প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ সন্ধানত : অসমীয়া জাতীয়তাবাদৰ ফোঁপনি আৰু চিলাপথাৰ কাণ্ড - (প্ৰাঞ্জল দেউৰী)

 

আমাৰ ভাব হয় যে অসমীয়া জাতীয়তাবাদ সদায়ে মধ্যবিত্ত শ্ৰেণীৰ মাজত আবদ্ধ হৈ থকা এক ভাষিক জাতীয় ভাবাৱেগহে। এই ভাষিক জাতীয় ভাবাৱেগে বহু সময়ত বঙালী ভাষাক শত্ৰু জ্ঞান কৰি আহিছে। অসমত চলি থকা অসমীয়া আৰু বঙালী বিদ্বেষৰ মূল উৎস এই ভাষিক জাতীয়তাবাদেই। অসমীয়া জাতীয়তাবাদে বহু সময়ত বঙালী-বিদ্বেষী আচৰণ কৰি অহাৰ প্ৰমাণ পোৱা যায়। অসম সাহিত্য সভাৰ নেতৃত্বধাৰী মধ্যবিত্তীয় গণ্ডীত আবদ্ধ এচাম অসমীয়া সাহিত্যিকেও বঙালীৰ ভাষাৰ বিৰুদ্ধে ভাষিক অসমীয়া জাতীয়তাবাদক নেতৃত্ব দিছিল। অথচ অসম সাহিত্য সভাৰ কোনোকালেই অসমীয়া সাধাৰণ মানুহৰ সৈতে আত্মিক সম্পৰ্ক নাছিল আৰু নাই। আনকি ব্ৰিটিছ ঔপনিৱেশিক শাসন কালত প্ৰশাসনীয় কামত সহায়ক হোৱাৰ লগতে অসমৰ স্কুলবোৰত বঙালী ভাষাক প্ৰচলন কৰাৰ বাবে বঙালীসকলকহে অসমীয়া জাতীয়তাবাদে জগৰীয়া কৰি আহিছিল। প্ৰগতিশীল ঐতিহাসিকসকলে এই ভ্ৰম নভঙালৈকে অসমীয়া মধ্যবিত্ত জাতীয়তাবাদে বঙালীসকলক কেৱল সন্দেহৰ দৃষ্টিৰে চোৱাই নহয়, বৈৰী ভাবো পোষণ কৰি আহিছিল। এই ভ্ৰম ভঙাৰ পিছতো অসমীয়া জাতীয়তাবাদে বঙালীসকলৰ প্ৰতি বহু সময়ত প্ৰভুত্ব খটোৱাৰ উদাহৰণ দেখা যায়। আনকি অসম আন্দোলনটো যদিও বিদেশী বহিষ্কাৰ আন্দোলন আছিল মূলতঃ ইয়াৰ আৰম্ভণিটো হৈছিল বহিৰাগত বিতাড়নৰ দাবীৰেহে। বঙালীসকলকো এই বহিৰাগতৰ ভিতৰতে নিশ্চিতভাৱে সাঙুৰি লোৱা হৈছিল।

অসমীয়া জাতীয়তাবাদৰ উদ্ধতালি আৰু উগ্ৰতাই বহু সময়ত বঙালীসকলকো প্ৰভাৱিত কৰি আহিছে। বঙালীসকলে সেই উগ্ৰতাক বিৰোধ কৰিবলৈ যোৱাৰ ফলত বহু সময়ত অসমীয়া জাতীয়তাবাদ আৰু বঙালীসকলৰ মাজত সংঘৰ্ষ পৰ্যন্ত সংঘটিত হৈছিল। অৱশ্যে এইধৰণৰ সংঘৰ্ষবোৰত কেৱল যে অসমীয়া জাতীয়তাবাদহে দায়ী তেনে নহয়, বহু সময়ত অসমত বসবাস কৰা বঙালীসকলৰ বঙালী জাতীয় ভাবাৱেগো তাৰ বাবে দায়ী। কিন্তু তেনে সংঘৰ্ষবোৰত অসমীয়া মধ্যবিত্তৰ জাতীয়তাবাদী নেতৃত্বদায়ী শ্ৰেণীটোৰ বাদে অন্য খিলঞ্জীয়া জাতি-জনগোষ্ঠীবোৰে নিজকে নিলগাই আহিছে। যিটো স্বৰাজোত্তৰ কালৰ অসমৰ ইতিহাসৰ বাবে অতি তাৎপৰ্যপূৰ্ণ দিশ।

