম্পৰ্কত ৰাজনৈতিক প্ৰপাগাণ্ডা মূলক কথাবোৰ পৰিহাৰ কৰিব নোৱাৰিলে ই সমাজখনক ধৰ্মীয়-সাম্প্ৰদায়িক মেৰু বিভাজন ঘটোৱাৰ দিশে আগবাঢ়িব। বিদেশী অনুপ্ৰবেশৰ ক্ষেত্ৰত ৰাজনৈতিক উদ্দেশ্যেৰে ইচলাম-ফবিয়া সৃষ্টিত সফল হৈছে কিছুমান শক্তি। কিন্তু বাংলাদেশৰ লোকপিয়লৰ সৈতে অসমৰ লোকপিয়ল ৰিজাই চালে বুজিব পাৰি যে, ভিত্তি বৰ্ষৰ পিছত যি পৰিমাণে পূৰ্ববংগীয় মুছলমানৰ অনুপ্ৰবেশ হৈছে বুলি কোৱা হয় সেয়া প্ৰকৃততে ৰাজনৈতিক অভিসন্ধিযুক্ত। আনকি বিভিন্ন গৱেষণা পত্ৰইও প্ৰমাণ কৰিছে যে বাংলাদেশৰ পৰা হিন্দু অনুপ্ৰবেশৰ পৰিমানহে বহু বেছি।

বিদেশী চিনাক্ত আৰু বিতাড়ন আইনবোৰে যিমানেই ক্ষিপ্ৰ গতিত কাম নকৰক কিয়, কোনো দেশৰ পৰাই সম্পূৰ্ণকৈ বিদেশী বিতাড়ন সম্ভৱ নহয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা ক্ৰমশঃ বাঢ়ি অহাৰ লগে লগে এই বৈধ অবৈধ আন্তৰ্জাতিক আৰু অন্তঃদেশীয় প্ৰব্ৰজন অনাগত দিনত আৰু ভয়ানক ভাবে বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। অৰ্থাৎ গোলকীয় উষ্ণতা এনেদৰে বাঢ়িগৈ থাকিলে অদূৰ ভবিষ্যতে সমুদ্ৰৰ তলিত যাব বুলি শংকা কৰা বাংলাদেশৰ দৰে দেশসমূহৰ কৌটি কৌটি লোক চুবুৰীয়া দেশসমূহলৈ প্ৰব্ৰজন কৰিবলৈ যে বাধ্য হব সেয়া নিশ্চিত। ২০১৪ চনত ম্যানমাৰত অনুষ্ঠিত হোৱা Bay of Bangal Initiative for Multi-Sectored Technical and Economic Co-Operation Summit ত বংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাষণত উল্লেখ কৰি সকিয়াই দিছিল যে, গোলকীয় উষ্ণতাৰ ফলত প্ৰায় ৩০ মিলিয়ন বাংলাদেশী পাৰিপাৰ্শিক-প্ৰব্ৰজনকাৰী (Climate Migrants ) হ’বলৈ গৈ আছে। কাৰণ গোলকীয় উষ্ণতা এক ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পোৱাৰ লগে লগে প্ৰায় এক পঞ্চমাংশ বাংলাদেশৰ ভূমি সাগৰৰ বুকুলৈ যোৱাৰ সম্ভাৱনা আছে। এনে হ’ব লগীয়া হলে অদূৰ ভবিষ্যতে অসমত যে পুনৰ অনুপ্ৰবেশৰ হেঁচা পৰিব সেয়া নিশ্চিত। সেয়ে আজিৰ তাৰিখত অখিলঞ্জীয়া লোকৰ অধিকাৰ হৰণ নোহোৱাকৈ খিলঞ্জীয়া অসমীয়াৰ সংৰক্ষণ অতি জৰুৰি। বিদেশী বিতাড়নৰ নামত ভেকোভাওঁনাবোৰ অন্ত পেলাই সৰল উপায়েৰে পঞ্চায়ত আৰু লোকেল বডিবোৰক বিশ্বাসত লৈ তত্পৰতাৰে বিদেশী চিনাক্ত কৰা দৰকাৰ। কাৰণ এই প্ৰক্ৰিয়া যিমানেই দীঘল হব সিমানেই ইয়াকলৈ আঁহফলা নীতিৰে ৰাজনীতি চলি থাকিব। তাৰোপৰি বাংলাদেশৰ সৈতে অনুপ্ৰবেশকাৰীক বিতাড়নৰ চুক্তি নকৰাকৈ কৰা এইবোৰ ভেকোভাওঁনাই কিছু ৰাষ্ট্ৰহীন নাগৰিকৰ জন্ম দিব আৰু অদূৰ ভবিষ্যতে ই আভ্যন্তৰীণ অশান্তিৰ কাৰণ হ’ব। অথচ চৰকাৰে এইবোৰ বিষয় গুৰুত্ব দিয়াতো দূৰৰে কথা, শেহতীয়াকৈ নাগৰিকত্ব আইন সংশোধনীৰ মাজেৰে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ চক্ৰান্ত কৰি অসমীয়াৰ জাতীয় অস্তিত্ব ধ্বংস যজ্ঞত আগভাগ লৈছে। এয়া অতি পৰিতাপৰ কথা।