অসমৰ স্কুল-কলেজৰ আৰু চৰকাৰী ভাষাৰূপে অসমীয়া ভাষাক পুনঃপ্ৰতিষ্ঠাৰ বাবে কৰা যুঁজখন মূলতঃ ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে কৰা যুঁজহে হ'ব লাগিছিল। কিন্তু নৱ উত্থিত অসমীয়া মধ্যবিত্তীয় জাতীয়তাবাদে সেই যুঁজখনক বঙালী ভাষাৰ বিৰুদ্ধে নুবুলি মুকলিকৈয়ে বঙালীৰ বিৰুদ্ধে চলাই নিলে। (অৱশ্যে হেমচন্দ্ৰ বৰুৱাই মান্য অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বঙালী ভাষাৰপৰা প্ৰত্যাহ্বান পোৱাটোও অন্য এক প্ৰাসঙ্গিক আলোচনাৰ বিষয়।) আৰু এই বঙালী-বিদ্বেষেই অসমীয়া মধ্যবিত্তীয় জাতীয়তাবাদক বহুলাংশে নিয়ন্ত্ৰণ কৰাৰ ফলত স্বৰাজোত্তৰ অসমৰ ষাঠি/সত্তৰ দশকলৈকে অসমীয়া আৰু বঙালীৰ মাজত বিৰাগ ভাবে সণ্ঢালনিকৈ ক্ৰিয়া কৰি থাকিল। ষাঠিৰ ৰাজ্য ভাষাৰ আন্দোলনটো এই বিৰাগ ভাব সক্ৰিয় হৈ উঠিছিল যাৰ ফলত অসমীয়া আৰু বঙালীৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ লগতে প্ৰাণৰো হানি হৈছিল।

অসমীয়া বঙালীসকলকো আমি ক্লিনছিট দিব নিবিচাৰো। বংগৰ আশীৰ্বাদপুষ্ট এচাম বঙালীয়ে উদগ্ৰ অসমীয়া ভাষিক চেতনাৰ সুযোগ লৈছিল। অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ ভাষিক জাতীয়তাবাদ আৰু চেতনা সদায়ে আগ্ৰাসীয়ে আছিল। সেই আগ্ৰাসন কেৱল বঙালীৰ ওপৰতে নাছিল, অসমৰ পাহাৰ-ভৈয়ামৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ওপৰতো অসম সাহিত্য সভাৰ ভাষিক প্ৰভুত্ব খটোৱাৰ উদগ্ৰ প্ৰৱণতা আছিল। কিন্তু খিলঞ্জীয়া জাতি-জনগোষ্ঠীবোৰৰ এনে কোনো নিজস্ব সুকীয়া চেতনাবোধৰ জন্ম দিব পৰা মধ্যবিত্ত নেতৃত্বদায়ী শ্ৰেণীৰ সৃষ্টি হোৱা নাছিল যিয়ে নেকি অসম সাহিত্য সভাৰ ভাষিক অথবা উগ্ৰ অসমীয়া মধ্যবিত্তীয় জাতীয়তাবাদক প্ৰত্যাহ্বান জনাব পাৰে। বৰঞ্চ খিলঞ্জীয়া জাতি-জনগোষ্ঠীবোৰে অসন্তুষ্টিৰে হ'লেও অসমীয়া জাতীয়তাৰ পৰিচয়টোত চামিল হোৱাৰ দিশেহে অগ্ৰসৰ হ'ল। ইফালে পাহাৰীয়া জনগোষ্ঠীবোৰে অসমীয়া জাতীয়তবাদ আৰু ভাষিক চেতনাবোধৰ প্ৰভুত্বক সঠিক প্ৰত্যাহ্বান জনালে। কিন্তু বঙালীসকলে অসমীয়া জাতিৰ সমীকৰণটোৰ ক্ষেত্ৰত এই দুয়োটাকে নকৰি সমান্তৰালভাৱে অসমত বসবাস কৰি থাকিব বিচাৰিলে। কাজেই ই অসমীয়া জাতীয়তাবাদী শিবিৰক অসন্তুষ্ট কৰি তুলিলে। তাতে একাংশ বংগীয় আশীৰ্বাদপুষ্ট বঙালীয়ে অসমীয়াৰ প্ৰতি এক উন্নাসিক মনোভাব পোষণ কৰিলে যিটোৱে অসমীয়া মধ্যবিত্ত জাতীয়তাবাদীৰ ভাষিক চেতনাবোধক সাংঘাতিকভাৱে বিতুষ্ট কৰি তুলিলে। তাৰ ফলতেই বঙালী আৰু অসমীয়াৰ মাজত সংঘৰ্ষবোৰ সৃষ্টি হ'বলৈ পালে।

প্ৰাক-স্বাধীনতা আৰু স্বৰাজোত্তৰ ষাঠি/সত্তৰ দশকলৈকে অসমীয়া মধ্যবিত্ত জাতীয়তাবাদী শিবিৰটো ঘাইকৈ অসম সাহিত্য সভাৰ মঞ্চতে জন্ম হৈছিল বুলিব পাৰি। তেতিয়ালৈকে জাতীয়তাবাদী অথবা আঞ্চলিক ৰাজনৈতিক শিবিৰটো অসমত বিশেষভাৱে উদ্ভৱ নহৈছিল অৰ্থাৎ সক্ৰিয় হোৱা নাছিল। সেয়ে অসমীয়া মধ্যবিত্ত জাতীয়তাবাদ আৰু ভাষিক চেতনাক অসম সহিত্য সভাই নেতৃত্ব দিছিল। কিন্তু ষাঠি/সত্তৰ দশকৰ পিছৰপৰা অসম সাহিত্য সভাৰ বাবে ই একচেটিয়া সম্পদ হৈ থকা নাই। অসমৰ আঞ্চলিক ৰাজনৈতিক ধাৰাটোৰ উত্থানৰ লগে লগে অসমীয়া জাতীয়তাবাদৰ স্বৰূপটো বহুধাবিভক্ত হোৱাৰ উপক্ৰম ঘটিল। অৰ্থাৎ কেৱল ভাষিক চেতনাৰে নিৰ্মিত অসমীয়া জাতীয়তাবাদত ৰাজনৈতিক পৰিভাষাই ঠাই লোৱাৰ লগে লগেই অসমীয়া জাতীয়তাবাদে নতুন সমীকৰণেৰে পৰিৱেষ্টিত হ'ল আৰু ই অসম সাহিত্য সভাৰ একচেটিয়া প্ৰভুত্বৰপৰা ওলাই আহিল।