বিগত সময়ত দেখা গৈছে পূৰ্ববংগীয় মুছলমান লোক বিদেশী সন্দেহত বেচৰকাৰী লোকৰ হাতত নিৰ্যাতিত হৈছে৷ আনহাতে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক বিদেশী সংক্ৰান্তত হাৰাশাস্তি হৈছে স্বয়ং চৰকাৰী লোকৰ দ্বাৰাই৷ বিভিন্ন চৰকাৰী-বেচৰকাৰী ৰাজনৈতিক প্ৰচাৰৰ ফলত সংখ্যাগুৰুৰ মাজত এনে এক ধাৰণাৰ বিকাশ হৈছিল যে পূৰ্ববংগীয় মুছলমান মানেই বিদেশী৷ আমোদজনকভাবে যিসকল শিক্ষিত-আঢ্যবন্ত পূৰ্ববংগীয় মূলৰ লোকে অসমীয়া জাতীয় মূলসুতিৰ সৈতে নিজকে একাত্ম কৰিব পাৰিছে, বেশ-ভুষা-ভাষা আৰু সামাজিক দিশত অসমীয়া জাতীয়তাৰ সৈতে অভিন্ন তেওঁলোকক অসমীয়া সমাজে আদৰি লোৱা দেখা যায়। আনহাতে অশিক্ষিত, অৰ্থনৈতিকভাবে পিছপৰা, বেশ-ভুষা আদিত কট্টৰপন্থী মুছলমান, ঘৰুৱা আৰু সামাজিকভাবে নিজৰ পূৰ্ববংগীয় মূলৰ দোৱান আৰু বাংলা ব্যৱহাৰ কৰে সেইসকল লোকক অসমীয়া সমাজে সদায় সন্দেহৰ দৃষ্টিৰে চাই আহিছে। বিগত লোকপিয়লত পূৰ্ববংগীয় মূলৰ লোকসকলৰ দীৰ্ঘদিনীয়া ক্ষোভ-আবেগক উদ্দেশ্যপূৰ্ণভাবে ব্যৱহাৰ কৰি নিজৰ মাতৃভাষা বাংলা লেখাৰ বাবে একাংশ সংখ্যালঘূ নেতাৰ উচটনিয়ে এক অন্য চেতনাৰ উমান দিয়ে। অৱ্শ্যে গৰিষ্ঠসংখ্যকেই এই আহ্বানক নাকচ কৰা দেখা গৈছিল।

উল্লেখযোগ্য যে, ইমানৰ আঁহফলা ৰাজনীতিৰ  পিছতো পূৰ্ববংগীয় মূলৰ লোকৰ এটা অংশই অসমৰ বিভিন্ন জাতীয় সংগ্ৰামত অংশগ্ৰহণ কৰি আহিছে। অসমীয়া জাতীয় মূলসুতিৰ সৈতে  এই সম্প্ৰদায়ৰ লোকৰ একাত্মতা আৰম্ভ হৈছিল ভাষা আন্দোলনৰ সময়ৰ পৰা। অসম আন্দোলনৰ সময়ত নেলীৰ জঘন্য হত্যালীলাৰ পিছত এই চেতনা সম্পূৰ্ণৰূপে ভাগি গৈছিল যদিও পুনৰ প্ৰয়াত পৰাগ দাসৰ নেতৃত্বত চলা নাগৰিক-সমাজৰ আন্দোলনৰ সময়ত এইসকল লোকক অসমৰ জাতীয় মূলসুতিৰ সৈতে বিশ্বাসেৰে ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা চলিছিল। পিছলৈ সাধাৰণ মানুহে প্ৰায় পাহৰি পেলাইছিল নেলীৰ হত্যাকাণ্ডৰ মাজেৰে অসম আন্দোলনত সৃষ্টি হোৱা ভয়-শংকা-অবিশ্বাস আদি। বিগত দশকত আইএমডিটি আইন প্ৰত্যাহাৰৰ বিৰোধীতাৰ মাজেৰে বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হোৱা এ আই ইউ ডি এফৰ কেতবোৰ গোড়া ধৰ্মীয়-সাম্প্ৰদায়িক কুছকাৱাজত পুনৰ শংকিত হৈ উঠিল অসমীয়া খিলঞ্জীয়ালোক। যাৰ সুযোগলৈ অসমীয়া জাতীয় চেতনাৰ মাজত খোপনি পুতি বহিবলৈ সক্ষম হ’ল বিজেপিৰ দৰে সাম্প্ৰদায়িক হিন্দুত্ববাদী দলে। শেহতীয়াকৈ অসম বিদ্বেষী কৰ্মকাণ্ডৰ বাবে অসমীয়াৰ মনত বিজেপিৰ প্ৰতি মোহভংগ হোৱা দেখা যায় যদিও ইচলাম-ফবিয়া নোহোৱা হৈ যোৱা নাই। বৰ্তমান অখিল গগৈৰ নেতৃত্বত চলা জাতীয় আন্দোলনত ধৰ্মনিৰপেক্ষ-জাতীয় গণতান্ত্ৰিক ধাৰাৰে পূৰ্ববংগীয় মূলৰ মানুহখিনিক আন্দোলনৰ লগত চামিল কৰি সমন্বয়ৰ চেষ্টা কৰা দেখা যায় যদিও অসমীয়া মধ্যশ্ৰেণীয়ে এই প্ৰচেষ্টাক প্ৰত্যক্ষভাবে সমৰ্থন কৰিবলৈ সময় লাগিব।