অসমীয়া জাতীয়তাবাদে অসম সাহিত্য সভাৰ বেহুৰপৰা ওলাই আহি সোমাই পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ মুঠিত। আমি মুঠিত বুলিয়ে ক'ম, কাৰণ অসমীয়া জাতীয়তাবাদৰ কথা ক'লেই আছুৱে প্ৰভুত্ব স্থাপনৰ কথাই কয়। সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতীয়তাবাদৰ স্বয়ম্ভূ (কাৰণ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে কৰ্তৃত্ব দিয়াৰ পূৰ্বেই আছুৱে নিজকে অসমীয়া জাতীয়তাবাদৰ অবিভাৱকৰূপে গণ্য কৰি আহিছে) অভিভাৱক হোৱাৰ লগে লগে অসমীয়া জাতিৰ সমীকৰণটোৱে কিছু মৌলিক প্ৰশ্নৰ মুখামুখি হ'ব লগা হ'ল। তাৰে এটা হ'ল অসমীয়াৰ সংজ্ঞা। আছুৱে আৰম্ভ কৰা বহিৰাগত বিতাড়ন আন্দোলন আৰম্ভ কৰাৰ লগে লগে বহু মৌলিক দ্বন্দ্বৰো সৃষ্টি হ'ল। প্ৰকৃততে বহিৰাগত কোন আৰু বহিৰাগত নিৰ্ণয়ৰ মাপকাঠি কি হ'ব ? অসমৰ জনগাঁথনিয়ে এইটো প্ৰমাণ কৰে যে ইয়াৰ আবাসীসকল অতি অৰ্বাচীন কাললৈকে প্ৰব্ৰজিত। ব্ৰিটিছ শাসন কালত তথা দেশ এৰি যোৱাৰ পিছত ইয়ালৈ অহা অতি অৰ্বাচীন আবাসীসকল হ'ল হিন্দী বলয়ৰ বঙালী, মাৰোৱাৰী, বিহাৰী, হিন্দুস্থানীসকল (বাংলাদেশীসকলক এই প্ৰসঙ্গত আমি আলোচনাৰ আওতালৈ আনিব নোখোজো, ই অন্য এক প্ৰাসঙ্গিক আলোচনাৰ দাবী কৰে)। সেইসকলক অসমৰপৰা বিতাড়ন কৰাৰ প্ৰক্ৰিয়াটোৱেই ৰাজনৈতিকভাৱে সিদ্ধ নহয়, কাৰণ সেইসকল ভাৰত যুক্তৰাষ্ট্ৰৰেই নাগৰিক। ইফালে বিহাৰীসকলৰ বাদে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ১৮৭৮ চনৰ ভূমি আইনৰ যোগেদি বাকীসকলে ইতিমধ্যেই ভূসম্পত্তিৰ গৰাকী হৈ উঠিছে। (বিহাৰীসকলৰো একাংশই ইতিমধ্যে ভূসম্পত্তিৰ গৰাকী হৈছিল, তিনিচুকীয়াৰ ফিল'বাৰী অঞ্চলত এখন বৃহৎ বিহাৰী গাঁও আছে, যিখনত আলফাই হত্যাযজ্ঞ চলাই গৈছে।) আন্দোলন ঘোষণা কৰিয়েই সদৌ অসম ছাত্ৰ সন্থাই এইসকলক অসমৰপৰা বিতাড়ন কৰাটো কোনোপধ্যে সম্ভৱ নহয় বুলি ঠিকেই বুজিলে আৰু আন্দোলনটোৱে বহিৰাগত বিতাড়নৰপৰা বিদেশী বহিষ্কৰণৰ আন্দোলনলৈ ৰূপান্তৰ হ'ল। আৰু তেতিয়াৰপৰাই সদৌ অসম ছাত্ৰ সন্থাই অসমীয়াৰ প্ৰভুত্বৰ কথা কৈ অহা হ'ল। খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ অহা হ'ল। কিন্তু আজিকোপতি আছুৱে খিলঞ্জীয়া কোন অথবা অসমীয়া কোন সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰিলে। যদি অসমীয়া কোন আৰু খিলঞ্জীয়া কোন সেয়াই নিৰ্ধাৰণ হোৱা নাই তেনে অসমীয়াৰ প্ৰভুত্বৰ কথা, খিলঞ্জীয়াৰ অধিকাৰ কেনেকৈ নিৰ্ণয় কৰা যায় ? অসম সাহিত্য সভাইও অসমীয়া সংজ্ঞা নিৰূপণ কৰিবলৈ গৈ উগ্ৰ ভাষিক চেতনাবোধক ভিত্তি কৰি ল'লে। অসমীয়া আৰু খিলঞ্জীয়া (আছুৱেহে খিলঞ্জীয়া বুলি টেঁটু ফালি থাকে)ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি মৌলিক প্ৰশ্নবোৰক এৰি কেৱল ভাষিক চেতনাবোধেৰে অসমীয়া সংজ্ঞা নিৰূপণ কৰাটোৰ ফলত নিজকে অসমৰ খিলঞ্জীয়া বুলি দাবী কৰাৰ লগতে ব্ৰিটিছ শাসনকালত হিন্দী বলয়ৰপৰা আহি অসমত ভূসম্পত্তিৰ গৰাকী হোৱাসকলে আপত্তি কৰাটো স্বাভাৱিকেই আছিল।

ষাঠি/সত্তৰ দশকৰ বঙালী-বিদ্বেষ পৰৱৰ্তী সময়ত বহুখিনি কমি আহিল। ইফালে একাংশ বঙালীৰ অসমীয়াৰ প্ৰতি থকা উন্নাসিকতাও কমি আহিল। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই জাতীয়তাবাদৰ ঘাই পঘাডাল ধৰি লোৱাৰ পিছত ই তুঁহজুইৰ দৰে জ্বলি থকাটোক আমি নস্যাৎ কৰি দিব নোৱাৰো। ইফালে নব্বৈ দশকৰ আলফাৰ উত্থানত হিন্দী বলয়ৰ অসমীয়াসকলে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত যথেষ্ট শংকিত হৈ পৰিছিল। আমি এইটো বিশ্বাস কৰোঁ যে নব্বৈ দশকত আছু আৰু আলফাৰ এক নেক্সাছ গঢ়ি উঠিছিল যাৰ ফলত আছুৰ জাতীয়তাবাদী তীৰডাল তীক্ষ্ম হৈ উঠিছিল, আছু আৰু আলফাই নিৰূপণ কৰা হিন্দী বলয়ৰ বহিৰাগতসকলে আলফাক কৰাৰ দৰে আছুকো যথেষ্ট সমীহ কৰি চলিছিল। চান্দা, বৰঙণি আদি দি নিজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰি আহিছিল। কিন্তু ৰাজ্যৰ আইন-শৃংখলাই নব্বৈ দশকতকৈ উন্নত হোৱাত আলফাৰ প্ৰভাৱ লাহে লাহে কমি অহাত আছুৰ একচেটিয়া প্ৰভুত্ব সম্পূৰ্ণৰূপে কায়েম হৈ থাকিল। ড° হীৰেন গোহাঁয়ে কোৱাৰ দৰে এই প্ৰভুত্ব একপ্ৰকাৰৰ দমনমূলক প্ৰবৃত্তি। আছুৰ এই প্ৰভুত্ব তথা দমনমূলক প্ৰবৃত্তিয়ে হিন্দী বলয়ৰ লোকসকলক তলে তলে সন্দিগ্ধ আৰু আছু-বিদ্বেষী কৰি তুলিছিল। ইমানদিনে তেওঁলোকৰ মাজত আছুৰ প্ৰতি বিৰাগ ভাবে একধৰণৰ ক্ষোভ আৰু প্ৰতিশোধৰ ভাব সৃষ্টি কৰি আহিছিল। সেই ক্ষোভ আৰু প্ৰতিশোধৰ উমি উমি জ্বলি থকা তুঁহজুইকুৰাই দাবানল হৈ জ্বলি উঠাৰ সুযোগ বিচাৰি আছিল আৰু সেই সুযোগো এদিন আহি বঙালীসকলৰ হাতত পালেহি।

জাতি-মাটি-ভেটি শ্ল'গান প্ৰাক্তন বহু উদগ্ৰ জাতীয়তাবাদীৰ লগতে বৰ্তমানৰ জাতীয়তাবাদীয়ে আওৰাইছিল। সেই জাতীয়তাবাদীসলকৰ কান্ধত বন্দুকৰ নলিচা থৈ আৰ এছ এছ আদি কট্টৰ হিন্দুত্ববাদীসকলৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমত হিন্দুত্ববাদৰ সম্প্ৰসাৰণ আৰু হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে নাগৰিকত্ব সংশোধনী আইন, ২০১৬ সংসদত উত্থাপন কৰিবলৈ উঠি-পৰি লাগিল। লগে লগে অসমৰ প্ৰগতিশীল মহলে তাৰ বিৰোধ কৰিলে। আছুৱে প্ৰথমাৱস্থাত মৌন হৈ থাকিল আৰু শেষ মুহূৰ্তত ২৮ জনজাতীয় সংগঠনেৰে আলোচনাত বহিল। কিন্তু তাৰ বিৰুদ্ধে ৰাজপথত টেঁটু ফালি কোনো আন্দোলনৰ পথ লোৱা পৰিলক্ষিত নহ'ল।

আছুৰ এই ভূমিকাক অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ লগতে হিন্দী বলয়ৰ লোকসকলেও সহজে লোৱা নাই। ইফালে হিন্দু বঙালী সংস্থাপনৰ ক্ষেত্ৰত অসমীয়া বঙালী সমাজেও বিৰোধ কৰিছে।