আমোদজনকভাবে পূৰ্ববংগীয় মূলৰ নেতৃত্বত থকা একাংশই সদায় এইসকল লোককলৈ ক্ষমতাৰ ৰাজনীতি কৰি থকা দেখা গ’ল। এইসকল নেতৃত্বই সভাই মেল মিটিঙে সামাজিক ভাবে বাংলা ভাষাৰ ব্যৱহাৰ কৰি, ধৰ্মীয় কট্টৰবাদক প্ৰশ্ৰয়, উচটনি আদিৰ মাজেৰে এইসকল লোকক অসমীয়া জাতীয় মূলসুতিৰ পৰা আঁতৰত অৱস্থান কৰোৱাৰ মানসিকতা দেখা যায়। অৱশ্যে অসমৰ প্ৰায় সকলো জনগোষ্ঠীয় দল-সংগঠনে একেই পুনৰুত্থানবাদৰ কৌশলেৰে ৰাজনীতি কৰি আহিছে। ইয়াৰবাবে অসমৰ জাতীয় নেতৃত্বত থকা মধ্যশ্ৰেণীৰ মানসিকতাকেই দোষী কৰা হয়। সামৰণিত এটা কথা কব পাৰি যে, খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সংৰক্ষণৰ মুখ্যচৰ্তৰ মাজেৰে আৰু পূৰ্ববংগীয় মূলৰ লোকসকলক অসমীয়া জাতীয় মূলসুতিৰ সৈতে চামিল কৰি তেওঁলোকক বিশ্বাসতলৈ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি কৰিব নোৱাৰিলে আৰু অসমৰ জনগণৰ সন্মিলীত ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক-অৰ্থনৈতিক অধিকাৰৰ বাবে তেওঁলোকক ঐক্যবদ্ধ সংগ্ৰামৰ অংশীদাৰ কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষা সম্ভৱ নহ’ব। তাৰোপৰি ক্ষিপ্ৰতাৰে অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা প্ৰক্ৰিয়াৰ সমান্তৰালকৈ পূৰ্ববংগীয় মূলৰ বিশেষকৈ চৰাঞ্চলৰ লোকক উন্নয়ন, জন্মনিয়ন্ত্ৰণ আৰু আধুনিক শিক্ষাৰ মাজেৰে আগবঢ়াই আনিব পাৰিলে জনগাঠনিগত সমস্যা বহুপৰিমাণে লাঘৱ হব বুলি আশা কৰিব পাৰি ।

 

Share Button
Print Friendly, PDF & Email

2 Comments : "অসমত বিদেশী অনুপ্ৰবেশ, জন-গাঁথনিগত সমস্যা আৰু অসমীয়া জাতীয়তা (ৰক্তিম শৰ্মা)"

  1. Manoz kr Mahanta

    অতি গুৰুত্বপূৰ্ণ, তথ্য সমৃদ্ধ লেখা। বিশেষকৈ লোকপিয়ল আৰু অনুসাংগিক তথ্য জৰিয়তে অসমৰ বিদেশী প্ৰৱজনৰ দৰে জ্বলন্ত সমস্যাটোৰ ওপৰত হোৱা আলোকপাতে অনেক বিভ্ৰান্তি দূৰ আৰু ইয়াৰ প্ৰকৃত স্বৰূপটো বুজি উঠাত যথেষ্ঠ সমল যোগাব। প্ৰকৃতাৰ্থত পঢ়িবলগীয়া আৰু সংগ্ৰহ কৰিব লগা লেখা। আনহাতে এনে লেখাই আলোচনীৰ মান বঢ়াই তুলে। লেখক ৰক্তিম শৰ্মা ইয়াৰ বাবে প্ৰশংসাৰ পাত্ৰ।

  2. বিপুল বৰুৱা

    সংগ্ৰহযোগ্য প্ৰামান্য লেখা । সমস্যাটোৰ সমাধানৰ বাবে এই লেখাই প্ৰদীপকৰ কাম কৰা মংগলজনক হ'ব ।

Leave a Comment

Your email address will not be published. Required fields are marked *