কিন্তু তৎসত্ত্বেও বঙালীসকলক সন্দেহৰ দৃষ্টিৰে চোৱা হৈছে। আৰ এছ এছ আদি কট্টৰ হিন্দুবাদী সংগঠনৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰে সেই সুযোগ গ্ৰহণ কৰিলে। আৰ এছ এছে তেওঁলোকৰ পোষ্যপুত্ৰ সুবোধ বিশ্বাসক হিন্দু বলয়ৰ ক্ষোভ আৰু অসন্তুষ্টিখিনিৰ প্ৰতি সংবেদনশীল হৈ অসমীয়া অতিকেন্দ্ৰিক জাতীয়তাবাদৰ ভেটিত মোক্ষম আঘাত দিবলৈ মন্ত্ৰণা দি পঠালে। ইমান দিনে আন হিন্দু বলয়ৰ লোকসকলৰ দৰে বঙালীসকলৰো আছুৰ প্ৰভুত্ব তথা দমনমূলক আচৰণৰ বিৰুদ্ধে উমি উমি জ্বলি থকা তুঁহজুইকুৰাৰ লগতে হিন্দু বাংলাদেশীসকলৰ সংস্থাপনকেন্দ্ৰিক অসমীয়াৰ মাজত থকা সন্দেহক আগ্নেয়াস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আৰ এছ এছে সুবোধ বিশ্বাসৰ জৰিয়তে চিলাপথাৰত জুই জ্বলাই দিলে। সুবোধ বিশ্বাস নামৰ কালপ্ৰিটজনক আৰ এছ এছে বাছনি কৰিলে চিলাপথাৰত অসমীয়া বঙালীসকলক প্ৰৰোচিত কৰি আছুৰ প্ৰভুত্ববাদী আচৰণৰ প্ৰত্যুত্তৰ দিবলৈ। কিন্তু আছু তথা অসমীয়া জনগোষ্ঠীয় সংগঠনবোৰে তাৰপৰা শিক্ষা লোৱা নাই। বৰঞ্চ অধিক প্ৰতিশোধপৰায়ণ হৈ পৰিছে আৰু আছুৰ অতিকেন্দ্ৰিক জাতীয়তাবাদী প্ৰভুত্ব তথা দমনমূলক প্ৰবৃত্তিক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। আমি বিচাৰো এইমুহূৰ্তত আছুৰ অতিকেন্দ্ৰিক জাতীয়তাবাদী প্ৰভুত্ববাদ আৰু দমনমূলক প্ৰবৃত্তি সংশোধন হ'ব লাগে। অসমীয়া আৰু বঙালীসকলৰ মাজত মৈত্ৰী স্থাপন কৰিবলৈ সকলোৱে উদ্যোগ ল'ব লাগে। এই উদ্যোগে বঙালীসকলৰ মাজত লুকাই থকা প্ৰতিজন সুবোধ বিশ্বাসক চিনি পোৱাত সকলো পক্ষকে সহায় কৰিব। অন্যহাতেদি, আছুৰ অতিকেন্দ্ৰিক জাতীয়তাবাদী প্ৰভুত্ববাদকো নাকী লগাবলৈ বাধ্য কৰিব পৰা যাব।

এতিয়াও সাধাৰণ অসমীয়া অথবা বঙালীৰ মাজত কোনো সংঘৰ্ষৰ সূত্ৰপাত হোৱা নাই। কিন্তু অসমীয়া জাতীয়তাবাদী সংগঠনেবোৰে দিয়া বন্ধই সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি সংশয় আনিছে, অৰ্থনৈতিকভাৱে পঙ্গু কৰি আনিছে। আছু অথবা জাতি-জনগোষ্ঠীয় সংগঠনবোৰে সৰ্বস্তৰত সত্যাগ্ৰহ আদি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ কৰিব পাৰে। সৰ্বসাধাৰণেও বিচাৰে সুবোধ বিশ্বাসসকলে চূড়ান্ত শাস্তি ভোগ কৰক। তাৰ লগতে জনগণে আৰু এটা পৰিৱৰ্তন বিচাৰে। সেয়া হৈছে উগ্ৰ আৰু সংকীৰ্ণ অসমীয়া জাতীয়তাবাদৰ সংশোধনী। আছুৰ লগতে অসমীয়া জাতীয়তবাদী মহলে এই সত্যটো যিমান সোনকালে বুজি উঠে অসমৰ বাবে সিমানেই মঙ্গল। আছুৱে ইয়াৰপৰা শিক্ষা লোৱা উচিত। নহ'লে অসমীয়াৰ জাতীয়তাবাদৰ এই সংকীৰ্ণতাৰ সুযোগ গ্ৰহণ কৰি আৰু নতুন সমস্যা আৰু সংঘৰ্ষ সৃষ্টি কৰিব আৰ এছ এছৰ দৰে কট্টৰ হিন্দুত্ববাদী সংগঠন আৰু চৰকাৰে। এই গৈৰিক আগ্ৰাসনে অসমত সুষম গতি লাভ কৰিবলৈ সক্ষম হ'লে অসমৰ খিলঞ্জীয়াসকলৰ অস্তিত্ব লাহে লাহে শেষ হৈ গৈ থাকিব। তাৰ প্ৰতিৰোধৰ শক্তিকণ অসমীয়া জাতিয়ে হেৰুৱাবগৈ।

হয়, চিলাপথাৰ কাণ্ডৰ কালপ্ৰিট সুবোধ বিশ্বাস আৰু তেওঁৰ সংগীসকল। কিন্তু সেই কাণ্ডৰ বাবে কেৱল তেওঁকে দায়ী কৰিলে ইতিহাসে আমাক ক্ষমা নকৰিব। তাৰ বাবে দায়ী অসমীয়া পয়ালগা অতিকেন্দ্ৰিক উগ্ৰ আৰু সংকীৰ্ণ জাতীয়তাবাদ। যিটোক আশীৰ দশকৰ পিছৰপৰা (নব্বৈৰ দশকত আলফাও আছিল) আছুৱে এতিয়ালৈকে একচেটিয়াকৈ ভোগ কৰি আহিছে। অসমীয়া এই জাতীয়তাবাদী ধাৰণাৰো পৰিৱৰ্তন কৰাৰ সময় ইতিমধ্যে সমুপস্থিত। এই জাতীয়তাবাদে অসমৰ জাতীয়তাবোধক শ্ৰীবৃদ্ধি কৰিব নোৱৰাৰ লগতে অসমৰ জাতীয় অস্তিস্বক সুৰক্ষিত কৰি ৰাখিব পৰা নাই। বৰঞ্চ অসমীয়া জাতীয় ঐক্য আৰু মৈত্ৰীৰ প্ৰতি ই ভাবুকি স্বৰূপ হৈ পৰিছে। সেয়ে আমি এক বাস্তৱসন্মত এক জাতীয় ভাবধাৰাৰ প্ৰৱৰ্তন কৰাৰ পোষকতা কৰোঁ। অতিকেন্দ্ৰিক জাতীয়তাবাদী আৰু আছুৱে কৈছে যে চিলাপথাৰ কাণ্ডই অসমীয়াৰ স্বাভিমানত আঘাত সানিছে। আমি পিছে সেয়া অসমীয়াৰ স্বাভিমানত আঘাত বুলি নেভাবো, বৰঞ্চ প্ৰভুত্ববাদী আছুৰ স্বাভিমানত কৰা আঘাত বুলিহে আখ্যা দিওঁ। আমি তেনেকৈ নেভাবো, কাৰণ এয়া বঙালী আগ্ৰাসনবাদ নহয় – আৰ এছ এছৰ দুজনমান পোষ্যপুত্ৰ কালপ্ৰিটে অসমীয়া সম্প্ৰীতিৰ ওপৰত কৰা আক্ৰমণহে। সেই নব্যধাৰাটো হ'ব পাৰে অসমীয়া প্ৰগতিশীল জাতীয়তাবাদ, য'ত অসমৰ প্ৰতিটো সৰু-বৰ জাতি-জনগোষ্ঠীৰ আৰু খিলঞ্জীয়াৰ মানুহৰ জাতীয় অস্তিস্বক স্বীকাৰ কৰা হ’ব।

Share Button
Print Friendly, PDF & Email

1 Comment : "প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ সন্ধানত : অসমীয়া জাতীয়তাবাদৰ ফোঁপনি আৰু চিলাপথাৰ কাণ্ড - (প্ৰাঞ্জল দেউৰী)"

  1. We should not forget Subudh Biswas' linkage to APSC ex chairman Mr Rakesh Pal in APSC job selling business in conievened with ruling party politicians, ASSU lraders as per leaked news. It is interesting to note that ASSU leadets had never openly supported
    Dr Subha Laxmi Gogoi Dental Surgeon. She was not recieved with high moral ground and courage for her stand. She is a role model for new generation. Unfortunately it has not happened.

Leave a Comment

Your email address will not be published. Required fields are marked *